অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শৰৎকালত শিশুৰ যত্ন

শৰৎ কালটো দুটা পৰিৱেশৰ মিলনৰ সময়। সেয়েহে ঠাণ্ডা গৰম দুয়োটায়ে অনুভূত হয়। তাৰ বাবেই বয়সীয়াসকলৰ লগতে শিশুসকলৰো ৰোগ প্ৰতিৰোধ ক্ষমতাত এই সময়ছোৱাত প্ৰভাৱ পৰা দেখা যায়। ডাঙৰ সকলে পৰিৱেশ আৰু পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাবলৈ নিজকে ব্যৱস্থা ল’ব পাৰে যদিও শিশুসকলৰ ক্ষেত্ৰত অভিভাৱকে প্ৰতিৰোধ আৰু প্ৰতিকাৰকৰ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয়।

এই সময়ত ৰোগ প্ৰতিৰোধৰ বাবে কৰিবলগীয়াসমূহ

নিয়মীয়কৈ গা ধুৱাওক

শিশুটিৰ ঠাণ্ডা লাগিব বুলি গা নুধুৱাকৈ নাথাকিব আৰু প্ৰতিদিনেই গা ধুৱাই দিয়াটো অতি প্ৰয়োজনীয়। গা ধুৱাৰ ফলত শৰীৰৰ পৰা ৰোগৰ বীজাণু আঁতৰি যোৱাৰ লগতে শৰীৰত ঠাণ্ডা প্ৰৱেশ নকৰে। গা ধুৱাৰ পিছত শিশুটিৰ শৰীৰত পাতলকৈ পাউদাৰ সানি দিলে শিশুটিৱে কিছু আৰাম পাব। যদিহে বৰষুণত তিতে তেন্তে কম পানীৰে হ’লেও গা ধুৱাই শৰীৰ আৰু চুলিবোৰ শুকানকৈ মচি পেলাব লাগে।

শুবৰ সময়ত পাতল কাপোৰ পিন্ধক

বতৰৰ পৰিৱৰ্তনৰ বাবে ৰাতি টোপনিত থকা অৱস্থাত কোনোবাটো মূহুৰ্তত গৰম অনুভূত হ’ব পাৰে। ইয়াৰ ফলত শৰীৰৰ প্ৰতিৰোধ ক্ষমতা প্ৰভাৱিত হৈ ভাইৰাছজনিত পানীলগা কাঁহ আদি শিশুটি আক্ৰান্ত হ’ব পাৰে। এনে পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ ৰাতি শুবৰ সময়ত শিশুটিক পাতল কপাহী কাপোৰ পোছাক পিন্ধোৱাৰ লগতে পাতল কম্বল এখনো দি থব পাৰে।

সঠিক খাদ্য খুৱাওক

শিশুটিক সঠিক খাদ্য সঠিক পৰিমাণত প্ৰদান কৰি বহুবোৰ ৰোগৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা যায়। এই সময়ছোৱাত শিশুটিক বতৰৰ শাক-পাচলি আৰু ফল-মূল খুৱাওক। পকা অমিতা, অমৰা, কল, আমলখি আদি ঔষধি খাদ্য শিশুটিৰ দৈনন্দিন খাদ্যৰ লগত সন্নিৱিষ্ট কৰক।

ৰোগৰ সময়ত ল’ব লগা যত্ন

জ্বৰ

শিশুটিৰ জ্বৰ হ’লে শিশুৰ গাত গধুৰ আৰু অতিপাত গৰম কাপোৰ প্ৰদান নকৰি কিছু পাতল ধৰণৰ কাপোৰ পিন্ধাই দিয়ক। কোঠাৰ দুৱাৰ খিৰিকী খুলি পৰ্য্যাপ্ত পৰিমাণে পোহৰ আৰু বায়ু চলাচলৰ ব্যৱস্থা কৰি দিয়ক। প্ৰত্যক্ষভাৱে ফেনৰ বতাহ যেন শিশুটিৰ গাত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিপাত জ্বৰ হ’লে কপালত জলপতি দিব লগা হ’ব পাৰে। এনে ক্ষেত্ৰত স্বাভাৱিক উষ্ণতাত থকা পানীৰ কপাহী কাপোৰ (ৰুমাল, গামোছা)আদি তিয়াই কপালত দিয়াৰ লগতে গোটেই শৰীৰটোত মচি (যিটোক স্পঞ্জ কৰা বুলি কোৱা হয়)দিব পাৰে। শৰীৰ মুচি দিয়াৰ ক্ষেত্ৰত কুহুমীয়া পানীও ব্যৱহাৰ কৰিব পাৰে। যিমান সম্ভৱ হয় সিমানেই শিশুটোক পনীয়া খাদ্য ঘনাই খুৱাব লাগে। শৰীৰৰ তাপমাত্ৰা ১০০ ডিগ্ৰী ফাৰেনহাইটৰ অধিক হ’লে চিকিৎসকৰ পৰামৰ্শ অনুসৰি জ্বৰ কমোৱাৰ ঔষধ ব্যৱহাৰ কৰিব লগা হ’ব পাৰে।

পানী লগা

এই সময়ছোৱা পানী লগা বা চৰ্দি হোৱাটো স্বাভাৱিক। ইয়াৰ ফলত উশাহ লওতে কষ্ট পোৱাৰ লগতে কাঁহ হ’ব পাৰে। উশাহ লওতে বুকু আৰু ডিঙিত হোৱা শব্দৰ পৰা পানী লগাৰ উমান পাব পাৰি। এই ক্ষেত্ৰত শ্বাস-কষ্টৰ পৰা মুক্ত কৰিবলৈ বিভিন্ন ধৰণৰ ইনহেলাৰ বা নাকৰ বন্ধ খোলাৰ ব্যৱস্থা কৰা হয়। সাধাৰণতে, সাধাৰণ চেলাইন ড্ৰ্প বা ঘৰতে প্ৰস্তুত কৰি ল’ব পৰা চেলাইন পানীৰ দ্বাৰা কিছু সময় বিৰতিৰ মূৰে মূৰে নাক পৰিষ্কাৰ কৰি দিব লাগিব। শিশুটিক তলমুৱাকৈ শুবলৈ দি নাকৰ পৰা ওলোৱা পানীসমূহ বৈ পৰিবলৈ দিব লাগে আৰু পানীবোৰ টিছু পেপাৰেৰে মুচি থাকিব লাগে। যিহেতু চৰ্দি আৰু কাঁহৰ কোনো ঔষধ নাই গতিকে প্ৰচলিত কাঁহৰ চিৰাপ বা অন্য ঔষধ শিশুটিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাই ভাল।

কাঁহ

শিশুটিৰ বেছিকৈ কাঁহ হ’লে কুহুমীয়া পানীত নেমুৰ ৰস মিলাই খুৱাব পাৰে। ইয়াৰ ফলত ডিঙিৰ ভিতৰত কাঁহৰ সৃষ্টি কৰা চেৰচেৰণি কিছু পৰিমাণে মাৰ যাব। ইয়াৰ উপৰিও কুহুমীয়া পানীত কম পৰিমাণে চেনী আৰু তুলসীৰ পাতৰ ৰস মিহলাই শিশুটিক খুৱাব পাৰে। এনে কৰিলে শিশুটিৱে আৰাম বোধ কৰিব।

পংকজ নেওগ

শেহতীয়া উন্নীতকৰণ: : 6/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate