মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / সুন্দৰ চুলিকোছাৰ বাবে
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুন্দৰ চুলিকোছাৰ বাবে

সুন্দৰ চুলিকোছাৰ বাবে, সেই বিষয়ে লিখা হৈছে ।

  • চুলিৰ বাবে এটা ভাল কণ্ডিচনাৰ হ’ল কণীৰ কুহুম । কণীৰ কুহুমটো ফেটি লৈ চুলিত ২০ মিনিট সময় লগাই ৰাখি ধুই পেলাব লাগে । ইয়াৰ ফলত চুলি কোমল আৰু মিহি হয় ।
  • তুলসী পাতৰ ৰস চুলিত লগাই বান্ধি ৰাখিব লাগে । পিছদিনা চিকাকাই শ্বেম্পুৰে ধুই পেলাব লাগে ।
  • চুলি সুন্দৰ কৰিবলৈ এটা পকা কলৰ লগত এক চামুচ নাৰিকল তেল মিহলাই চুলিত লগাব লাগে । আধাঘণ্টাৰ পিছত ধুই পেলাব লাগে ।
  • চাহ পাত অলপ পানীত উতলাই তাৰ লগত নেমুৰ ৰস মিহলাই সপ্তাহত এবাৰ চুলিত ঢালি ধুব লাগে । চুলি সুন্দৰ, কোমল হ’ব ।
  • তিতি থকা চুলি ভুলতো কাপোৰ, ক্লিপেৰে বান্ধি ৰাখিব নালাগে । চুলি দুৰ্বল হৈ সোনকালে সৰি পৰে । চুলি ঘামি থকা অৱস্থাতো ৰাখিব নালাগে । শ্বেম্পু কৰি ধুই পেলাব লাগে ।
  • নাৰিকল এটাৰ বাকলি গুচাই ল’ব লাগে । নাৰিকলটো নাৰিকলৰ পানীতে সিজাই ঠাণ্ডা হ’লে নাৰিকলখিনি মোহাৰি চেপি ল’ব লাগে । সেই ৰসখিনি জুইৰ ওপৰত মাত্ৰ এটাই বহাই উতলাব লাগে । কেইঘণ্টামান উতলাৰ পিছতে তেলখিনি ওপৰলৈ উঠি আহোতে নমাই দিব লাগে । এই তেল চুলিৰ গুৰিত নিয়মিতভাৱে লগাব লাগে । ই চুলিৰ বাবে পুষ্টিকৰ ।
  • চুলি সুন্দৰ আৰু ঘন কৰিবলৈ ত্ৰিফলা পানীত গুলি চুলিত আধাঘণ্টাৰ বাবে লগাই ৰাখিব লাগে । পিছত ভালদৰে ধুই পেলাব লাগে । এনেদৰে সপ্তাহত দুবাৰ কৰিব লাগে ।

চুলিৰ বিভিন্ন সমস্যা আঁতৰোৱাৰ উপায়

উফি :-

  • অলিভ অইল , নাৰিকল তেল আৰু বাদাম তেল গৰম কৰি মূৰত আঙুলিৰে মালিচ কৰি কৰি লগাব লাগে । ফলত মূৰৰ ছালত ৰক্ত সঞ্চালন বৃদ্ধি পাব আৰু উফি নোহোৱা হ’ব ।
  • চুলিৰ গুৰিত নেমুৰ ৰস ঘঁহিব লাগে । নেমুৰ ৰসে মূৰৰ ছালৰ ফুটাবোৰত ভালদৰে তেল সোমোৱাত সহায় কৰে । চুলিৰ পৰা উফি নোহোৱা হয় আৰু গৰম  ভাপো নোহোৱা হয় ।
  • প্ৰতিদিনাই ৰাতি শোৱাৰ আগতে চুলিৰ গুৰিত নাৰিকল তেল লগাব লাগে । পিছদিন ৰাতিপুৱা শ্বেম্পু কৰি ধুই পেলালেও উফি নোহোৱা হয় ।

উৎস :- নন্দিনী

3.77777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top