অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুনাগৰিকত্বৰ বাবে শিক্ষা,তৃতীয় অধ্যায়

সুনাগৰিকত্বৰ বাবে শিক্ষাৰ প্ৰয়োজনীয়তা লিখা হৈছে

 

 

সুনাগৰিকৰ শিক্ষাঃ

 

নাগৰিকৰ শিক্ষাৰ ধাৰণাটো অতি পুৰণি ধাৰণা। এই ধাৰণাৰ পৰিপ্ৰেক্ষিততেই সুদূৰ অতীতৰ পৰা এনে ধৰণৰ শিক্ষা ব্যৱস্থা এটা আজিলৈ প্ৰচলিত হৈ আছে। এটা গোষ্ঠীয়ে আন এটা গোষ্ঠীক উচ্ছেদ কৰি শাসনযন্ত্ৰ নিজৰ হাতলৈ নিয়ে। কিন্তু নাগৰিকৰ ধাৰণাটো সদায় এক ধৰণেৰে ৰৈ যায়। মাত্ৰ প্ৰশাসকৰ নিজৰ জ্ঞানৰ পৰিসীমা আৰু উদাৰ মনোভাৱৰ ফলত নাগৰিকসকলক বিকাশ কৰা পদ্ধতিটোৰ কিছুমান সালসলনি হয়। আমি নাগৰিকৰ শিক্ষাৰ বিষয়ে জানিবলৈ যাওঁতে প্ৰকৃততে নাগৰিকনো কোন ? তেওঁলোকৰ দায়িত্বনো কি ? তেওঁলোকক শিক্ষা-দীক্ষা দিয়াৰ ধৰণ কেনেকুৱা ? সেই সকলো দিশৰ বিষয়ে জনাটো প্ৰয়োজন হ’ব। বিখ্যাত দাৰ্শনিক প্লেটোৱে তেওঁৰ অমৰ-গ্ৰন্থ ‘গণতন্ত্ৰ’ত এই বিষয়ে বিশদভাৱে বিশ্লেষণ কৰি দেখুৱাইছে। নাগৰিক বুলি ক’বলৈ যাওঁতে গণতন্ত্ৰৰ কথা উল্লেখ কৰিব লাগিব। যিখন ৰাষ্ট্ৰত গণতন্ত্ৰৰ বীজ সিঁচা হৈছে সেইখন ৰাষ্ট্ৰতহে নাগৰিকৰ ধাৰণাটো সুন্দৰভাৱে প্ৰযোজ্য হয়। ৰাজতন্ত্ৰসমূহত জনসাধাৰণক প্ৰজা বুলি কোৱা হৈছিল। আধুনিক ধাৰণাত জনসাধাৰণক নাগৰিক আখ্যা দিয়া হৈছে। গণতন্ত্ৰখন বৰ্তি থাকিবলৈ নাগৰিকৰ প্ৰয়োজন। তেওঁলোকৰ মূল্যৱান ভোটাধিকাৰ সাব্যস্ত কৰি ৰাষ্ট্ৰখনৰ দায়িত্ব ল’বলৈ নেতা নিৰ্বাচন কৰাটোও নাগৰিকসকলৰ এটা প্ৰধান দায়িত্ব তথা কৰ্তব্য। নাগৰিকসকলৰ গণতান্ত্ৰিক, নাগৰিকত্বৰ বিকাশ কৰিবলৈ শৃংখলাবোধ, সহযোগিতা, সামাজিক সচেতনতা, সহনশীলতা আদি ধাৰণাসমূহ নাগৰিকসকলে আয়ত্ব কৰিব লাগিব।

এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ পূৰ্ণাংগ বিকাশত নাগৰিকসকলৰ বিশেষ অৰিহণা থাকে। সেই ৰাষ্ট্ৰৰ বিকাশ নিৰ্ভৰ কৰিব ৰাষ্ট্ৰখনৰ নাগৰিকসকলৰ সুশিক্ষাৰ ওপৰত। যিখন ৰাষ্ট্ৰৰ নাগৰিকসকল কোনো ধৰণেৰে শিক্ষিত নহয় সেই ৰাষ্ট্ৰখনৰ বিকাশ কোনো প্ৰকাৰে হ’ব নোৱাৰে। নাগৰিকসকল শিক্ষিত হ’লেহে ৰাষ্ট্ৰৰ সকলো প্ৰকাৰৰ উন্নতিৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰি নাগৰিকসকলে নিজৰ উন্নতি সাধন কৰিবলৈ সক্ষম হ’ব। গতিকে দেখা যায় যে শিক্ষাই নাগৰিকসকলক শিক্ষিত কৰি তুলিবলৈ, ৰাষ্ট্ৰৰ বিকাশৰ বাবে কাৰ্য কৰিবলৈ প্ৰস্তুত কৰি তোলে।

সমাজবিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে সমাজৰ উঠি অহা কিশোৰ-কিশোৰীসকলক সুনাগৰিকৰূপে গঢ়ি তোলাৰ আদৰ্শ ক্ৰমান্বয়ে সামাজিক জীৱনত জনপ্ৰিয় হৈ পৰিছে। এই সন্দৰ্ভত চিন্তাবিদসকলে বিশ্বাস কৰে যে শিশুসকলক ভৱিষ্যৎ সমাজৰ উপযুক্ত কৰি তুলিব আৰু নাগৰিকৰ ধাৰণাত উদ্বুদ্ধ কৰিব পাৰিব একমাত্ৰ শিক্ষাইহে। নাগৰিকসকলৰ সুচিন্তাধাৰাৰ দ্বাৰাহে গণতন্ত্ৰৰ মূল ভেটি ৰচিত হ’ব। সেয়েহে শিক্ষাৰ মূল উদ্দেশ্য আৰু ধাৰণা নাগৰিকসকলৰ শিক্ষাৰ ওপৰত ন্যস্ত হোৱাটো প্ৰয়োজন। এখন ৰাষ্ট্ৰৰ আদৰ্শ ভাৱধাৰা আৰু উদ্দেশ্য সকলোখিনি যিহেতু নিৰ্ভৰ কৰে তাৰ জনসাধাৰণৰ ওপৰত সেয়েহে সেই জনসাধাৰণৰ বিকাশ সাধন কৰাটোও ৰাষ্ট্ৰখনৰ এটা উল্লেখযোগ্য উদ্দেশ্য। এখন দেশৰ ৰাষ্ট্ৰীয় বিকাশত শিক্ষাৰ সম্বন্ধ অতি নিবিড়। ৰাষ্ট্ৰখনৰ বিকাশত নাগৰিকসকলৰ বিকাশে এটি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

নাগৰিকসকলৰ শিক্ষা মানেই হ’ল দেশখনৰ শিক্ষা ব্যৱস্থা। নাগৰিকসকল দেশখনৰ সম্পদ অথবা ইয়াক মানৱ সম্পদ হিচাপে ধৰা হয়। দেশখনৰ সমস্যা, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি সকলো ধৰণৰ বিষয় শিক্ষানুষ্ঠানসমূহত তত্ত্বগধুৰভাৱে আলোচনা কৰা হয়। শিক্ষাবিদসকলে দেশৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰি উক্ত সমস্যাবোৰ সমাধানৰ বাবে মতামত প্ৰকাশ কৰিব পাৰে। এনে ধৰণৰ মত প্ৰকাশ, আলাপ-আলোচনা আৰু গৱেষণাৰ সিদ্ধান্তই দেশখনৰ বিভিন্ন সমস্যা সমাধান কৰি দেশখন অগ্ৰগতিৰ পথত আগবাঢ়ি যোৱাত সহায় কৰে। গতিকে দেশখনৰ সামগ্ৰিক বিকাশত শিক্ষাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আৰু স্পষ্ট। শিক্ষাৰ জৰিয়তেই নাগৰিকসকলে বিভিন্ন ধৰণৰ জ্ঞান অৰ্জন কৰাৰ লগতে দেশখনৰ বিষয়ে সম্যক জ্ঞান লাভ কৰি দেশৰ বিভিন্ন কাৰ্যত অংশগ্ৰহণ কৰিবলৈ সক্ষম হয় আৰু বিভিন্ন বিষয়ত নিজৰ সুস্থ-সবল মতামত দাঙি ধৰিব পাৰে। ৰাষ্ট্ৰীয় বিকাশত নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ অতি প্ৰয়োজনীয় তথা অপৰিহাৰ্য।

শিক্ষাই নাগৰিকসকলৰ মনত সামাজিক চেতনাবোধ জগাই তোলাৰ উপৰিও স্বদেশপ্ৰেমী কৰি তোলাত অধিক অৰিহণা যোগায়। নাগৰিকসকলৰ সামাজিক চেতনাবোধ আৰু স্বদেশপ্ৰেমে ৰাষ্ট্ৰৰ বিকাশৰ ক্ষেত্ৰত অধিক সহায় কৰে। নাগৰিকসকলৰ মনত জাতীয়তাবোধ জগাই তোলাটোও ৰাষ্ট্ৰৰ শিক্ষা ব্যৱস্থাৰ এটা গধুৰ দায়িত্ব। শিক্ষাই নাগৰিকসকলৰ মনত সামাজিক চেতনাবোধ জগাই তোলাৰ উপৰিও তেওঁলোকক সংযত, ঐক্য আৰু ভ্ৰাতৃত্ববোধৰ ভাৱেৰে অনুপ্ৰাণিত কৰি তোলে। নাগৰিকসকলৰ এই সকলোবোৰ গুণেই ৰাষ্ট্ৰৰ বিকাশত অধিক সহায় কৰে। আকৌ জাতীয় ঐক্য আৰু সংহতিত শিক্ষাই মূল চাবিকাঠি বুলি ক’ব পাৰি।

সুনাগৰিকৰ বাবে শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি এখন গণতন্ত্ৰত শিক্ষাৰ ভূমিকাৰ বিষয়ে আলোচনা কৰাটো প্ৰয়োজনীয় হব। গণতন্ত্ৰৰ প্ৰকৃত উদ্দেশ্য হল নাগৰিকসকলৰ সৰ্বাংগীন কল্যাণ সাধনৰ মাধ্যমত ৰাষ্ট্ৰখনৰ প্ৰগতি কামনা কৰা। গণতন্ত্ৰৰ প্ৰকৃত অৰ্থ যদি ‘জনসাধাৰণৰ দ্বাৰা গঠিত, জনসাধাৰণৰ কাৰণে, জনসাধাৰণৰ চৰকাৰ’ হয়, তেতিয়াহ’লে নাগৰিকসকলৰ কল্যাণ সাধন কৰাই ইয়াৰ মূল উদ্দেশ্য হ’ব। সমতা আৰু স্বাধীনতা হ’ল এখন গণতান্ত্ৰিক দেশৰ মূল বৈশিষ্ট্য। গণতন্ত্ৰৰ ধাৰণাটো হ’ল এটা সুপৰিকল্পিত ধাৰণা যিটোৰ মাধ্যমত সুন্দৰভাৱে জীৱন ধাৰণ কৰিব পাৰি। গণতন্ত্ৰৰ মাধ্যমত জনসাধাৰণে সাম্য আৰু স্বাধীনতাৰ সোৱাদ উপলব্ধি কৰি স্বাধীনভাৱে জীৱন-যাপন কৰিব পাৰে। এখন দেশৰ চৰকাৰ আৰু সেই দেশৰ শিক্ষা ব্যৱস্থাৰ মাজত নিবিড় সম্বন্ধ আছে। দুয়ো ওতঃপ্ৰোতভাৱে জড়িত। এখন দেশৰ চৰকাৰ ব্যৱস্থাৰ পৰা শিক্ষাক পৃথক কৰিব নোৱাৰি। ইটো সিটোৰ লগত যেনেকৈ জড়িত তেনেকৈ নিৰ্ভৰশীলো। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ শিক্ষাৰ লক্ষ্য তাৰ চৰকাৰ ব্যৱস্থাৰ ওপৰত ভিত্তি কৰিয়েই গ্ৰহণ কৰা হয়।

সমতা স্থাপন কৰাই হ’ল গণতন্ত্ৰৰ মূল উদ্দেশ্য। গণতন্ত্ৰ সাম্যৰ ওপৰত প্ৰতিষ্ঠিত। সেয়েহে শিক্ষাৰ লক্ষ্যও সাম্যৰ ওপৰত প্ৰতিষ্ঠিত হোৱাটো আৱশ্যক। গণতন্ত্ৰত সকলো নাগৰিককে জাতি, ধৰ্ম, বৰ্ণ, নিৰ্বিশেষে শিক্ষাৰ সমান অধিকাৰ দিয়াটো দৰকাৰ, তাৰ ফলতেই ৰাষ্ট্ৰসমূহে অবৈতনিক শিক্ষা ব্যৱস্থাৰ মাধ্যমত দেশৰ প্ৰগতিত সহায় কৰিবলৈ সক্ষম হৈছে। গণতন্ত্ৰ ব্যক্তি-স্বাধীনতাৰ ওপৰত প্ৰতিষ্ঠিত বুলি অভিহিত কৰা হয়। গতিকে গণতন্ত্ৰত নাগৰিকসকলে স্বাধীনভাৱে নিজৰ ৰুচি-অভিৰুচি অনুযায়ী শিক্ষালাভৰ সুবিধা পাব লাগিব। এখন গণতন্ত্ৰত নাগৰিকসকলক শিক্ষা দিয়াৰ কামখিনি সমাধা কৰিবলৈ যিবিলাক শিক্ষানুষ্ঠান গঢ়ি তোলা হয়, সেই সকলোখিনি গণতন্ত্ৰৰ চৰকাৰী যন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। যেতিয়ালৈকে শিক্ষা ব্যৱস্থাটো সকলোৰে বাবে প্ৰযোজ্য হৈ থাকিব তেতিয়ালৈকে গণতন্ত্ৰ বৰ্তি থাকিব। গণতন্ত্ৰত নাগৰিকসকলৰ শিক্ষাৰ গুৰুত্ব চিন্তা কৰি ‘Stead’ নামৰ চিন্তাবিদগৰাকীয়ে কৈছিল- “Education in a democracy and for the community.”

গণতন্ত্ৰ এখনত নাগৰিকসকলে সকলো ক্ষেত্ৰতে সক্ৰিয় অংশগ্ৰহণ কৰে। সেই সক্ৰিয় অংশগ্ৰহণৰ তলত নিহিত হৈ থাকে গণতান্ত্ৰিক দেশখনৰ নাগৰিকসকলৰ শিক্ষাৰ দিশটো। এই বৈশিষ্ট্যৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক শিক্ষা প্ৰদান কৰি ৰাষ্ট্ৰৰ বিভিন্ন কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ প্ৰস্তুত কৰি তোলাটো শিক্ষাৰ লক্ষ্য হোৱাটো দৰকাৰ। শিক্ষানীতি, শিক্ষা পৰিকল্পনা, শিক্ষাৰ লক্ষ্য, শিক্ষাৰ আঁচনি আদি প্ৰস্তুত কৰোতে জনসাধাৰণক অংশগ্ৰহণ কৰিবলৈ দিয়াটোও শিক্ষাৰ লক্ষ্য হ’ব লাগে। গণতন্ত্ৰত জনমতৰ ভূমিকা অতি তাৎপৰ্যপূৰ্ণ তথা প্ৰয়োজনীয়। জনমতক উপেক্ষা কৰি গণতন্ত্ৰ বৰ্তি থকাটো যেনেকৈ অসম্ভৱ তেনেকৈ শাসন কাৰ্য চলোৱাটোও সম্ভৱ নহয়। সেয়েহে শিক্ষা ব্যৱস্থাত জনমতৰ ভূমিকাও অধিক হোৱাটো প্ৰয়োজন। গণতান্ত্ৰিক ৰাষ্ট্ৰত শিক্ষা ব্যৱস্থা প্ৰস্তুত কৰোতে সুনাগৰিক, শিক্ষাবিদ আৰু জনমতৰ অনুকূলে গ্ৰহণ কৰিব লাগে। জনমতৰ অনুকূলে শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিলে জনসাধাৰণ তথা নাগৰিকসকল উপকৃত হ’ব আৰু গণতন্ত্ৰৰ সাফল্যও নিৰ্ভৰ কৰিব। গণতান্ত্ৰিক দেশ এখনৰ প্ৰকৃত লক্ষ্য হোৱা উচিত জনসাধাৰণক উপযুক্ত নাগৰিক কৰি গঢ়ি তোলা।

শিক্ষা ব্যৱস্থাটো হ’ল এখন ৰাষ্ট্ৰৰ এটা অত্যাৱশ্যকীয় দায়িত্ব। ৰাষ্ট্ৰত ৰাজনৈকিত উদ্দেশ্য, সমাজতান্ত্ৰিক উদ্দেশ্যেৰে সমাজবাদ প্ৰতিষ্ঠা কৰিবলৈ হ’লে শিক্ষিত নাগৰিকৰ প্ৰয়োজন। সেই শিক্ষিত নাগৰিকসকলে দেশৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক উন্নতি সাধনত অৰিহণা যোগাব পাৰি। ৰাষ্ট্ৰখনৰ বিকাশ তথা উন্নতি নিৰ্ভৰ কৰিব নাগৰিকসকলৰ উৎপাদন শক্তিৰ ওপৰত। ৰাষ্ট্ৰৰ উন্নতি আৰু বিকাশৰ স্বাৰ্থতে নাগৰিকসকলক প্ৰকৃত শিক্ষা দিয়াৰ দায়িত্বটো ৰাষ্ট্ৰৰ ওপৰত নিহিত হৈ আছে। তাৰ ফলস্বৰূপে শিক্ষা ব্যৱস্থাৰ প্ৰসাৰ আৰু উন্নতি সাধনৰ বাবে ৰাষ্ট্ৰৰ দায়িত্ব আগতকৈ অধিক বাঢ়িছে। আধুনিক সময়ত ৰাষ্ট্ৰসমূহৰ দায়িত্ব অতি গধুৰ। আধুনিক শিক্ষা ব্যৱস্থাৰ সফল প্ৰয়োগ নোহোৱালৈকে ৰাষ্ট্ৰসমূহে নাগৰিকসকলৰ শিক্ষাৰ দায়িত্ব লোৱা নাছিল। শিক্ষাৰ দায়িত্ব লৈছিল নানা ধৰণৰ বেচৰকাৰী অনুষ্ঠানসমূহে। উচ্চশ্ৰেণীৰ নাগৰিকসকলক মাধ্যমিক শিক্ষা আৰু সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ বাবে প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা চলি আছিল। এইক্ষেত্ৰত ৰাষ্ট্ৰই উদাসীন মনোভাৱ লৈয়ে আছিল। পশ্চিমীয়া দেশত বিজ্ঞান আৰু শিল্পৰ বিকাশ সাধন হ’ল আৰু দেশবোৰে গণতান্ত্ৰিক স্বত্ব গ্ৰহণ কৰিলে। সেই সময়তো নাগৰিকসকলৰ সু-শিক্ষাৰ দায়িত্ব ৰাষ্ট্ৰই বহন কৰা নাছিল। কিন্তু লাহে লাহে ৰাষ্ট্ৰসমূহে সমাজ কল্যাণকামী ভাৱধাৰাৰে উদ্বুদ্ধ হ’ল আৰু নাগৰিকৰ শিক্ষাৰ দায়িত্ব ৰাষ্ট্ৰসমূহে ল’লে। সমাজতান্ত্ৰিক দেশবোৰেও নাগৰিকসকলৰ শিক্ষাৰ দায়িত্ব নিজ হাতেৰে বহন কৰি আহিছে।

নাগৰিকসকলক শিক্ষা দিয়াটো যিহেতু ৰাষ্ট্ৰৰ দায়িত্ব আৰু কৰ্তব্য হিচাপে পৰিগণিত কৰিলে, সেয়েহে গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহে নিজস্ব ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰৱৰ্তন কৰিবলগীয়া হয়। নাগৰিকসকলক সমাজত সমান অধিকাৰ দিয়াৰ দায়িত্ব ৰাষ্ট্ৰৰ ওপৰত পৰিল। সেই সমান অধিকাৰৰ মাজতে শিক্ষাৰ অধিকাৰো এটি। সকলোকে সমান ধৰণেৰে শিক্ষা দিয়াৰ বাবে শিক্ষানীতিৰ প্ৰচলন কৰা হ’ল। সংসদ ব্যৱস্থাৰ মাধ্যমেৰে অধিক সদস্যৰ সন্মতি সাপেক্ষে এই ৰাষ্ট্ৰীয় শিক্ষানীতি নাগৰিকসকলৰ কল্যাণৰ বাবে দেশত প্ৰৱৰ্তন কৰা হয়। এই নীতিৰ অন্তৰালত বাধ্যতামূলক শিক্ষা প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যও থাকে। দেশৰ পৰা নিৰক্ষৰতা দূৰ কৰা শিক্ষানীতিৰ এটি মূল উদ্দেশ্য। ৰাষ্ট্ৰসমূহে আইন প্ৰণয়ন কৰি এটা নিৰ্দিষ্ট সময়-সীমালৈ নাগৰিকক বাধ্যতামূলকভাৱে বিনামূলীয়া শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছে। এই নীতি ৰাষ্ট্ৰ ভেদে বিভিন্ন ধৰণৰ। শিশুসকলৰ সৰ্বাংগীন বিকাশ সাধন কৰাটোও ৰাষ্ট্ৰসমূহৰ দায়িত্বত পৰিগণিত হৈছে।

ৰাষ্ট্ৰসমূহে আইন প্ৰণয়ন, নীতি গ্ৰহণ আৰু অন্যান্য কামত জড়িত থকাৰ লগতে বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান স্থাপন কৰাৰ দায়িত্বও বহন কৰিব লাগে। দেশৰ বিভিন্ন প্ৰান্তৰ নাগৰিকসকলৰ বাবে বিভিন্ন ধৰণৰ অনুষ্ঠান স্থাপনৰ দায়িত্ব ৰাষ্ট্ৰীয় চৰকাৰে নিজৰ হাতত লৈছে। বিশেষকৈ কাৰিকৰী, চিকিৎসা, বিশ্ববিদ্যালয় আদিৰ শিক্ষা সম্প্ৰসাৰণৰ বাবে অনুষ্ঠান আদি ৰাষ্ট্ৰীয় চৰকাৰৰ অনুমতি সাপেক্ষেহে পতাৰ দিহা কৰা হয়। নাগৰিকসকলৰ বিভিন্ন শিক্ষা ব্যৱস্থাৰ বাবে আৰ্থিক সাহায্য ৰাষ্ট্ৰৰ ফালৰ পৰাই দিয়াৰ ব্যৱস্থা আছে। বেচৰকাৰী অনুষ্ঠানসমূহে চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য লাভ কৰি নাগৰিকসকলৰ শিক্ষাৰ বিকাশ কৰে। দুখীয়া মেধাৱী ছাত্ৰসকলক চৰকাৰৰ তৰফৰ পৰাই আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰা হয়।

নাগৰিকসকলৰ বিকাশ সাধনৰ ফলস্বৰূপেই কল্যাণকামী ৰাষ্ট্ৰ সাফল্যমণ্ডিত হৈ উঠে। সেয়েহে প্ৰগতিশীল দেশসমূহে নাগৰিকসকলৰ শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ ধৰিছে। আনকি সাধাৰণ শিক্ষা দিয়াৰ লগতে নাগৰিকসকলৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক আদি সকলো দিশতে সুস্থতা বজাই ৰখাৰ দায়িত্বও বহন কৰিছে। অধিক উন্নতিশীল দেশসমূহে শিক্ষাৰ সম্প্ৰসাৰণৰ লগে লগে নাগৰিকসকলৰ আহাৰ, স্বাস্থ্য, বাসস্থান, জিৰণি কেন্দ্ৰ, বিশেষ বিদ্যালয় স্থাপন, শিক্ষাৰ সা-সঁজুলি, স্কুল-পোছাক আৰু যাতায়ত আদিৰ ব্যৱস্থাও ৰাষ্ট্ৰৰ ফালৰ পৰা বহন কৰা দেখা যায়। আনকি ভাৰতবৰ্ষৰ দৰে দেশতো নাগৰিকসকলৰ সু-শিক্ষাৰ ব্যৱস্থা কৰাৰ বাবে ৰাষ্ট্ৰীয় চৰকাৰে প্ৰচেষ্টা চলাই আছে। বৰ্তমান আমাৰ দেশ সমৰ্থ নহ’লেও এটা সময়ত সকলো ধৰণৰ দায়িত্ব ৰাষ্ট্ৰই বহন কৰিব লাগিব। কোঠাৰি আয়োগে (১৯৬৪-৬৬ চনত) জাতীয় শিক্ষা আঁচনিৰ মাধ্যমেৰে নাগৰিকসকলৰ শিক্ষাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছিল। সেইদৰে ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু অন্যান্য নিৰ্দেশনাসমূহেও সুনাগৰিক গঢ়ি তোলাৰ বাবে শিক্ষাৰ গুৰুত্বৰ কথা উল্লেখ কৰিছে।

উন্নয়নমুখী দেশসমূহৰ শিক্ষা ব্যৱস্থাৰ মূল লক্ষ্য হ’ল নাগৰিকসকলক উপযুক্তভাৱে শিক্ষা আৰু প্ৰশিক্ষণ দিয়া। সেই উন্নয়নশীল দেশসমূহে নাগৰিকসকলক প্ৰশিক্ষণৰ মাধ্যমেৰে সামাজিক মূল্যবোধ, জ্ঞান আহৰণৰ লিপ্সা আৰু দক্ষতাসূচক ধাৰণা জগাই তোলে। এই প্ৰক্ৰিয়াবোৰ গণতন্ত্ৰৰ বাবে শিক্ষাৰ অংশস্বৰূপ। এই গণতন্ত্ৰৰ বাবে শিক্ষাৰ ধাৰণাটোৰ বিষয়ে বিভিন্ন দেশে বিভিন্ন ধৰণেৰে অধ্যয়ন সমাপ্ত কৰিছে। সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ লগে লগে গণতন্ত্ৰৰ ধাৰণাটোৰ সম্প্ৰসাৰণ দিনক দিনক বাঢ়ি আহিবলৈ ধৰিলে। এই অধ্যয়নৰ কোনো ধৰণৰ সংক্ষেপ অৰ্থ পোৱা নাযায় যদিও দুটা ধাৰণাৰ কথা উল্লেখ কৰিব পাৰি। এটা ধাৰণাৰ দ্বাৰা ক’ব পাৰি যে শিক্ষাই হ’ল নাগৰিকসকলৰ শিক্ষা। আন এটা ধাৰণাত প্ৰকাশিত হৈছে যে মানৱ জীৱনৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, নৈতিক আৰু নীতিগত দিশটোৰ শিক্ষাই হ’ল নাগৰিকসকলৰ শিক্ষা। ‘Harris’ নামৰ চিন্তাবিদগৰাকীয়ে তেওঁৰ অমূল্য গ্ৰন্থ ‘Encyclopedia of Educational Researech’ নামৰ গ্ৰন্থখনত নাগৰিকসকলৰ শিক্ষা অথবা গণতন্ত্ৰৰ বাবে শিক্ষাৰ বিষয়ে দুটা অধ্যয়নৰ কথা ফঁহিয়াই দেখুৱাইছে। ‘Citizenship Education Study’-ত নাগৰিকসকলৰ পাঁচবিধ গুণাৱলীৰ কথা উল্লেখ কৰিছে আৰু কৈছে সুনাগৰিক হ’বলৈ এই পাঁচবিধ গুণৰ অধিকাৰী হ’ব লাগিব। সেইবোৰ হ’ল-

-  Aware or the importance or meeting basic human needs and is concerned with extension of the essentials of life to the individual.

-  Gives allegiance to the ideals of democracy.

-  Practises the kinds of human relationships that are consistent with a democratic society.

-  Recognises and endeavours to help in the solution of the social problems of the time, and

- Possesses and uses knowledge, skills and abilities to facilitate the process of democratic living.

এইক্ষেত্ৰত আমাৰ আন এটা অধ্যয়নৰ কথা আলোচনা কৰাৰ থল আছে। সমাজ অধ্যয়নৰ জাতীয় পৰিষদে প্ৰতিৰক্ষা বিভাগৰ ‘সশস্ত্ৰ বাহিনী আৰু শিক্ষা সংমণ্ডল’ৰ সহযোগত এলানি অধ্যয়ন সমাপ্ত কৰিছিল। এই অধ্যয়নত সুনাগৰিকৰ প্ৰয়োজনীয় গুণসমূহৰ লগতে তেওঁলোকৰ সু-শিক্ষাৰ কথা উল্লেখ কৰিছে। সেই মূল গুণাৱলীসমূহ হ’ল-

-  Believes in quality of opportunity for all people.

-  Value and respects, human rights and priviladge guaranteed by the constitution.

-  Respects and upholds the law and its agencies.

-  Understands that in the long run people will govern themselves better than any self-appointed group would govern them.

-  Recognises taxes as payment for community services and play promptly.

গণতন্ত্ৰৰ ভেটি সুদৃঢ় হয় লাহে লাহে আৰু বিকাশ লাভ কৰাৰ বাবে লাগে সুদীৰ্ঘ সময়। ইয়াক জীৱন্ত পৰিকল্পনা হিচাপে ল’লেহে সুন্দৰ বতাহ, পানী আৰু পোহৰৰ মাধ্যমত উপযুক্ত ভূমিত প্ৰতিষ্ঠা লাভ কৰিব। গণতন্ত্ৰৰ বাবে শিক্ষা অকল নাগৰিকসকলৰ শিক্ষাদানতে সীমাবদ্ধ নহয় আৰু ই অকল নাগৰিকসকলক জ্ঞানদানেই নকৰে, ইয়াৰ মাধ্যমত দক্ষতা, গভীৰ বুজাপৰা, বহল মনোভাৱ আৰু আগ্ৰহ প্ৰকাশিত হয়। ইয়াক কোনো বিজ্ঞানৰ দৰে নিশ্চিতভাৱে শিকাব নোৱাৰি। ইয়াৰ শিক্ষণ পদ্ধতি বিস্তৃত। গণতন্ত্ৰৰ নাগৰিকসকলে শিক্ষালাভৰ মাধ্যমেৰে প্ৰকৃত গণতান্ত্ৰিক ভাৱধাৰাৰ সোৱাদ লাভ কৰে। ইংলেণ্ডৰ ‘নাগৰিক শিক্ষা সংস্থা’ নামৰ সংগঠনটোৱে গণতন্ত্ৰৰ বাবে শিক্ষা সন্দৰ্ভত কৈছে- “Training in the moral qualities necessary for the citizevs of a democracy, the encouragement of clear thinking in everydays affairs, and the acquisition of a knowledge of the modern world.” গণতন্ত্ৰৰ শিক্ষাই নাগৰিকসকলক নৈতিকতাৰ জ্ঞান দিয়াৰ লগতে দৈনন্দিন কাৰ্যসূচীৰ এটা নিশ্চিত চিন্তাত উপনীত কৰায়। এই শিক্ষা ব্যৱস্থাৰ মাধ্যমত নাগৰিকসকলে সমগ্ৰ বিশ্বৰ জ্ঞান উপলব্ধি কৰিব পাৰিব লাগিব।

মানুহে জন্মতে নাগৰিক হিচাপে পৰিগণিত হোৱা বুলি কোৱাটো কঠিন। নাগৰিক সৃষ্টি কৰা হয়। এদলীয় ৰাষ্ট্ৰত নাগৰিকসকলৰ শিক্ষাৰ ব্যৱস্থা কৰাটো এটা সহজ পন্থা বুলি তুলনামূলকভাৱে ক’ব পাৰি। তাৰ নাগৰিকসকলক শিক্ষা দিয়াৰ ধাৰণাটো নেতাসকলে নিজাববীয়াকৈ কৰিব পাৰে আৰু বাস্তৱত ইয়াক ৰূপান্তৰ কৰিব পাৰে। ইয়াৰ নাগৰিকসকলক প্ৰশাসনে শিল্পৰ আহিলা হিচাপে ব্যৱহাৰ কৰে। তেওঁলোকক প্ৰশাসনে অতি সহজে অনুশীলন কৰিব পাৰে, নিৰ্দেশনা কৰিব পাৰে আৰু যেনে তেনেকৈ কামত খটুৱাব পাৰে। কিন্তু এখন গণতান্ত্ৰিক চৰকাৰত এই সকলোবোৰৰ সীমাৱদ্ধতা আছে আৰু সমগ্ৰ পদ্ধতিটোৱেই জটিল আৰু যৌগিক। এখন গণতন্ত্ৰত ব্যক্তিসকলে সমাজত উৰ্ধস্থান পায়। দেশ আৰু সমাজ ব্যক্তিসকলৰ বাবে বৰ্তি থাকে। ইয়াত যদিও ব্যক্তিসকলক সামাজিক জীৱ হিচাপে ধৰা হয় তেওঁলোকৰ ওপৰত সামাজিক দায়ৱদ্ধতা আছে। এইক্ষেত্ৰত আমি এষাৰ কথা উল্লেখ কৰিব পাৰো। “It is well-night impossible to draw up a blue print of the ideal democratic society.” নাগৰিকত্বৰ শিক্ষাই নাগৰিকসকলক ব্যক্তিগত দক্ষতা, সামৰ্থ, শাৰীৰিক দক্ষতা, মানসিক দক্ষতা, সামাজিক আৰু আধ্যাত্মিক দক্ষতাকে কেৱল আনি নিদিয়ে, ইয়াৰ দ্বাৰা ব্যক্তিসকলে চাৰি প্ৰকাৰৰ নাগৰিকত্ব লাভ কৰে। যেনে- পৰিয়ালৰ নাগৰিকত্ব, বিদ্যালয়ৰ নাগৰিকত্ব, ৰাষ্ট্ৰীয় নাগৰিকত্ব আৰু সমগ্ৰ পৃথিৱীৰ নাগৰিকত্ব। সেয়েহে নাগৰিকত্বৰ ভেটিত শিক্ষাৰ উদ্দেশ্য অতি বহল হোৱা উচিত। ই জীৱনজোৰা প্ৰক্ৰিয়া হ’ব লাগে। কাৰণ পৰিয়াল, সমাজ, বিদ্যালয়, ৰাষ্ট্ৰ আৰু পৃথিৱীৰ নাগৰিকত্বৰ ধাৰণা শিক্ষাৰ মাধ্যমেৰে ব্যক্তিসকলে পাব লাগিব। এই চাৰিওবিধ নাগৰিকত্বৰ ইটোৰ লগত সিটোৰ সম্বন্ধ আছে, কাৰণ এটা মানৱ শিশু কেতিয়াও ডাঙৰ-দীঘল হ’ব নোৱাৰে যদি পৰিয়ালৰ মাজেদি নাগৰিকত্বৰ স্কুলীয়া পৰিৱেশত বিকাশ লাভ নকৰে। সেই ধৰণে বিকশিত নহ’লে ৰাষ্ট্ৰ অথবা পৃথিৱীৰ সুনাগৰিক হিচাপে পৰিগণিত নহয়।

শিক্ষাৰ দ্বাৰা ব্যক্তিৰ পূৰ্ণ বিকাশ হয় বুলি মনিষীসকলে মত পোষণ কৰিছে। সেই ব্যৱস্থা গণতান্ত্ৰিক হ’লে ব্যক্তিসকলৰ মনৰ ধাৰণা বহল হ’ব বুলি ক’ব পাৰি। ব্যক্তিসকলে শিক্ষাৰ মাধ্যমত নাগৰিকত্বৰ সোৱাদ পায়। নাগৰিকৰ শিক্ষাৰ আৰম্ভণি হয় পৰিয়ালত। সেই পৰিয়ালেই সুনাগৰিক প্ৰশিক্ষণৰ প্ৰাথমিক ফুলনি। এই পৰিয়ালেই সুনাগৰিক প্ৰশিক্ষণৰ সকলো দিশৰ সন্ধান দিয়ে। পৰিয়ালৰ পৰাই ধৈৰ্য, সহযোগ, সহানুভূতি, আত্মসংশোধন, মানৱানুভূতি আদিৰ দৰে গণতান্ত্ৰিক মূল্যবোধৰ ধাৰণাৰ জ্ঞান লাভ কৰে। সুস্থ পৰিয়ালত ব্যক্তিয়ে, ব্যক্তি আৰু প্ৰয়োজনৰ লগতে সামাজিক দলসমূহৰ দাবীৰ মাজত প্ৰকৃত ভাৰসাম্য স্থাপন কৰে। প্ৰত্যেকজন নাগৰিকে পৰিয়ালত সকলো ধৰণৰ সজ শিক্ষা, যেনে- আচৰণ, ভ্ৰাতৃত্ববোধ, সমতা আদিৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোকে প্ৰত্যেকজন সদস্যৰ লগত সমাযোজন স্থাপন কৰে। সৰু সামাজিক গোট হ’লেও পৰিয়ালতে বিকশিত শিশুসকলে নিজৰ স্থিতি অনুভৱ কৰাৰ লগতে দায়িত্ব আৰু কৰ্তব্যবোধৰ জ্ঞান লাভ কৰে। সেয়ে পৰিয়ালসমূহো একোখন বৃহত্তৰ সমাজৰ ক্ষুদ্ৰ সংস্কৰণ। এই পৰিয়ালসমূহে ব্যক্তিসকলক ভৱিষ্যতে গণতান্ত্ৰিক পদ্ধতিৰে জীয়াই থকাৰ ধাৰণাৰ প্ৰশিক্ষণ দি নাগৰিকত্বৰ শিক্ষা সম্পন্ন কৰে।

পৰিয়ালৰ পিছতে নাগৰিকৰ শিক্ষাৰ ধাৰণাটো বিদ্যালয়সমূহত প্ৰকাশিত হয়। বিদ্যালয়ৰ একোখন নিজস্ব সমাজ আছে। সেই মাধ্যমত শিক্ষাৰ্থীসকলে গণতান্ত্ৰিক ভাৱধাৰাত উদ্বুদ্ধ হয়। পৰিয়ালত গণতন্ত্ৰৰ গাঁঠনি আৰম্ভ হয় আৰু বিদ্যালয়ত তাৰ বিকাশ লাভ হয়। শিক্ষাৰ্থীসকলে গণতান্ত্ৰিক ভাৱধাৰাৰ পূৰ্ণবিকাশ স্কুলৰ মাধ্যমতে ঘটাবলৈ চেষ্টা কৰে। তেওঁলোকে প্ৰয়োজনীয় সকলোখিনি অভিজ্ঞতা বিদ্যালয়ৰ পৰিৱেশত সঞ্চিত কৰে। বিখ্যাত চিন্তাবিদ R. Souza-ই এই বিষয়ে এনেদৰে মন্তব্য প্ৰকাশ কৰিছে- “Every school has a dual function to perform, to train the child to be a good citizen of the school community, and to prepare him, as fully as possible, for the wider society into which he enters on leaving school and as a member of which he will have to live, more and his being, schools must cease to be ivory towers isolated from the life of the community, they must realise that they are an integral part of the community, and that their ‘Raison Detre’ is not only to develop the individual to his msximum capacity, but to realise him so that he will use his talents and abilities in the service of his community, his country and the whole world.”

গণতন্ত্ৰৰ বাবে শিক্ষা অথবা নাগিকত্বৰ বাবে শিক্ষাৰ ধাৰণা শিক্ষাৰ্থীসকলক স্কুলত আন আন বিষয়ৰ দৰে শিকাব নোৱাৰি। নাগৰিকত্বৰ বাবে শিক্ষা প্ৰণালীটো এটা সম্পূৰ্ণ বেলেগ পদ্ধতি। ইয়াৰ বিকাশ লাভ হয় উপলব্ধিৰ মাধ্যমতহে। ইয়াক কোনো শিক্ষণীয় বিষয় হিচাপে চিনাক্ত কৰিব নোৱাৰি। চাৰ ৰিচাৰ্ড লিভিংষ্টোনে কৈছে- “Citizenship is not information or intellectual information, though these are part of it, it is conduct not theory, action, not knowledge.” এজন ব্যক্তিয়ে সুনাগৰিক হিচাপে পৰিগণিত নহ’লেও তেওঁৰ সমাজবিজ্ঞান, অৰ্থনীতি বিজ্ঞান, ৰাজনীতি আদিৰ জ্ঞান থাকিব পাৰে। আনহাতে এজন ব্যক্তিৰ নাগৰিকৰ কৰ্তব্য আৰু দায়িত্বৰ তাত্বিক জ্ঞান থাকিলেও তেওঁ সুনাগৰিক হিচাপে পৰিগণিত নহ’বও পাৰে। অকল তাত্বিক জ্ঞানৰ দ্বাৰা নাগৰিকসকলে সুনাগৰিকৰ গুণ আহৰণ কৰিব নোৱাৰে। বিদ্যালয়সমূহত পাঠ্যক্ৰম আৰু সহ-পাঠ্যক্ৰমৰ জৰিয়তে গণতন্ত্ৰৰ প্ৰকৃত অভিজ্ঞতা শিক্ষাৰ্থীসকলৰ মনত উদ্বুদ্ধ কৰাব লাগিব। তেতিয়াহে নাগৰিকত্বৰ উপলব্ধি হ’ব আৰু নাগৰিকত্বৰ বাবে শিক্ষাৰ সম্যক জ্ঞান পাব। গণতান্ত্ৰিক জীৱনধাৰণৰ মাধ্যমেৰে আনন্দ আৰু নিৰানন্দৰ মাজত নিজৰ কৰ্তব্য আৰু দায়িত্ববোধৰ উপলব্ধি হ’লে শিশুসকলে সুনাগৰিক হোৱাৰ পথত অগ্ৰসৰ হ’ব পাৰিব। বিখ্যাত দাৰ্শনিক জন্ ডিউইয়ে কৈছে বিদ্যালয়সমূহ সমাজৰ সংক্ষিপ্তসাৰ হোৱা উচিত। এই বিদ্যালয়সমূহতে গণতন্ত্ৰৰ কল্পনা কৰি নাগৰিকৰ প্ৰকৃত লক্ষ্য আৰু উদ্দেশ্যৰ দ্বাৰা উদ্বুদ্ধ কৰি তুলিব লাগিব আৰু তেতিয়াহে শিশু অৱস্থাৰ পৰা তেওঁলোকে সুনাগৰিক হোৱাৰ বাবে প্ৰয়োজনীয় গুণৰ অধিকাৰী হ’ব পাৰিব। সুনাগৰিকৰ বাবে শিক্ষাৰ প্ৰকল্পটো সুনিশ্চিত কৰি তুলিবলৈ শিক্ষাৰ লক্ষ্য, শিক্ষাৰ পাঠ্যক্ৰম, শিক্ষাৰ অনুষ্ঠান, শিক্ষাদানৰ বাবে শিক্ষক, শিক্ষণ পদ্ধতি আৰু অনুশাসন পদ্ধতিত গণতান্ত্ৰিক মূল্যবোধে স্থান পাব লাগিব।

সুনাগৰিকত্বৰ বাবে শিক্ষা আৰু ভাৰতীয় গণতন্ত্ৰঃ

 

ভাৰতবৰ্ষ এখন সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ভাৱধাৰাৰ লগত পৃথিৱীৰ কোনো দেশৰে ভাৱধাৰাৰ মিল নাই। ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত অতীতৰ পৰা গণতান্ত্ৰিক ভাৱধাৰা বিদ্যমান। আনকি শিক্ষা পদ্ধতিতো গণতান্ত্ৰিক চিন্তাধাৰা সোমাই আছিল। জনসাধাৰণৰ ওপৰত গণতান্ত্ৰিক ভাৱধাৰা জাপি দিব নোৱাৰি। ইয়াক অন্তৰ্নিহিত ভাৱধাৰাৰ মাধ্যমতহে মানুহৰ মনত নিৰ্গত কৰাব পাৰি। এই বিষয়ে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে ১৯৩৫ চনতে কৈছিল- “I hold that democracy cannot be evolved by forcible methods. The spirit of democracy cannot be imposed from without. It has to come from within.” তাৰ আগতে ১৯২৫ চনৰ ২৯ জানুৱাৰী তাৰিখে ‘Young India’ নামৰ কাকতত গান্ধীজীয়ে লিখিছিল- “Swaraj is to be obtained by educating the masses to a sense of their capacity to regulate and control authority.” তেওঁৰ মতে ভাৰতবৰ্ষত এনেকুৱা এবিধ শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব যি শিক্ষাৰ দ্বাৰা গণতান্ত্ৰিক আদৰ্শ প্ৰকাশিত হ’ব আৰু গণতান্ত্ৰিক সমাজ গঢ়ি তোলাত সহায় হ’ব।

ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ হিচাপে পৰিগণিত হোৱাৰ মূলতে আছে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটো। সুনাগৰিক হিচাপে পৰিগণিত কৰাৰ বাবে মাধ্যমিক শিক্ষাতে শিক্ষাৰ্থীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে প্ৰচেষ্টা চলোৱা হয়। ভাৰতৰ মাধ্যমিক শিক্ষাৰ মূল লক্ষ্য হ’ল ছাত্ৰ-ছাত্ৰীসকলক সুনাগৰিক হিচাপে গঢ়ি তোলা। ভাৰতবৰ্ষৰ শিক্ষাৰ লক্ষ্যৰ পূৰ্ণতা অনাৰ অন্তৰালত লুকাই আছে ভাৰতীয় নাগৰিকত্বৰ আদৰ্শ আৰু মূল্যবোধ। ই অন্ধবিশ্বাস আঁতৰোৱাত সহায় কৰিছে। ইয়াৰ মাধ্যমতেই ধৰ্মনিৰপেক্ষতাৰ ভাৱাদৰ্শ প্ৰকাশিত হৈছে আৰু সেয়েহে ভাৰতবৰ্ষই এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে সাৰ্বভৌমত্ব পাইছে। ১৯৫২ চনৰ মাধ্যমিক শিক্ষা আয়োগতো গণতন্ত্ৰত নাগৰিকত্ব (Citizenship in democracy) প্ৰকাশিত হৈছে। এই সন্দৰ্ভৰ আয়োগে এনেদৰে মন্তব্য প্ৰকাশ কৰিছে- “Three aims fit in democracy; (1) The training of character to fit the students to participate creatively as citizens in the democratic social order, (2) The improvement of their part in building up the economic prosperity of their country, and (3) The development of literary, artistic and cultural interests which are necessary for self expression and the full development of the human personality, without which a living national cultural cannot come into being.”

ভাৰতবৰ্ষৰ সংবিধানেও নাগৰিকসকলৰ শিক্ষাৰ অৰ্থে বিভিন্ন ধৰণৰ মতামত দাঙি ধৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাখিনি উল্লেখিত আছে Article 45-ত। সেই Article মতে “The state shall endeavour to provide within a period of ten years from the commencement of this constitution, for free and compulsory education for all children until they complete the age of fourteen years.”

সেইদৰে Article 29-ত কোৱা হৈছে “(1) Any section of the citizens in the territory of India or any part of there of having a distinct language, script or culture of its own shall have the right to conserve the same. (2) No citizen shall be denied admission to any educational institution maintained by the state and receiving aid out of state funds on grounds only of religion, race, caste, language or any of them.”

আকৌ সেইদৰে Article 350 (A)-ত কৈছে “It shall be the endeavour of every and of every local authority within the state to provide adequate facilities for instruction in the mother-tongue at the primary stage of education to children belonging to linguistic minority groups and president may issue such direction to any state as he considers necessary or proper for securing the provision of such facilities.” এই উক্তিটোৰ পৰিপ্ৰেক্ষিততেই ১৯৬৪-৬৬ চনৰ কোঠাৰি আয়োগত কৈছে যে- “The medium selected should enable the students toacquire knowledge with facility to express themselves with clarity and to think with precision and vigour. From the point of view, the claims of mother-tongue are pre-eminent.”

নাগৰিকসকলৰ ধৰ্মনিৰপেক্ষতাৰ সন্দৰ্ভত Article 28 (11)-ত কৈছে যে “No religious instructions shall be provided in any educational institutions wholly maintained out of state funds.” ভাৰতীয় সংবিধানে আৰম্ভণিতে কৈছে যে ৰাষ্ট্ৰই সকলো নাগৰিককে ১৪ বছৰ বয়সলৈ মুক্ত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব। ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত তেওঁলোকৰ নিজৰ ভাষা, সংস্কৃতি আৰু সাহিত্য সংৰক্ষণ কৰিব পাৰিব তাত কোনো বাধা নাই। সকলো নাগৰিকে চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত অনুষ্ঠানত নামভৰ্তিকৰণৰ অধিকাৰ পাব। ইয়াত কোনো জাতি, ধৰ্ম, জাত আৰু ভাষাৰ বিচাৰ নাথাকিব। সকলো নাগৰিকে তেওঁলোকৰ মাতৃভাষাৰ মাধ্যমেৰে প্ৰাথমিক শিক্ষা লাভ কৰিবলৈ সক্ষম হ’ব। সংবিধানে সকলো নাগৰিককে সুৰক্ষা দিছে আৰু ভাৰতীয় গণতন্ত্ৰৰ প্ৰকৃত উদ্দেশ্যত উপনীত হোৱাৰ বাবে পথ সুগম কৰিছে।

ভাৰতীয় গণতন্ত্ৰত নাগৰিকসকলৰ শিক্ষা সন্দৰ্ভত স্বাধীনতা লাভৰ পিছত নিয়োজিত আয়োগসমূহে নানা ধৰণে মত পোষণ কৰিছে। সেই মতামতৰ ভিতৰত আমি প্ৰথমতে গণতান্ত্ৰিক মূল্যবোধৰ বিষয়ে ১৯৫২ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ কথাখিনি উল্লেখ কৰিব পাৰো। মাধ্যমিক শিক্ষা আয়োগৰ মতে “No education wroth the name which does not inculate the qualities necessary for living graciously, harmoniously and efficiency with one’s fellowmen. Amongst the qualities which should be cultivated for this purpose are discipline, co-operation, social sensitiveness and tolerance. Each one of them has its own special part in the humanising and socialising the personality.” লগতে কোঠাৰী আয়োগে কৈছে “We have to cultivate a spirit of large hearted tolerance of mutual give and take the appreciation of ways in which people differ from one another. This is a very exacting experiment in living that we launched and no education will be worth while if the educated mind is unable to respond to the situation with intelligence and imagination.” ভাৰতীয় গণতন্ত্ৰত নাগৰিকসকলে গণতন্ত্ৰক চৰকাৰ হিচাপে লোৱা নাই, জীৱন ধাৰণৰ এটা পথ হিচাপেহে লৈছে।

আমি ওপৰোক্ত আলোচনাসমূহৰ পৰা বুজিবলৈ সক্ষম হ’লো যে সুনাগৰিকৰ শিক্ষা গণতন্ত্ৰৰ ভেটিতহে হয়। গণতন্ত্ৰৰ ভেটি সুন্দৰভাৱে সুদৃঢ় কৰিবলৈ হ’লে নাগৰিকসকলক সু-শিক্ষা দিব লাগিব। সুনাগৰিকৰ শিক্ষাই হ’ল গণতন্ত্ৰৰ বাবে শিক্ষা। গণতন্ত্ৰৰ মাধ্যমেৰে নাগৰিকসকলক সত্য আৰু যৌগিক অভিজ্ঞতাৰ শিক্ষা দিব লাগিব। বিদ্যালয়সমূহে অকল বৌদ্ধিক বিকাশৰ ওপৰতে সীমাৱদ্ধ হৈ থাকিলে নহ’ব। বিদ্যালয়সমূহৰ আনুভূতিক উপাদানৰ সমল যোগোৱাত সহায়ক হ’ব লাগিব। নাগৰিকসকলক জীৱন ধাৰণৰ মাধ্যমেৰে নাগৰিকত্বৰ গুণাৱলী আহৰণ কৰাত বিদ্যালয়সমূহে উদ্দীপক হিচাপে ভূমিকা গ্ৰহণ কৰিব লাগিব। এজন লোক সুনাগৰিক হোৱাৰ বাবে প্ৰয়োজনীয় গুণাৱলী যাতে শিক্ষাৰ মাধ্যমেৰে পায় তাৰ বাবে নজৰ দিয়া উচিত। সেই গুণাৱলীৰ ভিতৰত আত্ম-উপলব্ধি, মানৱ সম্বন্ধ স্থাপন, অৰ্থনৈতিক দক্ষতা আৰু নৈতিক দায়িত্ববোধৰ ধাৰণা আদিয়েই প্ৰধান। এজন ব্যক্তিয়ে যদি সম্পূৰ্ণভাৱে শিক্ষাৰ দ্বাৰা সৰ্বাংগীন বিকাশ লাভ নকৰে তেতিয়াহ’লে তেওঁ সুনাগৰিক হিচাপে সমাজত নিজকে পৰিগণিত কৰিব নোৱাৰিব। চমুকৈ ক’বলৈ গ’লে নাগৰিকত্বৰ শিক্ষা এবিধ জীৱনৰ পৰীক্ষা। সুনাগৰিক হোৱাৰ বাবে ই জীৱনৰ প্ৰত্যাহ্বান। গণতন্ত্ৰক কলা-কৌশল হ’ল চিন্তাধাৰাৰ কলা-কৌশল। সেয়েহে আলেকজেণ্ডাৰ মেইক্‌লে জনে কৈছে “The art of democracy is the art of thinking independently together.”

(উৎসঃ শিক্ষা সমাজবিজ্ঞান, ড বীৰেন্দ্ৰ ডেকা)।

3.04761904762
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top