মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / অজীৰ্ণ ৰোগৰ যৌগিক চিকিত্সাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অজীৰ্ণ ৰোগৰ যৌগিক চিকিত্সাঃ

ভেজাল খাদ্যৰ পয়োভৰত মানৱ শৰীৰক সঘনাই নতুন নতুন বেমাৰে আক্ৰমণ কৰিছে

ভেজাল খাদ্যৰ পয়োভৰত মানৱ শৰীৰক সঘনাই নতুন নতুন বেমাৰে আক্ৰমণ কৰিছে। বেমাৰক প্ৰতিৰোধ কৰিব পৰা দেহৰ শক্তিও কমি আহিছে। কিবা এটা বেমাৰ ভাল কৰিবলৈ যিবিলাক ঔষধ সেৱন কৰা হয় তাৰ পৰিণতিত আকৌ বেলেগ বেমাৰে দেখা দিয়ে। ভেজাল ঔষধেও মানুহক দুশ্চিন্তাত পেলাইছে। অত্যধিক ঔষধ সেৱনৰ পাছত ঔষধৰ সুদূৰপ্ৰসাৰী পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ প্ৰভাৱ শৰীৰত পৰে। ঔষধ নিৰ্ভৰশীল নহৈ মানুহে শৰীৰতনো কেনেকৈ বেমাৰৰ প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিব পাৰি- এই চিন্তাৰ ফলতে উদ্ভৱ হয় যৌগিক চিকিত্সা পদ্ধতিৰ। যোগিক চিকিত্সা পদ্ধতি প্ৰাকৃতিক চিকিত্সা পদ্ধতিৰেই পূৰ্ণাংগ ৰূপ। যৌগিক চিকিত্সা পদ্ধতিৰ বৈশিষ্ট্য হ’ল যে ই যিদৰে ৰোগ আৰোগ্য কৰিব পাৰে, সেইদৰে ভাবী ৰোগৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষমতাও তাৰ অসাধাৰণ। যৌগিক আসন, মুদ্ৰা আৰু প্ৰাণায়াম অভ্যাসৰ দ্বাৰা স্নায়ু, পেশী, ধমনী, গ্ৰন্থি, হৃত্পিণ্ড ফুচফুচ প্ৰভৃতি দেহ পৰিচালক যন্ত্ৰবোৰ ইমানেই সবল আৰু প্ৰাণৱন্ত হৈ উঠে যে ৰোগৰ বীজাণুই দেহত প্ৰৱেশ কৰি বৃদ্ধি পোৱাৰ সুযোগ নাপায়। কিন্তু বেমাৰে শৰীৰক আক্ৰমণ কৰাৰ পাছত পাৰিলে সৰুৰে পৰাই ইয়াৰ অভ্যাস গঢ়িব লাগে। সহজ সহজ কেইটামান যোগক্ৰিয়াৰ দ্বাৰাই অনায়াসে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তুলিব পাৰি।

যেনে অজীৰ্ণ ৰোগত প্ৰায় সকলো মানুহে কম-বেছি পৰিমাণে ভোগে। কেৱল মানুহেই নহয় পশু-পক্ষীৰো এই ৰোগ হয়। আহাৰত অৰুচি, মুখৰ দুৰ্গন্ধ, মুখেদি পানী ওলোৱা, পেটত বায়ু সঞ্চিত হোৱা, বুকু ধৰফৰ কৰা, কোষ্ঠবদ্ধতা আদি হোৱাৰ মূলতে অজীৰ্ণ। আহাৰৰ বৈষম্যৰ কাৰণেও অজীৰ্ণ হয়। অসময়ত ভোজন, দ্ৰুত ভোজন, গুৰু ভোজন, প্ৰয়োজনতকৈ বেছি চৰ্বিজাতীয় খাদ্য গ্ৰহণ, ভোক নলগাতে আকৌ খাদ্য গ্ৰহণ, শৰীৰৰ পৰিশ্ৰম নোহোৱা, অন্ত্ৰ পৰিচালক স্নায়ুবোৰৰ দুৰ্বলতা আদি এই ৰোগৰ প্ৰধান কাৰণ।

আমাৰ খাদ্যবোৰ প্ৰথমে পাকস্থলীত গৈ পাকস্থলীৰ পাচক ৰস, যকৃতৰ পিত্ত ৰস আদিৰ সহায়তহে আধা জীৰ্ণাৱস্থা পায়। তাৰ পাছত খাদ্য পাকস্থলীৰ পৰা গ্ৰহণী নাড়ীলৈ যায়। বিভিন্ন পাচক ৰস, পিত্ত ৰস লগ লাগি গ্ৰহণী নাড়ীত অৱস্থিত অৰ্ধজীৰ্ণ খাদ্য অগ্ন্যাশয়ত থকা পাচক পিত্তৰ সহায়ত সম্পূৰ্ণ জীৰ্ণ যায়। এই খাদ্য যেতিয়া সম্পূৰ্ণ হজম নহ’ব তেতিয়া অজীৰ্ণ খাদ্যই অন্ত্ৰৰ পথ অৱৰুদ্ধ কৰি বায়ু চলাচল বিঘ্নিত কৰে। অজীৰ্ণ খাদ্যক মলনাড়ীয়েও মলৰূপে দেহৰ পৰা নিঃসৰিত কৰিব নোৱাৰে। এই অজীৰ্ণতাৰ ফলত দেহৰ স্নায়ুবোৰ অৱসাদগ্ৰস্ত হৈ পৰে। অজীৰ্ণতাৰ কাৰণে দেহৰ ৰক্তশোধনকাৰী প্লীহা, যকৃত, মূত্ৰগ্ৰন্থি, ফুচফুচ প্ৰভৃতি যন্ত্ৰবোৰেও অধিক পৰিশ্ৰম কৰিব লগা হয়। স্নায়ুবোৰ ভাগৰুৱা হোৱাৰ বাবে নিজৰ কৰ্তব্য পালনত অক্ষম হৈ পৰে আৰু গোটেই শৰীৰতে এটা বিশৃংখলে দেখা দিয়ে। প্লীহা আৰু যকৃত যেতিয়া দুৰ্বল হৈ পৰে তেতিয়া সিহঁতৰ প্ৰয়োজনীয় পাচক ৰস উত্পন্ন কৰাৰ ক্ষমতা নাথাকে। ফলত খাদ্য পৰিপাকতো ব্যাঘাত সৃষ্টি হৈ অজীৰ্ণ ৰোগ উত্পন্ন হয়।

এই অজীৰ্ণ ৰোগ যদি দীৰ্ঘস্থায়ী হয় তেনেহ’লে ইয়াৰ পৰা স্থায়ী কোষ্ঠবদ্ধতা, অম্লশূল, পিত্তশূল, পাকস্থলীৰ ক্ষত আদি ৰোগে দেখা দিয়ে। সদায় প্ৰাতঃকৰ্ম সমাপনৰ পাছত অগ্নিসাৰ ধৌতি ২০ বাৰ, সহজ প্ৰাণায়াম কেইটামান নাইবা ভ্ৰমণ প্ৰাণায়াম কৰিব লাগে। অগ্নিসাৰ ধৌতি হ’ল উশাহ গ্ৰহণ কৰি কৰি উদৰৰ নিম্নাংশ আৰু নাভিদেশক আকুঞ্চিত কৰি মেৰুদণ্ড সংলগ্ন কৰিবৰ চেষ্টা কৰা। উশাহ লোৱা শেষ হোৱাৰ পাছত নিশাহ এৰি দি দি আকুঞ্চন ঢিলাই দিব লাগে। ১০-১৫ বাৰৰ পৰা ১০০ বাৰ পৰ্যন্ত অনুৰূপভাৱে এনেকুৱা কৰিব লাগে। গধূলিও অগ্নিসাৰ ধৌতি ১-১০ বাৰ, উড্ডীয়ান ৪ বাৰ, অৰ্ধকুৰ্মাসন ৪ বাৰ, সহজ প্ৰাণায়াম কেইবাৰমান কৰিব লাগে। দুপৰীয়া আৰু ৰাতিৰ প্ৰধান আহাৰৰ পাছত সোঁ নাকেৰে অন্ততঃ এঘণ্টা শ্বাস প্ৰৱাহিত কৰি ৰাখিব লাগে।

দেহৰ ক্ষয়-ক্ষতি পূৰণৰ কাৰণেই খাদ্য গ্ৰহণৰ আৱশ্যকতা। অপ্ৰয়োজনত অৰ্থাত্ ভোক নালাগিলে কেতিয়াও খাদ্য গ্ৰহণ কৰিব নালাগে। চৰ্বিজাতীয় খাদ্য অৰ্থাত্ ঘি, মাখন আৰু তেল আদি অজীৰ্ণ ৰোগীয়ে অতি কমকৈহে খাব লাগে। বেলৰ চৰ্বত, কমলা, আনাৰস, অমিতা, নেমুৰ চৰ্বত, আপেল, বেদনা আদি খাব পাৰে। দাইল অজীৰ্ণ ৰোগীয়ে কমকৈ খোৱা উচিত। ভাত, ৰুটি আদি ভালকৈ চোবাই খাব লাগে। অজীৰ্ণ ৰোগীয়ে মাজে মাজে উপবাসে থাকিব লাগে। অজীৰ্ণতাই দেহৰ লগতে মনৰো শান্তি নোহোৱা কৰে।

লেখকঃ পাৰ্থ প্ৰতিম দাস

উত্সঃ অসমীয়া খবৰ

3.23076923077
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top