অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিশ্ব আলঝেইমাৰ্ছ দিৱস:

বিশ্ব আলঝেইমাৰ্ছ দিৱসৰ বিষয়ে লিখা হৈছে

 

প্ৰতিবছৰে ছেপ্টেম্বৰ মাহৰ ২১ তাৰিখৰ দিনটো সমগ্ৰ বিশ্বৰ আলঝেইমাৰ্ছ সংগঠনবিলাকে আলঝেইমাৰ্ছ আৰু ডিমেনচিয়াৰ ৰোগৰ বিষয়ে সৰ্বসাধাৰণ লোকৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে তেওঁলোকৰ প্ৰচেষ্টা কেন্দ্ৰীভূত কৰে। আলঝেইমাৰ্ছ ৰোগটো ডিমেনচিয়া ৰোগৰ আটাইতকৈ সঘনাই দেখা দিয়া এটা যন্ত্ৰণাদায়ক ৰূপ। এই ৰোগটো মানসিক সক্ষমতা নষ্ট কৰিব পৰা কেবাবিধো বিসংগতিৰ সমষ্টি। এইবছৰো বিশ্ব আলঝেইমাৰ্ছ দিৱস ২১ ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ বিশ্বজুৰি উদযাপিত হ’ব।

ডিমেনচিয়াত ভুগি থকা লোকসকলক সহায়-সহযোগ কৰি থকা ভালেকেইটা সংগঠনে প্ৰতিবছৰে ছেপ্টেম্বৰ মাহটো ‘বিশ্ব আলঝেইমাৰ্ছ মাহ’ৰূপে পালন কৰিবলৈ লৈছিল। এই উদ্দেশ্যে বিশেষ কাৰ্যসূচী ৰূপায়ন কৰা হয়, ২১ ছেপ্টেম্বৰৰ বিশ্ব আলঝেইমাৰ্ছ দিৱসৰ দিনা।

বয়োজ্যেষ্ঠ লোকসকলৰ মাজত ব্যাপকভাৱে দেখা দিয়া আলঝেইমাৰ্ছ ৰোগটো ডিমেনচিয়া ৰোগৰে এটি সাধাৰণ ৰূপ। এই ৰোগৰ ফলত স্মৃতি, চিন্তা আৰু কথা-বতৰা আদি নিয়ন্ত্ৰণ তথা সঞ্চয় কৰি ৰখা মস্তিষ্কৰ বিশেষ অংশটো অকামিলা হৈ পৰে। আলঝেইমাৰ্ছ ৰোগৰ সাধাৰণ প্ৰাথমিক লক্ষণ হ’ল- ক্ষন্তেকীয়া স্মৃতিবোৰ মনলৈ আনিব নোৱাৰে বা ক্ষন্তেক আগতে ঘটি যোৱা ঘটনাবোৰ মনত পেলোৱাত অসুবিধা পায়।

প্ৰতিবছৰে আলঝেইমাৰ্ছ ৰোগত ভোগা লোকৰ সংখ্যা বৃদ্ধি পাই আহিছে। চিকিৎসা বিজ্ঞানীসকলৰ মতে ২০৫০ চনলৈ এই সংখ্যা চাৰিগুণলৈ বৃদ্ধি পাব। যুক্তৰাষ্ট্ৰৰ দৰে উন্নত দেশতো ৬৫ বছৰৰ ওপৰ বয়সৰ লোকৰ মৃত্যুৰ পঞ্চম কাৰণ হৈছে এই ৰোগ।

বিশ্ব আলঝেইমাৰ্ছ দিৱসৰ কাৰ্যসূচীবিলাকে এই ৰোগৰ প্ৰতি জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰিছে আৰু ৰোগটোৰ আক্ৰমণৰ প্ৰাৰম্ভিক অৱস্থাতে ৰোগ নিৰ্ণয় কৰাত এই দিৱসে সহায় কৰিছে। বছৰেকীয়া এই দিৱসৰ কাৰ্যসূচী ৰূপায়নৰ ক্ষেত্ৰত ‘আলঝেইমাৰ্ছ ডিজিজ ইন্টাৰনেচনেল’ নামৰ সংগঠনটোৰ লগতে ‘ বিশ্ব স্বাস্থ্য সংস্থা’ই সহযোগ কৰি আহিছে।

আলঝেইমাৰ্ছ চিনাক্তকৰণৰ নতুন প্ৰযুক্তি:

 

  • ফিশ্বাৰ চেন্টাৰৰ বিজ্ঞানীসকলে মানুহৰ মস্তিষ্কৰ থ্ৰী-ডি ভিচুয়েলাইজেচম নামৰ এটি অত্যাধুনিক প্ৰযুক্তি উদ্ভাৱন কৰিছে। এই প্ৰযুক্তিৰ সহায়ত আলঝেইমাৰ্ছ ৰোগ সৃষ্টি কৰিব পৰা সস্তিষ্কৰ বিসংগতি ধৰা পেলাব পাৰে।
  • ফিশ্বাৰ চেন্টাৰৰ বিজ্ঞানীসকলে এই ৰোগটোৰ অগ্ৰগতিৰ পথটো আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।
  • আলঝেইমাৰ্ছ ৰোগ আৰম্ভণিতে চিনাক্ত কৰিব পৰাকৈ মস্তিষ্কৰ ‘স্কেন’ পদ্ধতি বহুগুণে উন্নত হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ এটি প্ৰতিবেদনত প্ৰকাশ পোৱা মতে প্ৰতি ৬৮ ছেকেণ্ডত বিশ্বৰ কোনোবা অংশত এজনকৈ লোক আলঝেইমাৰ্ছ ৰোগত আক্ৰান্ত হয়। এই গতিত ৰোগটো বিস্তাৰিত হৈ থাকিলে ২০৫০ চনলৈ বৰ্তমানৰ চাৰিগুণ অধিক লোক এই ৰোগত আক্ৰান্ত হ’বগৈ।

আলঝেইমাৰ্ছ ৰোগটো এক পৰিয়ালকেন্দ্ৰিক ৰোগ বুলি কোৱা হয়। কাৰণ পৰিয়ালত কোনোবা আপোন এজনৰ এই ৰোগত লাহে লাহে স্বাস্থ্যৰ অধিক অৱনতি হোৱা দেখা পাই থাকিলে পৰিয়ালৰ আন সদস্যসকলৰ ওপৰত ইয়াৰ পৰোক্ষ প্ৰভাৱ পৰে। এই ৰোগে এবাৰ আক্ৰমণ কৰিলে ৰোগটো প্ৰতিৰোধ বা নিৰাময় কৰি ৰোগীক সুস্থ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি। আনকি ৰোগটোৰ অগ্ৰগতিও মন্থৰ কৰিব নোৱাৰি।

 

কম বয়সতে হোৱা এই ৰোগ নিৰাময়ৰ ব্যৱস্থা:

 

এই ৰোগ সাধাৰণতে ৬০ৰ ঊৰ্ধ বয়সত হোৱা দেখা যায় যদিও, কিছুমান কম বয়সীয়া লোকো এই ৰোগত আক্ৰান্ত হ’ব পাৰে। চিকিৎসা বিজ্ঞানীসকলৰ মতে যিকোনো বয়সৰ লোকৰে এই ৰোগ হ’ব পাৰে। তেনেই কম বয়সীয়া অৰ্থাৎ ৩০ বছৰীয়া যুৱকৰো এই ৰোগ হোৱাৰ উদাহৰণ আছে আৰু চিকিৎসা বিজ্ঞানীসকলৰ মতে এনে ধৰণৰ কম বয়সতে হোৱা ৰোগ নিতান্তই বংশগত। এটা প্ৰজন্মৰ পিছত আন এটা প্ৰজন্মলৈ এই ৰোগ বাগৰিব পাৰে। গৱেষণাৰ পৰা এটা কথা জানিব পৰা গৈছে যে, এক প্ৰকাৰৰ জেনেটিক মিউটেচনে মস্তিষ্কত ‘প্ৰেজেনিলিন’(Presenilins) নামৰ এটা প্ৰোটিনৰ গোটক সলনি কৰি পেলায় আৰু তাৰ পৰিণতিত ‘বিটা এমিলয়ড’(Beta anyloid) নামৰ এবিধ বিষাক্ত দ্ৰব্যৰ উৎপাদন বৃদ্ধি পায়। ফিশ্বাৰ চেন্টাৰ ফাউণ্ডেচনে অলপতে তিনিবিধ ‘প্ৰেজেনিলিন’ শ্ৰেণীৰ প্ৰোটিনৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিছে। এই তিনিবিধ প্ৰোটিন হৈছে- নিকাষ্ট্ৰিণ(Nicastrin), PEN2 আৰু APH1 আৰু এই তিনিওবিধ প্ৰোটিনে আলঝেইমাৰ্ছ ৰোগ সৃষ্টি কৰাত জটিল ভূমিকা লয়। এইকেইবিধ প্ৰোটিনৰ লগতে PS1 আৰু PS2 শ্ৰেণীৰ প্ৰোটিনৰ আলঝেইমাৰ্ছ সৃষ্টিত ভূমিকা সম্পৰ্কে জানি লৈ এই ৰোগৰ অগ্ৰগতি মন্থৰ কৰা বা ৰোগীক পুনৰ সুস্থ অৱস্থালৈ ঘূৰাই অনাৰ বাবে ঔষধ উদ্ভাৱনৰ গৱেষণা চলাই থকা হৈছে।

বাৰ্ধক্যৰ আগমনত ঋণাত্মক ধাৰণাই আলঝেইমাৰ্ছৰ সূচনা কৰে:

বাৰ্ধক্যৰ আগমন হোৱাৰ লগে লগে বহুতে কিছুমান ঋণাত্মক ধাৰণা ল’বলৈ আৰম্ভ কৰে। এনে ধাৰণাই মস্তিষ্কৰ গঠনত কিছুমান পৰিৱৰ্তন আনে আৰু এই পৰিৱৰ্তনবিলাক আলঝেইমাৰ্ছৰ লগত সাদৃশ্য আছে। কিন্তু যদি লোকজনক ইয়াৰ বিপৰীতে যোগাত্মক ধাৰণা ল’বলৈ শিকোৱা হয়, তেনেহ’লে আলঝেইমাৰ্ছ ৰোগৰ ফলত হোৱা মগজুৰ ক্ষতি পূৰণ হ’বগৈ পাৰে। বয়স বৃদ্ধি সম্পৰ্কে ঋণাত্মক ধাৰণাই মগজুত চাপৰ সৃষ্টি কৰে আৰু ৰোগীয়ে সমাজত পৰা আঁতৰি থাকিবলৈ বিচাৰে। ফলত মগজুত কিছুমান ‘পেথোল’জিকেল’ পৰিৱৰ্তন হ’বলৈ ধৰে। এই কথা প্ৰকাশ কৰিছে য়েল বিশ্ববিদ্যালয়ৰ এছোচিয়েট প্ৰফেছৰ কেক্কা লেভিয়ে।

বয়স বৃদ্ধিৰ বিষয়টো যোগাত্মকভাৱে ল’লেই যে আলঝেইমাৰ্ছ ৰোগত আক্ৰান্ত নহ’ব, সেই কথাৰ কোনো নিশ্চয়তা দিব নোৱাৰি। কিন্তু শেহতীয়া অধ্যয়নবিলাকৰ ফলাফলে প্ৰমাণ কৰিছে যে, বাৰ্ধক্য আহিল বুলি চিন্তাৰ চাপৰ পৰা মুক্ত হৈ থাকিলে মগজুটোৰ বয়স কমাই ৰখাত সহায়ক হয়।

স্বাভাৱিক স্মৃতিশক্তি হ্ৰাস কি?

 

স্বাভাৱিক বয়স বৃদ্ধিৰ লগে লগে আলঝেইমাৰ্ছ বা ডিমেনচিয়া ৰোগ নহ’লেও কেতিয়াবা মানুহৰ নাম পাহৰি যোৱা বা ক’ৰবালৈ যাবলগীয়া সময়, তাৰিখ আদি পাহৰি যোৱাটো স্মৃতিশক্তি হ্ৰাস পোৱাৰ লক্ষণ হ’ব পাৰে। কিন্তু এনে ঘটনা কেতিয়াবাহে ঘটে। এনেধৰণৰ লক্ষণ দেখা পোৱাটো আলঝেইমাৰ্ছ ৰোগ নহবও পাৰে। আলঝেইমাৰ্ছ ৰোগীয়ে অলপ আগতে ঘটা ঘটনা বা অলপ আগতে শিকা কথা অথবা পূৱাতে পঢ়া বাতৰি আদি পাহৰি যাব পাৰে আৰু একে বয়সীয়া আন ব্যক্তিতকৈ সঘনাই এনে ঘটনা ঘটিব পাৰে। আলঝেইমাৰ্ছ ৰোগটো দিনে দিনে দ্ৰুত গতিত বেছি বেয়ালৈ যায়। যদি আপোনাৰ বয়স বৃদ্ধি পাইছে আৰু কথাবোৰ পাহৰিবলৈ ধৰিছে, তেনেহ’লে আপোনাৰ চিকিৎসকৰ লগত কথা পাতক আৰু পৰামৰ্শ লওক।

বিভিন্ন অধ্যয়ন আৰু গৱেষণাই প্ৰমাণ কৰিছে যে, শিক্ষা গ্ৰহণৰ প্ৰৱণতা আৰু স্বাস্থ্য সন্মত জীৱনশৈলী মানি চলিলেই আলঝেইমাৰ্ছ ৰোগ প্ৰতিৰোধ কৰি ৰাখিব পাৰি। এতিয়া বজাৰত পোৱা ঔষধবিলাকে এই ৰোগৰ লক্ষণবোৰক সাময়িকভাৱে সকাহ দিব পাৰে, কিন্তু ৰোগটোৰ অগ্ৰগতি কোনোপথ্যে বাধ্য দিব নোৱাৰি বা ৰোগী পুনৰ সুস্থ হৈ উঠিবও নোৱাৰে। বিজ্ঞানীসকলৰ মতে শিক্ষা গ্ৰহণে বা নতুন কথা জনাৰ আগ্ৰহে আলঝেইমাৰ্ছৰ আগ্ৰাসন কিছু পৰিমাণে মন্থৰ কৰিব পাৰে। কাৰণ মগজুৰ এনে ধৰণৰ সক্ৰিয়তাৰ ফলত মগজুৰ কোষবিলাক সজাগ আৰু সমৃদ্ধ হৈ থাকে। যদিও বয়স বৃদ্ধিৰ লগে লগে মগজুৰ কিছু কোষ ধ্বংস হয়, তথাপি স্মৃতিশক্তি আৰু চিন্তাশক্তি অটুট ৰাখিব পৰাকৈ কিছুমান কোষ সক্ৰিয় হৈ থাকে। সেয়ে ‘ক্ৰছৱৰ্ড’, ‘পাজল’ আদি কৰি, কিতাপ পঢ়ি আৰু নতুন ভাষা শিকি, সংগ্ৰীত-বাদ্য আদি বজাই থাকিলে মগজু সক্ৰিয় কৰি ৰাখিব পাৰি আৰু বয়স বাঢ়িলেও আলঝেইমাৰ্ছ ৰোগ আঁতৰাই ৰাখিব পাৰি।

 

বিশ্ব জলাতংক দিৱস:

 

জলাতংক এক প্ৰকাৰৰ মাৰাত্মক ৰোগ। এই ৰোগ সাধাৰণতে পোহনীয়া কুকুৰ-মেকুৰী আদিৰ পৰা বিয়পে। এই ৰোগৰ আতংকৰ পৰা বাচি থাকিবলৈ বা ৰোগটো প্ৰতিৰোধ কৰাৰ উপায় সম্পৰ্কে সৰ্বসাধাৰণ ৰাইজক সজাগ কৰা অৰ্থে বিশ্বৰ বিভিন্ন দেশত প্ৰতিবছৰে ২৮ ছেপ্টেম্বৰ তাৰিখৰ দিনা ‘বিশ্ব জলাতংক দিৱস’ পালন কৰা হয়। এই ৰোগ প্ৰতিৰোধ কৰি ৰাখিবৰ কাৰণে পোহনীয়া জন্তুবিলাকক প্ৰতিবছৰে এবাৰকৈ এই ৰোগৰ প্ৰতিষেধক ছিটা দিয়াটো এক অতীব গুৰুত্বপূৰ্ণ সজাগতামূলক কাম। এই ব্যৱস্থাই পোহনীয়া জন্তু অথবা পৰিয়ালৰ শিশুহঁতক জলাতংক দিৱসৰ দিনা এনেধৰণৰ সজাগতাকে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা হয়।

 

দিৱসটো কেনেকৈ পালন কৰা হয়?

 

‘বিশ্ব স্বাস্থ্য সংস্থা’সহ ভালেমান সংগঠনৰ সহযোগত সমগ্ৰ বিশ্বতে জনস্বাস্থ্য সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ‘গ্লোবেল এলায়েন্স ফৰ ৰেবিজ কন্ট্ৰল’ নামৰ সংস্থাটোৱে ‘বিশ্ব জনাতংক দিৱস’ৰ দিনা ভালেমান সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰে।

বহুতো চৰকাৰী এজেন্সী আৰু ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰবিলাকে ‘বিশ্ব জনাতংক দিৱস’ৰ কাৰ্যসূচীত সহযোগ কৰে আৰু পোষ্টাৰ, পুস্তিকা তথা প্ৰেছ বিজ্ঞপ্তি আদি প্ৰকাশ কৰি জলাতংক ৰোগৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ লগতে ৰোগটো প্ৰতিৰোধ কৰাৰ ব্যৱস্থা আদিও প্ৰচাৰ কৰে। বছৰটোৰ এই সময়ছোৱাত এই ৰোগৰ প্ৰতিষেধক ছিটা উদ্ভাৱক বিজ্ঞানীসকলক সোঁৱৰণ কৰা হয় আৰু ৰোগটো সম্পৰ্কে আলোচনাচক্ৰ আদিৰো আয়োজন কৰে। কিছুমান সংস্থা বা সংগঠনে পোহনীয়া জন্তুৰ বাবে বিনামূলীয়া ছিটা দিয়াৰ ব্যৱস্থাও কৰে। কিছুমান জনস্বাস্থ্য সম্পৰ্কে সজাগ সংস্থাই আকৌ, টি-শ্বাৰ্ট ডিজাইন আদি বিষয়ৰ প্ৰতিযোগিতাও  পাতে আৰু এইবিলাক কাৰ্যসূচীৰ যোগেদি সেই দিৱসটোৰ বাৰ্তা ৰাইজৰ মাজলৈ বিয়পাই দিয়ে।

এই দিৱসৰ পটভূমি:

 

জলাতংক ৰোগটো বিশ্বৰ সৰ্বত্ৰ বিয়পি আছে। প্ৰতিবছৰে সমগ্ৰ বিশ্বত প্ৰায় ৫৫ হেজাৰজন লোক জলাতংক ৰোগত মৃত্যু হয়। ইয়াৰে ৯৫ শতাংশ এচিয়া আৰু আফ্ৰিকা মহাদেশৰ লোক বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। এই ৰোগত আক্ৰান্ত কুকুৰে কামোৰাৰ ফলত বেছিভাগ মানুহৰ মৃত্যু ঘটে। কুকুৰে কামোৰা লোকৰ ৩০ৰ পৰা ৬০ শতাংশই ১৫ বছৰৰ তলৰ শিশু। জলাতংক ৰোগ থাকিব পৰা জন্তুৱে কামোৰা মানুহৰ বাবে নিৰাপদ আৰু ফলপ্ৰসূ ছিটা ফাৰ্মাচীত বা হস্পিতালত পোৱা যায়, কিন্তু এই ছিটাৰ মূল্য বেছি হোৱাৰ বাবে উন্নয়নশীল দেশবিলাকত এটা ছিটা গ্ৰহণ কৰা লোকৰ সংখ্যা কম।

চেন্টাৰ ফৰ ডিজিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেনচন(CDC) আৰু ‘গ্ল’বেল এলায়েন্স ফল ৰেবিজ কন্ট্ৰল’(GARC) নামৰ সংস্থা দুটাই ‘বিশ্ব জলাতংক দিৱস’ৰ আৰম্ভণি কৰে। এই সংস্থা দুটাই এই ক্ষেত্ৰত কাম কৰা বিভিন্ন সংগঠনবিলাকক একেলগে কৰি এই ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাই আহিছে। প্ৰতিবছৰে এই ৰোগত মৃত্যুবৰণ কৰা ৫৫ হেজাৰ জন লোকৰ সমানে অৰ্থাৎ ৫৫ হেজাৰজন লোকক এই ৰোগ প্ৰতিৰোধ অভিযানত অংশগ্ৰহণ কৰিবলৈ মাতিছিল যদিও এই প্ৰচাৰ অভিযানৰ প্ৰথম বছৰৰ কাৰ্যসূচীত বিশ্বৰ ৭৪ খন দেশৰ প্ৰায় ৪ লাখ লোকে ২০০৭ চনৰ ৮ ছেপ্টেম্বৰত আয়োজিত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিলে। ইয়াৰ পিছৰ বছৰত অৰ্থাৎ ২০০৮ চনত এই দিৱসটো ৮ ছেপ্টেম্বৰৰ সলনি ২৮ ছেপ্টেম্বৰত পালন কৰা হ’ল আৰু তেতিয়াৰ পৰাই ২৮ ছেপ্টেম্বৰতে এই দিৱস উদযাপন কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে অন্যান্য ভালেমান সহযোগী সংগঠন আৰু যুক্তৰাষ্ট্ৰৰ ‘চেন্টাৰ ফৰ ডিজিজ কন্ট্ৰল এণ্ড প্ৰিভেনচনে’ বিশ্ব জলাতংক দিৱসত সহযোগ কৰে। জলাতংক ৰোগে মানুহ আৰু জন্তুক কেনেদৰে আক্ৰমন কৰে আৰু ৰোগটো কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি বা ঘৰচীয়া জন্তুৰ গালৈ এই ৰোগৰ সংক্ৰমণ কেনেকৈ বন্ধ কৰিব পাৰি, সেই বিষয়ে এই দিৱস পালনৰ দিনা ব্যাপকভাৱে প্ৰচাৰ চলোৱা হয়।

প্ৰতীক চিহ্ন:

 

বিশ্ব জলাতংক দিৱসৰ প্ৰতীক চিহ্নটোত আছে এটা নীলা আৰু সেউজীয়া ৰঙৰ ‘গ্লোব’ আৰু গ্লোবটোত সেউজীয়া ৰংখিনিক এটা বাদুলী(বাওঁফালে), মানুহ(মাজত) আৰু এটা কুকুৰ(সোঁফালে) ৰূপ দিয়া হৈছে। ‘World Rabies Day’ আৰু দিৱসটোৰ তাৰিখ(মাহ, দিন আৰু বছৰ) ক’লা ৰঙত লিখি থোৱা হৈছে। এই আটাইবোৰ তথ্য এটা ক’লা ৰঙৰ বৃত্তৰ ভিতৰত ৰখা হৈছে।

আপুনি কি কৰিব পাৰে?

জলাতংক ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত আপুনি কৰিবলগীয়া প্ৰথম কামটো হ’ল আপোনাৰ মৰমৰ পোহনীয়া জন্তুটোৰ(প্ৰধানকৈ কুকুৰটো)জলাতমগক ৰোগৰ প্ৰতিষেধক ছিটা দিয়ক আৰু ইয়াক গৰাকীবিহীন আৰু বনৰীয়া জীৱ-জন্তুৰ পৰা আঁতৰত ৰাখক। এই ব্যৱস্থাই জলাতংক প্ৰতিৰোধত বিশেষভাৱে সহায় কৰিব। মনত ৰাখিব- জলাতংক ৰোগটো এশ শতাংশই প্ৰতিৰোধযোগ্য। আপোনাৰ স্থানীয় পশু চিকিৎসকজনে এই ৰোগ নিন্ন্ত্ৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।

‘বিশ্ব জলাতংক দিৱস’টো ছেপ্টেম্বৰ মাহৰ ২৮ তাৰিখে প্ৰতিবছৰে পালন কৰা হয়। এই দিনটো হৈছে- ফ্ৰান্সৰ ৰসায়নবিদ আৰু মাইক্ৰ’বায়োলজিষ্ট আৰু জলাতংক ৰোগৰ ছিটা আৱিষ্কাৰক লুই পাষ্টুৰৰ মৃত্যু দিৱস। এইজন মহান বিজ্ঞানীৰ সোঁৱৰণত সেই দিনটোতে এই দিৱসটো পালন কৰা হয়।

আজি জলাতংক ৰোগৰ উফলত মানুহৰ মৃত্যুৰ হাৰ কমাবৰ বাবে জন্তু আৰু মানুহৰ বাবে নিৰাপদ আৰু ফলপ্ৰসূ প্ৰতিষেধক ছিটা সকলোতে পোৱা যায়। কিন্তু সময়ত এটা ছিটা গ্ৰহণ কৰিবলৈ মনত পেলোৱাৰ বাবে সজাগতাৰ প্ৰচাৰ অতি প্ৰয়োজন। এই দিৱস পালনৰ উদ্যোক্তা সংস্থাবিলাকে কুকুৰে কামোৰাৰ ফলত হোৱা জলাতংকজনিত ৰোগত মানুহৰ মৃত্যু ২০৩০ চনলৈ একেবাৰে বন্ধ কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে। এই বছৰ অৰ্থাৎ ২০১৭ চনৰ বাবে এই দিৱসৰ মূল লক্ষ্য হৈছে(Theme)’Rabies: Zero by 30’। এই লক্ষ্য উদ্দেশ্য হৈছে- ২০৩০ চনলৈ কুকুৰে কামুৰি বিয়পোৱা জলাতংক ৰোগত মানুহৰ মৃত্যুৰ হাৰ হওক শূন্য।

বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস:

 

‘বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস’(World Sucide Prevention Day) প্ৰতিবছৰে ছেপ্টেম্বৰ মাহৰ ১০ তাৰিখে সমগ্ৰ বিশ্বতে পালন কৰি অহা হৈছে। বিশ্বজুৰি আত্মহননৰ প্ৰৱণতা ৰোধ কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। ‘ইন্টাৰনেচনেল এছ’চিয়েচন ফৰ ছুইচাইড প্ৰিভেনচন’(আই.এ.এছ.পি.), ‘বিশ্ব স্বাস্থ্য সংস্থা’ আৰু ‘ৱৰ্লড ফেডাৰেচন ফৰ মেন্টেল হেলথ’ৰ সৰ্হযোগত এই দিৱস অনুষ্ঠিত কৰি অহা হৈছে। ২০১১ চনত বিশ্বৰ ৪০ খন দেশত ইয়াৰ বিৰুদ্ধে সজাগতাৰ কাৰ্যসূচী পালন কৰা হৈছিল। ৰাষ্ট্ৰসংঘই ১৯৯০ চনত ‘নেচনেল পলিচি ফৰ ছুইচাইড প্ৰিভেনচন’ নামৰ এলানি কাৰ্যসূচী জাৰি কৰিছিল। সম্প্ৰতি বিশ্বৰ বহু দেশে আত্মহত্যা প্ৰতিৰোধ আঁচনিৰ মূল ভেটিৰূপে এই কাৰ্যসূচীকে ব্যৱহাৰ কৰি আহিছে।

আত্মহত্যা হৈছে এক জটিল পৰস্পৰ সম্পৰ্কযুক্ত আৰু গভীৰভাৱে নিহিত থকা প্ৰৰোচনামূলক কাৰকৰ পৰিণতি। এই কাৰকবিলাকেই যন্ত্ৰণাৰ অনুভূতিৰ লগতে হতাশা বৃদ্ধিত অহিৰণা যোগায়, নিজকে নিঃশেষ কৰাৰ উপায় বিচাৰিবলৈ উৎসাহিত কৰে। এই উপায়বিলাকৰ ভিতৰত সতেজ বাছি ল’বক পৰা উপায়বোৰ হ’ল- আগ্নেয়াস্ত্ৰ, ঔষধ আৰু বিষাক্ত দ্ৰব্য আদি।

পটভূমি:

 

২০১১ চনত চলোৱা এক সমীক্ষাত তেই কথা পোহৰলৈ আহিছে যে সমগ্ৰ বিশ্বত প্ৰায় এক নিযুত লোকে প্ৰতিবছৰে আত্মহত্যা কৰে। অৰ্থাৎ প্ৰতি ৪০ ছেকেণ্ডত এজন ব্যক্তিয়ে অথবা এদিনত প্ৰায় ৩০০০ লোকে আত্মহননৰ যোগেদি মৃত্যু বৰণ কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে আত্মহত্যাৰ চেষ্টা চলাই বিফল হোৱা প্ৰতি বিছ জন ব্যক্তিৰ ভিতৰত এজনেহে এই প্ৰচেষ্টাত সফল হয়। অৰ্থাৎ প্ৰতি তিনি ছেকেণ্ডত এজন ব্যক্তিয়েহে আত্মহত্যাৰ প্ৰচেষ্টাত সফল হয়। সচৰাচৰ ১৫ৰ পৰা ২৪ বছৰ বয়সৰ লোকৰ মাজত এই প্ৰৱণতা অধিক হোৱা দেখা যায় আৰু এই বয়সত মৃত্যু হোৱা লোকৰ মৃত্যুৰ আটাইতকৈ সাধাৰণ কাৰণটো হ’ল আত্মহত্যা। হত্যাকাণ্ড আৰু যুদ্ধৰ ফলত মৃত্যু হোৱা লোকতকৈ অধিক লোক প্ৰতিবছৰে আত্মহত্যাৰ ফলত মৃত্যু হয়। বিশ্বজুৰি মৃত্যু হোৱা লোকৰ মৃত্যুৰ কাৰণৰ ১৩তম কাৰক হৈছে আত্মহনন। বিশ্ব ‘স্বাস্থ্য সংস্থা’ৰ মতে বিশ্বজুৰি সন্ত্ৰাসৰ ফলত নিহত হোৱা মুঠ লোকৰ আধাসংখ্যক লোক আত্মহত্যাৰ ফলত মৃত্যু হয়। আত্মহত্যা প্ৰতিৰোধৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা(আইএএছপি)ৰ অধ্যক্ষ ব্ৰিয়ান মিশ্বাৰাই প্ৰকাশ কৰা মতে, তথা পাৰস্পৰিক হিংস্ৰতাৰ ফলত নিহত হোৱা সৰ্বমুঠ লোকৰ সংখ্যাতকৈ আত্মহননৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা অধিক। ২০২০ চনলৈ প্ৰতিবছৰে আত্মহত্যাৰ ফলত বিশ্বজুৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১.৫ নিযুতলৈ বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

পুৰণি এথেন্সত এজন ব্যক্তিয়ে আত্মহত্যা কৰাৰ পিছত ৰাজ্যৰ প্ৰশাসনে মৃত ব্যক্তিজনক সসন্মানে সমাধিস্থ কৰাৰ অনুমতি প্ৰদান কৰা নাছিল। ব্যক্তিজনক অকলশৰীয়াকৈ চহৰৰ বাহিৰত সমাধিস্থ কৰা হৈছিল। সমাধিস্থলীত কোনোধৰণৰ শিলৰ নাম ফলক বা স্মাৰক লগাবলৈ দিয়া নাছিল। পুৰণি ৰোমত সৈন্যবাহিনীৰ পৰাজয়ৰ পৰিণতিত আত্মহনন এক গ্ৰহণযোগ্য পদ্ধতিৰূপে মানি লোৱা হৈছিল আৰু প্ৰথম অৱস্থাত আত্মহত্যাক অনুমতি দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত ইয়াক ৰাজ্যৰ বিৰুদ্ধে অৰ্থনৈতিক ক্ষতিৰ বাবে এক অপৰাধ হিচাপে বিবেচনা কৰা হয়।

এৰিষ্ট’টলে সকলো ধৰণৰ আত্মহত্যাকে গৰিহণা দিছিল কিন্তু প্লেটোৰ আছিল বিষয়টোৰ ওপৰত দ্ব্যৰ্থবোধক মনোভাব। পুৰণি মল্লযুঁজত পৰাজয়বৰণ কৰি স্বেচ্ছাই মৃত্যুবৰণ কৰা, আন কাৰোবাক হত্যা কৰি নিজকে দোষী অনুভৱ কৰি স্বেচ্ছাই মৃত্যুবৰণ কৰা, আন কাৰোবাৰ জীৱন ৰক্ষা কৰিবৰ বাবে আত্মবলিদান কৰা, অত্যন্ত শোকত মৃত্যুবৰণ কৰা, ধৰ্ষণৰ পিছত অপমানিত অনুভৱ কৰি আত্মহত্যা কৰা আদি কোনো কোনো দেশত বৈধ বুলি গণ্য কৰা হৈছিল। শাৰীৰিক নিৰ্যাতন, সৈন্যৰ পৰাজয় বা অপৰাধ অনুশোচনাত আত্মহত্যা আদিয়েই আছিল আত্মহত্যাৰ প্ৰধান কাৰক।

৪৫২ খ্ৰীষ্টাব্দত ইউৰোপৰ খ্ৰীষ্টিয়ান শাসকসকলে আত্মহত্যাক এক ‘পাপ’ বুলি ধৰি লৈছিল আৰু ‘কাউন্সিল অব আৰ্লছ’ত আত্মহত্যা কৰোতাজনক গৰিহণা দিয়া হৈছিল। মধ্য যুগত গীৰ্জাবিলাকে শ্বহীদ হ’ব খোজাসকলৰ আত্মহত্যা সম্পৰ্কে আলোচনা কৰিছিল। কিন্তু আত্মহত্যা প্ৰসংগত চলি থকা বিতৰ্কৰ পিছতো কেথলিক গীৰ্জাবিলাকে বিষয়টোৰ ওপৰত ১৭ শ শতিকালৈকে একো সিদ্ধান্তলৈ আহিব পৰা নাছিল। ১৬৭০ চনত ফ্ৰান্সত চতুৰ্দশ লুইয়ে এখন অতি নৃশংস আইন প্ৰণয়ন কৰিছিল। আত্মহত্যা সংঘটিত কৰা ব্যক্তিৰ মৃতদেহ তললৈ মুখ কৰাই ৰাজপথত চোঁচোৰাই নিয়া হৈছিল। তাৰ পিছত মৃতদেহটো ফাঁচী দিয়া হৈছিল বা জাবৰৰ দমত পেলাই দিয়া হৈছিল। অকল ইমানেই নহয় আত্মহত্যা কৰোতাজনৰ সা-সম্পত্তিবোৰ বাজেয়াপ্ত কৰা হৈছিল।

আত্মহত্যা বিষয়টোৰ প্ৰতি মানুহৰ মনোভাৱ ৰেনেছা যুগৰ পৰা লাহে লাহে সলনি হ’বলৈ ধৰে। জন ডনে কৰা ‘বিয়াথানেট’ৰ জৰিয়তে প্ৰথমবাৰৰ বাবে আত্মহত্যাৰ সপক্ষে আধুনিক পন্থা অৱলম্বন কৰা হয়। তেওঁ বাইবেলৰ অধ্যায় অধ্যয়ন কৰি আত্মহত্যাৰ কাৰণ, পৰিস্থিতি আৰু প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান বিশেষ পৰিস্থিতিত আত্মহত্যাক যুক্তিসংগত ৰূপে অনুমোদন জনাব লাগে বুলি মত পোষণ কৰিছিল। ইয়াৰ পিছত লাহে লাহে আত্মহত্যাকাৰী ব্যক্তিৰ বিৰুদ্ধে সৰ্বসাধাৰণৰ মনোভাৱ সলনি হয়।

১৯শ শতিকাত আত্মহনন পাপৰ ফলত হোৱা বুলি লৈ থকা ধাৰণাটো সলনি কৰি এই কাৰ্য বাতুলতাৰ ফলত হোৱা বুলিহে ইউৰোপত মানি লোৱা হ’ল। তথাপি আত্মহননক এক অবৈধ কাম বুলি সেই সময়ছোৱাত ধৰি লোৱা হৈছিল। ১৮৭৯ চনত ইংলেণ্ডৰ আইনে আত্মহনন আৰু নৰহত্যাৰ মাজত পাৰ্থক্য উলিয়াবলৈ আৰম্ভ কৰিছিল। তথাপি আত্মহত্যা কৰা ব্যক্তিৰ সা-সম্পত্তি বাজেয়াপ্ত কৰাৰ প্ৰথা চলি থাকিল। ১৮৮২ চনত ইংলেণ্ডৰ আত্মহত্যা কৰাজনৰ মৃতদেহ দিনে-পোহৰে কবৰ দিয়াৰ অনুমতি দিয়া হ’ল। কিৰি শতিকাৰ মাজভাগত পশ্চিমীয়া দেশবিলাকত আত্মহত্যা এক বৈধ ব্যৱস্থা ৰূপে স্বীকৃত হ’ল। আত্মহত্যা অৰ্থাৎ ছুইচাইড শব্দটো ১৭০০ চনৰ কেইবছৰমানৰ আগতেহে ‘আপোনঘাটী’ৰ(Self-death) পৰিৱৰ্তে পোন প্ৰথমবাৰলৈ ব্যৱহাৰ কৰা হ’ল।

সামাজিক আৰু সাংস্কৃতিক আইন প্ৰনয়ণ:

 

আজিকালি অধিকাংশ পশ্চিমীয়া ৰাষ্ট্ৰত আত্মহত্যাক কোনো অপৰাধ বুলি গণ্য কৰা নহয়। পশ্চিম ইউৰোপীয় দেশবিলাকত ১৮০০ চনলৈকে আত্মহত্যাক এক অপৰাধ বুলি ধৰি লোৱা হৈছিল। অধিকাংশ মুছলমান সংখ্যাগৰিষ্ঠ দেশত এই বিষয়টো এক দণ্ডনীয় অপৰাধ বুলি আজিও ধৰা হয়। অষ্ট্ৰেলিয়াত আত্মহনন অপৰাধ বুলি ধৰা নহয়। আজিকালি ইউৰোপৰ কোনো এখন দেশতে আত্মহত্যা বা আত্মহত্যাৰ প্ৰচেষ্টাক কোনো অপৰাধ বুলি গণ্য কৰা নহয়।

ভাৰতত আত্মহননক এক অবৈধ অপৰাধ বুলি ধৰা হয় আৰু পৰিয়ালৰ বাচি থকা সদস্যসকলে আইনগত জটিলতাৰ সন্মুখীন হ’ব পাৰে। ২০১৪ চনত ভাৰত চৰকাৰে এই আইনখন বাতিল কৰিলে। ছুইজাৰলেণ্ডত দীৰ্ঘদিন ধৰি মানসিক অসুস্থতাত ভোগা লোকে কাৰোবাৰ সহায়ত কৰা আত্মহত্যাক বৈধৰূপে মানি লৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত ই কোনো অবৈধ কাণ্ড নহয়, কিন্তু আত্মহত্যাৰ প্ৰচেষ্টা চলোৱা লোকক জৰিমনা বিহা হয়। দীৰ্ঘদিন ধৰি ৰোগ শয্যাত যন্ত্ৰণা ভুগি থকা লোকে চিকিৎসকৰ সহায় লৈ আত্মহত্যা কৰাটো ৱাশ্বিংটনত বৈধৰূপে ধৰা হয়।

এই দিৱস কেনেকৈ পালন কৰা হয়:

আত্মহত্যা প্ৰতিৰোধ দিৱসে বিভিন্ন সংগঠন, চৰকাৰী বিভাগ আৰু ব্যক্তিসকলক আত্মহত্যা প্ৰতিৰোধৰ কাৰণে সজাগতা সৃষ্টিৰ এক সুযোগ দিয়ে। ‘ইন্টাৰনেচনেল এছ’চিয়েছন ফৰ ছুইচাইড প্ৰিভেনচন’ আৰু ‘বিশ্ব স্বাস্থ্য সংস্থা’ই এই দিৱস পালনত অগ্ৰণী ভূমিকা পালন কৰে। সেই দিনটোত গ্ৰহণ কৰা কাৰ্যসূচীবোৰৰ ভিতৰত আছে-

  • আত্মহনন প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ শুভাৰম্ভ।
  • আলোচনা চক্ৰ, মুকলি দিৱস, শিক্ষামূলক আলোচনা আৰু ৰাজহুৱা বক্তৃতাৰ আয়োজন।
  • আত্মহত্যাৰ প্ৰতি সজাগতা আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমৰ অনুষ্ঠান।
  • আত্মহত্যা কৰি মৃত্যুবৰণ কৰাসকলৰ স্মৃতিত একোডাল মমবাতি জ্বলাই সোঁৱৰণী অনুষ্ঠান।
  • সাংস্কৃতিক আৰু আধ্যাত্মিক অনুষ্ঠান, মেলা বা প্ৰদৰ্শনী পতা।
  • আত্মহত্যাৰ প্ৰতি সজগতা আৰু প্ৰতিৰোধ সম্পৰ্কীয় কিতাপ, পুস্তিকা আদি প্ৰকাশ।
  • আত্মহনন আৰু হতাশগ্ৰস্ততা সম্পৰ্কে সজাগতাৰ প্ৰশিক্ষণ।

এই কাৰ্যসূচীবিলাক বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত ৰূপায়ন কৰা হয়। এই কাৰ্যসূচীবিলাকৰ কিছুমান স্থানীয়ভাৱে আৰু কিছুমান ৰাষ্ট্ৰীয় পৰ্যায়ত পালন কৰা হয়। বিশ্বৰ বিভিন্ন প্ৰান্তত জনসাধাৰণে আত্মহনন প্ৰতিৰোধ কৰাৰ লগতে সজাগতাৰ দিশত কাম কৰিম বুলি ৰাজহুৱাকৈ প্ৰতিশ্ৰুতিও দিয়ে।

পটভূমি:

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য মতে দৈনিক প্ৰায় ৩০০০ জন লোকে আত্মহত্যা কৰে। বিশ্বত প্ৰতিবছৰে প্ৰায় এক নিযুত লোক আত্মহননৰ যোগেদি মৃত্যু হয়। আত্মহনন এক প্ৰতিৰোধযোগ্য অকাল মৃত্যুৰ কাৰণ। এনেধৰণৰ মৃত্যুৰ কাৰণ হ’ল- মনঃসামাজিক, সাংস্কৃতিক আৰু পাৰিপাৰ্শ্বিক আশংকাৰ পৰিণতি। এনেধৰণৰ মৃত্যু বিশ্বব্যাপি প্ৰতিৰোধ ব্যৱস্থা আৰু সজাগতা সৃষ্টিৰ যোগেদি প্ৰতিৰোধ কৰিব পাৰি। উপযুক্ত প্ৰতিৰোধ ব্যৱস্থা আৰু সজাগতা প্ৰচাৰৰ যোগেদি আত্মহত্যাৰ হাৰ কমাই ৰাখিব পাৰি।

‘বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস’ পোন প্ৰথম বাৰৰ বাবে ২০০৩ চনত অনুষ্ঠিত কৰা হৈছিল আৰু তেতিয়াৰে পৰা প্ৰতিবছৰে ১০ ছেপ্টেম্বৰ তাৰিখে এই দিৱস প্ৰতিখন দেশতে পালন কৰা হৈছে। আত্মহনন এক প্ৰতিৰোধযোগ্য ঘটনা আৰু এই বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব লাগে। আত্মহননৰ বিষয়ত শিক্ষাৰ পাঠ্যক্ৰম উন্নত কৰিব লাগে। আত্মহত্যা সম্পৰ্কে সজাগতাৰ বহুল প্ৰচাৰৰ ব্যৱস্থা ল’ব লাগে। আত্মহনন সম্পৰ্কে সমাজত কোনো ধৰণৰ অপবাদ বা কলংকৰ প্ৰচলন থাকিব নেলাগে- এইকেইটাই হৈছে এই দিৱস পালনৰ মূল উদ্দেশ্য।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top