মূল পৃষ্ঠা / শিক্ষা / শিক্ষাৰ উৎকৃষ্ট অনুশীলন / শিক্ষাত বৰ্তমান চিন্তাৰ গতিধাৰা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিক্ষাত বৰ্তমান চিন্তাৰ গতিধাৰা

সময়ৰ উন্নতশীল আৰু বিকাশশীল গতিধাৰা অব্যাহত ৰাখিবৰ বাবে মানুহৰ মনত নতুন নতুন চিন্তা-ভাৱনা আৰু সমস্যাই দেখা দিয়ে। ইয়াক সমাধান কৰিবৰ

সময়ৰ উন্নতশীল আৰু বিকাশশীল গতিধাৰা অব্যাহত ৰাখিবৰ বাবে মানুহৰ মনত নতুন নতুন চিন্তা-ভাৱনা আৰু সমস্যাই দেখা দিয়ে। ইয়াক সমাধান কৰিবৰ বাবে নতুন প্ৰচেষ্টা, শিশাৰ নতুন ক্ৰিয়া-কৌশল, ধ্যান-ধাৰণা আৰু নতুন জ্ঞান-অভিজ্ঞতাৰ প্ৰয়োজন হৈ উঠে। মানুহৰ প্ৰগতিশীল, বিৰামহীন আৰু ক্ৰম জটিলতাপূৰ্ণ বিকাশৰ পথত নতুন নতুন সমস্যাৰ সৃষ্টি হয়। এই সমস্যাবোৰৰ সমাধান মানুহেই কৰি উঠিব লাগে। ইয়াৰ মূলমন্ত্ৰ হৈছে নতুন নতুন শিক্ষাৰ অভিজ্ঞতা আহৰণেৰে তেনেবোৰ সমস্যা সমাধানৰ ন ন প্ৰচেষ্টা আৰু কৌশল প্ৰয়োগ কৰি নতুনৰ উদ্ভাৱন কৰা আৰু তাৰ যোগেদি সমস্যাৰ সমাধান কৰা।

বৰ্তমানৰ শিক্ষাত দেখা দিয়া কেতবোৰ সমস্যা হৈছে-

(ক) পৰিবেশ প্ৰদূষণ আৰু অৱনয়ন প্ৰতিৰোধ কৰা,

(খ) জনসংখ্যা বিসফোৰণ ৰোধ কৰা,

(গ) শাৰীৰিক স্বাস্থ্য ৰক্ষাৰ শিক্ষা ব্যৱস্থাকৰা,

(ঘ) মূল্যবোধৰ শিক্ষাত গুৰুত্ব প্ৰদান কৰা আৰু

(ঙ) মহিলাসকলক সবলীকৰণ কৰা।

পৰিবেশ শিক্ষা

পৰিবেশ শিক্ষাৰ প্ৰাসংগিকতা

কুৰি শতিকাৰ দ্বিতীয়াৰ্ধতেই পৃথিৱীৰ সচেতন সমাজৰ লোকসকলে অনুভৱ কৰি উঠে যে বিজ্ঞান-প্ৰযুক্তিৰ অগ্ৰগতিয়ে চমকৰ সৃষ্টি কৰা মানুহৰ জীৱনলৈ তেওঁলোকৰ ব্যক্তিগত আৰু সামাজিক ৰূপত ক্ৰমে পৰিবেশ প্ৰদূষণৰ বিপৰ্যয় নমাই আনিছে। ছুইডেনৰ কেইজনমান দাৰ্শনিকে পৃথিৱীৰ পৰিবেশৰ ধ্বংসমুখিতাৰ ফলত হ’ব পৰা সম্ভাৱ্য বিপৰ্যয়ৰ প্ৰতি ১৯৬৮ চনত ৰাষ্ট্ৰসংঘৰ দৃষ্টি আকৰ্ষণ কৰে। ১৯৭২ চনৰ ১৬ জুনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত ছুইডেনৰ ষ্টকহমত পৰিবেশ সংৰক্ষণ সম্বন্ধে এখন আন্ত:ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হয়। পৰৱৰ্তী কালত ১৯৭৫ চনত যুগোশ্লোভিয়াৰ বেলগ্ৰেডত এখন আন্ত:ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত কৰা হয়। ১৯৭৬ চনত ইউনেস্ক’ৰ উদ্যোগত আন্তৰ্জাতিক আলোচনা চক্ৰ আৰু ১৯৭৭ চনত ৰাছিয়াত বিলিচি সন্মিলন অনুষ্ঠিত কৰা হয়। ইয়াৰ পৰৱৰ্তী ব্যৱস্থাৰূপে ১৯৯২ চনত ব্ৰাজিলৰ ৰিঅ’-দি-জেনেইৰোত পৃথিৱীৰ ১৭৮ খন দেশৰ সহযোগত আৰু ১০০ তকৈও অধিক শীৰ্ষ নেতাৰ উপস্থিতিত সৰ্ববৃহৎ বিশ্ব-সন্মিলন অনুষ্ঠিত কৰা হয়। এনে এক আন্তৰ্জাতিক প্ৰচেষ্টাই পৰিবেশ প্ৰদূষণ আৰু অৱনয়ন সমস্যাৰ গভীৰতা আৰু ভয়াবহতাৰ প্ৰতি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰি তোলে। একৈশ শতিকাত পৃথিৱীবাসীয়ে পৰিবেশ প্ৰদূষণ আৰু অৱনয়নৰ অধিক ভয়াবহ অৱস্থা এটালৈ ক্ৰমে সোমাই পৰিছে বুলিব পাৰি। আজিৰ পৃথিৱীখনৰ পৰিবেশ প্ৰদূষিত আৰু মানুহৰ জীৱন-যাপনৰ বাবে বিপৰ্যস্ত কৰি তোলাৰ প্ৰধান কাৰণ বা কাৰকো হৈছে মানুহ নিজেই। উল্লেখযোগ্য যে দ্ৰুত ঔদ্যোগীকৰণ আৰু আধুনিকীকৰণৰ নামত প্ৰকৃতি জগতৰ জলবায়ু প্ৰদূষিত কৰি পৃথিৱীৰ উষ্মতা বৃদ্ধি কৰি তোলা হৈছে। ই বায়ু, পানী, মাটি প্ৰদূষিত কৰি তুলি মানুহৰ স্বাস্থ্য ৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। পাৰমাণৱিক শক্তিৰ অধিকাৰী হ’বলৈ গৈ মানুহে আণৱিক শক্তিৰ পৰীক্ষামূলক বিসফোৰণ সংঘটিত কৰিছে। নদী উপত্যকাত বিদ্যুৎ প্ৰকল্প স্থাপন কৰি অধিক শক্তি উৎপাদনৰ আশাত প্ৰাকৃতিক দুৰ্যোগ মাতি আনিছে। দ্ৰুত নগৰমুখিতাই জনসংখ্যা বিসফোৰণ সমস্যা সৃষ্টি কৰি তুলিছে। সংৰক্ষিত বনাঞ্চলৰ বন্য জীৱ-জন্তু আৰু গছ-গছনি নিৰ্বোধভাৱে ধ্বংস কৰা হৈছে। চোৰাং চিকাৰী, দুৰ্বৃত্তই অৰণ্যৰ জৈৱ-বৈচিত্ৰ্য নিষ্ঠুৰভাৱে লুণ্ঠন কৰিছে। এনেবোৰ পৰিস্থিতিয়ে আজি সচেতন লোকসকলক বিশেষভাৱে চিন্তিত কৰি তুলিছে। ইয়াৰ সমাধানৰ বাবে কৰ্তৃত্বশীল মহলত পৰিবেশ-শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা আজি বহলভাৱে অনুভৱ কৰি উঠা হৈছে।

পৰিবেশ কাক বোলে?

পৰিবেশ শিক্ষাৰ অধ্যয়ন আৰু বিশ্লেষণ প্ৰণালীবদ্ধভাৱে কৰি উঠিবৰ বাবে পৰিবেশৰ স্বৰূপ বিজ্ঞানৰ দৃষ্টিৰে নিৰীক্ষণ কৰি চোৱা উচিত। আমাৰ চাৰিওফালে জৈৱিক আৰু অজৈৱিক অৱস্থাত থাকি আমাৰ ওপৰত প্ৰভাৱ পেলোৱা উপাদানবোৰকেই বহল অৰ্থত পৰিবেশ বোলা হয়। এই পৰিবেশ পৃথিৱীৰ উপৰিভাগত থকা জীৱমণ্ডল, স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডলেই গঢ় দি তুলিছে। মানুহকে আদি কৰি সমগ্ৰ জীৱ জগত আৰু জড় জগত এই পৰিবেশে সামৰি লয়। অৱশ্যে এই বৃহত্তৰ পৰিবেশৰ ধাৰণা অধ্যয়ন আৰু বিশ্লেষণ কৰিবৰ বাবে আমি ইয়াক ভিন ভিন ৰূপত অনুভৱ আৰু ব্যাখ্যা কৰো। সেইবোৰ হৈছে অৰ্থনৈতিক পৰিবেশ, ৰাজনৈতিক পৰিবেশ, শৈক্ষিক পৰিবেশ, বৌদ্ধিক, নৈতিক আৰু আধ্যাত্মিক পৰিবেশ ইত্যাদি। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও জলমণ্ডলীয়, স্থলমণ্ডলীয় আৰু জৈৱমণ্ডলীয় পৰিবেশ আদিৰে ইয়াৰ নামকৰণ কৰা হয়। আৰ.এছ.উদৱৰ্থ নামৰ বিশিষ্ট মনোবিগানীজনে দিয়া সংজ্ঞা অনুসৰি, ‘ব্যক্তিয়ে জীৱন আৰম্ভ কৰা মুহুৰ্তৰে পৰা তেওঁৰ ওপৰত ক্ৰিয়া কৰা সকলো বহি:কাৰক বা প্ৰভাৱকেই পৰিবেশে সামৰি লয়’।

বৰিঙ নামৰ আন এজন বিশেষজ্ঞই মত প্ৰকাশ কৰি কয়, ‘এজন লোকৰ পৰিবেশ হৈছে তেওঁক উদ্দীপিত কৰা সমুদায় পৰিস্থিতি, যাক তেওঁ গৰ্ভধাৰণ কৰা মুহুৰ্তৰ পৰা মৃত্যুলৈকে পাব পাৰে’। ওপৰত দিয়া সংজ্ঞাকেইটাই পৰিবেশ সম্বন্ধে থকা ধাৰণা শুদ্ধ আৰু সঠিক বিধৰ কৰি তুলিব পাৰে।

পৰিবেশ প্ৰদূষণ কি?

পৰিবেশ প্ৰদূষণৰ অৰ্থ প্ৰদান কৰি ক’ব পাৰি যে আমি থকা চাৰিওফালৰ পৰিবেশটো সকলো সময়তে সুস্থ, স্বাভাৱিক আৰু আমাৰ জীৱন ধাৰণৰ বাবে উপযুক্ত আৰু অনুকূল অৱস্থাত নাথাকে। উদ্ভিদ, জীৱ-জন্তু আৰু মানুহৰ উপৰিও অজৈৱিক জড় জগতখনৰ বায়ু-পানী-মাটি আদিও অনিষ্টকাৰী বিধৰ হৈ পৰে। পৰিবেশৰ এনে অৱস্থাকেই প্ৰদূষণ বোলা হয়। প্ৰদূষণ সৃষ্টিকাৰী আৰু জীৱন-ধাৰণৰ বাবে অনিষ্টকাৰী এই উপাদানবোৰ পদাৰ্থজাতীয়, ৰসায়ন-জাতীয় আৰু জৈৱিক কীটজাতীয় হ’ব পাৰে। ইয়াৰ অসুস্থ প্ৰভাৱৰ ফলত জীৱনৰ স্খলন বা অৱনতি ঘটিব পাৰে।

প্ৰদূষণৰ বিভিন্ন প্ৰকাৰ

অসুস্থ পৰিবেশৰ এই প্ৰদূষণ আৰু অৱনয়ন বিভিন্ন প্ৰকাৰে সংঘটিত হৈ উঠিব পাৰে। সেইবোৰ হৈছে এনে ধৰণৰ-

(১)বায়ু প্ৰদূষণ

(২)পানী প্ৰদূষণ

(৩)মাটি প্ৰদূষণ

(৪)শব্দ প্ৰদূষণ

(৫)গোটা পেলনীয়া বস্তুৰ প্ৰদূষণ

(৬)পাৰমাণৱিক প্ৰদূষণ

 

পৰিবেশ শিক্ষাৰ ধাৰণা

পৰিবেশ শিক্ষাৰ ধাৰণা নিম্নলিখিতভাৱে সংক্ষেপে দাঙি ধৰিব পাৰি-

  • পৰিবেশ শিক্ষা হৈছে সময় পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা মানুহৰ নতুন নতুন জ্ঞান-অভিজ্ঞতাৰ এক প্ৰয়োজনভিত্তিক শিক্ষা।
  • এই শিক্ষাত এহাতে মানৱীয়তাৰ দিশ আৰু আনহাতে আজিৰ বিজ্ঞান-প্ৰযুক্তিয়ে সৃষ্টি কৰি তোলা প্ৰয়োজনীয়তাৰ দিশ জড়িত হৈ আছে।
  • পৰিবেশ শিক্ষা সমগ্ৰ মানৱ জাতিৰ ভৱিষ্যতৰ বাবে এক দিগ্‌ দৰ্শনকাৰী শিক্ষা বুলিব পাৰি।
  • পৰিবেশৰ প্ৰদূষণ আৰু অৱনয়ন প্ৰকৃতি আৰু মানুহ দুয়ো পক্ষৰ পৰা সংঘটিত হৈ উঠে।
  • প্ৰকৃতিৰ দ্বাৰা সংঘটিত হোৱা প্ৰদূষণ অনিবাৰ্য, কিন্তু মানুহৰ দ্বাৰা কৰা প্ৰদূষণ হৈছে ইচ্ছাকৃত আৰু ই মানুহৰ দ্বাৰাই নিয়ন্ত্ৰণাধীন।
  • মানুহৰ দ্বাৰা কৰা পৰিবেশৰ প্ৰদূষণ আৰু অৱনয়ন কাৰ্যক সেয়েহে আত্মঘাতী ক্ৰিয়া বুলিব পাৰি।
  • পৰিবেশ শিক্ষাই মানৱীয় অনুভূতি আৰু বিচাৰ-বিবেচনা মানুহৰ মনত জগাই তুলিব পাৰে।
  • পৰিবেশ শিক্ষা হৈছে এক জীৱনব্যাপী শিক্ষা আৰু ই বহলভাৱে আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু অগতানুগতিক শিক্ষা সামৰি ল’ব পাৰে।
  • পৰিবেশ শিক্ষাই আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ অগ্ৰগতিক ইতিবাচক আৰু গঠনাত্মক ৰূপ দান কৰিবলৈ শিকায়।
  • আজিৰ পৰিবেশ শিক্ষাই দেশৰ সীমা চেৰাই আন্তৰ্জাতিকতাৰ পৰ্যায়লৈ গতি কৰিছে।

 

পৰিবেশ-শিক্ষা আৰু শিশু

পৰিবেশ শিক্ষাই আজিৰ শিশুসকলৰ বাবে এক বিশেষ তাৎপৰ্য বহন কৰে। আজিৰ শিশু কালিলৈ গঢ়ি উঠিবলগা সমাজখনৰ ভৱিষ্যৎস্বৰূপ। সেয়েহে আমাৰ ভৱিষ্যতৰ সমাজখনৰ বাবেই উপযুক্ত হৈ উঠিব পৰা শিক্ষা শিশুক আজিয়েই দিব লাগে। তেওঁলোকৰ ভাৱ-চিন্তা, ক্ৰিয়া-আচৰণ আৰু নৈতিক জীৱনৰ প্ৰয়োজনীয় অনুভূতি আৰু অভিজ্ঞতা আজিয়েই শিশুক দিব লাগে আৰু তেনে ৰূপত ভাৱ-অনুভূতি আৰু আচৰণ গঢ় দি তুলিব লাগে। ভৱিষ্যতৰ আৰ্থ-সামাজিক আৰু বিজ্ঞান-প্ৰযুক্তিমুখী সমাজখনৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ তেওঁলোকৰ জীৱন-ৰীতি বা জীৱন-শৈলী আজিয়েই ৰচনা কৰি তুলিব লাগে। তেওঁলোকৰ মন পুৰণি আস্থা-নিষ্ঠা, ৰীতি-নীতি আৰু অন্ধবিশ্বাস আদিৰ পৰা মুক্ত কৰি তুলিব লাগে। পৰিবেশৰ পৰিৱৰ্তিত পৰিস্থিতিত নিজকে খাপ খুৱাই তুলিবৰ বাবে নতুন মনোভাৱ, আচৰণ, দৃষ্টিভংগী আৰু মূল্যবোধ ভাৱ তেওঁলোকৰ শিক্ষাই গঢ় দি তুলিব লাগে। এই কথা শিশু পৰিবেশৰ শিক্ষা-অভিজ্ঞতাৰ প্ৰসংগত বিশেষভাৱে মন কৰিবলগীয়া আৰু তাক শিক্ষক, অভিভাৱকসকলে নিষ্ঠাৰে পালন কৰিবলগীয়া।

পৰিবেশ শিক্ষাৰ সংজ্ঞা

পৰিবেশ শিক্ষা সম্বন্ধে সচেতন চিন্তাবিদ আৰু বুদ্ধিজীৱীসকলৰ বহুতো সংজ্ঞা পাব পৰা যায়। ইয়াৰ ভিতৰত ১৯৭৬ চনত কৰ্তৃত্বশীলভাৱে প্ৰদান কৰা ইউনেস্ক’ৰ সংজ্ঞা বিশেষ উল্লেখযোগ্য। জামীত অনুষ্ঠিত ইউনেস্ক’ৰ আলোচনা-চক্ৰত দিয়া সংজ্ঞা তলত দাঙি ধৰা হৈছে-

“পৰিবেশ-শিক্ষা হৈছে পৰিবেশ ৰক্ষা কৰিবৰ বাবে থকা লক্ষ্যক কাৰ্যকৰীকৰণৰ উপায়স্বৰূপ। ই বিজ্ঞানৰ এক পৃথক অধ্যয়নৰ শাখা নহয়। ইয়াক জীৱনব্যাপী অখণ্ড শিক্ষা-নীতিৰ দ্বাৰা কাৰ্যকৰী কৰি তুলিব লাগে”।

পৰিবেশ-শিক্ষাৰ লক্ষ্য-উদ্দেশ্য

পৰিবেশ শিক্ষাক বুজি উঠিবৰ বাবে ইয়াৰ লক্ষ্য-উদ্দেশ্যসমূহ আমাৰ মনত স্পষ্ট হৈ উঠাটো প্ৰয়োজন। এই শিক্ষাক সাধাৰণ পুথিগত জ্ঞানস্বৰূপে অভিহিত কৰিব নোৱাৰি। বিশেষজ্ঞসকলে আন্তৰ্জাতিক পৰ্যায়ত এইবিধ শিক্ষাৰ লক্ষ্য-উদ্দেশ্য স্থিৰ কৰি তুলিছে। বিশ্ব সংস্থা ইউনেস্ক’ই ১৯৭০ চনতেই পৰিবেশ শিক্ষাৰ লক্ষ্য-উদ্দেশ্য স্থিৰ কৰি তোলে। বৰ্তমান ইয়াৰ লক্ষ্য-উদ্দেশ্যত আন কেতবোৰ নতুন দিশ সংযোজিত কৰি কৰি তুলিব পাৰি। ইয়াৰ বিস্তৃত ব্যাখ্যা পৰিহাৰ কৰি তলত সংক্ষেপে উল্লেখ কৰা হৈছে-

  • পৰিবেশ ৰক্ষা আৰু বিকাশ সাধন কৰি তুলিবৰ বাবে প্ৰতিজন লোককে প্ৰয়োজনীয় জ্ঞান দিয়া।
  • পৰিবেশৰ প্ৰতি থকা প্ৰতিজন লোকৰে দায়বদ্ধতা, অংগীকাৰ আৰু নৈতিক মূল্যবোধৰ ভাব মনত জগাই তোলা।
  • ব্যক্তি আৰু সমাজৰ লোকৰ মনত পৰিবেশৰ প্ৰতি নতুন দৃষ্টিভংগী আৰু গ্ৰহণযোগ্য আচৰণ গঢ় দি তোলা।
  • প্ৰকৃতিয়ে সৃষ্টি কৰা আৰু মানুহে সৃষ্টি কৰা পৰিবেশৰ মাজত এক সু-সমন্বয়ৰ ভাৱ মানুহৰ মনত গঢ়ি তোলা।
  • প্ৰকৃতি থাকিলেহে মানুহ জীয়াই থাকিব পাৰে, এই নীতি জ্ঞান নৱ-প্ৰজন্মক অনুভৱ কৰিবলৈ শিকোৱা।
  • ভৌতিক, জৈৱিক আৰু মানৱসৃষ্ট জগতৰ মাজত ভাৰসাম্য আৰু সু-সামঞ্জস্য স্থাপন কৰিবলৈ শিকোৱা।
  • পৰিবেশ ধ্বংস কৰা মানে মানুহৰ নিজৰেই ধ্বংসৰ পথ ৰচনা কৰা- এই সত্য অনুভৱ কৰিবলৈ শিকোৱা।
  • মানৱসৃষ্ট বিজ্ঞান-প্ৰযুক্তিৰ জ্ঞান-অভিজ্ঞত পৰিবেশ সংৰক্ষণৰ বাবেহে প্ৰয়োগ কৰিব লাগে, তাৰ ধ্বংসকৰণৰ বাবে নহয়, এই কথা অনুভৱ কৰা।
  • পৰিবেশে বহন কৰিব পৰা বিকাশহে মানুহে আশা কৰিব লাগে।
  • পৰিবেশ সংৰক্ষণৰ বাবে বিশ্ব-সংহতি স্থাপনৰো প্ৰয়োজন, এই কথা নৱ-প্ৰজন্মক অনুভৱ কৰিবলৈ দিব লাগে।

পৰিবেশ শিক্ষাৰ প্ৰয়োজনীয়তা

পৰিবেশ শিক্ষাৰ এটা প্ৰধান বৈশিষ্ট্যই হৈছে যে এই শিক্ষা প্ৰয়োজন ভিত্তিক, ই আন আন পাঠ্য বিষয়ৰ দৰে সাধাৰণ জ্ঞান দানকাৰী বিধৰ নহয়। সময়ৰ পৰিৱৰ্তনে সৃষ্টি কৰি তোলা মানুহৰ নতুন নতুন সমস্যা আৰু তাৰ সমাধানৰ বাবে সৃষ্টি হোৱা প্ৰয়োজনৰ ই পৰিণতিহে মাথোন। এটা সময় আছিল যেতিয়া মানুহে অনুভৱ কৰি যে পৃথিৱীৰ বুকুত থকা প্ৰকৃতিৰ সম্পদৰাজি হৈছে অফুৰন্ত। ইয়াক মানুহে প্ৰয়োগ কৰি কেতিয়াও অন্ত পেলাব নোৱাৰে। ই ভগৱানপ্ৰদত্ত। কিন্তু এই ধাৰণাৰ ভ্ৰান্তি  মানুহে আজি নিজ অভিজ্ঞতাৰ যোগে অনুভৱ কৰি উঠিব পাৰিছে। প্ৰকৃতিৰ অফুৰন্ত সম্পদো তাৰ অপপ্ৰয়োগৰ ফলত সংকুচিত হৈ পৰি অভাৱ আৰু উদ্বেগৰ কাৰণ হ’বগৈ পাৰে। জনসংখ্যা বৃদ্ধিৰ বিসফোৰণমূলক পৰিস্থিতিয়ে আজিৰ মানুহক সকলো দিশতে আউল লগাই তুলিছে। আজিৰ মানুহে অনুভৱ কৰি উঠিছে যে পৰিবেশ সংৰক্ষণৰ প্ৰয়োজনীয় তৎপৰতা আজিয়েই গ্ৰহণ কৰা হৈ নুঠিলে ই নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰিবগৈ। সেয়েহে আজিৰ উত্তৰ-পুৰুষসকলে তেওঁলোকক কেতিয়াও ক্ষমা নকৰিব। এই দায়বদ্ধতা পৰিবেশ শিক্ষাৰ মূল উৎসস্বৰূপ। পৰিবেশ শিক্ষাৰ প্ৰয়োজনীয়তা তলত উল্লেখ কৰা দিশসমূহৰ বিবেচনাই আমাৰ মনত অধিক স্পষ্ট কৰি তুলিব পাৰে।

  • জনসংখ্যাৰ বৃদ্ধিয়ে মানুহৰ বসতি স্থান ক্ৰমে কমাই আনিছে।
  • ইয়াৰ বিসফোৰণমূলক পৰিস্থিতিয়ে বায়ু, পানী, মাটি প্ৰদূষিত কৰি তুলিছে।
  • মানুহে সেউজীয়া অৰণ্য ধ্বংস কৰি মৰুভূমিৰ সৃষ্টি কৰি তুলিছে।
  • জীৱ-জন্তুৰ জৈৱ-বৈচিত্ৰ্য দ্ৰুতভাৱে বিনষ্ট কৰা হৈছে।
  • জল সম্পদ, খনিজ সম্পদ আৰু বনজ সম্পদ দ্ৰুতভাৱে ক্ষয় কৰা হৈছে।
  • বায়ু-পানী-মাটিৰ প্ৰদূষণে মানুহৰ স্বাস্থ্য ৰক্ষাৰ দিশত ভাবুকিৰ সৃষ্টি কৰি তুলিছে।
  • দ্ৰুত ঔদ্যোগীকৰণ ব্যৱস্থাই গোলকীয় উষ্ণতা বৃদ্ধি কই তুলিছে।

ওপৰত উল্লেখ কৰা পৰিবেশৰ বিপদজনক পৰিস্থিতিবোৰ হৈছে মানুহৰ দ্বাৰা সৃষ্ট। সেইবাবে ইয়াৰ সমাধানৰ পন্থাও মানুহেই উলিয়াব লাগিব। ইয়াৰ সন্মুখ হ’বৰ বাবে পৰিবেশ শিক্ষাৰ প্ৰয়োজনীয়তা আজি আমি সকলোৱে অনুভৱ কৰো।

স্কুলত পৰিবেশ শিক্ষাৰ ব্যৱস্থা

পৰিবেশ অৱনয়নৰ ভয়াবহতা ৰোধকৰণৰ এক নিশ্চিত ব্যৱস্থা হৈছে আমাৰ নৱ-প্ৰজন্মক এই সম্বন্ধে দিব লগা শিক্ষাৰ ব্যৱস্থা কৰা। বৰ্তমান শিশুসকলৰ বাবে অধ্যয়নৰ অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনভিত্তিক শিক্ষা হৈছে পৰিবেশ শিক্ষা। শিশুসকলে পৰিবেশ সম্বন্ধে তেওঁলোকৰ দায়িত্বশীল আচৰণ প্ৰদৰ্শন কৰি উঠিবৰ বাবে স্কুলৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত এই সম্বন্ধে কেতবোৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে। ইয়াৰে বিস্তৃত আলোচনালৈ নগৈ তলত সংক্ষেপে উল্লেখ কৰা হৈছে-

  • স্কুলৰ পাঠ্যক্ৰমত পৰিবেশ শিক্ষামূলক এক বিজ্ঞানভিত্তিক বিষয় সৰলীকৰণ কৰি বাধ্যতামূলকভাৱে অধ্যয়নৰ অন্তৰ্ভুক্ত কৰিব পাৰি।
  • ছাত্ৰ-ছাত্ৰীসকলৰ মনত নিজ নিজ সামাজিক পৰিবেশ আৰু পৰিস্থিতিৰ প্ৰতি এক সজাগ আৰু সচেতনতাৰ মনোভাৱ গঢ় দি তুলিব লাগে।
  • স্কুলৰ গতানুগতিক পাঠদানৰ মাজত তেওঁলোকক আবদ্ধ নাৰাখি পৰিবেশ শিক্ষামূলক চিন্তা-চৰ্চা আৰু আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰি তুলিব লাগে।
  • স্থানীয় পৰিবেশ প্ৰদূষণমূলক সমস্যা একোটাৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলে বাস্তৱ সমস্যা সমাধানমূলক প্ৰকল্প আৰু কৰ্মশালা আদি আয়োজন কৰিব লাগে।
  • তেওঁলোকে পৰিবেশ প্ৰদূষণৰ স্থান নিজ চকুৰে চোৱা, অনুভৱ কৰা আৰু তাৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰা, চিত্ৰ অংকন কৰা আদি কাৰ্যসূচী গ্ৰহণ কৰিব লাগে।
  • স্কুলৰ স্কাউট, গাইড, ৰেডক্ৰ’ছ আদি সংগঠনৰ যোগে পৰিবেশ সংৰক্ষণমূলক সামাজিক সেৱা আঁচনি গ্ৰহণ কৰিব পাৰে।
  • স্কুলত আন্তৰ্জাতিকভাৱে উদ্‌যাপন কৰা বিশ্ব-স্বাস্থ্য আৰু বিশ্ব-পৰিবেশ দিৱস আদি কাৰ্যসূচী অনুষ্ঠিত কৰিব লাগে।
  • স্থানীয় বন বিভাগৰ সহযোগিতাৰে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ নেতৃত্বত বৃক্ষ ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে।
  • পৰিবেশ সংৰক্ষণ সম্বন্ধে স্কুলত চিত্ৰাংকন, প’ষ্টাৰ-বেনাৰ প্ৰদৰ্শনী আদিৰ প্ৰতিযোগিতা কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে।
  • তেওঁলোকে ৰাজ্যিক চিৰিয়াখানা, ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত বনাঞ্চল আৰু জীৱ-জন্তুৰ সংগ্ৰহালয় আদি ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে।
  • পৰিবেশ শিক্ষাৰ অংশস্বৰূপে স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ অঞ্চলৰ বাট-পথ, নলী-নৰ্দমা আদি পৰিষ্কাৰকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে।
  • ফিল্ম কৰ্তৃপক্ষৰ লগত সহযোগিতা স্থাপনেৰে শিক্ষা কৰ্তৃপক্ষই জীৱ-জন্তু আৰু পৰিবেশ সংৰক্ষণমূলক কথা-চিত্ৰ স্কুলত প্ৰদৰ্শনৰ আয়োজন কৰিব পাৰে।

ওপৰত উল্লেখ কৰা কাৰ্যসূচীবোৰ স্কুল কৰ্তৃপক্ষই আস্থা আৰু নিষ্ঠাৰে পালন কৰা হৈ উঠিলে পৰিবেশ-শিক্ষা সাৰ্থক হৈ উঠিব পাৰে।

জনসংখ্যা-শিক্ষা

ইয়াৰ প্ৰাসংগিকতা

বৰ্তমান সময়ত মানুহে সন্মুখীন হৈ উঠা এটা জটিল আৰু সমাধানৰ পথ সুদূৰ পৰাহত হৈ ৰোৱা মানৱীয় সমস্যা হৈছে নি:সন্দেহে জনসংখ্যাৰ বিসফোৰণমূলক পৰিস্থিতি। সাধাৰণ দৃষ্টিত জনসংখ্যাৰ বৃদ্ধি হোৱাটোৱে এখন দেশৰ জনসম্পদৰ বৃদ্ধি হোৱাটোৱে বুজায়, যি চিন্তা বা সমস্যাৰ কাৰণ হৈ উঠিব নালাগে। কিন্তু এই কথা মন কৰিবলগীয় যে এখন দেশত হোৱা জনসংখ্যাৰ অধিক বৃদ্ধিয়ে সেই দেশৰ জন-শক্তি বৃদ্ধি কৰি তোলাটোক নুবুজায়। দেশৰ দৰিদ্ৰ, নিৰক্ষৰ, ৰোগগ্ৰস্ত আৰু উৎপাদনহীন জনসংখ্যাৰ বৃদ্ধিয়ে সেই দেশৰ বাবে এক অভিশাপস্বৰূপহে হৈ উঠে। তেনে দেশৰ লোকৰ বাবে ই অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ দিশত এক ভাবুকিস্বৰূপ হৈ দেখা দিয়ে। তেওঁলোকৰ সকলো বিকাশমূলক আঁচনি এনে এক অৱস্থাই ব্যৰ্থ আৰু বিফল কৰি পেলায়। সেইবাবে পৃথিৱীৰ জাতিসমূহে ক্ৰমবৰ্ধিতভাৱে অনুভৱ কৰি উঠিছে যে দেশৰ জনসংখ্যা বৃদ্ধিৰ পৰিস্থিতিয়ে সময় অতিবাহিত হোৱাৰ লগে লগে অধিক ছলনামূলক আৰু জটিলতৰ ৰূপ ধাৰণ কৰি উঠিছে। জনসংখ্যাৰ বৃদ্ধিয়ে কেৱল মানুহৰ প্ৰাজননিক গুণৰ নিম্নমান বৈশিষ্ট্যতাকেই মাথোন নুবুজায়, ইয়াৰ ফলত মানুহৰ বাবে জটিল আৰ্থ-সামাজিক আৰু পৰিবেশমূলক সমস্যাৰ সৃষ্টি কৰি তোলে। ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে বিস্তৃত ৰূপত আজি সামাজিক অৱনয়ন সংঘটিত কৰি তুলিছে। ইয়াৰ ফলত ব্যাপক ৰূপত মানুহে বেআইনীভাৱে পৃথিৱীৰ মাটি অধিগ্ৰহন কৰিছে, বন্যপ্ৰাণী হত্যা কৰি জৈৱ-বৈচিত্ৰ্য বিনষ্ট কৰিছে। এনে পৰিস্থিতি সকলো লোকৰ বাবেই উদ্বেগৰ কাৰণ স্বৰূপ হৈ উঠিছে। প্ৰকৃতি আৰু মানুহৰ মাজত আজি ভাৰসাম্য নোহোৱা হৈ পৰিছে। মানুহে প্ৰাকৃতিক জীৱন-যাপনৰ পৰা বহু আঁতৰি গৈছে। দ্ৰুত ঔদ্যোগীকৰণৰ ফলত আজি বৈদ্যুতিক শক্তিৰ সংকটে দেখা দিছে। অধিক বিদ্যুৎ উৎপাদনৰ বাবে বৃহৎ নদী-বান্ধ দিবলৈ যাওঁতে ভূমিস্খলন, বানপানী আদি মানুহে সৃষ্টি কৰা প্ৰাকৃতিক দুৰ্যোগবোৰৰ মানুহেই সন্মুখীন হ’ব লগা হৈছে। এনে এক বিভ্ৰান্তিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি পৰিবেশ-শিক্ষা আৰু জনসংখ্যা-শিক্ষা সকলোৰে বাবে বিশেষ প্ৰাসংগিক বিধৰ হৈ পৰি অগ্ৰাধিকাৰ লাভ কৰি উঠিছে। প্ৰাকৃতিক পৰিবেশ ধংসৰ বিৰুদ্ধে আজি ভিন ভিন অঞ্চলত জন আন্দোলনো গঢ় লৈ উঠিছে।

জনসংখ্যা-শিক্ষাৰ স্বৰূপ

জনসংখ্যা শিক্ষাৰ স্বৰূপ সম্বন্ধে সাৰাংশ নিম্নলিখিত ভাৱে প্ৰদান কৰিব পাৰি-

  • জনসংখ্যাৰ বিসফোৰণমূলক সমস্যা হৈছে এক গোলকীয় অধ্যয়নৰ বিষয়।
  • জনসংখ্যাৰ বৃদ্ধিয়ে আজিৰ পৃথিৱীবাসীক ভৱিষ্যতৰ এক বিপদাপন্ন অৱস্থালৈ ঠেলি দিছে।
  • আজিৰ নৱ প্ৰজন্মই এই সম্বন্ধে এক যুক্তিসংগত মনোভাৱ গ্ৰহণ কৰি জন্ম নিয়ন্ত্ৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে।
  • তেওঁলোকৰ যৌন জীৱনত সুচিন্তিতভাৱে এক দায়িত্বশীল প্ৰজননিক আচৰণ গ্ৰহণ কৰিব লাগে।
  • বৰ্তমান জনসংখ্যা শিক্ষাক ‘মানৱ সম্পদৰ বিকাশ সাধনৰ আঁচনি’ স্বৰূপেও বিবেচনা কৰিব পাৰি।
  • আজিৰ নৱ প্ৰজন্মই তেওঁলোকৰ সুন্দৰ ভৱিষ্যতৰ বাবে জনসংখ্যা শিক্ষাৰ পূৰ্ণ উপযোগ কৰিব লাগে।
  • মানুহৰ মনৰ পুৰণি মনোভাৱ আৰু মূল্যবোধ ভাৱ আদি গুচাই নতুন আৰু সময়োপযোগী দৃষ্টিভংগী এই শিক্ষাৰ যোগেদি গঠন কৰি তুলিব লাগে।
  • মানুহৰ যৌন জীৱনৰ প্ৰজননিক আচৰণ এই শিক্ষাৰে সংশোধন কৰি তুলিব লাগে।
  • এই শিক্ষাই স্ত্ৰী-পুৰুষৰ মাজত প্ৰজননিক প্ৰক্ৰিয়া সম্বন্ধে বুজাপৰা ভাব সৃষ্টি কৰি তুলিব পাৰে।
  • জনসংখ্যা বৃদ্ধিৰ সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পাবৰ বাবে এই শিক্ষাই মানুহক প্ৰয়োজনীয় দৃষ্টি প্ৰদান কৰে।

জনসংখ্যা শিক্ষাৰ সংজ্ঞা

আন্তৰ্জাতিক পৰ্যায়ত অনুষ্ঠিত হোৱা ১৯৭০ চনৰ বেংকক সন্মিলনত জনসংখ্যা শিক্ষাৰ ধাৰণা আৰু ইয়াৰ সংজ্ঞা প্ৰস্তুত কৰি কোৱা হয়, ‘শিক্ষা আঁচনি স্বৰূপে জনসংখ্যা শিক্ষা হৈছে এক ব্যৱস্থা, যাৰ যোগেদি পৰিয়াল, সম্প্ৰদায়, জাতি তথা পৃথিৱীৰ জনসংখ্যা পৰিস্থিতি অধ্যয়ন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে ছাত্ৰসকলৰ যুক্তিসংগত আৰু দায়িত্বশীল মনোভাব আৰু আচৰণ জনসংখ্যা পৰিস্থিতিৰ প্ৰতি বিকশাই তোলা’।

ফ্ৰেংক জেমিন নামৰ এজন বিশেষজ্ঞই এইবিধ শিক্ষাৰ সংজ্ঞা দি কয়, ‘জনসংখ্যা শিক্ষা হৈছে এক শিক্ষামূলক কাৰ্যসূচী, যি জনসংখ্যা বিষয়ৰ পৰিস্থিতি অধ্যয়নত সহায় কৰে। দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে সৃষ্টি কৰি তোলা যিকোনো সমস্যা সম্বন্ধে যুক্তিসংগত সিদ্ধান্ত গ্ৰহণ কৰাত ই ছাত্ৰসকলক সক্ষম কৰি তোলে’।

ভাৰতৰ জনসংখ্যা শিক্ষা বিষয়ৰ বিশেষজ্ঞ গোপাল ৰাওৱে ইয়াৰ সংজ্ঞা দি কয়, ‘ই এক শিক্ষামূলক আঁচনি, যি জনসংখ্যা পৰিস্থিতি অধ্যয়নত সহায় কৰে। দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে সৃষ্টি কৰি তোলা যিকোনো সমস্যা সম্বন্ধে যুক্তিসংগত সিদ্ধান্ত গ্ৰহণ কৰাত ই ছাত্ৰসকলক সক্ষম কৰি তোলে’।

জনসংখ্যা শিক্ষাৰ লক্ষ্য-উদ্দেশ্য

এইবিধ শিক্ষাৰ লক্ষ্য-উদ্দেশ্যবোৰ প্ৰতিজন ব্যক্তি-সচেতন আৰু সমাজ-সচেতন লোকেই জানি উঠাটো আৰু সেইমতে নিজ আচৰণ গঢ় দি তোলাটো প্ৰয়োজন। লক্ষ্য-উদ্দেশ্য সম্বন্ধে ইয়াৰ কেতবোৰ দিশ তলত উল্লেখ কৰা হৈছে-

  • জনসংখ্যা শিক্ষাৰ উদ্দেশ্য হৈছে জন-বিসফোৰণ ৰোধ কৰিবৰ বাবে নতুন প্ৰজন্মক সচেতন কৰি তোলা।
  • ই মানুহৰ পুৰণি মনোভাৱ আৰু মূল্যবোধ ভাব গুচাই সময়োপযোগী মনোভাব আৰু আচৰণ গ্ৰহণ কৰিবলৈ শিকায়।
  • এই শিক্ষাই নৱবিবাহিত সকলৰ প্ৰজননিক আচৰণ গ্ৰহণযোগ্য কৰি তুলিবলৈ বিচাৰে।
  • ই তেওঁলোকৰ অৰ্থনৈতিক, শিক্ষামূলক আৰু স্বাস্থ্যমূলক সমস্যা সাধনত সহায় কৰে।
  • এই শিক্ষাই দেশৰ মানৱ সম্পদৰ সৎব্যৱহাৰ কৰি সামাজিক উৎকৰ্ষ সাধন কৰি তুলিবলৈ বিচাৰে।
  • জনসংখ্যা শিক্ষাই মানুহক দ্ৰুত নগৰমুখিতা আৰু শিল্প-উদ্যোগমুখিতাৰ অনিষ্টকাৰী প্ৰভাৱৰ প্ৰতি সচেতন কৰি তুলিবলৈ বিচাৰে।
  • বৰ্তমানৰ পৰিবেশ প্ৰদূষণ আৰু জীৱজগত আৰু উদ্ভিদ জগতৰ মাজত হোৱা ভাৰসাম্যহীনতাই সৃষ্টি কৰি তোলা সমস্যাৰ প্ৰতিও মানুহক অৱগত কৰি তুলিবলৈ বিচাৰে।
  • জনসংখ্যা শিক্ষাই দেশৰ শাসনযন্ত্ৰকো জন্ম নিয়ন্ত্ৰণৰ প্ৰয়োজনীয় নীতি আৰু কাৰ্যসূচী গ্ৰহণত সহায় কৰিবলৈ বিচাৰে।
  • দেশৰ জন-গাঁথনিৰ সম্ভাব্য পৰিৱৰ্তনৰ পৰিস্থিতিত লব লগা ব্যৱস্থা গ্ৰহণৰ দিশতো সহায় কৰাটো ইয়াৰ উদ্দেশ্য।
  • জন-বিসফোৰণৰ ভয়াৱহ পৰিস্থিতিত লবলগা শিক্ষাৰ ব্যৱস্থা সম্বন্ধেও ই কৰ্তৃপক্ষক সহায় কৰে।

স্কুলত জনসংখ্যা শিক্ষা কিদৰে দিব পাৰি ?

শিক্ষাৰ দৃষ্টিকোণৰ পৰা স্কুলত কিদৰে ছাত্ৰ-ছাত্ৰীসকলক জনসংখ্যাৰ শিক্ষা দিব পাৰি সি এক বিশেষ লক্ষণীয় বিষয়। এই ক্ষেত্ৰত বিস্তৃত আলোচনা পৰিহাৰ কৰি তলত উল্লেখ কৰা কথাকেইটাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিব পাৰি-

  • প্ৰাথমিক স্কুলত ‘সৰু পৰিয়াল সুখী পৰিয়াল’ৰ ধাৰণা শিশুসকলক প্ৰদান কৰিব লাগে।
  • মাধ্যমিক স্কুলত বিভিন্ন দেশৰ মাজত জনসংখ্যা বৃদ্ধিৰ ইতিহাস আৰু ইয়াৰ তুলনামূলক অধ্যয়ন পাঠ্যপুথিত প্ৰদান কৰিব লাগে।
  • দেশৰ জনসংখ্যা বৃদ্ধিয়ে মানুহৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক দিশত পেলোৱা প্ৰভাৱবোৰৰ সম্বন্ধে ব্যাখ্যা কৰিব লাগে।
  • জনসংখ্যা বৃদ্ধিয়ে আমাৰ দৈহিক স্বাস্থ্য, প্ৰাকৃতিক সম্পদ আৰু পৰিবেশৰ পৰিস্থিতিত পেলোৱা প্ৰভাৱ সম্বন্ধে ব্যাখ্যা আৰু বিশ্লেষণ দাঙি ধৰিব লাগে।
  • মাধ্যমিক স্কুলত যৌন-শিক্ষাক জনসংখ্যা শিক্ষাৰ অংশবিশেষস্বৰূপে প্ৰদান কৰিব লাগে।
  • আমাৰ ব্যক্তিগত আৰু সামাজিক জীৱনত জনসংখ্যা বৃদ্ধিয়ে পেলোৱা প্ৰতিকূল প্ৰভাৱ সম্বন্ধে ব্যাখ্যা প্ৰদান কৰিব লাগে।
  • জৈৱিক প্ৰজননিক আচৰণ সম্বন্ধে বিশ্ববিদ্যালয়ৰ শিক্ষাত বিজ্ঞানভিত্তিক আলোচনা প্ৰদান কৰিব লাগে।
  • জনসংখ্যা বৃদ্ধি আৰু ইয়াৰ নিয়ন্ত্ৰণ সম্বন্ধে শিক্ষাৰ ব্যৱস্থা বিশ্ববিদ্যালয়ৰ পৰ্যায়ত অধ্যয়ন আৰু গৱেষণাৰ ব্যৱস্থা কৰিব লাগে।

সমাজত জনসংখ্যা-শিক্ষা কিদৰে দিব পাৰি ?

জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চৰকাৰে সমাজত লোকৰ মাজত প্ৰয়োজনীয় কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ইয়াক নিম্নলিখিতভাৱে সংক্ষেপে উল্লেখ কৰিব পাৰি-

  • বৃহৎ আকাৰৰ পৰিয়ালৰ পৰা দেখা দিব পৰা সমস্যাবোৰৰ সম্বন্ধে সামাজিক আৰু সাম্প্ৰদায়িকভাৱে কেতবোৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিব পাৰি।
  • চৰকাৰে গ্ৰহণ কৰা পৰিয়াল পৰিকল্পনা আৰু পৰিয়াল কল্যাণ আঁচনিবোৰৰ সম্বন্ধে সৰ্বসাধাৰণ লোকসকলক অৱগত কৰি তুলিব পাৰি।
  • নতুন প্ৰজননিক আচৰণ আৰু জন্ম নিৰোধক উপায় আৰু পদ্ধতিবোৰৰ বিষয়ে নৱ-বিবাহিত পুৰুষ-মহিলাসকলৰ মাজত জনপ্ৰিয় কৰি তুলিব লাগে।
  • সঘনে শিশু জন্ম দিয়াৰ ফলত স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত দেখা দিব পৰা সমস্যাবোৰৰ সম্বন্ধে মাতৃসকলক অৱগত কৰি তুলিব লাগে।
  • পিছপৰা জনজাতীয় লোকসকলৰ মাজত এই সম্বন্ধে আলোচনা চক্ৰ, কথিকা, প্ৰদৰ্শনী আৰু কথাছবি প্ৰদৰ্শন আদিৰ ব্যৱস্থা কৰিব পাৰি।
  • স্বেচ্ছাসেৱী সংগঠন আৰু ব্যক্তিবিশেষক এই বিষয়ে ৰাজ্যিক চৰকাৰবোৰে আৰ্থিক সাহায্য আৰু অন্যান্য সা-সুবিধা মুক্তভাৱে আগবঢ়াব লাগে।
  • টিভি, কথাছবি প্ৰদৰ্শন, ৰেডিঅ’ আদি জন মাধ্যমবোৰৰ সহায়েৰে জনসাধাৰণ লোকক জন্ম-নিয়ন্ত্ৰণ সম্বন্ধে প্ৰয়োজনীয় জ্ঞান-অভিজ্ঞতা দিব লাগে।
  • জন বিসফোৰণে সৃষ্টি কৰি তোলা পৰিবেশৰ অৱনয়ন সম্বন্ধে চৰকাৰে সকলো প্ৰচাৰ মাধ্যম পিছপৰা অঞ্চলৰ লোকৰ বাবে প্ৰয়োগ কৰিব লাগে।
  • দুটাতকৈ অধিক সন্তান জন্ম দিয়াটো বন্ধ কৰিবলৈ চৰকাৰে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
  • সন্তানহীন হোৱা বৃদ্ধ পৰিয়ালৰ বাবে চৰকাৰে সন্তানহীনতাৰ পেঞ্চন প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।

 

শাৰীৰিক শিক্ষা

এই শিক্ষাৰ ধাৰণা

শাৰীৰিক শিক্ষাৰ ধাৰণা লাভ কৰিবলৈ নিম্নলিখিত কথাকেইটা লক্ষ্য কৰিব পাৰি-

  • শাৰীৰিক শিক্ষাৰ ধাৰণা আৰু ইয়াৰ ক্ৰিয়া-কলাপ ভাৰতীয় শিক্ষাত অতি পুৰণি।
  • শৰীৰ চৰ্চা এক ধৰ্মীয় আৰু নৈতিক কৰ্তব্যস্বৰূপে প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থাত বিবেচনা কৰা হৈছিল।
  • ‘যোগ-চৰ্চা’ এই শাৰীৰিক শিক্ষাৰ ধৰ্মীয় অনুভূতিৰ পৰাই উদ্ভৱ হয়।
  • যোগ-চৰ্চাই দেহ-মনৰ সমন্বয় সাধন কৰি ব্যক্তিৰ আৱেগ-অনুভূতি, আসক্তি আৰু অনুৰাগ নিয়ন্ত্ৰিত আৰু অনুশাসিত কৰি তোলে।
  • ফলত বৌদ্ধিক আৰু সংজ্ঞানাত্মক ক্ৰিয়া আচৰণ সুনিয়ন্ত্ৰিত আৰু সুপৰিচালিত কৰি তোলে।
  • শৰীৰ শিক্ষাই মানুহৰ দেহ-মানসিক অস্থিৰতা, অনুশাসনহীনতা আদি গুচাই আচৰণ আৰু চিন্তা-ক্ৰিয়া আদি সমাজৰ গ্ৰহণযোগ্য কৰি তোলে।
  • দেহৰ অংগী-ভংগী, মাংসপেশীৰ সঞ্চালন আৰু শ্বাস-প্ৰশ্বাস ক্ৰিয়া সুস্থ আৰু স্বাভাৱিক কৰি তুলি সংজ্ঞানাত্মক আৰু আনুভূতিক ক্ৰিয়াত সুস্থ প্ৰভাৱ পেলায়।
  • সেয়েহে আজিৰ শিক্ষা জগতত শৰীৰ শিক্ষাৰ অনুভৱ আৰু উপলব্ধি নতুনকৈ পুনৰাই লাভ কৰি উঠা হৈছে।

শাৰীৰিক শিক্ষাৰ প্ৰয়োজনীয়তা বা প্ৰাসংগিকতা

বৰ্তমান সময়ত শাৰীৰিক শিক্ষাৰ গুৰুত্ব, প্ৰাধান্য বা প্ৰাসংগিকতা অধিকভাৱে আৰু গুৰুত্ব সহকাৰে অনুভৱ কৰি উঠা হৈছে কেতবোৰ বিশেষ বিশেষ কাৰণৰ হেতুকে। এই দিশত বিস্তৃত আলোচনালৈ নগৈ নিম্নলিখিত কথাকেইটাৰ প্ৰতি দৃষ্টিপাত কৰিব পাৰি-

  • আজিৰ শিক্ষা জগতৰ পৰিস্থিতি আৰু পটভূমিত শৰীৰ শিক্ষাক ‘যোগ শিক্ষা’ৰ দৃষ্টিৰে চাই ব্যক্তিৰ মানসিক হেঁচা, চাপ বা উৎকণ্ঠা কমোৱাৰ কৌশলস্বৰূপে বিবেচনা কৰা হয়।
  • শৰীৰ শিক্ষাৰ ওপৰত ভিত্তি কৰা যোগ শিক্ষাক ব্যক্তিৰ আধ্যাত্মিক জীৱনৰ বাবে প্ৰস্তুতিমূলক শিক্ষা স্বৰূপে গণ্য কৰা হয়।
  • শৰীৰ শিক্ষাই আজিৰ সমস্যাজড়িত ব্যক্তিগত আৰু সামাজিক জীৱনত এজন লোকৰ দেহ-মনৰ সমন্বয় ৰক্ষাকাৰী ভূমিকা গ্ৰহন কৰে।
  • ই এজন লোকৰ বিভিন্ন আৰ্থ-সামাজিক পৰিস্থিতিত মানৱীয় উত্তেজনাবোৰৰ নিয়ন্ত্ৰণ আৰু সুপৰিচালনা কৰি তুলিব পাৰে।
  • আজিৰ সমাজত বিজ্ঞান-প্ৰযুক্তিয়ে এচাম অভিলাষী শ্ৰেণীৰ লোকক চঞ্চল কৰি তুলি তেওঁলোকৰ জীৱন-ৰীতি মানসিক ভাৱে অসুস্থ আৰু অস্বাভাৱিক কৰি তোলে। শৰীৰ শিক্ষাইহে এইসকল লোকক সুস্থ আৰু স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পাৰে।
  • শৰীৰ শিক্ষাই শিশুক শৈশৱ কালত দেখা দিয়া দৈহিক প্ৰয়োজন খেলা-ধূলাৰ মাধ্যমেৰে পূৰণ কৰি তুলিব পাৰে।
  • এই শিক্ষাই বাল্যকালত ল’ৰা-ছোৱালীৰ বিভিন্ন দৈহিক ক্ৰিয়া কলাপৰ বাবে প্ৰয়োজন হোৱা দেহৰ অংগ সঞ্চালন আৰু পেশী সঞ্চালনৰ যোগে দৈহিক ক্ৰিয়া-পটুতা আৰু ক্ৰিয়া-কৌশল আয়ত্ত কৰি তাৰ বাস্তৱ পৰিস্থিতিত সুস্থ সমাযোজন কৰি উঠিব পাৰে।
  • শৰীৰ শিক্ষাই কৈশোৰকালত জৈৱ-ৰাসায়নিক আৰু অংগ সঞ্চালনমূলক ক্ৰিয়াৰ সুস্থ সমাযোজন স্থাপন কৰি মানসিক ৰোগগ্ৰস্ততাৰ পৰা মুক্ত কৰি ৰাখিব পাৰে।
  • তেওঁলোকৰ লিবিডো বা প্ৰাণশক্তিক গঠনাত্মক ৰূপদান কৰিব পাৰে।
  • যৌৱনোত্তৰ কালত শৰীৰ শিক্ষাই ব্যক্তিক দেহ সঞ্চালনমূলক ক্ৰিয়া-পটুতা প্ৰদান কৰি অৰ্থনৈতিকভাৱে উৎপাদনশীল আৰু সমাজৰ বাবে হিত সাধনকাৰী ব্যক্তিস্বৰূপে নিজকে গঢ় দি তুলিব পাৰে।
  • আজিৰ প্ৰাকৃতিক পৰিবেশৰ বায়ু-পানী-মাটি আৰু পাৰমাণৱিক প্ৰদূষণৰ প্ৰতি আত্ম সচেতন হৈ জীৱন নিৰ্বাহ কৰাত সমাজৰ সকলো শ্ৰেণী লোকৰ বাবে শৰীৰ শিক্ষা সামগ্ৰিক ৰূপত সহায়ক হৈ উঠিব পাৰে।
  • আজিৰ গতিশীল সমাজত সুস্থ সমাযোজনৰ বাবে এজন লোকৰ ব্যক্তিত্বত পাবলৈ বিচৰা বিবিধ সংলক্ষণ বা গুণবোৰ হৈছে সহযোগিতা, প্ৰতিযোগিতা, সহানুভূতিশীলতা, সহৃদয়তা, অনুশাসনীয়তা, নীতিনিষ্ঠতা, সমাজৰ নেতৃত্বস্থানীয়তা আদি। এই সামগ্ৰিক ব্যক্তিত্ব গঠনৰ কাৰ্যকৰী দিশ হৈছে শাৰীৰিক শিক্ষা।

আজি আমাৰ সমাজত থকা ৰাজনৈতিক স্বেচ্ছাচাৰিতা, সামাজিক কলুষতা আৰু অৰ্থনৈতিক ভ্ৰষ্টাচাৰীতাই বিভ্ৰান্ত কৰি তুলি সাধাৰণ লোকৰ জীৱন দুৰ্বিষহ কৰি পেলাইছে। এই সকলোবোৰ অসুস্থ পৰিস্থিতিৰ সন্মুখীন আৰু সমাধানৰ উত্তৰ নিশ্চয় আমি এই শাৰীৰিক শিক্ষাত পাব পাৰো। এনেবোৰ কথাৰ অনুভৱে আজি আমাৰ শিক্ষা জগতত এক নতুন মূল্যবোধ আনি দিছে।

 

মূল্যবোধৰ শিক্ষা

মূল্যবোধৰ ধাৰণা

মূল্যবোধৰ ধাৰণা সৰ্বসাধাৰণ লোকৰ বিবেচনাৰে ক’বলৈ গ’লে যিমান সহজ যেন লাগে, তাত্বিক দিশৰ বিবেচনাৰে বুজি উঠিবলৈ সিমান সহজ নহয়। ইয়াৰ স্বৰূপ বিশ্লেষণ সংক্ষেপে নিম্নলিখিতভাৱে প্ৰদান কৰিব পাৰি-

  • মূল্যবোধৰ ক্ষেত্ৰত সৰ্বসাধাৰণ লোকৰ ধাৰণা হৈছে বস্তুগত আৰু শিক্ষিত আৰু সংস্কৃতিপৰায়ণ লোকৰ বাবে ই হৈ উঠে ভাবগত।
  • ভাবগত মূল্যবোধ হয় বিমূৰ্ত, শুভ, আদৰ্শনিষ্ঠ আৰু সমাজৰ লোকৰ বাবে হিত সাধনকাৰী বিধৰ।
  • মানুহৰ মনৰ নৈতিক আৰু আধ্যাত্মিক ভাৱধাৰাইও মূল্যবোধ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰে যি সত্য-শিৱ-সুন্দৰৰ গভীৰ অনুভূতিৰ দ্বাৰা সিক্ত হৈ উঠে।
  • মানুহৰ মনৰ মূল্যবোধ ভাব চিৰন্তন আৰু অ-পৰিৱৰ্তনীয় ৰূপত পাব পৰা নাযায়।
  • শিক্ষা পৰিবেশৰ পৰিৱৰ্তনীয় আৰু নতুনত্বৰ প্ৰভাৱে মানুহৰ মনৰ পুৰণি মূল্যবোধ ভাব আঁতৰাই নতুন আৰু সময়োপযোগী মূল্যবোধ ভাব জগাই তোলে।

মূল্যবোধৰ বৈশিষ্ট্যসমূহ

মূল্যবোধৰ স্বৰূপ দাঙি ধৰা ইয়াৰ প্ৰধান বৈশিষ্ট্যবোৰ নিম্নলিখিতভাৱে চিনাক্ত কৰিব পৰা যায়-

  • মানুহৰ বাবে অৰ্থপূৰ্ণ, গুৰুত্বপূৰ্ণ আৰু উপযোগিতামূলক হৈ উঠা কথা বা বিষয়েই হৈছে মূল্যবোধৰ বিষয়।
  • মূল্যবোধ সমাজৰ লোকৰ আদৰ্শৰ ভিত্তিত নিৰ্ধাৰণ কৰি তোলা হয়।
  • মানুহৰ মনৰ সত্য-শিৱ-সুন্দৰৰ অনুভূতিয়ে মূল্যবোধ ভাব জগাই তোলে।
  • সমাজৰ লোকৰ বাঞ্ছনীয়তা আৰু গ্ৰহণযোগ্যতাৰ ওপৰত মূল্যবোধ ভাব নিৰ্ভৰশীল।
  • ব্যক্তি মনৰ পাপ-পূণ্য, শুদ্ধ-অশুদ্ধ, সত্য-অসত্যৰ ভিত্তিত মূল্যবোধ ভাব গঢ়ি উঠে।
  • মূল্যবোধ এক বিমূৰ্ত চিন্তা-বিবেচনাৰ পৰিণতি মাথোন। সেয়ে ই দৰ্শনভিত্তিক।
  • এই মূল্যবোধে মানুহৰ চিন্তা-ক্ৰিয়া আচৰণ প্ৰভাৱিত আৰু পৰিচালিত কৰে, যি জীৱ জন্তুবোৰৰ বাবে সম্ভৱ হৈ নুঠে। জীৱ-জন্তুৰ আচৰণ হয় প্ৰবৃত্তি পৰিচালিত।
  • মূল্যবোধ ভাব হৈছে শিক্ষালব্ধ, মানুহৰ প্ৰয়োজনসাপেক্ষ, পৰিৱৰ্তনশীল আৰু গতিশীল, ই চিৰন্তভাৱে স্থাপিত কৰা বিধৰ নহয়।

মূল্যবোধৰ প্ৰকাৰ

অৰ্থৰ ভিন্নমুখিতা আৰু বৈষয়িক-ভাবাত্মক আদি দৃষ্টিকোণৰ পৰা ইয়াৰ ধাৰণা বিভাজন আৰু শ্ৰেণীকৰণ কৰিবপৰা যায়। তলত ইয়াক সংক্ষেপে উপস্থাপন কৰা হৈছে:

(১) অৰ্থনৈতিক মূল্যবোধ

বস্তুবাদিতা আৰু উপযোগিতাৰ দৃষ্টিৰে অৰ্থনৈতিক মূল্যবোধ অনুভৱ কৰা হয়। কোনো বস্তুৰ দৰ-দাম আৰু লাভ-লোকচানৰ দৃষ্টিকোণেৰে এই অৰ্থনৈতিক মূল্যবোধ নিৰ্ণয় কৰা হয়।

(২) সামাজিক মূল্যবোধ

সমাজ্ৰ লোকৰ গ্ৰহণযোগ্যতা, উপযোগিতা আৰু সামাজিক নীতি-নিয়ম আৰু আদৰ্শ অনুসৰি সামাজিক মূল্যবোধ অনুভৱ কৰা হয়।

(৩) নৈতিক মূল্যবোধ

নৈতিক চেতনা, আদৰ্শ আৰু বিবেচনাৰে কোনো কথাৰ ভাল-বেয়া, উচিত-অনুচিত আৰু পাপ-পূণ্য আদিৰ বিচাৰ-বিবেচনা কৰা অৱস্থাই হৈছে নৈতিক মূল্যবোধ।

(৪) আধ্যাত্মিক মূল্যবোধ

কোনো এক ধৰ্মীয় আদৰ্শ আস্থা-নিষ্ঠাৰে মানি চলা অৱস্থাই হৈছে আধ্যাত্মিক মূল্যবোধ। এই অনুভৱে মানুহক পাৰ্থিৱ ভাব-চিন্তাৰ ঊৰ্ধলৈ তুলি ধৰি আধ্যাত্মিক জীৱন যাপনত সহায় কৰে।

(৫) সৌন্দৰ্যবোধক মূল্যবোধ

সত্য-শিৱ-সুন্দৰৰ গভীৰ অনুভৱৰ পৰা এইবিধ মূল্যবোধ ভাব মানুহৰ মনত গঢ়ি উঠে। নৃত্য-কলা-সংগীত, সাহিত্য, ভাস্কৰ্য আদিৰ প্ৰতি সৃষ্টি হোৱা আকৰ্ষণ এইবিধ মূল্যবোধৰ প্ৰকাশ বুলিব পাৰি।

(৬) গণতান্ত্ৰিক মূল্যবোধ

গণতান্ত্ৰিক জীৱন যাপনৰ আদৰ্শ আৰু অনুভৱবোৰ হৈছে স্বাধীনতা, সমতা, বন্ধুত্ব, ভ্ৰাতৃত্ব অৰু সামাজিক ন্যায় আদি। সমাজৰ লোকৰ মনত ভেদভাব গুচাই সকলোকে আত্মপ্ৰকাশ আৰু বিকাশৰ সুবিধা দিবলৈ ইয়াত বিচৰা হয়।

(৭) ক্ষমতাৰ মূল্যবোধ

এই মূল্যবোধ গণতান্ত্ৰিক মূল্যবোধৰ বিপৰীতমুখী এক অনুভৱ। ক্ষমতাপ্ৰিয় একোজন লোকে সৰ্বসাধাৰণ লোকক দমন, শাসন আৰু নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতাৰ ওপৰত বিশ্বাস কৰা হয়। ব্যক্তিৰ এনে অসাধাৰণ ক্ষমতাক স্বৰ্গীয় ক্ষমতা বোলা হয়।

(৮) সুখ-ভোগবাদী মূল্যবোধ

ইয়াক অ-গণতান্ত্ৰিক মূল্যবোধস্বৰূপেও বৰ্ণনা কৰিব পাৰি। এক শ্ৰেণী সৌভাগ্যবান লোকে সুখ ভোগবাদৰ আদৰ্শত বিশ্বাস কৰে। তেনে লোকৰ জীৱনৰ আদৰ্শ হৈছে- ‘যাৱৎ জীৱেৎ সুখং জীৱেৎ, ঋণং কৃত্বা ঘ্ৰিতং পিবেত’। আজিৰ সমাজত এনে ভোগবাদী মূল্যবোধ বা আদৰ্শত বিশ্বাস কৰা লোকৰ সংখ্যা ক্ৰমে বৃদ্ধি হৈ উঠাটো মন কৰিবলগীয়া।

(৯) নীতি শাস্ত্ৰ সম্বন্ধীয় মূল্যবোধ

শুভ-অশুভ, ন্যায়-অন্যায় আৰু উচিত-অনুচিতৰ নৈতিক বিচাৰ-বিবেচনাৰ ওপৰত গঢ় লৈ উঠা মূল্যবোধেই হৈছে নীতি শাস্ত্ৰ সম্বন্ধীয় মূল্যবোধ। সমাজৰ দ্বাৰা স্বীকৃত আইনী ব্যৱস্থা হৈছে মানুহৰ মনৰ নীতি-নিষ্ঠতাৰ ওপৰত গঢ়ি উঠা এক বিজ্ঞান। এইবিধ মূল্যবোধ ন্যায়িক দৃষ্টিৰে বিচাৰ-বিবেচনা কৰা হোৱা বাবে সমাজৰ সকলো লোকেই তাক মানি চলিবলৈ বাধ্য। আইনৰ বিচাৰ এইবিধ মূল্যবোধৰ আঁৰত প্ৰতিষ্ঠিত।

(১০) চৰম মূল্যবোধ

ওপৰত উল্লেখ কৰা বিভিন্ন মূল্যবোধৰ শীৰ্ষত এই চৰম মূল্যবোধ অনুভৱ কৰা হয়। ই সৰ্বশক্তিমান ভগৱানৰ এক অদৃশ্য ক্ষমতা বা প্ৰভাৱৰ দ্বাৰা পৰিচালিত হয়। পাৰ্থিৱ ক্ৰিয়াৰ সকলো মূল্যবোধৰ ঊৰ্ধত এই চৰম মূল্যবোধ স্থাপন কৰা হয়, যি অদৃশ্য ভগৱানৰ অসীম শক্তি-ক্ষমতাৰ দ্বাৰা প্ৰভাৱিত, নিয়ন্ত্ৰিত আৰু পৰিচালিত হয়।

মূল্যবোধ শিক্ষা কাক বোলে ?

মূল্যবোধ শিক্ষাৰ ধাৰণা সৰলীকৰণ কৰি ব্যক্ত কৰিব পৰা মূল কথাকেইটা তলত সংক্ষেপে উল্লেখ কৰা হৈছে:

  • মূল্যবোধ শিক্ষা এক গভীৰ ভাবাত্মক বিধৰ ধাৰণা আৰু দাৰ্শনিক বিধৰ অনুভৱ।
  • সুস্থ-সুন্দৰ, নায্য আৰু সমাজৰ হিত সাধনকাৰী অনুভৱ আৰু আচৰণৰ প্ৰশিক্ষণেই হৈছে মূল্যবোধ শিক্ষা।
  • এনেবিধ অনুভৱ মনত গঢ়ি তুলিবৰ বাবে পাঠ্যক্ৰমত প্ৰয়োজনীয় শিক্ষা উপাদান অন্তৰ্ভুক্ত কৰিব লাগে।
  • মূল্যবোধ শিক্ষাৰ অধ্যয়নৰ উপাদানবোৰ হৈছে সংহত আৰু সামগ্ৰিক বিধৰ।
  • ইয়াৰ অন্তৰ্ভুক্ত উপাদানবোৰ হৈছে- নৈতিক, অৰ্থনৈতিক, সামাজিক, আধ্যাত্মিক, সৌন্দৰ্যবোধক আৰু গণতান্ত্ৰিক মূল্যবোধ।
  • এনেবোৰ অধ্যয়নৰ উপাদানৰ অন্তৰ্ভুক্ত যি মূল্যবোধ শিক্ষাৰ ধাৰণা জটিল কৰি তুলিছে।
  • সহজভাবে ক’বলৈ হ’লে যি শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ সজ চৰিত্ৰ আৰু সুন্দৰ ব্যক্তিত্ব গঠন কৰি তোলে সেয়ে মূল্যবোধ শিক্ষা।

মূল্যবোধ শিক্ষাৰ প্ৰাসংগিকতা

আমাৰ দেশত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতা ১৯৮৬ চনত ঘোষিত ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিত দৃঢ়তাৰে প্ৰতিপন্ন কৰি তোলা হৈছে। এই শিক্ষা নীতিত কোৱা হৈছে যে শিক্ষাই আমাৰ দেশৰ দ্ৰুত পৰিৱৰ্তনমুখী প্ৰযুক্তি-বিজ্ঞান আৰু পুৰণি সাংস্কৃতিক পৰম্পৰাৰ ধাৰাবাহিকতাৰ মাজত এক সুন্দৰ সমন্বয় গঢ় দি তুলিব পাৰিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলৰ মনত সুন্দৰতা, সু-সামঞ্জস্যতা আৰু বিশুদ্ধতাৰ প্ৰতি সংবেদনশীলতাৰ ভাব সৃষ্টি কৰি তুলিব লাগিব। সামাজিক আৰু নৈতিক মূল্যবোধ ভাব বিকশাই তুলি শিক্ষা অধিক উপযুক্ত কৰি তুলিবৰ বাবে অধ্যয়নৰ পাঠ্যক্ৰম পুনৰ বিন্যাস আৰু সু-সমাযোজিত কৰি তুলিব লাগিব। মূল্যবোধ উদীয়মানকৃত কৰা এনে পাঠ্যক্ৰমে তেওঁলোকৰ মনত সততাৰ প্ৰতি গঢ়ি উঠা অবিশ্বাসৰ ভাব অস্পষ্টবাদিতা, ধৰ্ম-প্ৰধানতা, হিংসা, আতংকবাদিতা আৰু অদৃষ্টবাদিতাৰ অসুস্থ মনোভাব গুচাব পাৰিব লাগিব। তেওঁলোকৰ মাজত থকা অপসংস্কৃতি, অমানৱীয়তা আৰু বিভেদকামী মনোভাব আদি যিকোনো মূল্য দি বন্ধ কৰিব লাগিব। ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দঙি ধৰা দেশৰ শিক্ষা ব্যৱস্থাত মূল্যবোধ শিক্ষা সম্বন্ধে শক্তিশালী ৰূপত মতামত আৰু দৃষ্টিকোণ আগবঢ়াইছে। শিক্ষাৰ লগত সংশ্লিষ্ট সকলো লোকৰ বাবেই ই এক নতুন দৃষ্টি দানকাৰী বুলিব পাৰি। এই মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতা আমাৰ জাতীয় শিক্ষা ব্যৱস্থাত নতুন উপলব্ধি বুলিব পাৰি।

এই শিক্ষাৰ উপযোগিতা

মূল্যবোধ শিক্ষাৰ পৰা পাব পৰা সুফল বা উপযোগিতাবোৰৰ প্ৰতি আমাৰ মনত স্পষ্ট ধাৰণা থকাটো প্ৰয়োজন। এই শিক্ষাই মানুহৰ প্ৰবৃত্তিমূলক ভাব-অনুভূতিবোৰৰ উৎকৰ্ষ সাধন কৰি তাক পশু-পৰ্যায়ৰ পৰা মানৱীয়তাৰ পৰ্যায়লৈ উন্নীত কৰি তুলিব পাৰে। এই সম্বন্ধে মূল্যবোধ শিক্ষাৰ কেতবোৰ প্ৰত্যাশিত সুফল তলত সংক্ষেপে উল্লেখ কৰিব পাৰি-

  • মূল্যবোধৰ শিক্ষাৰে ছাত্ৰ-ছাত্ৰীসকলৰ সুসমাযোজিত ব্যক্তিত্ব গঠন কৰিব পাৰি।
  • তেওঁলোকৰ মূল্যবোধ আৰু মনোভাব সুস্থভাবে গঠন কৰি সমাজৰ সুনাগৰিক স্বৰূপে গঢ় দি তুলিব পাৰি।
  • স্বাধীনতা, সমতা, ভ্ৰাতৃত্ব আৰু সামাজিক ন্যায়ৰ মূল্যবোধ ভাব গঠনেৰে সুনাগৰিকৰ চেতনা জগাই তুলিব পাৰি।
  • ছাত্ৰ-ছাত্ৰীসকলৰ সুচৰিত্ৰ গঠনৰ গুণ বা সংলক্ষণবোৰ এই শিক্ষাই বিকশাই তুলিব পাৰে।
  • ব্যক্তিৰ সততা, ন্যায়পৰায়ণতা, কষ্ট সহিষ্ণুতা, প্ৰতিজ্ঞাবদ্ধতা আদি নৈতিক গুণসমূহ এই শিক্ষাৰ সুখময় পৰিণতিস্বৰূপ।
  • মূল্যবোধৰ শিক্ষাই ব্যক্তিৰ সংস্কৃতিপৰায়ণ মন আৰু আচৰণ গঢ় দি তুলিব পাৰে।
  • এই শিক্ষাৰ যোগেদি ব্যক্তি মনৰ নেতিবাচক মনোভাব, হিংসাত্ম, ধ্বংসাত্মক আৰু অ-সামাজিক প্ৰৱণতাবোৰ গুচাব পাৰি।
  • এই শিক্ষাই মানুহৰ মনত উন্নত ৰুচিবোধ, মানৱীয় অনুভূতি আৰু আধ্যাত্মিকতা ভাব গঢ় দি তুলিব পাৰে।

মূল্যবোধ শিক্ষা কিদৰে দিব পাৰি

স্কুল-কলেজত দিয়া পুথিগত জ্ঞানৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক আৰু সংজ্ঞনাত্মক দিশৰ বিকাশ সাধন কৰা। তেওঁলোকৰ আনুভূতিক দিশৰ বিকাশ সাধন কৰি তোলাটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা নহয়। ফলত একপক্ষীয় ভাবে তেওঁলোকৰ ব্যক্তিত্ব গঢ় লৈ উঠিবলগা হয়। এই দিশত বিস্তৃত আলোচনালৈ নগৈ স্কুলত দিবলগা মূল্যবোধ শিক্ষাৰ কেতবোৰ কাৰ্যকৰী ব্যৱস্থা তলত সংক্ষেপে দাঙি ধৰা হৈছে-

(১) নৈতিক শিক্ষা

সুস্থ, শুদ্ধ আৰু সঠিক মূল্যবোধৰ ভাব মনত জগাই তুলিবৰ বাবে স্কুলত নৈতিক বা নীতি জ্ঞানৰ শিক্ষা অন্তৰ্ভুক্ত কৰিব লাগে। শিশুৰ মনত নৈতিক চেতনা জগাই তুলিবৰ বাবে ধৰ্ম-নিৰপেক্ষভাবে ভক্তিমূলক গীত-মাত, সমূহীয়া প্ৰাৰ্থনা আদিৰ কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিব লাগে।

(২) সাহিত্য আৰু সংগীতৰ শিক্ষা

সাহিত্য, সংগীত, কলা আদি বিষয়ৰ শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ মনত সুস্থ মূল্যবোধৰ ভাব জগাই তুলিব পাৰে। এই কলাত্মক দিশৰ শিক্ষা অনুশীলনে তেওঁলোকৰ মনত সুস্থ আগ্ৰহ, অভিৰুচি আৰু মূল্যবোধৰ ভাব গঢ় দি তুলিব পাৰে।

(৩) স্বাস্থ্য ৰক্ষাৰ শিক্ষা

স্কুলত যোগ চৰ্চ্চা আৰু যোগাভ্যাস ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বাধ্যতামূলক কৰি তুলিব লাগে। ইয়াৰ যোগেদি তেওঁলোকৰ সুস্থ দেহত সুস্থ মন গঢ়ি তোলাৰ আঁচনি গ্ৰহণ কৰিব লাগে।

(৪) সমাজসেৱা আঁচনি গ্ৰহণ

সামাজিক ক্ৰিয়াৰ যোগেদি সেৱাৰ মনোভাব আৰু নৈতিকতাবোধৰ ভাব জগাই তুলিবৰ বাবে স্কুলত সমাজ সেৱা আঁচনি গ্ৰহণ কৰিব লাগে। ইয়াৰ যোগেদি সক্ৰিয় ৰূপত নৈতিক মূল্যবোধৰ ভাব ছাত্ৰ-ছাত্ৰীৰ মনত গঢ় দি তুলিব লাগে।

(৫) দলগত ক্ৰিয়াৰ প্ৰশিক্ষণ

শিক্ষানুষ্ঠানত এন.চি.চি, এ.চি.চি, স্কাউটচ্‌, গাইড, ৰেডক্ৰ’ছ, ফাষ্ট-এইড প্ৰশিক্ষণ আদি ব্যৱস্থাৰে সুসংগঠিত ৰূপত দলগত ক্ৰিয়াৰ কাৰ্যসূচী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনুষ্ঠিত কৰিব লাগে। ই তেওঁলোকৰ নৈতিক মূল্যবোধৰ ভাব জাতীয় আৰু আন্তৰ্জাতিকতাৰ পৰ্যায়লৈকো তুলি ধৰিব পাৰে।

(৬) সুনাগৰিকতাৰ শিক্ষা

ছাত্ৰ-ছাত্ৰীসকলক দেশৰ নাগৰিক স্বৰূপে সুনাগৰিক কৰি গঢ়ি তুলিবৰ বাবে গণতান্ত্ৰিক জীৱনবোধ আৰু মূল্যবোধৰ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। এই মূল্যবোধবোৰ হৈছে বন্ধুত্ব, ভ্ৰাতৃত্ব, সমতা আৰু সামাজিক ন্যায়ৰ চেতনা আৰু মূল্যবোধ আদি।

(৭) কৰ্মমুখী শিক্ষা

মৌখিক আৰু তত্ত্বমূলক অথবা উপদেশমূলক শিক্ষা প্ৰদানৰ পৰিৱৰ্তে ক্ৰিয়াত্মক বা কৰ্মমুখী শিক্ষা দিয়াৰ ব্যৱস্থা স্কুলত কৰিব লাগে। ক্ৰিয়াৰ যোগেদি শিক্ষাৰ নীতি আৰু পন্থা গ্ৰহণে স্কুলত মূল্যবোধ শিক্ষা সাৰ্থক কৰি তুলিব পাৰে।

(৮) অৱসৰ সময়ৰ শিক্ষা

কোৱা হয় যে ক্ৰিয়া বিমুখ দেহ-মন হৈছে চয়তানৰ ক্ৰীড়া ভূমি। মূল্যবোধ শিক্ষা প্ৰদানৰ বেলিকা এই কথা বিশেষ মন কৰিবলগীয়া। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ অৱসৰ সময়ত সুস্থ চিন্তা আৰু ক্ৰিয়াত নিজকে ব্যস্ত ৰখাটো মূল্যবোধ শিক্ষাৰ প্ৰধান নীতি হোৱা উচিত।

মহিলাৰ সবলীকৰণ

ইয়াৰ প্ৰাসংগিকতা

আজিৰ একৈশ শতিকাত মানৱজাতিৰ শিক্ষা-বিকাশৰ প্ৰসংগত সঘনে উচ্চাৰিত হোৱা এটা সমস্যা জড়িত দিশ হৈছে মহিলাসকলৰ অনগ্ৰসৰতা অথবা পুৰুষৰ তুলনাত তেওঁলোক পিছপৰি ৰোৱা অৱস্থা। আৰ্থ-সামাজিকভাৱে তেওঁলোকৰ এই অনগ্ৰসৰতাৰ হেতুকে মহিলাসকলক দুৰ্বল শ্ৰেণীৰ লোক বা ‘Weaker sex’ বুলিও কোৱা হয়। আৰ্থ সামাজিক বিকাশ অসম্পূৰ্ণ হৈ ৰোৱা অথবা অনগ্ৰসৰতাত ভোগা দেশবোৰতেই লিংগ ভেদৰ প্ৰৱণতাই বিকাশৰ পথত অন্তৰায়ৰ সৃষ্টি কৰি তুলিছে। ভাৰতৰ মহিলাসকলেও এই অপবাদৰ পৰা মুক্ত হৈ উঠিব পৰা নাই। দেশৰ অধিকাংশ মহিলাই আজিও দৰিদ্ৰতা, নিৰক্ষৰতা আৰু অজ্ঞতাৰ অৱস্থাৰে পিছপৰা গাওঁ অঞ্চলত বসবাস কৰে। তেওঁলোকৰ সাক্ষৰতাৰ হাৰ পুৰুষৰ তুলনাত অনেক কম। দেশৰ পুৰুষপ্ৰধান আৰু পিতৃপ্ৰধান পৰিয়ালত মহিলাসকলৰ অৰ্থনৈতিক জীৱনৰ মানদণ্ড পুৰুষসকলেই নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। সামাজিক জীৱনতো পুৰণি আস্থা-নিষ্ঠা-বিশ্বাস আদিৰ সংকীৰ্ণ মনোভাবে মহিলাসকলৰ শিক্ষা অপ্ৰয়োজনীয় আৰু অৰ্থহীন কৰি পেলায়। কন্যা শিশু পৰিয়ালত জন্ম হোৱাটো অপ্ৰত্যাশিত আৰু দুৰ্ভাগ্যজনক বুলি বিবেচনা কৰা হয়। আনুষ্ঠানিক স্কুলীয়া শিক্ষা ছোৱালীৰ বাবে অপ্ৰয়োজনীয় বুলি ভবা হয়। ছোৱালীসকলৰ কৰ্মস্থল ঘৰৰ চাৰিবেৰৰ ভিতৰত বুলি গণ্য কৰা হয়। ঘৰুৱা কাম-বন কৰা, কাপোৰ-কানি, কাঁহী-বাটি ধোৱা, ৰন্ধা-বঢ়া কৰা, বিবাহিত মহিলাই শিশু জন্ম দিয়া, লালন-পালন কৰা আদি একোটা যন্ত্ৰত তেওঁলোকে পৰিণত হ’ব লগা হয়। ঘৰুৱা পৰিবেশৰ বাহিৰত তেওঁলোকৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক জীৱনৰ অস্তিত্ব আৰু সম্ভাৱনীয়তা থকাৰ কথা বিবেচনা কৰা নহয়। প্ৰাপ্তবয়স্ক নিৰক্ষৰ মহিলাসকলৰ অৰ্থনৈতিক উৎপাদনশীলতা আৰু স্বাৱলম্বিতাৰ নীতিও পুৰুষসকলে মানি ল’বলৈ নিবিচাৰে। ফলত নৈতিক স্বাধীনতাৰ অভাৱত মহিলাসকল হৈ পৰে পুৰুসৰ ওপৰত একান্ত নিৰ্ভৰশীল। তেওঁলোকক পৰিয়ালৰ লোকে অৰ্থনৈতিকভাবে উৎপাদনহীন শ্ৰমিক স্বৰূপে ব্যৱহাৰ কৰে। ই তেওঁলোকৰ ব্যক্তিত্ব বিকাশৰ দিশত প্ৰধান প্ৰতিবন্ধকতা স্বৰূপে বিবেচিত হৈ পৰে। ওপৰত কৰা বিশ্লেষণৰ যোগেদি ক’ব পাৰি যে মহিলাসকল তেওঁলোকৰ শৈক্ষিক, অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক তথা সাংস্কৃতিক দিশত গুৰুত্বহীন ব্যক্তিস্বৰূপে আজিও বিবেচিত হোৱা মানসিকতা সমাজত আছে। এই দৃষ্টিভংগী সলনি কৰি পিছ পৰি ৰোৱা মহিলাসকলক আত্মপ্ৰকাশ আৰু বিকাশৰ সুবিধাদানৰ এক সজ উদ্দেশ্য আৰু প্ৰচেষ্টা ‘মহিলা সবলীকৰণ’ত অন্তৰ্নিহিত হৈ আছে। ই আজিৰ শিক্ষা জগতৰ এক নতুন মূল্যবোধস্বৰূপেও বিবেচনা কৰিব পাৰি।

মহিলা সবলীকৰণৰ ধাৰণা

মহিলাসকলৰ আৰ্থ সামাজিক দুৰ্বলতাই সৃষ্টি কৰি তোলা তেওঁলোকৰ অনগ্ৰসৰতা কেৱল ভাৰতৰেই  আছুতীয়া সমস্যা নহয়, ই এক জাগতিক সমস্যাস্বৰূপ। কেৱল বিকশিত দেশবোৰহে এই সমস্যাৰ পৰা মুক্ত। ১৯৮৫ চনত নাইজেৰিয়া দেশৰ নাইৰোবিত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক মহিলা সন্মিলনে মহিলা সবলীকৰণৰ সংজ্ঞা প্ৰথমবাৰৰ বাবে দাঙি ধৰে। এই সংজ্ঞাত ব্যক্ত কৰা হয়, ‘মহিলাসকলক সামাজিক ক্ষমতা পুনৰ বিতৰণ কৰা আৰু তেওঁলোকৰ অনুকূলে সম্পদৰ নিয়ন্ত্ৰণ কৰা’ই হৈছে মহিলাৰ সবলীকৰণ। ইয়াৰ যোগেদি ক’বলৈ বিচৰা হৈছে যে মহিলাসকলক পুৰুষৰ সমানেই সামাজিক ক্ষমতা বিতৰণ কৰিব লাগে আৰু দেশৰ অৰ্থনৈতিক সম্পদ মহিলাসকলে বিকাশ লাভ কৰিব পৰাকৈ নিয়ন্ত্ৰণ কৰিব লাগে। চমুকৈ ক’ব পাৰি যে সবলীকৰণৰ যোগে মহিলাসকলক সামাজিক বিকাশৰ সুবিধা দিব লাগে আৰু অৰ্থনৈতিক দিশটো তেওঁলোকৰ অনুকূলে নিয়ন্ত্ৰণ কৰিব লাগে। তেওঁলোকৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ স্বাধীনতাই হৈছে সবলীকৰণৰ মূল উদ্দেশ্য। আৰ্থ সামাজিক বিকাশেইহে প্ৰকৃত অৰ্থত তেওঁলোকক সবল, শক্তিশালী আৰু বিকাশশীল কৰি তুলিব পাৰে।

সবলীকৰণৰ উপায় স্বৰূপে শিক্ষা

কোৱা হয় যে ‘Knowledge is power’ অৰ্থাৎ ‘জ্ঞানেই হৈছে শক্তি’। জ্ঞানে মানুহৰ অজ্ঞান আন্ধাৰ গুচাই দেহ-মন পোহৰাই তুলিব পাৰে, মনৰ সকলো ধৰণৰ সংকীৰ্ণতা আৰু ভেদভাব গুচাই সমতা, ভ্ৰাতৃত্ব আৰু মানৱীয়তাৰ অনুভৱ প্ৰদান কৰিব পাৰে। সামাজিক ন্যায়ৰ গণতান্ত্ৰিক আদৰ্শ শিক্ষাৰ যোগেদি পাব পাৰিলেহে পুৰুষ আৰু মহিলাৰ মাজত সু-সামঞ্জস্য ৰূপত সামাজিক বিকাশ সম্ভৱ হৈ উঠিব পাৰে। এনে অৱস্থাকেই মহিলা সবলীকৰণৰ যোগেদি অভিব্যক্ত কৰি তুলিবলৈ বিচৰা হৈছে। শিক্ষাৰ পোহৰ অবিহনে পুৰুষপ্ৰধান সমাজৰ পৰা নাৰী মুক্তি লাভ কৰি উঠাটো সম্ভৱপৰ নহয়। নাৰী আৰু পুৰুষ দুয়ো পক্ষৰ মাজত এনেবোৰ কথাৰ অনুভৱ আৰু উপলব্ধিৰে মহিলাসকলক স্বাভাৱিক ৰূপত সবলীকৰণ কৰি তোলাটো সম্ভৱপৰ হৈ উঠিব পাৰে। ই একপক্ষীয় ভাবে কৰা আন্দোলনৰ যোগেদি সম্ভৱ হৈ উঠিব নোৱাৰে।

মহিলা সবলীকৰণৰ প্ৰধান লক্ষ্য, উদ্দেশ্যসমূহ

মহিলাসকলক সবলীকৰণ কৰি তুলিব লাগে কিয়, এই প্ৰশ্নৰ উত্তৰ আমাৰ মনত স্পষ্ট হৈ উঠাটো প্ৰয়োজন। ইয়াৰ ওপৰতেই এই দিশৰ লক্ষ্য সাধন বিশেষ নিৰ্ভৰ কৰে। এই প্ৰসংগত নিম্ন উল্লেখিত কথাকেইটাৰ প্ৰতি আমাৰ দৃষ্টি নিক্ষেপ কৰিব পাৰি-

(১) লিংগ বৈষম্যৰ ভাব গুচোৱা

মহিলা সবলীকৰণৰ মূল উদ্দেশ্য হৈছে পুৰুষ আৰু মহিলাসকলৰ মাজত থকা বৈষম্যমূলক ভাব আৰু আচৰণ নোহোৱা কৰা। এই বৈষম্যমূলক ভাব থকালৈকে দেশৰ আৰ্থ সামাজিক বিকাশ সাধন হৈ উঠিব নোৱাৰে।

(২) সম মৰ্যাদা প্ৰদান

জাতি, ধৰ্ম, লিংগ নিৰ্বিশেষে সকলো লোককে সমান মৰ্যাদা প্ৰদান কৰাটো সংবিধানত গণতন্ত্ৰৰ প্ৰধান চৰ্ত বিশেষ। ই এক মানৱীয় অনুভূতি, যাক মানুহৰ মনত আৰু ক্ৰিয়া-আচৰণত বিকশাই তুলিব লাগে।

(৩) অৰ্থনৈতিক স্বাধীনতা প্ৰদান

পৰিয়ালত পুৰুষ-স্ত্ৰীৰ মাজত অৰ্থনৈতিক স্বাধীনতা আৰু সমতাৰ ভাব নথকাৰ বাবেই মহিলাৰ প্ৰতি পুৰুষে বৈষম্যৰ ভাব প্ৰদৰ্শন কৰে। সেই হেতুকে মহিলা সবলীকৰণৰ প্ৰধান চৰ্তই হৈছে অৰ্থনৈতিক দিশত পুৰুষৰ দমনমূলক মনোভাব নোহোৱা কৰা।

(৪) মহিলাক ৰাজনৈতিক ক্ষমতা প্ৰদান

গণতান্ত্ৰিক নীতি-আদৰ্শৰ ভিত্তিত মহিলাসকলক তেওঁলোকৰ ৰাজনৈতিক ক্ষমতা প্ৰয়োগৰ সুবিধা দিব লাগে। ৰাজনৈতিক ক্ষমতা প্ৰয়োজন অনুসৰি প্ৰদান কৰিলেহে মহিলাসকলৰ মন আৰু আচৰণ সবল আৰু শক্তিশালী হৈ উঠিব পাৰে।

(৫) শিক্ষাৰ সমান সুবিধা প্ৰদান

মহিলা সবলীকৰণৰ আন এক প্ৰয়োজনীয় চৰ্ত হৈছে শিক্ষাৰ ক্ষেত্ৰত পুৰুষ-নাৰীক সমান সুবিধা প্ৰদান কৰা। শিক্ষা গ্ৰহণেহে মহিলাসকলৰ মনত আত্মবিশ্বাসৰ ভাব আৰু আচৰণ গঢ় দি তুলিব পাৰে। শিক্ষা বিহীনতা হৈছে দুৰ্বলতাৰ প্ৰধান কাৰণ।

(৬) চিন্তা আৰু বিচাৰকৰণৰ স্বাধীনতা

এজন ব্যক্তি প্ৰকৃত অৰ্থত স্বাধীন হৈ উঠিব পাৰে তেওঁৰ মুক্ত চিন্তা আৰু বিচাৰকৰণৰ ক্ষমতা প্ৰয়োগকৰণৰ যোগেদিহে। মহিলা সবলীকৰণে ইয়াৰ কাৰ্যকৰী দিশত এই কথাৰেই বাস্তৱ ৰূপ দিবলৈ বিচাৰে।

(৭) জনসংখ্যা শিক্ষা

পৰিয়াল আৰু সমাজত কেৱল পুৰুষেই একপক্ষীয় মনোভাব আৰু আচৰণেৰে জন্ম নিয়ন্ত্ৰণ সাৰ্থক কৰি তুলিব নোৱাৰে। ইয়াৰ বাবে মহিলাৰ সহযোগিতা অপৰিহাৰ্য। মহিলা সবলীকৰণৰ ধাৰণাই সেয়েহে দেশৰ আৰু পৰিয়ালৰ জন্ম নিয়ন্ত্ৰণৰ বাবে দিব লগা শিক্ষাৰ সাৰ্থক ৰূপদান কৰিব পাৰে।

(৮) অন্তৰ্নিহিত ক্ষমতাৰ স্বীকৃতি প্ৰদান

মহিলাসকলে তেওঁলোকৰ দৰিদ্ৰতা আৰু নিৰক্ষৰতাৰ হেতুকে বহু সময়ত নিজ সুপ্ত ক্ষমতা আৰু অন্তৰ্নিহিত যোগ্যতা চিনাক্তকৰণ আৰু স্বীকৃতি লাভৰ পৰা বঞ্চিত হয়। ই মানৱ সম্পদৰ বিকাশ সাধনৰ দিশত এক বিৰাট অপচয় বুলিব পাৰি। মহিলাসকলৰ সবলীকৰণে এনে অপচয় ৰোধ কৰিব পাৰে।

(৯) দ্ৰুত আধুনিকীকৰণ

আজি বিজ্ঞান প্ৰযুক্তিৰ বহল প্ৰসাৰ লাভ কৰি উঠি দেশ আৰু সমাজ দ্ৰুত আধুনিকীকৰণ পথত আগবাঢ়িছে। কিন্তু মহিলাসকলৰ শিক্ষা অনগ্ৰসৰতাৰ পৰিস্থিতিত এই দ্ৰুত আধুনিকীকৰণ সম্ভৱপৰ হৈ উঠিব নোৱাৰে। সেই হেতুকে মহিলা সবলীকৰণ এই প্ৰসংগতো এক অপৰিহাৰ্য চৰ্ত বিশেষ।

(১০) সামাজিক ব্যক্তিত্বৰ বিকাশ

বৰ্তমান মানুহৰ ব্যক্তিত্ব, তেওঁৰ চিন্তা-ক্ৰিয়া আদি সমাজমুখী আৰু সমাজৰ হিত সাধনকাৰী বিধৰ কৰি তোলাটোৰ প্ৰয়োজন অনুভৱ কৰি উঠা হৈছে। এনে প্ৰয়োজন পূৰণৰ বাবে মহিলাসকলৰ ব্যক্তিত্বত সামাজিক গুণসমূহ বিকশাই তোলাৰ প্ৰয়োজন অনস্বীকাৰ্য। সেয়েহে মহিলা সবলীকৰণৰ অবিহনে তেওঁলোকৰ সামাজিক ব্যক্তিত্ব গঠনৰ কথা আমি ভাবি উঠিব নোৱাৰো।

ভাৰতত মহিলা সবলীকৰণৰ দিশত লোৱা ঐতিহাসিক ভূমিকা

ভাৰতৰ মহিলাসকলৰ আৰ্থ সামাজিক বিকাশ সাধনৰ দিশত লোৱা প্ৰচেষ্টাৰ এক দীৰ্ঘদিনীয়া ইতিহাস পাব পাৰি। ভাৰতবৰ্ষ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ দেশস্বৰূপে এই দিশত যিমান ব্যৱস্থা আৰু আঁচনি গ্ৰহণ কৰা হৈছে, সিমান পৰিমাণে পৃথিৱীৰ আন কোনো দেশত লোৱাটো পাব পৰা নাযায়। এই সম্বন্ধে কেতবোৰ স্মৰণীয় ঘটনা আৰু ব্যৱস্থাৰহে তলত যথাসম্ভৱ সংক্ষেপে উল্লেখ কৰা হৈছে-

বৈদিক যুগত

পুৰণি বৈদিক যুগত ভাৰতত স্ত্ৰী শিক্ষাৰ এক গৌৰৱময় অধ্যায় পাব পাৰি। সেই সময়ত পুৰুষৰ সমানে মহিলাই শিক্ষিত সমাজত স্থান লাভ কৰি উঠিছিল। শিক্ষিত মহিলাসকলক ‘দেৱী’ বুলি সন্মান প্ৰদৰ্শন কৰিছিল। বিদূষী মহিলাক লৈ পিতৃ-মাতৃসকলে গৌৰৱ অনুভৱ কৰিছিল। তেওঁলোকে নিজৰ পাণ্ডিত্যৰে বেদৰ মন্ত্ৰও ৰচনা কৰিছিল। গাৰ্গী, মৈত্ৰেয়ী, আত্ৰেয়ী, অপলা, লোপামুদ্ৰা, দেৱযানী আৰু লীলাৱতীৰ নাম আজিও শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।

বৌদ্ধ যুগত

বৌদ্ধ যুগত স্ত্ৰী শিক্ষা নিষিদ্ধ আছিল। মহিলাসকলে পুৰুষতকৈ বৌদ্ধিক দিশত নিম্নমানৰ বুলি বিবেচিত হৈছিল। গৌতম বুদ্ধও মহিলা শিক্ষাৰ বিৰোধী আছিল। অৱশ্যে সম্ৰাট অশোকৰ জীয়ৰী সংসাৰ বৈৰাগী মহিলা ভিক্ষুণী সংঘমিত্ৰাই বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে শ্ৰীলংকালৈও যোৱাৰ কথা জানিব পাৰি।

মুছলমান যুগত

মধ্যযুগত মুছলমান সকলৰ পৰ্দা প্ৰথা প্ৰচলন আছিল আৰু মহিলাৰ শিক্ষা ক্ষতিগ্ৰস্ত হৈছিল। ফলত দুখীয়া শ্ৰেণীৰ মহিলাসকল নিৰক্ষৰতাত ভুগিবলগা হৈছিল। অৱশ্যে অভিজাত শ্ৰেণীৰ মহিলাসকলে গৃহ শিক্ষা লাভ কৰিছিল। তেওঁলোকৰ অভিজাত শ্ৰেণীৰ মাজত সাহিত্য, বুৰঞ্জী, দৰ্শন, গণিত আদি বিষয়ৰ চৰ্চ্চা মহিলাসকলে লাভ কৰি উঠিব পাৰিছিল। চুলতানা ৰেজিয়াই প্ৰশাসন আৰু সমৰ শিক্ষাও গৃহশিক্ষাৰ পৰা পাব পাৰিছিল। আন আন শিক্ষিতা মহিলাসকলৰ ভিতৰত গুলবদন, চেলিমা, নুৰজাহান, মমতাজ মহল আৰু জাহানাৰা আদিৰ নাম উল্লেখযোগ্য।

ইউৰোপীয় খ্ৰীষ্টান মিছনেৰীসকলৰ যুগত

ইউৰোপৰ পৰা অহা খ্ৰীষ্টিয়ান মিছনেৰীসকলে ভাৰতত মহিলাৰ শিক্ষা বিকাশৰ কাম কৰিছিল। তেওঁলোকে দেশৰ পিছপৰা অঞ্চলত সোমাই মহিলাৰ বাবেও স্কুল স্থাপন কৰিছিল। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাতো মহিলাৰ বাবে ‘জনানা স্কুল’ স্থাপন কৰিছিল। কিন্তু সেই সময়ত সংৰক্ষণশীল মহিলাসকল শিক্ষাৰ প্ৰতি আগ্ৰহী নাছিল। ছাৰ্লচ উড্‌ আৰু হাণ্টাৰ আয়োগৰ প্ৰতিবেদতো মহিলা শিক্ষাত গুৰুত্ব দিয়া দেখা যায়। ফলত বম্বে, মাদ্ৰাজ, কলিকতা আদিত মহিলা শিক্ষাৰ অনুষ্ঠান স্থাপিত হৈছিল। কিন্তু সেই সময়তো অন্ধবিশ্বাস, কুসংস্কাৰ আদিয়ে মহিলা শিক্ষাৰ বিকাশত বাধা দান কৰিছিল।

কুৰি শতিকাৰ প্ৰথমাৰ্ধত

১৯০১ চনত ভাৰতত মহিলা সাক্ষৰতাৰ শতকৰা হাৰ আছিল ০.৮। ইংৰাজ প্ৰশাসক লৰ্ড কাৰ্জনে সতীপ্ৰথা বন্ধ কৰিছিল। কুৰি শতিকাৰ প্ৰথম দুটা দশকত অন্ধবিশ্বাস আৰু কুসংস্কাৰ গুচাই স্ত্ৰী শিক্ষাৰ প্ৰতি সচেতনতা জগাই তুলিবৰ বাবে বিভিন্ন ব্যক্তি আৰু সংগঠন আগবাঢ়ি আহে। এইসকলৰ ভিতৰত ৰাজা ৰামমোহন ৰায়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, এনি বেচান্ত, খ্ৰীষ্টিয়ান মিছনেৰী, ব্ৰাহ্মসমাজ, ভাৰতীয় মহিলা সংস্থা আদিৰ নাম উল্লেখযোগ্য। তেওঁলোকৰ প্ৰচেষ্টাৰ পৰিণতি স্বৰূপে ১৯১৬ চনত দিল্লীত লেডী হাৰ্ডিঞ্জ কলেজ স্থাপিত হৈ উঠে। স্বৰাজ, স্বদেশী আন্দোলন, অসহযোগ আন্দোলন আদিৰ যোগে মহাত্মা গান্ধীয়ে মহিলাসকলৰ শিক্ষা বিকাশৰ বাবে আগবাঢ়ি আহে। মহিলাসকলেও সত্যাগ্ৰহ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰে। সমাজৰ লোকৰ মনত স্ত্ৰীশিক্ষাৰ প্ৰতি থকা পূৰ্বৰ নেতিবাচক মনোভাব সলনি হয়।

স্বাধীনোত্তৰ কালত

১৯৫১ চনত দেশত মহিলাৰ শিক্ষিতৰ হাৰ ৮.৮৬% লৈ বৃদ্ধি পায়। ১৯৫০ চনত ভাৰতীয় সংবিধানে মহিলাসকলৰ অনগ্ৰসৰতা গুচাই শিক্ষা আৰু আৰ্থ সামাজিক বিকাশৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহন কৰে। ৰাজ্য চৰকাৰৰ দ্বাৰা কৰ্ম নিযুক্তিৰ বেলিকাও পুৰুষ-মহিলাৰ বৈষম্য বিবেচনা পৰিহাৰ কৰা হয়। মহিলাসকলৰ ওপৰত চলোৱা দমন-পীড়নৰ বিৰুদ্ধে শাস্তি প্ৰদানৰ আইন গ্ৰহণ কৰা হয়। ইয়াৰ উপৰি ছোৱালীৰ সম্পত্তিৰ অধিকাৰ, বিবাহ-বিচ্ছেদৰ আইন আদি কেতবোৰ সাংবিধানিক পদক্ষেপ গ্ৰহণ কৰা হয়। মহিলাসকলৰ ওপৰত কৰা দমন-উৎপীড়নৰ বিৰুদ্ধে আইনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সৰ্বভাৰতীয় ভিত্তিত মহিলা আয়োগ গঠন কৰা হয়। স্বাধীনোত্তৰ কালত মহিলা সবলীকৰণৰ বাবে সৰ্বভাৰতীয়ভাৱে কেইবাখনো কমিটি গঠন কৰা হয়। এই কমিটিবোৰ হৈছে-

(১) ১৯৫৮ চনৰ দুৰ্গাবাঈ দেশমুখ কমিটি

(২) ১৯৬২ চনৰ হংস মেহতা কমিটি

(৩) ১৯৬৪ চনৰ ভক্ত বৎসলম কমিটি

বৰ্তমান দেশৰ মহিলাসকলক ৰাজনৈতিক আৰু ক্ষমতা প্ৰদানৰো বিভিন্ন ব্যৱস্থা কৰা হৈছে। তাৰ যোগেদি তেওঁলোকক নিশ্চিত ৰূপত গণতান্ত্ৰিক প্ৰশাসনৰ শক্তিস্বৰূপে মান্যতা প্ৰদান কৰা হৈছে। স্থানীয় স্বায়ত্ত প্ৰশাসন আৰু লোকসভাতো মহিলাৰ বাবে আসন সংৰক্ষিত কৰা হৈছে। অৰ্থনৈতিক দিশতো মহিলাৰ বাবে আত্মসহায়ক গোট গঠনেৰে ঋণদানৰ ব্যৱস্থা কৰা হৈছে। অনুসূচিত জাতি-জনজাতিৰ মহিলা আৰু গৰ্ভৱতী মহিলাসকলৰ বাবেও কেতবোৰ পৃথক পৃথক আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হোছে। এনেবোৰ ব্যৱস্থাই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে দেশৰ মহিলাসকলক সবলীকৰণ কৰি তুলিব বুলি বৰ্তমান প্ৰত্যয় নিয়াব পৰা অৱস্থা গঢ় লৈ উঠিছে।

মহিলা সবলীকৰণৰ বাবে ল’বলগা পদক্ষেপ

মহিলা সবলীকৰণ বা শক্তিশালীকৰণ হৈছে আজিৰ প্ৰগতিশীল দেশ আৰু সমাজৰ বাবে এক নতুন উপলব্ধি। ই পুৰণি অন্ধবিশ্বাসমুখী সমাজৰ বাবে সময়ৰ নতুন প্ৰত্যাহ্বানস্বৰূপ। এই সবলীকৰণৰ প্ৰশস্ত পথ হৈছে শিক্ষা। শিক্ষাই ব্যক্তি আৰু সমাজৰ আশানুৰূপ আৰু সময়োপযোগী পৰিৱৰ্তন আনি দিব পাৰে। ইয়াৰ বাবে প্ৰশাসনীয় ৰূপত কৰ্তৃপক্ষই গ্ৰহণ কৰিবলগা মুখ্য পদক্ষেপকেইটা নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি।

(১) অৰ্থনৈতিক পদক্ষেপ

মহিলা সবলীকৰণৰ প্ৰধান উদ্দেশ্যই হৈছে সমাজৰ দুৰ্বল শ্ৰেণীস্বৰূপে চিহ্নিত মহিলাসকলক অৰ্থনৈতিক দিশত স্বয়ংসম্পূৰ্ণ আৰু আত্মনিৰ্ভৰশীল কৰি তোলা। তেওঁলোকক অৰ্থনৈতিকভাবে পৰিয়াল আৰু দেশৰ এক কৰ্মশক্তি বা শ্ৰমিক শক্তিস্বৰূপে গণ্য কৰি মান্যতা প্ৰদান কৰা হ’ব লাগিব। অৰ্থনৈতিকভাৱে ৰাষ্ট্ৰই দিয়া স্বীকৃতিয়েহে তেওঁলোকক সামাজিক দৃষ্টিত প্ৰকৃত অৰ্থত সবলীকৰণ কৰি তুলিব পাৰে। এনে উদ্দেশ্য সাধনৰ বাবে তেওঁলোকক নিজ নিজ অঞ্চলত বেংক সেৱা আগবঢ়াব পৰা যায়। কৃষি, পশুপালন, হস্তশিল্প আদি ক্ষুদ্ৰ উদ্যোগত মহিলাসকলে বেংক সাহায্যৰ যোগে অৰ্থনৈতিক স্বাৱলম্বিতা লাভ কৰি উঠিব পাৰে। নগৰ অঞ্চলতো শিক্ষিত মহিলাসকলে কৰ্ম নিযুক্তিৰ বাবে বিজ্ঞান-প্ৰযুক্তিমূলক নতুন নতুন সম্ভাৱনীয়তা উদ্ভাৱন কৰি উঠিব পাৰে।

(২) ৰাজনৈতিক পদক্ষেপ

ৰাজনৈতিক সচেতনতা আৰু সক্ৰিয়তাৰ যোগেদিও মহিলাসকলৰ সবলীকৰণ কাৰ্যকৰী কৰি তুলিব পাৰি। এই সজাগতা আৰু সচেতনতা তেওঁলোকৰ প্ৰতি কৰি অহা বৈষম্য আৰু বিভেদতা, অন্যায়-অবিচাৰ, দমন-পীড়ন, ধৰ্ষণ-লুণ্ঠন আদি পৰিস্থিতিৰ প্ৰতি প্ৰদৰ্শন কৰিব লাগে। গণতন্ত্ৰত মহিলাসকলৰ পুৰুষৰ সমানেই ৰাষ্ট্ৰৰ প্ৰশাসন আৰু পৰিচালনাৰ দায়িত্ব আৰু কৰ্তৃত্ব থাকে আৰু তেওঁলোক নিশ্চিত ৰূপত গণতন্ত্ৰ শক্তিশালীকৰণৰ দিশত সমানেই দায়বদ্ধ- এনেবোৰ অনুভৱ প্ৰদান কৰিব লাগে। এনে উদ্দেশ্য সাধনৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ যোগে মহিলাসকলক ক্ষমতা প্ৰদানৰ কাৰ্যকৰী ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। ইয়াক সঠিক ৰূপত কাৰ্যকৰীকৰণৰ বাবে মহিলাসকলক অৱগত কৰাব লাগে।

(৩) আইনৰ পদক্ষেপ

মহিলা সবলীকৰণৰ বাবে উপযুক্ত আইনী ব্যৱস্থাও গ্ৰহণ কৰিব লাগে। মহিলাসকলক দুৰ্বল বুলি ভাবি সমাজৰ এক শ্ৰেণী অসাধু লোকে তেওঁলোকৰ প্ৰতি অন্যায়-অবিচাৰ আৰু বিবিধ অপৰাধমূলক আচৰণ প্ৰদৰ্শন কৰি আহিছে। ইয়াক ৰোধ কৰিবৰ বাবে মহিলাসকলক আইনী ব্যৱস্থাৰ প্ৰতি অৱগত কৰি তুলিব পাৰি। আইনৰ ৰক্ষক আৰু বিচাৰপতিসকলেও এই প্ৰসংগত পক্ষপাতহীন আৰু আপোচবিহীন ভূমিকা গ্ৰহণ কৰিব লাগে। সৰ্বভাৰতীয় ভিত্তিত ‘ৰাষ্ট্ৰীয় মহিলা আয়োগ’ গঠন কৰি বিভিন্ন ক্ষেত্ৰত ৰাজ্যত তাৰ শাখা স্থাপন কৰা হৈছে। আইনৰ ব্যৱস্থাৰে সতীপ্ৰথা বন্ধ কৰা হৈছে, যৌতুক লোৱা আৰু দিয়া প্ৰথা আইন বিৰুদ্ধ কৰা হৈছে, ছোৱালীকো পৈতৃক সম্পত্তিৰ অধিকাৰী কৰি তোলা হৈছে আৰু বিবাহ বিচ্ছেদ আইনৰ প্ৰয়োজনীয় সংশোধন কৰা হৈছে। এনেবোৰ ব্যৱস্থাই মহিলা সবলীকৰণৰ ক্ষেত্ৰত সামাজিক দৃশ্যপটৰ আশানুৰূপ পৰিৱৰ্তন সাধনৰ আশা কৰিব পাৰি।

লেখক: যতীন বৰুৱা, উচ্চতৰ মাধ্যমিক শিক্ষা

2.95833333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top