মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ জগত / আখৰ, বৰ্ণ ইত্যাদি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আখৰ, বৰ্ণ ইত্যাদি

আখৰ, বৰ্ণ ইত্যাদি

আখৰ

কোনো ভাষাক লিখিত ৰূপ দিবলৈ যিবোৰ চিহ্ন ব্যৱহাৰ কৰা হয় সেইবোৰেই আখৰ৷ উদাহৰণ হিচাপে অসমীয়া ভাষালিখিবলৈ ব্যৱহাৰ কৰা — অ, আ, ই, ক, খ, গ আদি চিহ্ন৷ অসমীয়া ব্যঞ্জনবৰ্ণমালাত ৪১ টা আখৰ পোৱা যায় যদিও ইয়াৰে ‘ক্ষ’ আখৰটো ‘ক’ আৰু ‘ষ’ৰ যুগ্ম ৰূপহে (ক+ষ=ক্ষ)৷

ধ্বনি

মানুহে মনৰ ভাব প্ৰকাশ কৰোঁতে উচ্চাৰণ কৰা আটাইতৈক ক্ষুদ্ৰতম খণ্ডটোৱেই হ’লধ্বনি৷ আমি কোনো কথা কওঁতেকেতবোৰ বাক্যৰ সহায়েৰে মনৰ ভাব প্ৰাকাশ কৰোঁ৷এই বাক্যবোৰ আকৌ কিছুমান শব্দ আথবা ৰূপৰ সমষ্টি৷(এটা ধ্বনিবা একাধিক ধ্বনি লগলাগি ন্যূনতম অৰ্থ প্ৰকাশ কৰিলে সেই ধ্বনি বা ধ্বনিগোটটোক ৰূপ বা আকৃতি বুলি কোৱা হয়৷ এই ৰূপসমূহ এককভাৱে বা অন্যৰূপৰ লগত লগলাগি বাক্যত ব্যৱহৃত হয়৷)একোটা শব্দ অথবা ৰূপ আকৌ কেতবোৰ ক্ষুদ্ৰক্ষুদ্ৰ অংশৰ দ্বাৰা গঠিত৷ এই ক্ষুদ্ৰ ক্ষুদ্ৰ অংশবোৰেই ধ্বনি৷ যেনে— ‘মই ভাত খাম’, এই বাক্যটোত ‘মই’, ‘ভাত’ আৰু‘খাম’— তিনিটা ৰূপ বা শব্দ আছে৷ আকৌ ‘মই’ শব্দটোত ম+অ+ই— এই তিনিটা ক্ষুদ্ৰ অংশ আছে৷ ম, অ, ই—এইবোৰেই একো একোটা ধ্বনি৷

মানুহৰ বাগ্‌-যন্ত্ৰ

মন কৰিব যে আমি শব্দ উচ্চাৰণ কৰোঁতে হাঁওফাওৰপৰা বাযুপ্ৰবাহ নিৰ্গত হয়৷ তেনে দৰেবাযু নিৰ্গতহওতে বাযুপ্ৰবাহ বিভিন্ন স্থানত বাগ্‌যন্ত্ৰৰ দ্বাৰাআংশিক বা জিসম্পূৰ্ণৰূপে বাধাপ্ৰাপ্ত হৈ ধ্বনি সৃষ্টিকৰে৷ উল্লেখ্য যে বাগ্‌যন্ত্ৰ মানে মানৱদেহৰ একনিৰ্দিষ্ট অংগ নহয়৷ ই বিভিন্ন অংগৰ সমষ্টি হে৷ অৱশ্যেকোনো কোনো ভাষাত বাহিৰৰ পৰা মুখেৰে বতাহশুহি নিও ধ্বনি সৃষ্টি কৰে, কিন্তু অসমীয়া ভাষাততেনে বাক ধ্বনি নাই৷বাগিন্দ্ৰিয়ৰ দ্বাৰা উচ্চাৰিত ধ্বনিবোৰক মূলতঃ দুটাভাগত ভাগ কৰা হয়— স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি৷ইয়াৰ উপৰি দ্বিস্বৰধ্বনি নামেৰেও এবিধ ধ্বনি আছে৷

আখৰ আৰু ধ্বনিৰ

সম্পৰ্কআখৰৰ লগত ধ্বনিৰ সম্পৰ্ক আছে৷ ধ্বনি ভাষা এটাৰকথিত ৰূপৰ লগত সম্পৰ্কিত আৰু আখৰ লিখিত ৰূপৰ লগত জড়িত৷স্বৰধ্বনিযিবোৰ ধ্বনি উচ্চাৰণ কৰোঁতে হাঁওফাঁওৰ পৰা বাহিৰলৈ অহা বাযুপ্ৰবাহ স্বৰতন্ত্ৰীৰ বাহিৰে মুখবিবৰৰ আন কোনো ঠাইতেবাধাপ্ৰাপ্ত নহয় আৰু জিভাৰ অৱস্থান আৰু ওঁঠৰ আকৃতিৰে বাযুপ্ৰবাহ নিয়ন্ত্ৰণ কৰা হয় সেইবোৰ ধ্বনিয়েই স্বৰধ্বনি৷ এনেধ্বনি কাৰোঁ সহায় নোলোৱাকৈ একে লেথাৰিয়ে উচ্চাৰণ কৰিব পাৰি৷ যেনে— অ, আ, ই, উ ইত্যাদি৷ব্যঞ্জনধ্বনিযিবোৰ ধ্বনি উচ্চাৰণ কৰোঁতে হাঁওফাঁওৰ পৰা বাহিৰলৈ অহা বাযুপ্ৰবাহ মুখবিবৰত সম্পূৰ্ণ বা আংশিকভাৱে বাধাপ্ৰাপ্ত হৈউচ্চাৰিত হয় সেইবোৰ ধ্বনিয়েই ব্যঞ্জনধ্বনি৷ এনে ধ্বনি কাৰোঁ সহায় নোলোৱাকৈ একে লেথাৰিয়ে উচ্চাৰণ কৰিবনোৱাৰি৷ অৰ্থাৎ ব্যঞ্জনধ্বনি স্বৰধ্বনি অবিহনে উচ্চাৰণ কৰিব নোৱাৰি৷ যেনে— ক(ক+অ), খ(খ+অ),গ (গ+অ), ইত্যাদি৷

দ্বিস্বৰ

ধ্বনিউশাহৰ একে টানতে দুটা স্বৰধ্বনি একেলগে উচ্চাৰণ কৰোঁতে যদি এটা অক্ষৰত পৰিণত হয়, তেতিয়া তাক দ্বিস্বৰধ্বনিবোলে৷ যেনে— আই, আউ, ইউ, এ’ই, অ’ই ইত্যাদি৷

বিশিষ্ট ধ্বনি বা বৰ্ণদুটা ধ্বনিৰ প্ৰয়োগত যদি বিৰোধ ঘটে অৰ্থাৎ অভিন্ন পৰিৱেশত এটাৰ ঠাইত আন এটা বহুৱালে যদি অৰ্থৰ পৰিৱৰ্তন ঘটে তেন্তে সেইবোৰকে বিশিষ্ট ধ্বনি বোলে৷ যেনে— কাল— ক +আ+ল, খাল— খ +আ+লইয়াৰে প্ৰথমটোত ব্যৱহূত ‘ক’ৰ ঠাইত ‘খ’ বঢ়োৱাৰ লগে লগে সম্পূৰ্ণ পৃথক অৰ্থ নিৰূপিত হ’ল৷অৰ্থাৎ ‘ক’ আৰু ‘খ’ বিশিষ্ট ধ্বনি৷বিশিষ্ট ধ্বনিৰে আন এটা নাম ‘বৰ্ণ’৷ আখৰ বৰ্ণ বা ধ্বনিৰ দৃশ্যমান প্ৰতীক৷ মন কৰিব যে অসমীয়া ভাষাত স্বৰ আৰু ব্যঞ্জনৰ তালিকাত থকা আখৰৰ তুলনাত বৰ্ণ বা বিশিষ্ট ধ্বনিৰ সংখ্যা কম৷ অসমীয়া বিশিষ্ট স্বৰ মাত্ৰ আঠটা, কিন্তু আখৰ আমি ব্যৱহাৰ কৰোঁ এঘাৰতা৷ ঠিক সেইদৰে ব্যঞ্জন বৰ্ণমালাত আছে ৪১ টা আখৰ, কিন্তু বিশিষ্ট ব্যঞ্জনধ্বনি ২৩টা, অৱশ্যে কোনো কোনো ভাষাবিদে ‘ৱ’ আৰু ‘য়’ক বাদ দি ২১টা বুলিও কয়৷

অসমীয়া বিশিষ্ট স্বৰধ্বনিঃঅসমীয়া ভাষাৰ স্বৰবৰ্ণমালাখনত ১১ টা আখৰ আছে যদিও বিশিষ্ট স্বৰধ্বনি মাত্ৰ ৮ টাহে৷ সেই কেইটা হ’ল—/অ/, /আ/, /ই/, /উ/, /এ’/, /এ/, /অ’/ আৰু /ও/৷ ইয়াত ব্যৱহাৰ কৰা ‘/ /’ চিহ্নটো বিশিষ্ট ধ্বনি বুজাবলৈ ব্যৱহাৰ কৰা হয়৷স্বৰধ্বনিৰ উচ্চাৰণত মুখবিবৰৰ জিভা আৰু ওঁঠ দুয়োটাৰে সংকোচন আৰু প্ৰসাৰণ ঘটে৷ জিভাৰ অংশ অনুসৰি স্বৰধ্বনিক সন্মুখ, কেন্দ্ৰীয় আৰু পশ্চ— এই তিনি ভাগত ভগোৱা হয়৷ জিভাৰ আগভাগ ওপৰলৈ উঠাৰ ফলত সৃষ্টি হোৱা ধ্বনিক সন্মুখ স্বৰধ্বনি, মাজভাগ ওপৰলৈ উঠাৰ ফলত সৃষ্টি হোৱা ধ্বনিক কেন্দ্ৰীয় আৰু জিভাৰ পিছভাগ ওপৰলৈ দাং খোৱাৰ ফলত সৃষ্টি হোৱা ধ্বনিক পশ্চ বা মূলীয় স্বৰধ্বনি বোলে৷ ঠিক সেইদৰে জিভাৰ উচ্চতা অনুযায়ী স্বৰধ্বনিক উচ্চ, উচ্চমধ্য, নিম্নমধ্য আৰু নিম্ন— এই চাৰিটা ভাগত ভগোৱা হয়৷ আকৌ ওঁঠৰ আকৃতিৰ সংকেচন আৰু প্ৰসাৰণ অনুসৰি বিবৃতৌষ্ঠ্য আৰু সংবৃতৌষ্ঠ্য বা কুঞ্চিত আৰু প্ৰসৃত বুলিও ভাগ কৰা হয়৷ সন্মুখ আৰু কেন্দ্ৰীয় স্বৰৰ উচ্চাৰণত ওঁঠ দুটা মেল খায় বাবে ইহঁকৰ বিবৃতৌষ্ঠ্য আৰু পশ্চ স্বৰধ্বনিৰ উচ্চাৰণত ওঁঠ দুটা গোলাকাৰ হয় বাবে ইয়াক সংবৃতৌষ্ঠ্য ধ্বনি বোলে৷ উল্লেখ্য যে স্বৰৰ অনুনাসিকতাও অসমীয়াত বিশিষ্ট ধ্বনি৷ কাৰণ একে ধ্বনিৰ সমষ্টিৰ শব্দ এটাত স্বৰধ্বনিৰ অনুনাসিকতাই অৰ্থৰ পাৰ্থক্য আনিব পাৰে৷ যেনেঃ কাহ (কাহ উঠা), কাঁহ (কাঁহৰ বাচন)৷জিভাৰ অংশ, উচ্চতা আৰু ওঁঠৰ আকৃতি অনুসৰি অসমীয়া বিশিষ্ট স্বৰধ্বনিবোৰ এনেদৰে তালিকাভুক্ত কৰিব পাৰোঁ—


ওঁঠৰ আকৃতি অনুসৰি বিবৃতৌষ্ঠ্য সংবৃতৌষ্ঠ্য
জিভাৰ অংশ অনুসৰি সন্মুখ/প্ৰান্তীয় কেন্দ্ৰীয় পশ্চ/মূলীয়

জিভাৰ

উচ্চতা

অনুসৰি

উচ্চ

উচ্চমধ্য

নিম্নমধ্য

নিম্ন

এ’




অ’

মন কৰিব অসমীয়া স্বৰ আখৰৰ তালিকাখনত সংস্কৃত ভাষাৰ আৰ্হিত বিভিন্ন আখৰ দিয়া আছে যদিও এই সকলোবোৰৰ অসমীয়া ধ্বনি গুণ নাই৷ যেনে—‘ঋ’ আখৰটো আমি ‘ৰি’ ৰূপেহে উচ্চাৰণ কৰোঁ৷ আনহাতে অসমীয়াত হ্ৰস্ব আৰু দীৰ্ঘ উচ্চাৰণো নাই৷ অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি /অ’/ আৰু /এ’/ বুজাবলৈ বেলেগ আখৰ নাই, সেয়ে /অ/ আৰু /এ/ৰ সৈতে ইয়াৰ পাৰ্থক্য ৰাখিবলৈ সাধাৰণতে উৰ্দ্ধকমা (’) এটা দি বুজোৱা হয় যদিও কিছুমানত এই চিহ্ন ব্যৱহাৰ কৰা নহয়৷ এনে শব্দত উচ্চাৰণগত পাৰ্থক্যহে ৰক্ষিত হয়৷ যেনে— দেশ (ইয়াত /এ’/বিশিষ্ট ধ্বনি আছে)/ দেখ (ইয়াত /এ/বিশিষ্ট ধ্বনি আছে);ব’ল (যাওঁ ব’ল)/বল (বল খেল)৷

লিখক: মৃণাল জ্যোতি গোস্বামী।
3.09803921569
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top