মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / চল্লিছোৰ্ধৰ ৰোগ আৰু প্ৰতিকাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চল্লিছোৰ্ধৰ ৰোগ আৰু প্ৰতিকাৰ

চল্লিছোৰ্ধৰ ৰোগ আৰু প্ৰতিকাৰ

চল্লিছ বছৰত ভৰি দিয়া বা চল্লিছ পাৰ হোৱাৰ পাছত শৰীৰত নানা ধৰণৰ ৰোগে আক্ৰমণ কৰা দেখা যায়। ইয়াৰ ভিতৰত বেছিকৈ দেখা পোৱা ৰোগসমূহ হ’ল– ডায়েবেটিছ, উচ্চ ৰক্তচাপ (হাইপাৰটেনচন), আৰ্থ্ৰাইটিছ, নিদ্ৰাহীনতা (ইনচ্‌ম্‌নিয়া), চুলি পকা আৰু মহিলাসকলৰ ‘মেনোপ’জেল চিনড্ৰম’ আদিয়ে প্ৰধান। ‘ডায়েবেটিছ মেলিটাছ’ হ’ল সচৰাচৰ বেছিকৈ দেখা পোৱা এক ‘এণ্ডোক্ৰাইনেল’ ৰোগ। ইয়াৰ মুখ্য লক্ষণ হৈছে হাইপাৰ গ্লাইছেমিয়া (তেজত অত্যধিক গ্লুকজৰ মাত্ৰা বৃদ্ধি) আৰু গ্লাইক’চুৰিয়া অৰ্থাৎ প্ৰস্ৰাৱত গ্লুকজৰ মাত্ৰা বৃদ্ধি। মুখ্যত অগ্ন্যাশয় গ্ৰন্থিয়ে নি:সৰণ কৰা ইনচুলিন হৰ’মন’ৰ অভাৱ বা ইনচুলিনৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ ফলতেই ‘ডায়েবেটিছ’ ৰোগৰ সৃষ্টি হয়। যদি আৰম্ভণিতেই ইয়াৰ চিকিৎসা কৰা নহয় তেন্তে ইয়াৰ ফল ভয়াবহ হ’ব পাৰে। ডায়েবেটিছৰ সুচিকিৎসা নকৰিলে ইয়াৰ নানা ধৰণৰ উপসৰ্গই দেখা দিয়ে। উপসৰ্গসমূহ হ’ল- কিট’এছিড’ছিছ, ডায়েবেটিক ৰেটিন’পেথি, ডায়েবেটিক নিউৰ’পেথি, ঘা শুকাই নোযোৱা আদি। সুশ্ৰুতে(খ্ৰী:পূ: ৫০০) বিছ প্ৰকাৰৰ প্ৰমেহ ৰোগৰ বৰ্ণনা কৰিছিল। প্ৰমেহৰ দ্বাৰা মূত্ৰ নি:সৰণত দেখা দিয়া অসুবিধা বুজোৱা হৈছিল। সুশ্ৰুতৰ মতে, দিনত শোৱা, পৰিশ্ৰম নকৰা, এলেহুৱা, মিঠাই, চৰ্বি আৰু ঠাণ্ডা বস্তু সেৱন কৰা লোক প্ৰমেহ ৰোগৰ দ্বাৰা বেছিকৈ আক্ৰান্ত হয়। ভাৰতীয় চিকিৎসক সুশ্ৰুতেই প্ৰথমে ‘মধুমেহ’ৰ কথা উল্লেখ কৰিছিল আৰু ইয়াৰ লক্ষণসমূহ হ’ল- বেছিকৈ পিয়াহ আৰু ভোক লগা আৰু বাৰে বাৰে প্ৰস্ৰাৱ লগা। ‘ডায়েবেটিছ মেলিটাছ’ক এই মধুমেহ ৰোগৰ লগতে ৰিজোৱা হৈছে। আধুনিক সমাজ-ব্যৱস্থা আৰু উন্নত জীৱন-ধাৰণেই হ’ল এই ৰোগৰ মুখ্য কাৰণ। অত্যধিক শৰ্কৰা জাতীয় খাদ্য, মানসিক দুশ্চিন্তা আৰু মানসিক চাপ আদিয়ে এই ৰোগ হোৱাত বিশেষ অৰিহণা যোগাইছে। ডায়েবেটিছ সকলো জাতি, বংশ আৰু পুৰুষ-মহিলা উভয়ৰে হোৱা দেখা যায়। বিশ্বৰ মুঠ জনসংখ্যাৰ ২ শতাংশই হ’ল ডায়েবেটিছ ৰোগী। ভাৰতবৰ্ষত প্ৰায় ২.১ শতাংশ চহৰাঞ্চলৰ লোক আৰু ১.৫ শতাংশ গ্ৰাম্যাঞ্চলত বাস কৰা লোক ডায়েবেটিছৰ দ্বাৰা আক্ৰান্ত হয়। যদিও ডায়েবেটিছ মেলিটাছ এক বয়সত হোৱা ৰোগ আৰু বয়সৰ লগে লগে ইয়াৰ সংখ্যা বৃদ্ধি পায়, তথাপি যি কোনো বয়সৰ লোকেই এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে। সাধাৰণ ওজনৰ ব্যক্তিতকৈ শকত ব্যক্তি এই ৰোগৰ দ্বাৰা বেছিকৈ আক্ৰান্ত হয়। ডায়েবেটিছ ৰোগ সুচিকিৎসাৰ বাবে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত আহাৰ, ঔষধ, ব্যায়াম আৰু যোগৰ উল্লেখ আছে। প্ৰথমতেই এই পদ্ধতিত ডায়েবেটিছ ৰোগ নিৰাময়ৰ বাবে শাৰীৰিক ব্যায়াম আৰু যোগাভ্যাসৰ উপদেশ দিয়া হৈছে। চৰক আৰু সুশ্ৰুতৰ দিনৰে পৰাই ডায়েবেটিছ ৰোগীক নিতৌ চাৰিমাইল খোজকঢ়াৰ পৰামৰ্শ দি অহা হৈছে। বৰ্তমান যুগতো হাইপাৰগ্লাইছেমিয়া নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ব্যায়ামক এক গুৰুত্বপূৰ্ণ স্থান দিয়া হৈছে। যোগাভ্যাসৰ ভিতৰত প্ৰাণায়ামে ডায়েবেটিছ মেলিটাছ ৰোগ নিৰাময়ত সহায় কৰে। প্ৰাণায়ামৰ দ্বাৰা ‘ব্লাড চুগাৰ লেভেল’ তললৈ নমা দেখা পোৱা গৈছে। ডায়েবেটিছ ৰোগৰ নিয়ন্ত্ৰণত সহায়ক কেইবিধমান যোগ হ’ল- সূৰ্য নমস্কাৰ, যোগমুদ্ৰা, পদ্মাসন, বজ্ৰাসন, হলাসন, পশ্চিমোত্তাসন, সৰ্বাংগাসন, ভুজাংগাসন, ধনুৰাসন। আয়ুৰ্বেদৰ বিভিন্ন সংহিতাত মধুমেহ (ডায়েবেটিছ মেলিটাছ) ৰোগৰ চিকিৎসাত ব্যৱহৃত বহু সংখ্যক খনিজ ঔষধ আৰু বনৌষধিৰ উল্লেখ আছে। ৰোগৰ চিকিৎসাত ব্যৱহৃত বিভিন্ন বনৌষধিসমূহ হ’ল- ‘বিলব(বেল), নিম্ব(নিম), কাৰবেল্লক জম্বু, উদুম্বৰ, মেথি, গুৰুচী, নয়নতৰা ইত্যাদি। ইয়াৰোপৰি বহু সংখ্যক বনৌষধি, ধাতু আৰু খনিজৰ যৌগিক ঔষধ আছে, যিবিলাকৰ ব্যৱহাৰৰ দ্বাৰা ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত সফলতা পাব পাৰি। ডায়েবেটিছ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত খাদ্যাভাসে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ডায়েবেটিছ ৰোগীয়ে তেওঁৰ শৰীৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি কম পৰিমাণৰ আহাৰ গ্ৰহণ কৰিব লাগে, আকৌ ক্ষীণ বা কম ওজনৰ ৰোগীয়ে বেছি কেল’ৰিৰ আহাৰ গ্ৰহণ কৰিব লাগে, আকৌ অতি ক্ষীণ বা কম ওজনৰ ৰোগীয়ে বেছি কেল’ৰিৰ আহাৰ গ্ৰহণ কৰিব লাগে। ৰোগীয়ে পৰাপক্ষত ভাত, আলু, চেনি আৰু চৰ্বি জাতীয় খাদ্য ত্যাগ কৰা উচিত আৰু ঘেঁহু, মটৰ, গোমধান আৰু মাহজাতীয় পদাৰ্থ, কেৰেলা, ভেন্দি, তিয়ঁহ, কবি, বেল আদি গ্ৰহণ কৰিব লাগে। তদুপৰি নিমপাত, মেথি, নহৰু, হালধি, আদা আদি দৈনিক খাব লাগে। ডায়েবেটিছ ৰোগ নিৰাময় তথা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আয়ুৰ্বেদিক ঔষধে যথেষ্ট সফলতা লাভ কৰিছে আৰু বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে এই ঔষধসমূহ জনপ্ৰিয় হৈছে।

উচ্চ ৰক্তচাপ

চল্লিছ বছৰৰ পাছত হোৱা আন এটা সাধাৰণ (Common) ৰোগ হ’ল উচ্চ ৰক্তচাপ (হাইপাৰটেনচন)। ধমনীৰ দ্বাৰা হৃদয়ৰ চাপত তেজ শৰীৰৰ সকলো অংশলৈ চলাচল কৰে। যেতিয়া হৃদয়ৰ সংকোচন হৈ তেজ পাম্প কৰে তেতিয়া তেজ নলীকালৈ গমন কৰে আৰু এইটোক কোৱা হয় চিষ্ট’লিক ব্লাড প্ৰেছাৰ(ওপৰৰ) আৰু যেতিয়া হৃদযন্ত্ৰ পুনৰ স্বাভাৱিক অৱস্থালৈ আহে তেতিয়া তাক ডাইষ্ট’লিক(তলৰ) ব্লাড প্ৰেছাৰ বুলি কোৱা হয়। ৰক্তচাপ হৈছে ‘আৰ্টাৰি ৱাল’ অৰ্থাৎ ধমনীৰ বেৰত প্ৰয়োগ হোৱা তেজৰ চাপ। অত্যধিক বায়ুৰ চাপৰ ফলত যেনেদৰে টায়াৰ ফাটি যায় ঠিক তেনেদৰে উচ্চ ৰক্তচাপে ধমনীৰ ক্ষতি কৰে। চিষ্ট’লিক প্ৰেছাৰ সকলো বয়সৰ মানুহৰ বাবে ১০০ৰ পৰা ১৪০ ৰ ভিতৰত আৰু ডাইষ্ট’লিক ব্লাড প্ৰেছাৰ সকলো বয়সৰ মানুহৰ বাবে ৬০ ৰ পৰা ৯০ ৰ ভিতৰত হ’ব লাগে। এই ৰক্তচাপ মেনমিটাৰ অব মাৰকিউৰি(mm Hg) দ্বাৰা জোখা হয়। সাধাৰণতে মানুহ এজনৰ ৰক্তচাপ পুৱা আৰু আবেলিহে বৃদ্ধি হয়। মানুহৰ পুৱা ৰক্তচাপ একেবাৰে কম থাকে আৰু আবেলিলৈ যেতিয়া মানুহজন দিনৰ কামত ভাগৰি পৰে তেতিয়া ৰক্তচাপ বৃদ্ধি হয়। মানুহৰ মানসিক ভাৰসাম্য নিয়ন্ত্ৰিত কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰা হয়। উত্তেজনা, উৎকণ্ঠা, আকস্মিক ভয়, মানসিক চাপ আদিৰ ফলত ৰক্তচাপ বৃদ্ধি হয়। এইবোৰৰ বৃদ্ধি অনুসৰি ৰক্তচাপ বৃদ্ধি হয় আৰু মানসিক চাপ কমাৰ লগে লগে ৰক্তচাপো সাধাৰণ অৱস্থালৈ আহে। উচ্চ ৰক্তচাপ হ’ল এটা অতি সাধাৰণ ৰোগ। ই একেবাৰে একো লক্ষণ নেদেখুৱায়। কিন্তু সঠিক সময়ত ইয়াক চিকিৎসা কৰি নিৰ্মূল নকৰিলে ই পাছলৈ বিভিন্ন জটিলতাৰ সৃষ্টি কৰে। যদি কোনো লোকৰ বহুদিনৰ পৰা মূৰৰ বিষ, অনিদ্ৰা, অস্থিৰ লাগি থকা, বুকুখন ধপ্‌ধপাই থকা, খোজ কাঢ়িলে উশাহ লোৱাত কষ্ট পোৱা, চকুৰে অস্পষ্ট দৃশ্য দেখা, ৩৫ বা ৪০ বছৰ বয়সৰ পাছৰ পৰা নাকেৰে তেজ ওলোৱা আদি হয়, তেনেহ’লে লগে লগে ৰক্তচাপ পৰীক্ষা কৰিব লাগে। উচ্চ ৰক্তচাপ হৈছে ‘কাৰ্ডিঅ’ ভাছকুলাৰ’ ৰোগৰ মুখ্য কাৰণ। সাধাৰণ ব্যক্তিতকৈ উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ ‘ক’ৰনাৰী হাৰ্ট ৰোগ’ হোৱাৰ সম্ভাৱনা তিনিগুণ, ‘কনজেচটিভ কাৰ্ডিয়াক ফেইলৰ’ হোৱাৰ সম্ভাৱনা চাৰিগুণ আৰু ‘ষ্ট্ৰোক’ হোৱাৰ সম্ভাৱনা সাতগুণে বেছি হয়। উচ্চ ৰক্তচাপৰ সাধাৰণ কাৰণ কিছুমান হ’ল বংশগত, মানসিক চিন্তা, ধূমপান, অতিমাত্ৰা মদ সেৱন, মধুমেহ, অতিস্থূলতা, তেজত অতিমাত্ৰা কলেষ্ট’ৰেল থকা ইত্যাদি। আন কিছুমান সামান্য কাৰণ হ’ল – কিড্‌নি ফেইলৰ, গৰ্ভাৱস্থা, গৰ্ভনিৰোধক পিল সেৱন ইত্যাদি। ৰক্তচাপ সাধাৰণ অৱস্থালৈ অনা চিকিৎসাত ওজন কমোৱাটো এটা প্ৰধান কথা। বেছিভাগ ক্ষেত্ৰত ওজন কমাই উচ্চ ৰক্তচাপ সাধাৰণ অৱস্থালৈ আনিব পাৰি। বেছিকৈ নিমখ সেৱন কৰা ব্যক্তিৰ ৰক্তচাপ বেছি হয়। সেইবাবে উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে কম মাত্ৰাত নিমখ সেৱন কৰা উচিত। সাধাৰণ উচ্চ ৰক্তচাপত ভোগা ৰোগীক ৪-৬ গ্ৰাম নিমখ গ্ৰহণ কৰিবলৈ অনুমতি দিয়া হয়। উচ্চ ৰক্তচাপ থকা ৰোগীয়ে দৈনিক প্ৰায় ৪ কি:মি(৪৫ মিনিট) বাট নিয়মিতভাৱে খোজ কাঢ়িব লাগে। ৰক্তচাপ ৰোধ কৰিবলৈ খোজ কঢ়াটো হ’ল এক উত্তম উপায়। যৌগিক ব্যায়াম, যেনে- শৱাসন, প্ৰাণায়াম কৰিলে অতি উত্তম ফল পোৱা যায়। উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে নিয়মীয়াকৈ ৰক্তচাপ পৰীক্ষা কৰি থকা উচিত। হৃদৰোগ আৰু ৰক্তচাপ বৃদ্ধিৰ ক্ষেত্ৰত কলেষ্ট’ৰেল হ’ল এটা প্ৰধানতম কাৰণ। যিবোৰ খাদ্যত অতি বেছি পৰিমাণত কলেষ্ট’ৰেল থাকে সেইবোৰ খাদ্য বাছি লৈ গ্ৰহণৰ পৰা বিৰত থাকিব লাগে। তেল আৰু চৰ্বিযুক্ত আহাৰ কমাই খোৱা উচিত। কণীত অতি বেছি পৰিমাণে কলেষ্ট’ৰেল থকা হেতুকে কণী খোৱাটো অনুচিত। লগতে মাখন, ক্ৰিম, চিজ আৰু বেছি চৰ্বিযুক্ত ছাগলীৰ মাংস সেৱনৰ পৰা একেবাৰে বিৰত থাকিব লাগে। ধূমপান আৰু মদ্যপান এই দুয়োটা সেৱন কৰা বন্ধ কৰিব লাগে। উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে চৰ্বিযুক্ত আহাৰ আদি খোৱাতকৈ সেউজীয়া শাক-পাচলি আৰু সতেজ ফলমূল খোৱা উচিত।

অনিদ্ৰা

বয়স বঢ়াৰ লগে লগে হোৱা অন্য এক ৰোগ হ’ল অনিদ্ৰা বা ইনচ’ম্‌নিয়া। আয়ুৰ্বেদ শাস্ত্ৰত নিদ্ৰাক তিনি উপস্তৰৰ দ্বিতীয় মহত্বপূৰ্ণ অংগ বুলি মনা হয়। ‘চৰক’ৰ মতে, মন ক্লান্ত হ’লে ক্ৰিয়াশিলা ইন্দ্ৰিয়সমূহো ক্লান্ত হৈ পৰে আৰু ইন্দ্ৰিয়সমূহ তেতিয়া নিজৰ বিষয়ৰ পৰা নিবৃত হোৱাৰ ফলতেই মানুহৰ নিদ্ৰা আহে। মানসিক আৰু শাৰীৰিক প্ৰকৃতিৰ আধাৰত ভিন্ন ভিন্ন ব্যক্তিৰ নিদ্ৰাও ভিন্ন ভিন্ন হয়। ৰাতি স্বভাৱত: হোৱা নিদ্ৰাক প্ৰাণধাৰক বুলি কোৱা হয়। এই স্বাভাৱিক নিদ্ৰাকে আয়ুৰ্বেদৰ তিনি উপস্তৰৰ অংগ হিচাপে মনা হৈছে। যথাসময়ত গ্ৰহণ কৰা নিদ্ৰাই পুষ্টি, বৰ্ণ, বল, উৎসাহ, অগ্নিদীপ্তি আৰু ধাতুসাম্য প্ৰদান কৰে। ইয়াৰ বিপৰীতে অনিদ্ৰাই সুখ আৰু আয়ুস নাশ কৰে। অনিদ্ৰাক ‘ডিপ্ৰেছিভ ইলনেছ’; বিভিন্ন ধৰণৰ মানসিক চাপ, দুশ্চিন্তা, অনিশ্চয়তা আৰু অন্য মানসিক অৱস্থাৰ লক্ষণ হিচাপে গণ্য কৰা হয়। আয়ুৰ্বেদ সংহিতাত সদ্‌বৃত্ত ৰসায়ন, আচাৰ ৰসায়ন আৰু মেধ্য ৰসায়নৰ বিস্তৃত বৰ্ণনা কৰা হৈছে। এই সদ্‌বৃত্ত আৰু ৰাতিচৰ্য্যাৰ নিয়মসমূহৰ পালন আৰু আচাৰ ৰসায়ন আৰু মেধ্য ৰসায়নৰ সেৱনৰ দ্বাৰা অনিদ্ৰাক নাশ কৰিব পাৰি।

আৰ্থ্ৰাইটিছ (গাঁঠিৰ বিষ)

আৰ্থ্ৰাইটিছ হৈছে সাধাৰণতে (Commonly) দেখা পোৱা এটা বেমাৰ(Join disorder)। এই ৰোগত শৰীৰৰ বিভিন্ন গাঁঠিত ৰোগৰ লক্ষণে দেখা দিয়ে। প্ৰথমে এটা গাঁঠিত ৰোগৰ লক্ষণে দেখা দিয়ে যদিও ক্ৰমান্বয়ে শৰীৰৰ সকলো গাঁঠিয়েই এই ৰোগত আক্ৰান্ত হয়, ফলত গাঁঠিত অসহ্য বিষ, ফুলি উঠা আৰু ৰাতিপুৱা গাঁঠিৰ জঠৰতা দেখা পোৱা যায়। ৰোগ পুৰণা হোৱাৰ লগে লগে গাঁঠিবোৰ ধ্বংসপ্ৰাপ্ত হয় আৰু পিছত গাঁঠিৰ বিকৃতিয়ে দেখা দিয়ে। আৰ্থ্ৰাইটিছ কেইবা প্ৰকাৰৰো দেখা পোৱা যায়। সেইবিলাক হৈছে ক্ৰমে Rheumatoid arthritis, Osteo arthritis, Gouty arthritis. Rheumatoid arthritis সাধাৰণতে ২০ বছৰৰ পৰা ৪৫ বছৰৰ ভিতৰত হয়। এই ৰোগ মহিলাৰ ক্ষেত্ৰত বেছিকৈ দেখা পোৱা যায়। ৰোগৰ আৰম্ভণি লাহে লাহে হয় যদিও কেতিয়াবা হঠাতেই এই ৰোগৰ লক্ষণে দেখা দিয়ে। এই ৰোগ প্ৰথমে সৰু গাঁঠিত আৰম্ভ হৈ লাহে লাহে ডাঙৰ গাঁঠিবোৰলৈ বিয়পি পৰে। অসহ্য বিষৰ লগতে জ্বৰ, দুৰ্বলতা, ওজন কমি যোৱা, ৰক্তহীনতা, জঠৰতা, হাত, ভৰি অত্যধিক ঘামি উঠা, স্বাস্থ্যহানি আদি লক্ষণসমূহ দেখা পোৱা যায় অৰু ক্ৰমান্বয়ে গাঁঠিৰ চাৰিওফালে থকা মাংস ক্ষয়প্ৰাপ্ত হৈ বিকৃতিয়ে দেখা দিয়ে।

Osteo arthritis সাধাৰণতে ৪০ বছৰৰ ওপৰৰ পুৰুষ-মহিলা উভয়ৰে হোৱা দেখা যায়। এই ৰোগত প্ৰধানকৈ শৰীৰৰ ওজন বহন কৰা গাঁঠিসমূহ আক্ৰান্ত হয়। বহু সময় একো নকৰাকৈ থাকিলে বা ব্যায়াম কৰাৰ পিছত বিষ অনুভৱ কৰা যায়। বিষ প্ৰথমে মাজে মাজে হয় যদিও পাছত একেৰাহে গাঁঠিৰ বিষ হ’বলৈ ধৰে। ক্ৰমান্বয়ে বিষ বাঢ়ি যোৱাৰ লগে লগে ৰোগীয়ে গাঁঠিসমূহ লৰচৰ কৰিব নোৱাৰা হয় আৰু পাছত গাঁঠিবোৰ জঠৰ হৈ পৰে।

Gouty arthritis সাধাৰণতে ৪০ বছৰৰ ওপৰৰ পুৰুষৰ বেছিকৈ দেখিবলৈ পোৱা যায়। এই ৰোগ বংশগতভাবে দেখা পোৱা যায়। ৰোগৰ লক্ষণ প্ৰথমে ভৰিৰ বুঢ়া আঙুলিত দেখা দিয়ে আৰু ক্ৰমান্বয়ে অন্য গাঁঠিবোৰলৈ ৰোগ বিয়পি পৰে। অত্যধিক বেদনাৰ লগতে আক্ৰান্ত হোৱা গাঁঠিৰ ওপৰৰ ছাল ৰঙা হৈ ফুলি উঠে। এই ৰোগত অৰুচি, দুৰ্বলতা, মূৰৰ বিষ, টেকিকাৰ্ডিয়া আৰু কঁপনিৰ সৈতে জ্বৰ আদি উপসৰ্গ হিচাপে দেখা দিয়ে। ৰোগ পুৰণা হোৱাৰ লগে লগে জঠৰতা আৰু গাঁঠিৰ বিকৃতিয়ে দেখা দিয়ে। শৰীৰত ‘ইউৰিক এচিড’ৰ মাত্ৰা বেছি হোৱাৰ ফলতেই এই ৰোগ আৰম্ভ হয়। Sodium biurate crystals জমা হৈ এই ৰোগত কিছুমান Tophi ৰ সৃষ্টি হয়। এই Tophi প্ৰধানকৈ কাণত হয় যদিও ই হাত-ভৰি আদিতো উৎপন্ন হ’ব পাৰে। Rheumatoid arthritis, Osteo arthritis আৰু Gouty arthritis ক আয়ুৰ্বেদত ক্ৰমে আমবাত, সন্ধিবাত আৰু বাতৰক্তৰ লগত তুলনা কৰা হৈছে। আয়ুৰ্বেদত আৰ্থ্ৰাইটিছৰ চিকিৎসাৰ বাবে আহাৰ, ঔষধ, পঞ্চকৰ্ম আৰু জীৱন-ধাৰণ প্ৰক্ৰিয়া সলনিৰ ওপৰত যথেষ্ট গুৰুত্ব দি অহা হৈছে। আয়ুৰ্বেদত বনৌষধি। ৰসোধি আৰু খনিজ ঔষধিৰ উল্লেখ আছে যাৰ দ্বাৰা এই ৰোগৰ চিকিৎসাৰ যথেষ্ট সফলতা লাভ কৰি অহা হৈছে। আৰ্থ্ৰাইটিছ চিকিৎসাত ব্যৱহৃত কেইবিধমান বনৌষধি হ’ল – নিগুণ্ডি, এৰণ্ড, গুগুল, ৰাস্না, অশ্বগন্ধা, আৰগবধ, দশমূল, গুডুচী, হৰিতকী, কুলম্ব, প্ৰসাৰণি, পূৰ্ণনবা, শুষ্ঠি সতী বলা, চন্দন, ধান্যক, হৰিদ্ৰা আদি।

মেন’পজ চিনড্ৰ’ম (ৰজোনিবৃত্তিকালীন লক্ষণ)

মেন’পজ (জনননিবৃত্তি)ৰ সংজ্ঞা দিবলৈ হ’লে ক’ব পাৰি যে যিখিনি সময়ত এগৰাকী মহিলাৰ মাহেকীয়া ঋতু সম্পূৰ্ণভাবে বন্ধ হৈ যায় সেই সময়খিনিকে বুজোৱা হয়। সাধাৰণতে এই সময়ৰ নিৰিখ ৪৫-৫৫ বছৰৰ ভিতৰত ধৰা হয়। অৰ্থাৎ একেলগে যেতিয়া ৬ মাহলৈ মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হৈ থাকে তেতিয়া এগৰাকী মহিলাক মেন’পজ হোৱা বুলি আখ্যা দিয়া হয়। বেছিভাগ মহিলাৰ ক্ষেত্ৰত মেন’পজৰ লক্ষণ লক্ষণীয় নহয় যদিও শৰীৰ ক্ৰিয়াবিজ্ঞান অনুসৰি হৰমোনৰ উল্লেখনীয় প্ৰভাৱৰ হেতুকে কিছুমান লক্ষণ দৃষ্টিগোচৰ হোৱা দেখা যায়। তেনে লক্ষণৰ ভিতৰত প্ৰধানকৈ-

  • ভেচ’মটৰ
  • জেনাইটেল আৰু ইউৰিনাৰী
  • মানসিক
  • স্বাস্থ্য হানি আদিবোৰক অন্তৰ্ভুক্ত হৈছে।

জননিবৃত্তিৰ গুৰুত্বপূৰ্ণ লক্ষণবোৰৰ ভিতৰত-

(১) ভেচ’মটৰ চিষ্টেমৰ অৱদান অসীম। তাৰে ভিতৰত আছে – ‘Hot Flush’ হঠাৎ গৰম অনুভৱ কৰা। ইয়াৰ মুখ্য কাৰণটো হ’ল কম Estrogen পৰিমাণ। ‘Hot Flush’ৰ মাত্ৰা ১-২ মিনিট সময়লৈ থাকে আৰু কেতিয়াবা এই সময়খিনিয়ে অসহ্যকৰ হৈ উঠে। ইয়াৰ লগত অত্যধিক ঘামো ওলায়। ৰাতি টোপনি ঠিক নোহোৱাৰ অন্য এটা কাৰণ হ’ল Night sweating.

(২) জেনাইটেল আৰু ইউৰিনাৰী

জেনাইটেল চিমটমছৰ ভিতৰত মুখ্যত:

  • বিষপূৰ্ণ মৈথুন
  • শুষ্ক যোনি
  • গৰ্ভাশয় কলাশোথ

ইউৰিনাৰী চিমটমছৰ লক্ষণসমূহৰ ভিতৰত

  • Urinary urgency
  • Recurrent urinary infection & Stress incontinence.

(৩) মানসিক

মূৰৰ বিষ, ইনচ’মনিয়া (নিদ্ৰাহীনতা), অস্থিৰতা, উৎসাহহীনতা, বিষাদতা, কথা পাহৰা, মনোযোগহীনতা আদিয়েই প্ৰধান।

(৪) স্বাস্থ্য হানি

স্বাস্থ্যৰ ক্ষেত্ৰতো মেন’পজৰ লক্ষণ পোৱা যায়। তেনে এবিধ লক্ষণ যিটো বহু পৰিচিত আৰু সৰ্ববিদিত। সেইবিধ হৈছে Osteoporosis(অস্থি সুষিৰতা)। অস্থি সুষিৰতা হ’লে কঁকালৰ বিষ হয় আৰু মানুহগৰাকী বেঁকা হৈ যায়। অস্থিসুষিৰতাৰ লগতে অস্থিভগ্নও অন্যতম লক্ষণৰূপে দেখা যায়।

অন্য সংযোজিত বিষয়ৰ ভিতৰত  Cardio vascular effects অন্যতম। Cardio vascular effect মানে হাৰ্টৰ বিভিন্ন ধৰণৰ বেমাৰ যেনে – Ischemic heart disease, coronary artery disease আৰু Stroke উল্লেখনীয়।

প্ৰতিৰোধ আৰু চিকিৎসা

The American Association of Clinical Endocrinologists য়ে সকলো পষ্টমেন’প’জেল মহিলাৰ বাবে হৰমোন ৰিপ্লেচমেণ্ট থেৰাপি (HRT)ক প্ৰিভেনটিভ মেডিচিন হিচাপে উল্লেখ কৰিছে। হ’ৰমোন ৰিপ্লেচমেণ্ট থেৰাপিৰ দ্বাৰা মেনোপ’জেল ছিনড্ৰমৰ পৰা মুক্তি পাব পাৰি। ই Osteoporosis ক’ৰনাৰী ভাজকুলাৰ ৰোগ, ডেমেনচিয়া(Dementia) আৰু Carbohydrate Intolerance আদি হোৱাৰ পৰা ৰক্ষা কৰে। Life Style পৰিৱৰ্তনৰ পৰাও মেনোপ’জৰ লক্ষণসমূহৰ পৰা সকাহ পাব পাৰি। সঠিকভাবে পালন কৰা জীৱন-যাপনেও শৰীৰৰ ওপৰত যথেষ্ট সুপ্ৰভাৱ পেলায়। ব্যায়াম মেনোপ’জেল মহিলাৰ বাবে অতি প্ৰয়োজনীয়। সঠিক ব্যায়ামৰ দ্বাৰা মেনোপ’জত দেখা দিয়া অসুবিধা সমূহ আৰু ভৱিষ্যতে দেখা দিব পৰা মেনোপ’জেল সম্পৰ্কীয় অন্য ৰোগ সমূহ বাধা দিব পাৰি। ব্যায়াম আৰু ধ্যানৰ দ্বাৰা মানসিক চাপ, দুশ্চিন্তা আদি নাইকিয়া কৰিব পাৰি। মেনোপ’জেল মহিলাসকলৰ বাবে সুষম আহাৰ আৰু ওজনৰ সমতা ৰখাটো অতি প্ৰয়োজনীয়। আহাৰ সদায় কম চৰ্বিযুক্ত আৰু বেছি কেলৰিযুক্ত হ’ব লাগে আৰু ফলমূল, সেউজীয়া শাক-পাচলি, যথেষ্ট পৰিমাণৰ পানী, ভিটামিন, খনিজ লৱণ আদি সেৱন কৰা উচিত। মেনোপ’জেল মহিলাৰ বাবে কেলচিয়াম অতি প্ৰয়োজনীয়। কেলচিয়ামে Osteoporosis হোৱাৰ পৰা সুৰক্ষা দিয়ে।

লিখক: ড° বিষ্ণুপ্ৰসাদ শৰ্মা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

2.78260869565
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top