মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / মানসিক চাপ আৰু উদ্বিগ্নতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মানসিক চাপ আৰু উদ্বিগ্নতা

মানসিক চাপ আৰু উদ্বিগ্নতা

একবিংশ শতিকা হ’ল তীব্ৰ গতিত পৰিৱৰ্তনশীল দৃশ্যপটৰ শতিকা। বিভিন্ন মহলত এই আশংকা ব্যক্ত হৈছে- মানুহৰ জীৱন, পৰিৱেশ, পৰিস্থিতি, প্ৰকৃতি-সকলো দিশতে অতি কোবাল গতিত পৰিৱৰ্তনৰ ধুমুহা আহিব ধৰিছে। তাৰ বাবে আমি যিকোনো প্ৰতিকূলতাৰ সন্মুখীন হ’ব পৰাকৈ নিজকে সক্ষম আৰু সমৰ্থ কৰি ৰখা অতি প্ৰয়োজন। পাৰিলে প্ৰয়োজনতকৈ অধিক শক্তিশালী, উদ্যমী, আৱেগিকভাৱেও মজবুত হোৱা দৰকাৰ, যাতে আমাৰ সিদ্ধান্ত বা বিচাৰ আৰু তাৎক্ষণিক প্ৰতিক্ৰিয়া বা আপাত আচৰণ সংযত, সঠিক আৰু যথাযথ হয়। কোৱা হয় জীৱনৰ খেলখন এক ছেকেণ্ডৰ, আৰু তাতেই হৰা-জিকা নিৰ্ণয় হয়। জীৱনটোৰ ১০ শতাংশ হ’ল প্ৰকৃত ঘটনা প্ৰবাহৰ সমাহাৰ আৰু ৯০ শতাংশ হ’ল আমাৰ প্ৰতিক্ৰিয়াৰ সমষ্টি। গতিকেই শুদ্ধ পথ হ’ল-আমি নিতৌ নিজকে নিয়মিতভাৱে শক্তিৰে ভৰপূৰ কৰিব লাগে আৰু দৈনন্দিন নিয়মীয়া পৰিস্থিতিবোৰ অতিমাত্ৰা প্ৰতিক্ৰিয়াশীল নহৈ সহজ ৰীতিত পাৰ কৰিব লাগে। নহ’লে ডাঙৰ ডাঙৰ সমস্যাৰ পাহাৰ অতিক্ৰম কৰিম কিদৰে?

বিশ্ব স্বাস্থ্য সংস্থাৰ এক সমীক্ষাত প্ৰকাশ যে অনাগত দিনবোৰত প্ৰায়বোৰত প্ৰায় প্ৰতিজন ব্যক্তিৰে এটা উমৈহতীয়া সমস্যা হ’ব মানসিক উদ্বিগ্নতা বা নিৰাশা-হতাশা।

কোৱা হয় আমি ভোগা বিভিন্ন ৰোগ-ব্যাধিবোৰৰ ৭০ শতাংশতকৈয়ো অধিক উপসৰ্গৰ মূলতে মানসিক দুশ্চিন্তা বা উদ্বিগ্নতা। সহজে নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিধৰ ডায়েবেটিছ বা উচ্চ ৰক্তচাপ, সাধাৰণ যেন লগা অনিদ্ৰা, ক্ৰমবৰ্ধমান যুৱ উচ্ছৃংখলতা বা অপৰাধ প্ৰৱণতা-এই সকলোবোৰৰ আঁৰতো সেই উদ্বিগ্নতাই ঘাই কাৰণ হ’ব পাৰে। প্ৰায়বোৰ ৰোগৰে গুৰিত একাধিক কাৰণ লুকাই থাকে। বেমাৰৰ কাৰক ‘জিন’তো লুকাই থাকেই, কিন্তু ‘জিন’ অনুসাৰে ৰোগটো শীঘ্ৰে প্ৰকাশ্যে কৰি তোলাত অন্যান্য কাৰকবোৰৰ বিশেষ ভূমিকা থাকে। ডায়েবেটিছ হৃদৰোগ আদিৰ ‘জিন’ জন্মৰ লগতে লাগি আহেই, কিন্তু তাৰ প্ৰকাশ নিৰ্ভৰ কৰে লাইফ ষ্টাইলৰ ওপৰত। বিশ্ৰামহীন শ্ৰম, ভাৰাক্ৰান্ত মন.....এইবোৰে ৫০ বছৰ বয়সৰ পিছত প্ৰকাশ পাব লগা ৰোগো ২০ বছৰৰ দেওনা পাৰ নৌহওঁতেই প্ৰকট কৰি তোলে। আজিৰ পৃথিৱীত সকলোবোৰ ৰোগৰে মূল পাঁচটা স্বভাৱজাত কাৰক-

ক) চঞ্চলতা বা খৰখেদা কৰা,

খ) চিন্তা কৰা,

গ) খং উঠা,

ঘ) উদাস (খুচি বা আনন্দৰ অভাৱ),

ঙ) আৱেগ প্ৰৱণতা (স্পৰ্শকাতৰতা)

১১ বছৰমান বয়সলৈকে আমাৰ স্বভাৱ গঠন হয় স্তৰে স্তৰে এইবোৰ অভিব্যক্তিৰ আধাৰতে। পিছত সেই গততে সকলো কৰ্ম কৰাৰ অভ্যাস হৈ পৰে আৰু ওৰেটো জীৱনৰ বাবে এই গতেই চলি থাকে। পৈণত বয়সত ব্যক্তিত্ব আৰু মানসিক বিকাশ আদিত এই গতবোৰৰ প্ৰভাৱ স্থায়ী হৈ পৰে।

এক সুস্থ মন

সততে শান্তিৰ অনুভৱত আৰামত থাকে। চাৰিওফালে বাতাবৰণৰ প্ৰতি সজাগ আৰু তেওঁৰ চৌদিশৰ পৰিৱেশৰ প্ৰতি প্ৰতিক্ৰিয়াই নিয়মীয়া।

এটা চাপযুক্ত মন বা ভাৰাক্ৰান্ত মনত

অত্যাধিক ভাব বা সংকল্প উদ্ভৱ হোৱাৰ ফলত মনৰ ভিতৰত এক আৰামবিহীন অনুভৱ-মনৰ মাজত পাতল-মুকলি-ভাললগা-ফৰকাল অনুভৱৰ ঠাইত এক বোজাৰ অনুভৱ (গধুৰ গধুৰ ভাব) অনবৰতে চলি থাকে।

উদ্বিগ্নতা

এক স্নায়ুবিকৃত অৱস্থা য’ত দীৰ্ঘদিনীয়া (স্থায়ী) ভীতিগ্ৰস্ততা আৰু হঠাতে উদ্ভৱ হোৱা চিন্তাজনিত লক্ষণবোৰৰ বাৰম্বাৰ বহি:প্ৰকাশ ঘটে।

কিদৰে উদ্বিগ্নতাৰ ছবিখন প্ৰকট হৈ উঠে:

ক) বোজা বা সংকটময় অৱস্থা

পাৰিবাৰিক, আৰ্থিক, সামাজিক প্ৰতিষ্ঠাৰ ক্ষেত্ৰত (গ্লানি, কেলেংকাৰি), জীৱনৰ প্ৰতি ভাবুকি, ব্যক্তিগতভাৱে লোকচান, মামলা-মোকদৰ্মা, প্ৰতিযোগিতাৰ মুখা-মুখি হোৱা, সম্পৰ্কীয়ৰ মৃত্যু, স্বাস্থ্যজনিত পৰিস্থিতি (নিজৰ বা পৰিয়ালৰ সদস্যৰ) আদি।

খ) ছাত্ৰ-ছাত্ৰীৰ বেলিকা: সমাগত পৰীক্ষা, উদ্বিগ্নতা আনিব পৰা ভাবুকি আদি। এনে ভাবুকিবোৰ যিমানে ক্ষণস্থায়ী হয় সিমানে উপশম খৰতকীয়া হয়।

মানসিক উদ্বিগ্নতাৰ ছবিখন

সুপ্ত অৱস্থাত

যেতিয়ালৈকে চিকিৎসাৰ বাবে নহাকৈ চলি থাকিব পাৰি) তলত দিয়া ব্যক্তিত্ব সম্বন্ধিত বিশেষতাবোৰৰ আঁৰত চাপ বা উদ্বিগ্নতা লুকাই থাকে। এনে চাম ব্যক্তি ভৱিষ্যতে পৰিস্থিতিৰ সন্মুখত উদ্বিগ্নতাৰ বলি হ’বগৈ পাৰে।

  • অতি গম্ভীৰ, অত্যাধিক ‘ছিৰিয়াছ’ স্বভাৱৰ, অতিমাত্ৰা অনুসন্ধিৎসু, অতিশয় প্ৰতিক্ৰিয়াশীল, তীক্ষ্ণ বুদ্ধিমান, বুদ্ধিজীৱি যি বুদ্ধিৰ কচৰৎ কৰি জীৱিকা আৰ্জে (শিক্ষক,, বিজ্ঞানী, উকিল, দাৰ্শনিক, ডাক্টৰ, পুলিচ, অপৰাধ তদন্তকাৰী, সাংবাদিক আদি)
  • অতিশয় নিখঁত।
  • চিন্তা বিকাৰগ্ৰস্ত এটা কাম এবাৰ কৰি সন্তুষ্ট নহৈ বাৰম্বাৰ কৰাৰ পিছতহে নিশ্চিত অনুভৱ কৰোঁতা।
  • অতিকৈ খৰতকীয়া।
  • অতিমাত্ৰা পৰিপাটি সাজ-পোছাক, কাম-কাজ সকলোতে।
  • অতি সাধাৰণ কথাতে কিংকৰ্তব্যবিমূঢ় অৱস্থাত পৰা।
  • অতি সহজে যাৰ ‘গাত লাগে’ সৰু কথাতে মন ভাগি পৰে, বহুদিনলৈকে সৰু কথাটোকে পাহৰিব নোৱাৰে।
  • অতি সঘনে খং উঠা বা প্ৰতিক্ৰিয়াশীল ব্যক্তিত্ব।
  • অত্যন্ত শাৰীৰিক স্পৰ্শকাতৰ (সামায় স্পৰ্শতে গাত অত্যাধিক সুৰ-সুৰণি উঠে)
  • সৰু সৰু কথাতে অতিমাত্ৰা চিন্তিত হোৱা।
  • সহজে এক সিদ্ধান্তত উপনীত হ’ব নোৱাৰা।
  • যি অসফলতা বা পৰাজয় সহজে ল’ব নোৱাৰে- নিজৰ মতে কথা এটা নহ’লে নিজৰ অস্তিত্বই যেন নোহোৱা হৈ পৰিল-এনেদৰে লয়-স্পৰ্শকাতৰ)
  • মানসিকভাৱে ভাগি পৰিলে বা ভাৰাক্ৰান্ত হৈ পৰিলেই টোপনি নহা হোৱা।
  • যিবোৰ ল’ৰা-ছোৱালী মাদক দ্ৰব্য বা নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হয়, তেওঁলোকৰ এক বুজন বয়সত এই পথ লোৱাসকলৰ সৰহ সংখ্যকৰে ভিতৰত উদ্বিগ্নতা এক বিশেষ কাৰণ। উদ্বিগ্ন মনত যি আতংকৰ সন্ত্ৰাস হয় তাৰ পৰা সকাহ পাবলৈকে টোপনি টোপনি ভাব আনিব পৰা দ্ৰব্যৰ প্ৰতি আসক্ত হয়।
  • উদ্বিগ্ন মনৰ লোকে পঢ়া-শুনা বা তেনে ধৰণে মানসিকভাৱে ব্যস্ত হ’ব লগা কৰ্ম কৰিলে অলপতে আমনি অনুভৱ কৰে, কিন্তু হাতে-কামে কৰিব লগা বহু কামেও আমনি নিদিয়ে। পঢ়াৰ টেবুলত কিতাপ পত্ৰৰ সৈতে বেছিদেৰি লাগি থাকিব নোৱাৰে। ১৫/২০ মিনিটতে ল’ৰাই বাহিৰলৈ উঠি এপাক মাৰিবগৈ। পঢ়াৰ সময়ত অনেকবাৰ প্ৰস্ৰাৱ কৰিব লাগিছে বুলিয়েই উঠি যাব।
  • পঢ়ুৱাই থকাজনৰ কথালৈ মনোযোগ দিয়াৰ পৰিৱৰ্তে মন ক’ৰবাত, চকু কৰ’বাত।
  • মেধা বা নিহিত ব্যুৎপত্তিৰ পূৰ্ণ প্ৰকাশ কৰিব নোৱাৰে। চেষ্টা কৰাৰ ফলতহে কিছু উন্নত ফল দেখুৱাব পাৰে। স্মৃতি দুৰ্বল বা সাধাৰণ পৰ্য্যায়ৰ হয়- বুজি পোৱাৰ শক্তি প্ৰখৰ হ’বও পাৰে-ই এক অতি ডাঙৰ সমস্যা। পৰীক্ষাৰ প্ৰতি ভয়-আনকি আগমূহুৰ্তত পৰীক্ষাত নবহাৰ সিদ্ধান্তও গ্ৰহণ কৰে। কিছু ভাল ফল দেখুৱাবৰ বাবে তেওঁলোকৰ বহুত মেহনত কৰিব লগা হয়।

ৰোগীৰ ভাষাত

  • মনটো ভাল নালাগে।
  • সমস্ত শৰীৰতে জলা-পোৰা-ভম্‌ভমনি, মাংসপেশীত কামোৰণি।
  • একে স্থানতে অধিক সময় শান্ত হৈ বহি থাকিব নোৱাৰি অনবৰতে লক্ষ্যবিহীনভাৱে ইফালৰ পৰা সিফালে টহলি থাকে।
  • ডিঙিৰ ভিতৰখন শুকাই যোৱা, কিবা এটা যেন লাগিহে আছে এনে ভাৱ। পানী খাম পানী খাব ভাব এটা লাগি থাকে; কিন্তু পানী খায়ো সেই ভাবটো শান্ত কৰিব নোৱাৰি। অনবৰতে পিয়াহ লাগিয়েই থাকে।
  • ওপৰ পেটত এটা কিবা সোমাই থকা (পেট ভৰি থাকে) ভাবৰ অস্বস্তি (ভোক লগা অৱস্থাতো) সেয়ে অলপ খালেই পেট ভৰি যায় আৰু পেটলৈ সোমাব নোখোজা অনুভৱ। বাকী খাদ্য জোৰকৈ গিলিব লগা হয়। ভোক লাগিলেও খাব নোৱাৰা অৱস্থা। সেয়ে ক্ৰমাৎ খীনাই যায়।
  • শব্দৰ প্ৰতি অতিশয় স্পৰ্শকাতৰ। ডাঙৰকৈ শব্দ হ’লে (দুৱাৰখনতো শব্দতো) চক খাই উঠে। অতি বিকট শব্দ যেন অনুভৱ হয়। বুকু ধপধপাই যায়। কাৰোবাৰ ডাঙৰকৈ কোৱা কথা, চিঞৰ-বাখৰ, গাড়ীৰ হৰ্ণ বজোৱাৰ শব্দ- এই সকলোবোৰ অতি অসহ্যকৰ অনুভৱ হয়।
  • বন্ধ পৰিৱেশ (দুৱাৰ বন্ধ- যেনে: বাথৰুম আদিত), ভিৰ, হেঁচা-ঠেলা পৰিৱেশ, ধোঁৱা-ধূলি, কোবাল বতাহৰ পৰিৱেশ, সংকীৰ্ণ পৰিৱেশ (এটা অতি সৰু ফুটাইদি বেৰৰ সিপাৰে কি আছে তাল চাবলৈ চেষ্টা কৰিলেও) আদিত মন উদ্বিগ্নতাৰে ভৰি পৰে, ভয় ভয় লাগে, উশাহ নোপোৱা যেন অনুভৱ হয়। ৪০/৪৫ মিনিটকৈ গা ধোৱা ব্যক্তিয়েও ৫/১০ মিনিটকৈ গা ধোৱা ব্যক্তিয়েও ৫/১০ মিনিটতে বাথৰূমতে বাহিৰ ওলাই আহে খৰখেদাকৈ। কাৰণ বন্ধ বাথৰূমৰ ভিতৰত আতংকৰ ভাব।
  • গাত সামান্যভাৱে লিপিতখাই থকা পোছাক-পৰিচ্ছেদ, কঁকালৰ টান বান্ধ (পুৰুষ-তিৰোতা উভয়ৰে), ডিঙিৰ টাইডাল, আনকি চাৰ্টৰ ডিঙিৰ ওচৰৰ বুটাম বন্ধ কৰি ল’লেও অস্বস্তিয়ে বাৰম্বাৰ মন অশান্ত কৰে। মূৰৰ ওপৰৰ টুপি, ওৰণি বা চাদৰখন অসহ্যকৰ (ঠাণ্ডাৰ ৰাতি গাত লোৱা শ্বলখনো)। চকু বন্ধ কৰিবলৈ ভাল নালাগে-আনকি পুৱা মুখ হাত ধোঁওতে বা গা ধোওঁতেও চকু বন্ধ কৰিবলৈ গ’লেই ভয় বা আতংকৰ ভাব জাগি উঠে। সেয়ে গা ধোওঁতে পানী মূৰত নাঢালি বাহুৰ ওপৰত ঢালে।
  • সাধাৰণ অসুবিধা-উপসৰ্গবোৰৰ অলপ অতিমাত্ৰাত অনুভৱ হয়।
  • ৰাতিটোৰ প্ৰতি এক ভয়-সন্ধিয়া অহাৰ পৰাই ভাল নলগা ভাব, মনৰ মাজৰ উচপিচনি, ভয় ভয়, অনাহক অহা-যোৱা বা পদচালনা। পুৱাৰ সময়ছোৱা কিছু সতেজ যেন অনুভৱ হয়।
  • স্মৃতি: আগৰ প্ৰখৰ বুদ্ধি-বৃত্তি, স্মৃতিসম্পন্ন ব্যক্তিৰো এই অৱস্থাৰ মাজত পৰিলে এটাই আপত্তি-‘মোৰ পাহৰণি বাঢ়িছে’। অতিমাত্ৰা কিতাপৰ পোকজনেও কিতাপ বেছি দেৰি পঢ়িব নোৱাৰা হয়। বাতৰি কাকতৰ বাতৰি পঢ়িব নোৱাৰা হয়। কটাৰিখন নিজে থৈ ঘূৰি মুটিয়াই ফুৰে ক’ত থ’লো বুলি। খোৱা দৰবপালি খাই আকৌ ভাব হয় খালোনে নাই। অত্যাধিক জৰুৰী কথাবোৰো মনত নাথাকে। আনহাতে, পোন্ধৰ বছৰৰ আগৰ কথায়ো ভুমুকি মাৰি আমনি দিয়েহি। কিন্তু পুৰণি স্মৃতিয়ে নষ্টালজিক ভাববিলাসৰ পৰিৱৰ্তে আৰু আতংকিত কৰিহে তোলে। পুৰণি দিনৰ ডুখৰীয়া স্মৃতি নিৰুদ্বেগ-শান্ত চিত্তজনৰ বাবে এক নষ্টালজিয়া। কিন্তু উদ্বিগ্ন মনক অতীতৰ প্ৰায়বোৰ কথাই (ভাল হওক, বেয়া হওক) অশান্তহে কৰি তোলে।
  • খিংখিঙিয়া ভাৱ। সাধাৰণ কথাতে ভমককৈ জাঙুৰ খাই উঠে। অতি খঙত মুখৰ মাত নোহোৱা হয়, খোনাবলৈ ধৰে, কপিবলৈ ধৰে।
  • এনে অশান্ত ব্যক্তিয়ে চাকৰি-বাকৰি আৰু সংস্থাপনৰ বেলিকাও একে ঠাইতে টিকি থাকিব নোৱাৰে।
  • মনৰ মাজৰ পৰা খুচি বা আনন্দৰ ভাব একেবাৰে নোহোৱা হয়। সকলো কৰ্ম কৰিও অমৃত খায়ো উপভোগ কৰিব নোৱাৰে। বহিও ভাল নালাগে, ভাবিও ভাল নালাগে, খায়ো কথা পাতিয়ো-টিভি চায়ো গান শুনিও-একোতেই ভাল নলগা অৱস্থাত মনটো ভিতৰি ভিতৰি ছটফটাই থাকে।
  • ঘৰৰ ভিতৰলৈকে বাৰাণ্ডাত বা বাহিৰত ঘূৰি-ফুৰি অলপ ভাল লাগে। ক’ৰবাত ফুৰিবলৈ ওলাই গ’লে মনটো মুকলি যেন লাগে। পুনৰ ঘৰত সোমোৱাৰ লগে লগে একে আতংকজনিত অৱস্থা।
  • দিনৰ পিছত দিন টোপনি নাই। বিছনাত পৰি ৰাতি দুই-তিনি-চাৰি ঘন্টামান বাগৰ সলাই পাৰ কৰি শেষ নিশা চিলমিলকৈ টোপনি ধৰে। খিৰিক কৰিলেই সাৰ পাই উঠে। অতি পাতল টোপনি। এবাৰ সাৰ পালে আৰু পুনৰ টোপনি অহা অসম্ভৱ যেন হৈ পৰে। অতি পুৱাতেই টোপনি ভাগে আৰু লগে লগে বিছনা ত্যাগ কৰে। দিনৰ ভাগত বহিলেই টোপনি টোপনি যেন লাগি থাকে; কিন্তু বিছনালৈ গ’লে টোপনি নধৰে। দিনত চকু মুদিবলৈকে ভয় লাগে।
  • বহুতৰে মূৰৰ ওপৰত এটা বোজাৰ ভাব। অনবৰতে মূৰ কামোৰণিৰ অনুভৱ।
  • এনে লোকে মাজৰাতি টোপনিৰ পৰা সাৰ পাই উঠি প্ৰায়ে আতংকিত ভাবত পৰিয়ালৰ সকলোকে জগাই এক দৃশ্যপটৰ সৃষ্টি কৰে। ভয়-আতংকত ছাটি-ফুটি, সৰ্বশৰীৰত জ্বলন-পোৰণ, মোৰ কিবা এটা হ’ব নেকি এই ভাব লাগি থাকে। টিভিৰ উত্তেজক দৃশ্য, মৰা-কটাৰ দৃশ্য চাব নোৱাৰা হয়। এইবোৰে মনটো অত্যাধিক অশান্ত কৰি তোলে।
  • কিবা পুৰণি অসুখত ভুগি থাকিলেও লক্ষণবোৰ অতিমাত্ৰাত্ৰ প্ৰকট হয়।
  • বহু সময়ত পুৰণি কথাবোৰ মনলৈ আনি সেইবোৰকে বলকি থাকে।
  • সিদ্ধান্তবোৰ বাৰম্বাৰ সলনি কৰে।
  • উদ্বিগ্নতাৰ ফলত উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হৃদৰোগ আদি আনুষংগিক উপসৰ্গবিলাকো নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে।
  • উদ্বিগ্নতাই ক্ৰমাৎ নিৰ্ণয় শক্তি, বিচাৰ-বিবেক এনেদৰে বিনষ্ট কৰে যে কিংকৰ্তব্য বিমূঢ় হৈ বহুজনে নিজকে শেষ কৰি পেলোৱাৰ চৰম অৱস্থাত উপনীত হয়।

মানসিক চাপ আৰু উদ্বিগ্নতাৰ নিৰাময়

দুশ্চিন্তা, চাপ বা উদ্বিগ্নতাৰ প্ৰতিৰোধ বা প্ৰশমন কৰিবলৈ যাওঁতে অনেক দিশ সামৰিব লগা হয়।

চাপ বা উদ্বিগ্নতাৰ উৎপত্তিৰ দিশটোলৈ লক্ষ্য কৰিলে ভীতিবিহ্বল, উদ্বিগ্ন-অশান্ত হৈ পৰা মন এটাৰ ভয় বা শংকাৰ উৎকৃষ্ট প্ৰশমন হ’ল: স্বেচ্ছাই প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হোৱা পলাই যোৱা বা আতঁৰি থকা অনুচিত। সন্মুখীন হোৱাৰ বিধি চমুকৈ 4C:

১) পৰিস্থিতিক প্ৰত্যাহ্বানৰূপে গ্ৰহণ কৰা

সন্মুখীন হোৱা, যুঁজা আৰু শেষ কৰা। অথবা পৰিস্থিতিক স্বাগত কৰা, তেনেই সন্মুখত ৰৈ মুখামুখি হোৱা আৰু শেষ কৰা। উদ্ভৱ হওঁতেই পৰিস্থিতিক নিপাত কৰা উচিত। টিকিবলৈ দিলে মনত তাৰ প্ৰক্ৰিয়াবোৰ বহু সময়লৈকে চলি মনত তাৰ প্ৰক্ৰিয়াবোৰ বহু সময়লৈকে চলি মনৰ মাজত চাপ স্থায়ী হৈ পৰে। নতুন ঠাই, নতুন ব্যক্তি, নতুন কৰ্ম-এইবোত আচহুৱা আৰু সন্মুখীন হ’বলৈ ভয় কৰাজনেও এনে অভিজ্ঞতাবোৰ ল’বলৈ আগবাঢ়ি অহা উচিত। প্ৰথম উপস্থিতিতেই অতিথিক স্বাগত কৰক। দেৰি কৰিলে পিছত মুখামুখি হোৱাটোও এটা পৰিস্থিতিয়েই হয়গৈ।

২) নিয়ন্ত্ৰণ

চৌবিশ ঘন্টাত ৩০.০০০-৫০.০০০পৰ্য্যন্ত অলাগতিয়াল ভাব বা সংকল্পই মনত ভুমুকিয়ায়-যিবোৰ ভাবৰ সন্মুখীন হোৱাৰ সামৰ্থ্য আমাৰ থাকে সেইবোৰৰ প্ৰতি মনোযোগ দি বাকীবোৰ এৰাই চলা উচিত।

৩) মোকবিলা কৰা

বিভিন্ন পৰিৱেশ-পৰিস্থিতিৰে মোকাবিলা কৰাৰ শক্তি/সামৰ্থ্য নিজৰ মাজত বিকাশ ঘটোৱা উচিত। তাৰ বাবে নতুন বিষয়, নতুন কলা, নতুন হবি আদিৰ ধাৰণা প্ৰয়োজন অনুসৰি কৰা উচিত।

৪) যোগাযোগ/অৱগতকৰণ

চাপ অতিমাত্ৰাত হ’লে নিৰ্ভৰযোগ্য এজনক মনৰ অৱস্থাৰ বিষয়ে ক’ব পাৰি। অলপ কান্দি হ’লেও ভিতৰৰ চাপ কমাই ল’ব পাৰি। কিন্তু সেইটো গত হ’বলৈ দিব নোৱাৰি।

চাপ উদ্বিগ্নতাৰ প্ৰতিৰোধ বা প্ৰশমনৰ অন্যান্য দিশ

৯০ শতাংশ-১০ শতাংশৰ ৰহস্য: জীৱনটোৰ ১০ শতাংশ ঘটনা/পৰিস্থিতি প্ৰকৃততেই ঘটে, যাক বাধা দিব নোৱাৰি; কিন্তু ৯০ শতাংশ নিৰ্ভৰ কৰে আমি পৰিৱেশ-পৰিস্থিতিৰ সন্মুখত কিদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰোঁ তাৰ ওপৰত। কৰ্ম বা আচৰণ কৰাৰ আগতেই চিন্তা বা বিচাৰ কৰি চোৱাত গুৰুত্ব দিয়া উচিত। ভুল আচৰণ কৰি উঠি প্ৰতিক্ৰিয়াশীল হোৱাটো অবিবেচক কৰ্ম। কৰাৰ আগতে ভবাই শ্ৰেয়।

আনৰ স্বীকৃতি আশা

এনে বিচাৰতকৈ নিজে নিজে বিচাৰ সিদ্ধান্তক সৰলচিত্তে স্বীকাৰ কৰাই অধিক বাস্তৱসন্মত। আনৰ স্বীকৃতি-প্ৰশংসাৰ প্ৰতি হাবিয়াস কৰাজন উদ্যমহীনতা, হীনমন্যতাৰ বলি হ’ব লগা হয়। তেওঁৰ পুৰুষাৰ্থ বিঘ্নিত হয়।

ইতিবাচক দৃষ্টিকোণ

  • ইতিবাচক চিন্তন হ’ল: আশাবাদী দৃষ্টিকোণ। জীৱনৰ খালি দিশটোলৈ দৃষ্টি দিয়াৰ পৰিৱৰ্তে জীৱনটো কিমান ভৰপূৰ তাৰ প্ৰতিমাহে মনোযোগ দিয়া উচিত। বটল এটা ৭০ শতাংশ খালি বুলি ন’লৈ ৩০ শতাংশ ভৰপূৰ বুলি ল’ব পাৰি।
  • আশা কৰা ধৰণেই বহুতো কথা বা কাম নহয়গৈ। কেতিয়াবা অঘটন যেন লগাবোৰো জীৱনত ঘটে। এনে পৰিস্থিতিৰ অন্তৰালতো কিবা কল্যাণ লুকাই থাকিব নিশ্চয়; এনেধৰণে সৃষ্টিৰ ড্ৰামাৰ কল্যাণকাৰী ৰূপটোৰ প্ৰতি নিশ্চয় ৰাখিব পাৰিলে দেৰিকৈ হ’লেও এদিন তেনে উপলব্ধিৰ সৌভাগ্যও আহে।
  • গ্লানি বা কটি সমালোচনাৰ সন্মুখীন হ’ব লগা হ’লেও ইতিবাচক স্থিতিৰে নিজকে check and change কৰাত মনোযোগ দিলে তাৰ পৰা লাভ নিজৰেই। ‘মোৰ ভুল-ভ্ৰান্তিবোৰ আঙুলিয়াই দি তেওঁ মোক সহায়হে কৰিছেহি’- এই বিচাৰৰ বশ হৈ নিজকে শুধৰাই সম্পন্নতা আহৰণৰ বাবে সচেষ্ট হোৱা উচিত।

প্ৰতিক্ৰিয়া

মনৰ প্ৰতিক্ৰিয়াৰ দিশ সলাই লোৱাটোৱেই মংগল। ভিতৰি ভিতৰি শান্ত-সমাহিত শীতল স্থিতিত থাকিব পাৰিলেই ভাল। সম্বন্ধ সম্পৰ্কৰ জৰিয়তে হোৱা ঘটনা বা পৰিস্থিতি সহজে ল’ব লাগে। তাৰ বাবে এনে ধৰণৰ বিচাৰ ৰখা প্ৰয়োজন। ‘মোৰ কোনোবা জনমৰ হিচাপ-নিকাচ পূৰা হৈছে সেই ব্যক্তিৰ সৈতে।’

সন্তুলন

কোৱা হয় আমাৰ বাওঁ মস্তিস্কই বিবেকশীল বিচাৰ নিয়ন্ত্ৰণ কৰে (পুৰুষৰ ক্ষেত্ৰত সক্ৰিয়)। সোঁ মস্তিস্ক আৱেগ প্ৰৱণ বিচাৰধাৰাৰ সৈতে জড়িত। তিৰোতাৰ বেলিকা সক্ৰিয়। দুয়োটাৰ সমন্বয়তহে সৃজনশীল বুদ্ধিমত্তাৰ বিকাশ সম্ভৱ। সময়ে সময়ে দুই হাতেৰে চাপৰি বজোৱা, দুই হাতেৰে ভাৰতীয় পৰম্পৰাত কৰযোৰে প্ৰণামৰ ভংগী কৰা- এইবোৰ হ’ল মস্তিস্কৰ দুই ফাল যোৰাই সন্তুলন স্থাপন  কৰাৰ একোটা কচৰৎ মাথোন।

অনাসক্তি

মাজে মাজে ‘মই আত্মা এক চৈতন্যশক্তি, এই বাহ্যিক দেহাটোৰ পৰা সম্পূৰ্ণ পৃথক এক অবিনাশী সত্তা’- এই স্থিতিৰ চিন্তনত বহাৰ অভ্যাস কৰা উচিত। আত্মা মূলতে শান্তস্বৰূপ। তাত ভাব বিচাৰৰ খলকনি নাথাকে। দেহৰ ভাব, দেহৰ বিচাৰৰ পৰা আতৰাই আনি মনটোক কেৱল ‘মই আত্মা’ এই ভাবত স্থিত কৰিব পাৰিলে আত্মাৰ সংকল্প শূণ্য শান্ত স্বৰূপটোৰ উপলব্ধি হয়। লগতে আত্মাৰ আভ্যন্তৰীণ জীৱণী শক্তিৰ অপচয় ৰোধ হয়।

স্বাচ্ছন্দ্য আৰু আনন্দ উপভোগ

নিন্দা, স্তুতি, জয়-পৰাজয় এই সকলো পৰিস্থিতিতে মনৰ আৰাম বা পাতল পাতল মুকলি (হাল্কা বা বোজাহীন) অনুভৱ অটুট ৰাখিবলৈ হ’লে প্ৰতিটো ঘটনা বা পৰিস্থিতি বা সংযোগ সাক্ষী দ্ৰষ্টাৰ স্থিতিত ৰৈ প্ৰত্যক্ষ কৰিব লাগে। নাটকৰ দৃশ্য চোৱাৰ দৰেই নিজৰ জীৱনৰ ঘটনাৱলীৰো কোনো ধৰণৰ প্ৰতিক্ৰিয়াশীল নোহোৱাকৈ আনন্দ উপভোগ কৰিবলৈ দৰ্শক হ’ব পাৰিব লাগে।

আত্ম স্বীকৃতি

নিজ নিজ জীৱন নাটকৰ প্ৰতিটো দিনৰ সফল সমাপ্তিৰ অন্তত নিজকে নিজে ধন্যবাদ দিব লাগে (আন কাৰো স্বীকৃতি বা ধন্যবাদসূচক উদ্‌গনিৰ আশা নাৰাখি)। আত্মবিশ্বাস আৰু মনোবল বৃদ্ধিৰ বাবে ই এক ফলপ্ৰসূ বিচাৰ।

সংগীত

পাতল ভাব সম্বলিত সুৰ বা ভাৰতীয় শাস্ত্ৰীয় সংগীত মনক শান্ত কৰিব পৰা এক সহজ সাধন। কিন্তু পছিমীয়া ‘ডিস্ক’ বা ‘পপ’ সংগীতে মন উত্ৰাৱল কৰে।

হাস্য ব্যংগ ৰস

সৰু ডাঙৰ ঘটনাবোৰক লৈ অতিশয় গম্ভীৰ নহৈ সহজভাৱে ব্যংগ্যাত্মক দৃষ্টিকোণ গ্ৰহণ কৰিব পাৰিলে বা তাকে লৈ শব্দ কৰি হাঁহিব বা ৰগৰ কৰিব পাৰিলেও ভিতৰত থূপ খোৱা ভাৰাক্ৰান্ত মনৰ চাপ আঁতৰাব পাৰি।

শাৰিৰীক অনুশীলন

খোজকঢ়া, কচৰৎ বা মনক আনন্দিত কৰিব পৰা কোনো লাভদায়ক কৰ্ম, যেনে-বহু দিনৰ পৰা চাফা কৰিম কৰিম বুলি এৰি থোৱা কাপব’ৰ্ডটো চাফা কৰা, ৰূমটো নতুন ৰূপত সজাই লোৱা আদি কৰিলে মনলৈ নতুন উদ্যম আহে, চাপো লাঘৱ হয়।

হঠাতে অতিমাত্ৰা চাপৰ সন্মুখীন হ’লে

৩০ মিনিটৰ বাবে এঘুমটি শুব পাৰিলে, কিছু সময়ৰ বাবে গভীৰ উশাহ-নিশাহ লৈ পাৰ কৰিব পাৰিলে চাপ লাঘৱ হয়।

এটা আনন্দদায়ক হ’বি

  • হাতে কামে কৰিব পৰা হ’বি বেছি আমোদজনক আৰু চাপ কমোৱাত বেছি ফলদায়ক।য’ত মন বা বুদ্ধিৰ খাটনি হয় বা মনোযোগ দিয়া প্ৰয়োজন তেনে কাৰ্য্য হ’বি হিচাবে সিমান উপযোগী নহয়।

খঙৰ বশত তাৎক্ষণিকভাৱে একো আচৰণ নকৰাই মংগল:

ভাব এটা কৰ্মলৈ ৰূপান্তৰ হয় দুটা পথেৰে-

  • বিচাৰ-বুদ্ধিৰ ৰায়: সংকল্প মনত উদয় হয়। বুদ্ধিৰে তাক বিচাৰ কৰি ৰায় দিয়ে। এনে কৰ্ম যথাযথ হয়।
  • আৱেগিক: বুদ্ধিক আওকাণ কৰি যেনে আছে তেনেদৰেই সংকল্পক কৰ্ম ৰূপ দিয়া হয়- এনে কৰ্মৰ শেষ ফল হিতকাৰী নহয়গৈ। খঙৰ বশত কৰা তাৎক্ষণিক কৰ্ম আচৰণ এই পৰ্য্যায়ৰ। সেয়ে খঙৰ ভমকত কৰ্মলৈ নগৈ অলপ সময় পাৰ কৰিব লাগে। লগে লগে দীঘল দীঘলকৈ উশাহ-নিশাহৰ অলপ সময় অনুশীলন কৰিলে খং প্ৰশমিত হয় আৰু বুদ্ধিৰ বিশ্লেষণ আৰম্ভ হয়। ফলত যুক্তিযুক্ত আচৰণ সম্ভৱ হৈ উঠে। অসুবিধাজনক পৰিস্থিতিও এৰাই চলিব পাৰি।

উঠি অহা চামক আৱেগৰ বশত কৰ্ম আচৰণ কৰাৰ বা বচন বোলাৰ প্ৰৱণতাই ক্ৰমাৎ গ্ৰাস কৰিছে। ফলত সামাজিক উশৃংখলতা, দ্বন্দ-খৰিয়াল, অশান্তিৰ মাত্ৰা চৰিছে।

‘আৰাম’ খণ্ডৰ বিস্তাৰ

দেহা আৰু মন দুয়োটাৰ বাবে সহজ আৰামদায়ক অনুভৱৰ স্থিতি এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত সীমিত থাকে। নিয়মীয়া পৰিৱেশৰ মাজত থাকোতে দেহ-মনৰ আৰাম আৰু সহজ অনুভৱৰ যি সীমা নিৰ্দিষ্ট হৈ থাকে-অনিয়মিত পৰিস্থিতিৰ সন্মুখত এই সীমাৰ পৰিসৰ যদি বঢ়াব নোৱাৰি, তেতিয়াহ’লে মন আৰু দেহ দুয়োটাই আৰাম হেৰুৱায়। শাৰিৰীক অসুবিধা প্ৰকট হয়, (বুকু ধপধপায়, কাণ-মূৰ গৰম উঠে, ভয়ৰ ভাব, ডিঙি শুকাই অতিমাত্ৰা পিয়াহ লগা, মূৰ ঘূৰোৱা, হাত-ভৰিৰ কামোৰণি আদি। মন ভাৰাক্ৰান্ত হয়, চাপৰ অধীন হয়। নিয়মীয়া কচৰতৰ ভূমিকা হ’ল, অসুবিধা অনুভৱ নকৰাকৈ বেছি কাম বা চিন্তাৰ বোজা ল’ব পৰা অৱস্থা এটা বিকশিত কৰা।

বৰ্তমানত জীয়াই থাকক

  • মানসিক চাপৰ ৩০ শতাংশ-৪০ শতাংশ ই হ’ল অতীত বা ভৱিষ্যতক লৈ চলোৱা বিচাৰৰ পৰা উদ্ভুত।
  • পুৱা উঠিয়েই মনৰ মাজত যি ‘আলফা’ স্থিতি থাকে (চকু জাপ খাই থকা অৱস্থাত, মন সজাগ কিন্তু শান্ত, সংকল্পশূণ্য) সেই অৱস্থাত শুদ্ধ বিচাৰ চলোৱা উচিত- ‘মই এক শান্ত-শীতল আত্মা- শান্তিধাম নিবাসী- শান্তিৰ সাগৰ পৰমাত্মাৰ সন্তান।’ এই অভ্যাসত অৱচেতন মনৰ ‘সহজে অশান্ত কৰি তোলা সাঁচটো পৰিৱৰ্তিত হয়। “এক শান্ত মনৰ স্বৰূপ” ৰ সাঁচ বহে।
  • বৰ্তমানৰ প্ৰতিটো মুহুৰ্তই উপভোগ কৰিবলৈ চেষ্টা কৰিব লাগে। উদাহৰণ স্বৰূপে, পুৱাৰ প্ৰথম চাহকাপ- খৰখেদাকৈ শোহা মাৰি সমুখৰ বাতৰি কাকতখনত কেতিয়া চকু ফুৰাওঁ!”- এই প্ৰৱণতাই খৰখেদাৰ বিচাৰ মনৰ মাজত জীয়াই ৰাখে। তাৰ পৰিৱৰ্তে চাহকাপ হাতত লৈয়েই তাত দৃষ্টি দি ভাব আৰোপ কৰিব পাৰি- এই চাহকাপত পৰমাত্মাৰ শান্তিৰ প্ৰকম্পন আহি মোৰ দৃষ্টিৰে ওলাই মিহলি হৈ গৈছে- তাৰ শোহাই প্ৰতি শান্তিৰ প্ৰবাহ মোৰ মাজলৈ ব্যাপ্ত  হৈ শান্তিৰ সুন্দৰ অনুভৱেৰে মোক ভৰাই পেলাইছে। এনে বিধিত মন বৰ্তমান প্ৰতিটো কাৰ্য্যৰ সৈতে বান্ধ খাই পৰে। অনৰ্থক দৌৰা-দৌৰি কৰিব খোজা প্ৰৱণতাৰ পৰা মন বুদ্ধিক বিৰত ৰাখিব পাৰি। ফলত মনক এক শান্ত অৱস্থাত বৰ্তমানৰ প্ৰতিটো মুহুৰ্তৰ সৈতে জড়িত ৰখা সম্ভৱ হয়। এয়ে হ’ল মনত বৰ্তমানৰ খুঁটিটোত বান্ধি ৰখা।

আনৰ সৈতে নিজকে তুলনা কৰাৰ প্ৰৱণতা

২০ শতাংশ-২৫ শতাংশ চাপৰ কাৰণ এয়ে। প্ৰতিজন ব্যক্তিয়েই এজন বিশেষ ব্যক্তি। কাকো হুবহু নকল কৰাটো অসম্ভৱ। কোনোবাই কিবা এটা কৰি কম দিনতে বহু উন্নতি কৰি লৈছে; কিন্তু মই মোৰ ব্যৱসায়ত বিশেষ একো কৰিব পৰা নাই। সেয়ে ময়ো তেওঁৰ ব্যৱসায়টোকে কৰিবলৈ লোৱা ভাল হ’ব- এনে বিচাৰ লাভজনক নহয়গৈ।

ঈৰ্ষা নকৰিব:

ইয়াৰ অগ্নিয়েও আপোনাক জ্বলাব। বৰং কাৰোবাৰ গুণ-বৈশিষ্ট্যবোৰ নিজৰ মাজত আহৰণ কৰিবলৈ সচেষ্ট হ’লে সম্পন্নতা বাঢ়িব।

ক্ষমা কৰি পাহৰি যাওক

কোনোবাই শত্ৰুতা কৰি অনিষ্ট কৰি গ’লেও প্ৰতিশোধৰ অগ্নিত জ্বলিলে ক্ষমাৰ এক সংকল্প দোহাৰিব লাগে। তেতিয়াহ’লে বাৰম্বাৰ সেই আত্মাই আপোনাক অশান্ত কৰি নোতোলে। “বদলা নহি, বদলকে দিখানা হায়।” প্ৰতিশোধৰ পৰিৱৰ্তে নিজকে পৰিৱৰ্তন কৰি এক শুভাকাংক্ষীৰ ৰূপত সেই আত্মাৰ সমুখত থিয় দিব পাৰিলে, সেই আত্মাৰ হৃদয় পৰিৱৰ্তন কৰাও সম্ভৱ, আনকি তেওঁ নিজে নিজৰ ভুলৰ প্ৰায়শ্চিত্ত কৰিবলৈ আপোনাৰ সমুখত এদিন নতশিৰ হ’বহি।

কৰ্মক্ষেত্ৰৰ চিন্তাৰ বোজা ঘৰলৈ আৰু ঘৰৰ বোজা কৰ্মক্ষেত্ৰলৈ কঢ়িওৱাৰ ভুল পৰিহাৰ কৰক:

সময় পৰিৱৰ্তনশীল:

এই সত্যতাৰ ওপৰত অটল নিশ্চয় ৰাখি এতিয়াৰ পৰিস্থিতি অদূৰ ভৱিষ্যতে সলনি হৈ যাব- এই ধাৰণাৰে ধৈৰ্য্য ধৰি চলি থাকক। মনক উদ্বিগ্ন কৰা ভাববোৰ কমাবৰ বাবে এয়া নিশ্চয় এক শক্তিশালী আধাৰ।

প্ৰত্যেকৰে প্ৰতি শুভকামনা

এওঁৰো কল্যাণ হওক। ভগৱানক চিনি পাই তেওঁৰ সন্তান হৈ পৰাৰ সৌভাগ্য জাগৃত হওক। নিৰাকাৰ ভগৱানৰ দ্বাৰা গুপ্ত ৰীতিত কলিৰ এই শেষ সময়ত পবিত্ৰতাৰ আধাৰত সুখ-শান্তিৰ সৰগীয় নতুন সৃষ্টি সুখ-সমৃদ্ধি ভোগ কৰাৰ বৰদান আৰু ভাগ্য এই আত্মাৰো হওক।

সাক্ষী হওক, প্ৰতিক্ৰিয়াশীল নহ’ব:

কোনো কথাতেই আৱেগিকভাৱে সোমাই নপৰিব। নাটকৰ ঘটনাহে এইবোৰ। আত্মা মাত্ৰেই অজৰ-অমৰ অবিনাশী। কপ্লে-কল্পে আমি এই অভিনয়েই পুনৰাবৃত্তি কৰি আহিছোঁ।

সদায় আনন্দিত হোৱাৰ প্ৰয়াসী হওক:

মই খুচিৰ সাগৰ পৰমাত্মাৰ সন্তান। খুচি মোৰ ঈশ্বৰীয় জন্ম সিদ্ধ অধিকাৰ। খুচি মোৰ সম্পত্তি (খাজানা), মই খুচিত থাকিবই লাগিব- এই শুভ বিচাৰ ‘আলফা’ স্থিতিৰ মনত স্থাপন কৰিবলৈ অনুশীলন কৰা দৰ্কাৰ।

শিথিলতাৰ অনুভৱ:

সজাগ সচেতন অৱস্থাত মন শিথিল কৰি সমস্ত দেহৰ বিভিন্ন মাংসপেশীবোৰ শিথিল কৰাৰ এইটো এটা কচৰৎ। ইয়াৰ জৰিয়তে অতিমাত্ৰা উদ্বিগ্ন অৱস্থাতো মন শান্ত-শিথিল কৰাটো সম্ভৱপৰ।

কৰ্মস্থল-ঘৰৰ অৱসৰ আৰু শয়ন কক্ষৰ পৰিৱেশ:

  • আৱৰ্জনা মুক্ত হোৱা অতি প্ৰয়োজন। আনকি চকুত পৰাত থাকিলে কিতাপ-আলোচনীৰ দ’মবোৰো উদ্বিগ্নতাৰ কাৰণ হৈ পৰে।
  • কাৰ্য্যালয়ৰ টেবুলৰ ড্ৰয়াৰটোৰ ভিতৰখন যদি অলাগতিয়াল লাম-লাকুট কাগজ পত্ৰৰে ভৰি থাকে, সেয়াও সীমিত কৰি শৃংখলা লগাই ৰখা প্ৰয়োজন।
  • চকুত পৰাত ক’তো দৰবৰ দ’ম পৰি থকা অনুচিত।
  • অসম্পূৰ্ণ অৱস্থাত এৰি থোৱা কাম-কাজৰ দ’ম চকুত পৰাতে নথকা ভাল।
  • এক বিশেষ মুহুৰ্তত এটাহে কথাৰ চিন্তন-এটাহে কৰ্মত মনোযোগ। একে সময়তে বহু কথা, বহু কৰ্মৰ মাজত সোমালে মন চাপগ্ৰস্ত হয়। বিচাৰ-বিশ্লেষণ আৰু নিৰ্ণয় বাধাগ্ৰস্ত হয়।
  • দিনটোৰ কৰ্মৰ এক ৰুটিন থকা প্ৰয়োজন তেতিয়া কোনো কৰ্মই অৱহেলিত হৈ নাথাকে। নহ’লে ইয়ো চাপৰ কাৰণ হৈ উঠিব পাৰে। তাৰ মাজতে অৱসৰৰো সময় বন্ধা থাকিব লাগে।
  • অত্যাধিক কৰ্মও অনুচিত- বিশ্ৰামহীন শ্ৰমে মনটো অৱসাদগ্ৰস্ত কৰে। অতিমাত্ৰা উপাৰ্জনৰ আকাংক্ষাও অনুচিত। এই বৃত্তিয়ে অনবৰতে এক মৃধু চাপ জীয়াই ৰাখে।

টোপনি

ৰাতি ৬ ঘন্টাৰ টোপনি অতি গুৰুত্বপূৰ্ণ। ৰাতিৰ টোপনিত পিছদিনাৰ বাবে মগজু শক্তিৰে ভৰপূৰ হয়। শাৰিৰীক দৃষ্টিত টোপনি বিশ্ৰামৰ অৱস্থা হ’লেও মগজুৰ বাবে ‘চাৰ্জিং’ বা শক্তি সঞ্চয়ৰ সময় এয়াই। গভীৰ টোপনিত (মগজু ডেল্টা স্থিতিত থাকোতে) মহাজাগতিক ৰশ্মিয়ে আমাৰ মনক শান্তিৰে পুষ্ট কৰি শক্তিৰে ভৰাই তোলে। টোপনিৰ এটা দুঘন্টীয়া চক্ৰ থাকে। দুঘন্টাৰ ভিতৰত মগজুৱে চাৰিটা স্তৰ (বিট-আলফা-থিটা-ডেল্টা) পাৰ কৰে। পুৱা চাৰি বজাৰ পিছত এই চাৰ্জিং বন্ধ হয়। সেয়ে ৬/৮ ঘন্টাৰ টোপনি পুৱা চাৰি বজাৰ আগতে সম্পূৰ্ণ হোৱা দৰ্কাৰ। পুৱা চাৰি বজাৰ পিছত টোপনিৰ নামত আমি স্বপ্নৰ জগতত শক্তি অপচয় কৰোঁ মাথোন।

টেলিভিছন (দৃশ্যশ্ৰাব্য) উপভোগ:

শোৱাৰ আগতে টিভি চোৱা অনুচিত। কাৰণ দৃশ্যশ্ৰাব্য উপভোগে মগজুৰ সক্ৰিয়তা ছুপাৰ বিটা স্তৰলৈকে উঠাই দিয়ে। সেই স্থিতিৰ পৰা টোপনিৰ আগৰ আলফা ষ্টেজ পওঁতে বহু সময় লয়। ই উদ্বিগ্ন মনৰ উদ্বিগ্নতা বঢ়ায়হে।

অনবৰতে খৰখেদা আৰু চিন্তিত বৃত্তি

এটা স্বভাৱ পৰিহাৰ কৰি চলা প্ৰয়োজন। প্ৰয়োজনত কৰ্মৰ ৰুটিনখনত ব্যস্ততা কমাই লোৱা উচিত। ধীৰে-সুস্থিৰে মুকলি মন এটাৰে কৰ্ম কৰি গ’লেই সফলতাই আদৰিব। “শ্লু এণ্ড ষ্টেডি উইন্‌ছ দা ৰেচ” ব্যস্ততাই অলাগতিয়াল চিন্তা বা ব্যৰ্থ চিন্তাৰ পৰা আমাক সকাহ দিয়ে সঁচা, কিন্তু ব্যস্ততা মানেই মানসিক পৰ্য্যায়ত ভাব বা সংকল্পৰ দৌৰা-দৌৰি। যিমানেই কৰ্মৰ তীব্ৰগতি সিমানেই সংকল্পৰো গতিবেগ। এনে অৱস্থা নিয়মিত চলিবলৈ ল’লে এক মৃধু উত্তেজনা বা চাপে মনত থিতাপি লয়।

ৰাজযোগ ধ্যান

মনক অশান্ত কৰি তোলা বিভিন্ন জাগতিক/দৈহিক সংকল্পৰ তীব্ৰ ধাৰা বন্ধ কৰিবলৈ হ’লে মনক শুদ্ধ সংকল্পৰ দৌৰা-দৌৰি। যিমানেই কৰ্মৰ তীব্ৰগতি সিমানেই সংকল্পৰো গতিবেগ। এনে অৱস্থা নিয়মিত চলিবলৈ ল’লে এক মৃদু উত্তেজনা বা চাপে মনত থিতাপি লয়।

ৰাজযোগ ধ্যান:

মনক অশান্ত কৰি তোলা বিভিন্ন জাগতিক/দৈহিক সংকল্পৰ তীব্ৰ ধাৰা বন্ধ কৰিবলৈ হ’লে মনক শুদ্ধ সংকল্পৰ এক প্ৰবাহত ব্যস্ত ৰখা দৰ্কাৰ। ৰাজযোগত মনক শান্ত কৰাৰ যি বিধি সেয়া হ’ল মনক আত্মা অভিমানী আৰু পৰমাত্মাৰ সমীপ সম্পৰ্কলৈ অনা। ৰাজযোগ ধ্যানৰ অভ্যাসে আৱেগজনিত সংঘাত, মানসিক দ্বন্দ আৰু মানসিক চাপৰ পৰা মনক মুক্ত কৰে। নিৰাকাৰ ভগৱানে নিজৰ প্ৰেম, প্ৰকাশ আৰু শক্তি আলফা আৰু ডেল্টা পৰ্য্যায়ৰ সূক্ষ্ম ‘ফ্ৰিকুৱেন্সি’ৰ তৰংগৰূপে বিকিৰিত কৰে। ৰাজযোগ অনুশীলনত মনত নিজকে আত্মা ভাবি স্থিত হ’লেই মনটো সেই (আলফা আৰু ডেল্টা) পৰ্য্যায়লৈ যায়। এই অৱস্থাত মনৰ পৰা পৰমাত্মাক উদ্দেশ্যি শুদ্ধ ভাব/সংকল্পৰ এক শান্ত প্ৰৱাহ চলিবলৈ দিয়া হয়। ফলত নিৰাকাৰ ভগৱানৰো অনুৰূপ প্ৰকম্পন সেই একেটা সোঁতেদিয়েই আত্মালৈ প্ৰৱাহিত হ’বলৈ ধৰে। ফলত আত্মাই পৰমাত্মাৰ অসীম শক্তি জ্যোতি আৰু স্নেহৰ স্পৰ্শ অনুভৱ কৰে। এই সম্পৰ্কৰ জৰিয়তে পৰমাত্মিক শান্তি, শক্তি, আনন্দ আত্মাই বিশেষ অনুভূতিৰূপে প্ৰাপ্ত কৰে।

পৰমাত্মা জ্যোতিৰ সাত উপাদানৰ সন্তুলন

পৰমাত্মাৰ পৰা নিৰ্গত জ্যোতি শুভ্ৰজ্যোতি- তাৰ মাজতো ৰামধেনু সাত বৰণীয়া ৰঙৰ সমাহাৰ। এই সাত ৰঙৰ উৎস সোমাই আছে। বেঙুনীয়া জ্যোতিৰ মাজেদি আনন্দ, ঘন নীলাৰ জৰিয়তে জ্ঞান, আকাশী নীলাৰ জৰিয়তে শান্তি সেউজীয়াৰ মাজেদি প্ৰেম, হালধীয়াৰে সুখ কমলাৰে পবিত্ৰতা আৰু ৰঙাৰ মাজেৰে শক্তিৰ সঞ্চাৰ হয়। ৰাজযোগত এই সাতবিধ পোহৰেৰে আত্মালৈ সুষম প্ৰবাহ ঘটিলে আত্মা ব্যৰ্থ ভাব-চিন্তাৰ পৰা মুক্ত হয়, সমৰ্থ শুদ্ধ সংকল্পৰ প্ৰৱাহ নিয়মীয়া হয়। ফলত মনৰ উদ্বিগ্নতা, ভয় আদিৰ অৱসান ঘটে।

শুদ্ধ সংকল্পৰ দ্বাৰা আত্মাৰ সশক্তিকৰণ

“মই এটা শান্ত-শীতল আত্মা- মই আত্মা শান্তস্বৰূপ বা ওম শান্তি”- এই মহামন্ত্ৰক লৈ মনৰ শিথিল অৱস্থাত (মগজুৰ আলফা বা ডেল্টা স্থিতিত) চিন্তন চলালে বা মনতে দোহাৰিলে অৱচেতন মনত আত্মিক শান্ত স্বৰূপৰ সাঁচ বহুৱাব পাৰি আৰু পৰিস্থিতিৰ সন্মুখতো মন অশান্ত হৈ পৰাৰ প্ৰৱণতা নোহোৱা হৈ যায়। হাজাৰ বিঘ্ন-বিপত্তিৰ মাজতো আত্মা অনবৰতে শান্ত স্বৰূপত টিকি থাকে।

লিখক: ড° নৰেন্দ্ৰনাথ গোস্বামী।

2.78787878788
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top