অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নুমলীয়া পো

নুমলীয়া পো

এহাল বুঢ়া-বুঢ়ী আছিল| বুঢ়া কালত সিহঁতৰ এটা ল’ৰা হ’ল| বুঢ়াই গুণি-ভাবি পুতেকৰ নাম কি থব বিচাৰি নাপাই, গণকৰ হতুৱাই নাম চোৱাবলৈ এজন গণকৰ ঘৰলৈ গ’ল| গণকে বুঢ়াক সুধি-পুচি, তাৰ বুঢ়া কালত হোৱা আৰু একেবাৰেই নুমলীয়া দেখি ল’ৰাৰ নাম নোমল দিলে|

বুঢ়াই গণকক পানী-গামোছা এখন আৰু এটা চৰতীয়া দি নামটো লৈ ঘৰলৈ উভতিল| বাটত আহোঁতে বুঢ়াই কেনেবাকৈ নামটো পাহৰে বুলি “নোমল” “নোমল” কৈ ৰিঙিয়াই আহিছিল| আহোঁতে আহোঁতে লাহে লাহে তাৰ ভুল হৈ নোমলৰ ঠাইত “নেমেল” “নেমেল” ওলাবলৈ ধৰিলে| সি যাওঁতে এখন নৈৰ পাৰেদি গৈছিল| সেই নৈতে এজন সদাগৰে নাও বান্ধি আছিল| বুঢ়া আহি সদাগৰৰ নাৱৰ ওচৰাউচৰি পাওঁতেই সদাগৰে তেওঁৰ নাওখন মেলিবলৈ নাৱৰীয়াহঁতক হুকুম দিলে| নাৱৰীয়াহঁতে নাৱৰ গোজ উভালি নাওখন মেলিবলৈ ধৰোতেই “নেমেল” “নেমেল” কৈ ৰিঙিয়াই যোৱা বুঢ়াৰ মাত শুনি সদাগৰক ক’লে, “দেউতা, কৰবাৰ বুঢ়া এটাই আমাক নাও মেলিবলৈ হাক দিছে|” নাৱৰীয়াহঁতৰ কথা শুনি সদাগৰে বুঢ়াক মতাই নি, সি কিয় নাও মেলিবলৈ হাক দিছে সুধিলে; বুঢ়াই সদাগৰৰ কথাৰ উত্তৰ দিবলৈ গ’লে কিজানি সিপালে নামটো পাহৰি যায় ইয়াকে ভাবি কোনো উত্তৰ নিদি, মাথোন বাৰে বাৰে “নেমেল” “নেমেল” কৰিবলৈ ধৰিলে| সদাগৰৰ খং উঠিল-“উস্‌ কটা| ইমান দিন ইয়াতে থাকি আজি দিনবাৰ চাই নাওখন মেলিবলৈ হুকুম দিলো আপদীয়া এইটোৱে ক’ৰবাৰ পৰা আহি মোৰ শুভ-যাত্ৰাত বিঘিনি জন্মালে| কটা ধৰ ইয়াক|” এই বুলি সদাগৰে নাৱৰীয়াহঁতক লগাই দি বুঢ়াক ভালকৈ এপিটা দিয়ালে| মাৰ খাই বুঢ়াই নেমেল বুলিবলৈ পাহৰি “নহবৰ হ’ল”, “নহবৰ হ’ল” বুলিবলৈ ধৰিলে| বুঢ়াই “নহবৰ হ’ল” কৈ গৈ আছে, এনেতে সেই বাটেদিয়েই ভালকৈ সাজ-পাৰ পিন্ধি যোৱা মানুহ এটাক সি লগ পালে| মানুহটোৱে বুঢ়াৰ সেই “নহবৰ হ’ল” কথাটো শুনি ভাবিলে সি ভালকৈ ধুন-পেচ মাৰি সাজ-পাৰ পিন্ধি আহিছে দেখিহে বুঢ়াই তাক সেইদৰে হাঁহিছে| ইয়াকে ভাবি সি তাৰ হাতৰ লাখুটি ডালেৰে বুঢ়াক মাৰ চেৰেক মাৰিলে| বুঢ়াই মাৰ খাই সেই “নহবৰ হ’ল” কথাষাৰো পাহৰি “সিটোতকৈ ইটোহে চৰা” বুলি যাবলৈ ধৰিলে| এনেতে বুঢ়াৰ আগেদিয়েই দুটা গৰলীয়া মানুহ গৈছিল; সিহঁতে ভাবিলে বুঢ়াই সিহঁতৰ গৰল দেখি সেইদৰে সিহঁতক হাঁহিছে| ইয়াকে ভাবি খং উঠি সিহঁত দুয়ো বুঢ়াক গুৰুলা গুৰুলকৈ কিলালে| কিল খাই বুঢ়াই চুচুৰি-বাগৰি কোনোমতে ঘৰ পালেগৈ| ঘৰ পাই সি তাৰ বুঢ়ীক বিপদৰ কথা ভাঙি ক’লত বুঢ়ীয়ে বেজাৰ কৰি বুঢ়াক সুধিলে, বাৰু যি হ’ল হ’ল, এতিয়া গণকে দিয়া নামটো কি কোৱাচোন?” বুঢ়াই ক’লে,-“কিলৰ তাপত মোৰ মনৰ পৰা নাম-কাম সোপাই পলাই গ’ল; মই নামটো পাহৰিলো|”

বুঢ়াৰ কথা শুনি বুঢ়ীয়ে ক’লে, “পাহৰিলা যদি পাহৰিলা, কি কৰিম| ল’ৰাৰ নাম থোৱা হ’ল আৰু; এতিয়া আমাৰ মাটিডৰা ৰুবৰ কাৰবাৰ কৰা| বাৰীৰ চুকৰে মাটিডৰা নুমলীয়াকৈ ৰুবলৈ কঠিয়া পাৰাগৈ যোৱা|” “নুমলীয়াকৈ” কথাটো শুনিয়েই বুঢ়াৰ পুতেকৰ নামটো মনত পৰিল| বুঢ়াই তেতিয়াই খঙত একোনাই হৈ বুঢ়ীক ক’লে,-“হয়, তয়েই যদি মোৰ ল’ৰাৰ নামটো জান, তেন্তে মোক কিয় ইমানখন মাৰ-কিল খুৱালি?” এই বুলিয়েই বুঢ়াই ঘৈণীয়েকৰ পিঠিত ঔ পাৰিলে|

ইয়াৰ পিচত বুঢ়া-বুঢ়ীয়ে পুতেকৰ নাম নোমল দি খাই-বৈ থাকিল| আমি ঘৰলৈ গুচি আহিলো|

লেখক:-  লক্ষ্মীনাথ বেজবৰুৱা

উৎস:- বুঢ়ী আইৰ সাধু

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate