অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিশ্ব উচ্চ ৰক্তচাপ দিৱস

বিশ্ব উচ্চ ৰক্তচাপ দিৱসৰ বিষয়ে লিখা হৈছে

প্রতি বছৰে মে’ মাহৰ ১৭ তাৰিখে পালন কৰা ‘বিশ্ব উচ্চ ৰক্তচাপ দিৱস’ৰ (World Hypertention Day) প্ৰতিষ্ঠা কৰিছিল ‘ৱৰ্লড হাইপাৰটেনচন লীগে’ (চমুকৈ WHL)। WHL হৈছে এক স্বাস্থ্য সংস্থা, যি বিশ্বজুৰি প্ৰায় ৮৫ খন হাইপাৰটেনচন সমিতি’ আৰু সংস্থাক নেতৃত্ব দিয়ে। সাধাৰণ জনতাৰ মাজত উচ্চ ৰক্তচাপৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্য হৈছে মানুহৰ মাজত উচ্চ ৰক্তচাপ সম্পর্কে যথোচিত জ্ঞান বৃদ্ধি কৰা আৰু উচ্চ ৰক্তচাপত ভোগা মানুহৰ মাজত ৰোগটোৰ পৰা হ’ব পৰা বিপদ সম্পর্কে সজাগ কৰা। WHL এ বিশ্ব অভিযান ২০০৫ চনৰ ১৪ মে’ত মুকলি কৰিছিল যদিও ২০০৬ চনৰ ১৭ মে’ৰ পৰাহে এই দিৱস নিয়মীয়াকৈ উদযাপন আৰম্ভ হয়।

‘বিশ্ব উচ্চ ৰক্তচাপ দিৱস’ কিয় পালন কৰা হয়

 

সৰ্বসাধাৰণ মাজত স্বাভাৱিক ৰক্তচাপ বৰ্তাই ৰখাৰ বাৰ্তা প্ৰচাৰ কৰাৰ উদ্দেশ্যে ‘বিশ্ব উচ্চ ৰক্তচাপ দিৱস’ পালন কৰা হয়। উচ্চ ৰক্তচাপৰ ফলত মানুহৰ শৰীৰত বিভিন্ন জটিলতা সৃষ্টিৰ লগতে হৃদৰোগ, ষ্ট্রোক, কিডনিৰ ৰোগ, চকুৰ ৰোগ, সংজ্ঞাহীন অৱস্থা তথা মৃত্যুৰ আশংকা পর্যন্ত সৃষ্টি কৰিব পাৰে। ‘বিপি এপাৰেটাছ' নামৰ এবিধ সঁজুলিৰ সহায়ত ঘৰ নাইবা চিকিৎসালয়ত ৰক্তচাপ জুখি চাব পাৰি। পৰিসংখ্যা অনুসৰি বিশ্বজুৰি প্রতি দহজনৰ ভিতৰত তিনি জন লোকেই উচ্চ ৰক্তচাপত ভোগে। বিশ্বজুৰি প্রায় ১.৮ কোটি লোক উচ্চ ৰক্তচাপত ভুগি আছে। সকলোতকৈ আচৰিত কথা হৈছে, ইয়াৰে ৫০ শতাংশ লোকেই আৰু যিসকলে তেওঁলোকৰ অৱস্থাৰ বিষয়ে নিজে অৱগত নহয় আৰু যিসকলে তেওঁলোকৰ অৱস্থাৰ কথা জানে, তেওঁলোকে ইয়াৰ বাবে কোনো চিকিৎসা গ্রহণ নকৰে। এই অভিযানৰ বছৰি উদ্‌যাপন কৰা কেইটামান উদ্দেশ্য হৈছে-

*বছৰত কমেও এবাৰকৈ নিয়মিত ৰক্তচাপ পৰীক্ষাৰ বাবে সর্বসাধাৰণক উৎসাহিত কৰা।

*উচ্চ ৰক্তচাপত ভোগাসকলক নিয়মিত স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ যাবলৈ অনুপ্রেৰণা যোগোৱা।

*সাধাৰণ জনতা, বিশেষকৈ সৰু ল’ৰা-ছোৱালী আৰু যুৱক-যুৱতীসকলক স্বাভাৱিক ওজন, স্বাভাৱিক কলেষ্টেৰলৰ মাত্ৰা, স্বাস্থ্যকৰ জীৱন, স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ, নিয়মিত শাৰিৰীক ব্যায়াম আদিৰ বাবে উৎসাহ যোগোৱা|

*মানুহক তেওঁলোকৰ বিভিন্ন বদ অভ্যাস যেনে- সুৰাপান, এলেহুৱা জীৱন, তৈলাক্ত আৰু চর্বিযুক্ত আহাৰ, তেলত ভজা আৰম্ভ মছলাযুক্ত আহাৰ, ধূম্ৰ পান, মেদবহুলতা, অতিৰিক্ত ওজন আদি ত্যাগ কৰিবলৈ উৎসাহ যোগোৱা।

*বিনামূলীয়া ৰক্তচাপ পৰীক্ষা শিবিৰ পাতি মানুহক নিয়মিত ৰক্তচাপ জুখিবলৈ উৎসাহিত কৰা।

*সাধাৰণ জনতাক ৰক্তচাপ, উচ্চ ৰক্তচাপ, ইয়াৰ জটিলতা, স্বাভাৱিক ৰক্তচাপ কেনেকৈ বৰ্তাই ৰাখিব পাৰি, শৰীৰৰ ওজন আৰু সুস্থ জীৱনশৈলী কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব পাৰি, সেই বিষয়ে অৱগত কৰোৱা|

*স্বাস্থ্য সেৱাৰ লগত জড়িত সকলো পেচাদাৰী লোকক ৰোগীসকলক যথোপযুক্ত চিকিৎসা আৰু নিয়মিত স্বাস্থ্য পৰীক্ষা কৰাবলৈ উৎসাহিত কৰা।

*সাধাৰণ নাগৰিকৰ মাজত এটা সুস্থ জীৱনশৈলী আৰু সমগ্ৰ জীৱনৰ বাবে স্বাস্থ্যসন্মত অভ্যাস গঢ়ি তুলিবলৈ এক জাগৰণ অনা।

*সাধাৰণ মানুহৰ সুবিধার্থে দুৰ্গম ঠাইসমূহত অধিক হস্পিতাল আৰু স্বাস্থ্যকেন্দ্ৰ প্রতিষ্ঠা কৰা।

*যিবিলাক ঠাইত মানুহ উচ্চ ৰক্তচাপত ভোগাৰ আশংকা বেছি সেই ঠাইবিলাকত উচ্চ ৰক্তচাপৰ প্ৰৱণতা আগতীয়াকৈ চিনাক্ত কৰা, প্রতিৰোধ কৰা আৰু নিয়ন্ত্ৰণ কৰাৰ বাবে সজাগতা সৃষ্টি কৰা|

বিশ্ব উচ্চ ৰক্তচাপ দিৱস কেনেকৈ পালন কৰা হয়?

 

বিভিন্ন কাৰ্যসূচী আৰু অনুষ্ঠানৰ মাজেৰে ২০০৫ চনৰ পৰা ১৭ মে’ৰ দিনটোত ‘বিশ্ব উচ্চ ৰক্তচাপ দিৱস’ পালন কৰি অহা হৈছে। এই দিৱসটোৰ উদ্দেশ্য হৈছে সাধাৰণ নাগৰিকক উচ্চ ৰক্তচাপৰ বিষয়ে সজাগ কৰা। স্বাস্থ্য তথা চিকিৎসা বৃত্তিত নিয়োজিত চৰকাৰী তথা বেচৰকাৰী সংস্থাসমূহৰ পেচাদাৰী লোকসকলে এই দিনটোত বিভিন্ন প্ৰচাৰ অভিযান, অনুষ্ঠান উদ্‌যাপন আদিত অংশগ্রহণ কৰে আৰু ৰাইজে উচ্চ ৰক্তচাপৰ বিষয়ে ভালদৰে বুজি পোৱাৰ বাবে বিভিন্ন অনুষ্ঠানৰ আয়োজনত সহযোগ কৰে।

বার্ষিক উদযাপনৰ সময়ত আয়োজিত অনুষ্ঠানসমূহৰ ভিতৰত আছে- ৰাজহুৱা সভা, উচ্চ ৰক্তচাপৰ সৈতে জড়িত বিভিন্ন বিষয়ত আলোচনা চক্র, তর্ক প্রতিযোগিতা, খোজকঢ়া বা দৌৰা, সংবাদ মাধ্যমৰ বাবে লিখা, বিদ্যালয়-মহাবিদ্যালয় তথা আন শিক্ষানুষ্ঠানত বেনাৰ আৰু পোষ্টাৰ বিতৰণ, বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত কুইজ প্ৰতিযোগিতা, টিভি-ৰেডিঅ’ আদিৰ যোগেৰে বাৰ্তা বিতৰণ আদি বিবিধ কাৰ্যসূচী।

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত উচ্চ ৰক্তচাপৰ সাধাৰণ সমস্যাসমূহ পৰিচয় কৰাবলৈ চিকিৎসা বৃত্তিৰ বিশেষজ্ঞ তথা পৰামৰ্শদাতাসকলৰ বৈঠক অনুষ্ঠিত কৰা হয়। ইয়াত তেওঁলোকে উচ্চ ৰক্তচাপত ভোগা লোকসকলৰ বাবে নতুন আৰু আটাইতকৈ সহজ প্রতিৰোধ তথা নিয়ন্ত্রণ ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰে।

বিশ্ব উচ্চ ৰক্তচাপ দিৱসৰ থীম

 

আন্তঃৰাষ্ট্ৰীয় পর্যায়ত উচ্চ ৰক্তচাপ প্রতিৰোধ অভিযান অধিক শক্তিশালী আৰু ফলপ্রসূ কৰি তুলিবলৈ প্রতি বছৰে এক নির্দিষ্ট থীম বা বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি বিভিন্ন কাৰ্যসূচী প্রস্তুত কৰি পালন কৰা হয়। এই বিষয়বস্তু নিৰ্ধাৰণ কৰে ‘ৱৰ্ল্ড হাইপাৰ টেনচন লীগে।” বিশ্ব উচ্চ

ৰক্তচাপ দিৱসৰ শেহতীয়া কেইটিমান বিষয়বস্তু এনেধৰণৰ-

বর্ষ                               বিষয়বস্তু (থীম)

২০১০        -              স্বাস্থ্যসন্মত ওজন, স্বাস্থসন্মত ৰক্তচাপ|

২০১১           -            আপোনাৰ সংখ্যাবোৰ জানক আৰু আপোনাৰ ৰক্তচাপৰ প্ৰতি লক্ষ্য ৰাখক।

২০১২              -         স্বাস্থ্যসন্মত জীৱনশৈলী, স্বাস্থ্য সন্মত ৰক্তচাপ|

২০১৩               -        সুস্থ হৃদস্পন্দন, সুস্থ ৰক্তচাপ।

২০১৪ পৰা  ২০১৮লৈ   -       আপোনাৰ ৰক্তচাপক জানক।

 

বিশ্ব স্বাস্থ্য সংস্থাই উচ্চ ৰক্তচাপক কাৰ্ডিঅ'ভাস্কুলাৰজনিত মৃত্যুৰ ঘাই কাৰণ হিচাপে চিহ্নিত কৰিছে। ইফালে ৮৫ খন ৰাষ্ট্ৰৰ হাইপাৰটেনচন ছ’চাইটি আৰু লীগৰ দ্বাৰা গঠিত ‘ৱৰ্ল্ড হাইপাৰটেনচন লীগে” কয় যে উচ্চ ৰক্তচাপত ভোগা বিশ্বৰ জনসাধাৰণৰ ৫০ শতাংশই তেওঁলোকৰ নিজৰ অৱস্থাৰ বিষয়ে নাজানে|

বিগত তিনি বছৰত সর্বাধিক ৰাষ্ট্ৰীয় সংস্থাই ৱৰ্লড হাইপাৰটেনচন লীগত যোগদান কৰিছে আৰু জনসাধাৰণৰ মাজত বার্তা বিয়পোৱাৰ ক্ষেত্ৰত যথেষ্ট সক্রিয় ভূমিকা লৈ আহিছে। ২০১৭ বৰ্ষত

‘ৱৰ্লড হাইপাৰটেনচন লীগ’ৰ ৪৭ খন সদস্য ৰাষ্ট্রই বিশ্ব স্বাস্থ্য দিৱসত অংশগ্রহণ কৰিব। বিশ্ব স্বাস্থ্য দিৱসৰ সপ্তাহটোত এই আটাইকেইখন দেশে তেওঁলোকৰ স্থানীয় চৰকাৰ, পেচাদাৰী সমাজ, বেচৰকাৰী সংস্থা আৰু ব্যক্তিগত উদ্যোগসমূহৰ সমদলৰ জৰিয়তে উচ্চ ৰক্তচাপ সন্দৰ্ভত সজাগতা সৃষ্টি কৰি আহিছে। বিভিন্ন গণমাধ্যম যেনে—ইন্টাৰনেট, টেলিভিচন আদি ব্যৱহাৰ কৰি তেওঁলোকে তেওঁলোকৰ বার্তা ২৫০ নিযুত লোকৰ কাষলৈ লৈ যায়। বিগত কেইবছৰৰ সফলতা প্রত্যক্ষ কৰাৰ পিছত বৰ্তমান তেওঁলোকে উচ্চ ৰক্তচাপত ভোগা ১.৫ কোটি লোকৰ মাজলৈ তেওঁলোকৰ বাৰ্তা কঢ়িয়াই নিব পাৰিছে বুলি আত্মবিশ্বাসী হৈ পৰিছে।

আপোনাৰ ৰক্তচাপ জানক

 

এটা সময় আছিল, যেতিয়া আমাৰ পূৰ্বজসকলে গোটেই দিনটো খেতিপথাৰত কাম কৰিছিল, আইতাহঁতে দিনৰ দলটো ঘৰৰ কাম কৰি ঘূৰি ফুৰিছিল। ল’ৰা-ছোৱালীবোৰৰ তেতিয়া ঘৰৰ ভিতৰত থাকিবলৈ ইলেকট্রনিক সঁজুলিবোৰ নাছিল। সেই সময়ত ল’ৰা-ছোৱালীবোৰৰ বাহিৰলৈ ওলাই গৈ খেলিবলৈ বহুতো বন্ধু-বান্ধৱী আছিল আৰু সিহঁতে প্ৰদূষণহীন বাট-পথ, মুকলি পথাৰত খেলা-ধূলা কৰিছিল। দিনটোৰ কঠোৰ পৰিশ্ৰমৰ পিছত সমগ্ৰ পৰিয়ালটোৱে মিলি কোনো কীটনাশক নথকা স্বাস্থ্যসন্মত সতেজ খাদ্য খাইছিল আৰু শুদ্ধ খাদ্যাভ্যাসেৰে এক সুস্থ জীৱনশৈলী বজাই ৰাখিছিল।

বৰ্তমান ক্ষীপ্ৰ জীৱন, প্রযুক্তিৰ উৎকৰ্ষ আৰু চাপ পূৰ্ণ কর্মক্ষেত্ৰই সকলো সলনি কৰি পেলাইছে। মধুমেহ আৰু স্নায়ুৰোগ এতিয়া সকলো পৰিয়ালত এক সাধাৰণ সমস্যা। উচ্চ ৰক্তচাপ বা হাইপাৰটেনচন হৈছে এক নিৰৱ শত্রু। ই গোপনে শৰীৰত থিতাপি লয় আৰু ক’ব নোৱাৰাকৈয়ে যথেষ্ট ক্ষতি কৰে। অনুমান কৰা মতে উচ্চ ৰক্তচাপত ভোগা প্রাপ্তবয়ষ্কৰ সংখ্যা ২০০০ চনত ৯৭২ নিযুতৰ পৰা ২০২৫ চনত ১.৫৬ কোটিলৈ বৃদ্ধি পাব। অর্থাৎ ২০০০ চনৰ পৰা ২০২৫ চনলৈ উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ সংখ্যা ৬০ শতাংশ বৃদ্ধি পাব। ইয়াৰে দহ শতাংশ লোকে পূৰ্বৰে পৰা থকা ৰোগৰ ফলত সৃষ্টি হোৱা ‘ছেকেণ্ডাৰী হাইপাৰ টেনচন’ত ভোগে। অত্যধিক উচ্চ ৰক্তচাপৰ ফলত মূৰৰ বিষ, টোপনিৰ ভাব, খৰতকীয়া হৃদস্পন্দন, অস্পষ্ট দৃষ্টিশক্তি, অৱসাদ, মূৰ ঘূৰোৱা, দোধোৰ-মোধোৰ ভাব হোৱা আদি সমস্যাই দেখা দিব পাৰে।

ইফালে অত্যধিক নিমখ সেৱনে উচ্চ ৰক্তচাপ সৃষ্টি কৰা কথাটোৰ শক্তিশালী প্রমাণ আছে। ইয়াৰ সমাধান অতিকৈ সাধাৰণ। নিমখ কমকৈ খাওক আৰু ইয়ে আপোনাৰ ৰক্তচাপ হ্রাস কৰিব| স্নায়ুৰোগৰ ক্ষেত্ৰতো আটাইতকৈ ডাঙৰ কাৰক হিচাপে পৰিগণিত উচ্চ ৰক্তচাপৰ মূল কাৰণ অত্যধিক ছ’ডিয়াম সেৱন বুলি চিকিৎসা জগতত বিশ্বাস কৰা হয়। কিছুসংখ্যক লোকৰ ক্ষেত্ৰত ছ'ডিয়ামে ৰক্তচাপ বৃদ্ধি কৰাৰ কাৰণ হৈছে, ই শৰীৰত পানীৰ পৰিমাণ বৃদ্ধি কৰি হৃদযন্ত্রত অধিক বোজাৰ সৃষ্টি কৰে।

এটা অধ্যয়নত সাঁতোৰাৰ অভ্যাসে জ্যেষ্ঠ প্রাপ্তবয়স্কসকলক সহায় কৰে বুলি দাবী কৰা হৈছে। অধ্যয়নটোৰ মতে জ্যেষ্ঠ–প্রাপ্তবয়স্কসকলৰ বাবে সাঁতোৰ হৈছে খোজকঢ়া আৰু চাইকেল চলোৱাৰ দৰেই নিৰাপদ উপায় আৰু ই ৰক্তসিৰাসমূহৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি ৰক্তচাপ হ্রাস কৰে। পিছে আপুনি যদি এক শ্ৰমবিহীন জীৱন কটাই আহিছে, তেন্তে নতুনকৈ কোনো শাৰিৰীক ব্যায়াম আৰম্ভ কৰাৰ পূর্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী। এটা সময় আছিল, যেতিয়া সাঁতোৰাক বিপদপূর্ণ বুলি ভবা হৈছিল। কাৰণ ঠাণ্ডা পানীত থকাৰ ফলত স্নায়ুতন্ত্ৰৰ পৰিৱৰ্তন ঘটে। সি যি কি নহওক, অভিজ্ঞ প্রশিক্ষকৰ তত্ত্বাৱধানত কৰা শাৰীৰিক ব্যায়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে।

উচ্চ ৰক্তচাপ এক উত্তৰাধিকাৰসূত্রে লাভ কৰিব পৰা ৰোগ হোৱা হেতুকে পৰিয়ালৰ ইতিহাসত উচ্চ ৰক্তচাপ থাকিলে নাইবা পিতৃ-মাতৃৰ উচ্চ ৰক্তচাপজনিত সমস্যা থাকিলে সন্তানলৈয়ো সেই সমস্যা বিয়পাৰ সম্ভাৱনা থাকে। তদুপৰি পৰিয়ালত মেদবহুলতা, ধূম্ৰপান, শ্রমহীনতা, অত্যধিক মদ্যপান, গর্ভনিৰোধক বড়িৰ ব্যৱহাৰৰ ফলতো উচ্চ ৰক্তচাপ এটা প্রজন্মৰৰ পৰা আন এটা প্রজন্মলৈ বিয়পিব পাৰে।

উচ্চ ৰক্তচাপৰ ফলত সৃষ্টি হ’ব পৰা জটিলতাসমূহৰ ভিতৰত আছে- এথেৰ’ছক্লেৰ'চিছ (আৰ্টাৰীসমূহ চাপ খোৱা), মস্তিষ্কৰ ৰক্তক্ষৰণ অর্থাৎ মগজুৰ ভিতৰত তেজৰ চেকুৰা বন্ধা (স্ট্রোক), হার্ট এটেক, এনিউৰিজম, কিডনি ফেইলাৰ, হার্ট ফেইলাৰ আৰু চকু বেয়া হোৱা আদি।

সেয়েহে প্রতিবছৰে কেৱল ‘উচ্চ ৰক্তচাপ দিৱস’ পালন কৰাটোৱে শেষ কথা নহয়। সাধাৰণ নাগৰিকক নিয়মিত ৰক্তচাপ পৰীক্ষাৰ বাৰে সজাগ কৰি তোলাটোও আমাৰ দায়িত্ব। তদুপৰি উচ্চ ৰক্তচাপত ভোগা লোকসকলকো চিকিৎসকৰ কাষ চাপিবলৈ উৎসাহিত কৰিব লাগে। লগতে সাধাৰণ লোকক স্বাভাৱিক ওজন, স্বাভাৱিক পর্যায়ৰ কলেষ্টেৰল, স্বাভাৱিক ৰক্তচাপ, স্বাস্থ্যসন্মত জীৱনশৈলী, স্বাস্থসন্মত ব্যায়াম কৰিবলৈ উৎসাহ দিয়াৰো প্রয়োজনীয়তা আছে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top