মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / উইন্টাৰ ব্লু(শীতকালত হোৱা মানসিক সমস্যা):
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উইন্টাৰ ব্লু(শীতকালত হোৱা মানসিক সমস্যা):

উইন্টাৰ ব্লু(শীতকালত হোৱা মানসিক সমস্যা)ৰ বিষয়ে লিখা হৈছে

 

 

শীতকালত দিন চুটি হয়। সূৰ্যৰ পোহৰ কম হয়। বতৰ গোমা হৈ থাকে। ৰ’দ প্ৰায়ে নোলায়। শীতকালত এনে বিৰক্তিকৰ বতৰ হোৱা বাবে বছৰটোৰ অন্য দিনবোৰত মানসিকভাৱে সুস্থ হৈ থকা কিছুমান ব্যক্তি শীতকাল পৰাৰ লগে লগেই মানসিক হতাশগ্ৰস্ততাত ভোগা দেখা যায়। এনে ব্যক্তিসকলৰ শীতকালত মন বিষাদগ্ৰস্ত আৰু হতাশগ্ৰস্ত হৈ পৰে। চিকিৎসা শাস্ত্ৰত ইয়াক ছিজনেল এফেক্টিভ ডিছঅ’ৰ্ডাৰ(Seasonal affective disorder) চমুকৈ SAD বুলি অভিহিত কৰা হয়।

সাধাৰণভাৱে ইয়াক উইন্টাৰ ব্লু অথবা উইন্টাৰ ডিপ্ৰেছন বুলিও কোৱা হয়। ধাৰণা কৰা মতে শীতৰ দিনত কম পোহৰৰ বাবে মানুহৰ শৰীৰত চেৰোট’নিন আৰু পিনিয়েল ব’ডীয়ে নি:সৰণ কৰা মেলাট’নিনৰ পৰিমাণ কমে বাবে এনেকুৱা হয়। অৱশ্যে এই ৰোগৰ বুৰঞ্জীগত তথ্যও আছে। পুৰণি কালত ঠাণ্ডা আৰু খাদ্যৰ অভাৱৰ বাবে বৰফৰ ঠাইবোৰত মানুহবোৰে শীতকালত এনেদৰে অকলশৰীয়া জীৱন কটাইছিল। আজিও বহু সৰীসৃপ জাতীয় প্ৰাণীয়ে শীতকালত এনে জীৱন কটায়। কিন্তু মানুহৰ ক্ষেত্ৰত এনে হোৱা উচিত নহয়। এনেকুৱা হোৱা ব্যক্তিক সমাজত আজিও ৰগৰ কৰি ‘ই এক সৰীসৃপ জাতীয় মানুহ’ বুলিও কোৱা শুনা যায়।

এনে মানসিক সমস্যাত ভোগা ব্যক্তিয়ে কোনো কাম বা পৰিশ্ৰম কৰিব নিবিচাৰে। পুৱা সোনকালে টোপনিৰপৰা উঠিব নিবিচাৰে। অনবৰতে টোপনি মাৰি থাকিব বিচাৰে আৰু শুই থাকে। স্নান কৰিবলৈ টান পায়। বমি কৰে। খোৱা বোৱাত অধিক আগ্ৰহী হৈ উঠে। বিশেষকৈ কাৰ্ব’হাইড্ৰেট জাতীয় খাদ্য বেছিকৈ খাই বাবে শাৰীৰিক শ্ৰমবিমুখতা আৰু বেছি শয়নৰ বাবে ব্যক্তিজন শাৰীৰিকভাৱে অত্যাধিক ওজনৰ হৈ পৰে। শৰীৰত শক্তি নাপায়। যৌনস্পৃহা কমে। জীৱনৰ সুখ অনুভৱ কৰিব নোৱাৰে।

কোনো কামতে মনোযোগ দিব নোৱাৰে বাবে কোনো কামকে সম্পূৰ্ণ কৰিব নোৱাৰে। এনে মানসিক সমস্যাত ভোগা ব্যক্তিৰ অলপতে খং উঠে। খিংখিঙীয়া হয়, অন্য ব্যক্তিৰ সংগ ল’ব নিবিচাৰে। বন্ধু-বান্ধৱ, পৰিয়ালৰ লোক আৰু সমাজৰপৰা অকলশৰীয়া হৈ থাকি ভাল পায় আৰু কোনো সামাজিক কামতে নিজক জড়িত কৰিব নোখোজে। এইবোৰ কাৰণতে ব্যক্তিজনে হতাশাত ভুগি অপৰাধবোধ অনুভৱ কৰে। বতৰ মেখাচ্ছন্ন হ’লে হতাশা অধিক হয়। এনে মানসিক সমস্যাত ভোগা ব্যক্তিক কৃত্ৰিম পোহৰত অধিক সময় থাকিব দিলে এনে সমস্যা লাঘৱ হয়। অৱশ্যে গ্ৰীষ্মকাল পৰাৰ লগে লগে এই সমস্যাৰ অৱসান ঘটে। এনে ৰোগীসকল গ্ৰীষ্মকাল পৰিলেই নিজে নিজেই সুস্থ হৈ উঠে।

‘উইন্টাৰ ব্লুত ভোগা ব্যক্তিক কৃত্ৰিম পোহৰৰ চিকিৎসা, Ionized air administration, Cognitive behaviour therapy । এন্টি-ডিপ্ৰেছেন্ট দৰৱ অথবা পৰিসীমিতভাৱে বাহিৰৰপৰা মেলাট’নিন দি সুস্থ কৰিব পৰা যায়। কৃত্ৰিম পোহৰৰ ‘Light Box’ৰে Bright white full spectrum(10,000 lux), blue spectrum(480 nm wavelength, 2500 lux) অথবা green spectrum(500 nm wavelength, 300 lux) পোহৰত ব্যক্তিজনক ৩০-৬০ চেন্টিমিটাৰ আঁতৰত আধা ঘন্টাৰপৰা এক ঘন্টা নিতৌ বহিবলৈ দি ৰোগীক সুস্থ কৰিব পৰা যায়।

ব্যক্তিজনে চকু মেলি থাকিব লাগে, কিন্তু পোহৰৰ পিনে চাই নাথাকিলেও হয়। পোহৰ পৰা ঠাইত ব্যায়ামক কৰিবলৈ আৰু কামত লাগি থাকিবলৈ দিও এনে ৰোগীক সুস্থ কৰিব পাৰি। সমস্যা গুৰুত্বৰ হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। চিকিৎসকে এন্টিডিপ্ৰেছেন্ট দৰৱ দি ৰোগীক সুস্থ কৰিব পাৰে।

‘উইন্টাৰ ব্লু’ৰ পৰা হাত সাৰি থাকিবলৈ নিতৌ পুৱা শুই উঠাৰ আধা ঘন্টামান আগতে শোৱনি কোঠা আৰু অন্য কোঠাবোৰ কৃত্ৰিম পোহৰেৰে পোহঁৰাই ৰাখিব লাগে। কোঠাবোৰৰ পৰ্দাবোৰ দাঙি দি কোঠাত পোহৰ পৰিব দিব লাগে। সূৰ্যৰ পোহৰপৰা মুকলি ঠাইত ব্যায়াম কৰিব লাগে। পুষ্টিকৰ ভিটামিনযুক্ত আহাৰ খাব লাগে। পুষ্টিকৰ ভিটামিনযুক্ত আহাৰ খাব লাগে। মাল্টি ভিটামিনো খাব পাৰি। শাৰীৰিকভাৱে শ্ৰম কৰি সক্ৰিয় হৈ থাকিব লাগে। প্ৰতিদিনে কামৰ কিবা এটা লক্ষ্য ঠিক কৰি লৈ তাক পূৰণ কৰিবলৈও চেষ্টা কৰিব লাগে। ঘৰৰপৰা ওলাই ফুৰিব লাগে আৰু সামাজিক কামত নিজকে ব্যস্ত কৰি ৰাখিব লাগে।

মন বেয়া লাগিলে গান-শুনা, চিনেমা চোৱা, কিতাপ পঢ়া আদি কৰিব লাগে। বিনোদন কৰিব লাগে। বন্ধু-বান্ধৱৰ সৈতে পিকনিকলৈ গৈ অথবা আড্ডা দি মনটোক ফুৰ্তিত ৰাখিব লাগে। দৰকাৰ হ’লে সমাজৰ পৰা সহায় ল’ব লাগে। আটাইতকৈ ডাঙৰ কথা হ’ল শীতকালৰ এনে নিৰস পৰিৱেশক মানি লৈ সুখী হ’বলৈ চেষ্টা কৰিব লাগে।

লেখক:ডা: ধৰ্মকান্ত কুম্ভকাৰ(দৈনিক অসম)

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top