সাৱধান....টেলক’ম পাউদাৰৰ ব্যৱহাৰে আপোনাৰ দেহলৈ ভয়ঙ্কৰ বিপদ মাতিব পাৰে। কাৰণ ই বিষাক্ত ধূলিৰ বাহিৰে অন্য একো নহয়।
যি সকল মহিলাই নিয়মিত ভাবে টেলক’ম পাউদাৰ ব্যৱহাৰ কৰে তেওঁলোকৰ জৰায়ুৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা ২৪% বাঢ়ে। কিয়নো বহুতো মহিলাই গুপ্তাংগত পাউদৰ সানে। এই পাউদাৰ কণাবোৰে শৰীৰৰ অৰ্ন্তভাগলৈ সোমাই গৈ দেহত জ্বলনি-পোৰণি সৃষ্টি কৰাৰ লগতে জৰায়ুলৈ কেঞ্চাৰ কোষক নিমন্ত্ৰণ দিয়ে। মূখত বেচিকৈ পাউদাৰ সনা সকলৰ বহুতকে আকৌ হাপাঁনী ৰোগত আক্ৰান্ত হোৱা দেখা যায়।
টেলক’ম পাউদাৰ হাইড্ৰাছ মেগনেছিয়াম চিলিকেট (hydrous magnesium silicate)নামৰ এবিধ কোমল খনিজ পদাৰ্থক শুকুৱাই গুৰি কৰি তৈয়াৰ কৰা হ’য়।যাক বিশ্বৰ প্ৰায় সকলো দেশতে প্ৰচুৰ পৰিমানে পোৱা যায়। কিছুমান বিশেষজ্ঞই কয় যে ই এবিধ এজবেষ্টজৰ দৰেই বিষাক্ত পদাৰ্থ,যাৰ ব্যৱহাৰৰ ফলত বহুতৰ আনকি হাওঁ-ফাওঁৰ কেঞ্চাৰ ৰোগ হোৱাও দেখা যায়।যাক মেছ’থেলিঅ’মা( mesothelioma) বুলি কোৱা হ’য়। পাউদাৰৰ কণাবোৰ যৌনাংগ ও নাক-মূখৰ পথেদি শৰীৰৰ ভিতৰলৈ সোমাই গৈ দেহত স্থিতি লৈ পিচত ভয়ঙ্কৰ বিপদ মাতি আনিব পাৰে। ইহঁতৰ কণা বিলাক শৰীৰৰ ভিতৰত বহু বছৰ ধৰি জাগ্ৰত অৱস্থাত থাকে। উদাহৰণ স্বৰুপে পাউদাৰৰ এটা সূক্ষ্ম কণা দেহৰ ভিতৰত গলি নিঃশেষ হৈ যাবলৈ আঠ বছৰ সময় লাগে।গতিকে সাৱধান হওঁক।নিজে সাৱধান হওঁক,আনকো কথাটোকৈ তেওঁলোকৰ জীৱন বচাওঁক।
লিখক: ইমৰান হুছেইন
শেহতীয়া উন্নীতকৰণ: : 6/10/2020
এয়া টাইফয়েডৰ সময় সাৱধান
ছানষ্ট্ৰোক বা হিটষ্ট্ৰোকৰ পৰা সাৱধান
কিডনিৰ পাথৰ হোৱা ৰোগ
সাৱধান হোৱা উচিত পানীৰ বটল