শীতকাল মানেই যেন কমলাৰ বতৰ। প্ৰায় প্ৰতিঘৰতেই শীতকালত কমলা খোৱাটো অতি সাধাৰণ কথা। ভিটামিন 'চি’ৰে পৰিপূৰ্ণ এই ফল স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু আশ্চর্যকৰ কথা এয়ে যে, ফলটিৰ দৰেই কমলাৰ বাকলিও অতি উপকাৰী। ৰূপচৰ্চাৰ পৰা আৰম্ভ কৰি স্বাস্থ্যৰক্ষা, আখল ঘৰত বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা কমলাৰ বাকলিৰ কিছু অসাধাৰণ তথা ব্যতিক্ৰমী ব্যৱহাৰৰ কথা এই লেখাত উল্লেখ কৰা হ’ল-
- কমলাৰ বাকলি ঘৰত এয়াৰ ফ্ৰেশ্বনাৰৰূপেও ব্যৱহাৰ কৰিব পাৰি। এমগ গৰম পানীত এমুঠি কমলাৰ বাকলি ভালদৰে কাটি মিহলাই লওক। সেই পানী ঘৰৰ চুকে-কোণে ছটিয়ালে এক সুগন্ধ বিয়পি পৰিব।
- মুখৰ ব্লেকহেডছ, চকুৰ তল ক’লা পৰা, শুকান ছালৰ সমস্যা, শালমইনাৰ সমস্যা আদি নিবাৰণৰ ক্ষেত্ৰত কমলাৰ বাকলি অতি উপকাৰী। গাখীৰ অথবা দৈৰ সৈতে কমলাৰ বাকলিৰ ৰস মিহলাই লগালে সুফল পোৱা যায়।
- উফি দূৰ কৰাৰ ক্ষেত্ৰত কমলাৰ বাকলি অতি উপকাৰী। নাৰিকল তেলৰ সৈতে কমলাৰ বাকলিৰ ৰস মিহলাই চুলিৰ গুৰিত লগাই প্রায় এক-ডেৰ ঘণ্টা ৰাখি শ্বেম্পূৰ সহায়ত ভালদৰে ধুই পেলাব। উফিৰ সমস্যাৰ পৰা ৰেহাই পাব।
- কমলাৰ বাকলিৰ ৰসে খাদ্য হজম কৰাতো সহায় কৰে। পেট ফুলা, বুকু জ্বলা-পোৰা কৰা আদি সমস্যা হ’লে পানীৰ সৈতে কমলাৰ বাকলিৰ ৰস মিহলাই খালে আৰাম পোৱা যায়।
- বহু লোকৰে মুখৰ পৰা দুৰ্গন্ধ ওলায়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ ছুইংগাম ব্যৱহাৰ কৰে। তাৰ পৰিৱৰ্তে কমলাৰ বাকলি চোবাই খায়ো এই সমস্যাৰ পৰা হাত সাৰিব পাৰি।
- ৰেফ্রিজাৰেটৰ সতেজ কৰি ৰাখিবলৈও কমলাৰ বাকলি ব্যৱহাৰ কৰিব পাৰে।
- শীতকালৰ মহৰ উপদ্রৱ বৃদ্ধি পায়। মহ খেদাৰৰ বাবে ধোঁৱা, কইল আদি ব্যৱহাৰ কৰা হয়। পিচে বহুতেই তাৰ পৰা ওলোৱা গোন্ধ সহ্য কৰিব নোৱাৰে। মহ খেদাবৰ বাবে কমলাৰ বাকলিও ব্যৱহাৰ কৰিব পাৰে। কমলাৰ বাকলিৰ হাইট্ৰাছ গেন্ধোৰে মহা দূৰত ৰখাত সহায় কৰে।
উৎস: সাদিন।
শেহতীয়া উন্নীতকৰণ: : 2/8/2023
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.