মূল পৃষ্ঠা / স্বাস্থ্য / আপোনাৰ স্বাস্থ্য-সুখ আপোনাৰ হাতত / বংশ বিলুপ্তিৰ পথত মধ্যবিত্ত সুখী পৰিয়াল
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বংশ বিলুপ্তিৰ পথত মধ্যবিত্ত সুখী পৰিয়াল

বংশ বিলুপ্তিৰ পথত মধ্যবিত্ত সুখী পৰিয়ালৰ বিষয়ে লিখা হৈছে ।



মই কোনো গৱেষক নহয় , কিন্তু সাধাৰণ জ্ঞাণৰে আলোচনা কৰিবলৈ ওলাইছো এই সন্দৰ্ভত। চাৰি-পাচ দশকৰ আগলৈকে প্ৰত্যেক পৰিয়ালৰ সন্তান সাত-আঠটা আছিল। সৰুৰে পৰাই খেলা-ধূলা তথা শাৰীৰিক পৰিশ্ৰমৰ মাজেৰে ডাঙৰ হোৱা সন্তান সকল বেচ স্বাস্থ্যৱান আৰু তজবজীয়া আছিল। আজিকালি মধ্যবিত্ত পৰিয়ালৰ সন্তানৰ সংখ্যা এটা বা দুটা যদিও স্বাস্থ্যৱান নহয় । বৰ্তমান সময়ত ভাৰতবৰ্ষৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ২০% হে স্বাস্থ্যৱান । অধিক সংখ্যক ছাত্র-ছাত্ৰীৰ শাৰীৰিক পৰিশ্ৰম নাই বাবে মেদবহুলতা, তেজত চূগাৰৰ পৰিমাণ বৃদ্ধি , শক্তিহীনতা , শৰীৰ ভালদৰ লৰচৰ কৰিব নোৱাৰা , ভাজ কৰিব নোৱাৰা , অস্বাভাৱিক চাল-চলন , শৰীৰৰ জড়তা আদিত আক্ৰান্ত। মৰমতে নিজসন্তানক কোনো কাম কৰিবলৈ নিদিয়ে আজিৰ সভ্য সমাজৰ অভিভাৱক সকলে। আনহাতে ফাষ্ট ফুড, নানান তৰহৰ পেকেজিং ফুড , কাৰ্বহাইড্ৰেত , চৰ্বিযুক্ত আৰু প্ৰোটিন খাদ্য খাই লোদোৰ -পোদোৰ চেহেৰাৰ লৰা-ছোৱালী আইৰণ, ‌খনিজ পদাৰ্থৰ অভাৱত শাৰীৰিক ভাৱে দুৰ্বল‌‌ ।
কেলছিয়াম অভাৱৰ বাবে অষ্টিঅ পৰছিচ হব, সামান্য আঘাততে মৰাঠাৰি ভঙাদি হাড় ভাঙিব আৰু জীৱন সঙ্গী হব এদাল পে‍ঙ বা লাঠী । মেদবহুলতাৰ পৰা হোৱা অত্যাধিক ভৰতা তথা কেলছিয়াম অভাৱত গাঠিৰ বিষত ( অষ্টিঅ' আৰ্থাইটিচ) আক্ৰান্ত হব । মেদবহুলতাৰ বাবে উচ্চ ৰক্তচাপ , মধুমেহ বা ডায়েবেটিচ, ইউৰিক এচিড বৃদ্ধি , কলেষ্টৰল বৃদ্ধি, ফেটি লিভাৰ , হৃদৰোগ আৰু কেন্চাৰত আক্ৰান্ত হব ‌। মেদবহুলতাৰ কাৰণে মহিলা সকলৰ জৰায়ুৰ ফেলোপিয়ান টিউব চাপ খাব । তাৰোপৰি হৰমনৰ অস্বাভাৱিক ক্ৰিয়া বশত জৰায়ুৰ টিউমাৰ , স্তনৰ টিউমাৰ আৰু অভাৰি চিষ্ট ৰোগত অধিক আক্ৰান্ত হৈ সন্তানৰ জন্ম দিয়াৰ ক্ষেত্ৰত অপাৰগ হব । মেদবহুলতাৰ বাবে দূৰাৰোগ্য ৰোগত আক্ৰান্ত হব পাৰে আপোনাৰ মৰমৰ একমাত্র জীয়ৰী বা পুত্ৰ সন্তান।
অকলশৰীয়াকৈ মবাইল বা লেপটপত ব্যস্ত হৈ থকা আপোনাৰ মৰমৰ সন্তান হৈ পৰিব শাৰীৰিক, মানসিক আৰু সামাজিক ভাৱে বিকাৰগ্ৰস্ত। এই ধৰণৰ অকলশৰীয়া সন্তানৰ ১৮-২৪ বছৰ বয়সত মনলৈ আহে আত্মহত্যাৰ ভাৱ বা চুইচাইড টেনডেঞ্চি। আমাৰ দেশত হোৱা আত্মহত্যাৰ সৰহসংখ্যক ঘটনা এই বয়সতে হয় । দ্ৰুতগতিত গাড়ী বা মটৰ চাইকেল চলাই আত্মহত্যা কৰা এই যুৱকক বাহ্যিক দৃষ্টিত দূৰ্ঘটনা হৈ মৃত্যু হোৱা বুলি কোৱা হয়। চাবলৈ গলে ৩৫-৪০ বছৰত আমাৰ পিছৰ প্ৰজন্মৰ পুৰুষ- মহিলাৰ সৰহ সংখ্যক শাৰীৰিক আৰু মানসিক ভাৱে চিৰৰুগীয়া হৈ পৰিব । নিজ উপাৰ্জনৰ অৰ্ধেক বা ততোধিক ধন কেৱল বেমাৰৰ চিকিৎসাতে খৰচ হব । দৈনন্দিন পূৱাৰ পৰা ৰাতি শোৱালৈকে মূখ্য কাম হব ঘড়ী-ঘন্টা চাই ঔষধ খাই থকা। প্ৰদূষণ , ভেজাল খাদ্য আৰু ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ হেতু ক্ৰমজমৰ বিসংগতি নহব বুলি কোনোবাই কব পাৰিবনে ??? তাৰোপৰি এই ৰুগীয়া পিতৃ-মাতৃয়ে সুস্থ-সবল সন্তান জন্ম দিব পাৰে নে নোৱাৰে সেয়া সময়ে কব । হয়তো দেউতাকে কষ্টৰে উপাৰ্জন কৰা ধনৰে নিৰ্মাণ কৰা মৰমৰ গৃহতিত বসবাস কৰিবলৈ এসময়ত তৃতীয় প্ৰজন্মৰ কোনো নাথাকিবগৈ । সেয়েহে আমি দূৰ দৃষ্টিৰে চিন্তা কৰিবৰ হল । নিজ সন্তানক আলাসত নাৰাখি সুস্থ-সবল আৰু নিৰোগী কৰাৰ উদ্দেশ্য পৰিশ্ৰম কৰিব দিয়ক , খেলিবলৈ দিয়ক , যোগাসন আৰু ধ্যান কৰিব দিয়ক , থলুৱা খাদ্য খাবলৈ দিয়ক একমাত্ৰ আপোনাৰ বংশ ৰক্ষাৰ স্বাৰ্থত।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top