অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ব্যক্তিকেন্দ্ৰিক আৰু সামাজিক লক্ষ্যঃ

 

পূৰ্ববৰ্তী অধ্যায়ত শিক্ষাৰ লক্ষ্য সম্বন্ধে বিবেচনাযোগ্য সাধাৰণ দিশসমূহৰ আলোচনা কৰা হ’ল। শিক্ষাৰ লক্ষ্য যে মূলতে মানুহৰ ভিন ভিন চিন্তা-দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত সেই কথাও আমাৰ মনত স্পষ্ট হয়। দৰ্শনেই আমাৰ জীৱনৰ আৰু তাৰ বাবে প্ৰয়োজন হোৱা শিক্ষাৰ দিশ নিৰ্ণয় কৰে। আমাৰ জীৱনত উন্নতিৰ বাবে কেনে লক্ষ্য গ্ৰহণ কৰা উচিত, সেই লক্ষ্য কাৰ্যকৰীকৰণৰ বাবে কেনেবোৰ শিক্ষাৰ বিষয় নিৰ্ধাৰণ কৰা উচিত, তাৰ বাবে শিক্ষাদানৰ আৰু অনুশাসনৰ কেনে ব্যৱস্থা গ্ৰহণ কৰা উচিত এই সম্বন্ধীয় তাত্বিক দিশৰ বিবেচনা আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এইসমূহৰ স্থিৰ সিদ্ধান্তৰ বাবে আমি দৰ্শনৰ ওচৰ চাপিব লাগে। দৰ্শনৰ দৃষ্টিকোণৰ পৰা শিক্ষাৰ লক্ষ্য সম্বন্ধে দুটা বহল পৰিসৰৰ মত-পাৰ্থক্য সচৰাচৰ আমি দেখিবলৈ পাওঁ। এইকেইটা হৈছে ব্যক্তিবাদ আৰু সমস্তিবাদ। এই দুয়ো দিশৰেই নিজ নিজ চিন্তাধাৰা, অনুভৱ আৰু মূল্যবোধ আছে, যাৰ যোগেদি শিক্ষাৰ লক্ষ্য-আদৰ্শৰ প্ৰশ্ন বিবেচনা কৰা হৈছে। এই দুয়ো দিশৰেই চিন্তাধাৰা সম্বন্ধে এক সম্যক উপলব্ধি থাকিলেহে শিক্ষাৰ বিভিন্ন দিশৰ মতামতসমূহ জানি উঠাত আমাৰ সহজ হৈ উঠিব পাৰে। ইয়াৰ প্ৰয়োজন সাপেক্ষে এক বহল আলোচনা এই অধ্যায়ত দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে।

ব্যক্তিকেন্দ্ৰিক লক্ষ্যঃ


এই লক্ষ্যৰ স্বৰূপ-

শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য দৰ্শনৰ প্ৰকৃতিবাদৰ ওপৰত প্ৰতিষ্ঠিত। সেয়েহে শিক্ষাৰ লক্ষ্য সম্বন্ধে ইয়াত এক বাস্তৱ আৰু প্ৰত্যক্ষ দৃষ্টিভংগী পৰিলক্ষিত হয়। এই দৃষ্টিভংগী মতে শিশুৰ ব্যক্তিত্ব গঢ়ি তুলিবৰ বাবে তাৰ দেহ-মানসিক ক্ষমতাসমূহৰ আশানুৰূপ বিকাশত সৰ্বাধিক গুৰুত্ব দিব লাগে। ব্যক্তিৰ সকলো দেহ-মানসিক সম্ভাৱনীয়তাৰ পূৰ্ণ বিকাশ সাধন কৰাটো শিক্ষাৰ লক্ষ্য বা উদ্দেশ্য হ’ব লাগে। শিক্ষাৰ এই দৃষ্টিভংগী বিভিন্ন দৃষ্টিকোণৰ পৰা সমৰ্থন কৰা হয়।

জৈৱিক দৃষ্টিকোণৰ পৰা ক’ব পাৰি যে প্ৰতিজন লোকেই বংশগতিৰ একো একোটা সুকীয়া অস্তিত্ব লাভ কৰে। এই অস্তিত্ব বা গুণৰাশি ক্ৰমবিৱৰ্তনৰ পথত অগ্ৰসৰ হয়। ইয়াক আশানুৰূপভাৱে বিকশাই তুলিবৰ বাবে ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও মানুহৰ দেহ-মানসিক অৱস্থা বুদ্ধি-বৃত্তি আদিৰ ক্ষেত্ৰত ব্যক্তি-পাৰ্থক্যৰ প্ৰশ্ন বিশেষভাৱে বিবেচনা কৰা হয়। আনকি দুটা জাৰজ সন্তানৰ ক্ষেত্ৰতো পৰিৱেশীয় প্ৰভাৱৰ ফলত ব্যক্তিত্বৰ সুকীয়া বৈশিষ্ট্য গঢ়ি উঠা দেখা যায়। ব্যক্তিৰ নিজ নিজ মনোদৈহিক ক্ষমতা আৰু অৱস্থাৰ বুজ লোৱা আৰু সেই অনুপাতে শিক্ষাৰ ব্যৱস্থা কৰাৰ ওপৰত মনোবিজ্ঞানীসকলে গুৰুত্ব আৰোপ কৰে।

সামাজিক দৃষ্টিকোণৰ পৰাও ব্যক্তিক সমাজৰ উৰ্ধত বিবেচনা কৰা হয়। পূৰ্ণ বিকশিত ব্যক্তিয়েহে সমাজৰ উন্নত আৰু আশানুৰূপ পৰিৱৰ্তন সাধন কৰিব পাৰে। এনে লোকে সমাজৰ অধিকাৰ আৰু দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰি সুনাগৰিকতাৰ আশ্বাস দিব পাৰে। ব্যক্তিৰ নিজ স্বতঃস্ফূৰ্ত বিকাশৰ গতিত সেয়েহে সমাজে কোনো ধৰণৰ প্ৰভাৱ বা প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নালাগে। ইয়াৰ বাবে ব্যক্তি-স্বাধীনতা প্ৰদান কৰাটো অতি প্ৰয়োজনীয় কথা। শিক্ষাৰ এক মুক্ত আৰু স্বাধীন পৰিৱেশেহে ব্যক্তিৰ সম্ভাৱনীয়তাসমূহ আশানুৰূপভাৱে বিকাশাই তুলিব পাৰে।

আধ্যাত্মিক দৃষ্টিকোণৰ পৰাও কোৱা হয় যে ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ যোগেদিহে ব্যক্তিৰ আত্ম-উপলব্ধি আৰু আধ্যাত্মিক পূৰ্ণতা প্ৰাপ্ত হ’ব পাৰে। এজন মানুহ আন মানুহৰ দৰে কেতিয়াও হ’ব নোৱাৰে। কিন্তু সকলো মানুহেই চিৰ-সুন্দৰৰ সান্নিধ্য লাভ কৰিব পাৰে, আৰু এই ব্যক্তিগত প্ৰচেষ্টা, শিক্ষা-অভিজ্ঞতাৰ দ্বাৰাহে সম্ভৱ হয়।

ব্যক্তিকেন্দ্ৰিক ধাৰণাৰ বিকাশঃ

 

ব্যক্তিকেন্দ্ৰিক ধাৰণা পুৰণি গ্ৰীক দেশৰ চফিবাদী দাৰ্শনিকসকলৰ চিন্তাধাৰাত পোৱা যায়। তেওঁলোকৰ মতে মানুহৰ সকলো চিন্তা আৰু অধ্যয়নৰ মূল বিষয়বস্তু হৈছে মানুহ নিজেই। জীৱনৰ লক্ষ্যও হৈছে প্ৰতিজন লোকৰে ব্যক্তি-সত্তাৰ বিকাশ সাধন কৰা। সেইবাবে শিক্ষাৰ লক্ষ্যও তেওঁলোকৰ মতে ব্যক্তিৰ নিজস্ব সম্ভাৱনীয়তাৰ সৰ্বাধিক বিকাশ সাধন কৰা। এই চফিবাদীসকলে চিৰন্তন সত্য বা আদৰ্শত বিশ্বাস কৰা নাছিল। তেওঁলোকৰ মতে মানুহেই হৈছে পৃথিৱীৰ সকলো কথা আৰু বিষয়ৰেই মূল বিচাৰক। সেইবাবে তেওঁ নিজ যোগ্যতাৰ বিকাশ সাধন কৰি দেশৰ বিভিন্ন ক্ৰিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগে। এই চফিবাদেই আধুনিক ব্যক্তিকেন্দ্ৰিকতাবাদৰ জন্ম দিয়ে।

শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য দৃঢ়তাৰে সমৰ্থন কৰা ইউৰোপৰ মধ্যযুগীয় দাৰ্শনিক ৰুচোৰ নাম বিশেষভাৱে উল্লেখযোগ্য। এজন প্ৰকৃতিবাদী দাৰ্শনিক স্বৰূপে ৰুচোৱে সৰ্বপ্ৰথমবাৰৰ বাবে শিশুৰ স্বভাৱ-সুলভ গুণৰাশিৰ বাধাহীন বিকাশৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁৰ মতে সমাজ হৈছে সকলোবোৰ অসুস্থ প্ৰভাৱৰ সংগ্ৰহালয় স্বৰূপ। পৱিত্ৰ নিষ্কলুষ শিশু জন্মৰ পিছত সমাজৰ কলুষিত প্ৰভাৱত পৰে। ফলস্বৰূপে সকলো সামাজিক অসুস্থতাৰ সি অধিকাৰী হৈ উঠে। এনে প্ৰভাৱৰ পৰা মুক্ত কৰি শিশুক তাৰ নিজ প্ৰকৃতি বা স্বভাৱ অনুযায়ী শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ বাবে তেওঁ শিশুক প্ৰাকৃতিক শিক্ষা প্ৰদানৰ বিধান দিয়ে। এনে শিক্ষাৰ যোগে শিশুৰ ব্যক্তি-স্বাধীনতা বিকাশৰ স্বতঃস্ফূৰ্ততা আৰু সমাজৰ প্ৰভাৱমুক্ততা কামনা কৰা হৈছে।

কুৰি শতিকাৰ এজন প্ৰগতিবাদী শিক্ষা-দাৰ্শনিক পাৰ্চি নানে বৈজ্ঞানিক দৃষ্টিভংগীৰে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ যুক্তি-যুক্ততা প্ৰতিপন্ন কৰে। তেওঁৰ মতে সমাজৰ প্ৰতিজন ব্যক্তিয়েই নিজৰ স্বকীয় অস্তিত্বৰ দ্বাৰা গঠিত। তেওঁ আন আন লোকৰ যোগ্যতাৰ এক গঢ়স্বৰূপ নহয়। সুকীয়া বৈশিষ্ট্যৰ দ্বাৰা গঠিত ব্যক্তি-সত্তাৰ পূৰ্ণ বিকাশৰ বাবে আৱশ্যকীয় শিক্ষা বাতাবৰণৰ সৃষ্টি কৰাই হৈছে শিক্ষাৰ লক্ষ্য। এনে বাতাবৰণৰ যোগেদিহে ব্যক্তিয়ে নিজ প্ৰকৃতি অনুযায়ী সমাজৰ প্ৰতি মৌলিক বৰঙণি আগবঢ়াব পাৰে। তেওঁ এই কথা জৈৱিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰি কয় যে প্ৰতিটো সজীৱ প্ৰাণীয়েই ক্ৰমান্বয়ে তাৰ দৈহিক গঠন আৰু ক্ৰিয়াসমূহ সৰ্বোচ্চ বিকাশৰ বাবে চেষ্টা কৰি আহিছে। এই দৃষ্টিভংগীয়েই দাৰুইনৰ ক্ৰমবিৱৰ্তনবাদ তত্বৰো সমৰ্থন কৰে। শিক্ষাই ব্যক্তিৰ জৈৱিক পৰিৱৰ্তন আৰু উৎকৰ্ষ সাধন কৰি সমাজৰ প্ৰতি নিজৰ মৌলিক অৱদান আগবঢ়োৱাটো শিক্ষাৰ লক্ষ্য স্বৰূপে পাৰ্চি নানে দৃঢ়তাৰে মত প্ৰকাশ কৰে।

ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সবলতাঃ

 

বৰ্তমান সময়ৰ প্ৰগতিবাদী চিন্তাবিদসকলে শিক্ষাৰ এই ব্যক্তিকেন্দ্ৰিক লক্ষ্য অধিক সমৰ্থন কৰা দেখা যায়। ইয়াৰ মূল কাৰণ হৈছে বৰ্তমান সময়ৰ বাস্তৱ আৰু বিজ্ঞানমুখী চিন্তাধাৰাৰ লগত খাপ খোৱাকৈ এই লক্ষ্যৰ সপক্ষে কেতবোৰ প্ৰৱল যুক্তি আছে। এই সন্দৰ্ভত ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সপক্ষে নিম্নলিখিত যুক্তিসমূহ দাঙি ধৰিব পাৰি।

(১) শিক্ষাৰ দ্বাৰা ব্যক্তিৰ পূৰ্ণ বিকাশ আৰু তেওঁৰ সম্ভাৱনীয়তাসমূহৰ পূৰ্ণ উপযোগিতা অবিহনে সমাজৰ বিকাশ বা উন্নতি আশা কৰিব নোৱাৰি। সামাজিক বিকাশ ব্যক্তি বিকাশৰ ওপৰত একান্ত নিৰ্ভৰশীল। সমাজৰ উন্নতি মাথোন কেইজনমান যোগ্য ব্যক্তিয়েহে মাথো সম্ভৱ কৰি তোলে।

(২) ব্যক্তি সম্বন্ধে বিবেচনা সমাজ সম্বন্ধীয় বিবেচনাতকৈ অধিক গুৰুত্বপূৰ্ণ বিষয়। মানৱ সভ্যতাৰ বুৰঞ্জী অধ্যয়নে আমাক এই কথা স্পষ্ট কৰি দিয়ে যে ব্যক্তিৰ নিজ প্ৰয়োজন পূৰণৰ বাবেহে সমাজৰ প্ৰয়োজন অনুভৱ কৰা হৈছিল। সেয়েহে সমাজৰ বাবে ব্যক্তি আহিলা স্বৰূপ নহৈ ব্যক্তিৰ বাবেহে সমাজ আহিলা স্বৰূপ হোৱা উচিত।

(৩) ব্যক্তিকেন্দ্ৰিক লক্ষ্য দাৰুইনৰ ক্ৰমবিৱৰ্তনবাদ তত্বৰ দ্বাৰাও সমৰ্থিত। আমাৰ জীৱন প্ৰতি মুহূৰ্ততে পৰিৱেশ আৰু পৰিস্থিতিৰ লগত সংগ্ৰাম আৰু প্ৰতিদ্বন্দিতাৰে আগুৱাব লাগে। এনে সংগ্ৰামত কেৱল যোগ্যজনেই নিজ অধিকাৰ লাভ কৰিব পাৰে। সেইবাবে ব্যক্তিক নিজ যোগ্যতা লাভৰ শিক্ষা দিয়াটো আমাৰ কৰ্তব্য।

(৪) ব্যক্তিয়ে নিজৰ সীমাবদ্ধ দেহ-মানসিক ক্ষমতাৰে জন্মগ্ৰহণ কৰে আৰু সেই সীমাৰ ভিতৰতহে তেওঁৰ বিকাশ সম্ভৱ হৈ উঠিব পাৰে। ব্যক্তিৰ নিজ বিকাশযোগ্যতা একান্তই ব্যক্তিগত, ই অন্য ব্যক্তিৰ লগত তুলনীয় নহয়। সেইহেতুকে ব্যক্তিক তেওঁৰ যোগ্যতাৰ ফালৰ পৰা সমাজৰ লোকৰ প্ৰতিনিধি স্বৰূপ বুলি নাভাবি একক স্বৰূপে গণ্য কৰাটো বিশেষ যুক্তিসংগত কথা। এই ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত মণ্টেচৰী শিক্ষা পদ্ধতিয়ে বিশেষ সফলতা লাভ কৰাটো মন কৰিবলগীয়া।

(৫) ব্যক্তিৰ আৱেগিক আৰু আনুভূতিক জীৱনৰ ফালৰ পৰাও এক সুকীয়া বৈশিষ্ট্য আছে। ব্যক্তিয়ে সমাজ গঠন কৰে, সমাজত অংশগ্ৰহণ কৰে। কিন্তু তথাপিও তেওঁ নিজ মনৰ ইচ্ছা-আগ্ৰহ, ভাব-অনুভূতি, আশা-আকাংক্ষা, স্বাৰ্থ, উদ্দেশ্য আদি বিসৰ্জন দিব নোৱাৰে। ব্যক্তি-মনৰ আনুভূতিক জীৱনৰ এনেবোৰ নিজস্ব প্ৰয়োজন শিক্ষাৰ যোগেদি পূৰণ কৰা উচিত।

এই লক্ষ্যৰ দুৰ্বলতাঃ

ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সমৰ্থনত সবল যুক্তি প্ৰদৰ্শন কৰিলেও ইয়াৰ দুৰ্বলতাসমূহ নুই কৰিব নোৱাৰি। শিক্ষাৰ এটা গ্ৰহণযোগ্য লক্ষ্য বিবেচনা কৰিবলৈ যাওঁতে ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ দুৰ্বলতাবোৰৰ প্ৰতিও সতৰ্ক হোৱা প্ৰয়োজন। এই প্ৰসংগত নিম্নলিখিত কথাকেইটা মন কৰিবলগীয়া।

(১) মানুহৰ শিক্ষা-অভিজ্ঞতা প্ৰয়োজন আদি কেৱল জৈৱিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা অনুচিত। জৈৱিক উপাদান আৰু বৈশিষ্ট্যৰ দ্বাৰা মানুহে জন্মলাভ কৰিলেও সামাজিক পৰিৱেশত বিবেকশীল আৰু বৌদ্ধিক ক্ৰিয়া আচৰণ গ্ৰহণ কৰিবলৈ শিকাটোহে শিক্ষাৰ লক্ষ্য, উদ্দেশ্য হোৱা উচিত। মানুহৰ ব্যক্তিগত জৈৱিক উপাদানসমূহৰ উৎকৰ্ষ সাধন কৰি সামাজিক আৰু আধ্যত্মিক মানবিশিষ্ট কৰি তোলাৰ প্ৰতি সেয়েহে ব্যক্তিকেন্দ্ৰিক লক্ষ্যই প্ৰয়োজনীয় গুৰুত্ব আৰোপ কৰা নাই।

(২) এই লক্ষ্যই শিশুৰ জৈৱিক বংশগতিৰ ওপৰত যি গুৰুত্ব আৰোপ কৰিছে সামাজিক বংশগতিয়ে পেলোৱা প্ৰভাৱৰ ওপৰত তেনে গুৰুত্ব আৰোপ কৰা নাই। কিন্তু শিক্ষাৰ ফালৰ পৰা শিক্ষকে এই সামাজিক বংশগতিৰ প্ৰভাৱৰ প্ৰতিহে অধিক মনোযোগ দিয়া উচিত। সমাজৰ পুৰণি ভাষা-কৃষ্টি-সংস্কৃতি, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ চিন্তাধাৰা আদিৰ লগত শিশুক পৰিচয় কৰাই দিয়াটো শিক্ষাৰ এক প্ৰধান দায়িত্ব। শিক্ষাৰ এই পশ্চাদবলোকী উদ্দেশ্য আৰু ভূমিকা ব্যক্তিকেন্দ্ৰিক লক্ষ্যত অৱহেলা কৰা দেখা গৈছে।

(৩) শিক্ষাৰ এই লক্ষ্যই আত্মকেন্দ্ৰিক, স্বাৰ্থপৰ আৰু অসামাজিক এক শ্ৰেণী লোকৰো সৃষ্টি কৰিব পাৰে। ব্যক্তিৰ বিকাশমুখী যোগ্যতা এই লক্ষ্যই সমাজমুখী কৰি তুলিব নোৱাৰে। প্ৰতিজন লোকেই নিজ দেহ-মানসিক ক্ষমতাৰ পূৰ্ণ বিকাশ লাভ কৰিলেও সি যদি সমাজমুখী হৈ নুঠে তেন্তে তাৰ পৰা কোনো সৃষ্টিশীল আৰু গঠনাত্মক ক্ৰিয়া আশা কৰিব নোৱাৰি।

(৪) ব্যক্তিকেন্দ্ৰিক লক্ষ্যই শিক্ষিত শ্ৰেণী লোকক সমাজত সুস্থ সমাযোজন স্থাপনতো সহায় কৰিব নোৱাৰে। ইয়াৰ দ্বাৰা সমাজত শিক্ষিত আৰু অশিক্ষিত, যোগ্য আৰু অযোগ্য দুই শ্ৰেণী লোকৰ সৃষ্টি কৰিব পাৰে। ‘যোগ্য ভোগ্য বসুন্ধৰা’- জীৱবিদ দাৰুইনৰ এই মতবাদ বৰ্তমান সমাজকামী আৰু গণতান্ত্ৰিক মনোভাৱৰ পৰিপন্থী।

(৫) এই লক্ষ্যই পোষকতা কৰা শিশুৰ স্বায়ত্ব বিকাশ আৰু তাৰ বাবে প্ৰয়োজনীয় ব্যক্তি-স্বাধীনতাৰ ধাৰণা অবাস্তৱ আৰু ভ্ৰান্তিমূলক বুলিব পাৰি। দৈহিক আৰু মানসিক বিকাশত অপৈণত শিশু স্বাভাৱিকতেই পৰনিৰ্ভৰশীল আৰু অনুকৰণশীল হয়। শিক্ষক-অভিভাৱকসকলৰ আদৰ-যত্ন, উপদেশ-নিৰ্দেশনা আৰু কিছু পৰিমাণে অনুশাসনৰো এই সময়ত প্ৰয়োজন হয়। শিশুৰ বাবে ৰুচোৱে গ্ৰহণ কৰা সমাজৰ প্ৰভাৱমুক্ত প্ৰাকৃতিক শিক্ষাৰ ধাৰণা সেয়েহে কল্পনাপ্ৰসূত বুলিব পাৰি।

সামাজিক লক্ষ্যঃ

ব্যক্তিৰ জীৱনত সমাজৰ ভূমিকা আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰাই হৈছে সামাজিক লক্ষ্যৰ মূল উদ্দেশ্য। ব্যক্তিৰ প্ৰয়োজন সমাজৰ প্ৰয়োজনৰ তুলনাত গৌণ বিবেচনা কৰি শিক্ষাৰ সকলো ক্ৰিয়া আঁচনি সমাজৰ প্ৰয়োজন পূৰণৰ বাবেই ইয়াত ব্যৱস্থা কৰা হয়। এই দৃষ্টিভংগীৰ ফালৰ পৰা কোৱা হয় যে দেশ বা ৰাষ্ট্ৰই হৈছে মানুহৰ ন্যায়, যুক্তি আৰু নৈতিকতাৰ প্ৰতিভূ। সেইবাবে এজন ব্যক্তি এখন সমাজ বা দেশৰ তুলনাত সদায় তুচ্চ। এই লক্ষ্য বহু পৰিমাণে ৰাজনৈতিক দৰ্শন আৰু দৃষ্টিভংগীৰ দ্বাৰা প্ৰভাৱিত। বৰ্তমান শিক্ষাৰ সামাজিক লক্ষ্য বুলিলে ঘাইকৈ দুটা কথা বুজোৱা হয়।

প্ৰথমেই, সামাজিক লক্ষ্যই দেশ বা ৰাষ্ট্ৰৰ সামূহিক স্বাৰ্থৰক্ষা আৰু সামাজিক মংগল কামনা কৰাটোকেই বুজায়। শিক্ষাই দেশৰ নাগৰিকসকলৰ মন সমাজৰ উন্নতিকামী আৰু মংগলকামী কৰি তুলিব লাগে। সমাজৰ স্বাৰ্থ ব্যক্তিৰ যেই কোনো স্বাৰ্থৰ উৰ্ধত বুলি শিক্ষিত নাগৰিকসকলে বিবেচনা কৰিব লাগে। ইয়াৰ দ্বাৰা সমাজৰ এক অতিমানৱীয় অস্তিত্ব বা ক্ষমতাই ব্যক্তিগতভাৱে সম্ভৱ হৈ নুঠা বিষয়ো সামাজিকভাৱে সম্ভৱ কৰি তুলিব পাৰে।

দ্বিতীয়তে, শিক্ষাৰ সামাজিক লক্ষ্য বুলিলে ব্যক্তিয়ে সামাজিক যোগ্যতা লাভ কৰাটোকেই বুজোৱা হয়। এই সামাজিক যোগ্যতাৰ অৰ্থও বিশেষ তাৎপৰ্যপূৰ্ণ। সামাজিক যোগ্যতা থকা এজন ব্যক্তিৰ নাগৰিক সচেতনতা, অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতা আৰু নৈতিক মানবিশিষ্টতা আদি গুণ থাকিব লাগে। শিক্ষাৰ লক্ষ্যই ব্যক্তিৰ এনেবোৰ সামাজিক গুণ বা যোগ্যতা লাভ কৰাত সহায় কৰিব লাগে। সমাজৰ প্ৰতিজন শিক্ষিত লোকেই এনেবোৰ যোগ্যতা লাভ কৰিব পাৰিলেহে দেশৰ সামূহিক উন্নতি সম্ভৱ হৈ উঠিব পাৰে।

সামাজিক ধাৰণাৰ বিকাশঃ

শিক্ষাৰ এই সমাজমুখী লক্ষ্য ব্যক্তিকেন্দ্ৰিক লক্ষ্যতকৈ আপেক্ষিকভাৱে পুৰণি। শিক্ষাৰ পোহৰ নোপোৱা আদিম মানুহে নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবেই প্ৰথমে সমাজৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। আত্মৰক্ষাকে আদি কৰি সকলো ব্যক্তি-স্বাৰ্থ সমাজৰ যোগেদি পূৰণ কৰা হয়। তেওঁলোকে অভিজ্ঞতাৰ দ্বাৰাই ক্ৰমে জানি উঠে যে সুগঠিত শক্তিশালী সমাজৰ অবিহনে ব্যক্তি-স্বাৰ্থ পূৰণ কৰিব নোৱাৰি।

শিক্ষাৰ এনে সমাজকেন্দ্ৰিক উদ্দেশ্যৰ ভাৱধাৰা পুৰণি গ্ৰীচ দেশৰ স্পাৰ্টা নগৰীৰ শিক্ষা ব্যৱস্থাত পোৱা যায়। ইয়াৰ ৰাজনৈতিক দৃষ্টিভংগী চৰম সমাজবাদী হোৱা হেতুকে ই শিক্ষাৰ লক্ষ্যও নিৰ্ধাৰণ কৰিছিল। দেশৰ উঠি অহা প্ৰতিজন যুৱক-যুৱতীয়েই নিজ দেশ ৰক্ষাৰ বাবে ৰণ-কৌশলৰ শিক্ষা লাভ কৰিছিল। দেশৰ শিক্ষা ব্যৱস্থাই যুৱক-যুৱতীসকলক নিজ দেশৰ প্ৰতি আনুগত্য, শ্ৰম আৰু আত্মত্যাগৰ বাবে সাজু কৰি তুলিছিল। কৰ্তৃত্বশীল মহলে শিক্ষাৰ সকলো ব্যৱস্থা দেশৰক্ষাৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰিছিল। শিক্ষাৰ সামাজিক লক্ষ্যৰ ক্ষেত্ৰত ই অৱশ্যে এক চৰম দৃষ্টিভংগীৰ নিদৰ্শন। এনে দৃষ্টিভংগী বৰ্তমান শিক্ষাৰ সামাজিক লক্ষ্যৰ বেলিকা গ্ৰহণযোগ্য নহয়।

আমেৰিকাৰ দাৰ্শনিক জন্ ডিউইৰ সমাজবাদী চিন্তাধাৰাই শিক্ষাৰ সামাজিক লক্ষ্য অধিক জনপ্ৰিয় আৰু গ্ৰহণযোগ্য কৰি তোলে। তেওঁৰ মতে ব্যক্তিয়ে সামাজিক যোগ্যতা আহৰণ কৰাই শিক্ষাৰ প্ৰকৃত লক্ষ্য হোৱা উচিত। এই সামাজিক যোগ্যতাৰ দ্বাৰা ব্যক্তিৰ মন সমাজমুখী কৰি গঢ় দি তোলাটোকেই বুজোৱা হৈছে। তেওঁৰ মতে শিক্ষাই ব্যক্তিৰ দুই প্ৰকাৰৰ সামাজিক যোগ্যতা লাভত সহায় কৰিব লাগে, যেনে- (১) শিল্প বিষয়ৰ সামৰ্থ আৰু (২) সুনাগৰিকতা। জীৱন নিৰ্বাহৰ কোনো এক বৃত্তি নহ’লে মানুহে জীয়াই থাকিব নোৱাৰে। তেনে মানুহে নিজৰ শিক্ষা জীৱনৰ এক ডাঙৰ অভিজ্ঞতাৰ পৰা বঞ্চিত হয় আৰু আনকো ক্ষতিগ্ৰস্ত কৰি তোলে। সেইদৰে সুনাগৰিকতাৰ অবিহনে মানুহে মানুহৰ প্ৰতি ন্যায়, সুবিচাৰ আদি কৰিব নোৱাৰে আৰু আইনৰ গঠন তথা আনুগত্যতা লাভ কৰিব নোৱাৰে। শিক্ষাৰ দ্বাৰা সামাজিক যোগ্যতা লাভৰ অৰ্থই ব্যক্তিৰ এনেবোৰ বিষয়ৰ সক্ষমতা লাভ কৰাকেই বুজোৱা হৈছে। এনে দৃষ্টিভংগী বৰ্তমান সমাজ ব্যৱস্থা আৰু সামাজিক মনোভাৱৰো অনুকূল।

আমেৰিকা, ইংলেণ্ড আদি দেশৰ উপৰিও ভাৰতকো বৰ্তমান শিক্ষাৰ এই সামাজিক যোগ্যতাৰ লক্ষ্যই প্ৰভাৱিত কৰি তুলিছে। মহাত্মা গান্ধীয়ে তেওঁৰ বুনিয়াদী শিক্ষা পদ্ধতিৰ যোগে আমাৰ দেশত শিক্ষাৰ এক সামাজিক আৰু গণতান্ত্ৰিক লক্ষ্য গঢ় দি তোলাৰ চেষ্টা কৰিছিল। বুনিয়াদী শিক্ষাই শিশুক সুনাগৰিক কৰি গঢ়ি তোলা আৰু অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিছিল।

সামাজিক লক্ষ্যৰ সবলতাঃ

দেশৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক চিন্তাধাৰাৰ ওপৰত বৰ্তমান শিক্ষাৰ লক্ষ্য ঘাইকৈ নিৰ্ভৰ কৰে। সামাজিক লক্ষ্য সেয়েহে গণতান্ত্ৰিক আৰু সমাজবাদী দেশসমূহৰ আদৰণীয় লক্ষ্য স্বৰূপ হৈ উঠিছে। ইয়াৰ সপক্ষে কেতবোৰ শক্তিশালী যুক্তি অথবা দৃষ্টিকোণ নিম্নলিখিতভাৱে প্ৰদান কৰিব পাৰি।

(১) সমাজপ্ৰিয়তা হৈছে মানুহৰ এক সহজাত প্ৰবৃত্তি। অন্যান্য জন্তুৰ তুলনাত মানুহৰ এই প্ৰবৃত্তিৰ বিকাশ বিশেষ তাৎপৰ্যপূৰ্ণ। সামাজিক পৰিৱেশৰ অবিহনে মানুহে অকলশৰে জীৱন যাপন কৰিব পাৰিলেও মানসিক আৰু বৌদ্ধিক বিকাশ সম্ভৱ হৈ নুঠে। আলেকজেণ্ডাৰ শ্বেলকাৰ্ক, মানৱ-শিশু টাৰজান আদিৰ কাহিনীয়ে এই কথাৰ সত্যতা প্ৰতিপন্ন কৰে। সেই হেতুকে শিক্ষাৰ লক্ষ্যই মানুহৰ এই সমাজমুখী স্বভাৱ বা প্ৰবৃত্তি কেতিয়াও অৱহেলা কৰিব নোৱাৰে।

(২) শিক্ষাৰ সামাজিক পৰিৱেশেহে মানুহৰ সহজাত ক্ষমতা আৰু বিকাশযোগ্যতা আৱিষ্কাৰ কৰিব পাৰে। কাৰ ব্যক্তিত্বত কেনে যোগ্যতা বা সম্ভাৱনীয়তা নিহিত হৈ আছে তাক সহজে জানি উঠিব নোৱাৰি। এই অপ্ৰকট শক্তি প্ৰকট কৰি তুলিবৰ বাবে সামাজিক পৰিৱেশৰ অথবা শিক্ষাৰ এক সামাজিক পটভূমিৰ প্ৰয়োজন। উইলিয়াম চেক্সপীয়েৰ, জৱাহৰলাল নেহৰু, ৰবীন্দ্ৰনাথ আদি অসাধাৰণ লোকসকলৰ ব্যক্তি-প্ৰতিভা বিকাশৰ প্ৰধান কাৰণ হৈছে শিক্ষাৰ সামাজিক পৰিৱেশ।

(৩) চৰম সমাজবাদী চিন্তাবিদসকলৰ মতে সমাজ হৈছে দেহৰ সকলো অংশৰ পূৰ্ণতাৰে গঢ়া এজন মানুহৰ দৰে আৰু ব্যক্তি হৈছে সেই দেহৰ একো একোটা ক্ষুদ্ৰ জীৱকোষৰ দৰে। এটা জীৱকোষৰ অৱস্থিতি দেহৰ বাহিৰত বুলি ধৰিব নোৱাৰি। দেহৰ বিকাশ সাধনৰ বাবে কোষে নিজ ভূমিকা গ্ৰহণ কৰাৰ দৰে সমাজৰ বিকাশৰ বাবেও ব্যক্তিয়ে নিজৰ অৰিহণা আগবঢ়াব লাগে।

(৪) ব্যক্তিৰ নিজ নিজ প্ৰয়োজন সমাজৰ প্ৰয়োজনৰ যোগেদিহে প্ৰতিবিম্বিত হয়। সেইবাবে ব্যক্তিৰ প্ৰয়োজন সমাজৰ প্ৰয়োজনতকৈ পৃথক হ’ব নোৱাৰে। কোনো ব্যক্তিৰ নিজ প্ৰয়োজন সামাজিক প্ৰয়োজনৰ পৰিপন্থী হৈ উঠিলে তাক উৎসাহিত কৰি তোলা অনুচিত। ব্যক্তিৰ প্ৰয়োজনতকৈ সামাজিক প্ৰয়োজনে সদায় অগ্ৰাধিকাৰ পোৱা উচিত। কাৰণ সামাজিক প্ৰয়োজন পূৰণ আৰু সুখ-সমৃদ্ধি আদিয়ে ব্যক্তিৰ কেতিয়াও অনিষ্ট সাধন কৰিব নোৱাৰে।

(৫) বৰ্তমান সামাজিক জটিলতা বৃদ্ধি হোৱাৰ লগে লগে মানুহ অধিকভাৱে সমাজৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ ধৰা দেখা যায়। আধুনিক বিজ্ঞানৰ দ্বাৰা লাভ কৰা উন্নত সামাজিক জীৱনত এজন মানুহে কেতিয়াও স্বয়ংসম্পূৰ্ণ ভাৱে জীৱন নিৰ্বাহ কৰিব নোৱাৰে। ব্যক্তিৰ সুখ-আনন্দ, আমোদ-প্ৰমোদ, শান্তি-প্ৰগতি আদিৰ বাবে মানুহ একান্তই সমাজৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। সেয়েহে ব্যক্তিৰ নিজ স্বাৰ্থ পূৰণৰ বাবেই উন্নত সামাজিক ব্যৱস্থাৰ প্ৰয়োজন।

সামাজিক লক্ষ্যৰ দুৰ্বলতাঃ

শিক্ষাৰ সামাজিক লক্ষ্য অতীত আৰু বৰ্তমানৰ গণতান্ত্ৰিক মনোভাৱৰ দেশসমূহৰ বাবে আদৰণীয়। কিন্তু সেয়ে হ’লেও ইয়াৰ চৰম দৃষ্টিভংগী শিক্ষাৰ লক্ষ্য স্বৰূপে সকলোৰে গ্ৰহণযোগ্য হৈ উঠিব নোৱাৰে। এই প্ৰসংগত সামাজিক লক্ষ্যৰ কেতবোৰ দুৰ্বলতা নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি।

(১) চৰম সমাজবাদীসকলে গ্ৰহণ কৰা সমাজৰ অতিমানৱীয় অস্তিত্বৰ দৃষ্টিভংগীয়ে ব্যক্তিক অস্তিত্বহীন কৰি পেলাব পাৰে। সমাজক সৰ্বশক্তিমান বুলি বিবেচনা কৰিবলৈ যাওঁতে ব্যক্তিৰ নিজস্ব ক্ষমতা, প্ৰয়োজন আৰু ভূমিকা আদিৰ যথাযোগ্য বিবেচনা নকৰাটো ব্যক্তি আৰু সমাজ উভয়ৰ বাবেই ক্ষতিকাৰক। এনে একপক্ষীয় দৃষ্টিভংগীয়ে শিক্ষা-ক্ষেত্ৰত ব্যক্তিক গতানুগতিক, যন্ত্ৰচালিত আৰু অন্ধ অনুকৰণশীল কৰি তুলিব পাৰে। স্বতঃস্ফূৰ্ত বিকাশৰ পথ বন্ধ হৈ পৰি ব্যক্তি প্ৰতিভা আৰু যোগ্যতাৰ অপমৃত্যু ঘটিব পাৰে। ফলত সমাজৰ উন্নতিত ব্যক্তিৰ কোনো উল্লেখযোগ্য ভূমিকা আশা কৰিব পৰা নহ’ব।

(২) শিক্ষাৰ সামাজিক লক্ষ্যৰ চৰম দৃষ্টিভংগীয়ে একনায়কত্ববাদৰ সৃষ্টি কৰিব পাৰে। পুৰণি গ্ৰীচৰ স্পাৰ্টা নগৰী আৰু নাজী জাৰ্মেনীৰ শিক্ষা এনে একনায়কত্ববাদ মনোভাৱৰ দ্বাৰা প্ৰভাৱিত। বৰ্তমান সময়ৰ শিক্ষা জগতত এনে দৃষ্টিভংগী আদৰণীয় নহয়। ই ব্যক্তিৰ নিজ ব্যক্তিত্ব বিকাশৰ পথ আৰু মুক্ত গতি বন্ধ কৰি পেলায়। এনে এক অৱস্থাই প্ৰতিজন সমাজৰ লোককেই ব্যক্তিগতভাৱে অসুখী কৰি তুলিব পাৰে। ফলস্বৰূপে সমাজৰ নামত ৰাষ্ট্ৰ-নায়কৰ এনে দমনমূলক শিক্ষা ব্যৱস্থাই অৱশেষত সামাজিক বিপ্লৱৰো সূচনা কৰিব পাৰে।

(৩) সামাজিক লক্ষ্যই যোগ্যতাৰ ক্ষেত্ৰত থকা ব্যক্তি-পাৰ্থক্যৰ প্ৰশ্নও অৱহেলা কৰা দেখা যায়। সকলো লোকেই সামাজিক পৰিৱেশত শিক্ষা লাভ কৰিলেও সকলোৰে পৰা শিক্ষাৰ পৰিণতি একেই হোৱাটো কেতিয়াও আশা কৰিব নোৱাৰি। শিক্ষাৰ দ্বাৰা সম্ভৱ হৈ উঠা ব্যক্তিৰ উন্নতি আৰু অগ্ৰগতিৰ সীমা অত্যন্ত ব্যক্তিগত। যি ব্যক্তি যেনে শিক্ষাৰ উপযুক্ত তেওঁক তেনে শিক্ষাৰ সুবিধা দিয়া উচিত, এই কথা দাৰ্শনিক প্লেটোৱেই উল্লেখ কৰি গৈছে। সমাজৰ সকলো লোকৰ বাবে শিক্ষাৰ লক্ষ্য আৰু কাৰ্যসূচী একেই কৰি তুলিলে বিশেষ বিশেষ ক্ৰিয়াৰ যোগ্যতা থকা লোকৰ ব্যক্তি-প্ৰতিভা হানি কৰাহে হ’ব পাৰে।

(৪) শিক্ষাৰ যোগেদি ব্যক্তিৰ সামাজিক যোগ্যতা বিকাশৰ ধাৰণাই কোনো কোনো সময়ত সমাজৰ লোকক বিপথগামী কৰি তোলাৰো আশংকা থাকে। সামাজিক যোগ্যতাৰ বিকৃত আৰু অসুস্থ ধাৰণাই ব্যক্তিৰ মনত নাগৰিক জীৱনৰ সংকীৰ্ণ মনোভাৱ আৰু ৰাজনৈতিক দলাদলিৰ সৃষ্টি কৰিব পাৰে। স্বাৰ্থান্বেষী লোকে সামাজিক যোগ্যতাৰ নামত ৰাজনৈতিক ক্ষমতা আৰু অধিকাৰ হস্তগত কৰিবৰ বাবে অসুস্থ সামাজিক বাতাবৰণৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত শিক্ষানুষ্ঠানবোৰত নিয়ম-শৃংখলা ৰক্ষা কৰাটোৱেই এক সমস্যা ৰূপে দেখা দিব পাৰে।

ব্যক্তিকেন্দ্ৰিক আৰু সামাজিক লক্ষ্যৰ প্ৰভেদঃ

ব্যক্তিবাদ আৰু সমস্তিবাদ এই দুই চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত এই দুই শিক্ষাৰ লক্ষ্যৰ মাজত থকা মৌলিক পাৰ্থক্যসমূহ আমাৰ মনত স্পষ্ট কৰি তোলা প্ৰয়োজন। এই প্ৰসংগত তলত উল্লেখ কৰা কথাকেইটা বিবেচনাযোগ্য।

ব্যক্তিকেন্দ্ৰিক লক্ষ্য

সামাজিক লক্ষ্য

(১) এই লক্ষ্য প্ৰকৃতিবাদ দৰ্শনৰ ওপৰত প্ৰতিস্থিত।

(১) এই লক্ষ্য প্ৰয়োগবাদ দৰ্শনৰ ওপৰত প্ৰতিস্থিত।

(২) মানুহৰ জৈৱিক বংশগতিৰ ওপৰত ই গুৰুত্ব দিয়ে।

(২) মানুহৰ সামাজিক বংশগতিৰ ওপৰত ই গুৰুত্ব দিয়ে।

(৩) এই লক্ষ্য বৈজ্ঞানিক দৃষ্টিভংগীৰ ওপৰত প্ৰতিস্থিত।

(৩) এই লক্ষ্য সামাজিক দৃষ্টিভংগীৰ ওপৰত প্ৰতিস্থিত।

(৪) মানুহৰ জৈৱিক অস্তিত্বৰ বিকাশৰ ওপৰত ই গুৰুত্ব দিয়ে।

(৪) মানুহৰ সামাজিক যোগ্যতা লাভৰ ওপৰত ই গুৰুত্ব দিয়ে।

(৫) ব্যক্তিৰ প্ৰকৃতি আৰু প্ৰয়োজনৰ প্ৰতি এই লক্ষ্যই দৃষ্টি ৰাখে।

(৫) সমাজৰ প্ৰয়োজন আৰু সমস্যাৰ প্ৰতি এই লক্ষ্যই দৃষ্টি ৰাখে।

(৬) ব্যক্তি-বিকাশৰ বাবে ই স্বাধীনতা প্ৰদান কৰে।

(৬) এই লক্ষ্যই ৰাষ্ট্ৰক ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদান কৰে।

(৭) এই লক্ষ্যই বিশ্বাস কৰে যে ব্যক্তিৰ বিকাশ সমাজৰ বিকাশতকৈ অধিক গুৰুত্বপূৰ্ণ।

(৭) এই লক্ষ্যই বিশ্বাস কৰে যে সমাজৰ বিকাশ ব্যক্তিৰ বিকাশতকৈ অধিক গুৰুত্বপূৰ্ণ।

(৮) এই লক্ষ্যৰ মতে শিক্ষা সকলোৰে বাবে একে মানদণ্ডৰ কৰি তুলিব নালাগে।

(৮) এই লক্ষ্যৰ মতে শিক্ষাই সকলোকে সমানে সুনাগৰিক কৰি তুলিব লাগে।

(৯) এই লক্ষ্যই মনোবিজ্ঞানৰ নীতি আৰু পদ্ধতি সমৰ্থন কৰে।

(৯) এই লক্ষ্যই সমাজবিজ্ঞানৰ নীতি আৰু পদ্ধতি সমৰ্থন কৰে।

(১০) ইংলণ্ডৰ দাৰ্শনিক পাৰ্চি নানৰ দ্বাৰা এই লক্ষ্য জনপ্ৰিয় কৰি তোলা হয়।

(১০) আমেৰিকাৰ দাৰ্শনিক জন্ ডিউইৰ দ্বাৰা এই লক্ষ্য জনপ্ৰিয় কৰি তোলা হয়।

ব্যক্তিকেন্দ্ৰিক আৰু সামাজিক লক্ষ্যৰ সমন্বয়ঃ

ব্যক্তি আৰু সমাজ ইয়াৰ কোনো এটা দিশৰেই যথাৰ্থ মূল্য অৱহেলা কৰিব নোৱাৰি। ব্যক্তিৰ প্ৰয়োজন পূৰণৰ বাবেই সমাজ গঠিত হয় আৰু সামাজিক পৰিৱেশেই ব্যক্তিৰ যোগ্যতা বিকশাই তোলে। এই দুয়োটা দিশকেই পৃথকভাৱে বিবেচনা কৰিলে শিক্ষাৰ সামূহিক ৰূপটোৰ প্ৰকৃত মূল্যায়ন কৰিব পৰা নাযায়। ব্যক্তি আৰু সমাজ সম্বন্ধে দৰ্শন আৰু ৰাজনীতিবিদ পণ্ডিতসকলে দীৰ্ঘদিন ধৰি নিজ নিজ চিন্তা ব্যক্ত কৰি আহিছে। এইসমূহ চিন্তা বিভিন্ন সময়, সমাজ আৰু পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত হোৱা বাবে তাৰ মাজত মত-পাৰ্থক্য থকাটো স্বাভাৱিক। কিন্তু বৰ্তমান সময়ৰ সামাজিক ভাবধাৰা, শিক্ষাৰ উদ্দেশ্য আৰু ব্যৱস্থা আদি কোনো এক বিশেষ দাৰ্শনিক অথবা ৰাজনৈতিক চিন্তাধাৰাৰ পৰিণতি স্বৰূপ নহয়। আধুনিক যুগক বিভিন্ন চিন্তাধাৰা, ভাবধাৰা আদিৰ সমন্বয়ৰ যুগ বুলি কোৱা হয়। বৰ্তমান সমাজৰ শিক্ষা ব্যৱস্থাত অতীতৰ সকলোবোৰ উৎকৃষ্ট চিন্তাধাৰা তথা ক্ৰিয়া অভিজ্ঞতা আদিৰে প্ৰভাৱ পৰিছে। এই প্ৰভাৱ সেয়েহে সামূহিক আৰু সমন্বয় সাধনকাৰী বিধৰ, ই চৰম একপক্ষীয় আৰু অনমনীয় বিধৰ নহয়। সুদীৰ্ঘ মানৱ ইতিহাসৰ অভিজ্ঞতাই আমাক শিক্ষাৰ লক্ষ্যকে ধৰি সকলো দৃষ্টিভংগীৰে সমন্বয়ৰ পথ বাছি ল’বলৈ শিকাইছে।

সমাজৰ বাবে ব্যক্তিৰ শিক্ষাৰ ওপৰত দাৰ্শনিক প্লেটোৱে গুৰুত্ব আৰোপ কৰিছে। তেওঁ মত প্ৰকাশ কৰে যে ব্যক্তিয়ে নিজ সম্ভাৱনীয়তাসমূহৰ অবাধে বিকাশ কৰিবলৈ এৰি দিয়াটো দেশৰ বাবেই মংগলৰ কথা। ইয়াৰ যোগেদিহে দেশ বা সমাজে সেই ব্যক্তিৰ পৰা সৰ্বোৎকৃষ্ট উপকাৰ লাভ কৰিব পাৰে। প্লেটোৰ এই দৃষ্টিভংগীৰ পৰা ক’ব পাৰি যে প্ৰকৃতপক্ষে প্ৰতিভাৱান লোকে মুক্তভাৱে সমাজত নিজ বৰঙণি যোগোৱাৰ সুবিধা পাব পাৰে।

ব্যক্তিত্ব বিকাশৰ বাবে প্ৰয়োজন হোৱা এনে স্বাধীনতাৰ কথা ডিউইয়েও সমৰ্থন কৰে। তেওঁৰ মতে প্ৰগতিশীল সমাজ গঠন কৰিবলৈ হ’লে মানুহক বৌদ্ধিক স্বাধীনতা দিয়া উচিত। এনে স্বাধীনতা গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ যোগেদিহে লাভ কৰিব পাৰি বুলিও তেওঁ উল্লেখ কৰে। সেইবাবে ব্যক্তিৰ আৰু সমাজৰ স্বাৰ্থ যথাযোগ্য পূৰণৰ বাবে গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ প্ৰয়োজন। এইখিনিতেই মন কৰিবলগীয়া যে এখন সমাজ অথবা সামাজিক পৰিৱেশ মানুহৰ দ্বাৰাই গঠিত হয়। মানুহে ইয়াক গঠন কৰে নিজে তাৰ পৰা উপকৃত হ’বৰ বাবে। সেয়েহে নিজ স্বাৰ্থ পূৰণৰ বাবেই সমাজৰ উন্নতিৰ প্ৰয়োজন আৰু ইয়াৰ বাবে প্ৰতিজন লোকৰেই নিজ বৰঙণি থাকিব লাগে।

চিন্তাবিদ নানৰ দৃষ্টিভংগীতো ব্যক্তি আৰু সমাজ এই দুটা দিশৰ সমন্বয়ৰ ভাব পৰিলক্ষিত হয়। তেওঁ মত প্ৰকাশ কৰি কয় যে ব্যক্তিগত মুনিহ তিৰোতাৰ মুক্ত আদান-প্ৰদানৰ অবিহনে মানৱ জগতলৈ কোনো মংগল আহিব নোৱাৰে। সৰ্বসাধাৰণ লোকৰ জীৱনৰ সৈতে মুক্তভাৱে সামাজিক পৰিৱেশত সহযোগিতা লাভ কৰাটো সেয়েহে ব্যক্তিৰ শিক্ষা বিকাশৰ দিশত প্ৰয়োজনীয় চৰ্ত স্বৰূপ, এই কথা নানে স্বীকাৰ কৰিছে।

ওপৰত আলোচনা কৰা এই দৃষ্টিভংগীবোৰৰ পৰা ব্যক্তি আৰু সমাজৰ মাজত থকা সমন্বয় আৰু পাৰস্পৰিকতা আমাৰ মনত স্পষ্ট হৈ উঠে। শিক্ষাৰ এটা সাধাৰণভাৱে সকলোৰে গ্ৰহণযোগ্য লক্ষ্য প্ৰস্তুত কৰিবৰ বাবে সমাজৰ দাবী আৰু প্ৰয়োজনসমূহৰ প্ৰতি লক্ষ্য ৰাখি ব্যক্তি-সত্বা বিকাশৰ সুবিধা আৰু প্ৰয়োজনীয় স্বাধীনতা প্ৰদান কৰিব লাগে। এই দুয়োটা দিশৰ সুস্থ সমন্বয়ে সুস্থ ব্যক্তি সুস্থ সমাজত গঢ় দি তুলিব পাৰে। এই সমন্বয় সাধনৰ পথ ৰচনা কৰাটো কেৱল সম্ভৱপৰেই নহয়, ই বৰ্তমান সময়ৰ এক দাবীস্বৰূপ বুলিও ক’ব পাৰি। আধুনিক শিক্ষা-দৰ্শনে সমন্বয় দৃষ্টিভংগীৰে লক্ষ্যৰ এক সুস্পষ্ট আৰু গ্ৰহণযোগ্য পথ ৰচনা কৰাটো অতীব প্ৰয়োজনীয় কথা।

(উৎসঃ শিক্ষা-তত্ব অধ্যয়ন, যতীন বৰুৱা)।

3.09375
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top