অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য কিটিপ

ভৰিৰ নখৰ যন্ত্ৰণাত ভূগিছে নেকি ?


বহুতো লোকৰ ভৰিৰ বুঢ়া আঙুলিত নানাধৰণৰ সমস্যা হয়, যাৰ কাৰণে তেওঁ যন্ত্ৰণাত ভুগিবলগাত পৰে। ভৰিৰ নখত যদি ভেঁকুৰ (ফাংগাছ) জাতীয় বস্তুৰ সংক্রমণ হৈ থাকে। তেন্তে নখবোৰ সম্পূৰ্ণৰূপে ভাঙি যাব। তদুপৰি এনে সংক্ৰমণৰ কাৰণে নখৰ ৰঙো নষ্ট হৈ যায়। যদিহে সংক্রমণ বেছিকৈ বাঢ়ি যায়। তেন্তে ভৰিৰ নখটো নখৰ কাষৰ (নেইনা বেড) পৰা পৃথক হৈ পৰে আৰু তাৰ পিচতেই আৰম্ভ হৈ যায় অতিপাত বিষ, দুৰ্গন্ধও। যদিহে আপোনাৰ নখৰ অৱস্থা অতিপাত বেয়ালৈ ঢাল খাইছে তেন্তে আপুনি চিকিৎসকৰ পৰামর্শ লোৱাটো উচিত হ’ব। পিচে তাৰ আগতে কিছুমান ঘৰুৱা পদ্ধতি ব্যৱহাৰ কৰিলে আপোনাৰ নখৰ সমস্যাটো সমাধান হৈ যাব। নখত ভেঁকুৰ (Fungus) সংক্রমণ কমাবলৈ কিছুমান ঘৰুৱা উপাদান আৰু পদ্ধতি তলত দিয়া হ’ল।

আপেল চিডাৰ ভিনেগাৰ

আপেল চিডাৰ ভিনেগাৰৰ মাজত এণ্টি বেক্টেৰিয়া বা বেক্টেৰিয়া প্ৰতিৰোধী উপাদানবিধ থাকে। সেয়ে ই ফাংগাচ্‌ বা ভেঁকুৰৰ কাৰণে হোৱা সংক্রমণ (Infection) কমোৱাৰ ক্ষেত্ৰত কাম কৰে। আপেল চিডাৰ ভিনেগাৰত আপোনাৰ আক্রান্ত হোৱা নখটোক প্রতিদিনাই আধাঘণ্টা সময়ৰ বাবে ডুবাই ৰাখক।

বেকিং চ’ডা

বেকিং চ’ডাৰ প্ৰকৃতি হ’ল আলকেলাইন বা ক্ষাৰ জাতীয় প্রকৃতি। ভৰিৰ নখৰ ভেঁকুৰৰ সংক্রমণ কমোৱাত সুন্দৰভাবে কাম কৰে। বেকিং চ’ডাৰ সৈতে পানী মিহলাই এটা লেপন (পেষ্ট) প্ৰস্তুত কৰক। এতিয়া এই লেপনটো ২০ মিনিট সময় নখত লগাই থওক।

নহৰু

নহৰুক ভেঁকুৰ প্ৰতিৰোধক বুলি জনা যায়। কেইফুটামান নহৰু থেতালি লওক। কুহুমীয়া পানীৰ মাজত ইয়াত ৰাখক এতিয়া আক্রান্ত হোৱা নখটোক এই পানীত কিছুসময় ডুবাই ৰাখক। যিমানদিনলৈ আক্রান্ত নখটো আৰোগ্য নহয়, সিমান দিন এই পদ্ধতিটোক ব্যৱহাৰ কৰিব।

হালধি

হালধিক এণ্টিচেপ্টিক হিচাপে জনাজাত। হালধিয়ে নখৰ এনে ৰোগৰ প্ৰতিকাৰ কৰাৰ উপৰি এনে ৰোগৰ প্ৰতিকাৰ কৰাৰ উপৰি এনে ৰোগক প্ৰতিৰোধো কৰিব পাৰে। পানীৰ সৈতে এক চাহ চামুচ হালধি মিহলাই এটা লেপন প্রস্তুত কৰক। এই লেপনটো আক্রান্ত হোৱা নখটোৰ ওপৰত সানি থ’ব। লেপন দিয়াৰ পিচত ৩ বা ৪ ঘণ্টা অপেক্ষা কৰক আৰু তাৰপাচত নখটো ভালকৈ ধুই পেলাব।

পিঁয়াজ

পিঁয়াজৰ মাজত ভেঁকুৰ প্ৰতিৰোধী (এণ্টি ফাংগাচ্‌) গুণ থাকে। সেয়েহে পিঁয়াজে ভেঁকুৰ ধ্বংস কৰিব পাৰে। পিয়াঁজৰ পাতল টুকুৰা কাটি লওক। এতিয়া এনেটুকুৰা (শ্লাইচ্‌), আক্রান্ত নখটোৰ ওপৰত একেৰাহে ২০ মিনিট সময় ৰাখক। তাৰপাচত নখটো ধুই পেলাব।

দুপৰীয়া আহাৰ কৰাৰ পিচত আমাৰ কিয় টোপনি আহে?


আপুনি মন কৰিছেনে যে দুপৰীয়া আহাৰ খোৱাৰ পিচত আপোনাৰ টোপনি আহে। পিচে চিন্তা নকৰিব কাৰণ, এইক্ষেত্ৰত আপুনি অকলশৰীয়া ব্যক্তি নহয়। পৃথিৱীৰ বেছিভাগ মানুহৰে দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছত টোপনি ধৰে। এতিয়া প্ৰশ্ন হৈছে যে, দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিচত আমাৰনো কিয় টোপনি ধৰে ?

লিউক কোটিনহো নামৰ পুষ্টিবিদ আৰু ফিজিকেল ফিটনেছ্‌ (শৰীৰটোক কর্মঠ কৰি ৰখা) বিভাগৰ বিশেষজ্ঞ এজনৰ মতে আপুনি যদি শৰীৰটোৰ প্ৰয়োজনৰ তুলনাত অধিক মাত্ৰাত খাদ্য গ্ৰহণ কৰে, তেতিয়া আপোনাৰ শৰীৰত ইনচুলিনৰ মাত্রা (Level) উঠা-নমা কৰি থাকে। আমি নজনাকৈয়ে আমি যিকোনো খাদ্য খোৱাৰ পিচতেই আমাৰ তেজত চেনিৰ নিয়ন্ত্ৰণৰ কাৰণে আমাৰ দেহত ভিতৰত থকা পেনক্রিয়াছ নামৰ অংগটোৱে ইনচুলিন উৎপাদন কৰিবলৈ ধৰে। অধিক মাত্ৰাত খাদ্য গ্ৰহণ কৰিলে পেনক্রিয়াচে অধিক ইনচুলিন উৎপাদন কৰে। পিচে দেহত ইনচুলিনৰ যদি বেছিকৈ উৎপাদন হয়। তেতিয়া শৰীৰটোত দুটা ঘটনা ঘটে। প্ৰথমটো হৈছে— শৰীৰত টোপনিৰ হৰমন উৎপাদন হয়। এই হৰম'নে আপোনাৰ মগজুলৈ গৈ হজম প্রক্রিয়াৰ মাধ্যমত চেৰোটোনিন আৰু মেলাটোনিনলৈ পৰিণত হয়। এই মেলাটোনিন নামৰ উপাদানবিধেই হৈছে টোপনি ধৰাৰ বাবে প্রয়োজনীয় হৰম’নবিধ।

দ্বিতীয়টো ঘটনা হ’ল-আমি যদি উচ্চ মাত্ৰাৰ কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্য খাওঁ তেতিয়া ইয়াক হজম  কৰিবলৈ আমাৰ শৰীৰটোৱে বহুত বেছি পৰিমাণৰ শক্তি খৰচ কৰিবলগাত পৰে। লিউক কোটিনহো নামৰ বিশেষজ্ঞজনৰ মতে বৰ বেছি গধুৰ খাদ্য খালে তাক হজম কৰিবলৈ যাওঁতে শৰীৰটোৱে ৬০ৰ পৰা ৭৫ ভাগ শক্তি প্রয়োগ কৰিবলগাত পৰে। ইমান বেছি শক্তি ক্ষয় হোৱাৰ বাবেও ভাগৰত আমাৰ টোপনি ধৰে। পিচে কেৱল উচ্চ মাত্ৰাৰ কার্বহাইড্রেট সমৃদ্ধ খাদ্যৰ ক্ষেত্ৰতো এনেদৰে শক্তি ক্ষয় বা ব্যৱহৃত নহয়, অধিক প্র’টিন সমৃদ্ধ খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰতো একেটা ঘটনাই ঘটে।

পিচে এনেধৰণে অহা টোপনিক আপুনি কেনেকৈ এৰাই চলিব ? অধিক প্ৰ'টিন আৰু অধিক চর্বিজাতীয় খাদ্য খালে আপুনি বিপদত পৰে অৰ্থাৎ ভুগিব লাগে। কাৰণ এই জাতীয় খাদ্যবোৰ হজম কৰিবলৈ যাওঁতে শৰীৰটোৰ বেছি শক্তি খৰচ হৈ যাব। সেয়েহে দুপৰীয়া পৰত বৰ বেছিকৈ খাদ্য নাখাব। দুপৰীয়া যদি আপুনি পাতল খাদ্য গ্ৰহণ কৰে তেন্তে এই টোপনি ধৰাৰ অনুভৱটো কমাই দিয়াত তেনে খাদ্যই সহায় কৰিব। যদিহে তাৰ পিচতো দুপৰীয়া আপোনাৰ টোপনি ধৰে তেতিয়া কিন্তু চিকিৎসকৰ পৰা পৰামৰ্শ ল’বলৈ নাপাহৰে যেন।

উৎস: সাদিন ফিচাৰ্ছ।

 

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate