অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ সামাজিক বিকাশঃ

শিশুৰ সামাজিক বিকাশৰ বিষয়ে লিখা হৈছে

 

 

মানুহ সামাজিক জীৱ। জন্তুবিলাকৰো এই সামাজিক প্ৰবৃত্তি থাকে। তথাপি সমাজপ্ৰিয় মানুহক জন্তুৰ এই সামাজিক প্ৰবৃত্তিৰ মানদণ্ডেৰে বিচাৰ কৰিব নোৱাৰি। সামাজিক পৰিৱেশৰ প্ৰভাৱে মানুহক জন্তুৰ শীৰ্ষ পৰ্যায়লৈ তুলি ধৰে। ফলত মানুহ সভ্য, শিক্ষিত আৰু সামাজিক ব্যক্তিত পৰিণত হয়। মানুহৰ ক্ৰমবিকাশৰ সেয়েহে এক শক্তিশালী প্ৰভাৱ বা মাধ্যম হৈছে উপযুক্ত সামাজিক পৰিৱেশ। এই পৰিৱেশৰ পৰা জন্মতেই বঞ্চিত হোৱা মানৱ শিশু সময়ত হৈ পৰে অমানুহ, পশুতুল্য। জন্তুৰ পৰ্যায়ৰ সামাজিক পশু-প্ৰবৃত্তিৰে মানৱ শিশুৱে নিজৰ অন্তৰ্নিহিত প্ৰতিভা বিকাশৰ আশা কৰিব নোৱাৰে। মানুহৰ দেহ-মানসিক প্ৰয়োজন, কৰ্মক্ষেত্ৰ আৰু কৰ্ম প্ৰেৰণাৰ পৰিসৰ জন্তুতকৈ যথেষ্ট বহল আৰু ব্যাপক। সেইবাবে যুগ যুগ ধৰি কৰি অহা মানুহৰ সমগ্ৰ শিক্ষণ প্ৰচেষ্টা আৰু পদ্ধতিক বহল অৰ্থত মানৱ শিশুক সামাজিকৰণ কৰা প্ৰক্ৰিয়া মাথোন বুলিব পাৰি। শিশুৱে নিজ নিজ ব্যক্তি-অস্তিত্ব লৈ বিকাশৰ সম্ভাৱনীয়তাৰে পৃথক পৃথক গোট স্বৰূপে জন্ম লাভ কৰে। শিক্ষা আৰু সামাজিক পৰিৱেশে তাৰ বাস্তৱ ৰূপ দান কৰি শিশুক সমাজৰ অংশস্বৰূপ কৰি গঢ়ি তোলে। এই দৃষ্টিকোণৰ পৰা বিবেচনা কৰিলে শিশুৰ সামাজিক বিকাশৰ আলোচনা এটা অতি ব্যাপক আৰু গধুৰ বিষয়। ইয়াত মনোবিজ্ঞানৰ উপৰিও সমাজবিজ্ঞানৰ বিশেষ অংশ জড়িত আছে।

সামাজিক বিকাশ বুলিলে কি বুজোঃ

 

ব্যক্তিয়ে সমাজৰ অন্যান্য লোকৰ আৰু পৰিস্থিতিৰ লগত সুস্থভাৱে সামাজিক সম্বন্ধ স্থাপন আৰু এই দিশত পৈণতা লাভকৰণ কাৰ্যকেই চমুকৈ সামাজিক বিকাশ লাভ কৰা বুলি ক’ব পাৰি। শিশুৱে সমাজৰ উত্তৰাধিকাৰ স্বৰূপে পোৱা বিষয়সমূহৰ লগত ভালদৰে পৰিচিত হৈ উঠিবৰ বাবে আৰু তাৰ লগত নিজৰ নমনীয় আৰু গতিশীল সম্বন্ধ স্থাপন কৰি তুলিবৰ বাবে সুপৰিকল্পিত আৰু ব্যক্তিৰ সুপৰিচালিত কাৰ্য-ব্যৱস্থাৰ প্ৰয়োজন হয়। এনে কাৰ্যৰ দ্বাৰাহে শিশুৱে নিজ পৰিৱেশত নিজকে ভালদৰে খাপ খুৱাই উন্নতশীল বিকাশ লাভ কৰিব পাৰে। উল্লেখযোগ্য যে সামাজিক বিকাশ লাভ কৰা এজন ব্যক্তিৰ লগত কেৱল সমাজ-প্ৰবৃত্তি অথবা যুথ প্ৰবৃত্তিৰ এজন লোকৰ তুলনা নহয়। ব্যক্তি তথা জীৱ মাত্ৰেই যুথ প্ৰবৃত্তিৰ অনুভৱ কৰে, কিন্তু সকলো ব্যক্তিকেই প্ৰকৃত অৰ্থত সামাজিক ব্যক্তি বুলিব নোৱাৰি।

বৰ্তমান এজন লোকৰ সামাজিক বিকাশ বিভিন্ন দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়। বহল অৰ্থত ক’বলৈ গ’লে ব্যক্তিৰ আনৰ প্ৰতি আগ্ৰহ প্ৰকাশ তথা ক্ৰিয়াত অংশগ্ৰহণৰ ক্ষমতা, দলগত ক্ৰিয়া-আচৰণত সহযোগিতা আৰু আনুগত্যৰ মনোভাৱ, বন্ধুত্ব স্থাপন, সংৰক্ষণ আৰু বিকাশযোগ্যতা, সুস্থ মনৰ প্ৰতিযোগিতা আৰু যুদ্ধৰ মনোভাৱ, সমাজৰ অন্যান্য লোকৰ ভাবানুভূতি, চিন্তা, মনোবৃত্তি আদিৰ প্ৰতি সচেতনতা আৰু তাক নিৰীক্ষণ কৰিব পৰা ক্ষমতা আৱেগিক পৰিস্থিতিসমূহত প্ৰয়োজন অনুসৰি নিজৰ আৱেগ-অনুভূতি নিয়ন্ত্ৰণ কৰা, সমাজৰ প্ৰতি আত্মীয়তাৰ ভাব আৰু সমাজৰ গ্ৰহণযোগ্য কৰি নিজকে প্ৰস্তুত কৰাৰ প্ৰতি আগ্ৰহ আৰু অভিলাষ আদি ব্যক্তিৰ বিভিন্ন দিশ সামাজিক বিকাশৰ অন্তৰ্ভুক্ত। সেয়েহে চমুকৈ ক’ব পাৰি যে সামাজিক বিকাশ হৈছে ব্যাপক অৰ্থত এবিধ শিক্ষা আৰু অভিজ্ঞতা যাৰ যোগেদি ব্যক্তিয়ে সমাজৰ বিভিন্ন ব্যক্তি আৰু পৰিস্থিতিৰ প্ৰতি উপযুক্তভাৱে প্ৰতিক্ৰিয়া কৰি নিজকে সুস্থভাৱে সমাযোজন কৰি ল’ব পাৰে। এই সমাযোজন প্ৰক্ৰিয়া শিশুৰ জন্মৰ পৰাই আৰম্ভ হয়।

শিশুৰ সামাজিক বিকাশৰ কেতবোৰ বৈশিষ্ট্যঃ

 

শিশুৰ সামাজিক বিকাশৰ স্বৰূপ আমাৰ মনত স্পষ্ট কৰি তুলিবৰ বাবে ইয়াৰ কেতবোৰ বৈশিষ্ট্য তলত উল্লেখ কৰা হৈছে।

(১) নৱজাত এটি শিশুক সামাজিক কোনো আখ্যা দিব নোৱাৰি। এই সময়ত বিকাশৰ সকলো সম্ভাৱনীয়তাৰে সি মাথোন জীৱনৰ পাতনি মেলে। তাৰ বিভিন্ন ইন্দ্ৰিয়ানুভূতি আৰু তাৰ প্ৰতিক্ৰিয়া কৰা ক্ষমতা থাকে অত্যন্ত সীমাবদ্ধ। ইন্দ্ৰিয়ানুভূতি আৰু দৈহিক প্ৰয়োজনবোৰৰ মাজতেই তাৰ প্ৰতিক্ৰিয়াও আৱদ্ধ থাকে।

(২) শিশুৰ সামাজিক বিকাশ তাৰ দৈহিক প্ৰয়োজনবোৰ পূৰণৰ ওপৰতেই ঘাইকৈ নিৰ্ভৰ কৰে। শিশুৰ এই প্ৰয়োজনবোৰৰ স্বৰূপ, তাক পূৰণৰ বাবে সি নিৰ্বাচন কৰা ব্যক্তিবিশেষ, প্ৰয়োজন পূৰণৰ বাবে কৰা প্ৰচেষ্টাৰ পদ্ধতি আৰু এইক্ষেত্ৰত লাভ কৰা তাৰ কৃতকাৰ্যতাৰ মাত্ৰাৰ ওপৰত তাৰ সামাজিক বিকাশ নিৰ্ভৰশীল। এই সময়ত তাৰ দৈহিক প্ৰয়োজন পূৰণে সন্তুষ্টি আৰু তাৰ ব্যৰ্থতাই অসন্তুষ্টিৰ ভাব আনি দিয়ে। সন্তুষ্টিৰ বাবে বিভিন্ন ব্যক্তি আৰু বিষয়ৰ লগত সুস্থ আৰু আশানুৰূপ তথা সমাযোজন স্থাপনত সহায় কৰে। আনহাতে ইয়াৰ ব্যৰ্থতাই শিশুৰ সামাজিক বিকাশৰ দিশত ক্ষতিসাধন কৰে।

(৩) মানৱ শিশু দীৰ্ঘদিনৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা অৱস্থাতেই প্ৰকৃতপক্ষে তাৰ সামাজিক বিকাশৰ ভেটি স্থাপন কৰে। জন্মৰ পিছত অধিক সময়ৰ বাবে লাভ কৰা এই দৈহিক সংস্পৰ্শই শিশুৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াত প্ৰাথমিকভাৱে এটা সামাজিক ৰূপ দান কৰে। দীৰ্ঘদিনৰ বাবে থকা নিৰ্ভৰশীলতা সেয়েহে শিশুৰ সামাজিক গঠন ক্ষমতাৰেই এক প্ৰস্তুতিকাল বুলিব পাৰি।

(৪) এটি শিশুৰ সামাজিক বিকাশ কোনো এক বিশেষ সমাজৰ সাংস্কৃতিক, ধৰ্মীয় আৰু অৰ্থনৈতিক জীৱনৰ লগত বিশেষভাৱে জড়িত। সমাজৰ এনেবোৰ দিশ শিশুৰ সামাজিক বিকাশৰ মাধ্যম স্বৰূপ। সমাজৰ প্ৰতিটো সাংস্কৃতিক জীৱনৰেই কেতবোৰ স্বকীয় বৈশিষ্ট্যৰে প্ৰভাৱিত আশা-আকাংক্ষা আৰু উদ্দেশ্য থাকে। শিশুৱে এইসমূহ আশানুৰূপভাৱে পূৰণ কৰি যাতে নিজৰ ক্ৰিয়া-পটুতা লাভ কৰিব পাৰে তাৰ বাবে প্ৰচেষ্টা চলোৱা হয়। ফলত শিশুৰ সামাজিক অনুভূতি, মনোভাৱ আৰু চিন্তাধাৰা আদি সেই পথে পৰিচালিত হয়।

(৫) শিশুৰ বংশগতি আৰু পৰিৱেশ এই দুটা দিশৰ পাৰস্পৰিক প্ৰভাৱৰ মাজত স্থাপন কৰা সমতা আৰু সমন্বয়ৰ ওপৰত তাৰ সামাজিক বিকাশ নিৰ্ভৰ কৰে। বংশগতভাৱে লাভ কৰা নিজ শক্তি-সামৰ্থ আৰু দেহ-মানসিক সম্ভাৱনীয়তাসমূহ হৈছে সামাজিক বিকাশৰ মূলধন স্বৰূপ। ইয়াৰ উপযুক্ত প্ৰয়োগ আৰু পৰিচালনা কৰা বহিঃশক্তি হৈছে সামাজিক পৰিৱেশ। এটি শিশুৰ সামাজিক বিকাশৰ অগ্ৰগতি সেয়েহে নিৰ্ধাৰণ কৰে এই দুই দিশৰ যুটীয়া প্ৰভাৱৰ দ্বাৰা।

(৬) শিশুৰ দৈহিক, সামাজিক আৰু আৱেগিক বিকাশৰ পৰা পৃথকভাৱে তাৰ সামাজিক বিকাশৰ কথা আলোচনা কৰিব নোৱাৰি। প্ৰকৃত অৰ্থত সামাজিক বিকাশ উল্লেখিত এই তিনিওটা দিশৰ এক সামূহিক আলোচনাহে মাথোন। সেয়েহে সামাজিক বিকাশৰ আলোচনা কালত আমি সকলো সময়তেই শিশুৰ দৈহিক, মানসিক আৰু আৱেগিক বিকাশৰ প্ৰতি চকু ৰাখিব লাগে। বিকাশৰ বিভিন্ন স্তৰৰ দেহ-মানসিক বৈশিষ্ট্যবোৰ জনা নাথাকিলে বিকাশৰ অধ্যয়ন কৰা কঠিন।

(৭) সামাজিক বিকাশৰ দ্ৰুততা আৰু পৈণতা লাভ কৰাটো ব্যক্তিৰ বৌদ্ধিক প্ৰখৰতাৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰে। তীক্ষ্ণ শিশুৱে চাৰিওফালৰ বিভিন্ন বিষয় আৰু পৰিস্থিতিৰ প্ৰতি দ্ৰুত আৰু যথোচিতভাৱে প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিব পাৰে। ফলত সমস্যা সমাধান কৰা, অভিজ্ঞতা অৰ্জন কৰা আৰু পৰিস্থিতিৰ লগত সুস্থ সমাযোজন স্থাপন কৰাটো সম্ভৱ হৈ উঠে। বৌদ্ধিকভাৱে নিম্নমানৰ শিশুৰ বাবে তেনে কৰাটো সম্ভৱ নহয়। অৱশ্যে এইখিনিতে উল্লেখযোগ্য যে তীক্ষ্ণ বুদ্ধিৰ সকলো শিশুৱেই যে সুস্থ সমাযোজন আৰু আশানুৰূপ সামাজিক বিকাশ লাভ কৰে এনে নহয়। কোনো কোনো ক্ষেত্ৰত বুদ্ধিৰ প্ৰখৰতা শিশুৰ বাবে সামাজিক অপ-সমাযোজনৰো কাৰণ হৈ উঠিব পাৰে।

(৮) শিশুমনৰ আৱেগিক গাঠনিৰ ওপৰতো সামাজিক বিকাশৰ স্বৰূপ নিৰ্ভৰ কৰে। আৱেগৰ অনুভৱ আৰু তাৰ প্ৰকাশ হৈছে ব্যক্তিমনৰ এবিধ নিজ নিজ ব্যক্তিনিষ্ঠ অভিজ্ঞতা। সকলো লোকেই নিজ আৱেগৰ প্ৰকাশ, তাৰ নিয়ন্ত্ৰণ ক্ষমতা আৰু আৱেগিক পৈণতা সমানে লাভ কৰিব নোৱাৰে। ফলস্বৰূপে ইয়াৰ অনুকূল অথবা প্ৰতিকূল প্ৰভাৱ ব্যক্তিৰ সামাজিক বিকাশৰ ওপৰত পৰাটো স্বাভাৱিক।

(৯) শিশুৰ ভাষা বিকাশে তাৰ সামাজিক বিকাশত এক নতুন ৰূপ দান কৰে। ভাষা হৈছে ব্যক্তিমনৰ ভাব-অনুভূতি আৰু প্ৰতিক্ৰিয়া আদি সমাজৰ আন ব্যক্তি বা পক্ষক প্ৰকাশ কৰাৰ সহজ মাধ্যম। কথিত ভাষাৰ যোগেদি শিশুৱে নিজৰ অনুভূতি আনৰ লগত আদান-প্ৰদান কৰে, মানসিক কৌতূহল পূৰণ কৰে আৰু খেলা-ধূলা, ক্ৰিয়া-আচৰণ আদিত সহযোগিতাৰ মনোভাৱ প্ৰকাশ কৰে। আত্মকেন্দ্ৰিক শিশুৰ ক্ৰিয়া-আচৰণ আৰু ভাব-অনুভূতি আদি সেয়েহে ভাষাৰ যোগেদি সমাজমুখী হ’বলৈ ধৰে।

শিশুৰ জন্মোত্তৰ কালৰ সামাজিক অভিজ্ঞতাঃ

 

নৱজাত এটি শিশুৱে তাৰ চাৰিওফালৰ উদ্দীপকৰ প্ৰতি প্ৰতিক্ৰিয়াশীল ক্ষমতা লাভ কৰে যদিও এই পৰ্যায়ত তাৰ ক্ৰিয়া-আচৰণত কোনো সামাজিক বৈশিষ্ট্য পৰিলক্ষিত নহয়। বিশেষজ্ঞসকলৰ মতে শিশুৰ নৱজাত অৱস্থাৰ ক্ৰিয়া-কলাপত কোনো বিবেচনাযোগ্য মানসিক প্ৰভাৱ নাথাকে। ই সম্পূৰ্ণৰূপে দৈহিক আৰু অপৰিচিত পৰিৱেশত শিশুৱে দৈহিকভাৱে নিজকে খাপ খুৱাবৰ বাবে প্ৰদৰ্শন কৰা প্ৰতিৱৰ্ত ক্ৰিয়া মাথোন। হাঁচিওৱা, কাহ মৰা, হাত-ভৰি লৰোৱা, উচপ খাই উঠা, চকু পিৰিকিওৱা আদি আচৰণ সম্পূৰ্ণৰূপে পৰিৱেশজনিত কাৰণত হোৱা দৈহিক ক্ৰিয়া বা প্ৰতিৱৰ্ত ক্ৰিয়া। এই সময়ত পৰিৱেশৰ শক্তিশালী উদ্দীপকৰ প্ৰতি শিশুৱে স্নায়ৱিক প্ৰতিক্ৰিয়াহে প্ৰদৰ্শন কৰে। জন্মৰ পৰা প্ৰায় ডেৰ মাহ-দুমাহলৈকে কেঁচুৱাই উজ্জ্বল পোহৰ, তীব্ৰ শব্দ আৰু শীত-তাপ আদিৰ প্ৰতি দৈহিক প্ৰতিক্ৰিয়াহে মাথোন কৰিব পাৰে। দুমাহৰ পিছৰ পৰা প্ৰদৰ্শন কৰা কেঁচুৱাৰ ক্ৰিয়া-আচৰণতহে সামাজিক তাৰ ইংগিত পোৱা যায় বুলি বিশেষজ্ঞসকলে সাধাৰণভাৱে মত প্ৰকাশ কৰে।

শিশুৱে জন্মৰ পিছত মাতৃৰ স্তনপান কৰা কাৰ্যই তাৰ সামাজিক জীৱনৰ সূচনা কৰে বুলি কোনো কোনোৱে মত প্ৰকাশ কৰে। বিখ্যাত মনোবিদ ফ্ৰয়েদৰ মতে শিশুৰ মাতৃস্তন পান কৰা আৰু তেনেদৰে আন মৌখিক উদ্দীপনৰ (অ’ৰেল ষ্টিমুলেচন) পৰা লাভ কৰা সন্তুষ্টিয়ে মাকৰ প্ৰতি তাৰ আকৰ্ষণৰ টান জগাই তোলে। মাকেই শিশুৰ প্ৰথম দৈহিক প্ৰয়োজন পূৰণ কৰা, সন্তুষ্টি প্ৰদান কৰা প্ৰথম আৰু সৰ্বপ্ৰধান ব্যক্তি। এইখিনিতে উল্লেখযোগ্য যে শিশুৰ মাতৃস্তন পান কৰাটোৱে কেৱল তাৰ দৈহিক প্ৰয়োজনহে পূৰণ কৰে এনে নহয়। ই দৈহিক সংস্পৰ্শৰ উপৰিও মাকৰ লগত শিশুৰ মানসিক আৰু আৱেগিক সংস্পৰ্শ স্থাপনতো সহায় কৰে। শিশুটিয়ে স্তন পান কৰিবৰ সময়ত মাকে কোমল কোলাত আলফুলকৈ আৰু আকোৱালি ধৰে। তৃষ্ণাৰ দৈহিক প্ৰয়োজন পূৰণৰ লগতে শিশুটিয়ে এই সময়ত সুখদায়ক দৃষ্টি আৰু স্পৰ্শ সংবেদন লাভ কৰে। মাকৰ কোলাত শুনা নিচুকনি গীত বা তেনে ধৰণৰ মৌখিক গীত-মাতে শিশুক সুখদায়ক শব্দ-সংবেদনো প্ৰদান কৰে। ফলত শিশুৰ মাতৃস্তন পানে মাকৰ লগত তাৰ দৈহিক সম্বন্ধৰ লগত তাৎপৰ্যপূৰ্ণভাৱে এক মানসিক সম্বন্ধও স্থাপন কৰি তোলে। সেইবাবে মাতৃ হৈছে শিশুৰ বাবে দৈহিক প্ৰয়োজন পূৰণৰ প্ৰতিভূ আৰু তাৰ পৰা সৃষ্টি হোৱা মৰম-অনুভূতিৰ প্ৰতীক। শিশুৰ বাবে মাকৰ উপস্থিতি হৈ উঠে প্ৰথম সামাজিক প্ৰয়োজন তথা এক সামাজিক অভিজ্ঞতা।

অৱশ্যে বিশেষজ্ঞসকলৰ এই ক্ষেত্ৰত থকা কিছু মত পাৰ্থক্যৰ কথা উল্লেখযোগ্য। তেওঁলোকে অধ্যয়নৰ যোগেদি জানিব পাৰিছে যে মাতৃৰ স্তনপানৰ পৰা পোৱা মৌখিক সন্তষ্টিয়েই শিশুৰ এই সময়ৰ সামাজিক প্ৰতিক্ৰিয়া অথবা অভিজ্ঞতাৰ বাবে যথেষ্ট নহয়। মাতৃস্তন পানতকৈও দৈহিক সংস্পৰ্শ আৰু সান্নিধ্য লাভ কৰাটোহে শিশুৰ সামাজিক অভিজ্ঞতাৰ বাবে অধিক প্ৰয়োজনীয়। আনহাতে দৈহিক সংস্পৰ্শ আৰু সান্নিধ্য লাভৰ বাবেও কেৱল মাতৃস্তন মানেই যথেষ্ট অথবা ইয়াৰ একমাত্ৰ কাৰণ নহয়। কেতবোৰ শিশুৱে জন্মৰ পিছত মাকৰ উপৰিও একাধিক ব্যক্তিৰ সংস্পৰ্শ লাভ কৰে। এই প্ৰসংগত উল্লেখযোগ্য যে ভাৰতীয় সমাজৰ যৌথ পৰিয়ালৰ মাজত জন্ম লাভ কৰা শিশুৱে বহু সময়ত মাকতকৈ আইতাক অথবা সমপৰ্যায়ৰ লোকৰ পৰাহে অধিক সময়ৰ বাবে সংস্পৰ্শ লাভ কৰে। ইয়াৰ উপৰিও বৰ্তমান সময়ত শিশুৰ কৃত্ৰিম স্তনপান ব্যৱস্থা আৰু শিশু পৰিচাৰিকাৰ অধিক সংস্পৰ্শ লাভৰ অৱস্থাই বহু পৰিমাণে শিশুৰ দৈহিক প্ৰয়োজন পূৰণত মাতৃৰ ভূমিকা হ্ৰাস কৰি পেলাইছে।

এনেবোৰ কথা বিবেচনা কৰিলে দেখা যায় যে মাতৃৰ স্তনপান শিশুৰ সামাজিক অনুভূতি আৰু অভিজ্ঞতা লাভৰ বাবে অতি প্ৰয়োজনীয় যদিও ই এই ক্ষেত্ৰত একমাত্ৰ কাৰণ বুলি ক’ব নোৱাৰি। শিশুৰ স্তনপানতকৈও অধিক প্ৰভাৱশালী বিষয় হৈছে ব্যক্তিৰ সংস্পৰ্শ আৰু সান্নিধ্য লাভ কৰাটো। মাতৃয়ে এই দুয়োটা ভূমিকা সাৰ্থকভাৱে গ্ৰহণ কৰিব পৰাটোহে শিশুৰ প্ৰাথমিক সামাজিক অভিজ্ঞতা লাভৰ বাবে বিশেষ প্ৰয়োজনীয় কথা।

শিশুৰ সামাজিক বিকাশৰ পৰ্যায়ঃ

 

শিশুৰ সামাজিক বিকাশৰ গতি হৈছে ক্ৰমাগত আৰু নিৰৱচ্ছিন্ন। ইয়াৰ কোনো নিৰ্দিষ্ট আৰু সুস্পষ্ট পৰ্যায়কৰণৰ দ্বাৰা কটকটীয়াকৈ বান্ধিব নোৱাৰি। ইয়াৰ উপৰি শিশুৰ সামাজিক বিকাশৰ গতি অত্যন্ত ব্যক্তিগত। প্ৰত্যেক শিশুৰে নিজ নিজ দেহ-মানসিক অৱস্থা, বৌদ্ধিক ক্ষমতা আৰু পৰিৱেশৰ নিজস্ব একো একোটা বৈশিষ্ট্যৰ প্ৰভাৱ থাকে। এনেবেৰ প্ৰভাৱে তাৰ সামাজিক বিকাশৰ গতি নিৰ্ধাৰণ কৰে। অৱশ্যে আমাৰ এই সামাজিক বিকাশ সম্বন্ধীয় আলোচ্য বিষয়ৰ পৰিধি যথেষ্ট ব্যাপক আৰু জটিল। সেই হেতুকে ইয়াৰ কেতবোৰ সাধাৰণ বৈশিষ্ট্য বিচাৰি উলিওৱাটো আৰু তাক শিশুৰ বয়স অনুপাতে আদৰ্শ প্ৰতিমান স্বৰূপে গ্ৰহণ কৰাটো আমাৰ আলোচনাৰ সুবিধাৰ বাবেই বিশেষ প্ৰয়োজন। বিশেষজ্ঞসকলে সাধাৰণভাৱে সকলোৰে গ্ৰহণযোগ্য কৰি শিশুৰ সামাজিক প্ৰতিক্ৰিয়া আৰু আচৰণসমূহ তাৰ বয়সৰ সময়সীমাৰে নিৱন্ধিত কৰিবলৈ চেষ্টা কৰিছে। এনে কৰাৰ যোগেদিহে শিশুৰ সামাজিক বিকাশৰ দৰে সৰ্বাত্মক বিষয় এটাৰ বস্তুনিষ্ঠ, বিজ্ঞানসন্মত আৰু গ্ৰহণযোগ্য বিশ্লেষণ দাঙি ধৰিব পাৰি।

শিশু-মনোবিজ্ঞানৰ দিশত বিশেষ অৱদান যোগোৱা জাঁ পিয়াজেই শিশুৰ সামাজিক বিকাশক বহলভাৱে দুটা পৰ্যায়ত বিভক্ত কৰিছে। তেওঁৰ মতে এই পৰ্যায়কেইটা হৈছে- আত্মকেন্দ্ৰিকতাৰ পৰ্যায় আৰু সামাজিকতাৰ পৰ্যায়। প্ৰথম পৰ্যায়টো শিশুৰ জন্মৰ পৰা ৬-৭ বছৰ বয়সলৈকে ধৰা হৈছে। এই সময়ত শিশুৰ সকলো ক্ৰিয়া-আচৰণ সাধাৰণতে নিজ প্ৰয়োজন-পূৰণমুখী হৈ থাকে। ৬-৭ বছৰৰ পিছৰ পৰাহে শিশুৰ ক্ৰিয়া-আচৰণত ব্যক্তিকেন্দ্ৰিকতাৰ প্ৰভাৱ কমি আহি সমাজমুখী হৈ উঠিবলৈ ধৰে। এই সময়ত শিশুৱে সামূহিক খেলা-ধূলাত অধিক আগ্ৰহ দেখুৱাৰ উপৰিও স্কুলৰ অন্যান্য সমবয়সীয়া ছাত্ৰ-ছাত্ৰীৰ লগত লিখা-পঢ়া কৰাৰ এক সামাজিক পৰিৱেশ লাভ কৰে। ইয়াৰ উপৰি স্কুলৰ সামাজিক পৰিৱেশত চলা-ফিৰা কৰিবৰ বাবে কেতবোৰ গ্ৰহণযোগ্য নীতি-নিয়ম আৰু অনুশাসনৰ অধীন হ’ব লাগে। সেয়েহে স্কুলৰ সামাজিক পৰিৱেশে ব্যক্তিমুখী শিশুক বহু পৰিমাণে সমাজমুখী কৰি তোলে। বয়সৰ সীমাৰেখাৰ ভিত্তিত শিশুৰ সামাজিক প্ৰতিক্ৰিয়া আৰু আচৰণৰ ক্ৰমবিকাশ সম্বন্ধে এটি বিস্তৃত বিৱৰণ তলত দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে।

কেঁচুৱা কালৰ সামাজিক প্ৰতিক্ৰিয়াঃ

 

জন্মৰ পিছৰ পৰা দুবছৰ বয়স সম্পূৰ্ণ হোৱালৈকে অৰ্থাৎ পূৰ্ব-প্ৰাথমিক স্কুল পৰ্যায়ৰ আগলৈকে শৈশৱ কালৰ আগলি সময়ছোৱাক কেঁচুৱা কাল বুলি ধৰা হয়। এই সময়ত শিশু হৈ উঠে স্বাভাৱিকতেই অতিশয় আত্মকেন্দ্ৰিক। এই সময়ৰ ক্ৰিয়া-আচৰণক প্ৰকৃত অৰ্থত সামাজিক আচৰণ বুলি ক’ব নোৱাৰি। তথাপি শিশুৰ পৰৱৰ্তী কালৰ সামাজিক প্ৰতিক্ৰিয়া আৰু তাৰ ক্ৰমবিকাশৰ যথেষ্ট ইংগিত অথবা সংকেত এই সময়ৰ আচৰণসমূহত পাব পৰা যায়। মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা সেয়েহে এইসমূহৰ অধ্যয়ন বিশেষ তাৎপৰ্যপূৰ্ণ।

প্ৰথম এমাহত শিশুৱে কেৱল পৰিৱেশৰ আকৰ্ষণীয় উদ্দীপকৰ প্ৰতি দৈহিকভাৱে সঁহাৰি দিয়ে। এই সময়ত সুখদায়ক আৰু দুখদায়ক সংবেদন অনুভূতিৰ প্ৰতি হঁহা-কন্দা, চকু পিৰিকিওৱা আদি প্ৰাথমিক প্ৰতিক্ৰিয়াবোৰ প্ৰদৰ্শন কৰে। এমাহৰ পিছৰ পৰা পৰিৱেশৰ বস্তু আৰু ব্যক্তিৰ প্ৰতি সচেতনতাৰ ভাব প্ৰকাশ পায়। এই সময়ত তাৰ ওচৰলৈ অহা, খুওৱা-পিন্ধোৱা আৰু কোলাত লোৱা ব্যক্তিৰ প্ৰতি সি দৃষ্টি নিক্ষেপ কৰিব পাৰে। দ্বিতীয় মাহত সি হাঁহিৰে সঁহাৰি জনাব পাৰে। আনে মাত লগালে, হাতেৰে চুলে আৰু তুলি ধৰিলে কান্দোন বন্ধ হয়। দুই-তিনি মাহত শিশুৱে আনে তাৰ ওচৰলৈ আহি কথা পাতিলে অথবা ধেমালি কৰিলে সি হাঁহিব পাৰে আৰু কাকো নেদেখি অকলে থাকিব লগা হ’লে কান্দোনৰ যোগে অস্বস্তি প্ৰকাশ কৰে। কোনো উজ্জ্বল বা গতিশীল বস্তু দেখিলে তাৰ প্ৰতি উৎসাহ-আনন্দৰ ভাব প্ৰকাশ কৰে। এই সময়ত সি কাৰো প্ৰতি বিশেষ আকৰ্ষণ বা সম্পৰ্কৰ ভাব দেখুৱাব নোৱাৰে। অৱশ্যে কোনো কোনো বিশেষজ্ঞৰ মতে এই সময়ত কেঁচুৱাই নিজৰ মাক আৰু আন লোকৰ সংস্পৰ্শৰ প্ৰতি পৃথক প্ৰতিক্ৰিয়া কৰিব পাৰে। সি যি কি নহওক, ক’ব পাৰি যে সাধাৰণভাৱে শিশুৰ এই তিনিমাহৰ ভিতৰত নিশ্চিতভাৱে কেতবোৰ সামাজিক প্ৰতিক্ৰিয়াৰ ইংগিত ধৰিব পাৰে।

চতুৰ্থ মাহত এনেবোৰ প্ৰতিক্ৰিয়া আৰু অধিক স্পষ্ট হৈ উঠে। আনৰ মুখলৈ চোৱা, আঁতৰি যোৱাজনলৈ ডিঙি ভাঙি তেনে দৃষ্টি নিক্ষেপ কৰা আদি আচৰণ সি প্ৰদৰ্শন কৰিব পাৰে। কোনো লোক ওচৰলৈ আহিলে নিজক ডাঙি লোৱাৰ প্ৰত্যাশায়ী প্ৰতিক্ৰিয়াও কৰিব পাৰে। এনে প্ৰত্যাশা ব্যৰ্থ হ’লে অসন্তুষ্টি প্ৰকাশ কৰে। ৪-৫ মাহৰ ভিতৰত খঙেৰে মতা আৰু মৰমেৰে মতা, পৰিচিত লোকৰ মাত আৰু অপৰিচিত লোকৰ মাতৰ প্ৰতি শিশুৱে পৃথক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে। ইয়াৰ উপৰি শিশুৱে এই সময়ত পৰিচিত জনৰ প্ৰতি আগ্ৰহ সঁহাৰি আৰু অপৰিচিত লোকৰ প্ৰতি সংকুচিত বা নেতিবাচক আচৰণ কৰিব পাৰে। পাঁচ মাহৰ ভিতৰতে এটা শিশুৱে আনটো শিশুলৈ লক্ষ্য কৰিব আৰু হাঁহিৰ বিনিময় কৰিব পৰা হয়। অৱশ্যে বিশেষজ্ঞসকলৰ মতে পাঁচ মাহলৈকে কেঁচুৱাৰ হাঁহি মনৰ ৰং-আনন্দ, অনুভূতিৰ নিশ্চিত প্ৰকাশক বুলি ধৰিব নোৱাৰি। পৰিৱেশৰ যেই কোনো উদ্দীপকৰ প্ৰতি এই হাঁহি তাৰ মনৰ সহজ-সৰল প্ৰতিক্ৰিয়া স্বৰূপো হ’ব পাৰে। ইয়াৰ পৰৱৰ্তী কালৰ পৰাহে শিশুৰ হাঁহি আনন্দ-অনুভূতিৰ প্ৰকাশক হৈ উঠিবলৈ ধৰে। প্ৰায় ছমাহৰ পৰা শিশুৱে বয়সস্থসকলে প্ৰকাশ কৰা হাঁহি আৰু ক্ৰোধ বা অসন্তুষ্টি ভাবৰ প্ৰতি পৃথক প্ৰতিক্ৰিয়া কৰিব পাৰে। অচিনাকি লোকৰ প্ৰতি ভয়, সংকোচ আৰু কান্দোন প্ৰকাশ কৰে। পৰিচিত জনৰ মনোযোগ আকৰ্ষণ কৰিব পৰাকৈ হাঁহি মৰা, মুখৰ অস্পষ্ট শব্দৰ উচ্চাৰণ, হাত-ভৰি সঞ্চালন আদি আচৰণ প্ৰদৰ্শন কৰে। ইয়াৰ উপৰি পৰিচিত জন ওচৰ চাপিলে হাত দুখন আগবঢ়াই দিব পাৰে, তেওঁৰ কাপোৰ-কানি টানিব পাৰে আৰু হাতত বা আঙুলিত ধৰিব পাৰে। আনহাতে অপৰিচিত জনৰ প্ৰতি তাৰ এনেবোৰ ক্ৰিয়া-আচৰণ নিয়ন্ত্ৰিত আৰু সংকুচিত কৰি পেলোৱা দেখা যায়। এই সময়ত সি মাককো ভালদৰে চিনিব পৰা হয়। সেয়েহে দেখা যায় যে প্ৰথম বছৰৰ দ্বিতীয়াৰ্ধৰ লগে লগে শিশুৰ বাহ্যিক ক্ৰিয়া আচৰণবোৰত সামাজিক ভাব প্ৰকট হৈ উঠে।

৭-৮ মাহৰ পৰা শিশু মাকৰ অধিক সংগপ্ৰিয় হৈ উঠে। যেইকোনো কান্দোনৰ অস্বস্তিকৰ পৰিস্থিতিতেই মাকৰ উপস্থিতি আৰু আদৰ-যত্নই শিশুক শান্ত আৰু স্বাভাৱিক কৰি তুলিব পাৰে। মাকক দেখিলে হাত দুখন আগবঢ়াই দি কোঁচত উঠাৰ আগ্ৰহ প্ৰকাশ কৰে। মাকৰ কোঁচত থাকিলে হাতেৰে তেওঁৰ নাক, মুখ, ওঁঠ আদি স্পৰ্শ কৰে আৰু নানাভাৱে মুখৰ অস্পষ্ট ধ্বনি উচ্চাৰণ কৰি খেলাৰ প্ৰবৃত্তি প্ৰকাশ কৰে। শিশুৰ হাতত থকা খেলা-ধূলাৰ বস্তু আনে বিচাৰিলে বা খুজিলে সি দিব পাৰে। আকৌ তাৰ অনিচ্ছাকৃতভাৱে হাতৰ পৰা খেলাৰ পুতলা আদি আনে লৈ গ’লে বিৰোধ ভাব ফুটাই তুলিব পাৰে। ৮-৯ মাহত শিশুৱে বয়সস্থসকলৰ ক্ৰিয়া-আচৰণ কিছু অনুকৰণ কৰিব পৰা হৈ উঠে। বিশেষকৈ আনে উচ্চাৰণ কৰা শব্দ সি অনুকৰণ কৰিবলৈ চেষ্টা কৰে। আনৰ দৰে হাত লৰোৱা আৰু মূৰ দুপিওৱা আদি অংগী-ভংগী অনুকৰণ কৰিব পাৰে। অনুকৰণশীলতা আৰু প্ৰৱণতা আদিয়ে শিশুক এই সময়ত সামাজিকভাৱে বিশেষ প্ৰতিক্ৰিয়াশীল কৰি তোলে।

৯-১০ মাহত শিশুৱে আন শিশুৰ শব্দ উচ্চাৰণ আৰু অংগী-ভংগী অনুকৰণ কৰে। এই সময়ত সি বগাই, টিকা চুচৰাই এঠাইৰ পৰা আনঠাইলৈ যাব পৰা হয়। সেইবাবে আন শিশুৰ লগত এনেবোৰ কাম একেলগে কৰিব পৰা হয়। অৱশ্যে এই সময়ত শিশুৰ ক্ৰিয়া-আচৰণত কোনো সহযোগিতাৰ মনোভাৱ দেখা নাযায়। সি তেতিয়াও তাৰ ভাব আৰু আচৰণত সম্পূৰ্ণৰূপে ব্যক্তিকেন্দ্ৰিক হৈয়ে থাকে। নিজৰ খেলাৰ পুতলা বা কোনো বস্তু আন এটা শিশুক দিবলৈ সি নিবিচাৰে আৰু আনে তেনে কৰিলে তাৰ মন ভাগি পৰে অথবা তাৰ বিৰোধিতা কৰে। দহ মাহৰ পিছত শিশুৱে মাক অথবা অন্যান্য লোকে তাৰ ক্ৰিয়া-আচৰণত কৰা হকা-বধা আদি বুজি পায় আৰু সেই অনুক্ৰমে প্ৰতিক্ৰিয়া কৰিব পাৰে। আনে কৰা মতে হাত চাপৰি বজোৱা, কৰমৰ্দন কৰা আদি ক্ৰিয়াত সহযোগ কৰে। একেলগে থকা আন এটা শিশু কিবা কাৰণত কান্দি উঠিলে তাৰ প্ৰতি মনোযোগ দিয়ে আৰু কোনো কোনো সময়ত অনুভূতিৰ অনুকৰণ কৰি নিজেও কান্দি উঠে।

এবছৰ বয়সত শিশুৱে কিছু শব্দ জানি উঠে। বয়সস্থসকলে কোৱা দুই-এটা শব্দ সি বুজিব পাৰে আৰু সহজ-সৰল দুই-এটা আদেশ পালন কৰে। নকৰিবা, নাযাবা, নাখাবা আদি নঞাৰ্থক আদেশৰ প্ৰতি সি আশানুৰূপ প্ৰতিক্ৰিয়া কৰিব পাৰে। সমাজৰ অন্যান্য লোকৰ প্ৰতি শিশু এবছৰ বয়সত কিছু সজাগ আৰু সচেতন হৈ উঠে, আনৰ লগত সামান্যভাৱে ক্ৰিয়াৰ সহযোগিতা কৰে, সাধাৰণ আদেশ পালন কৰে আৰু সামান্যভাৱে অনুভূতিও অনুকৰণ কৰে। ফলত তাৰ মনত সমাজ সচেতনতাৰ সামান্যতম প্ৰবৃত্তি পৰিলক্ষিত হয়। বিভিন্ন লোকৰ সংস্পৰ্শত গঢ়ি উঠা শিশুৰ বৰ্ধিত সচেতনতা আৰু কৰ্মব্যস্ততা সমাজমুখী কৰি তোলাৰ এইটোৱেই প্ৰাৰম্ভিক সময় বুলি ধৰিব পাৰি। অৱশ্যে তথাপিও এবছৰীয়া এটা শিশুৰ ক্ৰিয়া-আচৰণ আৰু অনুভূতি আদি সাধাৰণভাৱে আত্মকেন্দ্ৰিক হৈয়ে থাকে। এই সময়ত তাৰ দৈহিক আৰু মানসিক প্ৰয়োজন পূৰণমুখী আচৰণেই প্ৰাধান্য লাভ কৰি থাকে। সামাজিক নীতি-নিয়ম আৰু অনুশাসনৰ প্ৰতি আনুগত্যৰ এই সময়ত প্ৰশ্নই নুঠে।

দ্বিতীয় বছৰৰ প্ৰথমাৰ্ধত শিশুৰ সামাজিক পৰিৱেশত কেতবোৰ উত্তেজনা আৰু অনিয়ন্ত্ৰিত আৱেগ-অনুভূতিৰ ক্ৰিয়া-আচৰণ পৰিলক্ষিত হয়। এই সময়ত খেলা-ধূলাৰ সা-সঁজুলি আৰু বিবিধ পুতলা আদি লৈ সি ব্যস্ত থাকে। নিজে ব্যৱহাৰ কৰা পুতলা আন এটা শিশুৱে ল’লে বা ল’বলৈ আহিলে সি বিৰক্তি অনুভৱ কৰে। পুতলা বা খেলনা লৈ কাজিয়া কৰা, আন শিশুক হাতেৰে ঠেলি দিয়া, কামুৰি দিয়া, হাতত থকা বস্তুৰে প্ৰহাৰ কৰা আদি উগ্ৰ আচৰণবোৰো প্ৰকাশ পায়। নিজক অনাদৰ কৰি আন এটা শিশুক কোঁচত তুলি ল’লে ঈৰ্ষাভাৱ আৰু আচৰণ ফুটি উঠে। প্ৰায় পোন্ধৰ মাহত শিশুৱে থিয় হ’ব আৰু খোজ কঢ়া আৰম্ভ কৰিব পাৰে। এই সময়ত আনৰ হাতত ধৰি অ’ত ত’ত যোৱাৰ আগ্ৰহ প্ৰকাশ কৰে। খেলা-ধূলাৰ প্ৰৱণতা আৰু আচৰণ অধিক বৃদ্ধি পায়। প্ৰায় পোন্ধৰ মাহৰ পৰা শিশুৱে নিজৰ খেলা-ধূলা বস্তু আৰু আহিলা-পাতি আদিৰ প্ৰয়োজন পূৰণ কৰিব পাৰিলে স্বতঃস্ফূৰ্তভাৱে সমনীয়া শিশুৰ প্ৰতি মনোযোগী হৈ উঠে। ভাষাৰ সামান্যতম প্ৰয়োগৰ যোগেদি সি আনৰ লগত ভাবৰ বিনিময় কৰিব পৰা হয়। এই সময়ত সমনীয়া শিশুৰ সংস্পৰ্শ আৰু সহযোগিতামূলক খেলা-ধূলাৰ ক্ৰিয়া-আচৰণে তাৰ ভাষা বিকাশতো বিশেষ সহায় কৰে। এই পৰ্যায়ৰ খেলা-ধূলাই ব্যক্তিকেন্দ্ৰিক শিশুক ক্ৰমে সমাজমুখী কৰি তোলে। অৱশ্যে এই সময়ত মন কৰিবলগীয়া যে প্ৰায় ১৬-১৮ মাহৰ শিশুৰ মনত আৰু তাৰ ক্ৰিয়া-আচৰণত এক নঞাৰ্থক মনোভাৱ পৰিলক্ষিত হয়। আনে কোনো বস্তু খুজিলে দিবলৈ নিবিচৰা, পৰিচিত জনৰ বাহিৰে আনে ওচৰলৈ মাতিলে অনুৰোধ প্ৰত্যাখ্যান কৰা, পৰিচিত জনকো আন কোনো ঠাইলৈ যাবলৈ এৰি নিদিয়া আৰু তাৰ এনে মনোভাৱৰ বিপৰীতে ক্ৰিয়া কৰিলে ক্ৰোধ আৰু ক্ৰন্দনৰ যোগে অসন্তুষ্টি প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়।

প্ৰায় ডেৰ বছৰ বয়সৰ পৰা শিশুৱে প্ৰকৃত অৰ্থত হাঁহিব পৰা হয়। বিশেষজ্ঞসকলৰ মতে এবছৰ অথবা তাতকৈ কম বয়সৰ শিশুৱে প্ৰকাশ কৰা হাঁহিত হাঁহিৰ প্ৰকৃত কাৰণ আৰু প্ৰয়োজন নাথাকে। ডেৰ বছৰৰ পিছৰ পৰাহে শিশুৰ হাঁহিত সামাজিক অৰ্থ দান কৰিব পাৰি। হাঁহি হৈছে ব্যক্তিৰ সুখদায়ক সামাজিক অনুভূতিৰ প্ৰকাশ। মন কৰিবলগীয়া যে ডেৰ বছৰৰ পিছৰ পৰা শিশুৱে হাঁহিবলৈ লগ বিচাৰে। তাৰ সমনীয়া আৰু বয়সস্থসকলৰ লগত কৰা খেলা-ধূলাৰ পৰিৱেশেই ইয়াৰ প্ৰচুৰ সুবিধা দান কৰে। হাঁহিৰ অনুভূতি আৰু তাৰ প্ৰকাশে শিশুৰ এই সময়ৰ খেলা-ধূলাত অধিক আগ্ৰহ, অনুৰাগ আৰু প্ৰাণসঞ্চাৰ কৰে। উল্লেখযোগ্য যে খেলা-ধূলাৰ পৰিস্থিতিত হাঁহিৰ উদ্ভৱ হ’লে তেনে পৰিস্থিতিৰ পুনৰাবৃত্তি কৰি শিশুৱে ভাল পায় আৰু আনকো তাৰ পুনৰাবৃত্তি কৰিবলৈ খাটনি ধৰে।

দ্বিতীয় বছৰৰ দ্বিতীয়াৰ্ধত সেয়েহে ক্ৰমে দেখা যায় খেলাৰ পুতলা লৈ অকলে সি ব্যস্ত হৈ নাথাকে। সমনীয়াৰ লগত হাঁহি-ধেমালিৰে খেলাত সমানে অংশগ্ৰহণ কৰিবলৈ বিচাৰে। শিশুৰ সংগপ্ৰিয়তাৰ প্ৰবৃত্তি এই সময়ত আমাৰ চকুত পৰে। অকলে থকা শিশুৱে সমবয়সৰ শিশুৰ লগ পালে ক্ৰীড়াপ্ৰৱণ আৰু চঞ্চল হৈ উঠে। এই সময়ত খেলাৰ আহিলা-পাতি আৰু পুতলা আদি লৈ কৰা কাজিয়াও বহু পৰিমাণে কমে। তাৰ পৰিৱৰ্তে খেলা-ধূলাৰ আহিলা-পাতিৰ আদান-প্ৰদানেৰে বন্ধুত্ব হয় অত্যন্ত প্ৰাসংগিক আৰু পৰিস্থিতি সাপেক্ষ। পৰিস্থিতিৰ সলনি হ’লেই ইয়াৰ প্ৰভাৱ নাইকিয়া হয়। এনে বন্ধুতাই শিশুৰ মনত কোনো স্থায়ী অনুভূতিক প্ৰভাৱ পেলাব নোৱাৰে।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে দ্বিতীয় বছৰত শিশুৰ ভাষা বিকাশ, অত্যধিক ক্ৰীড়া-প্ৰৱণতা আৰু আৱেগ-অনুভূতিবোৰৰ ক্ৰমবিকাশে ব্যক্তিকেন্দ্ৰিক শিশুক সমাজমুখী কৰি তোলে। প্ৰথম দুটা বছৰৰ সামাজিক পৰিস্থিতি আৰু তাৰ মাজেদি পূৰণ কৰা শিশুৰ সামাজিক প্ৰয়োজনবোৰৰ ওপৰত তাৰ ভৱিষ্যৎ সামাজিক বিকাশৰ বুনিয়াদ ৰচিত হয়।

নাৰ্চাৰি বা পূৰ্ব-প্ৰাথমিক পৰ্যায়ঃ

শিশুৰ তৃতীয় বছৰৰ পৰা পঞ্চম বছৰলৈকে এই পৰ্যায়ৰ অন্তৰ্ভুক্ত কৰিব পাৰি। এই সময়ছোৱাত শিশুৰ আত্মকেন্দ্ৰিকতাৰ ভাব যথেষ্ট কমে আৰু তাৰ অনুভূতি আৰু প্ৰতিক্ৰিয়া ক্ৰমে সমাজমুখী হ’বলৈ আৰম্ভ কৰে। অৱশ্যে তৃতীয় বছৰৰ আৰম্ভণিতে শিশুৰ আচৰণ অধিক প্ৰবৃত্তি পৰিচালিত হৈ থাকে। খোৱা-পিন্ধা আদি দৈনন্দিন ক্ৰিয়া-আচৰণত সমাজৰ লোকৰ প্ৰভাৱমুক্ততা সি বিচাৰে। আনৰ হস্তক্ষেপ অথবা বাধা-নিষেধ সি ভাল নাপায়। নিজ ক্ৰিয়া-আচৰণত আত্ম-প্ৰত্যয় আৰু আত্ম-প্ৰচেষ্টাৰ প্ৰবৃত্তি দেখিবলৈ পোৱা যায়। কোনো কোনো সময়ত ক্ৰিয়া-বিশেষে নিজৰ প্ৰভুত্ব বা প্ৰভাৱ দেখুৱাই আনৰ স্বীকৃতি আৰু প্ৰশংসা লাভ কৰিবলৈ বিচৰাও দেখা যায়। অত্যুৎসাহী প্ৰবৃত্তি অথচ প্ৰকৃত অভিজ্ঞতা আৰু বিচাৰ-বুদ্ধিৰ অভাৱৰ হেতুকে এই সময়ত শিশুৰ ক্ৰিয়া-আচৰণে অভিভাৱকসকলক শিশুৰ প্ৰতি অধিক ব্যস্ত কৰি তোলে। ডাঙৰৰ যুক্তি অথবা বুজনি মানিবলৈ নিবিচৰা বাবে এক অনিয়ন্ত্ৰিত আৰু উত্তেজনাকৰ পৰিস্থিতিৰ সঘনে সৃষ্টি হয়। অৱশ্যে চাৰি বছৰ বয়সৰ পিছত শিশু আচৰণৰ এই উগ্ৰতা কিছু কমে আৰু আনৰ প্ৰতি সহানুভূতি, বুজা-পৰা ভাব আৰু সহযোগিতাৰ মনোভাৱ গঢ় লৈ উঠে।

উল্লেখযোগ্য যে মনোবিদ ব্ৰীজেচে শিশুৰ সামাজিক প্ৰতিক্ৰিয়াৰ তিনিটা বিশেষ পৰ্যায়ৰ উল্লেখ কৰিছে। এইকেইটা হৈছে-

(১) শিশুৱে বয়সস্থসকলৰ ওপৰত নিৰ্ভৰ কৰা আৰু তেওঁলোকৰ সহায় নিষ্ক্ৰিয়ভাৱে গ্ৰহণ কৰা পৰ্যায়।

(২) প্ৰায় তিনিবছৰ বয়সত ক্ৰিয়া-আচৰণৰ বেলিকা সৰ্বাধিক বাধাদানৰ পৰ্যায়।

(৩) চাৰি আৰু পাঁচ বছৰ বয়সত বন্ধুত্ব আৰু সহযোগিতা প্ৰদৰ্শনৰ পৰ্যায়।

শিশুৰ সামাজিক বিকাশ সম্বন্ধে কৰা অধ্যয়নৰ বেলিকা এই তিনিটা পৰ্যায় বিশেষ মন কৰিবলগীয়া।

নাৰ্চাৰি আৰু কিণ্ডাৰগাৰ্টেন স্কুলৰ ল’ৰা-ছোৱালীৰ আচৰণ লক্ষ্য কৰিলে দেখা যায় যে এই সময়ত এটি শিশুক ব্যক্তি হিচাপে গণ্য কৰাটো সি বিচাৰে। প্ৰতি শিক্ষক-অভিভাৱকে চকু দিয়াটো আৰু যতন লোৱাটো সি কামনা কৰে। প্ৰথমাৰ্ধত তাৰ ক্ৰিয়া-কলাপ, খেলা-ধূলা, ব্যৱহাৰ-পাতি আদিও হয় ব্যক্তিকেন্দ্ৰিক। আনৰ লগত সহযোগিতা কৰিব সি নাজানে আৰু তাৰ বিষয়ে ভাবিবও নোৱাৰে। আত্ম-সচেতন শিশু এই সময়ত আত্মাভিমানী হৈও উঠিব পাৰে। এই সময়ৰ ঠেহ-পেচ, ক্ৰোধ-ক্ৰন্দন আদি প্ৰায়ে এনে আত্ম-সচেতনতা আৰু আত্মাভিমানৰ পৰাই সৃষ্টি হয়। নাৰ্চাৰি স্কুলৰ শিক্ষকক মাকৰ সমৰূপতেই সি বিবেচনা কৰে আৰু মাকৰ পৰা পাব পৰা সকলো আদৰ-যত্ন সি পাবলৈ আশা কৰে। সেইবাবে প্ৰথম অৱস্থাত ল’ব লগা শিক্ষকৰ ভূমিকা অত্যন্ত সংযমী আৰু সুবিবেচিত হ’ব লাগে। নাৰ্চাৰি পৰ্যায়ৰ শিশুৰ সামাজিক আচৰণত ঘৰুৱা পৰিৱেশৰ প্ৰভাৱ স্পষ্ট। সি নিজৰ মাক-দেউতাক আৰু পৰিয়ালৰ অন্যান্য লোকৰ সম্বন্ধে গৰ্ব অনুভৱ কৰি আনৰ আগত তাক প্ৰকাশ কৰিব খোজে। পৰিয়ালৰ পৰিস্থিতি আৰু অৱস্থা বিশেষে শিশুৱে বিভিন্ন পৰিৱেশত নিজৰ আধিপত্য অথবা প্ৰভাৱশালী আচৰণ অথবা ভীৰু, আত্ম-নিয়ন্ত্ৰিত আৰু সংকুচিত আচৰণ প্ৰদৰ্শন কৰে। উপযুক্ত আৰু অনুকূল ঘৰুৱা পৰিৱেশত শিশুৱে তিনিবছৰ বয়সত কিছুমান সমাজৰ ইপ্সিত আৰু গ্ৰহণযোগ্য আচৰণ শিকি উঠে আৰু আৱশ্যক মতে তাৰ প্ৰদৰ্শন কৰিব পাৰে। স্বাগতম, নমস্কাৰ আৰু বিদায় সম্ভাষণ আদি জনোৱাৰ উপৰিও ডাঙৰক উপযুক্তভাৱে সম্বোধন কৰিব পৰা হয়।

ব্যক্তিকেন্দ্ৰিক শিশুক সামাজিকৰণ কৰি তোলাৰ বাবে এই পৰ্যায়ৰ অতি উপযুক্ত ব্যৱস্থা হৈছে খেলা। খেলাৰ বহুতো গুণ আৰু প্ৰভাৱৰ ভিতৰত শিশুক সমাজৰ উপযোগী কৰি গঢ়ি তোলাটোৱেই হৈছে সৰ্বপ্ৰধান। নিচেই সৰুৰে পৰা শিশুৱে খেলাৰ প্ৰবৃত্তি দেখুৱায় যদিও নাৰ্চাৰি পৰ্যায়ৰ পৰাহে খেলা-ধূলাৰ সামাজিক তাৎপৰ্য লক্ষ্য কৰিব পাৰি। শিশুৱে খেলা-ধূলাত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত বিশেষজ্ঞসকলে ইয়াৰ কেইবাটাও পৰ্যায় নিৰীক্ষণ কৰিছে। সেইবোৰ হৈছে-

(ক) অজড়িত বিধৰ আচৰণ, য’ত শিশুৱে নিজক জড়িত নকৰাকৈ মাত্ৰ ক্ষন্তেকৰ বাবে খেলা নিৰীক্ষণ কৰে।

(খ) দৰ্শকৰ আচৰণ, য’ত শিশুৱে দৈহিকভাৱে নিজক জড়িত নকৰি কেৱল দৰ্শকৰ ভূমিকাৰে আনৰ খেলা-ধূলাৰ প্ৰতি লক্ষ্য কৰে।

(গ) নিঃসংগ ক্ৰীড়া, য’ত আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ অকলে আৰু স্বাধীনভাৱে খেলা কৰে।

(ঘ) সমান্তৰাল ক্ৰীড়া, য’ত এটা শিশুৱে আন এটা শিশুৰ দৰে একেবিধ খেলাৰ সামগ্ৰী লৈ নিজস্বভাৱে খেলা কৰে।

(ঙ) সংযোগী ক্ৰীড়া (এচোছিয়েটিভ প্লে), য’ত আন এটা শিশুৰ লগ লাগি খেলা কৰে।

(চ) সহযোগী ক্ৰীড়া (কো-অপাৰেটিভ প্লে), য’ত খেলাৰ বাবে শিশুৱে সংগঠিতভাৱে আন শিশুৰ সহযোগিতা বিচাৰে।

এই সম্বন্ধে অধ্যয়ন কৰা পাৰ্টেন নামৰ এজন বিশেষজ্ঞৰ মতে পূৰ্ব-প্ৰাথমিক শিশুৰ প্ৰায় তিনিভাগৰ দুভাগেই সমান্তৰাল ক্ৰীড়াত লিপ্ত থাকে। অৱশ্যে বয়স অতিবাহিত হোৱা আৰু অভিজ্ঞতা লাভ কৰি উঠাৰ লগে লগে নাৰ্চাৰি পৰ্যায়ৰ শেষৰ ফালে শিশুৱে ক্ৰমে সংযোগী ক্ৰীড়া আৰু সহযোগী ক্ৰীড়াৰ প্ৰতি আগ্ৰহী হৈ উঠে।

নাৰ্চাৰি পৰ্যায়ৰ পৰিৱেশে এটা শিশুক আন আন শিশুৰ সামাজিক সংস্পৰ্শলৈ আনে। খেলা-ধূলা আৰু কোনো ক্ৰিয়া সম্পাদনৰ বাবে আনৰ সংস্পৰ্শ আৰু সহযোগিতাৰ প্ৰয়োজন সি অনুভৱ কৰে। খেলা-ধূলাত ক্ৰমে একাধিক শিশুৰ সমাবেশ হৈ উঠাৰ লগে লগে তাক সুনিয়ন্ত্ৰিত কৰিবলৈ স্বতঃপ্ৰণোদিত কেতবোৰ নীতি-নিয়ম আৰু সাংগঠনিক ব্যৱস্থাও শিশুৱে কৰিব পাৰে। খেলাৰ পূৰ্ব-নিৰ্ধাৰিত নীতি-নিয়মৰ প্ৰতি আনুগত্য আৰু অনুশাসনৰ ভাবো শিশুমনত এই সময়তেই সৃষ্টি হয়। দলগত ক্ৰিয়া-কলাপ আৰু খেলা-ধূলাৰ প্ৰতি অধিক আগ্ৰহী হৈ উঠে। ঘৰৰ ওচৰ-চুবুৰীয়া ল’ৰা-ছোৱালীৰ লগত খেলিবলৈ আৰু ফুৰিবলৈ ভাল পায়। ফলত এই সময়ত শিশুক ঘৰত অকলে ৰখাটো মাক-দেউতাকৰ বাবে কঠিন হৈ পৰে। ওচৰ-চুবুৰীয়া ল’ৰা-ছোৱালীৰ লগত খেলা-ধূলা কৰাৰ যোগেদি শিশুৱে মাক-দেউতাকৰ অজ্ঞাতেই বহুতো কথা আৰু সামাজিক ক্ৰিয়া-আচৰণ শিকি উঠিব পাৰে। খেলাৰ ভিন ভিন প্ৰসংগত সি কেতবোৰ নতুন শব্দ প্ৰয়োগ কৰিব পাৰে আৰু তাৰ প্ৰায়োগিক অৰ্থও নিজস্বভাৱে ধাৰণা কৰি ল’ব পাৰে। শিশুমনৰ কেতবোৰ সুখদায়ক আৱেগ-অনুভূতিয়েও এই সময়ত আত্ম-প্ৰকাশ কৰি উঠে। খেলাৰ সামাজিক পৰিৱেশে শিশুৰ মনত সমূহ-মন বা দলীয়-মনৰ আনুভূতিক ঐক্যভাৱৰ সৃষ্টি কৰে, যি সামাজিক বিকাশৰ দিশত বিশেষ তাৎপৰ্যপূৰ্ণ। সমূহ-মনৰ এই অনুভূতিয়ে শিশুৰ ক্ৰিয়া-আচৰণ সমাজৰ আদৰ্শ অথবা গ্ৰহণযোগ্য পথেদি গঢ় দি তোলে। প্ৰকৃতপক্ষে ক’বলৈ গ’লে খেলাইহে শিশুক সামাজিক পাৰস্পৰিকতা আৰু আনুগত্যৰ প্ৰাৰম্ভিক শিক্ষাদান কৰিব পাৰে। উল্লেখযোগ্য যে এই সময়ত সামূহিক খেলা-ধূলাত অংশগ্ৰহণ কৰিবলৈ নিবিচৰা বা আগ্ৰহ প্ৰকাশ নকৰা শিশুৰ ক্ৰিয়া-আচৰণ বহু পৰিমাণে অসামাজিক আৰু অপৰিপক্ক বিধৰ হৈ ৰয়।

খেলাৰ পৰিৱেশে শিশুক আত্মপ্ৰকাশৰো সুবিধা দিয়ে। অৱশ্যে এই পূৰ্ব-প্ৰাথমিক পৰ্যায়ৰ খেলাৰ যোগেদি শিশুৰ সুপ্ত প্ৰতিভা আৰু সম্ভাৱনীয়তা সমূহে ভালদৰে প্ৰকাশ লাভ কৰি উঠিব নোৱাৰে। ইয়াৰ বাবে পৰৱৰ্তী পৰ্যায়ত শিশুক কিছু প্ৰশিক্ষণৰ প্ৰয়োজন। কিন্তু খেলাৰ বিভিন্ন পৰিস্থিতিয়ে এই সময়তো শিশু-প্ৰকৃতি কিছু পৰিমাণে প্ৰকাশ কৰিব পাৰে। প্ৰভাৱশালী অথবা আত্ম-সংকুচিত প্ৰকৃতিৰ শিশু ইয়াৰ যোগেদি নিৰীক্ষণ কৰিব পাৰি। অৱশ্যে এই ক্ষেত্ৰত শিশুৰ দৈহিক অক্ষমতা আৰু বৌদ্ধিক প্ৰখৰতা আদি অন্য কেতবোৰ দিশো বিবেচনা কৰিব লাগে।

প্ৰাথমিক পৰ্যায়ঃ

ছবছৰৰ পৰা বাৰ বছৰ বয়সলৈকে এই সময়ছোৱাৰ বিকাশক সাধাৰণভাৱে এই পৰ্যায়ৰ অন্তৰ্ভুক্ত কৰিব পাৰি। প্ৰাথমিক স্কুলৰ পৰিৱেশে শিশুক সামাজিক বিকাশৰ পথত আগুৱাই নিয়ে। ছবছৰীয়া এটি শিশুৰ আচৰণত অধিক সমাজ সচেতনতাৰ ভাব পৰিলক্ষিত হয়। নাৰ্চাৰি পৰ্যায়ৰ খেলা-ধূলাৰ পৰিৱেশে তাক ইতিমধ্যে প্ৰচলিত নীতি-নিয়মৰ প্ৰতি আনুগত্য আৰু অনুশাসন মনা হ’বলৈ শিকায়। সি নিজৰ অস্তিত্ব আৰু সমাজৰ আন আন ব্যক্তিৰ তুলনাত নিজৰ স্থান আৰু মান সামান্যভাৱে হ’লেও অনুভৱ কৰিব পৰা হয়। এনে আত্ম-সচেতনতাই শিশুক স্কুলৰ গতানুগতিক নিয়ম-শৃংখলাৰ মাজত সোমাই পৰি তাক পালন কৰাৰ মানসিক প্ৰস্তুতি আনি দিয়ে। শিশুৰ স্বভাৱ-সুলভ অনুকৰণ প্ৰবৃত্তিয়েও এই সময়ত স্কুলৰ সামাজিক নীতি-নিয়ম নীৰৱ অনুশীলনৰ যোগে গ্ৰহণ কৰাত সহায় কৰে। স্কুলৰ সামাজিক পৰিৱেশত ব্যক্তিকেন্দ্ৰিক শিশুৱে এনেদৰে সামাজিক সমাযোজন কৰিব পৰা অৱস্থা এটা দেখাত অতি স্বাভাৱিক যেন লাগিলেও ই শিক্ষা আৰু সমাজ বিজ্ঞানৰ ফালৰ পৰা বিশেষ গুৰুত্বপূৰ্ণ। উল্লেখযোগ্য যে নাৰ্চাৰি পৰ্যায়ৰ শিক্ষা অভিজ্ঞতাৰ পৰা বঞ্চিত হোৱা শিশুৰ আচৰণ প্ৰাথমিক স্কুলত ব্যক্তিকেন্দ্ৰিক আৰু কিছু পৰিমাণে আত্ম-সংকুচিত হোৱাও দেখা যায়। নাৰ্চাৰি পৰ্যায়ৰ শিক্ষা নোপোৱা আমাৰ পিচপৰা গাঁৱলীয়া অঞ্চলৰ শিশুৱে প্ৰাথমিক স্কুলত নামভৰ্তিৰ পিছতে অধিক সংখ্যকভাৱে স্কুল এৰাৰ যি সমস্যা তাক এই প্ৰসংগত মন কৰিবলগীয়া।

এই সময়ত শিক্ষক-অভিভাৱকৰ প্ৰতি শিশুৰ অত্যধিক আনুগত্য আৰু আত্ম-সমৰ্পনৰ ভাব আৰু তাৰ ফলত সৃষ্টি হোৱা এক আত্ম-গৌৰৱৰ অনুভৱ কৰা ক্ৰিয়া-আচৰণত পৰিলক্ষিত হয়। নিজৰ শিক্ষকজনেই হৈছে শিশুৰ বাবে সকলোতকৈ জ্ঞানী আৰু গুণী ব্যক্তি, নিজৰ স্কুলখনেই হৈছে সকলোতকৈ ভাল আৰু আদৰ্শ স্কুল। সেইদৰে নিজৰ দেউতাকেই হৈছে সেই অঞ্চলৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তি। এই আত্ম-তুষ্টি, আত্ম-বিশ্বাস আৰু আত্ম-গৌৰৱৰ ভাব থকা হেতুকে শ্ৰেণীত অকপটভাৱে শিক্ষকৰ ভাব-চিন্তা আৰু ক্ৰিয়া আদি সি গ্ৰহণ কৰিব পাৰে। শিক্ষানুষ্ঠানৰ বিভিন্ন সামাজিক ক্ৰিয়া-কলাপত বিশেষ আস্থা আৰু নিষ্ঠাৰে অংশগ্ৰহণ কৰিবলৈ সি এক বিশেষ প্ৰেৰণা পাব পাৰে। অৱশ্যে এনে এটা অৱস্থা কিছু পৰিমাণে শিশুৰ কল্পনাৰ দ্বাৰাও প্ৰভাৱিত হয়। সেয়েহে ক্ৰমে বাস্তৱ আৰু প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰি উঠাৰ লগে লগে ই দুৰ্বল হৈ আহিবলৈ ধৰে। প্ৰাথমিক স্কুলৰ শেষ পৰ্যায়ত শিশুমনত আৰু তাৰ আচৰণত কিছু কৃত্ৰিমতাৰ ভাব ফুটি উঠে। অভিজ্ঞতাই তাক শিকনি দিয়ে যে স্কুলৰ আৰু সমাজৰ নীতি-নিয়মবোৰ মানুহৰ দ্বাৰা প্ৰস্তুত কৰা। এইবোৰ নিৰ্ভুল আৰু স্থায়ী নহয়, পৰিৱৰ্তন সাপেক্ষহে। মোহভংগ কৰা এনে এক বাস্তৱ অভিজ্ঞতাই তাৰ ক্ৰিয়া-আচৰণত এক অসুস্থ, অসামাজিক আৰু নেতিবাচক মনোভাৱৰ অৱস্থা এটা সৃষ্টি কৰিব পাৰে। ফলস্বৰূপে অমনোযোগিতা, অবাধ্যতা, অনিয়মিতা আৰু তৎপৰহীন এক অসামাজিক আচৰণ গঢ় লৈ উঠিব পাৰে।

প্ৰাথমিক পৰ্যায়ৰ প্ৰথমাৰ্ধত শিশুৰ আৱেগ-অনুভূতিবোৰৰ কোনো নিৰ্দিষ্ট যুক্তি, সংগতি তথা নিয়ন্ত্ৰণ নাথাকে। তাৰ ফলত সি বিভিন্ন সামাজিক পৰিস্থিতিত বয়সস্থসকলৰ মানদণ্ডেৰে বিবেচিত নানাবিধ যুক্তি-অযুক্তিকৰ আৰু সুস্থ-অসুস্থ ক্ৰিয়া-আচৰণ প্ৰদৰ্শন কৰিব পাৰে। উদাহৰণস্বৰূপে, শ্ৰেণীত শিক্ষকৰ উপস্থিতিত সি তেওঁৰ প্ৰতি ভক্তি, বাধ্য আৰু আনুগত্যৰ ভাব আৰু আচৰণ প্ৰদৰ্শন কৰে। আনহাতে তেওঁৰ অনুপস্থিতিৰ সময়ত শিক্ষকৰ অংগী-ভংগী আৰু মুদ্ৰা প্ৰদৰ্শন কৰা, বোৰ্ডত বিকৃত ছবি অঁকা আৰু মন্তব্য লিখা, চকী-বেঞ্চৰ ওপৰত উঠা, চিঞৰ-বাখৰ, দৌৰা-দৌৰি কৰা আদি উন্মত্ত আচৰণো তাৰ বাবে সম্ভৱপৰ। সেইদৰে শিক্ষকৰ দ্বাৰা পৰিচালিত খেলা-ধূলাৰ বেলিকা শিশুৱে সুস্থ, সামাজিক, সংযত আৰু সহযোগিতামূলক আচৰণ প্ৰদৰ্শন কৰে। কিন্তু আনহাতে স্কুল বিৰতিৰ সময়ত কৰা খেলা-ধূলাৰ বেলিকা বিশৃংখল, গতিয়াগতি, কাজিয়া, মাৰধৰ আদিও সংঘটিত হ’ব পাৰে। শিশুৰ আৱেগ-অনুভূতি পৰিচালিত এনেবোৰ বিসংগতিপূৰ্ণ আচৰণ শিক্ষক-অভিভাৱকসকলৰ বাবে স্বাভাৱিকতেই দুশ্চিন্তাৰ কাৰণ হৈ উঠিব পাৰে। অৱশ্যে বিশেষজ্ঞসকলৰ মতে শিশুৰ এনেবোৰ আচৰণ তেনে অনিষ্টকাৰী নহয়। ইয়াৰ যোগেদি শিশুৱে প্ৰকৃতপক্ষে তেনে কোনো মৌলিকভাৱে অনিষ্টকাৰী আৰু সমাজৰ বিৰোধভাৱ প্ৰদৰ্শন নকৰে, বৰং ইয়াৰ সহায়েৰে সি আত্ম-উপলব্ধি আৰু আত্ম-সাধনাৰহে অজ্ঞাতে প্ৰচেষ্টা চলায়। ই এক সুস্থ ব্যক্তিত্বৰ সম্ভাৱনীয়তাৰহে ইংগিত দিব পাৰে। শিশুমনৰ বিবেচনাৰে শিক্ষক অথবা কোনো শক্তিশালী ব্যক্তিৰ প্ৰভাৱৰ পৰা নিজক মুক্ত কৰিবৰ বাবে তাৰ মনত সৃষ্টি হোৱা এক অন্তঃপ্ৰেৰণা অথবা মানসিক উত্তেজনাৰেই ই আত্ম-প্ৰকাশ মাথোন বুলিহে বিশেষজ্ঞসকলে বিবেচনা কৰে। এনে প্ৰকাশ বাধাপ্ৰাপ্ত হ’লে অথবা ইয়াৰ পৰিণতি শাস্তিমূলক আৰু দুখদায়ক হ’লে শিশুৰ অনিষ্ট সাধনৰ সম্ভাৱনাই থাকে অধিক। উল্লেখযোগ্য যে এই সময়ছোৱাত ল’ৰাৰ মাজত প্ৰতিদ্বন্দিতাৰ মনোভাৱেৰে কাজিয়া আৰু যুদ্ধ দিয়াৰ প্ৰবৃত্তি প্ৰায়ে দেখিবলৈ পোৱা যায়।

সামাজিক দৃষ্টিকোণৰ পৰা প্ৰাথমিক পৰ্যায়ত শিশুৰ বিপৰীত লিংগৰ প্ৰতি থকা মনোভাৱ আৰু আচৰণ মন কৰিবলগীয়া। ৫-৬ বছৰ বয়সত ল’ৰা আৰু ছোৱালীয়ে একেলগে খেলা-ধূলা কৰাৰ আপত্তি নকৰিলেও পাছলৈ সিহঁতৰ মনত লিংগ সচেতনতাৰ ভাব স্পষ্ট হৈ পৰে। এনে সচেতনতাৰ ভাব কিছু পৰিমাণে শিশুৱে ব্যক্তিগত অভিজ্ঞতাৰ যোগেদি আৰু কিছু পৰিমাণে বয়সস্থসকলৰ প্ৰভেদমূলক মনোভাৱ আৰু আচৰণৰ পৰা লাভ কৰি উঠে। প্ৰায় ৮ বছৰ বয়সৰ পৰা ল’ৰাই ল’ৰাৰ লগত আৰু ছোৱালীয়ে ছোৱালীৰ লগত খেলা-ধূলা কৰাৰ লগ বিচাৰে। সিহঁতৰ দেহ-মানসিক প্ৰস্তুতি, ক্ষমতা আৰু আগ্ৰহৰ পাৰ্থক্যই স্বাভাৱিকতে তেনে কৰাৰ প্ৰবৃত্তি জগাই তোলে। প্ৰথম অৱস্থাত বিপৰীত লিংগৰ প্ৰতি অনাসক্তি অথবা নিৰ্লিপ্ততাৰ ভাব প্ৰদৰ্শন কৰিলেও পাছলৈ এনে অৱস্থা নাথাকে। প্ৰায় ৯-১০ বছৰ বয়সৰ পৰা বিপৰীত লিংগৰ প্ৰতি ল’ৰা আৰু ছোৱালীৰ মনত বিৰোধ ভাবৰ সৃষ্টি হয়। পৰস্পৰে পৰস্পৰৰ দোষ বিচৰা, অভিযোগ কৰা, মন্তব্য দিয়া আদি কাৰ্যৰ যোগেদি মৌখিকভাৱে তেনে বিৰোধ ভাব ব্যক্ত কৰে। অৱশ্যে এই সময়ত পৰস্পৰৰ প্ৰতি যৌন আকৰ্ষণ অথবা যৌন সম্বন্ধীয় কৌতূহল প্ৰকট হৈ নুঠা বাবে সহশিক্ষাৰ ক্ষেত্ৰত তেনে কোনো অসুবিধাই দেখা নিদিয়ে।

বাল্যকালৰ দ্বিতীয়াৰ্ধত ল’ৰা-ছোৱালীৰ এক বিশেষ উল্লেখযোগ্য সামাজিক প্ৰবৃত্তি হৈছে দলীয় মনোবৃত্তি আৰু দলৰ প্ৰতি আনুগত্যৰ মনোভাৱ। দলীয় মনোভাৱ প্ৰাথমিক স্কুলৰ প্ৰথম অৱস্থাতো থাকে। অৱশ্যে এই সময়ত মনৰ মিল থকা কেৱল চাৰি-পাঁচটা ল’ৰা-ছোৱালীয়েহে খেলাৰ বাবে একোটা সৰু দল গঠন কৰে। এই দল অসংগঠিত আৰু ক্ষণস্থায়ী বিধৰ। কিন্তু ১০-১১ বছৰ বয়সত ল’ৰা-ছোৱালীৰ মনত সামাজিক প্ৰবৃত্তিৰ এক সুসংগঠিত মনোভাৱ গঢ়ি উঠে। কেৱল ঘৰুৱা পৰিৱেশৰ মাজত মাক-দেউতাকৰ আদৰ-যত্নই তাৰ সামজিক বিকাশৰ বাবে যথেষ্ট নহয়। কেৱল খেলা-ধূলাৰ বাবেই নহয়, নানাবিধ সামাজিক-অসামাজিক উদ্দেশ্য সাধনৰ বাবেও এই দলীয় মনোবৃত্তি প্ৰৱল হৈ উঠে। এই দল স্কুল আৰু গৃহ পৰিৱেশৰ পৰা আঁতৰত গঢ়ি তোলাৰ প্ৰৱণতা থকা দেখা যায়। ইয়াৰ দ্বাৰা ল’ৰা-ছোৱালীয়ে কোনো কৰ্তৃপক্ষ অথবা বয়সস্থসকলৰ প্ৰভাৱৰ পৰা আঁতৰত স্বাধীনভাৱে অথচ অনুশাসনৰ মনোভাৱেৰে নিজক পৰিচালনা কৰাৰ ইচ্ছা প্ৰকাশ কৰে। ইয়াৰ নিজস্বভাৱে নিৰ্ধাৰিত কেতবোৰ নীতি-নিয়ম থাকে, নিৰ্দিষ্ট সভ্য থাকে আৰু দল পৰিচালনাৰ বাবে নিৰ্বাচিত কাৰ্যকৰ্তা আৰু নেতা থাকে। প্ৰতিজন দলভুক্ত সভ্যই দলীয় নীতি আৰু নেতাৰ প্ৰতি স্বেচ্ছাকৃতভাৱে আনুগত্য প্ৰকাশ কৰে। দলীয় নীতি আৰু নেতাৰ প্ৰতি থকা আনুগত্য ভংগকাৰীক শাস্তি বিহা আৰু দলৰ পৰা বহিষ্কাৰো কৰা হয়।

ল’ৰা-ছোৱালীৰ এই সময়ত দেখা দিয়া দলীয় আনুগত্যৰ ভাব আৰু ইয়াৰ ক্ৰিয়া-আচৰণক সম্পূৰ্ণ অসামাজিক আৰু অনিষ্টকাৰী বুলিব নোৱাৰি। ব্যক্তিমনত পোন প্ৰথমবাৰৰ বাবে সৃষ্টি হোৱা সামাজিক আৰু সাংগঠনিক মনোভাৱ কাৰ্যকৰী কৰাত এই দলবোৰে সহায় কৰে। সমাজ গঠনৰ বাবে প্ৰয়োজন হোৱা অতি মূল্যৱান চৰ্তসমূহ, যেনে- অনুশাসন আৰু আনুগত্যৰ ভাব শিশুৱে ইয়াতেই প্ৰথমে নিজস্বভাৱে অনুভৱ কৰি উঠিব পাৰে। আজৰি সময়খিনি গঠনাত্মকভাৱে কোনো প্ৰিয় কামত লিপ্ত থকা, সক্ৰিয় খেলা-ধূলাৰ যোগে ব্যক্তিৰ সুপ্ত প্ৰতিভাই আত্মপ্ৰকাশৰ সুযোগ লাভ কৰা আৰু সামাজিকভাৱে নিজৰ অধিকাৰ আৰু দায়িত্বসমূহৰ প্ৰতি সচেতন হৈ উঠা আদি কাৰ্য ইয়াৰ যোগেদি সম্ভৱ হয়।

অৱশ্যে এইখিনিতে উল্লেখযোগ্য যে ল’ৰা-ছোৱালীৰ দলীয় আনুগত্যৰ প্ৰবৃত্তি তথা দলৰ ক্ৰিয়া-কলাপ সুস্থ আৰু অসুস্থ দুয়োবিধৰেই হ’ব পাৰে। ই ঘৰুৱা আৰু শিক্ষা পৰিৱেশৰ সুস্থ অসুস্থতাৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰে। যিবিলাক ল’ৰা-ছোৱালীয়ে গৃহ আৰু শিক্ষা পৰিৱেশত আৱেগিক নিৰাপত্তা অনুভৱ কৰিব পাৰে, বয়সস্থসকলৰ লগত সুস্থ সম্বন্ধ আৰু সমাযোজন স্থাপন কৰিব পাৰে তেওঁলোকে সংগঠিত দলৰ যোগেদি সুস্থ আৰু গঠনাত্মক ক্ৰিয়া কৰিব পাৰে। ইয়াৰ বিপৰীতে যিবিলাক গৃহ আৰু শিক্ষা পৰিৱেশত নিজকে অৱহেলিত, অপ্ৰত্যাশিত আৰু পৰিত্যক্ত অনুভৱ কৰে তথা অন্যান্য ল’ৰা-ছোৱালীয়ে লাভ কৰা সা-সুবিধা আৰু আদৰ-যত্নৰ পৰা বঞ্চিত হয় তেওঁলোকে দল গঠনৰ যোগে অপ্ৰিয় আৰু অসামাজিক ক্ৰিয়াত লিপ্ত হোৱা দেখা যায়। এনে এটা অৱস্থাই তেওঁলোকক পৰৱৰ্তী কালত অপৰাধ প্ৰৱণতালৈ ঠেলি দিয়ে।

শিশুৰ সামাজিক বিকাশত প্ৰভাৱ পেলোৱা দিশসমূহঃ

শিশুৰ সামাজিক বিকাশৰ দিশটোৰ পৰিধি যথেষ্ট ব্যাপকতৰ। ব্যক্তিৰ পূৰ্ণ ব্যক্তিত্ব গঢ়ি উঠাৰ লগত জড়িত সকলোবোৰ প্ৰভাৱেই ইয়াৰ অন্তৰ্ভুক্ত। সেয়ে হলেও এইক্ষেত্ৰত আমাৰ ধাৰণা অধিক স্পষ্ট কৰি তুলিবৰ বাবে ইয়াক ঘাইকৈ দুটা দিশত বিভক্ত কৰিব পাৰি, যেনে- (ক) শিশুৰ জন্মগত প্ৰকৃতি আৰু তাৰ চাৰিত্ৰিক উপাদানসমূহ, (খ) শিশু পৰিৱেশৰ বিশিষ্ট গুণসমূহ যি তাৰ সহজাত গুণ উপাদানসমূহ প্ৰভাৱিত কৰে। এই দুয়ো দিশৰ পাৰস্পৰিক প্ৰভাৱৰ সুস্থ সমন্বয়েই হৈছে ব্যক্তিত্ব। অৱশ্যে এই প্ৰসংগত ইয়াৰ তাত্ত্বিক দিশৰ আলোচনাৰ অৱতাৰণা নকৰি আমাৰ ব্যৱহাৰিক দিশৰ মন কৰিবলগীয়া কেতবোৰ কথাৰহে তলত আলোচনা কৰা হৈছে।

(১) ঘৰুৱা প্ৰভাৱঃ

ঘৰুৱা পৰিৱেশৰ প্ৰভাৱেই হৈছে ব্যক্তিৰ জীৱনত প্ৰথম আৰু প্ৰধান সামাজিক অভিজ্ঞতা। বৃহত্তৰ সমাজৰ বাবে প্ৰস্তুতকাৰী প্ৰাথমিক অভিজ্ঞতা আমি ঘৰতেই লাভ কৰো। আৱেগিক, সাংস্কৃতিক, শৈক্ষিক আৰু অৰ্থনৈতিক দিশৰ ভিন্নমুখী প্ৰভাৱৰ দ্বাৰা ই সমৃদ্ধ।

এটা পৰিয়ালৰ ভিন ভিন ব্যক্তি আৱেগিক সম্বন্ধৰ দ্বাৰা বান্ধ খোৱা। তেওঁলোকৰ মাজত বিভিন্ন পৰিস্থিতিত হোৱা ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ যোগেদি মনৰ ভাব, আৱেগ-অনুভূতি আদিৰ আদান-প্ৰদান হয়। শিশুৱে চালুকীয়া অৱস্থাৰে পৰা এই কাৰ্যত তাৰ সাধ্য অনুসাৰে অংশগ্ৰহণ কৰে, দৈহিকভাৱে প্ৰতিক্ৰিয়া কৰে আৰু তাৰ যোগেদি ক্ৰমে মনোভাৱ, মনোবৃত্তি, ভাৱবৃত্তি, চৰিত্ৰ আদি স্থায়ীভাৱে গঢ় দি তোলে। প্ৰতিটো পৰিয়ালৰেই ভিন্নমান আৰু গুণবিশিষ্ট একো একোটা আৱেগিক পৰিৱেশ থাকে আৰু এই পৰিৱেশে শিশুৰ আনুভূতিক জীৱন এক নিজস্ব ৰূপত গঢ় দি তোলে।

পৰিয়াল হৈছে বিভিন্ন মানৱ বংশ-গোষ্ঠীৰ একো একোটা ক্ষুদ্ৰ সংস্কৰণ। প্ৰতিটো মানৱ বংশৰ ধাৰাবাহিকভাৱে চলি অহা কৃষ্টি, সংস্কৃতি, সভ্যতা আদি পৰিয়ালৰ যোগেদি উত্তৰপুৰুষসকললৈ সঞ্চাৰিত হৈ আহিছে। গৃহ পৰিৱেশৰ এটি শিশুৰ ওপৰত সেইবাবে পৰিয়ালৰ সাংস্কৃতিক প্ৰভাৱ স্পষ্ট। পৰিয়ালৰ পৰিয়ালৰ লোকৰ মাজত কেতবোৰ ৰীতি-নীতি, আস্থা-নিষ্ঠা, বিশ্বাস আদি থাকে আৰু এইসমূহ লৈ তেওঁলোকৰ নিজ সাংস্কৃতিক জীৱনৰ বৈশিষ্ট্য ৰক্ষা কৰি চলিব লাগে। এইসমূহৰ কেতবোৰ সংকীৰ্ণ, অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত আৰু সংৰক্ষণশীল মনোভাৱৰ হয়। আন কেতবোৰ সংস্কাৰমুখী, গতিশীল আৰু পৰিৱৰ্তনশীল হয়। সংস্কৃতিৰ এই দুই সংৰক্ষণশীল আৰু সংস্কাৰমুখী মনোভাৱৰ প্ৰভাৱে শিশুক সেই সমাজৰ সামাজিক আচৰণসমূহৰ অনুৱৰ্তী কৰি তোলে।

শিশুৰ ওপৰত ঘৰুৱা পৰিৱেশৰ শিক্ষা আৰু অনুশাসনমূলক প্ৰভাৱ স্পষ্ট। এই সম্বন্ধে বিশেষজ্ঞসকলে কৰা অধ্যয়নৰ পৰা কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য জানিব পৰা হৈছে। মাক-দেউতাকৰ ভিন্নমুখী শিক্ষা আৰু অনুশাসনমূলক আচৰণে শিশুৰ আচৰণ আৰু ব্যক্তিত্ব কিদৰে গঢ় দি তুলিব পাৰে এই সম্বন্ধে আমেৰিকাৰ Fels Institute-ত বল্ডউইন আৰু দুজন সহযোগীয়ে এক আকৰ্ষণীয় অধ্যয়ন চলায়। এই অধ্যয়নৰ পৰা জানিব পৰা হয় যে অনুশাসনৰ ক্ষেত্ৰত অভিভাৱকৰ গণতান্ত্ৰিক নীতি আৰু জীৱনধাৰাৰ দ্বাৰা পৰিচালিত শিশুৰ ওপৰত কেতবোৰ সুস্থ প্ৰভাৱ পৰে। সম্পূৰ্ণ মুক্ত আৰু স্বাধীনভাৱে নিজ ক্ৰিয়া সম্পাদন কৰিব পৰা এই গণতান্ত্ৰিক নীতি পৰিচালিত শিশু স্বাভাৱিকতেই অধিক কৰ্মক্ষম, গঠনাত্মক, মৌলিকতাপূৰ্ণ, বৌদ্ধিকভাৱে কৌতূহলী মনৰ আৰু সামাজিকভাৱে সুস্থ সমাযোজিত হোৱাটো অধ্যয়নত পোৱা হয়। আনহাতে ব্যক্তি স্বাধীনতাৰ সম্পূৰ্ণ বিৰোধিতা কৰি প্ৰভুত্ব বা একনায়কত্ববাদ নীতিৰ দ্বাৰা অনুশাসন কৰা পৰিয়ালৰ শিশুৰ ব্যক্তিত্বত এনেবোৰ গুণৰ অভাৱ দেখা যায়। এনে শিশু অধিক দন্দুৱা স্বভাৱৰ, বিবেচনাহীন, প্ৰশংসা আৰু সমালোচনাৰ প্ৰতি অধিক সংবেদনশীল আৰু শ্ৰেণীৰ লগৰীয়াসকলৰ মাজত জনপ্ৰিয়তা লাভ কৰিব নোৱাৰা বিধৰ হৈ উঠাটো লক্ষ্য কৰা হয়।

পৰিয়ালৰ আৰ্থিক স্বচ্ছলতাৰ ওপৰতেই শিশুৰ আৱেগিক, সাংস্কৃতিক আৰু শিক্ষা সম্বন্ধীয় বিকাশসমূহ ঘাইকৈ নিৰ্ভৰ কৰে। বৰ্তমান সময়ত পৰিয়ালৰ আৰ্থিক মানদণ্ডই সামাজিক জীৱনৰ মানদণ্ড সাধাৰণভাৱে নিৰ্ণয় কৰে। শিশুৰ খোৱা-পিন্ধা, শিক্ষা লাভ কৰা, সামাজিক আচাৰ-ব্যৱহাৰ, নীতি-নিয়ম আয়ত্ব কৰা আদি বিষয় পৰিয়ালৰ আৰ্থিক অৱস্থাই বিশেষভাৱে নিয়ন্ত্ৰণ কৰে। আৰ্থিক অৱস্থাই আমাৰ শিক্ষা আৰু শিক্ষাই আমাৰ সামাজিক প্ৰতিক্ৰিয়া আৰু আচৰণ উন্নত কৰি তুলিব পাৰে।

(২) যৌন-পাৰ্থক্যৰ প্ৰভাৱঃ

পুৰণি কালত আমাৰ সমাজ পুৰুষপ্ৰধান অথবা পুৰুষৰ দ্বাৰা প্ৰভাৱিত হোৱা বাবে নাৰী-পুৰুষৰ ক্ৰিয়া-আচৰণৰ মাজত সামাজিক দৃষ্টিকোণৰ পৰা স্পষ্টভাৱে এক সীমাৰেখা টনা হৈছিল। অৱশ্যে সেই অৱস্থাৰ যথেষ্ট সলনি হৈছে। বৰ্তমান নাৰীসকলে বিভিন্ন ক্ৰিয়া-আচৰণৰ বেলিকা পুৰুষৰ সমানেই সুবিধা আৰু অধিকাৰ লাভ কৰিছে। কিন্তু নাৰীসকলৰ এই অধিকাৰ স্বীকাৰ কৰিও ক’ব পাৰি যে বৰ্তমানেও দৈহিক আৰু সাংস্কৃতিক দৃষ্টিকোণৰ পৰা আমি পুৰুষ আৰু নাৰীৰ অস্তিত্ব পৃথকভাৱে বিবেচনা কৰো আৰু তেওঁলোকৰ ক্ৰিয়া-আচৰণ আৰু কৰ্মক্ষেত্ৰতৰ মাজত ব্যৱধান বিচাৰ কৰো। ৰক্ষণশীল মনৰ মানুহ আৰু সমাজৰ বেলিকা এনে ব্যৱধান বিচাৰ কৰণৰ ক্ষেত্ৰত মাত্ৰাধিক্য ঘটাও স্বাভাৱিক।

সি যি কি নহওক, লিংগ পাৰ্থক্যৰ ধাৰণা আৰু ইয়াৰ ভিত্তিত শিশুৰ সামাজিক আচৰণ পৃথকভাৱে গঢ় দি তোলা কাৰ্য ঘৰুৱা পৰিৱেশতেই আৰম্ভ হয়। ল’ৰা আৰু ছোৱালীক পৃথক মনোভাৱ আৰু আচৰণেৰে গঢ়ি তোলাটো আমাৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰে আদৰ্শ স্বৰূপ। খেলা-ধূলা, সাজ-পোচাক, ক্ৰিয়া-নিৰ্দেশনা, আনকি শিক্ষাদানৰ বেলিকাও ল’ৰা-ছোৱালীক মাক-দেউতাকে পৃথকভাৱে গণ্য কৰি আদৰ্শ পুৰুষ আৰু নাৰী চৰিত্ৰ গঠনৰ চেষ্টা কৰে। খেলিবৰ বাবে লৰাক বল, বেট, ওমলা বন্দুক, পিষ্টল, পুতলা, গাড়ী, এৰোপ্লেন, চাইকেল, কাঠৰ ঘোঁৰা, চিলা আদি দিয়া হয়। ছোৱালীক দিয়া হয় নানা আকাৰৰ শিশু-পুতলা, পুতলা ঘৰ, পুতলা বাটি, কাঁহি, ৰন্ধন সঁজুলি আৰু ঘৰুৱা ব্যৱহাৰ্য সামগ্ৰী আদি। ফলস্বৰূপে স্বাভাৱিকতে ল’ৰাৰ ক্ৰীড়াক্ষেত্ৰ ঘৰৰ বাহিৰলৈ সম্প্ৰসাৰিত কৰা হয় আৰু ছোৱালীৰ ক্ৰীড়াক্ষেত্ৰ ঘৰৰ ভিতৰতেই আৱদ্ধ কৰি ৰখা হয়। ইয়াৰ অনুৰূপ প্ৰভাৱে ল’ৰা-ছোৱালীৰ মনোবৃত্তি ভিন্নমুখী কৰি তোলে। খেলা-ধূলা, পিন্ধা-উৰা আৰু কাম-বনৰ বেলিকা মাক-দেউতাকে ল’ৰা-ছোৱালীক যি পুৰুষসুলভ আৰু নাৰীসুলভ কৰি গঢ়ি তোলাৰ চেষ্টা কৰে সি পাছলৈ এক সচেতন ৰূপত ভিন্নমুখী সামাজিক আচৰণৰ ৰূপ ধাৰণ কৰে। ইয়াৰ উপৰি অনুকৰণশীল শিশুৱে ঘৰুৱা পৰিৱেশত মাক আৰু দেউতাকৰ লিংগভিত্তিক ক্ৰিয়া-আচৰণ অনুকৰণ কৰি আৰু তেওঁলোকৰ বৈবাহিক জীৱনৰ পাৰস্পৰিক সম্বন্ধ লক্ষ্য কৰি লিংগ সচেতনতা লাভ কৰি উঠিব পাৰে। এই প্ৰসংগত উল্লেখযোগ্য যে বিশেষজ্ঞসকলৰ অধ্যয়নৰ মতে ল’ৰাতকৈ ছোৱালীয়ে অধিক লিংগ সচেতনতা লাভ কৰি উঠিব পাৰে।

(৩) খেলা-ধূলাৰ প্ৰভাৱঃ

শিশুৰ ওপৰত পৰা খেলাৰ সামাজিক প্ৰভাৱৰ প্ৰতি বৰ্তমান শিক্ষক-অভিভাৱকসকল অধিক সচেতন। খেলাক শিশু-শিক্ষাৰ এক অতি সাৰ্থক উপায় বা অৱলম্বন স্বৰূপে প্ৰয়োগ কৰা হয়। ই শিশুক আত্ম-প্ৰকাশৰ সুবিধা দিয়ে। শিশুৰ মনত পৰিৱেশৰ ভিন ভিন উদ্দীপকে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আৱেগ-অনুভূতি আদি জগাই তোলে। ইয়াৰ বাহ্যিক আচৰণৰ যোগে প্ৰকাশ লাভৰ উপায় হৈছে খেলা। খেলাই শিশুৰ ব্যক্তিমনৰ আৱেগ-অনুভূতিবোৰ এক সামাজিক ৰূপত সুখদায়কভাৱে প্ৰকাশৰ সুবিধা দিয়ে। হাঁহি-ধেমালি, ৰং-আনন্দ, আনৰ লগত ক্ৰিয়াৰ সহযোগিতা, সুখ-দুখ, গৌৰৱ, সন্মান তথা মান-অপমান আদিৰ আনুভূতিক অভিজ্ঞতাই ব্যক্তিকেন্দ্ৰিক মনৰ শিশুক স্বাভাৱিকতেই সমাজমুখী কৰি তুলিব পাৰে। তাৰ ফলস্বৰূপে শিশুৱে নিজৰ অস্তিত্ব আৰু ক্ষমতা আদিও সমাজ তথা দলৰ মাজেদিহে উপলব্ধি কৰি উঠিব পাৰে।

শিশুমন স্বাভাৱিকতেই কল্পনাপ্ৰিয়। বাস্তৱ জগতৰ সকলো ক্ৰিয়া-অভিজ্ঞতাকেই সি নিজ কল্পনাৰ ৰহন সানি আমোদজনক আৰু উপভোগ্য কৰি তোলে। নহ’লে বাস্তৱতা যে তাৰ বাবে নিৰস অনাকৰ্ষণীয়। শিশুৰ খেলা কাল্পনিক আনন্দৰ ক্ৰিয়া মাথোন। শিশুমনৰ কল্পনা আৰু এই সম্বন্ধীয় ৰোমাঞ্চকৰ অভিজ্ঞতাবোৰে খেলাৰ যোগেদি আত্ম-প্ৰকাশ কৰে। এনে কল্পনাপ্ৰসূত খেলাই শিশুক দিয়ে আনন্দ আৰু উৎসাহ-উদ্দীপনা জড়িত এক স্বতঃস্ফূৰ্ত প্ৰকাশৰ তৃপ্তি। শিশুৰ খোৱা-পিন্ধা, গা-ধোৱা, শুৱা আদি দৈনন্দিন জীৱনৰ কাম-কাজবোৰ নিয়মিতভাৱে কৰাবৰ বাবেও মাক আৰু শিশু যতনকাৰীসকলে কেতবোৰ কাল্পনিক আনন্দ দিয়া খেলাৰ পৰিস্থিতিৰ অৱতাৰণা কৰিব লাগে। শিশুৰ সমূহীয়া গীত-মাত, নৃত্য-নাটিকা, আবৃত্তি আদিতো ইয়াৰ বৈশিষ্ট্য ভালদৰে প্ৰতিফলিত হৈ উঠে। দলগত নানাবিধ খেলা-ধূলাতো কাল্পনিক আনন্দৰ যোগে পোৱা এনে তৃপ্তি পৰিলক্ষিত হয়। সেইবাবে ক’ব পাৰি যে খেলা-ধূলাই শিশু-কল্পনাক স্বতঃস্ফূৰ্ত আনন্দৰ মাজেদি সুস্থ গঠণাত্মক আৰু সমাজৰ গ্ৰহণযোগ্য পথেদি বিকশাই তোলাৰ সুবিধা দান কৰে।

শিশুৰ গতি শক্তি আৰু অংগ-সঞ্চালন ক্ষমতাই বিকশাই তোলাত আৰু তাক সমাজৰ গঠনাত্মক আৰু সৃজনাত্মক ক্ৰিয়া-আচৰণৰ ৰূপ দান কৰাত খেলা-ধূলাৰ প্ৰভাৱ স্পষ্ট। খেলাই শিশুৰ অংগ-সঞ্চালন ক্ষমতা বৃদ্ধি কৰে, শৰীৰৰ অংগ-প্ৰত্যংগবোৰৰ স্নায়ুসমূহ কঠিন আৰু কৌশলযুক্ত ক্ৰিয়াৰ বাবে সক্ষম কৰি তুলিব পাৰে। ইয়াৰ উপৰি আমাৰ দৈনন্দিন জীৱনত কৰিব লগা দৈহিক ক্ৰিয়াৰ বাবে কেতবোৰ প্ৰয়োজনীয় অভ্যাস গঠন কৰে। খোজ কঢ়া, দৌৰা, জপিওৱা, দলিওৱা, বগোৱা, সাঁতোৰা, চাইকেল চলোৱা আদি ক্ৰিয়াৰ অভ্যাস খেলা-ধূলাৰেই পৰিণতি মাথোন। সেইবাবে ক’ব পাৰি যে সামাজিক জীৱনত প্ৰয়োজন হোৱা দৈহিক যোগ্যতা আৰু কৌশলযুক্ত ক্ৰিয়া-আচৰণৰ অভিজ্ঞতা আহৰণ কৰাত শৈশৱৰ খেলা-ধূলাৰ এক বিশেষ প্ৰভাৱ থাকে।

খেলাই শিশুৰ সামাজিক জীৱনত প্ৰয়োজন হোৱা কেতবোৰ নৈতিক আদৰ্শজড়িত আচৰণ গঢ় দি তোলাটো সহায় কৰে। খেলা-ধূলাৰ বিভিন্ন পৰিস্থিতিয়ে শিশুক ধৈৰ্য আৰু সহনশীল, কষ্টসহিষ্ণু, নিয়মানুৱৰ্তী আৰু সময়ানুৱৰ্তী হ’বলৈ শিকায়। অধিনায়কৰ প্ৰতি আনুগত্য আৰু অনুশাসনৰ ভাব, কৃতকাৰ্যতা আৰু অকৃতকাৰ্যতাক সহজভাৱে ল’ব পৰা মনোবল আৰু ন্যায় আৰু অন্যায়ৰ প্ৰতি সজাগ আৰু সংবেদন হোৱাৰ মানসিক প্ৰস্তুতি আদি খেলাৰ যোগেদিহে শিশুৱে লাভ কৰিব পাৰে। খেলাই প্ৰকৃতপক্ষে সমাজৰ অতি প্ৰয়োজনীয় মানৱীয় অনুভূতিসমূহ শিশুমনত অজানিতে জগাই তুলিব পাৰে, যি গতানুগতিকভাৱে দিয়া সচেতন শিক্ষা ব্যৱস্থাৰ দ্বাৰা সম্ভৱ হৈ উঠিব নোৱাৰে।

খেলা-ধূলাক শিশুৰ ভৱিষ্যৎ সামাজিক জীৱনৰ প্ৰস্তুতি বুলি শিক্ষাবিদসকলে ক’বলৈ বিচাৰে। আজিৰ শিশু সময়ত সমাজৰ এক দায়িত্বশীল আৰু অভিজ্ঞ ব্যক্তি স্বৰূপে নিজকে প্ৰস্তুত কৰি তুলিব লাগিব। শৈশৱৰ খেলা-ধূলা হৈছে এনে সামাজিক প্ৰস্তুতিৰ এক আখৰা মাথোন। শিশুৱে পুতলা ওমলায়, কইনা-দৰা খেলে, বালিঘৰ সাজে যাতে প্ৰাপ্তবয়স্ক কালত তাৰ অভিজ্ঞতাখিনি সহায়ক হৈ উঠিব পাৰে। শৈশৱৰ খেলা-ধূলাবোৰৰ এনে ভৱিষ্যৎ কাৰ্যকাৰিতা সম্বন্ধে শিশু স্বাভাৱিকতে সচেতন নহ’লেও এইবোৰৰ এক অন্তৰ্নিহিত সামাজিক উদ্দেশ্য থকাটো সমূলি অস্বীকাৰ কৰিব নোৱাৰি। চুইডেনৰ এজন বিশেষজ্ঞ কাৰ্ল গ্ৰুছৰ মতে শিশুৱে খেলাৰ যোগেদি ভৱিষ্যৎ জীৱনৰ প্ৰস্তুতি সাধন কৰ। শিশুৰ ওপৰত খেলা-ধূলাৰ সামাজিক প্ৰভাৱ সেয়েহে ব্যাপক আৰু সুদূৰপ্ৰসাৰী বিধৰ হয়।

(৪) বৌদ্ধিক ক্ষমতাৰ প্ৰভাৱঃ

শিশুৰ সামাজিক বিকাশৰ দ্ৰুততা আৰু ইয়াৰ গভীৰতা বহু পৰিমাণে তাৰ বৌদ্ধিক ক্ষমতা অথবা বুদ্ধ্যংকৰ ওপৰত। এই বৌদ্ধিক ক্ষমতা হৈছে মূলতঃ ব্যক্তিৰ এক সহজাত গুণ, যি সকলোৰে বাবে সমানে লাভ কৰাৰ সৌভাগ্য নঘটে। এই বৌদ্ধিক প্ৰখৰতা লাভ কৰা শিশুৰ সামাজিক প্ৰতিক্ৰিয়া হয় স্বাভাৱিকতেই উন্নত পৰ্যায়ৰ। এনে শিশুৱে সমাজৰ পৰিস্থিতিত সুস্থ সমাযোজন আৰু সমস্যা সমাধান কৰিব পাৰে। শিক্ষা অভিজ্ঞতাও সহজে আয়ত্ব কৰি নিজ জ্ঞান- ধাৰণাৰ দ্ৰুত বিকাশ সাধন কৰিব পাৰে। বুদ্ধিহীন অথবা বৌদ্ধিক ক্ষমতাত নিম্নমানৰ শিশুৰ বাবে এনেবোৰ কথা সহজসাধ্য হৈ উঠিব নোৱাৰে। বিশেষজ্ঞসকলে শিশুৰ বৌদ্ধিক মান আৰু সামাজিক পৈণতা লাভৰ ক্ষেত্ৰত উচ্চমানৰ সম্বন্ধ থকা দেখিবলৈ পায়। এই কথাও লক্ষ্য কৰা হয় যে যিবিলাক শিশুৰ বৌদ্ধিক মান উচ্চ পৰ্যায়ৰ তেওঁলোক বয়সতকৈ ডাঙৰ ল’ৰা-ছোৱালীৰ লগতহে খেলা-ধূলা কৰিবলৈ বিচাৰে। কাৰণ এনে শিশুৱে দ্ৰুত বৌদ্ধিক অগ্ৰগতি লাভ কৰা বাবে সমবয়সৰ শিশুৰ ক্ৰিয়া-অনুভূতিবোৰ অনাকৰ্ষণীয় হৈ পৰে। নিজৰ বুদ্ধি-বৃত্তিৰ উপযুক্ত প্ৰকাশ আৰু প্ৰয়োগৰ বাবে উচ্চ পৰ্যায়ৰ ল’ৰা-ছোৱালীৰ লগ বিচাৰে। সময়ত এনে শিশুৱে নিজৰ উন্নত বুদ্ধি-বৃত্তিৰে দলৰ নেতৃত্ব গ্ৰহণ কৰাও দেখা যায়।

সামাজিক বিকাশৰ কেইটামান দিশঃ

বন্ধুত্বঃ

সামাজিক জীৱ স্বৰূপে মানুহৰ সামাজিক সম্বন্ধৰ এটা অতি আকৰ্ষণীয় দিশ হৈছে বন্ধুত্ব।সমাজপ্ৰিয় মানুহৰ সামাজিকতাৰ স্বৰূপ এই বন্ধুত্বৰ যোগেদি অধ্যয়ন কৰিব পাৰি। অৱশ্যে সাধাৰণভাৱে মানুহৰ বন্ধুত্বৰ বিষয়ে আলোচনাৰ পৰিৱৰ্তে শিশুৰ বন্ধুত্বৰ ওপৰতহে আমাৰ এই আলোচনা সীমিত কৰি ৰখা হৈছে। সেয়ে হ’লেও এইখিনিতে উল্লেখযোগ্য যে বন্ধুত্বৰ প্ৰসংগত শিশুৰ ক্ষেত্ৰত যিবোৰ বৈশিষ্ট্য পৰিলক্ষিত হয় বয়সস্থসকলৰ বন্ধুত্বৰ বেলিকাও এইসমূহ সাধাৰণভাৱে প্ৰযোজ্য। বন্ধুত্বৰ দুজন ব্যক্তিৰ মাজত পাৰস্পৰিকভাৱে সুখ আৰু আনন্দৰ অনুভূতি প্ৰদান কৰা এক সামাজিক সম্বন্ধ স্বৰূপে বৰ্ণনা কৰিব পাৰি। অৱশ্যে সাধাৰণভাৱে বন্ধুত্বৰ এই সংজ্ঞা দাঙি ধৰিলেও ব্যক্তি আৰু অৱস্থাবিশেষে ইয়াৰ বিভিন্ন ৰং-ৰূপ আদিৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। বন্ধুত্ব দীৰ্ঘস্থায়ী অথবা ক্ষন্তেকীয়া হ’ব পাৰে। আকৌ নিজ স্বাৰ্থ পূৰণৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীলতাৰ ভিত্তিত অথবা সামাজিকভাৱে সহ জীৱন-যাপনৰ প্ৰয়োজনীয়তাৰ ভিত্তিতো স্থাপিত হ’ব পাৰে। সেইবাবে বিশেষজ্ঞসকলৰ মতে বন্ধুত্ব হৈছে এক অতিশয় অস্পষ্ট সামাজিক ধাৰণা।

বন্ধুত্বৰ কাৰণঃ

শিশুৰ বন্ধুত্বৰ ক্ষেত্ৰত তাৰ বিকাশৰ বিভিন্ন পৰ্যায়ত ইয়াৰ ভিন ভিন অৱস্থা দেখিবলৈ পোৱা যায়। দুবছৰ বয়সলৈকে তাৰ মনত বন্ধুত্বৰ ভাব আৰু আচৰণ দেখিবলৈ পোৱা নাযায়। এইখিনি সময়লৈকে শিশুৱে আনৰ লগ বিচাৰিলেও বন্ধুত্ব নিবিচাৰে। প্ৰায় তিনি আৰু চাৰি বছৰ বয়সৰ ভিতৰতহে দুটা শিশুৰ মাজত পাৰস্পৰিকভাৱে আসক্তি আৰু ক্ৰমে আনুভূতিক সম্বন্ধ গঢ়ি উঠে যাক বন্ধুত্বৰ এক প্ৰাৰম্ভিক অৱস্থা বুলিব পাৰি। এনে বন্ধুত্ব হয় শিশুৰ দৈহিক প্ৰয়োজনভিত্তিক, পৰিস্থিতি সাপেক্ষ আৰু সেয়ে ক্ষণস্থায়ী বিধৰ। ওচৰ-চুবুৰীয়া পৰিয়ালত সমবয়সৰ শিশু থাকিলে, তেওঁলোকৰ ঘৰত খেলা-ধূলাৰ সা-সঁজুলি আৰু সুবিধা থাকিলে, বয়সস্থসকলৰ পৰা মৰম-আদৰ আৰু খোৱা বস্তু আদি লাভ কৰিলে দুটা শিশুৰ মাজত সংস্পৰ্শ লাভ হয় আৰু ইয়াৰ ফলস্বৰূপে দুয়োৰে মাজত ক্ৰমে আসক্তি আৰু বন্ধুত্বৰ ভাব গঢ়ি উঠে। এই বন্ধুত্বৰ বেলিকা লিংগ সচেতনতাৰ ভাব দেখা নাযায়, অৱশ্যে এনে বন্ধুত্বৰ ম্যাদ নিচেই কম। উল্লেখিত অৱস্থাৰ কিছু সলনি বা ব্যতিক্ৰম হ’লেই বন্ধুত্ব ভাগি পৰিব পাৰে। অথবা দুয়োটা শিশুৱেই অধিক সংবেদনশীল হৈ উঠি এটাই আনটোৰ ওপৰত প্ৰভাৱ বিস্তাৰৰ চেষ্টা কৰিলে কাজিয়াৰ সৃষ্টি হয় আৰু বন্ধুত্ব ভাগি পৰে। অৱশ্যে এনেবোৰ প্ৰতিকূল অৱস্থাৰ পৰা ৰক্ষা পাব পাৰিলে এই সময়ৰ শিশুৰ বন্ধুত্ব কেইবা বছৰৰ বাবেও স্থায়ী হোৱাৰ সম্ভাৱনা নোহোৱা নহয়। উল্লেখযোগ্য যে দুটা শিশুৰ মাজৰ এনে স্থায়ী বন্ধুত্বৰ প্ৰভাৱ শিশুৰ বাবে ক্ষতিকাৰক হৈ উঠিবও পাৰে। কাৰণ এনে শিশুৱে নিজ বন্ধুৰ বাহিৰে আন ল’ৰা-ছোৱালীৰ লগত স্বাভাৱিক হ’ব নোৱাৰে। সেইবাবে শিশুৱে আন আন শিশুৰ লগত সুস্থ সম্বন্ধ স্থাপন আৰু আশানুৰূপ সামাজিক আচৰণৰ বিকাশ সাধন কৰাৰ দিশত এনে বন্ধুত্ব বিশেষ উৎসাহজনক নহয়। সৌভাগ্যক্ৰমে তিনি-চাৰি বছৰীয়া শিশুৰ বন্ধুত্ব হয় স্বাভাৱিকতেই পৰিস্থিতি সাপেক্ষ আৰু ক্ষণস্থায়ী।

প্ৰাথমিক স্কুলৰ শিক্ষা আৰু খেলা-ধূলাৰ পৰিৱেশে স্বাভাৱিকতেই শিশুৰ বন্ধুত্ব স্থাপনৰ অধিক সুবিধা দান কৰে। একেলগে স্কুললৈ অহা-যোৱা কৰা, শ্ৰেণীত বহা-মেলা কৰা, পাঠগ্ৰহণৰ ক্ৰিয়া-কলাপত সহযোগিতাৰে অংশগ্ৰহণ কৰা, শ্ৰেণীৰ বাহিৰত খেলা-ধূলা কৰা, খোৱা-বোৱা কৰা আদি কাৰ্যই দুটা বা ততোধিক শিশুৰ মাজত দৈহিক আৰু মানসিকভাৱে সান্নিধ্য লাভৰ প্ৰচুৰ সুবিধা দিয়ে। সেইবাবে প্ৰাথমিক স্কুলত ভৰ্তি হোৱাৰ লগে লগে শিশুৰ বন্ধুত্বৰ পৰিসৰ স্বাভাৱিকতেই বৃদ্ধি পায়। অৱশ্যে এই সময়ৰ বন্ধুত্বও স্থায়িত্বহীন আৰু প্ৰাসংগিক বিধৰহে হয়। মন কৰিবলগীয়া যে স্কুলৰ চাৰিসীমাৰ মাজত গঢ়ি উঠা এনে পৰিস্থিতি সাপেক্ষ আৰু প্ৰয়োজনভিত্তিক বন্ধুত্ব স্কুলৰ বাহিৰত থকা বিভিন্ন সামাজিক পৰিৱেশত ৰক্ষা নপৰিবও পাৰে।

বিশেষজ্ঞসকলৰ অধ্যয়নৰ পৰা পোৱা হৈছে যে বয়স অতিবাহিত হৈ অহাৰ লগে লগে বন্ধুত্বৰ স্থায়িত্ব ক্ৰমে বাঢ়িবলৈ ধৰে। প্ৰাথমিক পৰ্যায়ৰ দ্বিতীয়াৰ্ধত আৰু প্ৰাক্-কৈশোৰ কালত ল’ৰা আৰু ছোৱালীৰ মাজৰ বন্ধুত্ব অধিক স্থায়ী হয়। এই সময়ত বন্ধুত্ব ভঙা-পতাৰ মাত্ৰা কমি আহে আৰু এনে বন্ধুত্ব সমলিংগৰ ল’ৰা আৰু ছোৱালীৰ মাজতহে আৱদ্ধ থাকে। এইক্ষেত্ৰতো আকৌ লক্ষ্য কৰা হৈছে যে ল’ৰাৰ মাজৰ বন্ধুত্বতকৈ ছোৱালীৰ মাজৰ বন্ধুত্ব হয় অধিক স্থায়ী আৰু নিষ্ঠাভাজন। বয়স বাঢ়ি অহাৰ লগে লগে ল’ৰা-ছোৱালীয়ে আনৰ প্ৰয়োজন আদিৰ প্ৰতিও সচেতন হৈ উঠে। ফলত নিজ প্ৰতিক্ৰিয়া আৰু সমাযোজন প্ৰক্ৰিয়া ক্ৰমে সমাজমুখী হৈ আহিবলৈ ধৰে। সেয়েহে ক’ব পাৰি যে বয়সৰ অগ্ৰগতিয়ে শিশুক অধিক সমাজ-সচেতন আৰু বন্ধুত্ব-সচেতন কৰি তোলে। এনে সচেতনতাই ব্যক্তিৰ সামাজিক পৈণতা প্ৰাপ্তিৰ পথত অগ্ৰসৰ হোৱাৰো ইংগিত দিয়ে।

বয়সৰ উপৰিও আন কেতবোৰ দিশ শিশুৰ বন্ধুত্ব স্থাপনৰ লগত জড়িত। শিশুৰ মাজত একে শৈক্ষিক আৰু বৌদ্ধিক মানবিশিষ্ট, আগ্ৰহ-অভিৰুচি আদিৰ সাদৃশ্য আৰু পৰিয়ালৰ সামাজিক আৰু আৰ্থিক মানদণ্ড আদি বন্ধুত্বৰ কেতবোৰ কাৰণ স্বৰূপে দেখুৱাব পাৰি। একে মানদণ্ডৰ বিদ্যা-বুদ্ধি থকা দুটা শিশুৱে সমানে আৰু পৰস্পৰৰ সুবিধাজনকভাৱে নিজৰ ভাব-চিন্তা আদিৰ আদান-প্ৰদান কৰিব পাৰে। সমানে বৌদ্ধিক যোগ্যতাৰ হেতুকে পাঠ গ্ৰহণ কালত পাৰস্পৰিকভাৱে সমস্যা সমাধানৰ বেলিকা ক্ৰিয়াৰ সহযোগিতা কৰিব পাৰে। খেলা-ধূলাৰ বেলিকাও দুটা শিশুৰ মাজত সহযোগিতা স্থাপনৰ বাবে একে ধৰণৰ আগ্ৰহ-অভিৰুচিৰ প্ৰয়োজন হয়। সম-পৰ্যায়ৰ ক্ৰিয়াপটুতা থাকিলেহে পাৰস্পৰিকভাৱে সহায়-সহযোগ কৰাটো সম্ভৱপৰ। অধ্যয়নৰ যোগেদি পোৱা হৈছে যে বন্ধুত্ব গঢ়ি উঠাৰ ক্ষেত্ৰত ব্যক্তিত্বৰ সংলক্ষণ বা গুণসমূহৰ মাজতো সাদৃশ্য থাকে। অন্তৰ্মুখী আৰু বহিৰ্মুখী পৰস্পৰ বিপৰীত সংলক্ষণযুক্ত ব্যক্তিৰ মাজত সচৰাচৰ বন্ধুত্ব গঢ়ি উঠাৰ অসুবিধা।

পাৰস্পৰিক জীৱনৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক অৱস্থাই শিশুৰ বন্ধুত্ব স্থাপনৰ প্ৰসংগত অনুকূল-প্ৰতিকূল প্ৰভাৱ পেলাব পাৰে। সাধাৰণতে দুটা একে মানদণ্ডৰ পৰিয়ালৰ লোকৰ মাজত বুজা-পৰা, সান্নিধ্য আৰু সৌহাৰ্দ্যপূৰ্ণ অৱস্থাৰ সৃষ্টি হয়। শিশুৱে তেওঁলোকৰ মাজৰ যোগাযোগ আৰু সহযোগিতামূলক ক্ৰিয়াত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। আনকি দেখা যায় যে বহু সময়ত এনে দুটা পৰিয়ালৰ মাজত শিশুৱেহে প্ৰথমে অহা-যোৱা আৰম্ভ কৰি বয়সস্থসকলৰ মাজতো যোগাযোগ স্থাপনৰ পথ মুকলি কৰি তোলে। এটা পৰিয়ালৰ শিশুৱে আন এটা পৰিয়ালৰ লোকৰ মাজলৈ গৈ মৰম-চেনেহ, আদৰ-সাদৰ আৰু সদিচ্ছা লাভ কৰে। পাছলৈ এই দুয়োটা পৰিয়ালৰে বয়সস্থসকলৰ প্ৰতিও সম্প্ৰসাৰিত হৈ উঠে। অৱশ্যে এইখিনিতে উল্লেখযোগ্য যে কোনো কোনো আভিজাত্য-সচেতন পৰিয়ালৰ লোকে তেওঁলোকৰ শিশুক নিম্ন মানদণ্ড স্বৰূপে বিবেচিত পৰিয়ালৰ শিশুৰ লগত মিলা-মিচা আৰু বন্ধুত্ব স্থাপন হোৱাটো নিবিচাৰে। ইয়াৰ সপক্ষে বিভিন্ন যুক্তি দৰ্শাব পাৰি যদিও ইয়াৰ অসুস্থ প্ৰভাৱ শিশুৰ ওপৰত নপৰাকৈ নাথাকে। এনে পৰিয়ালৰ শিশুৱে আভিজাত্য ৰক্ষা কৰিবলৈ গৈ এক প্ৰকাৰ নিয়ন্ত্ৰিত আৰু প্ৰয়োজনতকৈ অধিক সচেতন জীৱন-যাপন কৰিব লগা হয়। ফলত সি উচ্চাত্মিকা মনোভাৱ গঢ় দি তুলি সংগহীন আৰু বন্ধুহীন হৈ পৰিব লগা হয়। এনে অৱস্থা শিশুৰ সামাজিক পৈণতা লাভৰ পথত বিশেষ প্ৰতিবন্ধকতা স্বৰূপ বুলিব পাৰি।

ওপৰত কৰা আলোচনাৰ পৰা এই কথা স্পষ্ট হৈ পৰে যে বন্ধুত্ব হৈছে এক সামাজিক গুণবিশেষ যি শিশুৰ সামাজিক বিকাশ আৰু পৈণতা লাভৰ বাবে অতি প্ৰয়োজন। সামাজিক পাৰস্পৰিকতা ব্যক্তিৰ সামাজিক বিকাশৰ এক প্ৰধান চৰ্ত। ইয়াক পূৰণ কৰিব পাৰি বন্ধুত্ব স্থাপনৰ যোগেদি। বিশেষজ্ঞসকলে মত দিয়ে যে শিশুৰ সৰ্বোৎকৃষ্ট সামাজিক বিকাশ নিৰ্ভৰ কৰে উপযুক্তজনৰ লগত বন্ধুত্ব স্থাপনৰ যোগেদি সামাজিক সম্বন্ধ ৰক্ষা কৰিব পৰা ক্ষমতাৰ ওপৰত। সকলো শিশুৰেই এনে বন্ধুত্ব স্থাপনৰ ক্ষমতা সমানে নাথাকে আৰু উপযুক্তজনৰ লগত বন্ধুত্ব স্থাপন কৰাৰ কৌশলো নাজানে। আনহাতে কোৱা হয় যে Man is known by the company he keeps. এজন লোকে আন লোকৰ লগত কৰা বন্ধুত্ব স্থাপনৰ যোগেদিয়ে তেওঁৰ স্বভাৱ-চৰিত্ৰ ফুটি উঠে। ইয়াৰ সহজ অৰ্থ এয়ে যে সৎ জনৰ সংগ আৰু বন্ধু লাভ কৰি অসৎ জনৰ সংগ ত্যাগ কৰিব জানিলেহে ব্যক্তিৰ আদৰ্শ, সামাজিক বিকাশ সম্ভৱ হৈ উঠিব পাৰে।

বন্ধুত্বৰ শিক্ষাঃ

শিশুৱে উপযুক্তভাৱে বন্ধুত্ব স্থাপনৰ ক্ষমতা লাভ কৰি উঠিবৰ বাবে প্ৰয়োজনীয় শিক্ষা দিয়াটো সম্ভৱপৰ। অসামাজিক শিশু অথবা বয়সৰ অনুপাতে সামাজিক বিকাশ আৰু পৈণতা লাভ কৰি উঠিব নোৱাৰা শিশুক সহায় কৰিবৰ বাবে শিক্ষাৰ প্ৰয়োজন। ইয়াৰ এটা অতি সহজ আৰু স্বাভাৱিক উপায় হৈছে খেলা। ব্যক্তিকেন্দ্ৰিক শিশুক সামাজিক কৰি তোলাত ইয়াৰ এক বিশেষ প্ৰভাৱ থকা বাবেই আধুনিক শিশু শিক্ষাত খেলাক সৰ্বাধিক গুৰুত্ব দিয়া হয়। এই সম্বন্ধে ইতিপূৰ্বে আলোচনা কৰি অহা হৈছে। উল্লেখযোগ্য যে শিশুমনৰ বন্ধু-বিদ্বেষ ভাব, অসামাজিকতা অথবা সামাজিকভাৱে শিশু অপৰিপক্ক হৈ থকাৰ প্ৰধান কাৰণ হৈছে অসুস্থ পৰিৱেশীয় প্ৰভাৱ। এই পৰিৱেশ আকৌ হৈছে ঘাইকৈ গৃহ পৰিৱেশ। বৰ্তমান শিশুৰ বাবে খেলা-ধূলা আৰু খেলাৰ আহিলা-পাতি আদি প্ৰদানৰ প্ৰয়োজনীয়তা প্ৰায় সকলো মাক-দেউতাকেই অনুভৱ কৰিব পাৰে। কিন্তু ইয়াৰ যোগেদি শিশুৰ মনত বন্ধুভাৱাপন্নতা আৰু সামাজিকতাৰ মনোভাৱ বিকশাই তোলাৰ প্ৰতি তেওঁলোক বিশেষ সচেতন নহয়। উল্লেখযোগ্য যে খেলাৰ পৰিৱেশৰ যোগেদি শিশুক এৰা-ধৰা কৰিবলৈ, দিয়া-নিয়া কৰিবলৈ আৰু বন্ধুভাৱে ক্ৰিয়াৰ সহযোগিতা কৰিবলৈ শিকাব পাৰি। খোৱা-বোৱাৰ বেলিকাও দুটা শিশুৰ মাজত কোনো বৈষম্য ভাব নাৰাখি সমবিতৰণ আৰু সমব্যৱহাৰৰ ভাব দেখুৱাব লাগে। শিশুৰ মনত আভিজাত্যৰ প্ৰতি সচেতনতাৰ ভাব, জাতি-ধৰ্ম অথবা অৰ্থনৈতিকতাৰ বিভেদ আৰু উচ্চ-নীচ ভাব সৃষ্টি কৰাটো ক্ষতিকাৰক। ই শিশুক সংগহীনতা আৰু বন্ধুহীনতাৰ অৱস্থালৈ ঠেলি দিয়ে। আভিজাত্যৰ প্ৰতি সচেতন হৈ শিশুৰ ক্ৰিয়া-আচৰণৰ স্বাধীনতা আৰু স্বতঃস্ফূৰ্ততা নিয়ন্ত্ৰিত কৰাৰ পৰিৱৰ্তে শিশুৱে যাতে অসৎ আৰু অভদ্ৰ আচৰণৰ দ্বাৰা প্ৰভাৱিত শিশুৰ সংগ আৰু বন্ধুত্ব লাভ কৰিব লগা নহয় তাৰ প্ৰতিহে বিশেষ দৃষ্টি ৰখাটো প্ৰয়োজন।

সেইবাবে ক’ব পাৰি যে উপযুক্ত বন্ধুত্ব স্থাপন কৰিবৰ বাবে অভিভাৱকসকলে শিশুক বন্ধু নিৰ্বাচনত সহায় কৰিব লাগে। ইয়াৰ বাবে শিশুৰ বন্ধুত্ব স্থাপনৰ পূৰ্বেই অভিভাৱকসকলে শিশু-প্ৰকৃতিৰ সুস্থ প্ৰতিক্ৰিয়া আৰু আচৰণ, অভ্যাস গঠন, চৰিত্ৰ আৰু ব্যক্তিত্ব আদিৰ আকৰ্ষণীয়তাৰ প্ৰতি বিশেষ চকু ৰাখিব লাগে। অসুস্থ আৰু অসামাজিক ক্ৰিয়া-আচৰণযুক্ত শিশুৰ লগত বন্ধুত্ব স্থাপনৰ পৰা তেওঁলোকে নিজ শিশুক বিৰত ৰাখিব লাগে। মন কৰিবলগীয়া যে প্ৰভাৱশালী বন্ধুৰ আচৰণ এটা শিশুৱে অনুকৰণৰ যোগে নিজ আচৰণত পৰিণত কৰে। বন্ধুৰ উপস্থিতিত শিশুক অপমান কৰা, তিৰস্কাৰ আৰু মাৰধৰ কৰা অথবা হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা কাৰ্যৰ পৰাও মাক-দেউতাকসকল বিৰত থাকিব লাগে। ইয়াৰ পৰিৱৰ্তে দুয়োটা শিশুৰে আত্ম-সন্মানৰ প্ৰতি সচেতন হৈ শিশু-ব্যক্তিত্ব অধিক সুন্দৰ আৰু শক্তিশালী কৰি তুলিব পৰা কাৰ্যতহে উৎসাহ প্ৰদৰ্শন কৰা উচিত। এইক্ষেত্ৰত দুয়োটা শিশুৱে সিহঁতৰ আজৰি সময়খিনি যাতে সুস্থ আৰু গঠনাত্মক ‘হবি’ বা প্ৰিয় কামৰ যোগেদি কটাব পাৰে তালৈ লক্ষ্য ৰাখিব লাগে।

শত্ৰুতাঃ

বন্ধুত্বৰ বিপৰীতমুখী এক সামাজিক সম্বন্ধ স্বৰূপে শত্ৰুতা আমাৰ এক প্ৰয়োজনীয় অধ্যয়নৰ বিষয়। শত্ৰুতা মনোভাৱৰ ক্ৰোধভাব শিশুমনত নিহিত থকা বাবেই হাই-কাজিয়া, মৰামৰি আদিৰ অসুস্থ আচৰণ সচৰাচৰ পৰিলক্ষিত হয়। কোনো কোনো সময়ত ই আমাৰ বাবে উদ্বেগৰ কাৰণ হৈ উঠিবগৈও পাৰে। সময়ত সিয়ে গৈ ব্যক্তিৰ দন্দুৰা আৰু আনৰ লগত মিলিব নোৱাৰা অসামাজিক স্বভাৱতো পৰিণত হয়গৈ। সেয়েহে শিশুৰ সামাজিক বিকাশৰ অধ্যয়ন প্ৰসংগত শত্ৰুতাভাৱৰ আলোচনা এৰাই চলিব নোৱাৰি।

দুজন ব্যক্তিৰ নিজ নিজ মনৰ ইচ্ছা, আগ্ৰহ আৰু প্ৰয়োজন আদি পূৰণত বাধাৰ সৃষ্টি হ’লে অথবা এজন আনজনৰ বাবে প্ৰতিদ্বন্দী স্বৰূপ হৈ উঠিলে ব্যক্তিমনত শত্ৰুতা ভাৱৰ সৃষ্টি হয়। ই এক অসুস্থ, অসামাজিক আৰু ধ্বংসমুখী মানসিক অভিজ্ঞতা। দৈহিক প্ৰয়োজনমুখী আৰু ব্যক্তিকেন্দ্ৰিক শিশুৱে বিভিন্ন সামাজিক পৰিস্থিতিত এনে অভিজ্ঞতাৰ সন্মুখীন হোৱাটো অতি স্বাভাৱিক। শিশুৰ নিজ স্বাৰ্থজড়িত খোৱা-পিন্ধা আৰু খেলা-ধূলাৰ আদিৰ বেলিকা আন শিশুৰ লগত এনে শত্ৰুতা ভাৱৰ স্বাভাৱিকতেই সৃষ্টি হয়। ফলত হাই-কাজিয়া লগা, এটাই আনটোক দৈহিকভাৱে আক্ৰমণ কৰা আদি আচৰণ সচৰাচৰ আমাৰ চকুত পৰে।

অৱশ্যে শিশুৰ এনে শত্ৰুতা সামগ্ৰিকভাৱে দৈহিক প্ৰয়োজনমুখী আৰু পৰিস্থিতি সাপেক্ষ হোৱা বাবে সি ক্ষণস্থায়ী হয়। তাৰ স্মৃতি, মনোযোগ, চিন্তা-ভাৱনা আদি মানসিক শক্তিসমূহ অতি অপৈণত আৰু চালুকীয়া অৱস্থাত থকা বাবে আন শিশুৰ প্ৰতি থকা শত্ৰুতা ভাব সি ক্ষন্তেকতে পাহৰি যায়। পুনৰ পিচ মুহূৰ্ততে দুয়োটা শিশুৱে বন্ধুভাৱে খেলা-ধূলা কৰিব পাৰে। পৰিস্থিতিৰ প্ৰতিকূল অৱস্থাৰ সৃষ্টি হৈ নিজ স্বাৰ্থ ৰক্ষাত পুনৰ বাধাৰ সৃষ্টি হ’লে বন্ধুত্বৰ ঠাইত পুনৰ শত্ৰুতাই দেখা দিয়ে। চালুকীয়া শিশুৰ আচৰণ প্ৰয়োজনমুখী আৰু পৰিস্থিতি সাপেক্ষ হোৱা বাবে সিহঁতৰ মনত প্ৰকৃতপক্ষে কোনো স্থায়ী শত্ৰুতা বা বন্ধুতা ভাব নাথাকে। তাৰ মানসিক জীৱন ক্ৰমে অধিক শক্তিশালী হৈ উঠাৰ লগে লগে ই স্থায়িত্ব লাভ কৰি উঠে।

শত্ৰুতা ভাবৰ পৰিস্থিতি, প্ৰতিক্ৰিয়া আৰু তাৰ অভিজ্ঞতা শিশুৰ সামাজিক সমাযোজন আৰু পৈণতা লাভৰ বাবে বিশেষ সহায়কাৰী। স্বাভাৱিক অৱস্থাত দুটা শিশুৰ মাজত নিজ নিজ স্বাৰ্থজড়িত কাৰণত সংঘৰ্ষৰ সৃষ্টি হ’লে এটাই আনটোক বুজি উঠাত সহায় কৰে। পৰিস্থিতিৰ পৰিৱৰ্তনে দুয়োৰে মাজত বন্ধুত্ব ভাবৰো সৃষ্টি কৰে। এনে অৱস্থাই শিশুৰ মাজত সামাজিক পাৰস্পৰিকতা আনি দিয়ে আৰু তাৰ যোগে আচৰণসমূহৰ সামাজিকৰণত সহায়ক হয়। অৱশ্যে বিশেষ ঘনিষ্ঠতা নথকা অৱস্থাতো দুটা শিশুৱে এটাই আনটোৰ উপস্থিতিত আৱেগিক উত্তেজনা অনুভৱ কৰি বিৰোধ ভাব প্ৰকাশ কৰা অথবা ক্ৰোধৰ উত্তেজনাৰে দৈহিকভাৱে প্ৰহাৰ কৰা কাৰ্য বিশেষ অনিষ্টকাৰী। এনে আচৰণে শিশুমনত অত্যধিক ঈৰ্ষাভাব আৰু অসামাজিক মনোবৃত্তিৰ দ্বাৰা হোৱা পীড়ণৰ পৰিচয় দিয়ে। এনে এক অৱস্থাই শিশু আচৰণ সামাজিকৰণৰ পৰিপন্থী ৰূপে দেখা দিয়ে।

মন কৰিবলগীয়া যে শিশুৱে সামাজিক বাধা-নিষেধ অথবা কঠোৰ অনুশাসন ব্যৱস্থাৰ পৰা ৰক্ষা পাবৰ বাবেও কোনো কোনো সময়ত সি শত্ৰুতা ভাব আৰু ক্ৰোধৰ আচৰণক আহিলা স্বৰূপে প্ৰয়োগ কৰিব পাৰে। শিশুৰ মুক্ত আচৰণত সততে বাধাদান অথবা নিয়ন্ত্ৰণ কৰা কাৰ্যই তাক অসন্তুষ্ট আৰু উত্তেজিত কৰি তোলে। মনৰ এনে অসন্তুষ্টি তাৰ শত্ৰুতা ভাব আৰু ক্ৰোধৰ আচৰণৰ যোগেদি প্ৰকাশ পায়। ঘৰুৱা পৰিৱেশ আৰু পৰিস্থিতিয়ে শিশুৰ এনে আচৰণ অভ্যাসত পৰিণত কৰিব লগা হোৱা অৱস্থা অত্যন্ত ক্ষতিকাৰক। এনে অৱস্থাই তাৰ আৱেগিক জীৱনৰ প্ৰয়োজনবোৰ, যেনে- মৰম, আদৰ-যত্ন, আত্মীয়তা, নিৰাপত্তা ভাব আদি পূৰণ কৰাত ব্যৰ্থ হয়। ফলস্বৰূপে শিশুৰ মনত এক বিৰোধ ভাব আৰু প্ৰচলিত নীতি-নিয়মৰ প্ৰতি এক বিদ্ৰোহৰ মনোভাৱ গঢ় লৈ উঠে। সকলো সামাজিক পৰিৱেশ আৰু পৰিস্থিতিতে তাৰ দৃষ্টিভংগী আৰু প্ৰতিক্ৰিয়া ক্ৰোধ আৰু শত্ৰুতা ভাবৰ হৈ উঠিব পাৰে। এনে অৱস্থাই শিশুমনত অপৰাধ প্ৰৱণতা ভাবৰ সৃষ্টি কৰে।

কোনো কোনো ক্ষেত্ৰত দেখা যায় যে কেতবোৰ শিশুৱে অন্তৰত ক্ৰোধ আৰু শত্ৰুতা ভাব অনুভৱ কৰিলেও সি অপ্ৰকাশ হৈ ৰয়। তেনে শিশুৱে অনুভূতিৰ বাহ্যিক প্ৰকাশ কৰিব নোৱাৰে। এইবিধ শিশু বাহ্যিকভাৱে শান্ত আৰু প্ৰতিক্ৰিয়াহীন যদিও অন্তৰত গভীৰভাৱে এক অস্বস্তি অনুভৱ কৰে। অনুভূতিৰ বাহ্যিক প্ৰকাশৰ এই অক্ষমতাই শিশুৰ মানসিক জীৱনৰ অধিক ক্ষতিসাধন কৰিব পাৰে। উল্লেখযোগ্য যে শিশুৰ বাক্-অক্ষমতাও ইয়াৰ কাৰণ স্বৰূপ হৈ উঠিব পাৰে। এনে অৱস্থাত খেলা-ধূলা, নৃত্য-গীত আদিৰ যোগে আত্ম-প্ৰকাশৰ সুবিধা দান কৰিব লাগে।

শত্ৰুতা ভাবৰ আত্ম-প্ৰকাশৰ বেলিকা ল’ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য থকা দেখা যায়। ল’ৰাতকৈ ছোৱালীৰ শত্ৰুতা ভাবৰ বাহ্যিক আচৰণ অধিক সংযত আৰু নিয়ন্ত্ৰিত হয়। ল’ৰাৰ শত্ৰুতা ভাব সি দেখুওৱা বাহ্যিক ক্ৰিয়া-আচৰণত সহজে প্ৰকাশ পায়। দুটা ল’ৰাৰ মাজত কাজিয়া লাগিলে দৈহিক শক্তি প্ৰয়োগ কৰি যুঁজ-বাগৰ লগা, হতাহতি কৰা, প্ৰহাৰ কৰা আদি আচৰণ দেখা যায়। আনহাতে দুজনী ছোৱালীৰ মাজত কাজিয়া লাগিলে মৌখিকভাৱে গালি পৰা, ভেঙুচালি কৰা, কটুক্তি কৰা আৰু অসুস্থ মন্তব্য আদি দিয়াতে আৱদ্ধ থাকে। অধ্যয়নৰ যোগেদিও পোৱা হৈছে যে ছোৱালীতকৈ ল’ৰাৰ শত্ৰুতা ভাব অধিক উগ্ৰ আৰু ধ্বংসমুখী হয়। ল’ৰা আৰু ছোৱালীৰ মাজত থকা শত্ৰুতামূলক আচৰণৰ পাৰ্থক্য নাৰ্চাৰি স্কুলৰ পৰ্যায়ত খেলা-ধূলাৰ আহিলা-পাতি আৰু পুতলা আদি ব্যৱহাৰৰ বেলিকা নিৰীক্ষণ কৰিব পৰা যায়।

সহযোগিতা আৰু প্ৰতিযোগিতাঃ

ব্যক্তিৰ সামাজিক জীৱনত লাভ কৰিব লগা এক অতি প্ৰয়োজনীয় অভিজ্ঞতা হৈছে সহযোগিতা আৰু প্ৰতিযোগিতাৰ ক্ষমতা। মানুহ সামাজিক জীৱ আৰু সেই হেতুকে সামাজিক পাৰস্পৰিকতা লাভ কৰিবলৈ পৰিস্থিতি সাপেক্ষে সহযোগিতা আৰু প্ৰতিযোগিতা কৰিব পৰা ক্ষমতাৰ বিশেষ প্ৰয়োজন। ই সবল ব্যক্তিত্বৰ পৰিচয় দিয়ে আৰু সমাজত ব্যক্তিয়ে নিজৰ প্ৰাপ্য স্থান আৰু মান লাভ কৰিবলৈ সক্ষম হয়। গণতান্ত্ৰিক জীৱনৰ মূল নীতিও ইয়াৰ ওপৰত প্ৰতিষ্ঠিত।

দুজন বা ততোধিক লোকে তেওঁলোকৰ সন্মিলিত কোনো ইচ্ছা, আশা-আকাংক্ষা বা লক্ষ্য পূৰণৰ বাবে একেলগে চেষ্টা চলোৱা অথবা কাম কৰাকে সহযোগিতা বোলা হয়। সেইদৰে একেই লক্ষ্য পূৰণৰ বাবে দুজন বা ততোধিক লোকে জেদ ধৰি অথবা অৰিয়া-অৰিৰ মনোভাৱেৰে কৰা কামকে প্ৰতিযোগিতা বোলা হয়। এই দুয়োবিধ আচৰণেই ব্যক্তিৰ উদ্দেশ্যসাধন সম্বন্ধীয় সামাজিক ক্ৰিয়া প্ৰচেষ্টাত ভিন্নৰূপে শক্তিৰ ইন্ধন যোগায়। শিক্ষানুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীত ছাত্ৰই অধিক উৎসাহ-উদ্দীপনাৰে অংশগ্ৰহণ কৰিবলৈ শিক্ষকে সহযোগিতা আৰু প্ৰতিযোগিতাৰ পৰিৱেশ সৃষ্টি কৰিব লাগে। অৱশ্যে আমাৰ সামাজিক জীৱনত এই দুয়োবিধ আচৰণ ইয়াৰ উগ্ৰৰূপত সচৰাচৰ দেখা পোৱা নাযায়। কিন্তু তথাপিও বিভিন্ন পৰিস্থিতিত ব্যক্তিৰ আচৰণ পৰিচালিত কৰিবৰ বাবে অপ্ৰকটভাৱে ব্যক্তিমনত ই এক ইন্ধন অথবা অন্তশ্চালন শক্তি (ড্ৰাইভ) ৰূপে কাম কৰে। সেই হেতুকে ব্যক্তিগত আৰু সামাজিক উদ্দেশ্য সাধনৰ বাবে মনত এক শক্তিশালী ক্ৰিয়াবৃত্তি জগাই তুলিবলৈ এই অপ্ৰকট শক্তি প্ৰকট কৰি তোলাৰ প্ৰয়োজন হৈ উঠে।

শিশুমনৰ প্ৰতিযোগিতাঃ

নিচেই চালুকীয়া শিশুৰ আচৰণত সহযোগিতা আৰু প্ৰতিযোগিতাৰ ভাব নাথাকে। শিশুৱে এই সময়ত নিজৰ অস্তিত্বকেই অনুভৱ কৰিব নোৱাৰে। বিকাশৰ লগে লগে শিশু ক্ৰমে আত্ম-সচেতন হৈ উঠে আৰু ইয়াৰ ফলস্বৰূপেহে সি তাৰ প্ৰয়োজন, ইচ্ছা আৰু উদ্দেশ্য আদি পূৰণৰ বাবে সচেষ্ট হয়। ইতিমধ্যে তাৰ আৱেগ-অনুভূতিবোৰে বিভিন্ন পৰিস্থিতিত ভিন্নৰূপে দেখা দিয়ে। মাক-দেউতাক আৰু পৰিয়ালৰ আন আন জনৰ পৰা অধিক মৰম-আদৰ বিচাৰি শিশুৰ মনত প্ৰায় এবছৰ পিছৰ পৰা ঈৰ্ষাভাৱে ঠাই লয়। বিশেষকৈ পৰিয়াললৈ দ্বিতীয়টি শিশু আহিলে মৰম-আদৰৰ ক্ষেত্ৰত ঈৰ্ষাজনক পৰিস্থিতিৰ প্ৰায়ে উদ্ভৱ হয়। ফলস্বৰূপে আত্ম-সচেতন শিশুৱে নিজক আনতকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰিবলৈ ব্যক্তিগতভাৱে চেষ্টা কৰে। এনে এক পৰিস্থিতিয়ে শিশুৰ মনত স্বাভাৱিকতেই এক প্ৰতিযোগীভাৱ সৃষ্টি কৰে।

শিশুৰ অংগ-সঞ্চালন ক্ষমতা লাভ হৈ উঠাৰ লগে লগে প্ৰায় আঢ়ৈ আৰু তিনি বছৰ বয়সত প্ৰতিযোগিতাৰ মনোভাৱে ঠাই লয়। সি এই সময়ত তাৰ খোজকঢ়া, দৌৰা, জপিওৱা, বগোৱা, দলিওৱা আদি খেলা-ধূলাৰ বিভিন্ন ক্ৰিয়া-কলাপ প্ৰতিযোগিতাৰ মনোভাৱেৰে কৰিবলৈ বিচাৰে। এনেবোৰ দৈহিক অংগ-সঞ্চালন ক্ৰিয়াৰ বেলিকা ছোৱালীতকৈ ল’ৰাক অধিক উৎসাহী হোৱা দেখা যায়। প্ৰতিযোগিতাৰ মনোভাৱে তাক অধিক ক্ৰিয়াশক্তি দান কৰে আৰু আনৰ প্ৰশংসা, স্বীকৃতি আদি উপযুক্তভাৱে পাব পাৰিলে মনত আত্মবিশ্বাসৰ ভাব গঢ়ি উঠে। ঘৰুৱা পৰিৱেশতো শিশুৱে কেতবোৰ ক্ৰিয়া-আচৰণ প্ৰতিযোগিতাৰ মনোভাৱেৰে কৰা দেখা যায়। দেউতাকৰ জোতা-মোজা, কাপোৰ-কানি আদি পৰিধান কৰা, চকী-টেবুল আদি ওখ ঠাইত উঠি দেউতাকৰ সমান ওখ হোৱা বুলি দাবী কৰা, সোনকালে ডাঙৰ হোৱাৰ আশা দেখুৱাই মাকে খুৱাবলৈ যত্ন কৰা আদি কাৰ্য আমাৰ পৰিচিত। এনেবোৰ ক্ৰিয়া-আচৰণৰ অন্তৰালত শিশুমনত প্ৰতিযোগিতাৰ মনোভাৱ নিহিত থকাৰ কথা লক্ষ্য কৰিব পাৰি। উল্লেখযোগ্য যে এই সময়ত অহংকেন্দ্ৰিক মনৰ শিশু প্ৰতিযোগিতা মনোভাৱৰ হোৱাটোৱেই স্বাভাৱিক। অৱস্থা বিশেষে এনে ভাব তীব্ৰ হৈ উঠিলে সচৰাচৰ দুটা শিশুৰ মাজত হাই-কাজিয়া, মৰা-মৰি আৰু শত্ৰুতা ভাবৰ পৰিস্থিতিও সৃষ্টি কৰিব পাৰে। অৱশ্যে শৈশৱ কালৰ প্ৰথমাৰ্ধত শিশুমনত আৰু তাৰ ক্ৰিয়া-আচৰণত প্ৰতিযোগিতাৰ মনোভাৱ নিহিত থাকিলেও এই সময়ত সি স্পষ্টভাৱে তাৰ প্ৰকট ৰূপ ধাৰণ কৰিব নোৱাৰে। প্ৰতিযোগিতাৰ মনোভাৱে প্ৰকাশ্যভাৱে তাৰ আচৰণ এই সময়ত বিশেষ প্ৰভাৱিত আৰু পৰিচালিত কৰিবও নোৱাৰে। ইয়াৰ পৰৱৰ্তী কালত শিশুৱে শিক্ষানুষ্ঠানত প্ৰৱেশ কৰি শ্ৰেণীৰ বাহিৰে-ভিতৰে প্ৰতিযোগিতাৰ পৰিৱেশ আৰু প্ৰত্যাহ্বান লাভ কৰি উঠাৰ লগে লগেহে ই প্ৰকট ৰূপ ধাৰণ কৰি উঠে।

শিশুৰ সহযোগিতাঃ

সহযোগিতাতকৈ শিশুৰ প্ৰতিযোগিতামূলক ক্ৰিয়া-আচৰণ অধিক আদিম, শিক্ষাসুলভ আৰু প্ৰবৃত্যাত্মক বুলিব পাৰি। শিক্ষা আৰু বিকাশৰ যোগেদি ইয়াক শালীনতাসূচক, যুক্তিসংগত আৰু সমাজৰ গ্ৰহণযোগ্য কৰি তুলিব পাৰি। আনহাতে সহযোগিতা হৈছে উচ্চ পৰ্যায়ৰ সামাজিক প্ৰতিক্ৰিয়া য’ত ব্যক্তিৰ সংবোধন ক্ষমতা, সমাযোজন ক্ষমতা, সমাজ সচেতনতা আৰু সামাজিক আদান-প্ৰদানৰ অভিজ্ঞতা আদি প্ৰয়োজন হয়। ই বহু পৰিমাণে শিক্ষা-অভিজ্ঞতা আৰু অনুকূল পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। শিশুৱে প্ৰাথমিক স্কুলত ভৰ্তি হোৱাৰ লগে লগে সি ইয়াৰ বাবে এক অনুকূল পৰিৱেশ লাভ কৰে। অভিজ্ঞতাৰ যোগেদি সি ক্ৰমে উপলব্ধি কৰি উঠে যে লিখা-পঢ়া কৰা, অংক কৰা, খেলা-ধূলা কৰা আদি শিশুৰ বাহিৰে-ভিতৰে থকা কাৰ্যসূচীবোৰত আনৰ সহযোগিতা নহ’লে নচলে। ক্ৰিয়াত সহযোগিতা কৰাৰ লগে লগে সহপাঠীসকলৰ লগত পৰিস্থিতি অনুযায়ী সৃষ্টি হোৱা ভাৱ-অনুভূতি আদিতো অংশগ্ৰহণ তথা সহযোগিতা কৰিব লাগে। সমূহীয়াভাৱে প্ৰাৰ্থনা কৰা, নৃত্য-গীত, কোৰাচ আদি গোৱা, শ্ৰেণীৰ পাঠ আঁওৰোৱা, খেল-পথাৰত কচৰৎ কৰা আৰু শিক্ষকৰ তত্ত্বাৱধানত সমূহীয়া খেলা-ধূলা আদিত অংশগ্ৰহণ কৰা কাৰ্যসমূহ এই প্ৰসংগত উল্লেখযোগ্য। অনুভূতি, চিন্তা আৰু ক্ৰিয়াৰ ঐক্যই এই সময়ত শিশুক আনৰ লগত ভাবৰ আদান-প্ৰদান কৰিবলৈ আৰু ক্ৰিয়াৰ সহযোগিতা কৰিবলৈ শিকায়। আনৰ সহযোগিতাৰে কৰা কামৰ কৃতকাৰ্যতাই এই সময়ত শিশুক সামাজিক স্বীকৃতি আৰু প্ৰশংসা আদিও দান কৰে। সেইবাবে স্কুলত শিশুৰ সহযোগিতামূলক ক্ৰিয়া-আচৰণ শিক্ষাৰ বাবে আৱশ্যকীয় পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি কৰিব লাগে। প্ৰাথমিক স্কুলৰ পৰ্যায়ত পৰৱৰ্তী ল’ৰা-ছোৱালীৰ মনত দল গঠনৰ মনোভাৱ আৰু দলীয় আনুগত্যৰ ভাব গঢ়ি উঠে। অৱশ্যে এনে দলীয় মনোবৃত্তিৰে কৰা সহযোগিতামূলক ক্ৰিয়া প্ৰকৃত অৰ্থত সামাজিক আৰু অসামাজিক দুয়ো বিধৰেই হ’ব পাৰে।

এইখিনিতে উল্লেখযোগ্য যে সহযোগিতামূলক ক্ৰিয়া অৱস্থা বিশেষ প্ৰতিযোগিতাতো পৰিণত হ’ব পাৰে। সহযোগিতাৰ মূল কাৰণ প্ৰতিযোগিতাও হৈ উঠিব পাৰে। খেলা-ধূলাৰ ক্ষেত্ৰত কৰা শিশুৰ সহযোগিতামূলক ক্ৰিয়াৰ বেছি ভাগৰেই প্ৰকৃত উদ্দেশ্য হৈছে আন এটা দলৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাটো। সেইবাবে ক’ব পাৰি যে সহযোগিতা প্ৰতিযোগিতাৰেই এপ পূৰ্বৱৰ্তী অৱস্থা স্বৰূপ হৈ উঠিব পাৰে।

শিশুৱে প্ৰদৰ্শন কৰা অসহযোগিতামূলক ক্ৰিয়া-আচৰণৰ বাবে শিশুক অভিভাৱকসকলে দোষাৰোপ কৰণ কৰা অনুচিত। ইয়াৰ পৰিৱৰ্তে শিশুৰ অসহযোগিতামূলক ক্ৰিয়া-আচৰণৰ সম্ভাৱ্য কাৰণসমূহ নিৰীক্ষণৰ বাবেহে চেষ্টা কৰিব লাগে। এই প্ৰসংগত উল্লেখযোগ্য যে শিশুক যি পাঠদান কৰা হয় অথবা যি ক্ৰিয়া সম্পাদনৰ দায়িত্ব দিয়া হয় তাৰ বাবে অত্যন্ত কঠিন হ’ব পাৰে। শিক্ষণৰ যি পদ্ধতি গ্ৰহণ কৰা হয় সি তাৰ বাবে দুৰ্বোধ্য অথবা অনাকৰ্ষণীয় হৈ পৰিব পাৰে। ইয়াৰ উপৰি শিশুৰ মনোযোগ আৰু আগ্ৰহ হয় স্বাভাৱিকতেই অস্থায়ী আৰু ক্ষিপ্ৰ পৰিৱৰ্তনশীল। বহিঃ বিষয় শক্তিশালী আৰু গ্ৰহণেন্দ্ৰিয়ৰ বাবে আকৰ্ষণীয় হৈ নুঠিলে সি মনোযোগ আৰু আগ্ৰহ তথা মনোবৃত্তি গঢ়ি তুলিব নোৱাৰে। এনেবোৰ কাৰণত শিশুৱে আশানুৰূপভাৱে সহযোগিতামূলক মনোভাৱ আৰু আচৰণ প্ৰদৰ্শন কৰিব নোৱাৰে। অৱশ্যে ইয়াৰ বাবে শিশুক অসহযোগী আৰু অসামাজিক বুলি গণ্য কৰিব নোৱাৰি। সহযোগিতামূলক ক্ৰিয়াৰ বাবে শিশুৰ অনুকূল মানসিক অৱস্থা বা মনোবৃত্তিৰ বিশেষ প্ৰয়োজন। এনে সহযোগিতামূলক মনোভাৱ শিশুৰ মনত সৃষ্টি কৰিব পৰাটো শিক্ষকতাৰ এক প্ৰধান সাফল্য বুলিব পাৰি। ইয়াকেই শিক্ষা-মনোবিজ্ঞানত শিক্ষণৰ অভিৰোচন বুলি জনা যায়। ইয়াৰ লগত সমগ্ৰ শিক্ষা-ব্যৱস্থা শিক্ষকৰ ব্যক্তিত্ব আৰু তেওঁৰ শিক্ষা-পৰিচালনাৰ কৌশল জড়িত।

নেতৃত্বঃ

সামাজিক জীৱনত ব্যক্তিয়ে আহৰণ কৰা এক বিশেষ গুণ বা যোগ্যতা হৈছে নেতৃত্বদানৰ ক্ষমতা। অৱশ্যে এই ক্ষমতা সকলোৰে একে নাথাকে আৰু তাক লাভ কৰাটো সকলোৰে লক্ষ্য বা উদ্দেশ্যও নহয়। নেতৃত্বৰ বাবে জনপ্ৰিয়তাৰ প্ৰয়োজন, কিন্তু সেইবুলি জনপ্ৰিয় ব্যক্তি মাত্ৰেই নেতা হ’ব নোৱাৰে। নেতাৰ জনপ্ৰিয়তা এনে এক সামাজিক সম্বন্ধ য’ত জনপ্ৰিয় ব্যক্তি আৰু তেওঁৰ সমৰ্থনকাৰী লোকসকলৰ মাজত স্থানগত দূৰত্ব থাকিব পাৰে। সমাজত নেতৃত্ব দানৰ বাবে ব্যক্তিৰ বিশেষ কেতবোৰ গুণ অথবা ব্যক্তিত্বৰ সংলক্ষণ থাকিব লাগে। নিচেই চালুকীয়া শিশু একান্তই ব্যক্তিকেন্দ্ৰিক। সেইবাবে তাৰ সামাজিক চেতনা আৰু নেতৃত্বৰ প্ৰশ্ন এই সময়ত উঠিব নোৱাৰে। শিশুৰ নেতৃত্বৰ লক্ষণ শৈশৱ কালতেই নাৰ্চাৰি আৰু কিণ্ডাৰগাৰ্টেন পৰ্যায়ত আমাৰ চকুত পৰে। বিভিন্ন দেহ-মানসিক ক্ৰিয়া-আচৰণৰ বেলিকা সৰ্বসাধাৰণ শিশুতকৈ অধিক ক্ষমতা বা যোগ্যতা থকা, দৈহিক আকাৰ-আকৃতি আদি আনতকৈ অধিক আকৰ্ষণীয় হোৱা, আনৰ লগত সহজে মিলিব পৰা আৰু আনৰ বাবে কৰিব পৰা অথবা নিজৰ উগ্ৰ স্বভাৱ আৰু আক্ৰমণাত্মক আচৰণৰ দ্বাৰা বশ কৰিব পৰা ক্ষমতাসমূহে এটা শিশুক সৰ্বসাধাৰণৰ উৰ্দ্ধলৈ তুলি নেতৃত্বৰ স্থান প্ৰদান কৰে।

দলৰ মাজত ক্ৰিয়া আচৰণ নিৰীক্ষণ কৰিলে নেতৃত্বদানৰ ক্ষমতা থকা শিশু সহজেই চিনাক্তকৰণ কৰিব পাৰি। নেতৃত্ব দিব পৰা শিশুটোৱে হয়তো আনতকৈ অধিক কথা জানে, অধিক কথা ক’ব পাৰে, আনতকৈ দ্ৰুত আৰু উপযুক্ত প্ৰতিক্ৰিয়া কৰিব পাৰে, লগৰ সমনীয়াতকৈ অধিক দৌৰিব-জপিয়াব পাৰে, খেলা-ধূলাৰ নীতি-নিয়মো আনতকৈ ভালদৰে জানে। নিজৰ বহিৰ্মুখী স্বভাৱ আৰু মুক্তমনৰ বাবে এনে শিশুৱে নিঃসংকোচভাৱে সকলোৰে লগত মিলিব পাৰে, বন্ধুত্ব স্থাপন কৰিব পাৰে আৰু সহযোগিতাৰে কাম কৰিব পাৰে। ব্যক্তিত্বৰ সংহতি স্থাপন কৰিব পৰা এনে নেতৃত্বৰ উপৰিও কোনো কোনো সময়ৰ নিজ প্ৰভুত্ব বা আধিপত্য বিস্তাৰ কৰি দলৰ নেতৃত্ব স্থান অধিকাৰ কৰাও দেখা যায়। এনে শিশুৰ আচৰণ হয় প্ৰভাৱশালী আৰু প্ৰতিযোগিতামূলক মনোভাৱ হয় জেদী, অহংকাৰী আৰু দুঃসাহসী বিধৰ। বয়সস্থসকলৰ ক্ৰিয়া-আচৰণৰ প্ৰতিবাদ কৰা অথবা বাধা দিয়াৰ ক্ষমতাও এওঁলোকৰ থাকে। অৱশ্যে এনে উগ্ৰ আৰু দমনমূলক মনোভাৱ তথা আচৰণৰ যোগে নেতৃত্ব দিয়া ব্যক্তিক প্ৰকৃত অৰ্থত নেতা বুলিব নোৱাৰি। এনে নেতৃত্ব বিপথগামী আৰু ধ্বংসমুখী হ’বলৈ বাধ্য। শিশুৰ নেতৃত্বৰ ক্ষেত্ৰত সংহতি স্থাপনকাৰী আৰু আধিপত্য বিস্তাৰকাৰী এই দুয়োবিধ ব্যক্তিত্বৰেই সংলক্ষণ সংযুক্ত থকা দেখা যায়। শৈশৱ কালত শিশুৰ নেতৃত্বৰ প্ৰসংগত জাতি-ধৰ্ম, সামাজিক মান-মৰ্যাদা, অৰ্থনৈতিক মানদণ্ড আদি বিবেচ্য বিষয় নহয়। এই সময়ছোৱাত ছোৱালীতকৈ ল’ৰাৰ নেতৃত্ব দানৰ প্ৰবৃত্তি অধিক প্ৰকট হৈ উঠে।

শিশুৰ বাল্যকালৰ দ্বিতীয়াৰ্ধত প্ৰায় ৯-১০ বছৰ বয়সত তাৰ মনত দলীয় মনোবৃত্তি আৰু দলৰ প্ৰতি আনুগত্যৰ ভাব শক্তিশালী হৈ উঠে। এই সময়ত শিশুৰ নেতৃত্বই এক বিশেষ গুৰুত্ব আৰু প্ৰাধান্য লাভ কৰি উঠে। গৃহ পৰিৱেশত মাক-দেউতাকৰ মৰম-চেনেহ আৰু শিক্ষা পৰিৱেশত শিক্ষকৰ আদৰ-যত্নই ল’ৰা-ছোৱালীৰ সামাজিক প্ৰয়োজন সম্পূৰ্ণৰূপে পূৰণ কৰিব নোৱাৰে। সেইবাবে গৃহ আৰু শিক্ষা পৰিৱেশৰ পৰা আঁতৰত ল’ৰা-ছোৱালীৰ নিজাকৈ সংগঠিত আৰু পৰিচালিত একো একোটা দল গঠন কৰে। এই দল গঠনৰ যোগেদি সিহঁতে নিজৰ সামাজিক অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি আত্ম-সচেতন হৈ উঠে। নিজক আৰু নিজৰ দলক পৰিচালনা কৰিবৰ বাবে যোগ্যতাৰ ভিত্তিত দলৰ নেতা-উপনেতা, কেপ্তেইন, ভাইচ কেপ্তেইন আৰু অন্যান্য বিষয়-ববীয়াসকলক যথেষ্ট গণতান্ত্ৰিক মনোভাৱেৰে নিৰ্বাচন কৰে। অলিখিতভাৱে সাংবিধানিক নীতি-নিয়ম ৰচনা কৰে, তাৰ ভিত্তিত দল পৰিচালনা কৰে আৰু নিয়ম ভংগকাৰীক শাস্তি-বিধান কৰে। নিৰ্বাচিত হোৱা দলৰ নেতা অনুপযুক্ত বুলি বিবেচিত হ’লে তাৰ ঠাইত নতুন নেতা নিৰ্বাচন কৰে। অসন্তুষ্ট দলত্যাগী অথবা বহিষ্কৃত নেতা শক্তিশালী হ’লে অন্য এটা দল অথবা দলৰ মাজতে এটা উপদল গঠন কৰে। ফলস্বৰূপে দলৰ মাজত নেতাৰ প্ৰশ্ন লৈ সংঘাত, সংঘৰ্ষ আৰু নানাবিধ হাই-কাজিয়াৰো সৃষ্টি হয়। এই প্ৰসংগত উল্লেখযোগ্য যে বৰ্তমান কথাছবিৰ নায়ক আৰু খলনায়কৰ চৰিত্ৰই এই দলসমূহৰ নেতাৰ ভাব-চিন্তা আৰু ক্ৰিয়া-আচৰণ বহু পৰিমাণে প্ৰভাৱিত আৰু পৰিচালিত কৰে। যিজনে কথাছবিৰ নায়কৰ দৰে অভিনয় কৰিব আৰু বচন মাতিব পাৰে তেওঁক উপযুক্ত নেতা স্বৰূপে গ্ৰহণ কৰাও দেখা যায়।

অৱশ্যে এই কথা উল্লেখযোগ্য যে এই দলসমূহৰ কোনো ৰাজনৈতিক উদ্দেশ্য অথবা এই সম্বন্ধীয় সচেতনতাৰ ভাব নাথাকে। বিশেষকৈ খেলা-ধূলা আৰু কিছু পৰিমাণে ল’ৰা-ছোৱালীৰ সামাজিক আৰু সাংস্কৃতিক উদ্দেশ্য আৰু প্ৰয়োজন পূৰণ কৰাতেই ই আৱদ্ধ থাকে। শিক্ষাই এই পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকল অসুস্থ দলীয় ৰাজনীতিৰ প্ৰভাৱৰ পৰা মুক্ত। ল’ৰা-ছোৱালী স্বাভাৱিকতেই বহিঃমুখী প্ৰকৃতিৰ হোৱা হেতুকে ঘৰৰ আৰু স্কুলৰ বাহিৰৰ দৈহিক ক্ৰিয়া-কলাপৰ মাজেদিয়ে দলীয়মনৰ তৃপ্তি সাধন কৰে। প্ৰাক্-কৈশোৰ কালৰ ল’ৰা-ছোৱালীৰ মনত দেখা দিয়া ভিন ভিন উদ্দেশ্য পূৰণৰ বাবে পৃথক পৃথক দল গঠন আৰু তাৰ একো একোজন পৃথক নেতা নিৰ্বাচিত হয়। একেজন নেতাই সকলো পৰিৱেশ আৰু পৰিস্থিতিতে সমানে নেতৃত্ব দিব নোৱাৰে আৰু দিবলৈও নিবিচাৰে। ভিন ভিন নেতাৰ নেতৃত্বদানৰ যোগ্যতা আৰু তাৰ ক্ষেত্ৰও হয় বেলেগ বেলেগ। কোনো কোনো সময়ত নেতাৰ অনুগামীসকলৰ মনতো নেতৃত্বৰ স্থান আৰু মান লাভ কৰাৰ প্ৰবৃত্তি জাগি উঠে। সেইবাবে অৱস্থা বিশেষে, পৰিস্থিতি আৰু প্ৰয়োজন অনুসৰি ল’ৰা-ছোৱালীক নেতৃত্ব দানৰ সুযোগ শিক্ষকে দিব লাগে। এই কথা উল্লেখযোগ্য যে কেৱল নেতৃত্বদানৰ বাবেই নহয়, নেতাৰ অনুগত হৈ চলিবৰ বাবেও শিক্ষাৰ প্ৰয়োজন।

শিশুৰ সামাজিক বিকাশৰ প্ৰতিবন্ধকতাঃ

শিশুৰ সামাজিক বিকাশৰ প্ৰধান দায়িত্ব হৈছে ঘৰুৱা পৰিৱেশ আৰু শিক্ষা পৰিৱেশৰ পৰিচালক সকলৰ। এই দুই পৰিৱেশত শিশুৱে যেনেবোৰ দেহ-মানসিক আকৰ্ষণ আৰু প্ৰভাৱ থকা পৰিস্থিতিৰ সন্মুখীন হয় আৰু তাৰ প্ৰতি যিদৰে প্ৰতিক্ৰিয়া কৰিবলৈ শিকে সেয়ে ক্ৰমে তাৰ সামাজিক প্ৰতিক্ৰিয়া আৰু আচৰণত পৰিণত হয়গৈ। সেয়েহে এই দুই পৰিৱেশৰ অসুস্থ আৰু প্ৰতিকূল প্ৰভাৱ থাকিলে আৰু তেনে প্ৰভাৱে শিশুৰ দেহ-মানসিক প্ৰতিক্ৰিয়া অসুস্থ আৰু অপ্ৰত্যাশিতভাৱে পৰিচালিত কৰি আচৰণৰ স্থায়ী ৰূপ দান কৰিলে তাৰ আশানুৰূপ সামাজিক বিকাশত প্ৰতিবন্ধকতাৰ সৃষ্টি হয়। এই প্ৰসংগত কেতবোৰ সম্ভাৱ্য প্ৰতিকূল প্ৰভাৱৰ সম্বন্ধে তলত উল্লেখ কৰা হৈছে।

(১) মাক-দেউতাকৰ অত্যধিক লালন-পালন আৰু আদৰ-যত্নই শিশুৰ সুস্থ সামাজিক বিকাশত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰে। অত্যধিক লালন-পালনে শিশুক আত্মনিৰ্ভৰশীল কৰি তুলিব নোৱাৰে। অভিভাৱকৰ সকলো কথাতে নিয়ন্ত্ৰণৰ হেতুকে এনে শিশুৱে তাৰ সামাজিক প্ৰয়োজনবোৰ পূৰণৰ বাবে তেওঁলোকৰ ওপৰতেই একান্তভাৱে নিৰ্ভৰ কৰিব লাগে। সামাজিক পৰিস্থিতিত নিজস্বভাৱে প্ৰতিক্ৰিয়াৰ যোগে কৰিব পৰা আত্ম-নিয়ন্ত্ৰণ ক্ষমতা হেৰুৱাই সি ভীৰু আৰু পৰমুখাপেক্ষি স্বভাৱত পৰিণত হয়। স্বৈৰতান্ত্ৰিক পৰিৱেশ আৰু স্বেচ্ছাচাৰী অনুশাসন ব্যৱস্থাৰ দ্বাৰা পৰিচালিত হ’লে শিশুৱে সামাজিক আদৰ্শ আৰু সমাজৰ গ্ৰহণযোগ্য আচৰণসমূহ আয়ত্ব কৰি উঠিব নোৱাৰে। এনে অসুস্থ পৰিৱেশে শিশুক বন্ধমনা কৰি তুলি ক্ৰিয়া-আচৰণ সংকুচিত কৰিব পাৰে।

(২) শিশুৰ মনত গঢ়ি উঠা আত্ম-প্ৰত্যয় অথবা নিজৰ সম্বন্ধে গঢ়ি উঠা ধাৰণা বয়সস্থসকলে অৱহেলা আৰু অৱমাননা কৰিলে তাৰ সুস্থ সামাজিক বিকাশ বাধাপ্ৰাপ্ত হৈ পৰে। সমনীয়াৰ আগত শিশুৰ ক্ৰিয়া-আচৰণ নিৰুৎসাহজনকভাৱে সমালোচনা কৰা, শিশুৰ দুৰ্বলতাসমূহক লৈ তাৰ ব্যক্তিত্ব অপদস্থ কৰিবলৈ চেষ্টা কৰা অথবা সমাজৰ আগত দণ্ড দিয়া, নিন্দা কৰা আৰু দৈহিকভাৱে শাস্তি দিয়া কাৰ্যই শিশু-ব্যক্তিত্ব হেয় প্ৰতিপন্ন কৰে। এনেবোৰ অসুস্থ আচৰণৰ পুনৰাবৃত্তিয়ে শিশুৰ আত্ম-প্ৰত্যয়ত আঘাত হানে আৰু তাৰ ফলস্বৰূপে অসামাজিক প্ৰতিক্ৰিয়া আৰু অসুস্থ আচৰণ স্বভাৱত পৰিণত হয়। অপদস্থ আৰু আত্ম-প্ৰত্যয়হীন ব্যক্তিত্বৰে সি সমাজৰ কতো সুস্থ সমাযোজন স্থাপন কৰি উঠিব নোৱাৰে।

(৩) যিকোনো কথাতেই সকলো সময়তে শিশুক দিয়া শিক্ষা নিৰ্দেশনা নেতিবাচক বিধৰ হৈ উঠিলে সি তাৰ সামাজিক বিকাশত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। এইটো নকৰিবা, সেইটো নকৰিবা, তালৈ নাযাবা, নাখাবা, নাচাবা আদি নিৰ্দেশনাৰ দ্বাৰা সততে শিশু-আচৰণ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিবলৈ বিচাৰিলে তাৰ এক বিৰূপ প্ৰভাৱ শিশু-ব্যক্তিত্বত পৰে। অহৰহভাৱে শিশুৰ প্ৰতি কৰা এনে আদেশ-নিৰ্দেশবোৰে তাক ভাবিবলৈ বাধ্য কৰে- সি যেন মূলতেই কিবা ভুল কৰে অথবা সি কৰা সকলোবোৰ সামাজিক প্ৰতিক্ৰিয়াই ভুল আৰু অনুচিত বিধৰ। ফলস্বৰূপে কোনো নতুন পৰিৱেশ আৰু পৰিস্থিতিৰ সন্মুখীন হ’বৰ বাবে শিশুৰ প্ৰয়োজনীয় সাহস, উদ্যম আৰু কৰ্ম-প্ৰচেষ্টাৰ অভাৱ হয়। ইয়াৰ স্থায়ী ৰূপ লাভ কৰি উঠি শিশুক অসামাজিক ব্যক্তিত পৰিণত কৰে। নঞাৰ্থক আদেশ-নিৰ্দেশনাৰ লগতে শাস্তি প্ৰয়োগৰো ব্যৱস্থা কৰিলে অৱস্থাৰ অধিক অৱনতি ঘটে।

(৪) শিশুৰ সামাজিক বিকাশ সম্বন্ধে অতি সচেতন হোৱা আৰু এইক্ষেত্ৰত বাস্তৱিকতে শিশুৰ বাবে যি সম্ভৱপৰ তাতকৈ অধিক আশা কৰা কাৰ্যইও অনিষ্ট সাধন কৰিব পাৰে। শিশুৰ সামাজিক বিকাশৰ এক নিজস্ব গতি পদ্ধতি আৰু ক্ষমতা থাকে। ইয়াৰ প্ৰতি আওকণীয়া হৈ বয়সস্থসকলৰ সামাজিক প্ৰতিক্ৰিয়া আৰু সাংস্কৃতিক মানদণ্ডেৰে শিশুৰ সামাজিক প্ৰতিক্ৰিয়া আশা কৰাটো অনুচিত। এই কথা বুজিবলৈ চেষ্টা নকৰি বলপূৰ্বকভাৱে অথবা শাস্তি প্ৰয়োগ কৰি প্ৰাপ্তবয়স্কসকলৰ মানবিশিষ্ট সামাজিক আচৰণ শিশুৰ পৰা দাবী কৰিলে তাৰ স্বাভাৱিক সামাজিক বিকাশতো প্ৰতিবন্ধকতাইহে দেখা দিয়ে। এনে কাৰ্যই শিশুৰ আত্মবিশ্বাসত আঘাত হানে আৰু ফলস্বৰূপে তাৰ সামাজিক প্ৰতিক্ৰিয়া সন্ত্ৰস্ত আৰু সংকুচিত কৰি তোলে।

শিশুৰ সামাজিক বিকাশত কিদৰে সহায় কৰিব পাৰিঃ

ব্যক্তিৰ সামাজিক বিকাশ এক জটিল অধ্যয়নৰ বিষয়। ই বৰ্তমান শিক্ষাবিদসকলৰ মনোযোগ অধিকভাৱে আকৰ্ষণ কৰিছে। শিশুক তাৰ সামাজিক বিকাশত কিদৰে সহায় কৰিব পাৰি এই প্ৰশ্ন যিকোনো সমাজ সচেতন লোকৰ বাবেই বিশেষ গুৰুত্বপূৰ্ণ। অৱশ্যে ইয়াৰ উত্তৰ একেষাৰ কথাতে পোনপটীয়াকৈ দিব পৰা নাযায়। শিশুৰ সামাজিক বিকাশৰ সমগ্ৰ প্ৰক্ৰিয়া আৰু ইয়াৰ লগত জড়িত সকলো দিশ সম্বন্ধে আমাৰ স্পষ্ট ধাৰণাৰ প্ৰয়োজন। ইতিপূৰ্বে উল্লেখ কৰা শিশুৰ সামাজিক বিকাশত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব পৰা দিশসমূহৰ প্ৰতিও আমি বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগে। এই প্ৰসংগত শিশুৰ সামাজিক বিকাশ সম্বন্ধীয় সমগ্ৰ বিষয়টোৰ বহল আলোচনাৰ পুনৰাবৃত্তি নকৰি কেতবোৰ বিশেষ বিশেষ দিশৰ প্ৰতি চমুকৈ তলত দৃষ্টি আকৰ্ষণ কৰা হৈছে।

(১) শিশুৰ সামাজিক বিকাশৰ অগ্ৰগতিক বয়সস্থ সকলৰ সামাজিক আৰু সাংস্কৃতিক বিকাশযোগ্য ক্ষমতাৰ মানদণ্ডেৰে বিচাৰ কৰা অনুচিত। এইক্ষেত্ৰত শিক্ষক আৰু অভিভাৱকসকলৰ সহনশীলতা আৰু মনৰ মাধ্যমেৰে সকলো কথা অনুভৱ কৰি চাব পৰা এক সংবেদনশীল মনৰ প্ৰয়োজন।

(২) শিশুৰ সামাজিক বিকাশত ব্যক্তি-পাৰ্থক্যৰ প্ৰশ্ন জড়িত। সকলো শিশুৰ পৰা সমানে আৰু একে মানবিশিষ্ট সামাজিক প্ৰতিক্ৰিয়া আশা কৰিব নোৱাৰি। কোনো কোনো শিশু হয় স্বাভাৱিকতেই সামাজিক পৰিৱেশত অধিক সংকুচিত আৰু আত্ম-নিয়ন্ত্ৰিত। সামাজিক প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত এই ব্যক্তি-পাৰ্থক্যৰ প্ৰশ্নৰ প্ৰতি লক্ষ্য ৰাখিহে শিশু আচৰণৰ বিচাৰ কৰা উচিত।

(৩) শিশুৱে নিজৰ বৌদ্ধিক মান বা যোগ্যতা অনুসৰিহে সামাজিক প্ৰতিক্ৰিয়া তথা বিকাশ সাধন কৰিব পাৰে। কম বুদ্ধিৰ অথবা হীন বুদ্ধিৰ শিশুৰ পৰা উপযুক্তভাৱে সামাজিক প্ৰতিক্ৰিয়া আশা কৰিব নোৱাৰি। এইক্ষেত্ৰত শিশুক অভিভাৱকসকল হতাশ হোৱা অথবা আশানুৰূপ আচৰণ দাবী কৰি শাস্তি প্ৰয়োগৰ ব্যৱস্থা গ্ৰহণ কৰা অনুচিত।

(৪) বৰ্তমানত কৰা শিশুৰ কোনো এক সামাজিক প্ৰতিক্ৰিয়া বা আচৰণ তাৰ পূৰ্বৱৰ্তী পৰিৱেশৰ ওপৰত ঘাইকৈ নিৰ্ভৰ কৰে। পূৰ্বৱৰ্তী পৰিৱেশ অসুস্থ আৰু অসামাজিক বিধৰ হলে তাৰ অনুৰূপ প্ৰভাৱ শিশুৰ ওপৰত পৰে। সেইবাবে কোনো অসামাজিক আচৰণৰ হেতুকে শিশুক দোষাৰোপ কৰাৰ পৰিৱৰ্তে পূৰ্বৱৰ্তী পৰিৱেশৰ অসুস্থ প্ৰভাৱ গুচাবলৈহে চেষ্টা কৰিব লাগে।

(৫) শিশুৰ গৃহ আৰু শিক্ষা পৰিৱেশৰ মাজত পাৰস্পৰিক যোগাযোগ, বুজাপৰা আৰু সমন্বয় ৰক্ষা কৰি চলিবলৈ চেষ্টা কৰিব লাগে। এই দুই পৰিৱেশৰ মাজৰ অৱস্থা আৰু আচৰণৰ ব্যৱধান যিমানে অধিক হয় সিমানে শিশুৰ সামাজিক বিকাশ অধিক ক্ষতিগ্ৰস্ত কৰি তুলিব পাৰে।শিক্ষানুষ্ঠানৰ পৰিৱেশ সেয়েহে যথাসম্ভৱ পৰিয়ালৰ সামাজিক পৰিৱেশৰ আৰ্হিত গঢ় দি তুলিব লাগে।

(৬) শিশুৱে ক্ৰমে সামাজিক সচেতনতা লাভ কৰি উঠাৰ লগে লগে প্ৰগতিশীল সমাজৰ সাংস্কৃতিক আৰু ধৰ্মীয় আশা-আকাংক্ষা সমূহৰ প্ৰতিও তাক সচেতন কৰি তুলিব লাগে। ইয়াৰ বাবে প্ৰয়োজনীয় অংশ শিশুৰ বাবে গ্ৰহণযোগ্য কৰি শিক্ষানুষ্ঠানৰ পাঠ্যসূচীত আৰু কাৰ্যসূচীত অন্তৰ্ভুক্তি কৰা উচিত।

(৭) শিশুৰ উপযুক্ত সামাজিক বিকাশৰ বাবে প্ৰয়োজন অনুসৰি কিছু পৰিমাণৰ ব্যক্তি-স্বাধীনতা আৰু বয়সস্থসকলৰ প্ৰভাৱমু্ক্ততাৰ প্ৰয়োজন। শিশুক সদায় শিশু বুলি গণ্য কৰা সামাজিক ক্ৰিয়াৰ বাবে সি এতিয়াও উপযুক্ত হৈ উঠা নাই বুলি বিবেচনা কৰা মনোবৃত্তিৰে তাৰ প্ৰাপ্য স্বাধীনতা আৰু মুক্ত প্ৰকাশৰ সুযোগ-সুবিধাবোৰৰ পৰা বঞ্চিত কৰা অনুচিত।

(৮) খেলা বা ক্ৰীড়া হৈছে শিশুৰ সামাজিক বিকাশৰ এক প্ৰধান চৰ্ত। খেলা মানে সময় হানি কৰা বুলি ভবা পুৰণি ধাৰণা পৰিহাৰ কৰি শিশুৰ ঘৰুৱা আৰু শিক্ষা পৰিৱেশ ক্ৰীড়াময় কৰি গঢ় দি তোলা উচিত। কেৱল সেয়ে নহয়, সামূহিক ক্ৰীড়াত যাতে শিশুৱে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিব পাৰে তাৰ আৱশ্যকীয় মানসিক প্ৰস্তুতিও সৃষ্টি কৰিব লাগে।

(৯) শিশু বিকাশৰ বিভিন্ন পৰ্যায়ৰ লগত থকা ক্ৰীড়া পদ্ধতিৰ পাৰ্থক্যৰ প্ৰতিও বিশেষ লক্ষ্য ৰখা উচিত। শৈশৱৰ প্ৰথমাৰ্ধৰ ক্ৰীড়া-প্ৰবৃত্তি হৈছে প্ৰধানকৈ ব্যক্তিকেন্দ্ৰিক আৰু ইয়াত খেলাৰ আহিলা-পাতি আৰু সা-সঁজুলি আদিয়ে শিশুক মুখ্যভাৱে প্ৰভাৱিত আৰু পৰিচালিত কৰে। শৈশৱৰ দ্বিতীয়াৰ্ধৰ খেলা-ধূলা হয় সমাজমুখী য’ত শিশুৱে সমনীয়াৰ লগত সামূহিক ক্ৰীড়াৰ প্ৰতি অধিক আগ্ৰহী হয়।

(১০) শিশুৰ দলীয় সংগঠনবোৰ সুসংগঠিত হোৱা আৰু তাক নিৰ্ভৰযোগ্য নেতাৰ দ্বাৰা পৰিচালিত হোৱাৰ প্ৰতিও বিশেষ লক্ষ্য ৰাখিব লাগে। এনেবোৰ দলীয় সংগঠন সুপৰিচালিত কৰিবৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা আৰু বিভিন্ন সা-সুবিধাও প্ৰদান কৰিব লাগে। অসন্তুষ্ট আৰু বিদ্ৰোহী নেতাৰ দ্বাৰা পৰিচালিত হৈ যাতে ই ধ্বংসমুখী হ’ব নোৱাৰে তাৰ প্ৰতিও চকু ৰাখিব লাগে।

(১১) শিশুৰ শিক্ষা-ব্যৱস্থাক একপক্ষীয়, ব্যক্তিকেন্দ্ৰিক আৰু কেৱল বৌদ্ধিক বিকাশ সাধনমুখী কৰি তুলিব নালাগে। ইয়াৰ পৰিৱৰ্তে শিশুৰ মনত সমাজৰ প্ৰতি সহযোগিতাৰ ভাব আৰু সেৱাৰ মনোভাব জগাই তুলিব পৰা কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিব কৰিব লাগে আৰু সকলো শিশুৱে তাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰালৈ লক্ষ্য ৰাখিব লাগে।

(১২) বহিঃ সমাজৰ অসুস্থ আৰু অসামাজিক প্ৰভাৱসমূহে যাতে শিশুক অনাৱশ্যকভাৱে প্ৰভাৱিত কৰি তুলিব নোৱাৰে তাৰ প্ৰতি গৃহ আৰু শিক্ষা পৰিৱেশত শিক্ষক-অভিভাৱকসকল বিশেষ সতৰ্ক হ’ব লাগে। শিশুৰ আগত সমাজৰ কলংক বা কলুষতাবোৰ সঘনে আৰু মুক্তভাৱে আলোচনা কৰাৰ পৰা তেওঁলোক বিৰত থাকিব লাগে।

বৰ্তমান সময়ত শিশুৰ সামাজিক বিকাশ সাধনৰ বাবে বহুতো নতুন আৰু উন্নত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শিশু-সাহিত্য, শিশু কথাছবি, শিশুৰ অনাতাঁৰ কাৰ্যসূচী আদিৰ যোগে শিশুক সামাজিকৰণ কৰাৰ প্ৰচুৰ সম্ভাৱনীয়তা নিহিত আছে। ইয়াৰ উপৰি শিশুৰ কল্যাণ সাধনৰ উদ্দেশ্যে স্থাপন কৰা বিবিধ অনুষ্ঠান আৰু শিশু-সংগঠন আদিয়ে এই দিশত বিশেষ কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰিব পাৰে। আন্তৰ্জাতিক শিশুবৰ্ষ উদযাপনৰ আদৰ্শই জনসাধাৰণৰ মাজত শিশুৰ সামাজিক বিকাশৰ তাৎপৰ্য উপলব্ধি কৰাতো সহায় কৰিব পাৰে।

শিশুৰ সামাজিক বিকাশত পূৰ্ব-প্ৰাথমিক আৰু প্ৰাথমিক স্কুলৰ ভূমিকাঃ

পূৰ্ব-প্ৰাথমিক আৰু প্ৰাথমিক স্কুলে শিশুৰ সামাজিকৰণত গঠনাত্মক ভূমিকা গ্ৰহণ কৰিব পাৰে। এই সম্বন্ধে শিক্ষক-অভিভাৱকসকল বৰ্তমান অধিক সচেতন হোৱাও দেখা যায়। অৱশ্যে এই প্ৰসংগত উল্লেখযোগ্য যে পূৰ্ব-প্ৰাথমিক পৰ্যায়ৰ নাৰ্চাৰি আৰু কিণ্ডাৰগাৰ্টেন শিক্ষাৰ সম্ভাৱনীয়তাৰ বিষয়ে বহুতৰে মনত সন্দেহৰ অৱকাশো নোহোৱা নহয়। কোনো কোনোৰ মতে এই পৰ্যায়ৰ শিক্ষাই কণ কণ শিশুহঁতক এই সময়ত সিহঁতৰ সামাজিক বিকাশৰ বাবে অতি প্ৰয়োজন হোৱা মাক-দেউতাকৰ মৰম-চেনেহ, আদৰ-যত্ন আৰু আৱেগিক নিৰাপত্তা ভাবৰ মাথোন নিষ্ঠুৰভাৱে বঞ্চিত কৰে। আকৌ আন কোনো কোনো লোকে সমালোচনাৰ সুৰত কয় যে মাতৃসকলক শিশুৰ জঞ্জালৰ পৰা আঁতৰাই ৰাখি তেওঁলোকক মুক্তভাৱে সমাজৰ অন্যান্য কামত অংশগ্ৰহণৰ সুবিধা কৰি দিবলৈ শিশুবোৰক নাৰ্চাৰি স্কুলত আৱদ্ধ কৰি ৰখা হয়। এনেবোৰ মন্তব্যৰ ওপৰত আমাৰ বক্তব্য দিবলৈ নগৈ মাথোন ক’ব পাৰি যে পূৰ্ব-প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ প্ৰকৃত উদ্দেশ্য, ইয়াৰ সামাজিক দায়িত্ব আৰু ভূমিকা সম্বন্ধে আমাৰ ধাৰণা স্পষ্ট হৈ উঠিলে এনেবোৰ মন্তব্য এৰাই চলিব পাৰি। সি যি কি নহওক, শিশুৰ সামাজিকৰণৰ দিশত থকা এই পৰ্যায়ৰ শিক্ষাৰ কেতবোৰ বিশেষ সামাজিক দায়িত্ব আৰু ভূমিকা তলত চমুকৈ উল্লেখ কৰা হৈছে।

(১) পৰিয়ালৰ বিভিন্ন জনৰ মাজত সামাজিক আদান-প্ৰদান কৰিবৰ বাবে কেতবোৰ মানবিশিষ্ট আৰু সমাজৰ গ্ৰহণযোগ্য নীতি-নিয়মৰ শিক্ষা শিশুক এই পৰ্যায়ৰ শিক্ষাই দিব পাৰে। কেতবোৰ সাংস্কৃতিক আৰু নৈতিক জীৱনৰ প্ৰয়োজনীয় অভ্যাসো শিশু আচৰণত গঢ় দি তোলাত ই সহায় কৰে।

(২) শিশুৰ অনুশাসন সম্বন্ধীয় সচেতনতা আৰু স্বাস্থ্যৰক্ষা সম্বন্ধীয় প্ৰাথমিক জ্ঞান দিবৰ বাবে নাৰ্চাৰি পৰ্যায়ৰ শিক্ষা বিশেষ সহায়কাৰী। এনেবিধ শিক্ষাই শিশুক নিজ পৰিৱেশৰ লগত ভালদৰে খাপ খুৱাই লোৱাত আৰু উপযুক্তভাৱে প্ৰতিক্ৰিয়া কৰাৰ বাবে সাহসী কৰি তোলে।

(৩) শিশুৱে দলগত ক্ৰিয়া-কলাপ, সামূহিক ক্ৰিয়া-আচৰণ আৰু খেলা-ধূলা আদিত সহযোগিতাৰ মনোভাৱেৰে অংশগ্ৰহণ কৰিবৰ বাবে প্ৰয়োজনীয় শিক্ষা আৰু প্ৰস্তুতি পূৰ্ব-প্ৰাথমিক স্কুলৰ পৰা পাব পাৰে। পৰৱৰ্তী কালত এনে অভিজ্ঞতাৰে শিশুৱে বিভিন্ন সামাজিক পৰিৱেশত সহজ হৈ উঠিব পাৰে আৰু উপযুক্ত প্ৰতিক্ৰিয়া যোগে সুস্থ সমাযোজন স্থাপন কৰিব পাৰে।

(৪) শিশু-প্ৰকৃতি আৰু শিশুৰ প্ৰয়োজন আদি পূৰণৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্ব-প্ৰাথমিক স্কুলৰ পৰিৱেশ মুক্ত আৰু স্বতঃস্ফূৰ্ত ৰূপে গঢ় দি তোলা হয়। ফলত ই শিশুসুলভ স্বাধীনতা আৰু আত্ম-প্ৰকাশৰ প্ৰবৃত্তিক প্ৰয়োজন অনুসৰি নিয়ন্ত্ৰিত কৰি সমাজৰ গ্ৰহণযোগ্য পথে পৰিচালিত কৰিব পাৰে। ইয়াৰ শিক্ষা পৰিৱেশ হৈছে মুক্ত অথচ প্ৰয়োজন অনুসৰি নিয়ন্ত্ৰিত।

(৫) সামাজিক পৰিৱেশৰ প্ৰতি উপযুক্তভাৱে প্ৰতিক্ৰিয়া কৰিবলৈ গ্ৰহণেন্দ্ৰিয় সমূহৰ শিক্ষা আৰু অনুশীলনৰো প্ৰয়োজন। সেইবাবে পূৰ্ব-প্ৰাথমিক স্কুলত শিশুৱে ইন্দ্ৰিয়সমূহৰ বিজ্ঞানসন্মত শিক্ষা আৰু সামাজিক পৰিৱেশৰ প্ৰতি যথোচিত প্ৰতিক্ৰিয়াশীল ক্ষমতা লাভ কৰিব পাৰে। তাৰ ফলত শিশুৱে আশানুৰূপ সামাজিক প্ৰতিক্ৰিয়া আৰু আচৰণ প্ৰদৰ্শন কৰিব পাৰে।

(৬) শিশুৰ স্বভাৱ-সুলভ কল্পনাপ্ৰিয়তা আৰু ছন্দময় লয়লাসৰ প্ৰতি লক্ষ্য ৰাখি এই পৰ্যায়ৰ শিক্ষাত নৃত্য-গীত, আবৃত্তি আদি শিকোৱাৰো ব্যৱস্থা কৰা হয়। ইয়াৰ ফলস্বৰূপে শিশুৱে সমাজৰ সাংস্কৃতিক জীৱনৰ লগতো পৰিচিত হৈ উঠি সাধ্যানুসাৰে তাত অংশগ্ৰহণৰ সুবিধা পাব পাৰে।

(৭) পাৰিবাৰিক আৰু সামাজিক জীৱনত গ্ৰহণ কৰি অহা নৈতিক আৰু আধ্যাত্মিক ক্ৰিয়া-আচৰণ তথা আদৰ্শসমূহৰ শিক্ষা অনুশীলনৰ ক্ষেত্ৰতো এই পৰ্যায়ৰ শিক্ষাই শিশুক সহায় কৰিব পাৰে। এই পৰ্যায়ত নীতিজ্ঞান শিক্ষাৰ এক কাৰ্যকৰী অভিজ্ঞতাই শিশুক পৰৱৰ্তী কালত তাৰ আচৰণ সামাজিক কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

প্ৰাথমিক শিক্ষা হৈছে শিশুৰ আনুষ্ঠানিক শিক্ষাৰ পৰ্যায়। এই পৰ্যায়ত শিশুক সমাজৰ কেতবোৰ গ্ৰহণযোগ্য নীতি-নিয়ম আৰু অনুশাসন ব্যৱস্থা মানি চলিবলৈ শিকোৱা হয়। প্ৰবৃত্তি পৰিচালিত শিশুৰ আচৰণ এক উদ্দেশ্যপ্ৰণোদিত আৰু সচেতন ৰূপত দেশ আৰু সমাজৰ আশা-আকাংক্ষা পূৰণ কৰিব পৰাকৈ নিয়ন্ত্ৰিত আৰু পৰিচালিত কৰিবলৈ বিচৰা হয়। সেইবাবে ইয়াৰ উদ্দেশ্য আৰু কাৰ্য-পৰিসৰ স্বাভাৱিকতেই পূৰ্ব-প্ৰাথমিক পৰ্যায়তকৈও অধিক সমাজ সচেতন। শিশুক সামাজিকৰণৰ দিশত অনুভৱ কৰা প্ৰাথমিক স্কুলৰ এই দায়িত্ব সম্বন্ধে বৰ্তমান শিক্ষাবিদসকলে অধিক সচেতন হৈ উঠিছে। এই সম্বন্ধীয় কেতবোৰ গুৰুত্বপূৰ্ণ দিশৰ প্ৰতি থকা এই পৰ্যায়ৰ শিক্ষাৰ দায়িত্ব তলত চমুকৈ উল্লেখ কৰা হৈছে।

(১) প্ৰাথমিক পৰ্যায়ৰ স্কুলীয়া শিক্ষাৰ পৰিৱেশ অতি দৃঢ় বা কঠোৰ নহয় আৰু সম্পূৰ্ণ মু্ক্ত বা অনিয়ন্ত্ৰিতও নহয়। শিশুৰ সামাজিকভাৱে অবাঞ্চনীয় প্ৰবৃত্তিসমূহ দমন কৰি সমাজৰ গ্ৰহণযোগ্য ক্ৰিয়া-প্ৰৱণতাসমূহ বিকশাই তুলিবৰ বাবে এই পৰ্যায়ত এনে শিক্ষা পৰিৱেশৰ প্ৰয়োজন।

(২) এই সময়ত শিশুৰ মনত সামাজিক দায়িত্ববোধ আৰু সমাজৰ একাত্মবোধ ভাব গঢ় দি তুলিব লাগে। সেই হেতুকে সমূহীয়া আঁচনি আৰু ক্ৰিয়া-কলাপত শিশুৱে ইচ্ছাকৃতভাৱে সহযোগিতা কৰিব পৰা প্ৰণালীবদ্ধ কাৰ্যসূচী ইয়াত অন্তৰ্ভুক্ত কৰা হয়।

(৩) শিশুৰ মনত পৰিৱেশৰ প্ৰকৃতি, মানুহ আৰু সমাজৰ বিষয়ে স্বাভাৱিক কৌতূহল প্ৰৱণতা এই সময়ত জাগি উঠে। ইয়াক সামাজিক দিশত উদ্দেশ্যপূৰ্ণ আৰু ফলপ্ৰসূভাৱে পূৰণ কৰিবলৈ সামাজিক মূল্য থকা কেতবোৰ চিন্তা আৰু ক্ৰিয়া জড়িত বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হয়।

(৪) সামাজিক ক্ৰিয়াত শিশুৰ অংশগ্ৰহণ আৰু সহযোগিতাৰ এক পৰিৱেশ সৃষ্টি কৰি শিশুৰ সুপ্ত অৱস্থাত থকা ব্যক্তি-প্ৰতিভা আৰু ক্ৰিয়া-পটুতা আদিৰো ইয়াত বুজ ল’ব পাৰি। ইয়াৰ ফলস্বৰূপে ব্যক্তিবিশেষে থকা এনে শিশু-প্ৰতিভা বিকাশৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

(৫) আজিৰ শিশু হৈছে ভৱিষ্যৎ সমাজৰ উত্তৰাধিকাৰী। সেইবাবে প্ৰাথমিক স্কুলে ছাত্ৰক সমাজৰ প্ৰচলিত নীতি-নিয়ম, আদৰ্শ, আস্থা, নিষ্ঠা, বিশ্বাস আদি মানি চলিবলৈ আৰু তাৰ অনুগামী হ’বলৈ শিকায়।

(৬) বাল্যকালৰ দ্বিতীয়াৰ্ধত ল’ৰা-ছোৱালীৰ মনত দলগত মনোভাৱে দেখা দিয়ে। এই সম্বন্ধীয় মনোবৃত্তি আৰু ইয়াৰ কাৰ্য-কলাপক অসামাজিক আৰু ধ্বংসমুখী হ’বলৈ এৰি নিদি প্ৰাথমিক স্কুলসমূহ ক্ৰিয়া-আঁচনিৰ যোগে সুসংগঠিত আৰু সুপৰিচালিত কৰি তুলিব পাৰে।

(৭) সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ গৃহ পৰিৱেশৰ পৰা লৈ অহা শিশুৰ কেতবোৰ অসুস্থ আৰু অসামাজিক প্ৰভাৱ প্ৰাথমিক শিক্ষাৰ পৰিৱেশে গুচাবলৈ অথবা আৱশ্যকীয় সংশোধন কৰিবলৈ সমৰ্থ হ’ব পাৰে।

শিশুৰ জৈৱিক পশু প্ৰবৃত্তি পৰিচালিত আত্মকেন্দ্ৰিক ক্ৰিয়া-আচৰণবোৰ ক্ৰমে সংশোধন কৰি সমাজমুখী কৰি তোলাৰ গুৰু দায়িত্ব হৈছে শিক্ষাৰ। শিশু স্বাভাৱিকতেই বিকাশশীল। বিকাশৰ এই গতিকে প্ৰয়োজন মতে সচেতনভাৱে নিয়ন্ত্ৰণ কৰা আৰু ভৱিষ্যতৰ প্ৰতি দিগদৰ্শন কৰাৰ দায়িত্ব শিক্ষক-অভিভাৱককে ধৰি সমাজৰ সকলো দায়িত্বশীল লোকৰে। সমাজৰ সকলো লোকৰে সন্মতিপ্ৰাপ্ত অথবা গ্ৰহণযোগ্য হৈ উঠা নীতি আৰু পদ্ধতিৰ দ্বাৰা শিশুৰ আচৰণ গঢ় দি তুলিব লাগে। সমাজৰ লোকৰ সন্মতি বা স্বীকৃতি নথকা যেইকোনো ক্ৰিয়া-আচৰণ জন্তুৰ দৰে নিৰ্বোধ আৰু প্ৰবৃত্তি পৰিচালিতভাৱে কৰিবলৈ মানৱ শিশুক এৰি দিব নোৱাৰি। তাৰ ব্যক্তিগত চিন্তা, ক্ৰিয়া আৰু অনুভূতিক সমাজৰ লোকৰ গ্ৰহণযোগ্য আৰু সাংস্কৃতিকভাৱে স্বীকৃতিপ্ৰাপ্ত চিন্তা, ক্ৰিয়া আৰু অনুভূতিৰ গতি প্ৰবাহত পেলাই দিব পাৰিব লাগে। ইয়াকেই কোৱা হয় শিশুৰ সামাজিকৰণ প্ৰক্ৰিয়া। ই সমাজ বিজ্ঞানৰ এক তাৎপৰ্যপূৰ্ণ ধাৰণা। এই সম্বন্ধে বহলাই আলোচনা কৰাটো অৱশ্যে আমাৰ এই অধ্যায়ৰ উদ্দেশ্য নহয়।

এই প্ৰসংগত উল্লেখযোগ্য যে সামাজিকৰণ শিশু-বিকাশৰ এটা উদ্দেশ্য হ’লেও ইয়াক একমাত্ৰ উদ্দেশ্য বুলি গণ্য কৰিব নোৱাৰি। সামাজিকৰণৰ লগে লগে শিশুৱে নিজ ব্যক্তিসত্বা অথবা ব্যক্তি স্বাতন্ত্ৰতা উপলব্ধি কৰি উঠাটোও এই ক্ষেত্ৰত সমানেই প্ৰয়োজন। প্ৰতিটো শিশুৰেই নিজ ব্যক্তিত্ব সমাজৰ মাজেদি গঢ় লৈ উঠে। সমাজৰ সংস্পৰ্শত যিদৰে আত্মকেন্দ্ৰিক শিশুৰ সংলক্ষণবোৰ সমাজমুখী হৈ উঠে, ঠিক তেনেদৰে সামাজিক পৰিৱেশেই তাৰ নিজস্ব ইচ্ছা, আগ্ৰহ, প্ৰয়োজন, মতামত, বিৰোধভাব আদি উপযুক্তভাৱে প্ৰতিপন্ন কৰিবলৈ আত্ম-সচেতন কৰিও তোলে। শিশুৰ সামাজিকৰণে তাৰ ব্যক্তিসত্বাৰ বিলোপ সাধন কৰা নুবুজায়। শিশু ব্যক্তিত্বৰ সামগ্ৰিক বিকাশ এই দুই দিশৰ সুসামঞ্জস্যৰ যোগেদিহে সম্ভৱ হৈ উঠিব পাৰে। সেয়েহে ক’ব পাৰি যে শিশুৰ সামাজিকৰণ আৰু ব্যক্তিকৰণ অথবা ব্যক্তি স্বাতন্ত্ৰীকৰণ এটা আনটোৰ পৰিপূৰকহে, পৰস্পৰ বিৰোধ ব্যৱস্থা নহয়।

(উৎসঃ শিশু বিকাশৰ ৰূপৰেখা, যতীন বৰুৱা)।

2.98113207547
ভাৰত শইকীয়া Dec 09, 2017 12:35 AM

শিশুৰ পঠন আৰু লিখনৰ উল্লেখযোগ্য পদ্ধতিৰ সমূহৰ বিষয়ে জনাব অলপ বহলভাৱে ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top