মূল পৃষ্ঠা / শিক্ষা / শিক্ষকসকলৰ ক্ষেত্ৰ / আমাৰ শিক্ষা-ব্যৱস্থা সম্পৰ্কীয় পাঁচটা প্ৰসংগ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমাৰ শিক্ষা-ব্যৱস্থা সম্পৰ্কীয় পাঁচটা প্ৰসংগ

আপোনাৰ দৃষ্টিত আমাৰ দেশৰ বা ৰাজ্যৰ শিক্ষা-ব্যৱস্থাত থকা কেইটিমান আসোঁৱাহ কি কি?

 

২) ৰাজ্যত বহুকেইখন বিশ্ববিদ্যালয় যোৱা প্ৰায় সাত বছৰৰ ভিতৰত গঢ়ি উঠিছে, কিন্তু ভালে সংখ্যক বিশ্ববিদ্যালয় আৰু প্ৰায় সংখ্যক মহাবিদ্যালয়ৰ প্ৰায়বোৰ বিভাগতে বহুকেইটাকৈ পদ খালি হৈ থকা দেখা গৈছে। সেইসমূহত “গেষ্ট ফেকাল্টি” হিচাপে কিছু অনভিজ্ঞ ছাত্ৰ-ছাত্ৰী কৰ্মৰত অৱস্থাত ৰখা হয়। এই “গেষ্ট ফেকাল্টি”ৰ ব্যৱস্থাটোৱে আমাৰ শিক্ষা-ব্যৱস্থাটোলৈ ধ্বংস মাতি অনা নাইনে?

৩) মুক্ত বিশ্ববিদ্যালয় বুলি ক’লে সবৰে সমুখত এটাই কথা স্পষ্ট যে নকলৰ অঘোষিত স্বীকৃতি। সুবিধাবাদীসকলে এটা ধাৰণা দিয়ে যে, তাৰ ছাত্ৰ-ছাত্ৰীসকলে তাৰ পৰা লোৱা ডিগ্ৰীটোৰে একো কাম নকৰে, কেৱল আত্মবিশ্বাস অৰ্জন কৰাৰ বাবেহে তেওঁলোকে তাৰ পৰা ডিগ্ৰী ল’বলৈ যায়, গতিকে তেওঁলোকক অলপ সুবিধা দিব লাগে। কিন্তু, তেওঁলোকে উল্লেখ কৰা কাৰকটোও প্ৰকৃততে সঁচা নহয়। অপ্ৰিয় হ’লেও সত্য যে আমাৰ বিদ্যালয় পৰ্যায়ত থকা অলেখ শিক্ষক সম্পূৰ্ণৰূপে অসৎ ব্যক্তি। আৰু তেওঁলোকেই ক্ষমতা লাভৰ বাবে এনে ডিগ্ৰী লৈ সহকাৰী শিক্ষকৰ পৰা প্ৰধান শিক্ষকৰ পৰ্যায়লৈ যাবলৈ চেষ্টা অব্যহত ৰাখে। শিক্ষাদান বা পঢ়া-শুনাৰ প্ৰতি সামান্যও আগ্ৰহ নথকা এই তথাকঠিত শিক্ষকসকলে সমাজত অতিশয় অনিষ্ট কৰি থকা নাই নে? আৰু ইয়াত এই মুক্ত বিশ্ববিদ্যালয় ব্যৱস্থাটোৱে অৰিহণা যোগাই থকা নাই নে? এই ক্ষেত্ৰত আপোনাৰ মতামত কি?

৪) Internal assessment ৰ ব্যৱস্থা যোৱা কেইবছৰমানৰ পূৰ্বে আমাৰ মহাবিদ্যালয়বোৰত প্ৰচলন কৰাৰ লগে লগে পূৰ্বতকৈ কম আয়াসতে ছাত্ৰ-ছাত্ৰীয়ে অধিক নম্বৰ লাভ কৰিব পৰা হ’ল, আৰু পূৰ্বৰ তুলনাত কোনো কোনো বিভাগত দহগুণ পৰ্যন্ত বেছি ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হ’বলৈ ধৰিলে। ইয়াৰ ফলত প্ৰথম শ্ৰেণী লাভ কৰি উত্তীৰ্ণ হৈয়ো অলেখ ছাত্ৰ-ছাত্ৰীয়ে স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্ত্তি কৰিবলৈ সুবিধা নোপোৱা হ’ল। এই পৰিঘটনাটোৰ ওপৰত আপোনাৰ মন্তব্য কি?

৫) আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰায়ভাগৰে স্বাধীন চিন্তাৰ সামৰ্থ্য, পৰিচালনাৰ দক্ষতা, দলীয় কাম কৰাৰ মনোবৃত্তি গঢ়ি উঠা দেখা নাযায়। আন কোনো ক্ষেত্ৰত তীক্ষ্ণ হোৱাৰ পাছতো এইবোৰৰ অভাৱৰ বাবেই, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সাক্ষাৎকাৰসমূহত সাধাৰণতে অধিক সংখ্যকেই বিফলতাৰ মুখামুখি হোৱা দেখা যায়। তেওঁলোকে নিজৰ আয়ত্বত থকা বিদ্যাৰে পিছলৈ জীৱিকা অৰ্জন কৰিব পাৰেগৈ যদিও প্ৰায়ভাগৰে সেই গুণসমূহ আয়ত্বলৈ আহিবলৈ নাপায় বাবেই তেওঁলোকৰ কাম-কাজ তথা ব্যক্তিত্বত খুঁট ৰৈ যোৱা যেন হয়। ইয়াৰ প্ৰভাৱ উত্তৰ প্ৰজন্মলৈয়ো বিয়পি গৈ থাকে। ছাত্ৰ-ছাত্ৰীয়ে সেই গুণসমূহৰ শিক্ষা পাবলৈ কি কৰা উচিত বুলি আপুনি ভাবে? সেইসমূহৰ গুৰুত্ব বুজি পাবলৈ কি কৰা উচিত?

কেইজনমান বিশিষ্ট ব্যক্তিৰ মতামত-

 

অৰুণজ্যোতি দাস:


১) চৰকাৰী বিদ্যালয়সমূহত ইংৰাজী শিক্ষাক গুৰুত্ব দিব লাগে। একোজনকৈ পাকৈত শিক্ষকত কেৱল এই বাবেই নিযুক্তি দিব লাগে। ইয়াৰ বাবে নতুন পাঠ্যক্ৰম যুগুতাব লাগে।

২) গেষ্ট ফেকাল্টি ব্যৱস্থাটো বাধ্যত পৰিহে চাগৈ কৰা হয়। তাতকৈ গুৰুত্ব দিব লগীয়া কথাটো হৈছে প্ৰকৃত মেধাসম্পন্ন শিক্ষকৰ নিযুক্তি।

৩) মুক্ত বিশ্ববিদ্যালয়ৰ ধাৰণাটোআচলতে যি উদ্দেশ্যে চৰকাৰে হাতত লয়, সেয়া অলপ আলোচনা কৰিবলগীয়া বিষয়। আজিকালিৰ সময়ত বহু ল’ৰা-ছোৱালীয়ে আৰ্থিক অসুবিধা বা কামৰ বাবে সময়ৰ অভাৱত পৰিও যাতে উচ্চ শিক্ষাৰ পৰা বঞ্চিত নহয়, সেই উদ্দেশ্যে এই বিশ্ববিদ্যালয়বোৰ স্থাপন কৰা হয়। কিন্তু তাৰ মান্যতা অন্য সকলো বিশ্ববিদ্যালয়ৰ সমান নহ’লেও নহ’ব। গতিকে বহুতেই এই সুবিধাবোৰ লৈছে। আচলতে মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰোতে চাব লাগে যে প্ৰাৰ্থীগৰাকীৰ বাবে পাঠ্যক্ৰমটোৰ প্ৰয়োজনীয়তা কিমান। বৰ বেছি প্ৰয়োজন নহ’লে তেনে প্ৰাৰ্থীক নামভৰ্তি কৰিবলৈ দিব নালাগে।

৪) Internal Assessment ব্যৱস্থাটো উঠাই দি কেৱল লিখিত পৰীক্ষাৰ ভিত্তিত নম্বৰ দিলেহে সধিক মূল্যায়ণ হ’ব। একে ধৰণে মৌখিক সাক্ষাৎকাৰটোৰ বাবেই APSC ৰ দৰে পৰীক্ষাবোৰত ঘোঁচ দিয়া-লোৱা হ’বলৈ সুবিধা পাইছে। এইবোৰ থাকিবই নালাগে। এনে Assessment ত ভাল লগা ছাত্ৰ-ছাত্ৰীকহে অধ্যাপকে নম্বৰ সৰহকৈ দিয়ে।

৫) এই বিষয়ে কোনো NGO ই বিনামূলীয়া প্ৰশিক্ষণ নিদিলে আমাৰ অসমীয়া ল’ৰা-ছোৱালী তথা অভিভাৱকে নিজে নিজে অনুভৱ কৰিব পাৰিব বুলি আমাৰ মনে নধৰে।

মনোজ মন কলিতা:
১) কোনো এটা শিক্ষা ব্যৱস্থাৰ মূল স্তম্ভ হৈছে ইয়াৰ প্ৰাথমিক শিক্ষা পদ্ধতি। উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ দেশ তথা ৰাজ্য আন বহু দেশতকৈ বহু গুণে ভাল বুলি ক’ব লাগিব। কিন্তু আমাৰ বুনিয়াদী শিক্ষা তেনেই পুতৌ লগা ধৰণৰ। বছৰ বছৰ ধৰি সেই একেবোৰেই শিক্ষা, সেই একেখিনিকেই সৰু ল’ৰা ছোৱালীবোৰে পঢ়ি আহিছে। আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলে যিমান গুৰুত্ব দিয়ে প্ৰাথমিক স্তৰৰ প্ৰায়বোৰে মাথো জীৱিকা হিচাপে লয় শিক্ষকতা। এইটোৱেই আমাৰ দেশ তথা ৰাজ্যৰ শিক্ষা ব্যৱস্থাত থকা ডাঙৰ কেৰোণ। আৰু এটা কথা মই ক’ব বিচাৰিম যে কলেজ পৰ্য্যায়ৰ পৰাই গৱেষণাত গুৰুত্ব দিয়াতো উচিত। কেৱল মাথো ৰুটিন্ প্ৰেক্টিকেলে একো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে।

২) গেষ্ট ফেকাল্টিৰ কথাটো দুটা ভাগত ভগাব পাৰি, এটা বেয়া দিশ আৰু আনটো ভাল দিশ। ভাল কথাটো এয়ে যে বহু ছাত্ৰ-ছাত্ৰীয়ে সংস্থাপন লাভ কৰিছে আৰু তেওঁলোকে পঢ়ি অহা বিষয়বোৰ অনুশীলন কৰিব পাৰিছে আৰু পাছত NET, GATE ইত্যাদি পৰীক্ষাত ভাল ফল দেখুৱাব পাৰিছে। কিন্তু বেয়া দিশটো হৈছে যে এই পোষ্টসমূহ খালী হৈ থকাৰ বাবে কোনো স্থায়ী লাভ পোৱাৰ পৰা শিক্ষা ব্যৱস্থা বিৰত থাকিবলগীয়া হৈছে। এজন স্থায়ী অধ্যাপকে যিখিনি দিব পাৰিব অস্থায়ী অথবা গেষ্ট ফেকাল্টি এজনে সেইখিনি দিব নোৱাৰে।

৩) এই বিষয়ত মোৰ সিমান এটা অভিজ্ঞতা নাই।

৪) এইটো কথা ঠিক, মই এইটো কথা মানো। কিন্তু Internal assessment উঠাই দিলেও বহুতৰ ক্ষতি সাধন হ’ব। কিয়নো এনে বহু ছাত্ৰ থাকে যি গুণী কিন্তু পৰীক্ষাত ভাল ফল দেখুৱাব পৰা নাই কোনো কাৰণত, তেনে ছাত্ৰক এনে নম্বৰে সহায় কৰে আগুৱাই যোৱাত আৰু পাছলৈ ভাল ফল দেখুৱায়। যিবোৰ ছাত্ৰই আয়াসতে এনে নম্বৰ পায়, কিন্তু তেওঁৰ তেনে অৰ্হতাই নাই, পাছলৈ তেওঁ ভাল ফল দেখুৱাব নোৱাৰি ৰৈ যাবই লাগিব কিয়নো এনে সুবিধা সকলোতে নাপায় তেওঁলোকে।

৫) এইটো কথা শুদ্ধ, কেৱল কিতাপৰ বিদ্যাৰে এজন ব্যক্তি সফল হোৱাৰ উদাহৰণ খুব কমেইহে দেখা যায়। এইটো বিষয়ত প্ৰাথমিক স্তৰতেই শিক্ষক তথা অভিভাৱকে গুৰুত্ব দিব লাগিব। পঢ়াৰ বাদেও আন কোনো বিষয়ত পাৰ্গত হ’লে ছাত্ৰজনৰ আত্মবিশ্বাস বাঢ়ে।

প্ৰতিম প্ৰতাপ বৰুৱা:
১) প্ৰধান অসোঁৱাহ চৰকাৰী বিদ্যালয়সমূহৰ পুতৌ লগা অৱস্থা। আজিকালি সৰহ সংখ্যক অভিভাৱকে চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত নিজৰ সন্তানক নামভৰ্ত্তি কৰিবলৈ কিয় আগ্ৰহী নহয়, বেছিভাগ চৰকাৰী বিদ্যালয় কেনেকৈ চলে, সেই বিদ্যালয়সমূহত শিক্ষাৰ পৰিবেশ কেনেকুৱা, তাত ইংৰাজী ভাষাটো ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ শিকোৱা হয়, সমগ্ৰ অসমৰ কিমানখন চৰকাৰী বিদ্যালয়ত প্ৰকৃতাৰ্থত ইংৰাজী ভাষাৰ বিশেষজ্ঞ শিক্ষক-শিক্ষয়িত্ৰী আছে — এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি এটা ক্ষেত্ৰভিত্তিক অনুসন্ধান চলালেই প্ৰকৃত ছবিখন ওলাই পৰিব।

২) গেষ্ট ফেকাল্টীৰ নামত কিছু অনভিজ্ঞ ছাত্ৰ-ছাত্ৰীৰ হতুৱাই শিক্ষাদান কৰোৱা ব্যৱস্থাটো সমৰ্থনযোগ্য নহয়। শিক্ষাদান আৰু শিক্ষাগ্ৰহণ – এই দুয়োটা কামত আপোচ কৰিব নোৱাৰি। বিশ্ববিদ্যালয় পৰ্য্যায়ততো একেবাৰে নোৱাৰি।

৩) মুক্ত বিশ্ববিদ্যালয় কিছুমানত এনেধৰণৰ কাণ্ড হয় আৰু সেইবোৰত বিশ্ববিদ্যালয়খনৰ শিক্ষকসকলেই সহায়-সমৰ্থন কৰে বুলি এটা অভিযোগ বহুদিনৰে পৰা শুনি আছো। কিন্তু আমাৰ ভাৰতীয় শিক্ষা-ব্যৱস্থাটোলৈ মুক্ত বিশ্ববিদ্যালয়বিলাকৰ যিটো অৱদান সেইটো অস্বীকাৰ কৰিব নোৱাৰি। এটা উদাহৰণ দিব পাৰি – বহুতে নাজানে যে ভাৰতৰ কেইবাখনো কাৰাগাৰত কেইখনমান মুক্ত বিদ্যালয় (national open school) আৰু মুক্ত বিশ্ববিদ্যালয়ে জেলৰ কয়দীসকলক প্ৰাথমিক পৰ্য্যায়ৰ পৰা স্নাতকোত্তৰ পৰ্য্যায়লৈকে শিক্ষিত কৰি তুলিছে আৰু এই শিক্ষাই এজন নিৰক্ষৰ অপৰাধীক শিক্ষিত কয়েদীলৈ ৰূপান্তৰিত কৰিছে যাৰ ফলত জেলৰ পৰা ওলাই আহি সেই মানুহজনে নিজকে সংস্থাপিত কৰি অপৰাধজগতখনৰ পৰা আঁতৰি আহিছে।

৪) Internal assessment ৰ ফলত অযোগ্য ছাত্ৰ-ছাত্ৰীয়েও তেওঁলোকৰ যোগ্যতাতকৈ বেছি নম্বৰ পাব পৰা হ’ল। কেনেকৈ হ’ল? ওপৰৰ এটা মন্তব্যত কোৱাৰ দৰে Internal assessment ৰ নামত শিক্ষকসকলে যদি নিজৰ ভাল লগা ছাত্ৰ-ছাত্ৰীক নম্বৰ বেছিকৈ দিয়ে বা ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন উপায় অৱলম্বন কৰি শিক্ষকসকলৰ পৰা কেইটামান নম্বৰ বেছিকৈ আদায় কৰিবলৈ (অপ) চেষ্টা কৰে আৰু তাত সফল হয়, তেন্তে এই Internal assessment ৰ কোনো মূল্য নাই।

৫) ছাত্ৰ-ছাত্ৰীসকলে কম বয়সতে নিজৰ ভবিষ্যতৰ বিষয়ে এটা সুস্থিৰ সিদ্ধান্ত লৈ সেইমতে নিজকে কঠোৰভাৱে প্ৰস্তুত কৰিব লাগে। একাদশ মানত নাম লগোৱাৰ লগে লগে বিদ্যালয়ৰ পাঠ্যক্ৰমৰ কাষে কাষে ভবিষ্যতে সন্মুখীন হ’বলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ প্ৰস্তুতি চলোৱা কামটো আৰম্ভ কৰিব লাগে। এই ক্ষেত্ৰত বিহাৰ, উত্তৰ-প্ৰদেশ, হাৰিয়ানা, দিল্লী, অন্ধ্ৰপ্ৰদেশ আদি ঠাইৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট আগবঢ়া। আচলতে এই বিষয়টোৰ উত্তৰ ইমান চমুকৈ দিবলৈ অসুবিধা পাইছো। ইয়াৰ ওপৰত বিস্তৃত আলোচনাৰ প্ৰয়োজন আছে।

বিকাশ শইকীয়া:
১) মই ভাৱো যে আমাৰ শিক্ষা ব্যৱস্থাত ছাত্ৰ বা ছাত্ৰী এজনে কোনো সুনিৰ্দিষ্ট লক্ষ্য বিচাৰি নাপায়। বহুতৰ লগত এনেকুৱা হয় যে বেলেগে পঢ়ি আছে, গতিকে ময়ো পঢ়ি আছো। আৰু শেষত গৈ যিটো লক্ষ্যত উপনীত হয়গৈ, সেইটো সামাজিক সফলতাৰ সলনি ব্যক্তিগত সফলতা হৈ পৰেগৈ।

২) গেষ্ট ফেকাল্টিৰ ভাল আৰু বেয়া দিশ দুয়োটাই আছে। গেষ্ট ফেকাল্টিজন সাধাৰণতে নতুন আৰু অনভিজ্ঞ হয় যদিও তেওঁলোক বিষয়টোৰ সাম্প্ৰতিক ঘটনাবোৰৰ লগত ‘আপ টু দেট’ হৈ থাকে আৰু বহুতেই প্ৰচলিত পদ্ধতিৰ সলনি কিবা এটা নতুন কৰাৰ চেষ্টা কৰে। যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ অলপ হ’লেও লাভ হয়। অৱশ্যে এজন ভাল গেষ্ট ফেকাল্টি কেইমাহমানৰ বাবেহে থাকে যিটো এটা ঋণাত্মক কথা। বহুত ক্ষেত্ৰত দেখা পোৱা যায় যে কাইলৈ মোৰ ক্লাছটো লৈ দিবাচোন বুলি কৈ গেষ্ট ফেকাল্টিৰ ওপৰত স্থায়ী ফেকাল্টিৰ দ্বাৰা বোজা জাপি দিয়া হয়।

৩) মুক্ত বিশ্ববিদ্যালয় ব্যৱস্থাটোৰ প্ৰচলনৰ উদ্দেশ্য ভাল। যিসকলে বিভিন্ন অসুবিধাৰ বাবে বিশ্ববিদ্যালয়ৰ ন্যূনতম উপস্থিতিৰ শতাংশ পুৰণ কৰিব নোৱাৰে তেওঁলোক মুক্ত বিশ্ববিদ্যালয় ব্যৱস্থাই পঢ়াৰ সুবিধা দিছে। হয়তো কিছুমান মানুহে তাৰপৰা অন্যায়ভাৱে লাভ আদায় কৰি আছে। (কিন্তু তেনে মানুহে সকলো ব্যৱস্থাৰপৰাই অন্যায় লাভ আদায় কৰি আছে।)

৪) আমাৰ পদ্ধতিত Internal assessment এটা বাজে কাৰবাৰ। শুদ্ধ মুল্যায়ণ কোনেও নকৰে। বেছিভাগ ক্ষেত্ৰতে ইণ্টাৰনেলত নম্বৰ পাবলৈ হ’লে যিমানেই আমনিদায়ক নহওক, ক্লাছত চেহেৰা দেখুৱাব লাগিব, এচেচাৰক আহুকালত পেলোৱা প্ৰশ্ন সোধাৰপৰা নিজকে বাৰণ কৰিব লাগিব আৰু সকলো কথাতে হয় ছাৰ বুলিব পাৰিব লাগিব।
(মোৰ নিজৰে প্ৰেক্টিকেল পৰীক্ষাৰ নম্বৰৰ ক্ষেত্ৰত ফ্ৰাষ্ট হেন্ড অভিজ্ঞতা আছে।)

৫) সৰুৰে পৰা ল’ৰা-ছোৱালীক দলগতভাৱে কাম কৰিবলৈ উৎসাহ যোগালে পাছলৈ তেওঁলোকৰ ব্যক্তিত্ব যথেষ্ঠ উন্নত হয়গৈ। শিক্ষানুষ্ঠানবোৰত সক্ৰিয় কেৰিয়াৰ কাউঞ্চেলিং চেল থাকিব লাগে য’ত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰতিভা অনুসৰি কি কৰা উচিত হ’ব তাৰ সু দিহা-পৰামৰ্শ পাব পাৰে।

মানসী গোস্বামী:
১) বুনিয়াদী শিক্ষা ব্যৱস্থাত থকা খুঁতবোৰ যেনে— শিশু-কিশোৰক যেনে-তেনে পৰীক্ষাত পাছ কৰাই দিয়াৰ ক্ষতিকৰ প্ৰৱণতা, বিষয় এটা বুজি পোৱাতকৈ পৰীক্ষাত অধিক নম্বৰ লাভ কৰাটোহে ভাল বুলি সৃষ্টি কৰা ধাৰণাটো, ইংৰাজী শিক্ষণ পদ্ধতিৰ দুৰ্বলতা, হাতে-কামে এটা বিষয় ছাত্ৰ-ছাত্ৰীয়ে কিদৰে শিকিব পাৰে সেইক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰা, ছাত্ৰ-ছাত্ৰীৰ মনৰ অনুসন্ধিৎসা আৰু কৌতুহল নিবাৰণ কৰিব পৰাকৈ শিক্ষাব্যৱস্থাত কোনো উদ্ভাৱনী পদ্ধতিৰ ব্যৱস্থা নথকা, অনভিজ্ঞ আৰু বহুসময়ত প্ৰয়োজনীয় জ্ঞান নথকা শিক্ষকৰ দ্বাৰা বুনিয়াদী পৰ্যায়ৰ শিক্ষাদান; উচ্চ শিক্ষাৰ ক্ষেত্ৰতো পৰীক্ষাত অধিক নম্বৰ লাভ কৰাটোকে দিয়া গুৰুত্ব, গতানুগতিক, বৈচিত্ৰ্যহীন শিক্ষাদানৰ পদ্ধতি, ব্যৱহাৰিক দক্ষতা বৃদ্ধিৰ ব্যৱস্থা নথকা ইত্যাদি।

২) এইক্ষেত্ৰত একেষাৰে বেয়া হৈছে বুলি নকওঁ। কাৰণ প্ৰথম কথা স্থায়ী পদত হ’লেও নতুনকৈ হোৱা নিযুক্তিত শিক্ষক একোজন অনভিজ্ঞই হ’ব। দক্ষতাৰ ভিত্তিত নিযুক্তি দিওঁতে সেয়ে একোজন শিক্ষকৰ শিক্ষাদানৰ মানদণ্ড কেনে সেই বিষয়ে পৰীক্ষা কৰাৰ দৰকাৰ; সেয়া স্থায়ী পদেই হওঁক বা অস্থায়ী পদেই হওঁক। অন্যহাতে বহুসময়ত নতুন, কম বয়সীয়া শিক্ষকে ছাত্ৰ-ছাত্ৰীক পঢ়াওঁতে যিখিনি কষ্ট কৰে, সেয়া তথাকথিত অভিজ্ঞ বয়সস্থ শিক্ষকে নকৰে বুলি ব্যক্তিগত অভিজ্ঞতাৰ পৰাই আমি ক’ম। উপযুক্ত, ডায়নামিক তথা আগ্ৰহী একোজন নতুন শিক্ষকে বৰঞ্চ ন-ন প্ৰযুক্তিৰ ব্যৱহাৰ কৰি শিক্ষাদান প্ৰক্ৰিয়াক অধিক আকৰ্ষণীয় কৰি তোলাৰ সম্ভাৱনা থাকে। কিন্তু সাধাৰণতে গেষ্ট ফেকাল্টী বা অস্থায়ী শিক্ষকসকলৰ নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত থকা অনিশ্চয়তাৰ বাবে বহুসময়ত তেওঁলোকে নিজৰ বাবে স্থায়ী কৰ্মসংস্থান এটা বিচৰাৰ তাগিদাটো থাকে বাবে কেতিয়াবা সি শিক্ষাদান প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰাৰ সম্ভাৱনাও নথকা নহয়। সেইদৰে বছৰৰ পাছত বছৰ অস্থায়ী শিক্ষকেৰে কাম চলোৱাতকৈ স্থায়ী সমাধান এটা কৰাটোও নিশ্চয় দৰকাৰী।

৩) বিদ্যালয় পৰ্যায় বুলিয়ে নহয়, মহাবিদ্যালয়-বিশ্ববিদ্যালয় পৰ্যায়তো যেনে-তেনে পিএইচডি ডিগ্ৰী লৈ শিক্ষাৰ প্ৰতি শ্ৰদ্ধা নথকা শিক্ষকতাত সোমোৱা এচাম শিক্ষক আছে। এওঁলোকে শিক্ষাব্যৱস্থাটোক পক্ষাঘাতগ্ৰস্ত কৰি তুলিছে। মুক্ত বিশ্ববিদ্যালয়বোৰৰ পৰিচালনাত থকা খুঁতবোৰ বা ইয়াত উল্লেখ কৰাৰ দৰে নকলৰ পয়োভৰ চিন্তনীয় আৰু একেষাৰে বিপদজনক। দূৰসংযোগ শিক্ষাৰ ক্ষেত্ৰতো এনে হোৱা দেখা যায়, যিটো অবাঞ্চনীয়।

৪) অভ্যন্তৰীণ মূল্যায়ন পদ্ধতি যদিহে সঠিক ভাৱে ৰূপায়ণ কৰা হয়, তেন্তে ইয়াত আপত্তি কৰিব লগা একো নেথাকে। কিন্তু প্ৰায়ে তাৰ বিপৰীত হোৱা দেখা যায়। এনেক্ষেত্ৰত উপযুক্ত ছাত্ৰ-ছাত্ৰী শিক্ষালাভৰ পৰা বঞ্চিত হ’ব পাৰে নিসন্দেহে। কিন্তু সঠিক ভাৱে ৰূপায়িত অভ্যন্তৰীণ মূল্যায়নে শিক্ষাৰ্থীক অধিক দক্ষতা অৰ্জনত সক্ষম কৰি তুলিব পাৰে। অন্যহাতে নামভৰ্তিৰ ক্ষেত্ৰত আসনৰ সংখ্যা বঢ়োৱা বা পৰিকাঠামোৰ উন্নয়ন আদিৰ দৰে বিকল্পবোৰো নিশ্চয় আছে।

৫) আমি ইতিমধ্যে বুনিয়াদী, মাধ্যমিক আৰু উচ্চ শিক্ষাত থকা আসোঁৱাহবোৰৰ কথা কওঁতে এই কথাষাৰ কৈছো। যেতিয়ালৈ আমাৰ শিক্ষাপদ্ধতি গতানুগতিকতাৰ পৰা মুকলি নহ’ব; বুনিয়াদী পৰ্যায়ত সৃজনীশীলতা, কৌতুহলী মন আদিৰ বিকাশৰ পৰিৱৰ্তে নম্বৰভিত্তিত মেধাৰ নিৰ্বাচন কৰা হৈ থাকিব, তেতিয়ালৈ শিক্ষাৰ্থীয়ে এই গুণবোৰ আহৰণ কৰিব নোৱাৰিব। গতিকেই বুনিয়াদী স্তৰৰ পৰা উচ্চ শিক্ষাৰ স্তৰ পৰ্যন্ত উদ্ভাৱনী শক্তি, স্বাধীন চিন্তা, নেতৃত্ব লোৱাৰ ক্ষমতা, দলবদ্ধভাৱে কাম কৰাৰ সুফল বা প্ৰয়োজনীয়তা, ব্যৱহাৰিক জ্ঞান লাভৰ ব্যৱস্থা এই কথাবোৰ শিক্ষাপদ্ধতিতে নকৈ অন্তৰ্ভুক্ত কৰিব লাগিব।

অঞ্জল বৰা:
১) আমাৰ শিক্ষা-ব্যৱস্থা মূলতঃ পৰীক্ষা আৰু নম্বৰ কেন্দ্ৰিক হোৱাৰ বাবে এনে শিক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল আত্মনিৰ্ভৰশীল হৈ থিয় দিব পৰা নাই। লগতে মূল্যবোধসম্পন্ন শিক্ষাৰ অভাৱেও সমাজখনক দিনক দিনে প্ৰভাৱিত কৰিছে। গতিকে আমাৰ শিক্ষা-ব্যৱস্থাৰ আসোঁৱাহ বুলি ক’লে এই দুটাকে মোৰ মনলৈ আহে।

২) প্ৰথম কথা মই সকলো “গেষ্ট ফেকাল্টি”কে অনভিজ্ঞ বুলি নাভাবো। শিক্ষা-ব্যৱস্থাটোৰ যদি ধ্বংস হৈছে বুলি ভবা হয় তেন্তে তাৰ বাবে এমুঠিমান গেষ্ট ফেকাল্টি কেতিয়াও জগৰীয়া হ’ব নোৱাৰে।

৩) শিক্ষা মানুহৰ মৌলিক অধিকাৰ নহ’লেও প্ৰত্যেক মানুহেই শিক্ষা লাভ কৰাৰ অধিকাৰ আছে। এই ফালৰ পৰা মুক্ত বিশ্ববিদ্যালয়সমূহে মানুহক নিজৰ সপোন পূৰণ কৰাত সহায় কৰিছে। এমুঠিমান অসৎ ব্যক্তিৰ বাবেই আমি ব্যৱস্থা এটা ভুল বুলি ক’ব নোৱাৰোঁ। এনে মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তেই বহু প্ৰতিষ্ঠিত লোকেও নিজৰ সপোন পূৰণ কৰিছে। উদাহৰণ স্বৰূপে শেহতীয়াকৈ এজন আই.এ.এচ বিষয়াইও মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ কথা জানিবলৈ পাইছোঁ।

৪) এইটো ঠিক যে Internal assessmentসমূহ কেৱল নম্বৰ লাভ কৰাৰ এক ব্যৱস্থা মাত্ৰ। ইয়াৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলৰ কোনো প্ৰতিভা বিকাশ নহয়। যদিহে একেটা ব্যৱস্থাৰ মাজেৰেই দহগুণ পৰ্যন্ত প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে বুলি ভবা হয়, তেন্তে তাৰ মাজতো প্ৰতিযোগিতা হোৱাতো স্বাভাৱিক কথা। গতিকে এনে ব্যৱস্থাত প্ৰথম শ্ৰেণী পালেই নামভৰ্তি কৰিব পাৰিব বুলি ভবাতোও অনৰ্থক কথা। কাৰণ দহজন প্ৰথম শ্ৰেণীৰ মাজতো নম্বৰৰ পাৰ্থক্য থাকিবই। আনপিনে আজিৰ দিনত প্ৰথম শ্ৰেণী পালেই প্ৰখৰ বুধিসম্পন্ন ছাত্ৰ-ছাত্ৰী বুলি ক’ব নোৱাৰি।

৫) মই এক নম্বৰ প্ৰশ্নৰ উত্তৰত কৈছোঁৱেই যে বৰ্তমান শিক্ষা-ব্যৱস্থা কেৱল নম্বৰ কেন্দ্ৰিক হোৱা বাবেই জীৱিকা অৰ্জনৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে আত্মনিৰ্ভৰশীল হৈ থিয় দিব পৰা নাই। আমি আমাৰ পাঠ্যক্ৰমত বৃত্তিমুখি শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব। প্ৰচুৰ কুটিৰ শিল্পৰ সম্ভাৱনা থকা পাঠ্যক্ৰম আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব আৰু সেই ডিগ্ৰীসমূহ লাভ কৰাৰ পিছত উপযুক্তভাৱে নিজেই কিবা এটা কৰাৰ ক্ষেত্ৰত চৰকাৰে আৰ্থিক সহায় আগবঢ়াব লাগিব।

উজ্জল ফুকন:
১) আসোঁৱাহ বুলি ক’লে—
ক) বৰ্তমানৰ আমাৰ শিক্ষা-ব্যৱস্থাই ব্যৱহাৰিক দিশত এজন মানুহক কিমান সহায় কৰে সেয়া বিবেচনা কৰাটো প্ৰয়োজনীয়।
খ) এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ যদি গণিত বা অসমীয়া বা যিকোনো বিষয়ত ৰাপ নাথাকে তেন্তে তেওঁক বলপূৰ্বকভাৱে আজিৰ শিক্ষা-ব্যৱস্থাই দশম শ্ৰেণীলৈকে পঢ়িবলৈ বাধ্য কৰোৱাটো সমীচিন নে? তাৰপিছত হয়তো সেই ল’ৰাজনৰ শিক্ষাৰ প্ৰতি অনিহা অহাটো তেনেই স্বাভাৱিক।
গ) শিক্ষকক লোভনীয় দৰমহা দিয়াৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ দ্বাৰা ‘মোৰ জীৱন লক্ষ্য’ ৰচনাখনত নম্বৰ পাবলৈ নহয় সঁচা অৰ্থত এজন শিক্ষক হ’বলৈ বহু মেধাবী ছাত্ৰ আগবাঢ়ি আহিব।আমি এইটোও পাহৰিব নালাগিব যে জ্ঞানী শিক্ষক-সমাজ এখনৰ অবিহনে এটা সমৃদ্ধ নতুন-প্ৰজন্ম আশা কৰাটো নিতান্তই ভুল। শেষত দেশে-বিদেশে গৱেষণা কৰি থকা মেধাবী ছাত্ৰসকলেএটা বয়সত নিজ প্ৰদেশৰ বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত অধ্যাপনা কৰিলে সেইসকলৰ পৰা নতুন প্ৰজন্ম বহু ক্ষেত্ৰত উপকৃত হ’ব।
ঘ) অন্তত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কেৱল যোগ্যতাক অগ্ৰাধিকাৰ দিব লাগে। কোনো সংৰক্ষণৰ ব্যৱস্থা শিক্ষক নিযুক্তিত থাকিব নালাগে।

২) গেষ্ট ফেকাল্টি সকলোকে উপযুক্ত দৰ্মহা দিয়াৰ ব্যৱস্থা কৰিব লাগে। খালি পেটেৰে শিক্ষাদান নহয়। কিন্তু এইক্ষেত্ৰটো শিক্ষকৰ গুণগত মানদণ্ড কেতিয়াও অৱনমিত হ’ব নালাগে। আৰু তেওঁলোকৰ শিক্ষাদানৰ ভিত্তিত এক উপযুক্ত সময়ৰ অন্তত তেওঁলোকক নিয়মীয়া কৰিব লাগে।

৩) বেয়া আৰু ভাল দিশ সকলোতে থাকে। একে-৪৭ চলাবলৈ শিকাতকৈ কোনোবাই যদি মুক্ত বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লৈছে তাত মই একো বেয়া নেদেখো। ইয়াত ডিগ্ৰীটোৰ গাত দোষ নাই। দোষ ইয়াৰ দোহাই দি চাকৰি পোৱা বা প্ৰমচন পোৱা প্ৰক্ৰিয়াটো। বহু গুণসম্পন্ন বিশ্ববিদ্যালয়ত ছীটৰ সংখ্যা তেনেই নগণ্য। তেনে বিশ্ববিদ্যালয়েও দূৰসংযোগ শিক্ষাৰ জৰিয়তে বহু ছাত্ৰ-ছাত্ৰীক জ্ঞান লাভৰ সুবিধা কৰি দিছে। বহু বিশিষ্ট অধ্যাপকৰ ক্লাচৰূম লেকচাৰবোৰ আজি ইন্টাৰনেটত তেনেই সহজলভ্য। এইবোৰ হৈছে ভাল দিশ। এতিয়া কথা হ’ল গৰুৰ আগত পায়স থৈ দিলেও সি ঘাঁহ খাবলৈহে যাব। আমি পানীৰ বটলটো আধা ভৰ্তি বুলি মানি লোৱাই ভাল। খালিখিনি মন নিদিও। লাহে লাহে সেইখিনিও পূৰ হ’ব। আশাবাদী। আৰু আশাবোৰ নিৰ্ভৰ কৰে কেৱল মাত্ৰ নিয়োগ ব্যৱস্থাটোৰ ওপৰত।

৪) এইয়া বেয়া দিশ। এই ব্যৱস্থাৰ ভালকৈ পৰ্য্যালোচনা হোৱাটো বিচাৰো।

৫) সৰু বা বিয়াগোম সকলো পৰীক্ষাতে কেতিয়াও একেটা প্ৰশ্নৰ পুনৰাবৃত্তি হ’ব নালাগে। তেতিয়াহে ছাত্ৰ-ছাত্ৰীয়ে জ্ঞানত গুৰুত্ব দিব আৰু সঁচা অৰ্থত মেধাবী ছাত্ৰ-ছাত্ৰী পাম, যাৰ নিজৰ ওপৰত ভৰপূৰ আত্মবিশ্বাস থাকিব।
প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰতিখন বিদ্যালয়ত সৰুৰে পৰা উৎসাহ দিয়া আৰু কেনেকৈ নিজকে প্ৰস্তুত কৰিব লাগে তাৰ ওপৰত কৰ্মশালা বাধ্যতামূলক হ’ব লাগে।

ৰুদ্ৰ নাৰায়ণ বৰকাকতি:
১) শিক্ষা-ব্যৱস্থাত থকা আসোঁৱাহ বুলি ক’লে প্ৰথমেই উল্লেখ কৰিব লাগিব সুশিক্ষকৰ অভাৱ। বৰ্তমান দেখা যায় সৰহ সংখ্যক শিক্ষকেই শিক্ষকতাক পেছাৰ বাদে আন ধৰণে নাভাৱে। আমি তাহানিখন পঢ়া বিদ্যালয়ত যিসকল মহান শিক্ষকক পাইছিলো, যি আমাক মানুহ হিচাপে গঢ় দিলে তেনে শিক্ষকৰ প্ৰয়োজনীয়তা আহি পৰিছে। শিক্ষক-অভিভাৱকে ছাত্ৰ-ছাত্ৰীৰ নৈতিকতাৰ ক্ষেত্ৰত আপোচ কৰা অনুচিত।

২) নিশ্চয়কৈ, আমি আগতেই কৈ আহিছো মেধা আৰু নৈতিকতাৰ ক্ষেত্ৰত আপোচ নকৰা শিক্ষকৰ প্ৰয়োজন আছে।

৩) মুঠতে এটাই কথা মেধা আৰু নৈতিকতা অবিহনে এজন শিক্ষক প্ৰকৃত শিক্ষক হ’ব নোৱাৰে।

৪) ই এটা ৰাজনৈতিক ষড়যন্ত্ৰ। এসোপা প্ৰথম বিভাগৰ শিক্ষাৰ্থী উলিয়াই অদৰকাৰী উপহাৰ দি বাঃ বাঃ লোৱা নেতা সকলে উঠি অহা চামটোৰ কিমান ক্ষতি কৰিছে তাক উপলব্ধি কৰিবলৈ আমাক কেইটামান দশক লাগিব।

৫) মই নিজেই অনুভৱ কৰো Group Discussion কৰিলে যিমান কম সময়ত খৰছি মাৰি বিষয় এটা আয়ত্ব কৰিব পাৰি অকলে বহু সময় যুঁজিলেও হৈ নুঠে। বিদ্যা দান কৰিলে বাঢ়ে, নকমে। সাধাৰণতে, আমাৰ বহু শিক্ষাৰ্থীয়ে নিজে জনা খিনি আনক ক’ব নিবিচাৰে আৰু আনৰ জনাখিনি আয়ত্ব কৰিবলৈও যত্ন নকৰে। ফলত সমস্যাত পৰে। বিহাৰ, তামিলনাডু আদিৰ শিক্ষাৰ্থীয়ে Group Discussionৰ দ্বাৰা লাভান্বিত হোৱা নিজ চকুৰে দেখিছো। সৰ্বভাৰতীয় পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে, তেওঁলোকৰ নিজা ৰাজ্যৰ লবী থাকে। এই বদগুণটো উপলব্ধি কৰাৰ সময় সমাগত।

উৎস:পংকজ জ্যোতি মহন্ত,সাহিত্য ডট অৰ্গ


3.2
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top