অতীজৰে পৰাই মাংসই মানুহৰ খাদ্য তালিকাত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। মাংসত মানৱ শৰীৰৰ গঠন আৰু বৃদ্ধিৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান যেনে প্ৰ’টিন, চৰ্বি, ভিটামিন আৰু খনিজ পদাৰ্থ সমূহ পৰ্য্যাপ্ত মাত্ৰাত পোৱা যায়। তদুপৰি উল্লেখযোগ্য যে মাছ, মাংস, গাখীৰ, কণী আদি প্ৰাণী জাত উৎসৰ পৰা পোৱা পুষ্টিকৰ উপাদান সমূহতকৈ মানৱ শৰীৰে অতি সহজে গ্ৰহণ কৰিব পাৰে।
ভাৰতৰ অন্যান্য ৰজ্য সমূহৰ তুলনাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেই খনত আমিষাভোজী লোকৰ সংখ্যা অধিক হোৱাৰ বাবে এই অঞ্চলত মাংসৰ চাহিদাও বেছি। সাধাৰণতে হাঁহ, কুকুৰা, পাৰ আদি চৰাই আৰু গৰু, ছাগলী, ম’হ, ভেড়া আৰু গাহৰি আদি জন্ত্তৰ মাংস খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়।
অস্বাস্থ্যকৰ আৰু প্ৰদূষতি খাদ্যৰ পৰা বহু ধৰণৰ ৰোগৰ সৃষ্টি হয়। গতিকে সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ খাদ্য সমূহ মানৱ শৰীৰৰ বাবে নিৰাপদ হোৱাটো অতি প্ৰয়োজনীয়। সেয়েহে আজি সমগ্ৰ বিশ্বতে খাদ্য উৎপাদন বৃদ্ধিৰ লগতে উচ্চ মানৱ সম্পন্ন খাদ্য উৎপাদনত দেশতো আইন আৰু নীতি নিৰ্দেশনা প্ৰস্তুত কৰা হৈছে। তথাপিতো দেখা যায় যে আমাৰ দেশত মাংস উৎপাদনৰ ক্ষেত্ৰত স্বাস্থ্য বিধি সামূহ পালন কৰাত মুঠেই গুৰুত্ব দিয়া নহয়। অপৰিষ্কাৰ আৰু অস্বাস্থ্যকৰ পৰিবেশত জন্ত কটা-বছা কৰি মাংস প্ৰস্ত্তত কৰাৰ ফলত পৰিবেশ প্ৰদূষিত হোৱাৰ লগতে ৰোগ সৃষ্টিকাৰী বিভিন্ন বীজাণুৰ দ্বাৰা মানুহৰ দেহত নানা ধৰণৰ ৰোগ সংক্ৰমিত হ’ব পাৰে। ৰুগীয়া জন্ত্তৰ মাংসৰ পৰা মানুহৰ দেহলৈ প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে নানা ধৰণৰ ৰোগ বিয়পিব পাৰে। গতিকে মাংস উৎপাদনৰ ক্ষেত্ৰত স্বাস্থ্যকৰ বিজ্ঞান সন্মত বিধি সমূহ পালন কৰাতো অতি প্ৰয়োজনীয়।
বিশুদ্ধ আৰু উচ্চমান যুক্ত মাংস উৎপাদনৰ বাবে মাংস উৎপাদনকাৰী জন্ত্ত সমূহ উপযুক্ত স্বাস্থ্যকৰ পৰিবেশত প্ৰতি পআন কৰাৰ পৰা আৰম্ভ কৰি বজাৰ অথবা কচাই খানালৈ পৰিবহন কৰা আৰু বিজ্ঞান সন্মত কচাই খানাত উপযুক্ত ধৰণে কটা-বছা কৰা আদি প্ৰত্যেকটো দিশতে গুৰুত্ব দিয়া উচিত।
সাধাৰণতে যিডোখৰ ঠাই বা যিটো ঘৰত জন্ত বধ কৰি মাংস প্ৰস্ত্তত কৰা হয় তাকে কচাই খানা বোলা হয়। বিজ্ঞান সন্মত কচাই খানা হ’ল চৰকাৰৰ দ্বাৰা অনুজ্ঞাপ্ৰাপ্ত এটা ঘৰ, য’ত স্বাস্থ্যসন্মত ভাৱে জন্ত সমূহক বধ কৰি মাংস প্ৰস্তত কৰাৰ ব্যৱস্থাও থাকে। এন কচাই খানাত জন্ত সমূহ বধ কৰাৰ আগেয়ে পশু চিকিৎসক অথবা মাংস পৰিদৰ্শকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু নিৰোগী স্বাস্থ্যবান জন্তুহে মাংসৰ বাবে কাটিবলৈ অনুমতি দিয়া হয়। আনহাতে জন্তটোক বধ কৰি ছাল গুচোৱাৰ পাচত ভিতৰৰ অংগ-প্ৰত্যংগ সমূহ বাহিৰ কৰি পুনৰ মৰণোত্তৰ ভাৱে জন্তৰ মাংস আৰু অংগ সমূহ পৰীক্ষা কৰি কেবল নিৰোগী স্বাস্থ্য সন্মত মাংসহে ছীল মাৰি বজাৰত বিক্ৰীৰ বাবে অনুমতি দিয়া হয়।
নিৰোগী স্বাস্থ্যবান জন্তৰ পৰাহে উৎকৃষ্ট মাংস পাব পাৰি। গতিকে মাংসৰ বাবে পালন কৰা জন্তৰ ক্ষেত্ৰত তলত উল্লেখ কৰা বিধি সমূহ পালন কৰিব লাগে।
১) জন্ত সমূহ পৰিষ্কাৰ, পৰিচ্ছন্ন আৰু স্বাস্থ্যকৰ পৰিবেশত পালন কৰিব লাগে।
২) উপযুক্ত পৰিমাণে পুষ্টিকৰ খাদ্য যোগান ধৰিব লাগে।
৩) সময়মতে ৰোগ প্ৰতিষেধক টিকা আদি দিব লাগে।
৪) পামৰ পৰা বজাৰ বা কচাই খানালৈ নিওঁতে জন্ত সমূহক উপযুক্ত বাহনত যত্ন সহকাৰে কঢ়িয়াই নিব লাগে।
৫) প্ৰতিকুল বতৰত যেনে অতিমাত্ৰা ৰ’দ বা বৰষুণঅত আৰু ঠাণ্ডা বতৰত জন্ত্ত সমূহ পৰিবহন কৰাৰ ক্ষেত্ৰত বাহনত ত্ৰিপালৰ ঢাকনিৰ ব্যৱস্থা কৰা উচিত।
৬) দীঘলীয়া পথ পৰিবহনৰ ক্ষেত্ৰত মাজে মাজে জন্ত্ত বোৰক বিশ্ৰাম দিব লাগে আৰু প্ৰয়োজন অনুসৰি আহাৰ আৰু পানী যোগান ধৰিব লাগে।
৭) বধ কৰাৰ পূৰ্বে জন্ত্টোক পৰিষ্কাৰ শুকান ঠাইত ৰাখিব লাগে আৰু সম্পূৰ্ণ বিশ্ৰাম লবলৈ দিব লাগে।
৮) মাংসৰ বাবে বধ কৰা জন্ত সমূহক বধ কৰাৰ ১২ ঘণ্টাৰ আগৰ পৰা খাদ্য দিয়াটো বন্ধ কৰিব লাগে যাতে জন্তুটোৰ পাকস্থলী আৰু খাদ্যনলী খালী হৈ থাকে। অন্যথা জন্ত্তটোক কটা-বছা কৰাৰ সময়ত নাড়ী-ভুৰু ফাটি মল আৰু অৰ্ধজীৰ্ণ খাদ্যৰ দ্বাৰা মাংস প্ৰদূষিত হ’ব পাৰে।
৯) বধ কৰাৰ আগেয়ে জন্ত্তটোক আঘাট কৰা, ভীতিগ্ৰস্ত কৰা বা উত্তেজিত কৰা অনুচিত। এনে কাৰ্য্যৰ ফলত জন্ত্তটোৰ মাংসত কিছুমান আসোৱাহ দেখা দিব পাৰে যাৰ ফলত মাংসৰ গুণ নিম্নগামী হয়।
জন্ত্ত এটা বধ কৰাৰ পাচত ছাল ছেলাই, অলাগতিয়াল অংগ সমূহ বাহিৰ কৰি, উপযুক্ত ধৰণে কাটি মাংস প্ৰস্তুত কৰা হয়। এই ক্ষেত্ৰত কিছুমান স্বাস্থ্যবিধি পালন কৰাটো অতি আৱশ্যকীয়। যেনে-
স্বাস্থ্যসন্মত পৰিষ্কাৰ পৰিচ্ছন্ন আৰু বিশুদ্ধ মাংস উৎপাদনৰ বাবে মাংস প্ৰস্তুত কৰ্ত্তা আৰু বিক্ৰেতা সকলে পালন কৰিবলগীয়া স্বাস্থ্যবিধিসমূহ
সাধাৰণতে দেখা যায় যে গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ ৰাজ্যতে মাংসৰ বজাৰ সমূহত অতি অস্বাস্থ্যকৰ পৰিবেশত মাংস কাটি বিক্ৰী কৰা হয়। অস্বাস্থ্যকৰ পৰিবেশত বিক্ৰী কৰা এনে দূষিত মাংস নিসন্দেহে জনস্বাস্থ্যৰ বাবে হানিকাৰক। এই ক্ষেত্ৰত প্ৰশাসনীয় কৰ্তৃপক্ষৰ উপযুক্ত পদক্ষেপ আৰু লগতে স্বাস্থ্যসন্মত মাংসৰ বাবে উপভোক্তা সকলো সচেতন হোৱাটো অত্যন্ত প্ৰয়োজনীয়। ওপ্ৰত আলোচনা কৰা বিধি সমূহ সঠিক ভাৱে পালন কৰি স্বাস্থ্যসন্মত ও বিশুদ্ধ মাংস উৎপাদন কৰিব পাৰি।
যুগুতাইছে: ড° সৌৰভ কুমাৰ লস্কৰ, সহযোগী অধ্যাপক, পশুজাত পণ্য প্ৰযুক্তি বিভাগ
সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়, অসম কৃষি বিশ্ববিদ্যালয়, পশু চিকিৎসক অনুষদ, খানাপাৰাৰ দ্বাৰা সম্পাদিত, প্ৰকাশিত আৰু প্ৰচাৰিত।
শেহতীয়া উন্নীতকৰণ: : 4/14/2020
অধিক গাখীৰ উৎপাদনৰ বাবে থলুৱা জাতৰ গৰুৰ উন্নতিকৰন
শস্যতকৈ মৎস্য উৎপাদনতহে অধিক গুৰুত্ব লাহৰীঘাট-মৈৰা...
পিঁয়াজৰ বিষয়ে
অপকাৰী চৰ্বীৰ পৰা হাত সাৰিবলৈ