অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাপমুক্ত জীৱন

চাপমুক্ত জীৱন

 

চাপ বা ষ্ট্ৰেচৰ পৰা নিজকে মুক্ত কৰি সহজ-সৰল সুন্দৰভাৱে জীয়াই থাকিবৰ বাবে কোনো ঔষধ পোৱা নাযায়। সেয়েহে কিছুমান দিশত নিজে গুৰুত্ব দি মানসিক ভাৰসাম্য ৰক্ষা কৰি শান্তিত দিন যাপন কৰিবলৈ চেষ্টা কৰা উচিত। এই ক্ষেত্ৰত কি কি নিয়ম মানি চলিব চাওঁ আহক-

  • কাম-কাজৰ তালিকা এখন প্ৰস্তুত কৰি ৰাখিব। যিবোৰ কাম গুৰুত্বপূৰ্ণ সেইবোৰ প্ৰথমতে কৰি শেষ কৰি থ’ব।
  • সৰু সৰু কথালৈ গুৰুত্ব নিদিব। জীৱনটো বিশেষ অৰ্থ থকা কামৰ বাবেহে। এই আদৰ্শ গ্ৰহণ কৰিব।
  • যিকোনো ঘটনা সমস্যা বুলি ভাবিলে পিতৃ-মাতৃ আৰু আন্তৰংগ বন্ধু-বান্ধৱী বুলি ভবাসকলৰ সৈতে সমস্যাটোৰ বিষয়ে আলোচনা কৰিব। নিশ্চয় সমাধানৰ সূত্ৰ পাব।
  • যিবোৰ বিষয়ৰ দ্বাৰা শাৰিৰীক-মানসিক ক্ষতি হোৱাৰ শংকা থাকে, তেনে বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰিব।
  • সকলো কাম মনযোগেৰে কৰিব আৰু ভালভাৱে সমাধা কৰিবলৈ শান্ত মনেৰে চেষ্টা কৰিব। তেতিয়াও মনত এক অনাবিল শান্তি অনুভৱ কৰিব।
  • হাঁহি-ধেমালিৰে সকলো সমস্যা সমাধানৰ চেষ্টা কৰিলে চাপৰ পৰা মুক্ত থাকিব পাৰি। মানুহৰ জীৱনত সমস্যা থাকেই তেনেদৰে ভাবি ল’ব লাগে।
  • খাদ্য গ্ৰহণৰ প্ৰতিও সচেতন হ’ব লাগে। কিছুমান খাদ্যই চাপ সৃষ্টিত সহায় কৰে। তেনে খাদ্য ত্যাগ কৰি চলিব লাগে।
  • পুৱা শুই উঠিয়েই যদি নিজৰ মনত চাপ সৃষ্টি কৰি লয়, তেনে দিনটো চাপৰ মাজে দিয়েই যাব।
  • যিকোনো কাম কৰি মনৰ চাপ পাহৰি থাকিবলৈ যত্ন কৰিব লাগে।
  • যিসকল বন্ধুৰ কথা শুনি ভাল লাগে, তেনে বন্ধুৰহে কাষ চাপিব লাগে।
  • মিউজিক ছিষ্টেমত গান শুনি বা টিভিত চিনেমা এখন চাই চাপ পাহৰি যাবলৈ যত্ন কৰিব। কাৰণ চাপ দীঘলীয়া হ’বলৈ দিয়া উচিত নহয়। ই অভ্যাসত পৰিণত হয়। যাতে তেনে নহয়গৈ তাৰ বাবে নিজে চেষ্টা কৰিব লাগে।

লেখিকা: অংশুমা শইকীয়া, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 2/16/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate