অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সামগ্ৰিকতাবাদঃ

সামগ্ৰিকতাবাদৰ বিষয়ে লিখা হৈছে

 

ইয়াৰ উৎপত্তিঃ-

 

সমসাময়িক মনোবিজ্ঞানৰ চিন্তাধাৰাৰ বুৰঞ্জীত ১৯১২ চনটোক বিশেষ তাৎপৰ্যপূৰ্ণ বুলিব পাৰি। কাৰণ এই একে সময়তেই আমেৰিকা যুক্তৰাষ্ট্ৰত আচৰণবাদ আৰু জাৰ্মানীত গেষ্টাল্ট বা সামগ্ৰিকতাবাদ দুটা ভিন্নমুখী আৰু পৰস্পৰ বিৰোধী চিন্তাধাৰাৰ জন্ম হয়। উল্লেখযোগ্য যে এই দুয়োটা চিন্তাধাৰাই প্ৰথম অৱস্থাত স্বতন্ত্ৰভাৱে আৰু এটা আনটোৰ লগত সম্বন্ধ নথকাকৈ নিজ নিজ চিন্তাৰ তাত্ত্বিক বিশ্লেষণ দাঙি ধৰে। পৰৱৰ্তী কালতহে এটা আনটোৰ লগত পৰিচিত হৈ উঠে আৰু পৰস্পৰ মতবিৰোধ অধিক শক্তিশালী হৈ উঠে।

গেষ্টাল্ট মতবাদৰ সৃষ্টিকৰ্তা হৈছে তিনিজন বিশিষ্ট জাৰ্মান মনোবিজ্ঞানী, যেনে- মেক্স ৱাথিমাৰ (১৮৮০-১৯৪৩), উলফগেং ক’হলাৰ (১৮৮৬) আৰু কুৰ্ট কফকা (১৮৮৬-১৯৪১)। তেওঁলোকে সেই সময়ৰ য়ুণ্টৰ বিশ্লেষণাত্মক মনোবিজ্ঞানৰ বিৰোধিতা কৰিছিল। কাৰণ এই চিন্তাধাৰাই জ্ঞান-অভিজ্ঞতাৰ সূক্ষ্মতম দিশত বিশ্লেষণ বা সামান্যিকৰণৰ দিশত অৱহেলা কৰিছিল। সেইবাবে এই তিনিজন গেষ্টাল্ট মনোবিজ্ঞানীয়ে মানুহৰ জ্ঞান-বিকাশৰ এনে গতিধাৰাৰ বিৰোধিতা কৰি উঠিছিল আৰু ইয়াক ‘ইটা’ আৰু ‘পাথৰ’ৰ মনোবিজ্ঞান স্বৰূপে তেওঁলোকে গণ্য কৰিছিল আৰু ইয়াৰ বিপৰীতে সামগ্ৰিকতাবাদৰ এক দৃষ্টিভংগী গঢ় দি তুলিছিল। তেওঁলোকে অনুভৱ কৰি উঠিছিল যে জ্ঞানৰ গতিধাৰা তলৰ পৰা ওপৰলৈ, অৰ্থাৎ বিশেষিকৰণৰ পৰা সামান্যিকৰণলৈহে গতি কৰিব লাগে।

জ্ঞান সম্বন্ধে এই দৃষ্টিভংগী ফ্ৰেংক ফোৰ্ট বিশ্ববিদ্যালয়ৰ পৰীক্ষাগাৰত কৰা তেওঁলোকৰ এক পৰীক্ষণ কাৰ্যৰ যোগেদিও প্ৰমাণিত হৈ উঠে। ইয়াত ৱাথিমাৰে পৰীক্ষক আৰু কহলাৰ আৰু কোফকাই পৰীক্ষণীয় ব্যক্তি স্বৰূপে ভূমিকা গ্ৰহণ কৰে। তেওঁলোকে চিনেমা প্ৰজেক্টৰত ফিল্মৰ গতি নিৰীক্ষণ কৰি আৰু তাৰ পৰা সামগ্ৰিকভাৱে ছবিৰ অৰ্থ প্ৰদান কৰা অভিজ্ঞতাৰে মানুহৰ মনৰ সংবোধন অভিজ্ঞতাৰ স্বৰূপ অনুভৱ কৰি উঠে। তেওঁলোকে লক্ষ্য কৰে যে প্ৰজেক্টৰত প্ৰদান কৰা চেলুলইড ফিল্মৰ চিত্ৰ, এই চিত্ৰবোৰৰ মাজত থকা স্থানৰ ব্যৱধান আৰু এইসমূহক এক নিৰ্দিষ্ট গতিত কৰা সঞ্চালন আৰু পোহৰ সঞ্চালন কাৰ্যই এক সামগ্ৰিক ৰূপত আমাৰ মনত বিষয়বস্তুৰ জ্ঞান বা সংবোধন প্ৰদান কৰে।

এই বাস্তৱ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে সমসাময়িক মনোবিজ্ঞানৰ চিন্তাধাৰাৰ প্ৰকৃত দুৰ্বলতা বুজি উঠিব পাৰে আৰু ইয়াৰ বিৰুদ্ধে সামগ্ৰিকতাবাদৰ দৃষ্টিভংগী দৃঢ়তাৰে প্ৰতিপন্ন কৰে। তেওঁলোকে মত প্ৰকাশ কৰে যে বিষয়বস্তুৰ অংশসমূহত পৃথক পৃথকভাৱে আৰু বিশেষিকৰণৰ দৃষ্টিৰে গুৰুত্ব আৰোপ কৰিব লাগে। অংশসমূহৰ প্ৰতি কৰা দৃষ্টি নিক্ষেপকৰণে তাৰ সমগ্ৰতাৰ দৃষ্টি গুৰুত্বহীন কৰি তুলিব নালাগে। অন্তঃপ্ৰেক্ষণ পদ্ধতিৰ বিৰুদ্ধে আচৰণবাদে যি মনোভাৱ প্ৰকাশ কৰে তাৰো এওঁলোকে সমালোচনা কৰে।

সামগ্ৰিকতাবাদৰ অৰ্থঃ

 

গেষ্টাল্ট হৈছে এক জাৰ্মান ভাষাৰ শব্দ যাৰ অৰ্থ হৈছে গঠন, আকাৰ বা বহিৰাকৃতি। ইয়াৰ শাব্দিকভাৱে পোৱা অৰ্থ হৈছে বিষয়বস্তুক সমগ্ৰভাৱে চোৱা। আমাৰ প্ৰতিটো বিষয় কেতবোৰ অংশৰ দ্বাৰা গঠিত। এই অংশসমূহ স্বাভাৱিকতেই পৰস্পৰ সম্বন্ধযুক্ত হৈ থাকে। সেইবাবে বিষয়বস্তুক আমি পৰ্যবেক্ষণ, নিৰীক্ষণ বা অধ্যয়ন কৰিবলৈ যাওঁতে অংশসমূহৰ অন্তৰ্নিহিত সম্বন্ধ স্থাপন কৰি তাক সমগ্ৰ ৰূপত বিবেচনা কৰিব লাগে। অংশসমূহৰ পৃথক পৃথক বিবেচনাই বিষয়বস্তুৰ সমগ্ৰতাৰ দৃষ্টি আৰু অনুভৱ ক্ষতিগ্ৰস্ত কৰি তুলিব নালাগে। কাৰণ বিষয়বস্তুৰ সমগ্ৰতাইহে তাৰ অংশসমূহৰ বৈশিষ্ট্য আৰু আচৰণ নিৰ্ধাৰণ কৰিব পাৰে। এই কথা কেৱল বৌদ্ধিক চিন্তা আৰু অনুমানৰ যোগে পোৱা মনৰ এক নতুন উদ্ভাৱন কাৰ্য মাথোন নহয়, ই বাস্তৱ পৰীক্ষণ কাৰ্যৰ দ্বাৰাও সমৰ্থিত।

গেষ্টাল্টবাদীসকলে সমগ্ৰতাৰ এনে দৃষ্টি আৰু দৰ্শনক পাৰমাণৱিক আৰু উপাদানভিত্তিক চিন্তাধাৰাৰ বিপৰীতে এক বৈপ্লৱিক আন্দোলন স্বৰূপে উপস্থাপন কৰিছে। তেওঁলোকে মনোবিজ্ঞানত মানুহৰ আচৰণক যান্ত্ৰিকভাৱে R – S সূত্ৰত আৱদ্ধ কৰা আৰু পৰিমাণিকৰণ কৰি বিশ্লেষণ কৰা কাৰ্যৰ বিৰোধিতা কৰে। মানৱ আচৰণক সামগ্ৰিক ৰূপত গুণগতভাৱেহে অধ্যয়ন আৰু বিশ্লেষণ কৰিব পাৰি। বিষয়বস্তুৰ এনে সামগ্ৰিক অধ্যয়ন আৰু পৰ্যবেক্ষণত স্বাভাৱিকতেই মন আৰু মস্তিষ্কৰ প্ৰভাৱ স্পষ্ট। মানৱ মস্তিষ্কক কেৱল সংবেদন আৰু সঞ্চালন স্নায়ুৰ যান্ত্ৰিক ৰূপত সংযোগকাৰী যন্ত্ৰ স্বৰূপে বৰ্ণনা কৰিব নোৱাৰি। বিভিন্ন ইন্দ্ৰিয়যোগে সংবেদন অনুভূতি মানৱ মস্তিষ্কই গতিশীলভাৱে সুসংগঠন কৰি তাৰ সমগ্ৰ ৰূপতহে অৰ্থ প্ৰদান কৰে। সেইবাবে গেষ্টাল্ট হৈছে বৰ্তমানৰ যান্ত্ৰিকতা আৰু বিজ্ঞানৰ পাৰমাণৱিকতা দৃষ্টিভংগীৰ বিপৰীতে এক সাৱধান বাণী আৰু প্ৰত্যাহ্বান স্বৰূপ।

সামগ্ৰিকতাবাদৰ মূল দৃষ্টিকোণসমূহঃ

 

সামগ্ৰিকতাবাদ বৰ্তমান সময়ৰ চিন্তাবিদ আৰু বুদ্ধিজীৱীসকলৰ বাবে এক বিশেষ বিবেচ্য বিষয়। আধুনিক শিক্ষাৰ তাত্ত্বিক আৰু প্ৰায়োগিক দিশতো এই চিন্তাধাৰাই বিশিষ্ট প্ৰভাৱ পেলাইছে। ইয়াৰ বিভিন্ন দৃষ্টিকোণসমূহৰ লগত আমাৰ পৰিচয় থকাটো সেয়েহে অতি প্ৰয়োজন। এই প্ৰসংগত ইয়াৰ তাত্ত্বিক বিশ্লেষণ কৰিবৰ বাবে নিম্নলিখিত দিশসমূহ আমাৰ বিবেচনাযোগ্য।

(১) মানসিক ক্ৰিয়াৰ গতিশীল সংগঠনঃ

গেষ্টাল্ট মনোবিজ্ঞানীসকলে বিশ্বাস কৰে যে আমাৰ মানসিক ক্ৰিয়া সামগ্ৰিক ৰূপত একক ক্ৰিয়া স্বৰূপেহে সংঘটিত হয়। ভিন ভিন ইন্দ্ৰিয়যোগে পোৱা দৃষ্টি, শব্দ, স্পৰ্শ আদি সংবেদন অনুভূতি মস্তিষ্কত পৃথক পৃথক হৈ নাথাকে। এইসমূহ ইন্দ্ৰিয় অনুভূতি মস্তিষ্কত সুসংগঠিত হৈ উঠি ব্যক্তিৰ ক্ৰিয়া আচৰণ নিৰ্ধাৰণ আৰু পৰিচালনা কৰে। আমাৰ প্ৰমস্তিষ্ক অঞ্চলৰ প্ৰাথমিক ক্ৰিয়াই হৈছে এই ভিন ভিন ইন্দ্ৰিয় অভিজ্ঞতাসমূহক এক গতিশীল ৰূপত সংগঠন আৰু সমন্বয় সাধন কৰি তাৰ এক গ্ৰহণযোগ্য অৰ্থ আৰু ব্যাখ্যা প্ৰদান কৰা। মস্তিষ্কৰ এই সুসংগঠিত সামগ্ৰিক বিধৰ একক ক্ৰিয়াক টেলিফোনৰ অথবা বিজুলী চাকিৰ চুইচ বোৰ্ডৰ লগত তুলনা কৰিব নোৱাৰি, যত প্ৰতিটো লাইনৰ বাবে পৃথক পৃথকভাৱে ক্ৰিয়া নিৰ্দিষ্ট কৰি ৰখা হয়।

মনোবিদ ৱাৰ্থিমাৰে মস্তিষ্কৰ এই সুসংগঠিত বিধৰ সামগ্ৰিক ক্ৰিয়াক সিঁচৰিত কেতবোৰ বিন্দু আৰু ৰেখাৰ সহায়েৰে প্ৰমাণ কৰি দেখুৱায়। এনে নিৰীক্ষণত ব্যক্তিয়ে ৰেখাবোৰৰ মাজত থকা যি ব্যৱধান তাক নিজ মনৰ মাজত সংযোগ কৰি প্ৰদত্ত বিষয়বস্তুৰ নতুন অৰ্থ প্ৰদান কৰা। এনে নিৰীক্ষণ কাৰ্যত ব্যক্তিমনৰ এক গতিশীল সংগঠন কাৰ্য স্পষ্ট হৈ উঠে। এই ক্ষেত্ৰত উল্লেখযোগ্য যে উদ্দীপক স্বৰূপে যি দিয়া হৈছে আৰু ব্যক্তিয়ে তাৰ যি প্ৰত্যক্ষ কৰিছে তাৰ মাজত মনৰ এক গতিশীল সংগঠন ক্ৰিয়া সংগঠিত হৈছে। আচৰণবাদৰ S – R সূত্ৰই সেয়েহে মানুহৰ আচৰণ বা প্ৰতিক্ৰিয়া যান্ত্ৰিক ৰূপত ব্যাখ্যা কৰিব নোৱাৰে।

(২) প্ৰত্যক্ষমূলক আৰু সঞ্চালনমূলক ক্ৰিয়াৰ ফলস্বৰূপে আচৰণঃ

গেষ্টাল্টবাদীসকলৰ মতে মানুহৰ আচৰণ প্ৰতিক্ৰিয়া হৈছে দৈহিক আৰু মানসিক ক্ৰিয়াৰ যুটীয়া প্ৰভাৱৰ ফলস্বৰূপ। ই কেৱল মাথোন দৈহিক যন্ত্ৰচালিত ক্ৰিয়া আৰু তাৰ অনুবন্ধনৰ ফলস্বৰূপ নহয়। ইন্দ্ৰিয় অনুভূতিসমূহে মস্তিষ্ক ক্ৰিয়াৰ সাংগঠনিক প্ৰভাৱৰ সৃষ্টি কৰে। এনে মানসিক প্ৰভাৱেহে ব্যক্তিৰ সঞ্চালন ক্ৰিয়াৰ দৈহিক আচৰণ গঢ় দি তোলে। গেষ্টাল্টবাদীসকলে আচৰণৰ দৈহিক সঞ্চালনমূলক দিশ অস্বীকাৰ নকৰে। কিন্তু এনে সঞ্চালন ব্যক্তিমনৰ প্ৰত্যক্ষণ বা সংশোধনমূলক ক্ৰিয়াই সৃষ্টি কৰি তোলাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে। সামগ্ৰিকতাবাদৰ এই দৃষ্টিকোণৰ পৰা সেয়েহে কব পাৰি যে বহি থকা অৱস্থাত এটা মহে গাত পৰি বিন্ধিলে আমি মনত তাৰ উপস্থিতি প্ৰত্যক্ষণ কৰি উঠো। এই মানসিক অভিজ্ঞতাই দেহত সঞ্চালন ক্ৰিয়াৰ সৃষ্টি কৰে আৰু তাৰ ফলস্বৰূপে মহটো পৰা ঠাইত হাতখনৰ সঞ্চালন কৰো। সেয়েহে আচৰণক একপক্ষীয় দৈহিক সঞ্চালনমূলক ক্ৰিয়া বুলি কৈ পেলাব নোৱাৰি। মনৰ প্ৰত্যক্ষণ বা সংবোধনমূলক ক্ৰিয়াই দেহৰ সঞ্চালনমূলক ক্ৰিয়াৰ সৃষ্টি কৰে। সেয়েহে ব্যক্তিৰ দৈহিক আচৰণৰ উৎস হৈছে মন বা মস্তিষ্ক ক্ৰিয়াৰ প্ৰভাৱ।

(৩) প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ বিপৰীতে অন্তৰ্দৰ্শনঃ

গেষ্টাল্টবাদীসকলে প্ৰচেষ্টা আৰু ভুলৰ যান্ত্ৰিক শিক্ষণ পদ্ধতিৰো বিৰোধিতা কৰে। প্ৰচেষ্টা আৰু ভুল পদ্ধতিত কোৱা হয় যে শিক্ষণ হৈছে অন্ধ আৰু যান্ত্ৰিকভাৱে ক্ৰিয়াৰ অনুশীলনৰ পৰিণতি। ইয়াত সফল প্ৰচেষ্টা গ্ৰহণ আৰু বিফল প্ৰচেষ্টা ত্যাগ কৰা হয়। গেষ্টাল্টবাদীসকলে মানসিক সংগঠন আৰু অন্তৰ্দৰ্শনৰ অবিহনে শিক্ষণ সম্ভৱ হৈ উঠাৰ কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে। শিক্ষণৰ দৈহিক যন্ত্ৰচালিত পদ্ধতিৰ বিপৰীতে মনোবিদ কহলাৰে কুকুৰা, চিম্পাঞ্জী আদিৰ লগত বিস্তৃতভাৱে পৰীক্ষা কাৰ্য চলায়। এনে পৰীক্ষণ কাৰ্যৰ পৰা তেওঁ এই মতত উপনীত হয় যে আনকি জীৱ-জন্তুবোৰেও অন্ধ আৰু যন্ত্ৰচালিত প্ৰচেষ্টা আৰু ভুল পদ্ধতি নিজ সমস্যা সমাধানৰ বাবে গ্ৰহণ নকৰে। নিজ ক্ৰিয়াৰ পুনৰাবৃত্তি কৰে যদিও এনে পুনৰাবৃত্তিয়ে মানসিক সংগঠন আৰু অন্তৰ্দৰ্শন ক্ষমতাৰ সৃষ্টি কৰে। কহলাৰে লক্ষ্য কৰে যে ক্ৰিয়াৰ পুনৰাবৃত্তিৰ ফলত জন্তুবিলাকেও পূৰ্বৰ অসহায় আৰু অন্ধ অৱস্থাৰ পৰা আত্মনিৰ্ভৰশীলতাৰ অৱস্থা লাভ কৰে। সিহঁতেও পূৰ্ব-অভিজ্ঞতাৰ স্মৃতি প্ৰয়োগ কৰি নতুন পৰিস্থিতিৰ সন্মুখীন হ’বৰ বাবে অভিজ্ঞতাৰ স্থানান্তৰ কৰিব পাৰে। ই জীৱ-জন্তুবিলাকৰো মানসিক সংগঠন আৰু অন্তৰ্দৰ্শন ক্ষমতাৰ পৰিচয় দিয়ে। সেইবাবে গেষ্টাল্টবাদীসকলে প্ৰচেষ্টাৰ যান্ত্ৰিক পদ্ধতিৰ বিপৰীতে শিক্ষণত অন্তৰ্দৰ্শন পদ্ধতিৰ সপক্ষে দৃঢ়তাৰে মত প্ৰকাশ কৰে।

(৪) আচৰণজনিত পৰিৱেশৰ ধাৰণাঃ

গেষ্টাল্ট মনোবিজ্ঞানৰ দৃষ্টিভংগীৰ এক নতুনত্ব হৈছে প্ৰাকৃতিক বা ভৌগোলিক পৰিৱেশৰ উপৰিও আচৰণজনিত পৰিৱেশৰ ধাৰণা দাঙি ধৰাটো। মনোবিদ কফকাই নিৰ্ভৰযোগ্যভাৱে দেখুৱায় যে ব্যক্তিয়ে পৰিৱেশক যিদৰে নিৰীক্ষণ বা প্ৰত্যক্ষণ কৰে প্ৰকৃতপক্ষে ভৌগোলিক বা প্ৰাকৃতিক পৰিৱেশ হুবহু তেনে নহ’বও পাৰে। তেওঁ আঙুলিয়াই দিয়ে যে ব্যক্তিৰ মনত নিজস্ব এক অনুভৱ তথা মানসিক উত্তেজনা থাকে, যাৰ ফলত প্ৰদত্ত পৰিৱেশৰ বিষয়বস্তুক এক নতুন দৃষ্টিভংগীৰে প্ৰত্যক্ষ কৰে। এজন মানুহৰ আচৰণ নিৰ্ভৰ কৰে তেওঁ পৰিৱেশটো নিজস্বভাৱে মানসিক ৰহন সানি প্ৰত্যক্ষ কৰাৰ ওপৰতহে, পৰিৱেশত প্ৰকৃততে কি আছে বা কি দিয়া হৈছে তাৰ ওপৰত নহয়। ইয়াৰ পৰা এই কথাও স্পষ্ট হৈ উঠে যে আমাৰ আচৰণ প্ৰদত্ত উদ্দীপকৰ প্ৰত্যক্ষ প্ৰভাৱত নহয়, সেই উদ্দীপকক আমাৰ মনে কেনে ৰূপত গ্ৰহণ কৰিছে তাৰ ওপৰতহে নিৰ্ভৰ কৰে। ইয়াৰ ফলত একেটা পৰিৱেশেই বিভিন্নজনৰ মনত বিভিন্নৰূপে প্ৰতিক্ৰিয়া তথা প্ৰত্যক্ষণৰ সৃষ্টি কৰিব পাৰে। ব্যক্তিমনৰ অনুভৱ আৰু দৃষ্টিভংগীৰ দ্বাৰা প্ৰভাৱিত হৈ পৰিৱেশৰ প্ৰতি কৰা আচৰণক সেয়েহে আচৰণজনিত পৰিৱেশ বুলি বৰ্ণনা কৰা হৈছে। এই কথাই আচৰণত যান্ত্ৰিকতাৰ দৃষ্টিভংগী যুক্তিসংগতভাৱে খণ্ডন কৰিব পাৰিছে আৰু মন তথা মস্তিষ্কৰ প্ৰভাৱ দৃঢ়তাৰে প্ৰতিপন্ন কৰি তুলিব পাৰিছে।

(৫) চৰিত্ৰ আৰু ব্যক্তিত্বৰ ধাৰণাঃ

ব্যক্তিৰ চৰিত্ৰ আৰু ব্যক্তিত্বক এই সামগ্ৰিকতাবাদে এক সমগ্ৰ ৰূপত পৰ্যবেক্ষণ কৰে। তেওঁলোকৰ মতে চৰিত্ৰ এজন লোকৰ বিভিন্ন বৈশিষ্ট্য অথবা গুণসমূহৰ যোগফল মাথোন নহয়। সেইদৰে ব্যক্তিত্ব হৈছে এজন লোকৰ বৈশিষ্ট্যসমূহৰ সুসংগঠিত এক সমগ্ৰতা। সেই হেতুকে তেওঁৰ প্ৰদৰ্শিত কোনো দৈহিক প্ৰতিক্ৰিয়াই এই সমগ্ৰতাৰ প্ৰতিফলন কৰিব নোৱাৰে। এজন লোকৰ ব্যক্তিত্বক সেয়েহে তেওঁৰ বিভিন্ন সংলক্ষণসমূহৰ যোগেদি বস্তুনিষ্ঠভাৱে পৰীক্ষণ বা পৰিমাপণ কৰিব নোৱাৰি। সংলক্ষণৰ এক জটিল সামগ্ৰিক ৰূপতহে ব্যক্তিত্বই প্ৰকাশ লাভ কৰে। গেষ্টাল্টবাদীসকলে আমাৰ আৱেগ-অনুভূতিৰ ক্ষেত্ৰতো অনুৰূপ দৃষ্টিভংগী গ্ৰহণ কৰে। তেওঁলোকৰ মতে আৱেগ হৈছে সমূহ সুখদায়ক আৰু দুখদায়ক অনুভূতিৰ এক জটিল প্ৰকাশ। সেই হেতুকে ইয়াক ব্যক্তিৰ সমগ্ৰ মুখমণ্ডলৰ আৱেগিক প্ৰতিফলনৰ বিবেচনাৰেহে গণ্য কৰিব লাগে।

ওপৰত কৰা আলোচনাৰ সাৰাংশ স্বৰূপে কব পাৰি যে গেষ্টাল্টবাদীসকলৰ মূল বক্তব্য হৈছে অংশসমূহৰ পৰিৱৰ্তে সমগ্ৰতাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰা, যান্ত্ৰিকতাৰ বিপৰীতে মানসিক সংগঠন ক্ৰিয়াত গুৰুত্ব আৰোপ কৰা আৰু দৈহিক ক্ৰিয়াৰ অন্ধ অনুশীলনৰ বিপৰীতে পৰ্যবেক্ষণ, নিৰীক্ষণ আৰু অন্তৰ্দৰ্শন পদ্ধতি গ্ৰহণ কৰা। বৰ্তমানৰ যান্ত্ৰিক আৰু পাৰমাণৱিক চিন্তাধাৰাৰ বিপৰীতে ই এক প্ৰৱল প্ৰত্যাহ্বান স্বৰূপ।

সামগ্ৰিকতাবাদৰ এটি সমালোচনাঃ

 

গেষ্টাল্ট মনোবিজ্ঞানে সমসাময়িকভাৱে প্ৰচলিত বিশ্লেষণাত্মক মনোবিজ্ঞানৰ প্ৰতিবাদকল্পে ইয়াৰ দৃষ্টিকোণসমূহ আগবঢ়ায়। ই আচৰণবাদ মনোবিজ্ঞানৰ অত্যধিক যান্ত্ৰিকতা আৰু দৈহিকতাৰ বিপৰীতেও এক সাৱধান বাণী স্বৰূপে থিয় দিয়ে। তেওঁলোকৰ সামগ্ৰিকতাৰ দৃষ্টিভংগী আৰু বক্তব্যসমূহ আচৰণবাদীসকলৰ দৰেই বাস্তৱ পৰীক্ষাভিত্তিক আৰু যুক্তিসংগতভাৱেই উপস্থাপন কৰি মনোবিজ্ঞানৰ চিন্তাবিদসকলৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে। সেইবাবে মনোবিজ্ঞানৰ মৌলিক চিন্তাধাৰাৰ ইতিহাসত তেওঁলোকে এক বিশিষ্ট স্থান অধিকাৰ কৰি আছে।

গেষ্টাল্টবাদীসকলৰ বিভিন্ন দৃষ্টিকোণৰ সমৰ্থনত প্ৰথমেই উল্লেখ কৰিব পাৰি যে পুৰণি অন্তঃপ্ৰেক্ষণ পদ্ধতিৰ ভূমিকাৰ প্ৰতি তেওঁলোকে উচিত বিবেচনা কৰিব পাৰিছে। আচৰণবাদীসকলে এই পদ্ধতি সম্বন্ধে গ্ৰহণ কৰা একপক্ষীয় চৰম দৃষ্টিভংগীৰ বিপৰীতে মত প্ৰকাশ কৰি মনোবিজ্ঞানত ইয়াৰ প্ৰয়োজনীয়তা পুনৰ প্ৰতিপন্ন কৰি তুলিছে। মনোবিজ্ঞান বিষয়ত আত্ম-নিৰীক্ষণ, প্ৰত্যক্ষণ আৰু অন্তৰ্দৰ্শনৰ বাবে অন্তঃপ্ৰেক্ষণ পদ্ধতিৰ এক বিশিষ্ট ভূমিকা আছে।

মানৱ আচৰণৰ প্ৰসংগত আচৰণবাদৰ চৰম যান্ত্ৰিকতাৰ দৃষ্টিভংগীৰ প্ৰতিবাদ স্বৰূপে মনৰ অস্তিত্ব পুনৰ স্বীকাৰ কৰা আৰু মনৰ প্ৰত্যক্ষণ অথবা সংবোধনাত্মক অভিজ্ঞতাক আতৰণৰ ভিত্তি স্বৰূপে বিবেচনা কৰাটো যুক্তিসংগত কথা। মনৰ এই প্ৰত্যক্ষণ ক্ষমতাইহে দৈহিক সঞ্চালন পৰিচালিত কৰে। সেইবাবে মানুহৰ মন অথবা মস্তিষ্ক পৰিচালিত ক্ৰিয়াক অস্বীকাৰ কৰি আচৰণৰ স্বৰূপ অধ্যয়ন কৰিব পৰা নাযায়। মানুহ আৰু জন্তুৰ আচৰণৰ মৌলিক পাৰ্থক্যও এই কথাৰ বিবেচনাৰেই কৰিব পৰা যায়।

গেষ্টাল্টবাদীসকলে সৰ্বাধিক গুৰুত্ব আৰোপ কৰা দৃষ্টিকোণটো হৈছে আংশিকতাৰ বিপৰীতে সামগ্ৰিকতাই প্ৰাধান্য লাভ কৰাটো। অংশসমূহৰ বিশ্লেষণাত্মক আৰু পাৰমাণৱিক অধ্যয়ন কৰিবলৈ যাওঁতেও আমি বিষয়বস্তুৰ সামগ্ৰিকতাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে। আংশিকতাৰ অধ্যয়নে সামগ্ৰিকতা ম্লান আৰু গুৰুত্বহীন কৰি পেলাব নালাগে,- এই কথাই হৈছে গেষ্টাল্ট মনোবিজ্ঞানৰ মূল বক্তব্য। আধুনিক চিন্তাজগতৰ অত্যধিক যান্ত্ৰিকতা আৰু পাৰমাণৱিকতাৰ প্ৰতি এই সাৱধান বাণী নিঃসন্দেহে অতি তাৎপৰ্যপূৰ্ণ বুলিব পাৰি।

ওপৰত উল্লেখ কৰা এই চিন্তাধাৰাৰ কেতবোৰ সবল দৃষ্টিকোণ থকা স্বত্তেও বৰ্তমান ই সমালোচনামুক্ত হৈ উঠিব পৰা নাই। কোৱা হয় যে আচৰণবাদী মনোবিজ্ঞানৰ দৰেই গেষ্টাল্ট মনোবিজ্ঞানৰ চিন্তাধাৰাও হৈছে একপক্ষীয় আৰু সেয়ে অনিষ্টকাৰী। জ্ঞানৰ বিশ্লেষণাত্মক আৰু বিশেষিকৰণৰ দিশৰ প্ৰতি ইয়াৰ আওকণীয়া আৰু গুৰুত্বহীনতাৰ মনোভাৱ আমাৰ বাবে উৎসাহজনক হৈ উঠিব নোৱাৰে। মানুহৰ জ্ঞান-অভিজ্ঞতাৰ সুস্থ বিকাশৰ বাবে বিশ্লেষণ আৰু সংশ্লেষণ এই দুয়োটা দিশতে সমন্বয় আৰু ভাৰসাম্য ৰক্ষা কৰি চলাটো প্ৰয়োজন। ইয়াৰ একপক্ষীয় বিকাশ আমাৰ বাবে সমৰ্থনযোগ্য নহয়। মানৱ অধ্যয়নকাৰী বিজ্ঞান স্বৰূপে মনোবিজ্ঞানে বিশ্লেষণ আৰু সংশ্লেষণ, বিশেষিকৰণ আৰু সামান্যিকৰণ এই দুয়োদিশৰ প্ৰতি সমানে গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজন। সামগ্ৰিকতাৰ একপক্ষীয় দৃষ্টিভংগীৰে মনোবিজ্ঞানৰ সুদৃঢ় ভেটি স্থাপন কৰিব পৰা নাযায়।

প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি সম্বন্ধে গ্ৰহণ কৰা গেষ্টাল্টবাদীসকলৰ দৃষ্টিকোণ আৰু মনোভাৱৰো বৰ্তমান সমালোচনা কৰা হয়। কোৱা হয় যে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি সম্পূৰ্ণৰূপে পৰিহাৰ কৰি অন্তৰ্দৰ্শনৰ প্ৰয়োগৰ যোগে শিক্ষা গ্ৰহণ কৰা দৃষ্টিভংগী বাস্তৱ ক্ষেত্ৰত অকাৰ্যকৰী। শিক্ষণৰ বেলিকা ব্যক্তিয়ে সমস্যাৰ সন্মুখীন হোৱা অৱস্থাত পোনেই অন্তৰ্দৰ্শন প্ৰয়োগ কৰাটো সম্ভৱপৰ নহয়। সমস্যাৰ সন্মুখত অন্ধভাৱে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰে কামত হাত দিয়াটোৱেই হৈছে সাধাৰণ নিয়ম। প্ৰচেষ্টা আৰু ভুলৰ যোগেদি আৰম্ভ কৰি আৰু তাৰ পুনৰাবৃত্তি কৰিহে ক্ৰমে পৰৱৰ্তী কালত ব্যক্তিয়ে অন্তৰ্দৰ্শন ক্ষমতা লাভ কৰি উঠিব পাৰে। অন্ধ প্ৰচেষ্টা হৈছে ইয়াৰ প্ৰাথমিক পৰ্যায় আৰু অন্তৰ্দৰ্শন হৈছে পৰৱৰ্তী পৰ্যায়। সেইবাবে কব পাৰি যে ব্যক্তিৰ সমস্যা সমাধান আৰু শিক্ষণৰ বেলিকা প্ৰচেষ্টা আৰু ভুল পদ্ধতি আৰু অন্তৰ্দৰ্শন পদ্ধতি দুয়োটাৰে নিজ নিজ ভূমিকা আছে। উল্লেখযোগ্য যে প্ৰচেষ্টা আৰু ভুল পদ্ধতিক প্ৰকৃতপক্ষে অন্ধ আৰু যান্ত্ৰিক শিক্ষণ পদ্ধতি বুলিব নোৱাৰি, ই অন্তৰ্দৰ্শনৰেই প্ৰস্তুতকাৰী এক প্ৰাৰম্ভিক পৰ্যায়হে মাথোন। সেইবাবে প্ৰচেষ্টা আৰু ভুলৰ বিপৰীতে গেষ্টাল্টবাদীসকলৰ অন্তৰ্দৰ্শনৰ দৃষ্টিকোণ সমৰ্থনযোগ্য। আচৰণবাদৰ যান্ত্ৰিকতা আৰু পাৰমাণৱিকতাই যি সমালোচনাৰ সন্মুখীন হৈছে গেষ্টাল্টবাদৰ অন্তৰ্দৰ্শন আৰু সামগ্ৰিকতাৰ দৃষ্টিভংগীয়েও একে সমালোচনাৰেই সন্মুখীন হ’ব লগা হৈছে।

শিক্ষাৰ ওপৰত সামগ্ৰিকতাবাদৰ প্ৰভাৱঃ

 

সামগ্ৰিকতাবাদ চিন্তাধাৰাই মনোবিজ্ঞানৰ চিন্তাজগতত যিদৰে এক আলোড়নৰ সৃষ্টি কৰে সেইদৰে আধুনিক শিক্ষাৰ নীতি আৰু পদ্ধতিতো এক তাৎপৰ্যপূৰ্ণ প্ৰভাৱ পেলায়। প্ৰচলিত শিক্ষা পদ্ধতিৰ যান্ত্ৰিকতা আৰু সংকীৰ্ণতাৰ ঠাইত এক সুস্থ আৰু সমগ্ৰতাৰ দৃষ্টিভংগী গঢ় দি তোলাত এই চিন্তাধাৰাৰ অৱদান বিশেষ মন কৰিবলগীয়া। বৰ্তমান শিক্ষাত এজন শিক্ষক বা শিক্ষাবিদে তেওঁৰ নিজ ভূমিকা যথোচিতভাৱে গ্ৰহণৰ বাবে গেষ্টাল্ট মনোবিজ্ঞানৰ চিন্তাধাৰাৰ দ্বাৰা অনুপ্ৰাণিত হোৱাটো প্ৰয়োজন। এই চিন্তাগোষ্ঠীয়ে শিক্ষাত পেলোৱা প্ৰভাৱ সম্বন্ধে বিভিন্ন দিশৰ এটি চমু বিৱৰণ তলত দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে।

(১) যান্ত্ৰিক শিক্ষণৰ বিৰোধিতাঃ

বৰ্তমান শিক্ষা ব্যৱস্থাত ছাত্ৰই শিক্ষকৰ অন্ধ অনুকৰণ, যান্ত্ৰিক অনুশীলন আৰু গতানুগতিক অভ্যাস গঠনৰ বিপৰীতে সামগ্ৰিকতাৰ দৃষ্টিভংগী এক নতুন প্ৰত্যাহ্বান স্বৰূপ বুলিব পাৰি। এই চিন্তাধাৰাই প্ৰচলিত শিক্ষাৰ যান্ত্ৰিকতা পৰিহাৰ কৰি ছাত্ৰই স্বাধীনভাৱে চিন্তা কৰা, বিষয়বস্তুৰ প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰা আৰু যুক্তিসংগত সিদ্ধান্ত গ্ৰহণ কৰাত উৎসাহিত কৰে। নিজ চিন্তা আৰু চেষ্টাৰ ওপৰত নিৰ্ভৰ কৰি ছাত্ৰই নিজেই নিজৰ শিক্ষক আৰু পথ-প্ৰদৰ্শক হৈ উঠিব পাৰে। উল্লেখযোগ্য যে গতানুগতিক যন্ত্ৰচালিত বিধৰ শিক্ষাই শিশুৰ অন্তৰ্নিহিত শক্তি, ক্ষমতা আৰু সম্ভাৱনীয়তাসমূহৰ অপমৃত্যু ঘটায় আৰু তাক অন্ধ আৰু যুক্তিহীন অনুকৰণৰ ভৃত্য কৰি তোলে। ইয়াক স্বাভাৱিক ৰূপত প্ৰকাশ আৰু বিকাশ সাধনত সেয়েহে গেষ্টাল্ট মনোবিজ্ঞানে শিক্ষক আৰু শিক্ষাবিদসকলক এক নতুন দৃষ্টি দান কৰিব পাৰে।

(২) জ্ঞানৰ সামগ্ৰিক দৃষ্টি প্ৰদানঃ

এই চিন্তাধাৰাই ছাত্ৰ-ছাত্ৰীসকলৰ নিজ জ্ঞান-অভিজ্ঞতা সম্বন্ধে মনৰ দিগন্ত প্ৰসাৰিত কৰি তোলে। উল্লেখযোগ্য যে বৰ্তমানৰ প্ৰতিটো বিষয়ৰ শিক্ষা বিশেষজ্ঞসকলৰ দ্বাৰা বিশিষ্ট ৰূপত প্ৰদান কৰা হয়। সেইবাবে তেওঁলোকে ছাত্ৰসকলৰ মনত এক অসুস্থ সংকীৰ্ণতাৰ মনোভাৱ গঢ় দি তুলিছে। জ্ঞানৰ বিশেষিকৰণে ইয়াৰ সমগ্ৰতাৰ দৃষ্টি আৰু দৰ্শনত বিৰূপ প্ৰভাৱ পেলাইছে। নিজ অধ্যয়নৰ বিশিষ্ট বিষয়ৰ বাদে অন্যান্য আনুষংগিক বিষয়ৰ প্ৰতি জানিবলৈ আৰু বুজিবলৈ উৎসাহ-আগ্ৰহ নোহোৱা কৰি তুলিছে। ইয়াৰ উপৰি জ্ঞানৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দিশৰ মাজত ছাত্ৰসকলৰ মনত এক অসুস্থ ব্যৱধানৰ সৃষ্টি কৰি তুলিছে। ইয়াৰ ফলত শিক্ষা অভিজ্ঞতা অবাস্তৱ আৰু জীৱন বিচ্ছিন্ন হৈ পৰিছে। এনে এক অৱস্থাৰ বিপৰীতে গেষ্টাল্ট মতবাদে ছাত্ৰৰ মনত জ্ঞানৰ সামগ্ৰিকতা আৰু সমন্বয়ৰ দৃষ্টিভংগী গঢ় দি তুলিবলৈ সক্ষম হৈছে। বিষয়বস্তুৰ অংশসমূহৰ মাজত সমন্বয় সাধন কৰা আৰু জ্ঞানৰ সমগ্ৰ ৰূপত পৰ্যবেক্ষণ কৰা দৃষ্টিভংগী এই চিন্তাধাৰাই প্ৰদান কৰিবলৈ সক্ষম হয়।

(৩) সমস্যা সমাধান ক্ষমতাৰ বিকাশ সাধনঃ

গেষ্টাল্ট মতবাদে শিক্ষাত ছাত্ৰ-ছাত্ৰীসকলে নিজ সমস্যাৰ সাহসেৰে সন্মুখীন হোৱা আৰু তাৰ সমাধান কৰাৰ প্ৰয়োজনীয় সাহস আৰু মানসিক প্ৰস্তুতি যোগাব পাৰে। শিক্ষাত ছাত্ৰই নিষ্ক্ৰিয় আৰু নীৰৱ শ্ৰোতাৰ ভূমিকা গ্ৰহণৰ পৰিৱৰ্তে সক্ৰিয়ভাৱে নিজ প্ৰচেষ্টাৰ যোগেদি সমস্যা সমাধান কৰিব পাৰে। শিক্ষকৰ ওপৰত নিৰ্ভৰশীল আৰু তেওঁৰ ভাব-চিন্তা নিৰ্বিবাদে গ্ৰহণ আৰু অনুকৰশীল হৈ উঠাৰ পৰিৱৰ্তে ইয়াত ছাত্ৰই নিজ ক্ষমতাৰ ওপৰত বিশ্বাসী আৰু নিৰ্ভৰশীল হৈ উঠিব পাৰে। ছাত্ৰই শিক্ষণীয় বিষয়ৰ লগত ব্যক্তিগতভাৱে ক্ৰিয়া-জড়িতকৰণৰ যোগেদি শিক্ষা উপভোগ্য কৰি তুলিব পাৰে। আধুনিক শিশু-কেন্দ্ৰিক শিক্ষাত ছাত্ৰইহে মুখ্য ভূমিকা গ্ৰহণৰ শিক্ষা-নীতি সামগ্ৰিকতাবাদেহে কাৰ্যকৰী কৰি তুলিব পাৰে। এই মনোবৈজ্ঞানিক চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত হৈ শিক্ষাৰ প্ৰকল্প পদ্ধতি আৰু ডল্টন আঁচনি আদিত ছাত্ৰৰ এই সমস্যা সমাধান ক্ষমতা বিকাশ সাধনৰ কাৰ্যকৰী ব্যৱস্থা গঢ় দি তোলা হৈছে।

(৪) সৃজনাত্মক ক্ষমতাৰ বিকাশ সাধনঃ

শিক্ষাৰ উচ্চ পৰ্যায়ৰ বাবে ছাত্ৰৰ নিজ পৰ্যবেক্ষণ, নিৰীক্ষণ আৰু অন্তৰ্দৰ্শন ক্ষমতাৰ প্ৰয়োজন হয়। এনেবোৰ ক্ষমতাই ছাত্ৰৰ মনত সৃজনাত্মক আৰু গঠনাত্মক শক্তিৰ বিকাশ কৰিব পাৰে। শিক্ষাৰ উচ্চ পৰ্যায়ত ছাত্ৰই কোনো সামাজিক সমস্যা বাচি লৈ তাৰ ওপৰত বিশিষ্ট অধ্যয়ন আৰু গৱেষণা কাৰ্য চলাবৰ বাবে তেওঁলোকৰ মনত সামগ্ৰিকতাৰ দৃষ্টিভংগীৰ প্ৰয়োজন। উচ্চ শিক্ষিত যুৱক-যুৱতীসকলে ইয়াৰ যোগেদি তেওঁলোকৰ জ্ঞান-অভিজ্ঞতা আৰু বৌদ্ধিক চিন্তা-চৰ্চা আদি সমাজমুখী আৰু সমাজৰ সমস্যা সমাধানমুখী কৰি তুলিব পাৰে। সেইবাবে শিক্ষাৰ উচ্চ পৰ্যায়ত গেষ্টাল্ট নীতি আন সকলো পৰ্যায়তকৈ অধিকভাৱে কাৰ্যকৰী বুলিব পাৰি। স্কুলীয়া শিক্ষাৰ পৰ্যায়তো বিশেষ প্ৰতিভাৱান আৰু সৃজনাত্মক ক্ষমতাৰ সম্ভাৱনীয়তাপূৰ্ণ ছাত্ৰ-ছাত্ৰীক চিনাক্তকৰণ কৰিবৰ বাবে শিক্ষকে অন্তৰ্দৰ্শন পদ্ধতিৰ সহায় ল’ব লাগে। তেনে ছাত্ৰ-ছাত্ৰীয়ে যাতে স্কুলৰ গতানুগতিক আৰু যান্ত্ৰিক শিক্ষা ব্যৱস্থাৰ মাজত পৰি নিজ প্ৰতিভাৰ অপমৃত্যু ঘটাব লগা নহয় তাৰবাবে অন্তৰ্দৰ্শন পদ্ধতিৰ শিক্ষা গ্ৰহণ কৰাটো শিক্ষকৰ কৰ্তব্য।

(৫) শিক্ষাদান পদ্ধতিৰ ওপৰত প্ৰভাৱঃ

বৰ্তমান সামগ্ৰিকতাবাদে শিক্ষাদান পদ্ধতিৰ ওপৰতো বিশেষ প্ৰভাৱ পেলাইছে। ছাত্ৰসকলে শ্ৰেণীত শিক্ষকৰ ভাব-চিন্তা নীৰৱ শ্ৰোতাৰ ভূমিকাৰে গ্ৰহণ কৰা আৰু অন্ধভাৱে তাৰ অনুকৰণ কৰাৰ পৰিৱৰ্তে তেওঁলোকে নিজৰ পৰ্যবেক্ষণ, নিৰীক্ষণ আৰু অন্তৰ্দৰ্শন ক্ষমতাৰ প্ৰয়োগ কৰিব লাগে। সামগ্ৰিকতাবাদৰ অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতিৰ দৃষ্টিকোণৰ পৰা কোৱা হয় যে শিক্ষকে তেওঁৰ শিক্ষাদান কালত ছাত্ৰক অধ্যয়নৰ বিষয়বস্তু অথবা ইয়াৰ সংশ্লিষ্ট সমস্যা খৰচি মাৰি ভাঙিপাতি বুজাই দিব নালাগে। কাৰণ তেনে কৰিলে ছাত্ৰসকলে নিজ চিন্তা, যুক্তি, বিচাৰ-বিবেচনা আৰু অন্তৰ্দৰ্শন ক্ষমতাৰ যথোচিত প্ৰয়োগৰ সুবিধা নাপায়। ইয়াৰ ফলত তেওঁলোক বৌদ্ধিকভাৱে নিষ্ক্ৰিয় হৈ ৰয়। এনে এটি অৱস্থা তেওঁলোকৰ মানসিক বিকাশৰ বাবে অত্যন্ত ক্ষতিকাৰক। সেয়েহে শিক্ষকে শ্ৰেণীত শিক্ষাদান কালত ছাত্ৰক কেৱল বিষয়বস্তুৰ উপাদানসমূহৰ অথবা অংশসমূহৰ উল্লেখ কৰিব লাগে, যাতে সেইসমূহৰ উপযুক্ত সুসংগঠন আৰু সমন্বয় সাধন কৰি তেওঁলোকে নিজ প্ৰচেষ্টাৰে তাৰ সমাধান কৰিব পাৰে আৰু প্ৰয়োজনীয় অভিজ্ঞতা লাভ কৰি উঠিব পাৰে। উদাহৰণস্বৰূপে গণিত বিষয়ৰ অধ্যয়নৰ বেলিকা শিক্ষকে এনে পদ্ধতি ছাত্ৰসকলৰ লগত প্ৰয়োগ কৰিব পাৰে।

ওপৰত কৰা আলোচনাৰ পৰা সেয়েহে দেখা যায় যে আধুনিক শিক্ষাৰ নীতি আৰু পদ্ধতিত সামগ্ৰিকতাবাদ চিন্তাধাৰাই ব্যাপক প্ৰভাৱ পেলাইছে। এনে প্ৰভাৱ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ শিক্ষা বিকাশৰ বাবে সুদূৰপ্ৰসাৰী বিধৰ হৈ উঠিছে। শিক্ষকে ইয়াক গভীৰভাৱে অধ্যয়ন আৰু অনুভৱ কৰি উঠিব পাৰিলেহে তেওঁৰ শিক্ষাদানৰ পদ্ধতিত তাক প্ৰয়োজন মতে কাৰ্যকৰী কৰি তুলিব পাৰে। আধুনিক শিক্ষাৰ নতুন চিন্তাধাৰা সেয়েহে গেষ্টাল্টবাদ চিন্তাধাৰাৰ অবিহনে সম্পূৰ্ণ হৈ উঠিব নোৱাৰে।

(উৎসঃ আধুনিক শিক্ষাত নতুন চিন্তাধাৰা, যতীন বৰুৱা)।

2.93181818182
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
সম্পৰ্কীয় সামগ্ৰীসমূহ
অধিক ...
Back to top