অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশু দিৱসৰ প্ৰয়োজনীয়তা

শিশু দিৱসৰ প্ৰয়োজনীয়তা

“মই হ’ম জৱাহৰলাল, পৰাধীনতাৰ সাগৰ সাঁতুৰি তৰিম জয়ৰ পাল, মই হ’ম জৱাহৰলাল”— স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৰ জন্ম দিনটোৰ লগত সঙ্গতি ৰাখি ১৪ নৱেম্বৰ দিনটো শিশু দিৱস ৰূপে সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰা হয়।

কিন্ত্ত আমাৰ সমাজত সঘনাই পৰিলক্ষিত হোৱা এটা দুৰ্ভাগ্যজনক ঘটনা হৈছে এই মহান ব্যক্তিসকলক আমি তেঁওলোকৰ স্মৰণীয় দিনটোতহে স্মৰণ কৰো, কিন্ত্ত এই দিনটোৰ লগত জড়িত আমাৰ কৰণীয় খিনি আমি কৰো জানো? বছৰৰ সেই বিশেষ দিনটোৰ বাহিৰে আন দিনবোৰত আমাৰ স্মৰণ ক্ষমতা লুপ্ত হয় নেকি? নেহেৰুৰ জন্মদিনটোত তেঁওক সোঁৱৰণ কৰাটো কৃতজ্ঞ জাতি এটাৰ কাৰণে গৌৰৱৰ কথা, অসমতো ই পালিত হয়। ‘শিশু দিৱস’ পালনৰ লগে লগে শিশুসকলৰ সৰ্বাঙ্গিন উন্নতিৰ বাবে চিন্তা কৰাটোও চৰকাৰ আৰু জনসাধাৰণৰ কৰ্তব্য হোৱা উচিত। পৰিতাপৰ কথা যে, আমাৰ সমাজত শিশু শ্ৰমিক এতিয়া ‘ঘাটে-বাটে’!! এইখন ভদ্ৰলোকৰ সমাজত আজিও কন্যা সন্তান লাঞ্চিত হৈ আছে, শিশু-নাবালিকা ধৰ্ষিতা হৈ আছে। তদুপৰি আইনগত ভাবে অপৰাধ যদিও আজিও কন্যা ভ্ৰুণ হত্যা কৰা হয়, বহু শিশু এতিয়াও অনাহাৰে-অৰ্দ্ধাহাৰে কাল কটাইছে, দৰিদ্ৰতাৰ কবলৰ পৰা ৰক্ষা পাবলৈ বহু শিশুয়ে ফুলকুমলীয়া বয়সতে আনৰ গোলাম হৈছে! এইবোৰ চলিয়ে আছে আৰু হয়তো জনসাধাৰণ সচেতন নহ’লে চলি থাকিব। তেন্তে শিশু দিৱস উদযাপনৰ প্ৰাসংগিকতা ক’ত?

বৰ-বৰ মন্ত্ৰী বিষয়াসকলে শিশু দিৱসত ভাষণ দিবলৈ গৈ কয়, “শিশু শ্ৰমিক বন্ধ কৰিব লাগে।” তেনেকৈ কোৱাতকৈ নিজৰ ঘৰত বনকৰা হিচাপে ৰখা কণমানিটোৰ পৰাই আৰম্ভ কৰকছোন। ইয়াৰ বাবে কিছুক্ষেত্ৰত অভিভাৱক সকলো দায়ী। অভিভাৱকৰ অৱহেলাৰ বাবে বহু শিশু আওবাটে গৈছে! দুখৰ কথা যে, বহু অভিভাবকে ল’ৰা-ছোৱালীৰ ভৱিষ্যত চিন্তা নকৰি স্কুললৈ পঠিওৱাৰ বয়সত আনৰ ঘৰত ‘বনকৰা’ হিচাপে পঠায়। ‘ইউনেস্কো’ৰ এটা সমীক্ষাত ভাৰতবৰ্ষৰ সাত কৌটি শিশুয়ে আজিও প্ৰাথমিক শিক্ষা পোৱা নাই বুলি প্ৰকাশ। কথাৰে নহয় আমি সকলোৱে কামেৰে নিজৰ কৰ্তব্য পালন কৰা উচিত। চৰকাৰে শিশুসকলক উপযুক্ত অৰ্থনৈতিক নিৰাপত্তা দিলেহে প্ৰত্যেকটি শিশু ভৱিষ্যতৰ সু-নাগৰিক হোৱাৰ বাট মুকলি হ’ব। শিশু দিৱসতেই আমি কণমানি হতৰ উত্তৰণৰ বাবে এখোজ আগবঢ়োৱাৰ সোণালী সময়।

ভাৰতৰ সংবিধানত শিশুৰ বিনামূলীয়া শিক্ষা, শিশু শিক্ষাৰ বাবে আইন আছে। ‘শিশু কল্যাণ’ এটা বিভাগ আছে। কিন্ত্ত এই আইন, অধিকাৰ ঠিকমতে ৰক্ষিত হৈছেনে? হেজাৰ টকা খৰচ কৰি সেই মহান ব্যক্তিজনৰ নামত আমি ‘শিশু দিৱস’ উদযাপন কৰো, কিন্ত্ত ‘নেহেৰু খুড়া’ৰ সেই ‘শিশু প্ৰেম’ আমাৰ মাজত আছেনে? যদি আছে, তেন্তে ল’ৰা-ছোৱালীৰ মাজত প্ৰভেদ কিয়? পৃথিৱীলৈ অহাৰ আগতে কন্যাভ্ৰুণ হত্যা কিয়? বৰ-বৰ ব্যক্তিসকলে নিস্পাপ শিশুৰ ওপৰত দুৰ্ব্যাৱহাৰ, নিৰ্যাতন চলায় কিয়? আৰু যদি সেই প্ৰেম নাই আমি ‘শিশু দিৱস’ কাৰ কাৰণে আৰু কিয় উদযাপন কৰো? এনেকুৱা পৰিস্থিতিত আমি ‘শিশু দিৱস’ উদযাপন কৰি কিবা লাভবান হ’ম নে? ‘শিশু দিৱস’ পালনৰ প্ৰাক- মূহুৰ্তত এই সকলোবোৰ কথা এজন সচেতন নাগৰিকৰ কাৰণে চিন্তনীয় নহয়নে?

ডলী হিয়া কলিতা

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate