অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কিছুমান অতৰ্কিতে হোৱা ৰোগ

কিছুমান অতৰ্কিতে হোৱা ৰোগ

বসন্ত বা আই

বসন্ত বা বৰ আই যাৰ বাবে এসময়ত মহামাৰীৰ সৃষ্টি হৈছিল আৰু বহু মানুহৰ একে সময়তে মৃত্যু হৈছিল সেই ৰোগ এতিয়া আমাৰ দেশত নাই। তথাপি শীতৰ অন্তত বসন্তৰ আগমনৰ সময়ত মৃদু প্ৰভাৱৰ বসন্ত ৰোগ হয়।

শিশুৰ বসন্ত বা আই ওলালে

বৰ্তমান সময়ত (শতিকাত) বৰ বসন্ত বা বৰ আই আমাৰ দেশত নাই। সৰু আই আৰু মাজু আই মাজে মাজে হোৱা দেখা যায়। বিশেষকৈ বসন্ত কালৰ আৰম্ভণিতে, ফাগুণ, চ’ত মাহত সৰু আই বিশেষভাৱে হোৱা দেখা যায় আৰু সাধাৰণতে ল’ৰা-ছোৱালী বা সৰু কেঁচুৱাৰে হয়।

সৰু আইৰ লক্ষণ

প্ৰথমতে গা বিষায়। তাৰ পাছত ঠাণ্ডা লাগি জ্বৰ হয়। ২-৩ দিন জ্বৰ হোৱাৰ পাছত গাৰ ছালত সৰু সৰু ঘামচিৰ দৰে ৰঙা ৰঙা গুটি ওলায়। গুটিবোৰৰ মাজভাগত বগা স্পট থাকে। গুটি প্ৰথমতে গালত ওলায়। পাছত মুখমণ্ডল আৰু শৰীৰৰ অন্য অংশলৈও বিয়পি পৰে। গুটিবোৰ ৩-৫ দিন মান থাকে। এই সময়ত ৰোগীজন বৰ ৰোগ সংক্ৰমণৰ কাৰক হৈ থাকে আৰু সংস্পৰ্শলৈ অহা ব্যক্তিৰ এই বসন্ত হোৱাৰ সম্ভাৱনা থাকে। ৰোগৰ বীজাণু (ভাইৰাছ) অন্যজনলৈ গলে ৭-১৪ দিনৰ ভিতৰত ৰোগৰ লক্ষণে দেখা দিয়ে। মিজলছ্ হ’লে পাঁচ দিনমানৰ পাছত ৰোগী আৰোগ্যৰ পথলৈ আহিবলৈ ধৰে আৰু ৭-৮ দিনত ঠিক হৈ যায়। কিন্তু অন্য ইনফেকছন হোৱাৰ ভয় থাকে। নিউমোনিয়া হ’ব পাৰে বা কাণৰ (মধ্যকাণৰ) ৰোগ হোৱাৰ ভয় থাকে। সম্পূৰ্ণ আৰোগ্য হ’বলৈ ২-৪ সপ্তাহ লাগে।

মাজু আইৰ লক্ষণ

ইও বৰ সংক্ৰামক ৰোগ, কিন্তু কিছু নম্ৰ প্ৰকৃতিৰ। এবিধ ‘হাৰপিছ ভাইৰাছ’ৰ বাবে এই ৰোগ হয়। ৰোগীৰ গালৈ বীজাণু অহাৰ ১১ দিনৰ ভিতৰত ৰোগৰ লক্ষণে দেখা দিয়ে। সাধাৰণ জ্বৰ হয় আৰু তাৰ ২৪ ঘণ্টাৰ ভিতৰত ক’লা ৰঙৰ গুটি গুটি ৰোগীৰ ছালত ওলায়। এইবোৰ প্ৰথমতে পেটত বা গাত ওলায় আৰু পাছলৈ মুখমণ্ডল, কপালৰ চুলিৰ ওচৰত আৰু অন্যান্য অংগ-প্ৰত্যংগতো ওলায়। এই গুটিবোৰত তাৰ পাছত পানীৰ জোলা বান্ধে আৰু পাছত শুকাই চকলা বান্ধি এৰি যায়। ১২ দিনত সম্পূৰ্ণৰূপে চোকোৰাবোৰ এৰি গৈ ছাল পৰিষ্কাৰ হয়। কিন্তু ছালত বগা বগা দাগ পৰে আৰু লাহে লাহে গাৰ ছাল স্বাভাৱিক হৈ উঠে। ৰোগীৰ ছালত গুটি গুটি হৈ ওলোৱাৰ পৰা চোকোৰা এৰি শেষ হৈ নোযোৱালৈ ৰোগীজন এই ৰোগৰ ভাইৰাছৰ উত্স হৈ থাকে, তেওঁৰ পৰা আনলৈ ৰোগ সংক্ৰমণ হৈ থাকিব পাৰে। এই ৰোগ ল’ৰা-ছোৱালীৰেই হয় আৰু এবাৰ হোৱাৰ পাছত গোটেই জীৱনলৈ আৰু নহয়। ডাঙৰ মানুহৰ খুব কম হোৱা দেখা যায়। ইয়াক চিকেনপক্স বা ভেৰিচেলা বোলে। ই আপোনা-আপুনিয়ে আৰোগ্য হয়। বিশেষ ক্ষতি নহয়।

চিকিৎসা

বসন্তৰ চিকিৎসাতকৈ প্ৰতিষেধক ঔষধ বিশেষ ফলপ্ৰদ হয়। আজিকিলি চৰকাৰীভাৱে বিশেষ গুৰুত্ব সহকাৰে বসন্তৰ বিৰুদ্ধে গোটেই বিশ্বজুৰি, বিশ্বস্বাস্থ্য সংস্থাৰ পৰামৰ্শ আৰু সাহায্যৰে প্ৰতিষেধক আঁচনি বা ইম্যুনিজেছন প্ৰগ্ৰেম চলোৱা হৈছে। তাৰেই ফলশ্ৰুতি হিচাপে বৰ বসন্ত নিৰ্মূল হৈছে। এই দুবিধৰো প্ৰভাৱ কমি আহিছে।

ৰোগ হৈ গ’লে আমাৰ ঘৰুৱা চিকিৎসা হিচাপে ১ ঘণ্টাৰ মূৰে মূৰে ১ চামুচকৈ মিথি ভিজোৱা পানী ৰোগীক খুৱাই থাকিব লাগে। তাৰ ফলত গাৰ জ্বালা বা জ্বলনৰ কিছু উপশম হ’ব। ৰোগ সোনকালে গুচোৱাৰ কোনো উপায় নাই। সেয়েহে আমাৰ সমাজত এটা পুৰণি বিশ্বাস আছিল আই গ’লেহে ৰোগীও ভাল হ’ব আৰু সেইবাবেই শীতলা আইৰ নাম মহিলাসকলে লগ লাগি লৈছিল।

শিশুৰ সৰু আইৰ দোষ (বা প্ৰতিক্ৰিয়া) থাকিলে

চিকিৎসা

শেৱালি ফুলৰ গুড়ি আধা চামুচ মৌৰ লগত খাবলৈ দিলে সৰু আইৰ দোষ থাকিলে নিৰাময় হয়।

পেটৰ ঘা বা আলচাৰ

পেটৰ এই ঘা সাধাৰণতে ডুঅ’ডেনামতে হয়। বহুদিন ধৰি পেটৰ গেছ হৈ থকাৰ ফলত হয়।

ৰোগৰ লক্ষণ

খাদ্য খালেই পেটত জ্বালা কৰে, বিষ হয়। এক্সৰে ফটো ল’লে ঘা ধৰা পৰে।

চিকিৎসা

শল্য চিকিত্সকে অস্ত্ৰোপচাৰ কৰি আলচাৰ হোৱা অংশ আঁতৰায়। ৰোগীয়ে বিষ-বেদনাৰ পৰা আৰাম পায়।

ঘৰুৱা চিকিৎসা হিচাপে থানকুনিৰ পাত, কালমেঘৰ পাত প্ৰত্যেকবিধৰে ২ চামুচকৈ ৰস এটা পাত্ৰত ৰাখি, তাতে পৰিষ্কাৰ লো এটুকুৰা গৰম কৰি তাত সোমাই দিয়ক আৰু তাৰ পৰা আলচাৰ ভাল নোহোৱা পৰ্যন্ত ৰাতিপুৱা খালী পেটতে ২ চামুচকৈ খাওক। আৰাম পাব।

পথ্যাপথ্য

অমিতা, পুৰাকল, সিদ্ধ ভাত খাব। ঘিউ, মছলা, ভজা বস্তু নাখাব। পেট কেতিয়াও খালী নাৰাখিব।

নখচুকীয়া বা নখৰ কোণত বিষ

নখ কটাৰ দোষত বা নখৰ দুয়োফালে নখৰ আগ ধাৰাল হৈ মাংসলৈ সোমাই যায় আৰু বিষ হয়। পকিবও পাৰে।

চিকিৎসা

২ পাত পাণ, ১ টা তেজপাত লগ লগাই বটি প্ৰলেপ দিয়ক। একাপ পানীত ২০-৩০ টা মহানিম পাত থেতেলাই ১৫ মিনিট উতলাওক আৰু সেই পানী অলপ গৰম থাকোঁতে (সহ্য কৰিব পৰা গৰম) আঙুলি জোবোৰাই ধৰি থাকক। আৰাম পাব, নখৰ অসূখ দূৰ হ’ব। ৩ দিনমান দিব লাগিব পাৰে।

কেঁচা হালধিৰ ৰস ৪ চামুচৰ লগত ২-৩ টা শিলিখা, ২০-২১ টা মহানিমৰ পাত আৰু নিমৰ গুটি বটি অলপ গৰম কৰি প্ৰলেপ দিয়ক, নখৰ বিষ দূৰ হ’ব। ৩ দিনৰ ভিতৰতে আৰোগ্য হ’ব।

আঙুলহাড়া

ইয়ো নখচুকীয়াৰ নিচিনাই অসুখ কিন্তু বেছি ফুলি উঠে আৰু আঙুলিৰ নখ বৰ বিষায়।

চিকিৎসা

নিম গছৰ ছাল ২৫ গ্ৰাম, অজকৰ্ণ (অসন বৃক্ষ- ছাগলীৰ কাণৰ দৰে পাত থকা এবিধ গছৰ ছাল) ২৫ গ্ৰাম আৰু যষ্টিমধু ২৫ গ্ৰাম একেলগে মিহলাই বটি ১৫ মিনিটৰ পাছে পাছে ২-৩ বাৰমান প্ৰলেপ দিলে এই অসূখ দূৰ হ’ব।

নখত বগা স্পট পৰা অসুখ

শৰীৰত কেলচিয়ামৰ অভাৱ হলে এই অসুখ হ’ব পাৰে।

প্ৰতিকাৰ

কেলচিয়াম যুক্ত খাদ্য, কাটা খুতুৰা, চজিনাৰ পাত, চয়াবিন, নাৰিকল, ফুলকবি, নৰসিংহৰ পাত, পদিনা, সৰিয়হৰ শাক, পিঁয়াজ, গাখীৰ, গাজৰ আদি যথেষ্ট পৰিমাণে খাব লাগে।

ফেৰিংজাইটিছ

গলৰ ফেৰিং নামৰ গ্ৰন্থিৰ প্ৰদাহ। গল চেৰচেৰাই অসুখ কৰে। লগতে টনচিলো বাঢ়িব খোজে।

চিকিৎসা

তেজমুৰিৰ ছাল চোবাই খাব লাগে, আৰাম হয়। গৰম পানীৰে নিমখ দি গাৰ্গল কৰিব। ৰাতি শোৱাৰ আগতে কৰিব লাগে।

লেৰিংজাইটিছ

গলৰ লেৰিংছ আৰু ভোকেল কৰ্ডৰ প্ৰদাহ। কোনো বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হৈ বা গেছ বা কোনো ৰাসায়নিক বস্তুৰ সংশ্ৰৱত উত্তেজিত হৈ পৰাৰ বাবে প্ৰদাহিক অৱস্থাৰ সৃষ্টি হয়। ফুলি উঠে আৰু লেৰিংছ, ভকেল কৰ্ড ঠিকমতে লৰিব নোৱৰা হয়। মাত বহি যায়। বিষ অনুভৱ হয়। গলত অসুখ লাগি থাকে।

চিকিৎসা

আজিকালি এল’পেথিক ঔষধ সহজে পোৱা হৈছে আৰু ব্যৱহাৰ কৰিলে সোনকালে আৰোগ্য হয়।

যদি ঠাণ্ডা লাগি হৈছে ৭ টা জালুক আৰু ১ চামুচ মিছিৰি চোবাই খাওক। পাছত অলপমান গৰম পানী খাব পাৰে।

গৰম নিমখ পানীৰে গাৰ্গল কৰিবই লাগে।

মোৰ উঠা ৰোগ

ৰোগৰ লক্ষণ

অতিসাৰ বা পেট চলা ৰোগেই কিন্তু হঠাত্ পেট বৰ বিষায়, জ্বৰো উঠি যাব পাৰে আৰু শৰীৰ একেবাৰে ঠাণ্ডা পৰি যাবলৈ ধৰে।

চিকিৎসা

পাণ, আদা আৰু নহৰু খুন্দি তাৰ লগত অলপ নিমখ দি খাবলৈ দিয়ক, আৰাম পাৰ।

ৰঙা এৰা পাত খুন্দি ৰস উলিয়াই তাৰ ১০ মিলিলিটাৰমান খুৱাই দিব লাগে আৰু গোটেই গাত সেই ৰসেৰে মালিছ কৰিব লাগে।

বচ গছৰ আলু আৰু নহৰু খুন্দি তাৰ ৰস ১০ মিলিলিটাৰ (২ চামুচ) খাবলৈ দিব লাগে, ভাল পাব।

চিগাৰেট বিড়ি খাই কফ্ হলে

চিকিৎসা

মৰাণ আদা কেই টুকুৰামান চোবাই খালে কফ্ বাহিৰ হ’ব।

ভোক নোহোৱা হ’লে

চিকিৎসা

ত্ৰিফলা পানীত গুলি দিনে ২ বাৰ খাওক।

দ্ৰোণপুষ্প শাক পাতত দি খাওক, ভোক লাগিব।

সিৰৰ সংকোচন

চিকিৎসা

ভেদাইলতাৰ পাতৰ ৰস তিলৰ তেলৰ লগত মিহলাই সিৰ সংকোচন হোৱা ঠাইত মালিছ কৰিব লাগে।

শৰীৰত আঘাত পাই ভিতৰত দুখ পালে

চিকিৎসা

২ গ্ৰাম ফিটকিৰি আধা লিটাৰ গৰুৰ গাখীৰেৰে খাব লাগে, ভাল হয়।

ঘাত পোক হ’লে

চিকিৎসা

আকন্দ গছৰ ঠাৰি বা গছৰেই আঠা লগালে পোক মৰে।

শৰীৰৰ মেদ বৃদ্ধি

এনেয়ে গা শকত হৈ আহে। অলপ কাম কৰিলেই ভাগৰ লাগে।

চিকিৎসা

এৰাপাতৰ খাৰ খোৱা হিঙৰ লগত খোৱা খাদ্যত ব্যৱহাৰ কৰিলে শৰীৰৰ গঠন স্বাভাৱিক হয়।

প্ৰস্ৰাৱত বীৰ্য যোৱা অসুখ

চিকিৎসা

বাদাম ৬ টা, জলকীয়াৰ গুটি ৬ টা ভাঙি অলপ মিছিৰি মিহলি কৰি ৰাতিপুৱা ২০০ মিলিলিটাৰ গাখীৰৰ লগত খাব।

প্ৰস্ৰাৱ ৰৈ ৰৈ পৰিলে

চিকিৎসা

কেঁচা চালগোম আৰু মূলা ২-৩ টা একেলগে বটি খাব লাগে।

দুপৰীয়া টেঙাৰ পাতৰ ৰস ২৩ গ্ৰাম দিনে ২ বাৰ খালে উপকাৰ হয়।

শৰীৰৰ পৰী দুৰ্গন্ধ ওলোৱা হ’লে

চিকিৎসা

মানিমুনি শাক ৰাতিপুৱা ৰান্ধি খালে দিনটোলৈ গাৰ গোন্ধ নোলায়।

শৰীৰৰ বগা দাগ

চিকিৎসা

অমিতাৰ আঠা লগাব লাগে। দাগ উঠি যায়।

চূণে ডাকিলে

চিকিৎসা

৩ টা লং মুখত ভৰাই দাঁতেৰে চোবাই চোবাই কিছু সময় ৰাখিলে আৰাম পাব।

গাত বগা চোম পৰিলে

চিকিৎসা

তুলসী পাতৰ ৰস, কেঁচা হালধিৰ ৰস আৰু মৌ মিহলাই তাত সানিব লাগে। বগা দাগ গুচে।

চোম গছৰ কেঁচা পাত বটি সানিলেও বগা চোম যায়।

দেহৰ কোনো অংশত ক’লা দাগ পৰিলে

চিকিৎসা

ক’লা তুলসীৰ পাতৰ ৰসৰ লগত অলপ নেমুটঙাৰ ৰসমিহলাই সানিলে উপকাৰ হয়। দাগ যায়।

ৰাতি শোৱাৰ আগত ঘিউ সানি মালিছ কৰিবও পাৰি।

শৌচ হওঁ হওঁ কৰে কিন্তু নহয়

চিকিৎসা

নৰসিংহৰ ৮-১০ টা কেঁচা পাত খুন্দি গুহ্যদ্বাৰত লগালে শৌচ হয়।

পানী বা বস্তু খাওঁতে দাঁত সিৰসিৰালে

চিকিৎসা

সৌৰা গছৰ ঠাৰিৰে ১ সপ্তাহ দাঁত মাজিলে সিৰসিৰণি নাথাকে। (সৌৰা গছ সৰু জুপুৰা গছ)।

ক্ষীণ আৰু দুৰ্বল লোকৰ বল-শক্তি আনিব খুজিলেঃ

চিকিৎসা

১৫-২০ টা পচতীয়াৰ পাত, ৫ গ্ৰাম গৰুৰ ঘিউত ভাজি কিছুদিন খাওক, উপকাৰ হ’ব। শৰীৰ শকত হ’ব, বল-শক্তি বাঢ়িব।

অলাগতিয়াল চুলি যদি উঠাব লাগে

চিকিৎসা

হৰিতাল, শংখচূৰ্ণ আৰু ভীমকলৰ খাৰ সম পৰিমাণত লৈ ভালদৰে মিহলাই উঠাব লগা চুলিত লগাওক। চুলি উঠি যাব।

প্লেগ ৰোগ

চিকিৎসা

আধাকাপ ঘিউত অলপ গাখীৰ দি দিনে তিনি বাৰ খুৱালেই প্লেগ ৰোগ ভাল হয়।

ভৰিৰ আঙুলিত পানীয়ে খালে

চিকিৎসা

জেতুকাৰ পাত আৰু কেঁচা হালধি খুন্দি পানীয়ে খোৱা ঠাইত প্ৰলেপ দিব লাগে।

পকা/পুৰণি অমৰাও লগাব পাৰি।

নাক সোপা মাৰি ধৰিলে (অসুখত)

চিকিৎসা

মৰাণ আদা, মৌ জোল আৰু তুলসীৰ ৰস (সকলোৰে অলপ অলপ) খাব লাগে।

বকফুল আৰু পাত খুন্দি নাকেৰে শুঙিব লাগে। কেইবাৰমান শুঙিলেই নাক সোপা মাৰি ধৰা অসুখ দূৰ হয়।

দ্ৰোণপুষ্পৰ পাতৰ ৰস নাকত টোপ ধৰি দুই টোপ দুই টোপ দিলেও নাক খোলা হয়।

কালজিৰা (কলাজিৰা) এচামুচ এখন পাতল কাপোৰত লৈ মোহাৰি নাকেৰে শুঙিলেও নাক খুলি যায়।

জৰায়ুৰ বিষ

চিকিৎসাপচতীয়াৰ পাত সিজাই (পানী কিছু ঘন হৈ গ’লে) সেই পানী আধা কাপমান দিনে দুবাৰ খাব লাগে।

এখন কাপোৰত পচতীয়াৰ পাত ৫০ গ্ৰাম লৈ তাত অলপ গৰম বালি (সহিব পৰা গৰম) মিহলি কৰি টোপোলা বান্ধি বিষ হোৱা ঠাইত সেক দিলে বিষ কমি যাব।

নগা ঘা

চিকিৎসা

চিত্ৰনলা তেলৰ লগত নাৰিকল তেল মিহলি কৰি সানিলে ঘা, খজুৱতি ভাল হয়।

এই তেল গাত সানিলে মহে নাকামোৰে। ডাঁহ, জোক, পোক-পৰুৱা আদিয়েও নাখায়। চিত্ৰনলাৰ গোন্ধত পলায়। চিত্ৰনলাৰ গোন্ধত মাখিও পলায়।

কলিজাৰ বিষ

চিকিৎসা

পকা তেঁতেলি ১০ গ্ৰামত মিছিৰি মিহলাই খাব লাগে। দিনে ২-৩ বাৰ খালে বিষ নোহোৱা হ’ব।

চিটিকা ঘা

এই ঘা খুজতীয়াৰ দৰে এঠাইৰ পৰা আন ঠাইলৈ বিয়পে।

চিকিৎসা

দূবৰিবন আৰু কেঁচা হালধি খুন্দি লগালে চিটিকা ঘা ভাল হয়।

ভোমোৰাৰ গুটিৰ ওপৰৰ বাকলিটো খুন্দি চিটিকা ঘাত লগালে ঘা ভাল হয়।

গৰ্ভপাত কৰাব লাগিলে

চিকিৎসা

আজিকালি গৰ্ভমোচন কৰোৱাটো চৰকাৰীভাৱে অনুমোদিত আৰু চৰকাৰী চিকিৎসালয়ত কৰোৱা হয়। এই সাহায্য গ্ৰহণ কৰিব পাৰে।

ৰোগী বা দুৰ্বল লোকে সংগমত সুখ পাবলৈ

চিকিৎসা

ৰঙা পিঁয়াজ ৬০ গ্ৰাম, ১০-১২ চামুচ ঘিউ আৰু ২৫০ মিলিলিটাৰ গাখীৰ মিহলাই উতলাব লাগে। অলপ ঘন হৈ উঠিলে মিছিৰি অলপ মিহলাই ৰাতিপুৱা একেৰাহে এমাহ খালে যৌন সুখ ভোগ (পুৰুষে) কৰিব পাৰিব।

২৫০ মিলিলিটাৰ গাখীৰত ৫ টা বাদাম গুড়ি কৰি মিহলাই খালে শৰীৰৰ শক্তি বাঢ়ে।

প্ৰতিদিনে নাৰী আৰু পুৰুষ উভয়ে ২ চামুচ আমলখিৰ ৰসৰ লগত নহৰুৰ ২ টা কোঁহ বটি খালে যৌনশক্তি দীৰ্ঘস্থায়ী হ’ব।

কিডনিৰ দোষত কঁকালৰ বিষ হ’লে

চিকিৎসা

১০ টা পাতেগজাৰ পাত (দুপৰীয়া টেঙাৰ পাত) খুন্দি ৰস উলিয়াই চেনি বা নিমখ দি এসপ্তাহ খালে বিষ কমিব।

গৰমত প্ৰস্ৰাৱ ৰঙা হ’লে

চিকিৎসা

এটা পকা ভীমকল চকলিয়াই এৰাতি পানীত তিয়াই থ’ব লাগে আৰু ৰাতিপুৱা খালী পেটতে খাব লাগে। প্ৰস্ৰাৱ স্বাভাৱিক হ’ব।

কৰ্কট ৰোগ

কৰ্কট অতি পুৰণি কালৰ পৰা মানৱদেহত হৈ থকা ৰোগ। ইয়াৰ সংস্কৃত নাম কৰ্কট। ইংৰাজীত ইয়াক ‘কেনচাৰ’ বোলে। কেনচাৰ লেটিন শব্দ, ইয়াৰ অৰ্থ ক্ৰেব মানে কেঁকোৰা (বা কুটিল)। ইয়াৰ অন্য মেডিকেল নাম- কাৰ্চিন’মা এটা গ্ৰীক শব্দ। কৰ্কট ৰোগ কোষৰ ৰোগ আৰু কিছুমান মাংসপেশীৰ অনুৰূপ টেমুনা। দেখাত ই যি ঠাইত আছে তাৰেই মাংসপেশীৰ দৰে। কিন্তু ই মাংসপেশীৰ দৰে শৰীৰৰ আৱশ্যকীয় কোনো কাম নকৰে। বৰং যি ঠাইত হৈছে সেই মাংসপেশীৰ ক্ষতি কৰি ই বাঢ়ে। কথা হৈছে কৰ্কট ৰোগ টেমুনা বান্ধিয়ে হয়, কিন্তু টেমুনা অন্য ৰোগতো হয় আৰু টেমুনা দেখিলেই কৰ্কট ৰোগ বুলি ভাবিব নালাগে।

কৰ্কট এবিধ অস্বাভাৱিক ক্ষতিকাৰক, নতুনকৈ হ’ব ধৰা টেমুনা। জৈৱিক লক্ষণ বা ক্লিনিকেল অন্বেষণ অনুসৰি কৰ্কট ৰোগ ১০০ বিধমান আছে। কিন্তু এইবোৰক প্ৰধানকৈ দুভাগত ভগাব পাৰি আৰু তেনেকৈ বিচাৰ কৰা হয়। কাৰ্চিন’মা আৰু ছাৰক’মা। কাৰ্চিন’মা হৈছে এটা নতুনকৈ উত্পন্ন হোৱা, শৰীৰৰ ভিতৰৰে ফঁপোলা অংগৰ বাহিৰৰ অংশৰ মাংসপেশী ওফন্দি ওঠা এক ধৰণৰ টেমুনা। ই মাংসপেশীবোৰক ৰোগগ্ৰস্ত কৰি পেলায় আৰু ওচৰৰ চাৰিওফালৰ মাংসৰ আঁহবোৰৰ মাজেৰে লাহে লাহে বিয়পি থাকি সেই মাংসপেশীবোৰকো ৰুগীয়া কৰি তোলে। ইয়াৰ ৰোগকাৰক বীজাণু দেখা টেমুনাৰ পৰা বহুত দূৰলৈ বিয়পি থাকে।

মানুহৰ আদি স্তৰ হৈছে ভ্ৰূণ। ভ্ৰূণত তিনিটা মূল বস্তু থাকে। তাৰ পৰাই মানুহৰ অস্থি, মাংস, নাড়ী, ভুঁৰু, তেজ আদিৰ উত্পন্ন হয়। সেইবোৰ স্তৰ হৈছে- এক্টোডাৰ্ম, এন্টোডাৰ্ম আৰু মেজোডাৰ্ম। ছাৰক’মা হৈছে এই মেজোডাৰ্ম মূল স্তৰৰ পৰা উদ্ভূত এবিধ ক্ষতিকাৰক টেমুনা।

আৰম্ভ হোৱা ঠাইৰ পৰা বহু দূৰলৈ ক্ষতিকাৰক টেমুনা আগবাঢ়ি যোৱাৰ যিটো পদ্ধতি, ই তেজৰ সোঁতৰ সৈতে তৰল পদাৰ্থ বাহিকা নাড়ীৰ মাজেৰে আৰু শৰীৰৰ আভ্যন্তৰীণ সুৰুঙাবোৰেৰে বিস্তাৰিত হয় আৰু দেখা দিয়া টেমুনাৰ পৰা দূৰত, বিশেষজ্ঞসকলেহে জানিব পৰা ধৰণৰ টেমুনাৰ সৃষ্টি কৰে। কৰ্কট ৰোগ যিকোনো বয়সতে হ’ব পাৰে। কিন্তু সাধাৰণতে ৪০ বছৰ বয়সৰ পাছত হোৱাই দেখা যায়।

ৰোগৰ কাৰণ

আজিৰ চিকিৎসা জগতত ৰোগৰ কাৰণ আৰু তাৰ চিকিৎসাৰ বিষয়ে জানিবলৈ আধুনিক প্ৰযুক্তি-কৌশল আৰু যন্ত্ৰ-পাতিৰ আৱিষ্কাৰ হৈছে। এই ৰোগৰ পৰা আৰোগ্য লাভৰ ক্ষেত্ৰত নিশ্চিত হ’ব পৰা গৈছে। বৰ বসন্ত, ক’লা জ্বৰ আদি অতীতৰ কথা হৈ গ’ল। তেনেকৈ আৰু বহু ৰোগক নিৰ্মূল কৰিবলৈ বিশ্বস্বাস্থ্য সংস্থাই অহৰহ চেষ্টা চলাই পৃথিৱী ব্যাপি বিস্তৃত আঁচনি আগবঢ়াই নি আছে। এই অৱস্থাতো কৰ্কটৰ টেমুনা কিয় হয়, কিয় তেনেকৈ বাধাহীনভাৱে কোষবোৰৰ বিভাজন হয় আৰু ৰুগীয়া হৈ কোষবোৰ মৰে, গেলি-পচি যায় জানিব পৰা হোৱা নাই আৰু তাৰ বাবেই কৰ্কট ৰোগৰ আৰোগ্যৰ পথ সুনিশ্চিত হোৱা নাই। কিন্তু চিকিত্সক, গৱেষক কিছুমানৰ উত্সৰ্গিত জীৱন-যোৰা সাধনা আৰু পৰিশ্ৰমৰ ফলত সংকেত জ্ঞাপক কাৰণ কিছুমানৰ উদ্ভাৱন হৈছে। ৰাসায়নিক, যান্ত্ৰিক, পাৰিপাৰ্শ্বিক আৰু ৰোগকাৰক বীজাণু তথা ভাইৰাছৰ পৰা কৰ্কট ৰোগ হয় বুলি ধাৰণা কৰা হৈছে। কৰ্কট ৰোগ খাটাংকৈ জনাৰ উপায় হৈছে ‘বায়’প্ছি’ পৰীক্ষা। আক্ৰান্ত ঠাইৰ পৰা অকণমান মাংস (কোষ) কাটি নি পৰীক্ষা কৰা হয়। ইয়াৰ উত্পত্তি, বিশেষকৈ স্নায়ু, শ্লেষ্মা আৰু জৰায়ু সংযুক্ত স্থানত হয়। ছাল, পৌষ্টিক অংগৰ নলী, জনন অংগ, হাঁওফাঁও, গুহ্যদ্বাৰ, যকৃত, গলৰ বিভিন্ন অংশত এই ৰোগ হয়।

ৰোগৰ লক্ষণঃ কৰ্কট ৰোগৰ আগজাননী হিচাপে তলত দিয়া ৭ বিধ সংকেতৰ ওপৰত নিৰ্ভৰ কৰা দেখা যায়।

(১)শৌচ-প্ৰস্ৰাৱৰ ধাৰাবাহিক নিয়মৰ পৰিৱৰ্তন হোৱা।

(২)গলত ছাল যোৱা ধৰণৰ অসুখ কিন্তু আৰোগ্য নহয়।

(৩)অস্বাভাৱিক ৰক্ত ক্ষৰণ।

(৪)শৰীৰৰ স্তন বা যিকোনো ঠাইত মাংসপেশী উখহি উঠা (মহিলাৰ স্তনত বিশেষভাৱে হোৱা দেখা যায়)।

(৫)খোৱাবস্তু গিলিবলৈ অসুবিধা পোৱা।

(৬)হঠাত্ শৰীৰৰ কাঠ আচিনাই, তিল আদি দাগৰ কোনো পৰিৱৰ্তন হোৱা।

(৭)বিৰক্ত কৰি থকা কাহ বা মাত ভাগি যোৱা অৱস্থা।

চিকিৎসা

সাধাৰণতে লোৱা চিকিৎসা ব্যৱস্থাবোৰ হৈছে অপাৰেছন, ৰঞ্জন ৰশ্মিৰ চিকিৎসা, ৰসায়ন চিকিৎসা, হৰম’ন চিকিৎসা বা এণ্ড’ক্ৰাইন থেৰাপি, ইমিউন’ থেৰাপি আৰু এণ্টিবায়’টিক্ছ। বিশ্বাস কৰা হয় যে আৰম্ভণিতে জানি চিকিৎসা কৰিলে কৰ্কট ৰোগীক আৰোগ্য কৰিব পাৰি। গতিকে ওপৰত উল্লেখ কৰা লক্ষণবোৰলৈ লক্ষ্য ৰাখি সোনকালে চিকিৎসা কৰাৰ ব্যৱস্থা ল’ব লাগে।

আজিকালি কেনচাৰ ৰোগীক অসহ্য যন্ত্ৰণাৰ পৰা সকাহ দিব পৰা বেজি ওলাইছে। ৰোগৰ যন্ত্ৰণা কিছু প্ৰশমিত হয়।

ৰোগৰ প্ৰকৃত কাৰণ জানিব নোৱাৰিলেও, তেজৰ দোষ, দূষিত পদাৰ্থ শৰীৰত জমা হোৱা আৰু অখাদ্য আদি খোৱাৰ ফলত হয় বুলি অনুমান কৰা হয়। ডাঃ নৰমান বাৰকাৰে (এম.ডি) অস্বাস্থ্যকৰ জীৱন-যাপনেই (স্বাস্থ্যৰ ক্ষতিৰ প্ৰতি চকু নৰখা জীৱন-যাপনেই) এই ৰোগৰ কাৰণ বুলি কৈছে। মেক্সিক’ৰ এজন অধ্যাপক আদিলেচে কয়- ৯৯% কৰ্কট ৰোগীয়েই শৌচ কচা অসুখত ভোগা মানুহ। শৌচ কচাৰ প্ৰকোপ যিমানেই বেছি কাৰ্চিন’মা হোৱাৰ সম্ভাৱনাও সিমানেই বেছি থাকে। বহুবোৰ পৰীক্ষা-নিৰীক্ষাৰ পৰা দেখা গৈছে যে কৰ্কট ৰোগীৰ তেজ আৰু প্ৰস্ৰাৱত বিকৃতাৱস্থা বিশেষভাৱে থাকে। প্ৰস্ৰাৱত ক্ল’ৰাইড আৰু ফছফেট নাথাকে। ইফালে কাৰ্ব’নেট অধিক পৰিমাণে থাকে। তেজ পৰীক্ষা কৰিলে দেখা যায় ফছফেট, ক্ল’ৰাইড, আৰ.বি.চি., অক্সিহিম’গ্ল’বিন বহুত কম থাকে। সেই হিচাপে দেখা যায় কৰ্কট ৰোগ হোৱাৰ সৈতে শৰীৰৰ খনিজ লোণ আৰু অম্লজানৰ ঘনিষ্ঠ সম্বন্ধ আছে। বহুদিনৰ পৰা বেছিকৈ নিমখ খোৱাৰ অভ্যাস আৰু ছডিয়াম বাইকাৰ্ব’নেট্, ছডিয়াম ছালফেট, খাদ্যবস্তু তৈয়াৰ আৰু সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰি, সেই খাদ্যবস্তু খাই থকা অভ্যাসৰ ফলত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। ডাঃ ই.এইচ. স্মলপেজে কৈছে যে অধিক কাৰ্ব’নেট কৰ্কট ৰোগৰ আহ্বায়ক হৈ থাকে। গতিকে শৰীৰৰ পৰা কাৰ্ব’নেট কমাব লাগে। শৰীৰৰ অংগ-প্ৰত্যংগ, মাংসপেশী, মাংসপেশীৰ তৰল পদাৰ্থবোৰ সকলোতে যাতে অম্লজান বৃদ্ধি হয় তাৰ যত্ন ল’ব লাগে। তাৰ বাবে পটাছিয়াম যথেষ্টভাৱে পাই থকাৰ আৱশ্যক। পটাছ এণ্টিবায়’টিক আৰু এণ্টিছেপ্টিক (পচনৰোধক) আৰু আৰোগ্যদায়ক।

এইবোৰ কথালৈ লক্ষ্য ৰাখি খাদ্য আৰু ঘৰুৱা চিকিৎসাৰ ব্যৱস্থা কৰিব পাৰি।

ঘৰুৱা চিকিৎসা

প্ৰথম অৱস্থাৰ ৰোগীক দুই দিন উপবাস কৰোৱাই (লঘোনে ৰাখি) দৈনিক ২০ গ্ৰাম আঙুৰ বা ৪ চামুচ আঙুৰৰ ৰস, একেৰাহে এমাহ খুৱালে বহু উপকাৰ হয়। প্ৰায় আৰোগ্যৰ পথলৈকে আহে।

ৰক্ত কৰ্কটত (ব্লাড কেনচাৰ) প্ৰতিদিনে আধা কাপকৈ বিটৰ ৰস দিনে ২-৩ বাৰকৈ খালে বিশেষ উপকাৰ হয়। নিয়মীয়াকৈ ৫-৬ কোঁহ নহৰু খালে কৰ্কট ৰোগ কেতিয়াও নহয়। কৰ্কট ৰোগ পেটৰ হ’লে, আক্ৰমণ কৰাৰ প্ৰথম অৱস্থাত, এটা নহৰু বটি তাৰ লগত অলপ পানী মিহলি কৰি, একেৰাহে ১৫-২০ দিন খালে পেটৰ কৰ্কট ৰোগ ভাল হ’ব পাৰে।

নিতৌ ২০০ গ্ৰামকৈ কেঁচা গাজৰ খালেও যথেষ্ট উপকাৰ হয়।

ঘেঁহুৰ পাত, ঠাৰি খুন্দি তাৰ ৰস উলিয়াই এগিলাচ ৰাতিপুৱা আৰু এগিলাচ গধূলি, দিনে ২ বাৰকৈ এমাহ খালে আৰম্ভ হোৱা কৰ্কট ৰোগ ভাল হয়। ৰস উলিয়াই বেছি সময় ৰাখি থ’ব নালাগে লগে লগে খাব লাগে।

আধা কাপ ঘেঁহু ধুই তাক ২ কাপ পানীচ ৰাতি তিয়াই থৈ ৰাতিপুৱা খালী পেটতে সেই পানী খালে প্ৰাৰম্ভিক অৱস্থাৰ কৰ্কট ৰোগ আৰোগ্য হ’ব পাৰে।

নয়নতৰা ফুলৰ পাতৰ ৰস বা পিৰালী কুঁৱৰীৰ পাতৰ ৰস বৰ উপকাৰী।

পথ্যাপথ্য

আঙুৰ, আপেল, খেজুৰী, গাখীৰ, দৈ, সুমথিৰা টেঙা, বিলাহী, ৰসাল ফলমূল আদি উপকাৰী। ত্ৰিফলা, অমিতা আৰু অমিতাৰ আঠা বৰ উপকাৰী। পদিনাৰ ৰস, ফুলকবি আৰু ক’লা কচু, ক’লা কচুৰ পাত খালেও ভাল ফল পোৱা যায়।

ডাঃ হেষ্টিংছ ক্লিফ’ৰ্ডে (এজন কৰ্কট ৰোগ বিশেষজ্ঞ) মানুহক প্ৰাকৃতিক পৰিৱেশত জীৱন-যাপন কৰিবলৈ উপদেশ দিছে। প্ৰদূষণ মুক্ত বায়ুমণ্ডল, অকৃত্ৰিম, প্ৰাকৃতিক, অধিক পৰিমাণে খনিজ লোণযুক্ত খাদ্য মানুহৰ দেহৰ বাবে আৱশ্যক আৰু তেনে পৰিৱেশত তেনে খাদ্য খাই জীৱন ধাৰণ কৰিবলৈ উপদেশ দিছে। তেওঁ আৰু কৈছে যে বেছি ৰক্তক্ষৰণ হ’লে আৰু লঘোন দি থাকিলে কেনচাৰাছগ্ৰ’থ নহয়। লঘোনে থাকিলে শৰীৰৰ বিষাক্ত বস্তু কমি যায়। সেই বাবে কেনচাৰ ৰোগীয়ে বেছিকৈ পেট ভৰাই একো খাব নালাগে। মাজে মাজে লঘোন দিয়া ভাল। জে.ডব্লিউ. আমষ্ট্ৰঙে মহিলাৰ বুকুৰ কেনচাৰত লঘোন দিয়াই আৰু নিজৰ প্ৰস্ৰাৱ নিয়মিতভাৱে খুৱাই আৰোগ্য কৰিবলৈ সক্ষম হোৱা বুলি তেওঁৰ কিতাপ ‘দ্যা ৱাটাৰ অব্ লাইফ’-অত লিখিছে।

যোগাভ্যাস নিয়মিতভাৱে কৰি থাকিলে কেনচাৰ ৰোগ নহয় বুলি যোগী, সাধু-সন্তসকলে কয়। গুৱাহাটীৰ উমাচল (কামাখ্যাৰ ওচৰৰ) যোগাশ্ৰমৰ প্ৰয়াত স্বামী শিৱানন্দ সৰস্বতী মহাৰাজে কেনচাৰ ৰোগীক নিয়মিতভাৱে সৰ্বাংগাসন, শৱাসন, প্ৰাণায়াম আৰু ভ্ৰমণ প্ৰাণায়াম অভ্যাস কৰিবলৈ কৈছে। প্ৰতিদিনে যথেষ্ট পৰিমাণে পানী খাব লাগে। কমেও ৮ গিলাচ। খাদ্যৰ প্ৰতি বিশেষ যত্নবান হ’বলৈ কৈছে যাতে অখাদ্য শৰীৰলৈ নাযায়। সদায় নেমুটেঙাৰ ৰস খাব লাগে। কেঁচা শাক-পাচলি খাব লাগে আৰু মাজে মাজে লঘোন দিব লাগে। তেখেতে কৈছে এই নিয়মবোৰ পালন কৰিলে কেনচাৰ ৰোগী আৰোগ্য হ’ব পাৰে। এইবোৰ উপদেশ মানি চলাৰ উপৰিও প্ৰতিদিনে ৰাতিপুৱা খালী পেটত ২০০ মিলিলিটাৰ স্বমূত্ৰ সেৱন কৰিলে বিশেষ উপকাৰ লাভ কৰিব।

বিশেষজ্ঞসকলে মানুহক আৰু কিছুমান বদ অভ্যাস ত্যাগ কৰিবলৈ কৈছে। খুব গৰম চাহ খোৱা, ভাত আদি গৰমে গৰমে খোৱাও নিষেধ। কেতিয়াও নাখাব। তামোল-পাণ খোৱা, চুফাৰি-পাণ খোৱা আৰু চাধা, চূণ মোহাৰি মুখত সোমাই থোৱা বা দাঁতৰ গুৰিত লগাই থোৱা অভ্যাস নকৰিব, থাকিলে এৰি দিয়ক। চিগাৰেট, বিড়ি আদি নুহুপিব। মানুহে হুপি থকা অৱস্থাত ওচৰলৈ নাযাব। চিগাৰেট, বিড়িৰ গোন্ধ নাকত সোমালেও খোৱাৰ সমানেই অন্যায় হয়। এইবোৰ বদ অভ্যাসৰ পৰা পোৱা আনন্দই গৈ চকুৰ পানীত পৰিণত কৰে। কাৰণ এইবোৰৰ পৰা কেনচাৰ হোৱাৰ সম্ভাৱনা বেছি থাকে।

ধঁপাত, চিগাৰেটৰ উপৰিও ভাং, মদ, কফি খোৱা অভ্যাসো বেয়া। মাছ, মাংস, ৰঙালাও, কোমোৰা, পিঁয়াজ, কেহা বস্তু, অধিক মছলাযুক্ত খাদ্য খোৱাও নিষেধ। দূষিত বায়ু আৰু বিষাক্ত গেছৰ পৰা সদায় আঁতৰত থাকিব লাগে। তামোল খোৱাও ভাল নহয়। পৰিশ্ৰম কৰা অনুচিত।

এনকেফেলাইটিছ জ্বৰ

ই এবিধ অতি মাৰাত্মক জ্বৰ। ইয়াৰ বীজাণু পোহনীয়া চৰাই, জন্তু আদিয়ে বিয়পায়। বৰ কঠিন জ্বৰ হয়, ১০৫-১০৬ ডিগ্ৰী থাকে, ভাল চিকিৎসা লগে লগে নহ’লে ৰোগীৰ সোনকালে মৃত্যু হয়।

চিকিৎসা

এই ধৰণৰ টান জ্বৰ চলি থাকিলে ৰোগীক ২৪ ঘণ্টাৰ ভিতৰত হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে।

ঘৰুৱা চিকিত্সাঃ চিৰতা তিতা বা কালমেঘ বা মহানিমৰ কেঁচা কুমলীয়া পাত ১৫-২০ টা মান চোবাই খাব বা ৰস উলিয়াই খুৱাব লাগে, দিনে ৩ বাৰ। কিবা খোৱাৰ আধা ঘণ্টামান পাছত খাব লাগে। জ্বৰ নামে, মূৰৰ বিষ নাইকিয়া হয়।

গুহ্যদ্বাৰত পোৰণি হ’লে বা পকিলে

চিকিৎসা

পটলৰ পাত আৰু যষ্টিমধু সম পৰিমাণে লৈ ভালদৰে বটি ছাগলীৰ গাখীৰত মিহলাই গুহ্যদ্বাৰত প্ৰলেপ দিব লাগে।

অথবা পটলৰ পাত আৰু যষ্টিমধু একেলগে ২০০-৩০০ মিলিলিটাৰ পানীত সিজাই তাৰ আৰক উলিয়াই (ক্কাথ কৰি) অলপ গৰম থাকোঁতেই গুহ্যদ্বাৰত লগাব লাগে। গুহ্যদ্বাৰৰ পোৰণি দূৰ হয়।

গুহ্যদ্বাৰ বাহিৰ ওলাই যোৱা অসুখতো ব্যৱহাৰ কৰিব পাৰি।

পেটত গেছ হ’লে

এক চামুচ নহৰুৰ ৰসত আধা চামুচ ঘিউ মিহলাই খালে লগে লগে গেছ দূৰ হ’ব। ডাঙৰ, সৰু সকলো ৰোগী সুস্থ হৈ পৰিব।

অণ্ডকোষ টনটনালে বা তেজ প্ৰস্ৰাৱ হ’লে

চিকিৎসা

তুলসী পাতৰ ৰস ২৫ মিলিলিটাৰত (৫ চামুচ) মিছিৰি গুড়ি কৰি মিহলাই দিনত ৩ বাৰ খালে অসুখ কমি যায়।

কাণত পোক হ’লে

চিকিৎসা

পদিনাৰ ৰস ২ টোপ দিলে (দিনত দুবাৰ) পোক মৰে।

বিশুদ্ধ সৰিয়হৰ তেল কাণত দিব লাগে।

গুল্মৰোগ

চিকিৎসা

২০০ মিলিলিটাৰ গাখীৰত ৩ চামুচ নহৰুৰ ৰস মিহলাই ২-৩ দিন খাব লাগে।

কামোত্তেজনা হ্ৰাস কৰিবলৈ

প্ৰতিকাৰ

ৰাতিপুৱা খালী পেটত ৩ টা পৰিষ্কাৰ বেলপাত চোবাই খাব লাগে।

ফিতাপেলু

চিকিৎসা

ডালিম গছৰ ছাল খুন্দি তাক গৰম কৰি খাব লাগে। দিনে ৩ বাৰ এদিন খালেই ফিতাপেলু মৰি শৌচৰ লগত ওলাই আহিব।

দহিকচুৰ ঠাৰি আঞ্জা কৰি খালেও উপকাৰ হয়।

অতি টোপনি টোপনি ভাব হ’লে

নেমুৰ ৰস দি ৰঙা চাহ (লাল চাহ) খাওক। টোপনিৰ প্ৰভাৱ কাটিব।

বজ্ৰাসন কৰক। আশাতীত ফল পাব। লৰা-ছোৱালীৰ পঢ়াত মন নবহিলে বজ্ৰাসন কৰিবলৈ দিয়ক।

তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা

2.70731707317
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top