অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছাত্ৰৰ কাৰণে শিক্ষক:

ছাত্ৰৰ কাৰণে শিক্ষকৰ বিষয়ে লিখা হৈছে

 

‘ছাত্ৰৰ কাৰণে শিক্ষক’(Teacher for student) বিষয়টো সম্পৰ্কে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন কাকতত এবাৰ এক পৰ্যালোচনা চলাৰ খবৰ পাইছিলোঁ। সেই পৰ্যালোচনাত শিক্ষকৰ যোগ্যতা সম্পৰ্কীয় কথাই গুৰুত্ব লাভ কৰিছিল। তাত উল্লেখ হৈছিল যে দেশৰ সত্তৰ শতাংশ শিক্ষকৰে যোগ্যতা নাই। আকৌ তথ্যগত পৰ্যালোচনাই সিদ্ধান্ত কৰিছিল যে বিশেষকৈ অধ্যয়নহীন শিক্ষকসকল যোগ্যতাৰ শাৰীলৈ উঠিব পৰা নাই। মই এজন সাধাৰণ শিক্ষক হিচাপে কওঁ যে ছাত্ৰৰ কাৰণে শিক্ষকজন যোগ্য হ’বলৈ হ’লে একো হাড়ভগা কাম কৰিব নালাগে। সেই যোগ্যতা আহৰণৰ চাবিকাঠী আমাৰ হাততে মজুত আছে। এই প্ৰসংগৰ আঁত ধৰি শিক্ষকৰ অধ্যয়ন স্পৃহা সম্পৰ্কে দুটামান অনুভৱ ব্যক্ত কৰিলোঁ।

১)সকলোৱে স্বীকাৰ কৰিব যে শিক্ষকৰ যোগ্যতাৰ লগত অধ্যয়নৰ দিশটো বিশেষভাৱে জড়িত। কিন্তু বুনিয়াদী শিক্ষাত অধ্যয়নৰ কথা পোনপটীয়াকৈ কোৱা নাই। তাত অভিজ্ঞতাৰ কথাহে গুৰুত্বসহকাৰে কৈছে। অভিজ্ঞতা বুলি কওঁতে ৰুছোৰ প্ৰকৃতিগত শিক্ষাৰ প্ৰায়োগিক দিশটো জড়িত হৈ পৰে। কিন্তু আজিকালিৰ শিক্ষকে অভিজ্ঞতা সঞ্চয় কৰিবলৈ সকলো সময়তে সুযোগ নাপায়। নগৰকেন্দ্ৰিক সমাজ ব্যৱস্থাত শিক্ষকে ৰুছোৰ প্ৰকৃতি জ্ঞানৰ কচৰৎ কৰাত নানা বাধা আহি পৰিছে। পাঠ্যক্ৰমেও সেই সুযোগ দিয়া নাই।

এতেকে এতিয়াৰ শিক্ষকে জ্ঞানৰ অন্বেষণ কৰিবলৈ বিবিধ গ্ৰন্থ, প্ৰচাৰ মাধ্যম আদিৰ আশ্ৰয় ল’বই লাগিব। এনেক্ষেত্ৰত ছাত্ৰৰ বাবে জ্ঞানপুষ্ট শিক্ষক বা শিক্ষয়ত্ৰী হ’বলৈ হ’লে আগস্থান দিব লগা হৈছে অধ্যয়নক।

২)শিক্ষকৰ ভিতৰত ‘জন্মগত’ আৰু আয়ত্তগত’- এই দুই ধৰণৰ শিক্ষক আছে। জন্মগত শিক্ষক পাবলৈ দুৰ্লভ; কিন্তু আয়ত্তগত শিক্ষক হ’বলৈ বেছি কষ্ট কৰিব নালাগে। শিক্ষকৰ লগত থাকে ছাত্ৰৰ পোনপটীয়া সম্বন্ধ। সেইবাবে শিক্ষকজন যে জ্ঞানসমৃদ্ধ জ্ঞান বিতৰণৰ বাবে সদা জাগ্ৰত, সেই বিশ্বাস সন্মুখত থকা শিক্ষাৰ্থীৰ আগত অবিচলিত দৃঢ়তাৰে সাব্যস্ত কৰিলেই হ’ল। এইক্ষেত্ৰতো তথ্যসমৃদ্ধ যোগ্য গ্ৰন্থৰ অধ্যয়নে শিক্ষকজনক প্ৰিয় বন্ধুৰ দৰে সহায় কৰিব। বিষয়ৰ সংগতি ৰাখি ভিন ভিন খবৰেৰে ছাত্ৰক অনুসন্ধিৎসু কৰি তুলিব পৰাজন হৈ পৰিব ইনফৰমেটিভ শিক্ষক।

৩)তীব্ৰ গতিত অগ্ৰসৰ হোৱা আজিৰ পৃথিৱীত শিক্ষকৰ সন্মুখত্ আহি পৰিছে সমকালৰ প্ৰত্যাহ্বান। বিজ্ঞান-প্ৰযুক্তিৰ লগতে বিশ্বায়নৰ প্ৰভাৱবোৰ বৰ খৰকৈ আহিব ধৰিছে। কি সমল আহৰণ কৰিব লাগিব, কি পদ্ধতি প্ৰয়োগ কৰিব লাগিব ইত্যাদি দিশবোৰৰ প্ৰতি সদাসচেতন হ’ব লগা হৈছে আজিৰ শিক্ষক। আমি সময়ৰ পখী ঘোঁৰাত উঠিব লাগিব। তাকে নহ’লে আমি হ’ম আনৰ হাঁহিয়াতৰ পাত্ৰ। হীনমন্যতাত ভুগিব লাগিব আমি। হীনমন্যতা এটা মাৰাত্মক ব্যাধি। ক্ষয়ংকৰী এই মানসিক ব্যাধিয়ে থকাকণো কৰে নাশ, সৃষ্টি-ক্ষমতালৈ আনে সৰ্বনাশ।

৪)প্ৰাচীন কালত হেনো গুৰুক শিষ্যই দেৱতা বুলি ভাবিছিল। গুৰুদেৱক পূজাও কৰিছিল। এতিয়াও বিশেষ ব্যক্তিক ‘আচাৰ্য’, ‘পণ্ডিত’, ‘মহীয়ান’, আদি উপাধি দিয়া শুনিছোঁ। কোনে কাক কি দিয়ে দি থাকক। আমি পণ্ডিত, গুৰুদেৱতা, আচাৰ্য, মহীয়ান নহওঁ, নালাগে। তথাপি অনুভৱ হয় যে মূলধন নহ’লে ব্যৱসায় নচলাৰ দৰে জ্ঞান অবিহনে আনক জ্ঞান বিতৰণ কৰা সম্ভৱ নহয়।

৫) ‘দৈনিক অধ্যয়নৰ পৰা বিৰত নহ’বা’ বুলি উপনিষদৰ যুগত গৃহাভিমুখী শিষ্যক গুৰুৱে উনুকিয়াই দিয়াৰ উদ্দেশ্য নিশ্চয় সুদূৰপ্ৰসাৰী। পিছে আমি অনেকেই কি কৰোঁ, দৈনিক বাতৰিকাকতখনত চকু ফুৰায়ে কাম খতম কৰোঁ। পৃথিৱীৰ খবৰ একো নাৰাখোঁ। আফ্ৰিকাৰ কৃষ্ণাংগসকলৰ মাজত সম্প্ৰতি বুদ্ধিজীৱীৰ পৰা শ্ৰমজীৱীলৈকে, শিক্ষকৰ পৰা ছাত্ৰ-ছাত্ৰীলৈকে হৈ পৰিছে তুমুল অধ্যয়নশীল।

বিশ্বৰ উন্নত দেশবোৰৰ লগত ফেৰ মাৰিবলৈ এসময়ৰ ‘অন্ধকাৰ মহাদেশ’(Dark continent)খনৰ বুকুত উঠিছে অধ্যয়ন স্পৃহাৰ জাগৰণ। আমাৰ দেশতো যোগ্য নাগৰিক সৃষ্টিৰ বাবে শিক্ষকেই হ’ব স্বপ্নদ্ৰষ্টা।

৬)সমস্যাৰ ভাৰাক্ৰান্ত শিক্ষা ব্যৱস্থাত শিক্ষকৰ গুণাৱলী প্ৰকাশ কৰাৰ সুবিধানো কিমানে পাইছে। ইফালে আধুনিক মনীষীয়েও শিক্ষকৰ ‘একাদশ গুণ’ৰ নিৰ্দেশ কৰিছে। আমাৰ প্ৰতি সমালোচনাৰো অন্ত নাই, অপমান কৰিবলৈও যেন সহজে আমাকহে পায়। তেনেহ’লে আমাক কোনে ৰক্ষা কৰিব। উন্নত আৰু আধুনিক চিন্তা-চৰ্চাৰে, বিজ্ঞানসুলভ মানসিকতাৰে, জ্ঞানৰ অনুধাৱনেৰে আমি পৈণত হৈ উঠাৰ দিনা আমাক কোনেও একো কৰিব নোৱাৰিব। তেতিয়া আমি ছাত্ৰৰ কাৰণে এনেকুৱা শিক্ষক হ’ম, যাৰ শিপা দ’, গুৰি শকত। এজন ভাল শিক্ষকৰ প্ৰমাণ-পত্ৰ ছাত্ৰ-ছাত্ৰীয়েহে দিব পাৰে, আনে নোৱাৰে।

লেখক: যোগেশ কিশোৰ ফুকন(শিক্ষা বাৰ্তা)

2.81578947368
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top