মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা

গ্ৰন্থ অধ্যয়ণৰ প্ৰয়োজনীয়তা

আমাৰ জীৱনৰ প্ৰকৃত সংগী কোন বাৰু । জীৱন বাটৰ বিভিন্ন মূহুৰ্তত লগ পোৱা বন্ধু-বান্ধৱ সকল নে? আমাৰ পিতৃ-মাতৃ নে? হোমৰ জুই সাক্ষী কৰি আঁকোৱালি লোৱা জন । কিন্তু এই সকলোৱে আমাৰ জীৱনত কিছুসময়ৰহে সংগী । কোনো আমাৰ চিৰ লগৰী নহয় । মোৰ মতে জীৱনৰ প্ৰকৃত সংগী হ’ল কিতাপ । এখন কিতাপ আমি আজীৱন সংগী কৰি ৰাখিব পাৰো । অষ্টম শ্ৰেণীত এটা পাঠ পঢ়িছিলোঁ পুথি অধ্যয়ণ নামেৰে । পাঠটোৰ কথাবোৰে আজিও ক্ৰিয়া কৰে মনত । কিন্তু আজিকালি পুথি অধ্যয়ণৰ প্ৰৱণতা কমি আহিছে । আজিৰ দিনত কিতাপ পঢ়া লোকৰ সংখ্যা আঙুলিৰ মুৰত লেখিব পৰা । আজিৰ ল’ৰা-ছোৱালীয়ে হয়তো অসম সাহিত্য সভাৰ বিষয়ে সুধিলে ক’ব সেইটো আকৌ কি বস্তু । বৰ্তমানৰ সভাপতি জনৰ নাম নুসুধিলোৱে যেনিবা । ইয়াৰ বাবে আমি কাক জগৰীয়া কৰিম । আমাৰ সমাজ ব্যৱস্থাক নে ব্যস্ততা পূৰ্ণ জীৱন প্ৰণালীক । কিন্তু ব্যস্ততাৰ মাজৰে কিছু সময় আমি আমাৰ মূল্যৱান গ্ৰন্থবোৰকো দিয়া উচিত । কাৰণ এখন কিতাপে আমাক সকলো সময়তে সহায় কৰে । আমি জীৱনকালত সকলোবোৰ ঠাই ভ্ৰমণ কৰিব নোৱাৰো বা কিছুমান জাতিৰ কথা ইচ্ছা থাকিলেও কিছুমান কাৰণবশত ওচৰৰ পৰা জানিব নোৱাৰো । তেনেবোৰ সময়তে আমাক সহায় কৰে কিতাপে ।

যেনেদৰে আমি The Good Earth পঢ়িলে জানিব পাৰো চীনদেশৰ জীৱন প্ৰণালীৰ বিষয়ে তেনেদৰে হাইকু আৰু চামুৰাই দেশ বা তত্ত্বচ্ছান কিতাপ আমাক লৈ যায় জাপানলৈ । তেনেদৰে দেওলাংখুই পঢ়িলে জানিব পাৰো আমাৰ ৰাজ্যৰ পুৰণি সমাজ ব্যৱস্থাৰ বিষয়ে । এজন লেখকে কোনো এখন দেশ ভ্ৰমণ কৰি লিখা কাহিনীয়ে আমাক তেওঁলোকৰ দৃষ্টিয়ে সেই দেশখন দেখুৱায় । কিন্তু আমি নিজেই সেই মনোৰম ঠাইবোৰ ভ্ৰমণ কৰাৰ সুযোগ নাপাঁৱে আৰু আনে যাচি দিয়া মানিকো ল’ব নিবিচাৰো । সেয়ে হয়তো মানুহে কয় যাচি দিলে সোণৰো আদৰ নাই । আজিকালি এটা কথা লক্ষ্য কৰিছো বহুতৰে বাতৰি কাকতখনো পঢ়িবলৈ সময় নোলায় । এটা কথা ঠিক যে বাতৰি কাকতখনৰ কিছুমান বাতৰি ৰুচিসন্মত নহয় যদিও কিছুমান পৃষ্ঠা জ্ঞানবৰ্ধক কথাৰে পূৰ্ণ । ৰাশিফল বা বলিউডৰ অভিনেতা-অভিনেত্ৰীৰ মনৰচক কাহিনীবোৰ চায়ে কাকতখন সামৰি থোৱা অনুচিত । আমাৰ ৰাজ্যৰ সকলো জিলাতে একোটাকৈ পুথিভঁৰাল আছে । কিন্তু কিমানজন যায় তালৈ । বহুতে হয়তো এয়াও নাজানে তেওঁলোকৰ জিলাৰ পুথিভঁৰালটো কোন ঠাইত অৱস্থিত । বহুতে আকৌ পুথিভঁৰালৰ আজীৱন সদস্যভুক্ত হয় যদিও কোনোদিন পুথিভঁৰালৰ মুখ দেখা নাপায় । কেৱল খ্যাতি বঢ়াবলৈয়ে এই সদস্যভুক্তি । এনেদৰে কোন দিশে ধাৱমান হ’ব আমাৰ সমাজ । আজিকালি গ্ৰন্থমেলাসমূহত বহু ভিৰ পৰিলক্ষিত হয় । কিন্তু গ্ৰন্থৰ তুলনাত মুখৰচক খাদ্যৰহে বিক্ৰি হাৰ অধিক হোৱা দেখা যায় । আজিৰ ল’ৰা-ছোৱালীৰ বাবে গ্ৰন্থমেলা হ’ল এক নিৰাপদ dating place । মুষ্টিমেয় কেইজনমানৰ বাহিৰে প্ৰায় সকলোৱে খালী হাতেৰে ওভতে । বৰ্তমান সময়খিনিত মোৰ বোধেৰে এক গ্ৰন্থ বিপ্লৱৰ প্ৰয়োজন হৈ পৰিছে ।

দেৱাশ্ৰী বৰগোহাঞি

3.225
দীপাংকৰ গগৈ Oct 15, 2018 07:42 AM

সুন্দৰ বিৱৰণ ডাঙি ধৰিছে। আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰিম নেকি?

ৰক্তিম আভিনন্দন বৰ্মন Aug 12, 2018 08:25 AM

অতীৱ সুন্দৰ হৈছে।

Anonymous Jun 11, 2018 09:05 PM

Very helpful

বন্দনাা ৰবিদাস Oct 11, 2017 04:34 AM

পুথি অধ্যয়ন পাঠোটি আমিও পাইছিলো ৷তাত বৰ সুন্দৰ সুন্দৰ শাৰী কেইটামান আছিল ৷যেনে -পুথি অধ্যয়নৰ দ্বাৰা দূৰৈৰ মাণিক হাততে পোৱা যায় ৷এনেকুৱা আৰু দুটামান শাৰী অনুগ্ৰহ কৰি দিবনেকি

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top