মূল পৃষ্ঠা / শিক্ষা / শিক্ষকসকলৰ ক্ষেত্ৰ / শিক্ষাদান আৰু শিক্ষণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিক্ষাদান আৰু শিক্ষণ

শিক্ষাদান আৰু শিক্ষণ

শিক্ষণ আৰু শিক্ষা

শিক্ষণ আৰু শিক্ষা এনে এক পদ্ধতি য'ত অনেক পৰিবতৰ্নশীল ব্যৱস্থা থাকে ৷ এই পৰিবতৰ্নশীল ব্যৱস্থাসমূহে শিক্ষাৰ্থীৰ লক্ষিত কামসমূহৰ লগত পাৰস্পৰিক যোগসূত্ৰ স্থাপন কৰি নতুন জ্ঞান, ব্যৱহাৰ আৰু দক্ষতা স্থাপন কৰে যাতে শিক্ষাৰ্থীসকলে তেওঁলোকৰ শিক্ষণ অভিজ্ঞতাৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে ৷

যোৱা শতিকাত শিক্ষাৰ পৰিপেক্ষিতত দেখা গৈছে যে, জ্ঞানগত (শিক্ষা এক মানসিক প্ৰক্ৰিয়া হিচাপে), আৰু গঠনগত (শিক্ষা পদ্ধতিৰ দ্বাৰা গঠিত জ্ঞান) এই দুয়োটাকে পৃথকভাৱে বিবেচনা নকৰি একেলগে বিবেচনা কৰাই ভাল যাতে শিক্ষাৰ অভিজ্ঞতা সহ আৰু বহুতো সম্ভাৱনা লাভ কৰিব পৰা যায় ৷ সংযোগ পদ্ধতিৰ সময়ত অন্য কাৰক –যেনে বুজি পোৱাৰ ধৰণ, শিক্ষাৰ ধৰণ, আমাৰ বুদ্ধিমত্তাৰ বিভিন্ন ধৰণ, বিশেষ ভাৱে প্ৰয়োজন হোৱা আৰু বিভিন্ন সাংস্কৃতিক পৰিবেশৰ পৰা অহা সকলৰ বাবে শিক্ষাৰ ব্যৱস্থা আদিৰ ওপৰতো লক্ষ্য ৰখা উচিত ৷

গঠনমূলক সূত

(জে. ব্ৰুনাৰ)

গঠনমূলক শিক্ষা এনে এক পদ্ধতি য’ত ছাত্ৰসকলৰ অন্তৰ্নিহিত শক্তি, বিশ্বাস আৰু দক্ষতাৰ ভিত্তিত পৰিচালিত হয় ৷ গঠনমূলক ধাৰণাৰ দ্বাৰা শিক্ষাৰ্থীয়ে আগৰ শিক্ষণৰ পৰা নতুন জ্ঞান আৰু সংবাদৰ বাবে আগ্ৰহাম্বিত হ’ব পাৰে ৷

গঠনমূলক পদ্ধতিত শিক্ষকে ছাত্ৰক সমস্যা সমাধান কৰিবলৈ দিয়া আৰু তাৰ ওপৰত ধ্যান ৰাখে আৰু ছাত্ৰসকলৰ জিজ্ঞাসাৰ পথ প্ৰদশৰ্ন কৰে আৰু নতুন পথৰ সন্ধান কৰাত সহায় কৰে ৷ সাধাৰণতে, নতুন তথ্য, প্ৰাথমিক উৎস আৰু পৰস্পৰৰ ওপৰত ক্ৰিয়াশীল বিষয়ৰ ওপৰত গঠনমূলক শিক্ষা পদ্ধতিৰ ছাত্ৰ সমূহক নিজৰ তথ্যৰে কাম কৰিবলৈ আৰু নিজৰ চিন্তাধাৰাৰে ভাবিবলৈ শিকায় ৷ মুঠৰ ওপৰত শিক্ষাৰ্থী সকলে জ্ঞানৰ দ্বাৰা একত্ৰ কৰি শিকিবলৈ প্ৰচেষ্টা কৰে ৷ গঠনমূলক পদ্ধতিয়ে সকলো বয়সৰ শিক্ষাৰ্থী আৰু বয়সস্থ সকলৰ বাবেও ভালদৰে কাম কৰে ৷

সাধাৰণ ধাৰণা:

ব্ৰুনাৰৰ তত্বৰ মূলভাব হৈছে শিক্ষা এটা সক্ৰিয় প্ৰক্ৰিয়া য’ত, শিক্ষাৰ্থীয়ে তেওঁলোকৰ বতৰ্মান/অতীতৰ জ্ঞানৰ ভিত্তিত নতুন ধাৰণা গঠন কৰিব পাৰে ৷ শিক্ষাৰ্থীয়ে তথ্য নিৰ্বাচন আৰু বিস্তাৰ সাধন কৰে আৰু অনুমান সহকাৰে বুদ্ধিসহ সিদ্ধান্ত গ্ৰহণ কৰে ৷ জ্ঞানগত অৱস্থাই (মানসিক আদৰ্শ) অৰ্থ আৰু অভিজ্ঞতা প্ৰকাশ কৰে আৰু ব্যক্তিগত ভাৱে “ সংবাদসহ আগুৱাই যোৱা” ৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰে ৷

নিৰ্দেশ সম্পৰ্কে কবলৈ গ’লে, নিৰ্দেশকে ছাত্ৰক এনেদৰে উৎসাহিত কৰা উচিত যে তেওঁলোকে নিজে নিজে উদ্ভাবন কৰিব পাৰে ৷ নিৰ্দেশকে আৰু ছাত্ৰ উভয়ে সক্ৰিয় আলোচনাত (অৰ্থাত চক্ৰেটিছৰ শিক্ষণ) যোগদান কৰা উচিত ৷ নিৰ্দেশকৰ কাম হৈছে তথ্যক অনুবাদ কৰা যাতে বৰ্তমান স্তৰৰ শিক্ষাৰ্থীয়ে এটা নিদিৰ্ষ্ট আৰ্হিত সেইয়া বুজিব পাৰে ৷ পাঠ্যক্ৰম আবৰ্তিত পদ্ধতিত সজ্জিত কৰা উচিত যাতে, শিক্ষাৰ্থীসকলে ইতিমধ্যে লাভ কৰা শিক্ষাৰ ওপৰত ভিত্তি কৰি জ্ঞান বৃদ্ধি কৰিব পাৰে ৷ব্ৰুনাৰ (১৯৬৬) প্ৰকাশ কৰিছিল যে, নিৰ্দেশনাৰ সূত্ৰৰ ক্ষেত্ৰত চাৰিটা দিশত ধ্যান দিয়া উচিত:

  • শিক্ষাৰ প্ৰতি থকা প্ৰৱণতা
  • বিষয়বস্তু এনেভাৱে উপস্থাপন কৰিব লাগে যাতে সহজে শিক্ষাৰ্থীৰ বোধগম্য হয় ৷
  • সফল ক্ৰমানুসাৰে বিষয়বস্তুৰ উপস্থাপন কৰিব লাগে, আৰু
  • পুৰস্কাৰ আৰু শাস্তিৰ প্ৰকৃতি আৰু গতি কেনে হ’ব

শিক্ষাৰ বাবে পদ্ধতি হ’ল- সহজে অনুধাৱনযোগ্য কৰা, নতুন প্ৰস্তাৱনা আৰু তথ্যক অধিক পৰিমাণে সজ্জিত কৰা ৷

সাম্প্ৰতিক ক্ষেত্ৰত, ব্ৰুনাৰৰ (১৯৮৬,১৯৯০,১৯৯৬) তত্ত্বত তেওঁ শিক্ষাৰ সামাজিক আৰু সাংস্কৃতিক দিশৰ লগতে আইনগত দিশও অন্তৰ্গত কৰিছে ৷

সুযোগ/প্ৰয়োগ:

ব্ৰুনাৰৰ গঠনমূলক তত্ত্ব গবেষণাৰ ভিত্তিত প্ৰতিষ্ঠিত এটা সাধাৰণ আৰ্হি ৷ তত্ত্বৰ বেছিভাগেই শিশু উন্নয়নৰ গৱেষণাৰ লগত জড়িত (বিশেষত পিয়াজেট) ৷ ব্ৰুনাৰ (১৯৬০) ধাৰণাসমূহ সমাজ বিজ্ঞান আৰু গণিত শিক্ষাৰ ওপৰৰ এখন আলোচনা সভাৰ পৰা উত্পত্তি হৈছিল ৷ ব্ৰুনাৰে তেওঁৰ তত্ত্ব যুৱ সমাজৰ উন্নতিৰ অৰ্থে সমাজ বিজ্ঞান আৰু গণিতৰ প্ৰসঙ্গত উপস্থাপিত কৰিছে ৷ এই মূল উন্নয়নৰ আৰ্হি তুলনাকৰণৰ বাবে ব্ৰুনাৰ, গুডনাউ আৰু অষ্টিন (১৯৫২) ৰ তত্ত্বত বণৰ্না কৰা হৈছে ৷ ব্ৰুনাৰ (১৯৮৩) য়ে শিশুসকলৰ ভাষাশিক্ষাৰ ওপৰত ধ্যান দিছিল ৷

মনত ৰখা ভাল যে, গঠনধমিৰ্তা দশৰ্ন আৰু বিজ্ঞানৰ এক বিস্তৃত ধাৰণামূলক আৰ্হি আৰু ব্ৰুনাৰৰ তত্বই এটা নিদিৰ্ষ্ট দিশ তুলি ধৰে ৷

উদাহৰণ : উদাহৰণটো লোৱা হৈছে ব্ৰুনাৰ (১৯৭৩) ৰ পৰা :

“ মৌলিক সংখ্যাৰ ধাৰণাটো শিশুৱে যেতিয়া গঠন পদ্ধতিৰে অতি সোনকালে বুজি ল’ব, তেতিযা সি আবিস্কাৰ কৰিব যে এক মুঠি বীনৰ দ্বাৰা বহুতো শাৰী আৰু ঘৰ পূৰ কৰিব পৰা নাযায় ৷ এই সংখ্যাটো এনেদৰে এটা শাৰীতে ৰাখিব লাগিব অথবা শাৰী আৰু ঘৰ সমূহৰ মাজত মিলাই ৰাখিব লাগিব য’ত এটা কম অথবা এটা বেছি হ’ব পাৰে ৷ শিশুৱে শিকা এই ধাৰণাটোকে মৌলিক ধাৰাণা বোলা হয় ৷ এই পদক্ষেপৰ পৰা শিশুৰ বুজিবৰ বাবে সুবিধা হয় যে, তথাকথিত এটা গুণিতকৰ ঘৰ হৈছে কিছুমান সংখ্যাৰ সংগ্ৰহ যিবোৰ সম্পূৰ্ণ গুণিতকৰ শাৰীৰ ঘৰসমূহত থাকিব পাৰে ৷ ইয়াৰ মাজত গুনণীয়ক, গুণ আৰু মৌলিক সংখ্যা আছে আৰু সেইসমূহ দেখা পোৱা যাব ৷”

মূলতত্ত্ব:

  • নিৰ্দেশ এনে অভিজ্ঞতা আৰু বিষয়বস্তুৰ সৈতে জড়িত হ’ব লাগিব যাতে শিক্ষাৰ্থীয়ে শিকাৰ বাবে আগ্ৰহী আৰু সক্ষম হয় (প্ৰস্তুত)
  • নিৰ্দেশনা গঠনমূলক হ’ব লাগে যাতে শিক্ষাৰ্থীয়ে তাক সহজে গ্ৰহণ কৰিব পাৰে (আবৰ্তিত গঠন)৷
    ৩) পাঠ্যক্ৰম এনেভাৱে সজ্জিত কৰিব লাগে যে, জ্ঞানৰ পৰিধি বৃদ্ধি হয় আৰু নজনা কথা জানিব পাৰে (উল্লেখ কৰা তথ্যৰ বাহিৰে গৈ)

 

অভিজ্ঞতাৰ পৰা হোৱা শিক্ষা

চি. ৰ’গাৰচ

অভিজ্ঞতাৰ পৰা শিক্ষা (ই এল টি) - এটা সম্পূৰ্ণ ধৰণৰ শিক্ষা পদ্ধতি আৰু উন্নয়নৰ এক সৰলৰৈখিক আৰ্হি য’ত আমি দুয়োটাৰ পৰা মানুহে কিদৰে শিকে, আগবাঢ়ে আৰু উন্নতি কৰিব পাৰে তাক জানিব পাৰোঁ ৷ এই শিক্ষা পদ্ধতিক “ অভিজ্ঞতাৰ পৰা শিক্ষা” বোলা হয় য’ত অভিজ্ঞতাই মূখ্য ভূমিকা পালন কৰে আৰু ইএলটিক অন্য শিক্ষাৰ পৰা পৃথক কৰিব পৰা যায় ৷ “ অভিজ্ঞতা”- এই শব্দটো ইএলটি ৰ পৰা গঠনমূলক আৰু অভ্যাসগত দুয়োটা শিক্ষা পদ্ধতি পৃথকীকৰণ কৰিবৰ বাবে ব্যৱহাৰ কৰা হয় আৰু এই শিক্ষা পদ্ধতিৰ ক্ষেত্ৰত কোনো কল্পিত অভিজ্ঞতাৰ স্থান নাই ৷

অভিজ্ঞতাগত শিক্ষা তত্ত্ব অনুযায়ী শিক্ষা “ এটা প্ৰক্ৰিয়া য’ত অভিজ্ঞতা ৰুপান্তৰিত হৈ জ্ঞানত পৰিণত হয় ৷ অভিজ্ঞতাৰ বোধ আৰু ৰুপান্তৰৰ সহযোগত জ্ঞান লাভ হয় ৷ "

সাধাৰণ ধাৰণ:

ৰজাৰচে দুই প্ৰকাৰৰ শিক্ষণৰ প্ৰকাশ কৰিছে: বোধগম্য (অথৰ্হীন) আৰু অভিজ্ঞতাগত (তাৎপৰ্য্যপূৰ্ণ) ৷ প্ৰথমটো পুথিগত জ্ঞান সম্পৰ্কিত, যেনে কথা ক'বলৈ শিকা অথবা পূৰণত নেওঁতা আৰু পিছৰটো ব্যৱহাৰিক শিক্ষা সম্পৰ্কিত, যেনে, গাড়ী মেৰামতি কৰাৰ বাবে ইঞ্জিন সম্পৰ্কে শিক্ষা ৷ ইয়াক পৃথক কৰাৰ মূলমন্ত্ৰ হৈছে অভিজ্ঞতাৰ পৰা লাভ কৰা শিক্ষাই , শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা আৰু তেওঁলোকৰ ইচ্ছাৰ প্ৰতি লক্ষ্য ৰাখে ৷ ৰজাৰচে অভিজ্ঞতাৰ পৰা লাভ কৰা শিক্ষাৰ গুণসমূহ এইদৰে তালিকাভূক্ত কৰিছে: ব্যক্তিগত জড়িতকৰণ, স্ব-প্ৰবৰ্তন, শিক্ষাৰ্থীৰ দ্বাৰা মূল্যায়ন, আৰু শিক্ষাৰ্থীৰ ওপৰত প্ৰভাব ৷

ৰজাৰচৰ মতে, অভিজ্ঞতালব্ধ শিক্ষা ব্যক্তিগত পৰিবৰ্তন আৰু উন্নতিৰ সমান ৷ ৰজাৰে মন কৰে যে, প্ৰত্যেক মানুহৰ শিকাৰ এটা স্বাভাবিক প্ৰৱণতা থাকে ৷ শিক্ষকৰ কাম হৈছে সেইটোক সহজসাধ্য কৰি দিয়া ৷ ইয়াত অন্তভূৰ্ক্ত হয় :

  • শিক্ষাৰ এটা বাস্তৱ পৰিৱেশ তৈয়াৰ কৰা ৷
  • শিক্ষাৰ্থীৰ উদ্দেশ্য ব্যাখ্যা কৰা ৷
  • শিক্ষাৰ উৎস সমূহৰ যোগাৰ কৰা আৰু ইয়াৰ সহজলভ্য কৰা ৷
  • শিক্ষাৰ বুদ্ধিমত্তাগত দিশ আৰু আৱেগজনিত দিশৰ মাজত সমমান স্থাপন কৰা ৷
  • শিক্ষাৰ্থীৰ লগত অনুভৱ আৰু চিন্তা ভাগ বতৰা কৰা, কিন্তু তাৰ ওপৰত আধিপত্য বিস্তাৰ নকৰা ৷

ৰজাৰচৰ মতে, শিক্ষা সহজ হয়, যেতিয়া:

  • ছাত্ৰই শিক্ষাৰ প্ৰক্ৰিয়াত সম্পূৰ্ণভাৱে অংশ গ্ৰহণ কৰে আৰু তাৰ প্ৰকৃতি আৰু গতিৰ ওপৰত ৰাখে ৷
  • ই প্ৰত্যক্ষভাৱে ব্যৱহাৰিক, সামাজিক, ব্যক্তিগত অথবা গবেষণা সংক্ৰান্তীয় সমস্যাৰ বিৰোধিতা কৰে, আৰু
  • স্ব-মূল্যায়ণ অগ্ৰগতি অথবা সাফল্য নিৰ্ণয়ৰ মূখ্য পদ্ধতি ৷ ৰজাৰে শিক্ষাৰ ক্ষেত্ৰত শিক্ষণৰ প্ৰয়োজনীয়তা আৰু মুক্তমনৰ হোৱাত সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছিল ৷

অভিজ্ঞতাৰ পৰা লাভ কৰা শিক্ষা অধিক কাৰ্যকৰী হ’ব পাৰে ৷ ই শিক্ষাৰ্থীৰ একান্ত ব্যক্তিগত প্ৰয়োজন আৰু ইচ্ছাসমূহৰ দিশে লক্ষ্য ৰাখি তাৰ বিস্তাৰ সাধন কৰে ৷ অভিজ্ঞতালব্ধ শিক্ষাই স্ব-প্ৰৱৰ্তন আৰু আত্ম বিচাৰ আদিৰ মানদণ্ড বিচাৰ কৰে ৷ অভিজ্ঞতালব্ধ শিক্ষা সঠিক ৰুপত কাৰ্য্যকৰী হ’ব লাগে, ই উদ্দেশ্য নিৰ্দ্ধাৰণ কৰাৰ পৰা আৰম্ভ কৰি অভিজ্ঞতা আৰু পৰ্য্যবেক্ষণ কৰি পুনঃপৰ্য্যালোচনা কৰালৈকে আৰু সবৰ্শেষত কামৰ পৰিকল্পনালৈকে সম্পূৰ্ণ শিক্ষাৰ পৰিক্ৰম প্ৰয়োগ কৰা উচিত ৷ এই সম্পূৰ্ণ পদ্ধতিটোৱে কোনো এজনক নতুন দক্ষতা লাভ কৰিবলৈ অনুমতি দিয়ে আৰু নতুন দৃষ্টিভঙ্গী অথবা নতুনকৈ ভাবিবলৈ শিকায় ৷

আমি আমাৰ ল'ৰাকালত কৰা খেল – ধেমালিসমূহ আমাৰ এতিয়াও মনত আছে। এটা তেনেই সাধাৰণ খেল যেনে, এক্কা-দ্দোক্কা – অথচ ই অনেক মূল্যৱান ব্যৱহাৰিক শিক্ষা আৰু সামাজিক দক্ষতা, যেনে, দল পৰিচালনা, বাৰ্তালাপ আৰু নেতৃত্ব বহন ক্ষমতা শিকাব পাৰে ৷ অভিজ্ঞতালব্ধ কৌশল হিচাপে খেলাধূলা জনপ্ৰিয় হোৱাৰ কাৰণটো হ’ল- “ আনন্দৰ উৎস " - আনন্দৰ যোগেদি শিক্ষা লাভে শিক্ষাৰ্থীসকলক দীৰ্ঘ সময়ৰ বাবে পাঠটো মনত ৰখাত সহায় কৰে ৷

বেছি সংখ্যক শিক্ষকেই শিক্ষণ পদ্ধতিত অভিজ্ঞতাৰ ভূমিকা উপলব্ধি কৰে ৷ আনন্দৰ মাধ্যমেৰে শিক্ষাৰ পৰিৱেশ আৰু শিক্ষাৰ্থীৰ বাবে এক কায্যৰ্কৰী শিক্ষণ পৰিৱেশ তৈয়াৰ কৰিব পাৰি৷ এই অভিজ্ঞতালব্ধ জ্ঞানত ব্যক্তিসকলক নিজস্ব ভাৱে যোগদান কৰাত উৎসাহ প্ৰদান কৰা হয়, কাৰণ ইয়াৰ দ্বাৰা তেওঁলোকৰ নতুন জ্ঞানবোধ হ’ব আৰু এই সংবাদসমূহ দীৰ্ঘম্যাদী হ’ব ৷

মূলনীতি:

  • শিক্ষা তাৎপৰ্য্যৰ্পূৰ্ণ হ’ব, যেতিয়া বিষয় বস্তু শিক্ষাৰ্থীৰ ব্যক্তিগত আগ্ৰহৰ লগত যুক্ত হ’ব ৷
  • বাহ্যিক ভয়ৰ পৰিমান কম থকা অৱস্থাত নিজৰ বাবে ভয়ৰ সৃষ্টি কৰিব (যেনে, নতুন মনোভাব অথবা ধাৰণা) পৰা শিক্ষা সহজে উপলব্ধ হয় ৷
  • নিজৰ বাবে থকা ভয় কম হ’লে শিক্ষণ পদ্ধতি দ্ৰুতগামী হয় ৷
  • স্ব-নিৰ্ভৰ শিক্ষণ অধিক দীৰ্ঘসূত্ৰী আৰু ব্যাপক হয় ৷

জ্ঞাতগত শিক্ষা

জ্ঞানগত শিক্ষা:

মানুহে নিৰিক্ষণ কৰি, নিৰ্দেশ গ্ৰহণ কৰি আৰু আনক অনুকৰণ কৰি ভালদৰে শিকিব পাৰে ৷ “ জ্ঞানগত শিক্ষা শ্ৰৱণ, নিৰীক্ষণ, স্পৰ্শ অথবা অভিজ্ঞতাৰ ফলাফল” ৷

জ্ঞানগত শিক্ষা এটা শক্তিশালী পদ্ধতি যি জ্ঞানৰ পৰিসৰ লাভ কৰায়৷ আপুনি ৱেব চাইটৰ পৰা গ্ৰহণ কৰা শিক্ষাক জ্ঞানগত শিক্ষাই প্ৰকাশ নকৰে ৷ এই শিক্ষণে জ্ঞানগত শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

মানসিক অথবা জ্ঞানগত প্ৰক্ৰিয়াৰ মাধ্যমেৰে জ্ঞানগত শিক্ষা বণৰ্না কৰা হয় ৷ ইযাৰ পদ্ধতি আমি “ আমাৰ মগজুত” উৎপন্ন কৰিব লাগিব ৷ বাস্তব বিষয় আৰু ঘটনাৰ মানসিক উপস্থাপন আৰু অন্যান্য কায্যৰ্কৰী প্ৰক্ৰিয়া জ্ঞানগত শিক্ষণৰ অন্তৰ্গত৷

জ্ঞানগত শিক্ষা আমি কিদৰে শিকোঁ?

জ্ঞানগত শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে শুনে, দেখে, ছুই চাই, পঢ়ে অথবা অভিজ্ঞতা লাভ কৰে আৰু তাৰ পিচত সেইসকলোবোৰ সংবাদ মনত ৰাখে৷ জ্ঞানগত শিক্ষা নিস্ক্ৰিয় শিক্ষণ হিচাপে মনত ধাৰণা হ’ব পাৰে, কাৰণ এই শিক্ষা ব্যৱস্থাত কোনো গতি সঞ্চালন নাই৷ অৱশ্যে, শিক্ষাৰ্থীসকলে নতুন তথ্য লাভ কৰি ইয়াক মনত ৰখাৰ বাবে জ্ঞানগত পদ্ধতি অধিক সক্ৰিয় ৷

জ্ঞানগত শিক্ষাই আমাক সংকেত, মূল্যবোধ, বিশ্বাস আৰু নীতি আদিৰ জটিল সংস্কাৰ সাধন আৰু তাৰ প্ৰসাৰৰ বাবে সামৰ্থবান কৰি তোলে৷ যিহেতু, মানুহৰ অনেক অভ্যাসৰ মাজত জ্ঞানগত প্ৰক্ৰিয়া যুক্ত থাকে, সেয়ে ইয়াক ধাৰণা কৰিব পাৰি যে মাত্ৰ মানুহৰ ক্ষেত্ৰত এই জ্ঞানগত শিক্ষা সংঘটিত হয় ৷ অৱশ্যে, জীৱ-জন্তুৰ ভিন্ন প্ৰজাতিৰ মাজত দেখি শিক্ষা লাভ কৰা প্ৰৱণতা আছে৷ উদাহৰণস্বৰুপে, চিৰিয়াখানাৰ বান্দৰ এটাই মাজে সময়ে মানুহ দৰ্শনাৰ্থী অথবা অন্য বান্দৰসমূহক অনুকৰণ কৰা দেখা যায় ৷

শিক্ষা আৰু শিক্ষণৰ কৌশল

নিদেৰ্শনাৰ ৬ ই+এচ মডেল

ছটা ই আৰু এচ (এনগেজ, এক্সপ্ল’ৰ, এক্সপ্লেইন, ইলাবৰেট, ইভালুৱেট, এক্সটেণ্ড আৰু ষ্টেণ্ডাৰড) ৰ ভিত্তিত শিক্ষা সঞ্চালক অথবা শিক্ষকৰ সৈতে আলোচনা মৰ্মে জ্ঞানগত শিক্ষাৰ আৰ্হিত পাঠ পৰিক্ৰমা তৈয়াক কৰিব লাগে ৷ শিক্ষাৰ্থী সকলে অবিৰাম গতিত নতুন জ্ঞান লাভ (অথবা গঠন) কৰি জ্ঞানৰ উচ্চতম শিখৰত আৰোহণ কৰিবৰ বাবে পাঠ পৰিকল্পনাসমূহে জ্ঞানগত নিৰ্দেশনাৰ আৰ্হিৰ ওপৰত নিৰ্ভৰ কৰে ৷

এই প্ৰত্যেক ৬ টা 'ই' য়ে শিক্ষণৰ এটাকৈ স্তৰ বৰ্ণনা কৰে, আৰু প্ৰত্যেক স্তৰেই “ ই” ৰে আৰম্ভ হয়: এনগেজ, এক্সপ্ল’ৰ, এক্সপ্লেইন, ইলাবৰেট, ইভালুৱেট আৰু এক্সটেণ্ড ৷ প্ৰত্যেক ৬ টা 'ই' য়ে শিক্ষাৰ্থী আৰু শিক্ষকক জ্ঞান আহৰণ কৰিবলৈ আৰু তেওঁলোকে লাভ কৰা এটা ধাৰণাৰ জ্ঞানৰ ওপৰত অবিৰামভাৱে বিচৰণ কৰিবলৈ অনুমতি দিয়ে ৷

এনগেজ: এটা “এনগেজ” প্ৰক্ৰিয়াই অতীত আৰু বতৰ্মান শিক্ষাৰ অভিজ্ঞতাৰ মাজত সম্পৰ্ক স্থাপন কৰে, কায্যৰ্কলাপৰ অনুমান কৰে আৰু বতৰ্মান কাৰ্য্যকলাপৰ ওপৰত ছাত্ৰ-ছাত্ৰী সকলৰ চিন্তাধাৰা প্ৰভাৱিত কৰে ৷ ছাত্ৰ-ছাত্ৰীসকলে শিকিবলৈ লোৱাখিনিৰ মানসিক ধাৰণা, প্ৰক্ৰিয়া অথবা দক্ষতা ওপৰত তেওঁলোক এনগেজ হোৱা উচিত ৷ এই বিভাগত আলোচনাৰ সুবিধাৰ বাবে এক্সপ্ল’ৰ বিভাগৰ কেইটামান সাধাৰণ মূলপ্ৰশ্ন অন্তভূৰ্ক্ত থাকে ৷এক্সপ্ল’ৰ: ইযাত ছাত্ৰ-ছাত্ৰীয়ে বিষয়টো ভালদৰে অনুসন্ধান কৰিব লাগিব ৷ শিক্ষাৰ্থীসকলক তেওঁলোকৰ বিচাৰযোগ্য বিষয়বস্তুৰ ওপৰত “মুক্তমনে বিচৰণ” ৰ সুযোগ দিব লাগিব আৰু অধিক নিৰ্দেশ প্ৰদান কৰিব নালাগে ৷ তেওঁলোকক কিছুমান নিৰ্দেশৰ প্ৰয়োজন হ'ব আৰু শিক্ষকে নিৰ্দেশ দিব পাৰে, গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিব পাৰে আৰু শিক্ষাৰ্থী সকল কামৰ সাহাৰ্য্যতা আছে নে নাই,সেইয়া লক্ষ্য কৰিব পাৰে ৷

এক্সপ্লেইন: এই স্তৰত শিক্ষাৰ্থীয়ে কৰা কাম ব্যাখ্যা কৰাৰ সুবিধা দিয়ে ৷ তেওঁলোকে লাভকৰা জ্ঞান মৌখিক ভাৱে প্ৰকাশ কৰা অথবা নতুন ধাৰণা বা অভ্যাস প্ৰকাশ কৰা সুবিধা পায় ৷ এই স্তৰে শিক্ষকৰ বাবে সাধাৰণ নাম, সংজ্ঞা, আৰু বিভিন্ন ধাৰণাৰ ব্যাখ্যা, প্ৰক্ৰিয়া, দক্ষতা অথবা ব্যৱহাৰ আগবঢ়াবলৈ সুবিধা দিয়ে ৷

ইলাবৰেট: ইয়াত শিক্ষাৰ্থীয়ে তেওঁলোকক দিয়া কাম নিজে কৰিবলৈ বিচাৰে ৷ তেওঁলোকৰ নতুন ধাৰণা আৰু তেওঁলোকে বিচাৰি পোৱা তথ্যবিলাক অথবা তেওঁলোকৰ মন্তব্য আনৰ আগত প্ৰকাশ কৰিবলৈ সুবিধা পায় ৷ ইভালুৱেচনৰ বাবে তথ্য জমা দিয়া,প্ৰদৰ্শন কৰা আৰু প্ৰজেক্ট বা এচাইনমেন্ট শেষ কৰাৰ বাবে এইটোৱে এটা ভাল সময় ৷

ইভালোৱেট: পদ্ধতিৰ দ্বাৰা নিৰ্দ্ধাৰণ কৰাৰ কথা যেতিয়া আশা কৰা হয় , তেতিযা এইটোৱেই শাখা য’ত শিক্ষকে শিক্ষণ নিৰ্দ্ধাৰণ কৰিব লাগে ৷ শিক্ষাৰ্থীয়ে সাধাৰনভাৱে তেওঁলোকৰ কাম জমা দিব লাগে অথবা বিষযবস্তুত মনোযোগ দিব লাগে ৷ এই স্তৰত শিক্ষাৰ্থীক স্ব-নিবাৰ্চন, দলবদ্ধ-নিবাৰ্চনত জড়িত হবলৈ আৰু তেওঁলোকৰ কামৰ পদ্ধতি নিজেই গঠন কৰিবলৈ উৎসাহ জনোৱা অতি গুৰুত্বপূৰ্ণ ৷

এক্সটেণ্ড: এই স্তৰত শিক্ষাৰ্থীসকলক তেওঁলোকৰ পাঠৰ বাহিৰৰ কিছুমান উপাদাল লবলৈ উপদেশ দিয়া হয় ৷ ইযাৰ উদ্দেশ্য হ’ল - তেওঁলোকৰ জ্ঞান আৰু অন্যান্য ধাৰণাৰ বাচনি অথবা তেওঁলোকৰ জ্ঞান নতুন আৰু অসহজ ক্ষেত্ৰত কিদৰে প্ৰয়োগ কৰিছে তাক পৰীক্ষা কৰা ৷ সাধাৰণতে, এনে কামে তেওঁলোকে প্ৰতিষ্ঠা কৰিব লগীয়া কামটোৰ ওপৰত উত্তেজনা বঢ়াব ৷ যদিও শিক্ষকে ছাত্ৰ-ছাত্ৰী সকলক তেওঁলোকৰ নিজৰ বিদ্যালয়ৰ বাহিৰত বা আনৰ আগত বা প্ৰতিযোগীতাত তেওঁলোকৰ কাম উপস্থাপন কৰিব পৰাকৈ সাধাৰণ পৰামৰ্শ আগবঢ়াবলৈ বিচাৰে ,প্ৰকৃততে এই শাখা মূখ্যতঃ শিক্ষাৰ্থী জড়িত কৰণ পদ্ধতিহে ৷

ষ্টেণ্ডাৰ্ড: ষ্টেণ্ডাৰ্ড হ’ল পাঠ পৰিক্ৰমাৰ দ্বাৰা সমন্বয় ঘটোৱা পাঠ পৰিক্ৰমা ৷ এই শাখাত ৰাজ্য, জাতি আৰু/অথবা ৰাষ্ট্ৰীয় মানৰ লগত পাঠ পৰিক্ৰমা সংযোগ কৰা হয় ৷ সাধাৰণভাৱে এই সংবাদ শিক্ষকৰ বাবে আৰু স্থানীয় কমিটি, জিলা অথবা বিদ্যালয়ৰ পাঠ্যক্ৰমৰ বাবে প্ৰয়োজনীয় সংবাদ আগবঢ়োৱা উচিত।

সহযোগী শিক্ষা

সহযোগী শিক্ষা আজিৰ দিনত সবাতোকৈ বেছি চৰ্চিত শিক্ষণ ব্যৱস্থা ৷ দেখা গৈছে এই ব্যৱস্থাত শিক্ষাৰ্থীসকলক একেলগে, দ্ৰুতভাৱে, সফলতাৰে , অতি মনোযোগেৰে আৰু ধনাত্মক দিশেৰে শিক্ষা গ্ৰহণ কৰা অভিজ্ঞতা লাভ কৰে ৷ ইয়াৰ অৰ্থ এইটো নহয় যে, কেইজনমান ছাত্ৰৰ গোট গঠন কৰি দি কাম কৰিবলৈ দিলে এই সহযোগী শিক্ষা ব্যৱস্থা সফল হ’ব ৷ সহযোগী ব্যৱস্থা সফল কৰাৰ বাবে কিছু নিৰ্দিষ্ট পদ্ধতি আছে, আৰু ছাত্ৰ আৰু শিক্ষক উভয়ে ইয়াৰ প্ৰতি সজাগ হোৱা প্ৰয়োজন ৷ অলপতে এই পদ্ধতিৰ অপব্যৱহাৰ কথা সমালোচিত হৈছে ৷ শিক্ষাৰ্থী সকলে শিক্ষকক সহায় কৰিব পাৰে ৷ এজন শিক্ষাৰ্থীয়ে একেলগে কাম কৰা অভিজ্ঞতা লাভ কৰে আৰু এই শিক্ষা আজিৰ শিক্ষা ব্যৱস্থাত অতি প্ৰয়োজনীয় ৷ এজন শিক্ষাৰ্থীয়ে বিভিন্ন ভূমিকা পালন কৰি শিকাৰ উপায় আছে, যেনে, সহায়ক, প্ৰতিবেদক,প্ৰতিলিপি কৰ্তা ইত্যাদি ৷ প্ৰতিগ্ৰুপৰ প্ৰতিটো ছাত্ৰৰ বাবে বিশেষ কাম থাকে, যাতে “ আনৰ ওপৰত নিৰ্ভৰ” কৰি নাথাকি প্ৰত্যেকেই শিকাঁৰ কামত সক্ৰিয় থাকিব পাৰে ৷ এটা গোটৰ সফলতা প্ৰত্যেক শিক্ষাৰ্থীৰ ব্যক্তিগত সফলতাৰ ওপৰত নিৰ্ভৰ কৰে ৷

ছাত্ৰসকলৰ পুথিগত শিক্ষাত সৰু গোটত ভাগ হৈ সকলোৱে সকলোক সহায় কৰি একেলগে শিকিব লাগে ৷ সধাৰণতে, সহযোগী শিক্ষাই তলৰ পাঁচটা বৈশিষ্ট্য মানি চলে ৷

  • শিক্ষাৰ্থীসকলে সাধাৰণ কাম অথবা শিক্ষণ গোটত ভাগ হৈ একেলগে কৰিব লাগে ৷
  • শিক্ষাৰ্থীসকলে দুজন অথবা পাঁচজন সদস্যৰ সৰু গোট হৈ একেলগে কাম কৰিব লাগে ৷
  • শিক্ষাৰ্থীসকলে তেওঁলোকৰ সধাৰণ কাম অথবা শিক্ষণৰ সফল সমাপ্তকৰণৰ বাবে সহযোগী, সামাজিক ভাৱে কাম কৰাৰ অভ্যাস ব্যৱহাৰ কৰিব লাগে ৷
  • শিক্ষাৰ্থীসকল পৰস্পৰ নিৰ্ভৰশীল ৷ কায্যৰ্ক্ৰমনিকা এনেদৰে গঠিত কৰা হয়, যে তেওঁলোকে কামৰ সমাপ্তিকৰণৰ বাবে ইজনক সিজনৰ সহায়ৰ প্ৰয়োজন হয় ৷
  • শিক্ষাৰ্থীসকল তেওঁলোকৰ কামৰ বাবে ব্যক্তিগতভাৱে দায়িত্বশীল হয় ৷

শিক্ষাৰ ধৰণ

শিক্ষাৰ ধৰণ হৈছে শিক্ষণৰ বিভিন্ন প্ৰকাৰৰ পদ্ধতি অথবা দিশ ৷

শিক্ষণৰ ধৰণৰ প্ৰকাৰ কি কি ?

দৃশ্যগত শিক্ষাৰ্থী: দেখি শিকাঁ...

শ্ৰৱণ শিক্ষাৰ্থী: শ্ৰৱণৰ দ্বাৰা শিকে...

এওঁলোকে মৌখিক বক্তৃতা, আলোচনা, অথবা বিষয়বস্তুৰ ওঅৰত আন এজনে কোৱা কথা শুনি ভালদৰে শিকে ৷ শিক্ষাৰ্থীসকলে বক্তাৰ মাতৰ সুৰ, বক্তৃতা, কথাৰ গতিবেগ আৰু অন্যান্য গুণ শুনি শিক্ষকে কোৱাবিলাক আয়ত্ব কৰে ৷ লিখিত তথ্য আনৰ মুখেৰে নুশুনালৈকে তাৰ কম মূল্য প্ৰকাশ হ’ব পাৰে ৷ এই শিক্ষাৰ্থীসকল কেতিয়াবা পাঠ শব্দ কৰি পঢ়ি অথবা টেপ ৰেকৰ্ডাৰ ব্যৱহাৰ কৰি বেছি উপকৃত হ’ব পাৰে ৷

স্পৰ্শাভূতিক শিক্ষাৰ্থী / টেকটাইল: গতি কৰি, কাম কৰি আৰু স্পৰ্শ কৰি শিকে ....

স্পৰ্শাভূতিক / টেকটাইল পদ্ধতি ব্যৱহাৰ কৰি শিকাঁ ব্যক্তিয়ে তেওঁলোকৰ চৌপাশৰ পদাৰ্থসমূহ হাতেৰে চুই, আৰু তাৰ লগত হাতৰ কাম কৰি সেইবিলাক আয়ত্ব কৰে ৷ তেওঁলোকে ইয়াৰ বাবে বহু সময় বহি থাকিবলৈ কঠিনতা অনুভৱ কৰিব পাৰে আৰু তেওঁলোকৰ প্ৰয়োজনৰ বাবে তেওঁলোকে কাম আৰু প্ৰকাশ কৰিবলৈ বিমূখ হ’ব পাৰে ৷

উৎস: আইএনডিজি দল

3.11428571429
503 Jun 02, 2018 09:17 AM

পাঠ যোজনা মানে কি?

নিপেন পেৰমে Jun 02, 2018 09:13 AM

স্কুল যোৱাৰ আগত এজন শিশু লিখিব পৰা ক্ষমতা তাকেনে স্পষ্ট কৰক।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top