মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / দেহ, মন আৰু আত্মিক আনন্দ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দেহ, মন আৰু আত্মিক আনন্দ:

দেহ, মন আৰু আত্মিক আনন্দৰ বিষয়ে লিখা হৈছে

 

ভগৱানৰ অতি সৌন্দৰ্যশীল সৃষ্টিবোৰৰ ভিতৰত মানৱ দেহটোও এটা। আমাৰ দেহটোক এটা গতিশীল অলৌকিকতা বুলি কোৱা হৈছে। বাহ্যিক বিশ্বখনৰ তুলনাত আমাৰ শৰীৰটোক এখন ক্ষুদ্ৰ বিশ্ব বুলিব পাৰি, য’ত বিশ্বৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰ প্ৰক্ৰিয়াবোৰ চলি আছে। আমি শৰীৰটো যিমান ভাল ধৰণে পৰিচালনা কৰিব পাৰো। সিমান ভালকৈ পৰিচালনা কৰিব লাগে। আমাৰ শৰীৰটো অত্যধিকভাৱে ঠুনুকা কাৰণ সাধাৰণ একোটা মহে কামুৰিলে আমি কেতিয়াবা মৃত্যুৰ মুখত পৰিব লগাত পৰে। শৰীৰটো সেয়েহে যিমান পৰা যায়, সিমান সুস্থ-সবল কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। আমাৰ দেহটো, দেহৰ ভিতৰত তন্ত্ৰবোৰ আৰু লগতে আমাৰ ‘মন’ বোলা এটা বিশিষ্ট সত্ত্বাকে ধৰি আভ্যন্তৰীণ শক্তিৰ ভাণ্ডাৰ আমাৰ ‘জীৱাত্মা’টো অপৰিসীম শক্তিৰ উৎস বুলি কোৱা হৈছে। প্ৰত্যেকজন ব্যক্তিৰ আকৌ সচেতন আৰু অৱচেতন মন বুলি দুটা অৱস্থা আছে। আমাৰ মনৰ সচেতন অংশক কোনো বিষয়ে চিন্তা কৰিবলৈ, বিশ্লেষণ তথা যুক্তি-যুক্ততা প্ৰতিপন্ন কৰিবৰ বাবে ব্যৱহাৰ কৰোঁ। আমাৰ অৱচেতন মনটোৰ দ্বাৰাই আমি অনুভৱ কৰাৰ লগতে জ্ঞান আৰু সাহস আদিও পাওঁ। প্ৰকৃততে মনৰ সচেতন আৰু অৱচেতন এই দুয়োটা অৱস্থাই আমাক পৰিচালিত কৰে। অৱচেতন মনে আমাৰ কেতিয়া কি প্ৰয়োজন হয়-সেইবোৰ সজাগ মনটোক সোঁৱৰাই দিয়ে।

মানৱ জীৱনৰ সকলো কৰ্মকে মনে পৰিচালনা কৰে। শ্ৰীমদ্ভাগৱত গীতাত কোৱা হৈছে যে মনক শাসন কৰাটো এজাক প্ৰচণ্ড ধুমুহাক পৰাভূত কৰাৰ দৰে। মনটো হ’ল আমাৰ সকলোবোৰ ভাল আৰু বেয়া চিন্তাৰ মূল। মনৰ পৰা সজ আৰু সৎ ভাবৰ উদয় হোৱাৰ দৰে বেয়া ভাবৰো উদয় হয়। সৎ তথা ভাল ভাবৰ সৃষ্টি কৰা মনটোক আমি জীৱনৰ গঠনমূলক কৰ্মত ব্যৱহাৰ কৰিব লাগে। আনহাতে, বেয়া বা অসৎ ভাব ধাৰাই হ’ল আমাৰ বিনাশৰ মূল। সৎ বা সাত্ত্বিক মনৰ লোক একোখন সমাজৰ ভাবধাৰা ইতিবাচক কৰি তুলিব পাৰে। সেয়ে মন আৰু মানসিকতাৰ সমতা বৰ্তাই ৰখা সকলে নিজক পৰিচালনা কৰা আৰু অন্যৰ লগত কথা-বতৰা, চলন-ফুৰণ আদিত অতি সাৱধান হৈ থাকে বাবে তেওঁলোকে জীৱনটো আনন্দ আৰু সুখত কটাব পাৰে। মানসিক সজাগতাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ জীৱনৰ মান নিৰূপণ হয়। আমাৰ মনটো যদি আনন্দৰে ভৰপূৰ, তেন্তে আমি চৌদিশৰ সকলোকে প্ৰাণৱন্ত দেখিম। যদি মনটোত দু:খ আৰু বিষণ্ণতাৰে পোখা মেলে আমাৰ মনোভাব হতাশাজনক হ’বই। ধীৰ-স্থিৰ আৰু ইতিবাচক মানসিকতাই আমাক আত্মিক আনন্দ প্ৰদান কৰে।

বহুতো লোকে তেওঁলোকৰ অন্তৰ আত্মাৰ নিৰ্দেশমতে দৈনন্দিন জীৱন যাপন নকৰে। আধ্যাত্মিক চিন্তা চৰ্চাৰ পৰা বহুত দূৰত থাকে বাবে বহুতো ক্ষেত্ৰত উচিত ধৰণে দেহৰ যত্ন ল’ব নোৱাৰে। বহুতে আকৌ শাৰীৰিক সাল-সলনিবোৰৰ কথা গম ধৰিব নোৱাৰে। খং-ৰাগ, মানসিক ছাপ আদিক প্ৰশ্ৰয় দিয়াৰ বাবে শৰীৰৰ যে অপকাৰ হয়, এই কথাবোৰ উপলব্ধি নকৰে। আনহাতেদি বিভিন্ন মাদক দ্ৰব্যৰ ব্যৱহাৰ আৰু উচিত পৰিমাণৰ ব্যায়াম আদিৰ অভাৱে শৰীৰটোক বেমাৰৰ আক্ৰমণৰ বাবে সহজ কৰি তোলে।

আমি শাৰীৰিকভাৱে সুস্থ-সবল হৈ থকাটো আটাইতকৈ লাগতিয়াল কথা। জাৰ্মানি ভাষাত এটি প্ৰবচন আছে- ‘Health is not everything, but without health, nothing is anything’। এইষাৰ কথাৰ পৰা এই স্বাস্থ্যৱান সুস্থ সবল শৰীৰৰ গুৰুত্ব উপলব্ধি কৰিব পাৰি। প্ৰকৃততে শাৰীৰিক ভাৱে সুস্থ হৈ থকাৰ বাবে মানসিক আৰু শাৰীৰিক সমতা একোটা বৰ্তাই ৰাখিব লগাত পৰে। যিসকল লোক মানসিকভাৱে শান্তিপ্ৰিয় আৰু ইতিবাচক মানসিকতাৰ তেওঁলোক শাৰীৰিক আৰু মানসিক দুয়োফালৰ পৰাই সুস্থ আৰু তেওঁলোকে একোটা সবল অসংক্ৰাম্য তন্ত্ৰ(Immune system)ৰ গৰাকী হৈ দেহটো বেমাৰ-আজাৰৰ আক্ৰমণৰ পৰা দূৰত ৰাখিব পাৰে।

বিজ্ঞানীসকলে কেনেবোৰ কাৰকে একোজন লোকৰ স্বাস্থ্য ৰক্ষাত সহায় কৰাৰ লগতে একোজন লোকক মানসিক আনন্দ প্ৰদান কৰি ৰাখিব পাৰে, সেইবোৰ কথাত গুৰুত্ব আৰোপ কৰি কৈছে যে লোক এজনে সমাজৰ লগত মিলি থকা, নিজৰ আৰু আনৰ ওপৰত বিশ্বাস ৰখা আৰু জীৱনৰ প্ৰতি একোটা ভালপোৱা ভাব পোষণ কৰা আদিয়ে মানসিক তথা আত্মিক আনন্দ প্ৰদান কৰাৰ লগতে সু-স্বাস্থ্য বৰ্তাই ৰখাত সহায় কৰে। এটা পুৰণি প্ৰৱচন এনেধৰণৰ- ‘Those who do not enjoy themselves are not enjoy able for others’- এই প্ৰবচনটো সাধাৰণ যদিও ইয়াত লুকাই থকা সত্যটো হ’ল ‘সকলোৱে হাঁহি আনন্দৰে জীয়াই থাকিবলৈ বিচৰাতো’। গতিকে আমি নিজে আনন্দমুখৰ হৈ থকাৰ বাবে চেষ্টা অব্যাহত ৰাখিব লাগে। আমি বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোকৰ লগত আনন্দ মনেৰে কথা বতৰা পতাকে ধৰি চিন্তা-চৰ্চা আদিতো আনন্দৰ সৃষ্টি কৰি নিজৰ অন্তৰ আত্মাক সন্তুষ্টি প্ৰদান কৰিব পাৰিব লাগিব।

জীৱনৰ বাটত অগ্ৰসৰ হওঁতে সংকট আৰু ব্যৰ্থতা আদিৰ সন্মুখীন হ’লে নিজকে বিচলিত হ’বলৈ নিদিয়াকৈ ৰখা ধৰণৰ মানসিকতা সৃষ্টি কৰিব পাৰিব লাগিব। যি সকলে  জীৱনৰ প্ৰতি আশাবাদী দৃষ্টি-ভঙ্গী পোষণ কৰে, তেওঁলোকে অতি জটিল সমস্যাৰ সময়তো মনটো বিচলিত নোহোৱাকৈ আৰু স্বাস্থ্যৰ কোনো বিঘিনি নোহোৱাকৈ ৰাখিব পাৰে। মনস্তত্ববিদ সকলে ক’ব বিচাৰে যে জীৱনত কৃতকাৰ্যতা লাভ কৰা লোকসকলে নিজৰ যোগ্যতাক নিজৰ কৃতকাৰ্যতাৰ মূল বুলি ক’ব খোজে আৰু অকৃতকাৰ্যতাৰ বাবে বাহ্যিক কাৰণবোৰক দোষ দিয়ে। উদাহৰণস্বৰূপে যদি কোনোবা এজনে বিশেষ একোটা পৰীক্ষাত পাছ কৰে, তেওঁলোকে নিজৰ পাণ্ডিত্য আৰু বুদ্ধিমত্তাৰ বাবে হোৱা বুলি কয় কিন্তু ৰিজাল্ট বেয়া হ’লে প্ৰতিকূল পৰিস্থিতিৰ কথা কয়। একে সময়তে কম আত্মগৌৰৱ থকা লোকে বেলেগ ধৰণে ভাবে। তেওঁলোকে কিবা এটা পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পৰাতো ‘বাহ্যিক ভাল কাৰণ’ বোৰৰ বাবেহে হোৱা ধৰণৰ মনোভাব দেখুৱায় আৰু অকৃতকাৰ্যতাটোক নিজৰ দোষৰ বাবে হৈছে বুলি কয়। উপৰি উক্ত দুই বিপৰীত ধৰ্মী মানসিকতাই মানুহৰ মনত বিৰাগ ভাব, নিৰুৎসাহ, নিৰাশা, আৰু অসহায় অৱস্থাৰ সৃষ্টি কৰে। গতিকে, এনে অৱস্থাবোৰত মনৰ ঋণাত্মক ভাবৰ সৃষ্টি হ’বলৈ দিয়াতকৈ ধনাত্মক ভাবহে আনিব লাগে। কেতিয়াবা পৰিস্থিতি বিশেষে ‘আশাহীন ভাব’ আহিলে, নিজকে শাসন কৰি ‘ধ্যান’ আৰু ‘গভীৰ শ্বাস-প্ৰশ্বাস’ লোৱা আদিৰ অভ্যাস কৰি ‘মই পাৰিম’ ধৰণৰ মানসিকতা ঘূৰাই আনিব লাগে বুলি বিজ্ঞসকলে ক’ব বিচাৰে। নিজকে প্ৰত্যয় নিয়াবলৈ চেষ্টা কৰিব লাগে। কেনে ধৰণৰ কৰ্ম এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ আটাইতকৈ উপযুক্ত হ’ব- সেইটো বিচাৰি উলিয়াবলৈ চেষ্টা কৰিব লাগে। এনে ভাবধাৰাৰ সৃষ্টিয়ে সমস্যা সমাধানত সহায় কৰিব। উদ্বেগ হ্ৰাস কৰি দেহ আৰু মনৰ মিলন ঘটাই বিৰূপ ভাববোৰৰ পৰা সকাহ পাবলৈ চেষ্টা কৰিব লাগে। কেতিয়াবা একোজন ৰোগীয়ে অন্ত:কৰণে গভীৰ বিশ্বাস কৰি তেওঁৰ ৰোগৰ লগত সম্পৰ্ক নোহোৱা ঔষধ(পিল) একোটা খাইয়ো ৰোগৰ পৰা উপসম পোৱাৰ উদাহৰণ আছে। চিকিৎসা বিজ্ঞানত ৰোগীয়ে নিৰাময় লাভ কৰা এনে ধৰণৰ ক্ৰিয়াটোক ‘The Placebo Effect’ বোলা হৈছে। গৱেষণাই প্ৰমাণ কৰিছে যে শৰীৰত ঔষধে কাম কৰাৰ ৫৫-৬০ শতাংশ ক্ৰিয়াই হ’ল মন:স্তাত্বিক প্ৰক্ৰিয়া মাথোন।

প্ৰতিজন ব্যক্তিৰ মানসিকতা বেলেগ-বেলেগ হোৱাৰ বাবে প্ৰত্যেকৰ ক্ষেত্ৰত মানসিক আনন্দৰ ধাৰণা বেলেগ বেলেগ হয়। কিন্তু আত্মিক আনন্দ তথা মনে সুখ পোৱা ধৰণৰ কথাবোৰ নিম্ন উল্লেখিত কেইটামান মৌলিক নিয়মৰ মাজতহে আৱদ্ধ হৈ থাকে বুলি বিজ্ঞ সকলে ক’ব বিচাৰে।

  • জীৱনৰ প্ৰত্যেক মুহূৰ্তকে উপভোগ কৰিবলৈ চেষ্টা কৰিব লাগে। বৰ্ত্তমানৰ ভাল আৰু বেয়াবোৰ বিশ্লেষণ কৰি সজ কৰ্মত নিজকে সমৰ্পণ কৰিব লাগে।
  • সদায় হাঁহি মুখৰ হৈ থাকিব লাগে। পুৱা শুই উঠিয়েই নিজকে হাঁহিৰ সম্ভাষণ জনাই দিনটো আৰম্ভ কৰিব লাগে। নিজে হাঁহি মুখৰ হৈ থাকিলে আপোনাৰ চৌপাশৰ লোকৰ মাজতো ই ক্ৰিয়া কৰিব।
  • সামাজিক ধৰনে মানুহৰ মাজত মিলা-প্ৰীতিৰে বন্ধু ভাৱাপন্ন হৈ থাকিব পাৰিলে মনত অপাৰ আনন্দৰ সৃষ্টি হ’ব।
  • নতুন ধৰণৰ কাম কৰা বা চখ আদি পূৰণৰ বাবে আপোনাৰ ভিতৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰিলে শৰীৰত আনন্দ প্ৰদায়ক হ’ৰমনৰ উৎপত্তি হৈ মানসিক আনন্দৰ সৃষ্টি কৰিব।
  • আধুনিক জীৱন যাত্ৰাৰ কিছুমান বেদনাদায়ক তথা সংকটপূৰ্ণ অৱস্থাৰ পৰা নিজকে মুক্ত ৰাখি নিজকে বিশেষত্বপূৰ্ণ কৰ্মত নিয়োগ কৰিব পাৰিলে শৰীৰ আৰু মন উজ্জীৱিত হৈ থাকিব।
  • যিবোৰ পৰিস্তিতিয়ে মানসিক ছাপ আৰু বিমৰ্ষতা আদিৰ সৃষ্টি কৰে, নিজকে সেইবোৰৰ পৰা আঁতৰাই ৰাখি আন্তৰিক শান্তি আৰু ধীৰ-স্থিৰ মানসিকতাৰ সৃষ্টি কৰি চলিবলৈ প্ৰয়াস কৰিব লাগে।

আত্মিক আনন্দৰ সৃষ্টিয়ে আমাক সকলো দিশতে সফলতাৰ বাট মোকলাই দিব বুলি বিজ্ঞ সকলে ক’ব বিচাৰে।

উৎস:দৈনিক অসম

2.96774193548
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top