বিজ্ঞানীসকলৰ মতে সৰিয়হত থকা চোকা জ্বলন গুণটোৱে ফ্লু বা পানীলগা জ্বৰত হোৱা উশাহজনিত কষ্ট লাঘৱ কৰে। তদুপৰি সৰিয়হত থকা মাইৰ’চিন আৰু ছিনিগ্ৰিন নামৰ দুই ৰাসায়নিক উপাদানে কফ পনীয়া কৰাত সহায় কৰে, যাৰ ফলত শৰীৰৰ পৰা কফ ওলাই যোৱাত সহজ হয়। সেইবাবেই হয়তো ঠাণ্ডা লাগি যোৱা পানীলগা বা চৰ্দিত আমি ভৰিৰ তলুৱাত খাটি সৰিয়হৰ তেল মালিচ কৰো। জ্বৰ আৰু মূৰৰ বিষত গৰম পানীত সৰিয়হৰ গুড়ি দি ভৰি জুবুৰিয়াই থ’লে যথেষ্ট আৰাম পোৱা যায়। এই ধৰণে ভৰি জুবুৰিয়াই থ’লে ভৰিত জমা হোৱা তেজ স্বাভাৱিক অৱস্থালৈ অহাৰ লগতে ৰক্ত সঞ্চালন বৃদ্ধি হয়। মূৰৰ ৰক্তবাহী নলিকাৰ চাপ শিথিল বা স্বাভাৱিক কৰাৰ ক্ষেত্ৰতো এই পদ্ধতি যথেষ্ট উপকাৰী। সৰিয়হ কেইবাবিধৰো আছে যদিও ক’লা সৰিয়হৰ গুণ সবাতোকৈ বেছি।
উৎসঃ অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 4/30/2020
পুচা-মেহেক আৰু এম-২৭ সৰিয়হ খেতিৰে স্বাৱলম্বন
সৰিয়হ ফুটাই জাতিলাউ
পশ্চিম নলবাৰীত সৰিয়হৰ হালধীয়া ফুলৰ হাঁহি
সৰিয়হ খেতিৰে আনিছে আশাৰ ৰেঙণি