অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঔ- কুঁৱৰী

ঔ- কুঁৱৰী

এক ৰজাৰ দুজনী ৰাণী আছিল| তেওঁলোকে দুয়ো গৰ্ভৱতী হ’ল| এদিন দুয়ো ৰাণীৰ সন্তান উপজিল|  বৰ ৰাণীয়ে এটা ল’ৰা আৰু সৰু ৰাণীয়ে এটা ঔ টেঙা পালে| সৰু ৰাণীয়ে তেওঁৰ ঔ টেঙাহে এটা উপজিল দেখি বৰ বেজাৰ পাই তাক চুৱাপাতত দলিয়াই পেলাই দিলে| কিন্তু দেখা গ’ল দিনৌ ৰাণীয়ে কাম কৰিবৰ আৰু শুবৰ সময়ত সেই ঔ-টেঙাটো বাগৰি আহি ৰাণীৰ ওচৰ পায়হি| ৰাণীয়ে তাক দলিয়াই পেলালেও সি আকৌ বাগৰি ৰাণীৰ কাষ পায়হি| এদিন ঔ-টেঙাটো দুপৰীয়া মানুহ-দুনুহ নোহোৱা সময়ত বাগৰি গৈ নৈৰ ঘাট পাই তাতে অলপ ৰৈ আছিল| সেই সময়ত ৰজাৰ কোঁৱৰ এজনে সেই ঘাটৰ অলপ আওহতীয়া ঠাইতে বহি বৰশী বাই আছিল| কোঁৱৰে লক্ষ্য কৰি দেখিলে যে ঔ-টেঙাটোৰ ভিতৰৰ পৰা এজনী দীপ-লিপ সুন্দৰী কন্যা ওলাই নৈত গা ধুই উঠি, ৰুপেৰে চাৰিও দিশ উজ্জ্বল কৰি চুলিকোছা ৰ’দত শুকাই লৈ, আকৌ ঔ-টেঙাটোৰ ভিতৰত সোমাই বাগৰি মাকৰ ঘৰলৈ উভতি আহিল| ৰজাৰ ল’ৰাই কন্যাজনীৰ ৰুপ দেখি মোহ গৈ ঘাটতে বৰশী পেলাই থৈ ঘৰলৈ গুচি আহি ৰোষ ঘৰত সোমাল| ইফালে কোঁৱৰক বাপেক-মাকে নেদেখি বিচাৰি চলাথ লগাই শেহত ৰোষ ঘৰত শুই থকা পালে| কি হৈছে বুলি তেওঁলোকে কোঁৱৰক সুধিলত, কোঁৱৰে ক’লে যে “অমুকা ৰজাৰ ঘৰত এটা বাগৰি ফুৰা ঔ-টেঙা আছে, সেই ঔ-টেঙাটোৰ সৈতে মোক বিয়া দিব লাগে|” ৰজা-ৰানীয়ে প্ৰথমতে সেইটো হাঁহি উঠা অসম্ভৱ কথা বুলি কোঁৱৰক বুজাবলৈ ধৰিলে, কিন্তু কো৬ৱৰে নুশুনিলে| কোঁৱৰৰ খট বান্ধ এৰাব নোৱাৰি বাপেকে ৰজালৈ সেই বাতৰি দি ঔ-টেঙাৰে সৈতে নিজৰ কোঁৱৰৰ বিয়াৰ প্ৰস্তাৱ কৰি পঠিয়ালে| ঔ-টেঙাৰ মাক ৰাণীয়ে সেই কথা শুনি কান্দি কান্দি ক’লে যে,-“মোক কিয় এইদৰে লাজ দিব লাগিছে|” কিন্তু তেওঁ শেহত এৰাব নোৱাৰি সেই কথাত মান্তি হৈ ঔ-টেঙাটো ধুৱাই-পখলাই কোঁৱৰেৰে সৈতে তাক বিয়া দিলে| বৰ ধুম ধাম কৰি কোঁৱৰে ঔ-টেঙাক বিয়া কৰাই দোলাত তুলি আনি নিজৰ ঘৰ পোৱালেহি|

ৰজাৰ কোঁৱৰে ঔ-টেঙাৰ সৈতে একেটা শোৱনি ঘৰতে থাকিল| ৰাতি কোঁৱৰে খাবলৈ মাকে যি ভাত পঠিয়াই দিয়ে তাৰ এভাগ কোঁৱৰে খায় আৰু এভাগ থৈ দি শুই থাকে| কিন্তু কোঁৱৰৰ টোপনি আহিলেই ঔ-টেঙাটোৰ ভিতৰৰ পৰা কন্যাজনী ওলাই সেই ভাতগাল খাই আকৌ ঔ-টেঙাৰ ভিতৰত সোমাই থাকে| দিনৌ কোঁৱৰে টোপনিৰ পৰা উঠি সেই থৈ দিয়া ভাত নেদেখি আচৰিত মানে| কোঁৱৰে ইয়াৰ কাৰণ বুজিব নোৱাৰি সদায় দুখ কৰি আমন-জিমনকৈ বহি থাকে| এদিন এজনী মগনীয়া বুঢ়ী কোঁৱৰৰ ওচৰত চাউল মাগিবলৈ আহিছিল| বুঢ়ীয়ে কোঁৱৰক আমন-জিমনকৈ বহি থকা দেখি সুধিলে, “বোপা তুমি দেখোন মন মাৰি বহি আছা? তুমি বিয়া কৰিলা কিন্তু ক’তা আমি দেখোন বোৱাৰিক দেখা পোৱা নাই?” বুঢ়ীৰ কথা শুনি কোঁৱৰে আগৰ পৰা গুৰিলৈকে তাইক সকলো কথা ভাঙি ক’লত বুঢ়ীয়ে মাত লগালে “বোপা ঔ-টেঙাটোৰ ভিতৰতে ভিতৰতে তোমাৰ কুঁৱৰী আছে; শোৱনী ঘৰৰ ভিতৰত একুৰা তুঁহজুই ধৰি থবা আৰু দৈ গাখীৰ আঠিয়া কল ফেনেকি মিহলাই ওচৰতে এটা বাটিত থৈ দিবা| তুমি শোৱাৰ শুৱাপাটীত টোপনি অহাৰ ভাও জুৰি নাক ঘোৰ্ঘোৰাই থাকিবা| তোমাৰ টোপনি আহিছে বুলি ভাবি যেতিয়া সেই ঔ-টেঙাটোৰ পৰা ছোৱালী জনী ওলাই ভাত খাবলৈ বহিব তেতিয়া তুমি ততালিকে উঠি সেই ঔ-টেঙাটো তুঁহজুইত দি পুৰি পেলাবা| কিন্তু তেতিয়া দেখিবা যে ছোৱালীজনী ঠাঁচ কৰি মাটিত পৰি গৈছে| তেতিয়াই লৰালৰিকৈ  সেই বাটিৰ পৰা দৈ গাখীৰ আৰু আঠিয়া কল আনি তাইৰ মুৰত ভৰণ দিবা; দিলেই তাই জ্ঞান পাই উঠি বহিব|” বুঢ়ীৰ বুধি শুনি কোঁৱৰে  ৰং পাই তাইক বটা দি বিদায় দিলে; আৰু ৰাতি সেই বুঢ়ীৰ কথামতেই কৰি ঔ-কুঁৱৰীক লাভ কৰিলে|

কোঁৱৰৰ বাপেক-মাকে পিছদিনা পুৱা এই ঘটনা শুনি আৰু বোৱাৰিয়েকক দেখি তেওঁলোকৰ মনত আনন্দই নধৰা হ’ল| বিয়ৈ-বিয়নী ৰজা ৰাণীয়ে এই বাতৰি তেওঁলোকে কৈ পঠিয়ালত তেওঁলোকৰ মনত মহা ৰং মিলিল আৰু আকৌ তেওঁলোকে মহা পয়োভৰেৰে জীয়েক ঔ-কুঁৱৰীক কোঁৱৰলৈ বিয়া দিলে|

লেখক: লক্ষ্মীনাথ বেজবৰুৱা

উৎস: বুঢ়ী আইৰ সাধু

শেহতীয়া উন্নীতকৰণ: : 4/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate