অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিকল্প চিকিৎসাত ড্ৰাগচ বিভীষিকাৰ প্ৰতিকাৰ আৰু চিকিৎসা

বিশ্ববিখ্যাত মনোবিজ্ঞানী ব্ৰুছ আপচাচৰ মতে সমগ্ৰ পৃথিৱী আজি ড্ৰাগছৰ আসক্তিত আক্ৰান্ত। গোটেই বিশ্বৰ ভিতৰত আমেৰিকাই হৈছে ড্ৰাগছৰ প্ৰধান ক্ৰেতা। ফলস্বৰূপে ড্ৰাগছৰ আসক্তিয়ে আমেৰিকাত আজি মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। আজি ভাৰতবৰ্ষতো একেই অৱস্থা বিৰাজ কৰাৰ উপক্ৰম কৰিছে। আজি গুৱাহাটী, কলকাতা, চেন্নাই, মুম্বাই আদিৰ দৰে ডাঙৰ ডাঙৰ নগৰ-চহৰবোৰত ড্ৰাগছৰ প্ৰতি আসক্ত তৰুণ-তৰুণীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। চণ্ডুচ, চাৰচ, গাঞ্জাৰ পৰা বিভিন্ন নামেৰে অসংখ্য দ্ৰব্য প্ৰস্তুত কৰা হয়। হাচিছ, হেৰোইন, হেম্প, কোকেইন, ব্ৰাউন ছুগাৰ ইত্যাদি। ইমানদিনে মাৰাত্মক ৰোগ-বিষ উপশমৰ কাৰণে ঔষধৰূপে কোকেইন ব্যৱহাৰ কৰি অহা হৈছিল। সেই কোকেইন আজি অন্যতম জনপ্ৰিয় মাদক দ্ৰব্যৰূপে ব্যাপক হাৰত ব্যৱহৃত হৈছে। ইয়াক ‘নৰক’টিক ড্ৰাগ’ বুলি ক’ব পাৰি। আমেৰিকা, কলম্বিয়া, বলিভিয়া, পাকিস্থান আদি দেশত অতি সংগোপনে মুনাফা কাৰীৰ দলে নিষিদ্ধ ঘোষিত মাদক দ্ৰব্য পৃথিৱীৰ বিভিন্ন দেশলৈ চালান কৰি আছে। ভাৰতবৰ্ষলৈ মাদক দ্ৰব্যৰ চালান আহে বিদেশৰ পৰা। কিছুমান আহে নেপালৰ পৰা। দক্ষিণ-পূৱ এছিয়াৰ চোৰাং পথেদিও কিছুসংখ্যক মাদকদ্ৰব্য ভাৰতলৈ আহে। অধিক মাত্ৰাত মাদকদ্ৰব্য ভাৰতলৈ আহে উপ-সাগৰীয় জলপথেদি। চোৰাং ড্ৰাগছ ব্যৱসায়ৰ নেটৱৰ্ক সকলো ঠাইতে গঢ়ি উঠিছে। এই নেটৱৰ্কৰ সহায়ত বিদেশলৈ মাদক দ্ৰব্য চালান দিয়া হয়। সকলো দেশৰ প্ৰধান প্ৰধান বন্দৰ, নগৰ-চহৰ আদিত চোৰাং চালানৰ জাল মেলি থোৱা আছে। এইবিলাক চোৰাং ছিদ্ৰইদি পাণ-চিগাৰেটৰ দোকান, হোটেল-ৰেস্তোৰা আদিত ড্ৰাগছৰ যোগান ধৰা হয়। বৰ্তমান মাদক দ্ৰব্যৰ প্ৰতি যুৱ সমাজৰ আসক্তি অতি মাত্ৰাত বাঢ়িছে। দেশৰ প্ৰশাসন, চিকিৎসক, সমাজ বিজ্ঞানী, মনোবিজ্ঞানী, শিক্ষক-অভিভাৱক সকলোৱেই এই সমস্যাটোৰ প্ৰতি মনোযোগ দিবলৈ বাধ্য হৈছে।

শৰীৰত মাদক দ্ৰব্যৰ বিষাক্ত ফল

অতি সহজেই শৰীৰ এই নিচাত আক্ৰান্ত হয়। এনেবোৰ মাদক দ্ৰব্য সেৱন কৰি ক্ষন্তেক সময়ৰ কাৰণে স্নায়ুকেন্দ্ৰত অতিন্দ্ৰিয় সুখ অনুভৱ কৰে। লগে লগে স্নায়ুমণ্ডলী সম্পূৰ্ণ নিস্তেজ আৰু শৰীৰ একেবাৰে ভাৰসাম্যহীন আৰু দুৰ্বল হৈ পৰে। নিচাৰ প্ৰকোপ কমিলে শৰীৰ শুকান, ৰুগ্ন হয় আৰু মনলৈ নামি আহে অৱসাদগ্ৰস্ততা। ড্ৰাগছ সেৱনৰ ফলত শৰীৰৰ ওজন দিনক দিনে কমি আহে, চকুৰ মণি সৰু হৈ পৰে, টোপনিৰ ভৰত য’তে-ত’তে শুই পৰে, খোজ কাঢ়িবলৈ ক্ষমতা হেৰুৱাই পেলায়। স্বভাৱ খিটখিটীয়া হয়। জ্ঞানশূন্য হৈ পৰে, লিখা-পঢ়া আৰু নিজৰ কামৰ প্ৰতি উদাসীন, অমনোযোগী হৈ পৰে। নিচাযুক্ত দ্ৰব্যবিলাক তলত দিয়া ধৰণে ভাগ কৰা হৈছে। যেনে –

(১) নাৰ্কোটিকছ: ওপিয়াম, হেৰোইন, হাচিছ, কোকেইন, ব্ৰাউন ছুগাৰ ইত্যাদি।

(২) চিডেটিভছ: বাৰবিটিউৰেটছ, ডায়জিপাম, লাৰাজিপাম, মেনড্ৰেক্স ইত্যাদি।

(৩) উত্তেজক: এমফেটামাইনছ, এমট্ৰিপটাপিন, হেলিডিনছ ইত্যাদি।

(৪) হেলুছিনোজেনছ: মাৰিজুৱানা, এল এছ ডি, ট্ৰেংকুলাইজাৰ, মেপ্ৰোবোমেটছ ইত্যাদি।

ঔষধত আসক্তি আৰু তাৰ বৈশিষ্ট্য

ছাইকোল’জি আৰু ছাইকিয়াট্ৰিৰ অভিধানত এডিকচন(Addiction) কথাটিৰ প্ৰচলন আছে। প্ৰধানত ঔষধ ব্যৱহাৰ কৰিলে ৰোগীৰ এনে ধৰণৰ ঔষধ সেৱনৰ আসক্তি বাঢ়ে বুলি এটা ধাৰণা হয়। বিশ্ব স্বাস্থ্য সংস্থাই ঔষধত আসক্ত হোৱাৰ সংজ্ঞা দিয়াৰ ক্ষেত্ৰত এটি কথা ভালকৈ লক্ষ্য কৰিছে যে যিসকল ব্যক্তিয়ে অত্যধিক পৰিমাণৰ ঔষধ ব্যৱহাৰ কৰে, তেওঁলোকে এদিন এনে এক অৱস্থাত উপনীত হয়গৈ যে তেওঁলোকে জ্ঞান-বিবেক, বুদ্ধি সম্পূৰ্ণ হেৰুৱাই পেলায়। ৰোগীৰ তেনে অৱস্থাকে এডিকটেড বা আসক্ত বোলা হয়। ঔষধত আসক্ত হোৱা ব্যক্তিসকলৰ মাজত তিনি ধৰণৰ বৈশিষ্ট্য লক্ষ্য কৰা যায়। যেনে

(১) আসক্ত ব্যক্তিসকলে কোনো কাৰণ নোহোৱাকৈ বাৰম্বাৰ একেই ঔষধ ব্যৱহাৰ কৰি থাকে।

(২) প্ৰথম অৱস্থাত কেইদিনমান ঔষধ সেৱনৰ পিছত যি মানসিক অনুভূতিৰ সোৱাদ পায় সেইখিনি বজাই ৰাখিবলৈ ঔষধৰ মাত্ৰা দিনকদিনে বঢ়াই থাকিবলৈ বাধ্য হয়।

(৩) ফলস্বৰূপে ঔষধৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্ভৰশীলতাৰ সৃষ্টি হয়।

ঔষধত মানসিক আৰু শাৰীৰিক নিৰ্ভৰশীলতা বুলিলে কি বুজায়?

ধৰি লওঁ, কোনোবা এজন ব্যক্তিয়ে একেটা ঔষধ কিছুদিন ধৰি ব্যৱহাৰ কৰি আছে কিন্তু হঠাৎ যদি তেওঁ কিবা এৰাব নোৱাৰা কাৰণত এদিন সেই ঔষধ সেৱনৰ পৰা বিৰত থাকে তেতিয়া তেওঁৰ একপ্ৰকাৰ মানসিক অস্থিৰতাই দেখা দিয়ে। ৰোগীজনে কিবা এটা অভাৱ হোৱা যেন বোধ কৰে। তেতিয়া ৰোগীজনে সেই মানসিক অৱস্থাৰ পৰা হাত সাৰিবলৈ বুলি পুনৰ আগতে সেৱন কৰা ঔষধটো খাবলগীয়া হয়। এই অৱস্থাটোক কোৱা হয় মানসিক নিৰ্ভৰশীলতা। এই ধৰণে কিছুদিন অতিবাহিত হোৱাৰ পাছত শাৰীৰিক নিৰ্ভৰশীলতাই দেখা দিয়ে। ৰোগীজনে কেতিয়াবা ঔষধ সেৱনৰ পৰা বিৰত থাকিলে ব্যক্তিজনৰ শৰীৰত কিছুমান উপসৰ্গই দেখা দিয়ে। যেনে মূৰৰ প্ৰচণ্ড যন্ত্ৰণা, বমি বমি ভাৱ, পেটত অসহ্য যন্ত্ৰণা, হাত-ভৰিৰ কঁপনি, অনিদ্ৰা ইত্যাদি। এই উপসৰ্গবিলাক দূৰ কৰিবলৈ ব্যক্তিজনে পুনৰ আগৰ ঔষধটো ব্যৱহাৰ কৰিবলগীয়া হয়।

ড্ৰাগছৰ আসক্তিৰ প্ৰতিকাৰ আৰু চিকিৎসা

ড্ৰাগছৰ প্ৰতি আসক্ত ব্যক্তিৰ চিকিৎসা আৰু তাৰ প্ৰতিকাৰ কেনেকৈ কৰিব পাৰি তাক লৈ বিশ্বৰ সমাজ আজি বাৰুকৈয়ে চিন্তান্বিত। সঁচাকৈ ই এটা চিন্তনীয় বিষয়। কাৰণ কোনো একক চিন্তা বা চিকিৎসাৰে ড্ৰাগছৰ আসক্তিৰ পৰা বিৰত ৰখা অতি টান কাম। গতিকে কোনো ঔষধৰ পৰা বিৰত কৰি স্বাভাবিক অৱস্থালৈ ঘূৰাই আনিবলৈ হ’লে যৌথ প্ৰচেষ্টাৰ প্ৰয়োজন। এই প্ৰচেষ্টা কেৱল চিকিৎসকজনেই কৰিব লাগিব, এনে নহয়। লগতে সহায়কাৰী হিচাপে লাগিব সমাজ বিজ্ঞানী, মনোবিজ্ঞানী, অভিভাৱক, শিক্ষক, বন্ধু-বান্ধৱ, আত্মীয়-স্বজনৰ সহায়-সহযোগ। নিচাযুক্ত ঔষধে শৰীৰত সৃষ্টি কৰা বিষক্ৰিয়াৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত চিকিৎসকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মানসিক সমস্য-সমাধানৰ ক্ষেত্ৰত মনোবিজ্ঞানীসকলেও একেই ভূমিকা পালন কৰিবলগীয়া হয়। আসক্ত ব্যক্তিক ঘৃণা কৰি, শাৰীৰিক কষ্ট দি বা মাৰপিট কৰি লাভ নাই। একমাত্ৰ দয়া-মমতা, স্নেহ, ভালপোৱা আদিৰ দ্বাৰাহে তেনে ব্যক্তিক স্বাভাবিক অৱস্থালৈ ঘূৰাই আনিব পৰা যায়। প্ৰয়োজন হ’লে তেওঁৰ প্ৰিয় কৰ্মত পুনৰ বাহাল ৰখা উচিত।

বিকল্প চিকিৎসা

মাদক দ্ৰব্যত আসক্ত হোৱা ব্যক্তিসকলক বিকল্প চিকিৎসা পদ্ধতিৰে চিকিৎসা কৰি পুনৰ আগৰ অৱস্থালৈ ওভতাই আনিব পাৰি। এই চিকিৎসাত আশানুৰূপ ফল পোৱা যায়। এইধৰণৰ চিকিৎসা পদ্ধতিক ‘হিপনোথেৰাপি’ বুলি কোৱা হয়। য’ত Dr. Batchৰ আৱিষ্কৃত Batch Flower Medicine নামৰ ঔষধবিধৰ প্ৰয়োজন হয়। ইয়াৰ উপৰি Acupuncture পদ্ধতিক সহায়ক হিচাপে ল’লেও অতি কম দিনৰ ভিতৰত নিচাযুক্ত ব্যক্তিসকলক স্বাভাবিক অৱস্থালৈ ঘূৰাই আনিব পৰা যায়। ইয়াৰ বাহিৰেও অন্যান্য চিকিৎসা পদ্ধতিৰেও আসক্ত ব্যক্তিসকলক কম-বেছি পৰিমাণে সুস্থ কৰি তুলিব পাৰি। ওপৰত উল্লিখিত ‘হিপনোথেৰাপি’ক ‘হিপনো এৰ্ভাছন’ বুলিও ক’ব পাৰি। তাক তলত দিয়া ধৰণে ব্যাখ্যা কৰিব পাৰি।

হিপনো এৰ্ভাছন কি?

এৰ্ভাছন শব্দটোৰ অৰ্থ হ’ল বিৰাগ বা বিতৃষ্ণা। এই ব্যৱস্থাত ড্ৰাগছৰ প্ৰতি আসক্ত ব্যক্তিক সন্মোহিত কৰি উপদেশ প্ৰদান কৰা হয় যে ড্ৰাগছ সেৱন কৰা আৰু ইয়াৰ নিচা শৰীৰৰ কাৰণে অতি ক্ষতিকাৰক। ড্ৰাগছ সেৱন কৰিলে যকৃতৰ কাৰ্যক্ষমতা বিনষ্ট হয় আৰু কিছুদিন পিছত যকৃত একেবাৰে অকামিলা হৈ পৰে। ফলত ঘনাই বমি হ’ব বুলি সতৰ্ক কৰি দিয়া হয়। এই পৰামৰ্শৰ ফলতে হয়তো আসক্ত ব্যক্তিজনৰ মাদক দ্ৰব্যৰ প্ৰতি বিৰূপ মনোভাৱ জাগ্ৰত হ’ব পাৰে আৰু তেনে দ্ৰব্য সেৱনৰ পৰা বিৰত থাকিব। কেতিয়াবা অনিচ্ছাকৃত অৱস্থাত লগৰীয়া বন্ধু-বান্ধৱে উৎসৱ-পাৰ্বণত জোৰ-জুলুম কৰি খুৱাব খুজিলেও তেওঁ মাদক দ্ৰব্য মুখত দিয়াৰ লগে লগে বমি আহিব। কাৰণ ব্যক্তিজনৰ মনত ইয়াৰ গোন্ধ বিষাক্ত হৈ পৰিব। ফলত ব্যক্তিজন এই বিষাক্ত মাদক দ্ৰব্যৰ সোৱাদৰ পৰা সদায় আঁতৰি থাকিব। বহুক্ষেত্ৰত হিপনো এৰ্ভাছনৰ লগত Batch Flower Medicineৰ সহায় লোৱা হয়। Dr. Edward Batch য়ে Batch Flower Medicine উদ্ভাৱন কৰিছিল। তেখেতে ৰোগীৰ মানসিক দিশৰ প্ৰতি লক্ষ্য ৰাখি, নিজৰ আৱিষ্কৃত ফুলৰ নিৰ্যাসৰ পৰা তৈয়াৰ কৰা ঔষধ প্ৰয়োগ কৰিছিল। অথচ তেখেতে গভীৰভাৱে চিন্তা কৰি খাটাং হোৱাৰ পিছতহে ড্ৰাগছ আসক্তসকলৰ মনৰ অৱস্থা বিশ্লেষণ কৰি চিকিৎসা কৰিছিল। অহেতুক চিন্তা-দুশ্চিন্তাই মন ভাৰাক্ৰান্ত কৰি নিদ্ৰাহীনতাত ভোগা লোকো অসংখ্য আছে। তেনে লোকে টোপনিৰ কাৰণে ট্ৰাংকুলাইজাৰ ঔষধ খোৱা আৰম্ভ কৰে। কালক্ৰমত টোপনিৰ ঔষধ নোখোৱাকৈ শোৱাটোও অসম্ভৱ হৈ পৰে। ফলত ব্যক্তিজন টোপনিৰ ঔষধৰ প্ৰতি আসক্ত হৈ পৰে। এই ধৰণৰ ৰোগীৰ Agrimong নামৰ ঔষধে ভাল ফল দিয়ে। এইবিধ ঔষধে টোপনিৰ ঔষধৰ নিচা নষ্ট কৰে আৰু ৰোগীক মানসিক যন্ত্ৰণাৰ পৰা উপশম দিয়ে। ৰোগীৰ নিচাযুক্ত ঔষধ খোৱাৰ ইচ্ছা নাথাকিলেও মানসিক সবলতাৰ কাৰণে নিচাৰ ঔষধ কোনোপধ্যেই এৰিব নোৱাৰে। এইধৰণৰ ৰোগীৰ কাৰণে Cherry plum নামৰ ঔষধবিধে ভাল ফল দিয়ে। ৰোগীৰ ইচ্ছাশক্তিক সবল কৰায়। ঔষধৰ নিচা এৰাৰ সময়ত দেখা দিয়া Withdrawl symptom ৰ বাবে wal nut নামৰ ঔষধবিধে ৰোগীক শাৰীৰিক কষ্টৰ পৰা ৰেহাই দিয়ে। ইয়াৰ বাহিৰেও Dr. Batch ৰ Aspen Centuary, Cerato আদি আৰু কিছু অব্যৰ্থ ঔষধ আছে। আকুপাংচাৰৰ সহায়ত ড্ৰাগ আসক্তিৰ ভয়াবহতা একেবাৰে নোহোৱা কৰিব পাৰি। নিচাৰ প্ৰকোপ নাশ কৰিবলৈ হ’লে প্ৰথমেই চিন্তা কৰিব লাগিব ৰোগীৰ withdrawal symptoms ৰ কথা। বিভিন্ন ধৰণৰ ড্ৰাগছৰ নিচাও ভিন ভিন হয় আৰু ব্যক্তিভেদে নিচাৰ আক্ৰমণো হয় ভিন্ন ধৰণৰ। সেইক্ষেত্ৰত বিভিন্ন লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি আকুপাংচাৰ বিন্দুও বেলেগ বেলেগ হয়। আকুপাংচাৰৰ সহায়ত শৰীৰৰ উইড্ৰয়েল লক্ষণৰ যন্ত্ৰণা কমাই দিয়া হয় আৰু মানসিক চাপ হ্ৰাস কৰি সম্পূৰ্ণ নিচামুক্ত কৰিব পাৰি। হোমিওপেথিকৰ ক্ষেত্ৰত cantharise আৰু Arsenic ৰ সহায়ত আসক্ত ব্যক্তিক নিচামুক্ত কৰিব পাৰি। এলোপেথিকৰ Amitryptyline chlor, Diazepoxide আৰু Naltima নামৰ ঔষধ প্ৰয়োগ কৰি নিচামুক্ত কৰিব পাৰি। এতিয়া কথা হ’ল যি পদ্ধতিৰে চিকিৎসা নকৰক কিয়, যকৃত সুস্থ ৰাখিবলৈ চিকিৎসকৰ পৰামৰ্শমতে ভাল ঔষধ খাই থকা ভাল বুলি গণ্য কৰা হৈছে। ড্ৰাগছৰ প্ৰতি আসক্ত ৰোগীৰ মূল্যৱান ‘পেথি’ হৈছে Sympathy বা সহানুভূতি। এই কথা আমি প্ৰত্যেকেই মনত ৰখা উচিত।

লিখক: ডা° আ: আজিজ, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 5/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate