অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিভিন্ন বনৌষধেৰে আইতাৰ দিহা

মাইগ্ৰেণ বা সূৰুজ কপালী

  • জালুক আৰু মিচিৰি সম পৰিমাণত লৈ ভালদৰে খুন্দি গুৰি কৰি লওক। এই মিশ্ৰণ ১ গ্ৰাম পৰিমাণত পুৱা এগিলাছ ঠাণ্ডা পানীত মিহলাই খালে কেইদিনমানৰ ভিতৰতে মাইগ্ৰেণ বা সূৰুজ কপালী ৰোগ ভাল হয়।
  • আমলখি, কেঁচা হালধি, বাদাম বা ক’লা তিল, প্ৰত্যেকৰে পাঁচ গ্ৰাম পৰিমাণত লৈ সামান্য পানীৰ লগত পিহি মূৰত লেপ দিলে সূৰুজ কপালী ভাল হয়।
  • সূৰুজমুখী ফুলৰ গুটি পাঁচ গ্ৰাম সুৰুজমুখী ফুলৰ দহ গ্ৰাম ৰসৰ লগত পিহি কপালত লেপ দি শুই দিলে মাইগ্ৰেণৰ বিষ নাইকিয়া হয়।
  • চফ, ধনিয়া আৰু মিচিৰি ১০ গ্ৰাম মাত্ৰাত লৈ মিহিকৈ বটি চূৰ্ণ বনাই লওক। প্ৰতিদিনে ৩ গ্ৰাম মাত্ৰাত এই চূৰ্ণ চাৰি ঘন্টাৰ মূৰে মূৰে পানীৰ লগত খালে মাইগ্ৰেণৰ বিষ ভাল হয়।
  • প্ৰতিদিনে বিশুদ্ধ গৰু ঘিউত বনোৱা জেলেপি গাখীৰত তিয়াই খালে মাইগ্ৰেণ বা সূৰুজ কপালী ভাল হয়।
  • মাইগ্ৰেণৰ বিষৰ পৰা হাত সাৰি থাকিবলৈ হ’লে ৰোগীয়ে কোষ্ঠবদ্ধতাৰ পৰা মুক্ত হৈ থকাৰ ব্যৱস্থা কৰিব লাগে। তাৰ বাবে ইচবগুল বা ত্ৰিফলা চূৰ্ণ ব্যৱহাৰ কৰিলে ভাল পাব।

বগাস্ৰাৱৰ ঘৰুৱা চিকিৎসা

  • দুটা পকা কল ঘিউ আৰু চেনি মিহলাই ভাঙি লৈ পুৱা-গধূলি দুবাৰকৈ খালে সোনকালে শ্বেতপ্ৰদৰ বা বগাস্ৰাৱ নিয়ন্ত্ৰণ হয়।
  • মুলেঠি ৬০ গ্ৰাম মিহিকৈ বটি চূৰ্ণ বনাই কাপোৰেৰে চালি লওক। পুৱা-গধূলি এই চূৰ্ণ ৩-৩ গ্ৰাম পৰিমাণত লৈ পানীৰ লগত মিহলাই খালে বগাস্ৰাৱ ভাল হয়।
  • নিমৰ কুমলীয়া পাত দহটা পানীত পিহি পানীৰ লগত মিহলাই খালেও শ্বেত প্ৰদৰ ভাল হয়। ৰোগীয়ে লগতে ছাগলীৰ গাখীৰ খাব লাগে।
  • কেঁচা আমলখি খুন্দি ১৫ মি:লিটাৰ ৰসৰ লগত এচামুচ মৌ মিহলাই খালেও প্ৰদৰ ৰোগ ভাল হয়।
  • মুলেঠি আৰু শুকান আদা সমান পৰিমাণত লৈ মিহিকৈ গুৰি কৰি লওক। এই চূৰ্ণ ৩ গ্ৰাম পৰিমাণত লৈ এচামুচ মৌ, দুচামুচ চেনি আৰু একাপ দৈৰ লগত মিহলাই খালেও শ্বেত প্ৰদৰ বা বগাস্ৰাব ভাল হয়।
  • বাহকৰ শিপাৰ চাল আৰু অশোক গছৰ চাল সম পৰিমাণত লৈ সামান্য পানীৰ লগত খুন্দি ৰস উলিয়াই ১৫-২০ মিলিগ্ৰাম পৰিমাণত লৈ এচামুচ মৌ মিহলাই দিনে দুবাৰ পুৱা-গধূলি খালে বগাস্ৰাৱ ৰোগ ভাল হয়।
  • ত্ৰিফলা গুৰি, শুকান আদাৰ গুৰি আৰু দাৰু হৰিদ্ৰা গছৰ বাকলি সম পৰিমাণত লৈ এক লিটাৰ পানীত সিজাই ২৫০ মি:লিটাৰ থাকোতে নমাই ঠাণ্ডা হ’বলৈ দি চেকি লওক। এই ডাঠ ৰসৰ লগত মৌ মিহলাই পুৱা-গধূলি ১০ মি:লি: পৰিমাণত খালে পুৰণি বগাস্ৰাৱ ৰোগো ভাল হয়।
  • নিমৰ পাত পানীত উতলাই, চেকি লৈ দিনে দুই তিনিবাৰ যোনি অভ্যন্তৰ ধূলে প্ৰদৰ ৰোগৰ জীৱাণু নষ্ট হয় আৰু কিছুদিনৰ ভিতৰতে এই ৰোগ ভাল হয়।

হেকটি ৰোগ

  • কেঁচা আদা সৰু সৰুকৈ টুকুৰা কৰি মুখত থৈ লাহে লাহে চুহি থাকিলে হেকটিৰ প্ৰকোপ কমে।
  • এচামুচ তুলসীৰ ৰসৰ লগত আধা চামুচ মৌ মিহলাই খালে হেকটি অহা বন্ধ হয়।
  • বিশুদ্ধ গৰুৰ গাখীৰৰ লগত মিচিৰি গুৰি কৰি মিহলাই খালেও হেকটি অহা বন্ধ হয়।
  • সৰু ইলাচি চোবাই খাই পদিনাৰ পাত মুখত লৈ থাকিলে বা চফ চোবাই থাকিলেও হেকটি অহা বন্ধ হয়।
  • বদহজমৰ কাৰণে হেকটি আহিলে, এটা জালুক বেজিৰ আগেৰে খুচি লৈ জুইত পুৰি তাৰ ধোঁৱা শুঙিলে হেকটি তৎক্ষণাত বন্ধ হয়।
  • মূলা সৰু সৰুকৈ কুটি শুকুৱাই থওক। এই শুকান মূলা এমুঠিমান পানীত সিজাই তাৰ ৰস খালেও হেকটি বন্ধ হয়। মূলাৰ পাত চোবাই খালেও হেকটি বন্ধ হয়।
  • নাৰিকল মিচিৰিৰ লগত চোবাই খালেও হেকটি বন্ধ হয়।
  • আজোৱান বা জনি মুখত লৈ চোবাই তাৰ ৰস লাহে লাহে চুপি থাকক। হেকটি বন্ধ হ’ব।
  • শুকান আদা পানীত উতলাই চেকি ৰস উলিয়াই গুড়ৰ সৈতে খালেও হেকটি বন্ধ হয়।
  • আদাৰ ৰসত মিচিৰি মিহলাই নাকেৰে উজাই ল’লে হেকটি সোনকালে বন্ধ হয়।
  • পিপলি গুৰি মিচিৰি মিহলাই নাকেৰে শুঙিলে হেকটি বন্ধ হয়।
  • ভীমকল বা আঠীয়া কলৰ শিপাৰ ৪০ গ্ৰাম ৰস আৰু এচামুচ মৌ মিহলাই দুঘন্টাৰ মূৰে মূৰে খালে হেকটি অহা বন্ধ হয়।
  • শুকান আদা, পিপলি আৰু আমলখি প্ৰত্যেকৰে এক গ্ৰাম পৰিমাণৰ গুৰিৰ লগত মৌ আৰু মিচিৰি মিহলাই চেলেকি খালে বাত বিষৰ প্ৰকোপ নাইকিয়া হোৱাৰ লগতে হেকটি অহাও বন্ধ হয়।
  • বগৰি গছৰ পাত পাঁচোটা শুকান তাৱা বা কেৰাহীত শুকানকৈ ভাজি মিহিকৈ গুৰি কৰি তাৰ লগত অকণমান মৌ মিহলাই চেলেকি খালে হেকটি অহা লগে লগে বন্ধ হয়।

কৃমি বা পেলু

  • পেটত কৃমি বা পেলু হ’লে সামান্য গুড় খুৱাই মিহিকৈ বটি লোৱা জনিৰ (আজোৱান) গুৰি পানীত গুলি খুৱালে পেটৰ ভিতৰতে পেলু মৰি শৌচৰ লগত ওলাই যায়।
  • নিমৰ কুমলীয়া পাত পোন্ধৰটামান বটি ৰস উলিয়াই মৌৰ লগত মিহলাই খুৱালেও কৃমি মৰে।
  • পলাশৰ গুটিৰ ৰস মৌৰ লগত চেলেকি খালে কৃমি নষ্ট হয়। পলাশৰ বীজ খুন্দি আধাকাপ পানীত সিজাই চেকি লৈ ৰসখিনি মৌৰ লগত খালেও পেলু মৰে।

গাঁঠি বা অস্থিসন্ধিৰ বিষ

  • ঠাণ্ডাৰ দিন অহাৰ লগে লগে পুৰণি সন্ধিবাত বা গাঁঠিৰ বিষত ভুগি থকা লোকৰ পুনৰ বিষ আৰম্ভ হয়। তেনে ধৰণৰ বিষে কষ্ট দিলে এমুঠি জনি (জোৱান বা আজোৱান) গুটি আৰু ডাঙৰ চামুচেৰে এচামুচ নিমখ পানীত গুলি লৈ উতলাওক। পাত্ৰটোৰ ওপৰৰ তাৰৰ জালি এখন থৈ কাপোৰ এখনত গৰম ভাপ লাগিবলৈ দি ভালদৰে গৰম হ’বলৈ দিয়ক। এই গৰম কাপোৰখনেৰে বিষ হোৱা অংশত সেঁক দিলে বিষ নিৰাময় হয়।
  • আকনৰ নুফুলা ফুলৰ কলি, বাহক (তিতা ফুল) শুকান পাত, জালুক আৰু শুকান আদাৰ গুৰি সমান পৰিমাণত লৈ ভালদৰে বটি লওক। তাত সামান্য পৰিমাণে পানী মিহলাই মটৰ গুটি একোটাৰ সমান বড়ি বনাই ছাঁত শুকুৱাই লওক। এই বড়ি প্ৰতিদিনে সন্ধিয়া সূৰ্য্যাস্তৰ পিছত এটাকৈ খাওক। ঘৰতে সহজে আৰু কম খৰচত তৈয়াৰ কৰি থব পৰা এই ঔষধে গাঁঠিৰ বিষ নিৰাময় কৰে।
  • আঁঠু, হাতৰ কিলাকুটি, সৰু গাঁঠি, আঙুলি আদিৰ সন্ধিত বিষ থাকিলে যিকোনো বিষ নাশক ঔষধেও কাম নকৰা হয়। এনে অৱস্থা হ’লে প্ৰতিদিনে পকা বিলাহী চাৰি পাঁচটাকৈ খালে বিষ নিয়ন্ত্ৰণ হৈ থাকে। অথবা পুৱা-গধূলি এগিলাচকৈ বিলাহিৰ ৰস খালে কেইদিনমানৰ ভিতৰতে গাঁঠিৰ বিষ উপশম হয়।
  • দহ মিলিমিটাৰ এড়ি তেলত (এৰা গুটিৰ পৰা তৈয়াৰ কৰা তেল) শুকান আদা সিজাই লোৱা ডাঠ ৰস দুই চামুচ মিহলাই প্ৰতিদিনে পুৱা এবাৰকৈ খালে গাঁঠিৰ বিষ ভাল হয়।
  • মিঠাতেল জনি (আজোৱান) আৰু নহৰু ভালদৰে ভাজি লৈ সেই তেলেৰে মালিচ কৰিলে গাঁঠিৰ বিষ ভাল হয়।
  • এৰা গছৰ পূৰঠ গুটি বাকলি গুচাই লৈ প্ৰথম দিনা এটা, দ্বিতীয় দিনা দুটা, এনেদৰে দিনে একোটাকৈ বঢ়াই সাত দিনৰ দিনা সাতটা গুটি পুৱা পাতল আহাৰৰ পিছত চোবাই খাই আঠ দিনৰ পৰা পুনৰ দিনে এটাকৈ কমাই তেৰ দিনৰ দিনা এটা গুটি খাই কোৰ্চটো শেষ কৰক। এই ব্যৱস্থাৰে গাঁঠিৰ বিষ একেবাৰে আৰোগ্য হয়।
  • সৰিয়হৰ গুটি বটি বিষ হোৱা গাঁঠিত লেপ দি বান্ধি ৰাখিলেও বিষ কমে।
  • কৰবী গছৰ পাত পানীত সিজাই বটি লৈ মিঠাতেলৰ লগত মিহলাই বিষ হোৱা ঠাইত লেপ দি থ’লেও বিষ নিৰাময় হয়।
  • এমুঠি আজোৱান পানীত সিজাই সেই পানীৰ ভাপ পোনে পোনে বিষ হৈ থকা ঠাইত লাগিবলৈ দিলে বিষ তৎক্ষণাত নাইকিয়া হয়।
  • নহৰু বটি লেপ দিলেও শৰীৰৰ যি কোনো অংগৰ বিষ নাইকিয়া হয়। কিন্তু এই লেপ বেছি সময় লগাই থ’ব নেলাগে। বেছি সময় লগাই থ’লে ই ছালৰ ক্ষতি কৰিব পাৰে। জনি তেলেৰে মালিচ কৰিলেও গাঁঠিৰ বিষ কমে।
  • গাঁঠিৰ বিষ বা সন্ধিবাত ৰোগত নিম তেলেৰে মালিচ কৰিলে বিষ ভাল হয়।
  • আমলখিৰ গুৰি কুহুমীয়া গৰম পানীত তিয়াই থৈ খাওক। কিছু সময়ৰ পিছত তিয়াই থৈ খাওক। কিছু সময়ৰ পিছত ইলাচি দি গৰম কৰা গাখীৰ এগিলাচ খালে গাঁঠিৰ বিষ নাইকিয়া হয়।
  • তিল তেল এচামুচ দুফোটা নহৰু থেতেলিয়াই সৈন্ধৱ লৱণ গুৰি কৰি বটলত ভৰাই লওক। এই চূৰ্ণ তিনিগ্ৰামকৈ এচামুচ মৌৰ লগত মিহলাই এমাহ খালে বিষ উপশম হ’ব।

কঁকালৰ বিষ

  • ৬০ গ্ৰাম ঘেঁহু এৰাতী পানীত তিয়াই থওক। পুৱা ঘেঁহুকেইটা পানীৰ পৰা উঠাই তাৰ লগত বিছ গ্ৰাম আফুগুটি আৰু ত্ৰিশ গ্ৰাম ধনিয়া গুটি মিহলাই খুন্দি লওক। এই গুৰি মিশ্ৰণটো গাখীৰত সিজাই পায়সৰ লুথুৰি কৰি লওক। এনেদৰে প্ৰতিদিনে তৈয়াৰ কৰা লুথুৰি এসপ্তাহ বা দুসপ্তাহ নিয়মীয়াকৈ খালে কঁকালৰ বিষ ভাল হয় আৰু কঁকাল শক্তিশালী হয়। এই খাদ্য খালে পাচন শক্তিও বৃদ্ধি পায়।
  • কেৱল আফুগুটি আৰু মিচিৰি সম পৰিমাণত মিহলাই মিহিকৈ বটি লওক। এই চূৰ্ণৰ ছয় গ্ৰাম প্ৰতিদিনে পুৱা-গধূলি খাই লগত গৰম গাখীৰ খালে কঁকালৰ বিষ নিৰাময় হয়।
  • তাৰ্পিন তেলেৰে মালিচ কৰিলে কঁকালৰ বিষ ভাল হয়।
  • উৰদ দাইল, মাটি মাহ, ময়দা, নতুন চাউলৰ ভাত আৰু তেলত ভজা বস্তু কঁকাল বিষৰ ৰোগীৰ বাবে বেয়া।
  • প্ৰতিদিনে গৰম পানী খাব। ঠাণ্ডা পানী খাব লগা হ’লে-পানীত চাৰিখন তুলসীৰ পাত বা দুটা সৰু ইলাচি গুৰি কৰি মিহলাই লৈহে খাব। কুহুমীয়া পানীত মৌ বা গ্লুকোজ মিহলাই খাব।
  • কঁকালৰ বিষ, গাঁঠিৰ বিষ, আঁঠুৰ বিষ থকা ৰোগীয়ে প্ৰতিদিনে পুৱা খালী পেটত তিনি-চাৰিটা আখৰোট ভালদৰে চোবাই খালে বিষৰ পৰা উপশম পাব পাৰে।

ডায়েবেটিছ বা মধুমেহ

আমৰ কুমলীয়া কোঁহ তিনিটা আধা লিটাৰ পানীত উতলাই আধা হ’লে নমাই চেকি লওক। এই পানী পুৱা-গধূলি একাপ পৰিমাণত এমাহ খালে মধুমেহ ৰোগ নিয়ন্ত্ৰণ হয়।

দাঁতৰ বিষ

সমান পৰিমাণত হিং আৰু হালধি গুৰি মিহলাই সামান্য পানীত গুলি সৰু সৰু বড়ি বনাই লওক। দাঁতৰ বিষ হ’লে এই বড়ি বিষোৱা দাঁতেৰে কামুৰি ধৰি থাকিলে তৎক্ষণাত দাঁতৰ বিষ ভাল হয়।

সৰু ল’ৰা-ছোৱালীয়ে মাটি খালে

এটা পকা কল মৌ মিহলাই কেইদিনমান একেৰাহে খুৱালে মাটি খোৱা অভ্যাস নাইকিয়া হয়।

কোষ্ঠবদ্ধতা হ’লে

এশ গ্ৰাম ডাঙৰ জাতৰ শিলিখা দেশী ঘিউত সিজাই বটি লওক। ৰাতি শোৱাৰ আগতে এই শিলিখা গুৰি এচামুচ পানীৰে সৈতে নিয়মীয়াকৈ খালে কোষ্ঠবদ্ধতা নিৰাময় হয়।

পাথৰি ৰোগ

আজোৱানৰ লগত মূলা কেঁচাকৈ খালে পাথৰি ৰোগ, আৰোগ্য হয়। নিয়মীয়াকৈ খালে পাথৰ গলি প্ৰস্ৰাৱৰ লগত ওলাই আহে।

জণ্ডিচ ৰোগ

কুঁহিয়াৰ ৰসৰ লগত সামান্য আদাৰ ৰস মিহলাই খালে জণ্ডিচ ৰোগ ভাল হয়।

বগা দাগ

ছালত হোৱা দাগৰ ওপৰত ডিমৰু গছৰ পাতৰ ৰস নিয়মীয়াকৈ সানিলে বগা দাগ নিৰ্মূল হয়।

ছালৰ ৰোগ

ছালত নিয়মীয়াকৈ তিল তেল সানিলে ছালত হোৱা খজুৱতি বা চকলা বন্ধা ৰোগ আৰোগ্য হয় আৰু ছালৰ উজ্জ্বলতা বাঢ়ে।

খৰ

ছালত হোৱা খৰ দীৰ্ঘদিন ধৰি ভাল নহ’লে আকণ গছৰ আঠা লগালে ভাল হয়।

নিশাদলত লগত নেমুৰ ৰস মিহলাই লগালেও খৰ ভাল হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate