মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / মানসিক স্বাস্থ্য সজাগতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মানসিক স্বাস্থ্য সজাগতা :

মানসিক স্বাস্থ্য সজাগতাৰ বিষয়ে লিখা হৈছে ।

 

শাৰীৰিক স্বাস্থ্য ৰক্ষাৰ কাৰণে মানুহে যিদৰে বহুতো যত্ন বা চেষ্টা কৰেফ, যেনে- ব্যায়াম, পৰিষ্কাৰ-পৰিচ্ছন্নতা, দৰব-পাতি ব্যৱহাৰ কৰে, ঠিক সেইদৰে মানসিক স্বাস্থ্যৰ প্ৰতিও যত্ন লোৱা উচিত।

শাৰীৰিক স্বাস্থ্যক্ষেত্ৰত সমাজ বহুত দূৰ আগুৱাই আছে সঁচা, কিন্তু মানসিক, সামাজিক আৰু আধ্যাত্মিক স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব নিদিলে শাৰীৰিক স্বাস্থ্য ৰক্ষাৰ প্ৰত্যাহ্বান হৈয়ে থাকিব।

সেইবুলি শাৰীৰিক স্বাস্থ্যৰ সচেতনতাৰ প্ৰয়োজন নাই বুলি ক’ব নোৱাৰি। শাৰীৰিক স্বাস্থ্য ৰক্ষাৰ গুৰুত্বও সমানেই।

মানসিক স্বাস্থ্য ৰক্ষাৰ কাৰণে এটা পৰিৱেশ-পৰিস্থিতিৰ আৱশ্যক। যিটো পৰিৱেশ ঋষি-মুনিৰ শিক্ষা পদ্ধতিত আছিল।

কিন্তু আজিৰ শিক্ষা পদ্ধতিত সেইটো পৰিলক্ষিত হোৱা নাই যেন লাগে। সেই বিষয়ে সামাজিক চিন্তা-চৰ্চাৰ প্ৰয়োজন আছে।

মানসিক স্বাস্থ্য নিৰ্ভৰ কৰে খাদ্যৰ ওপৰত। খাদ্যগুণে ভাবৰ সৃষ্টি কৰে। সাত্ত্বিক ভাব, ৰাজসিক আহাৰত ৰাজসিক ভাব আৰু তামাসিক আহাৰত তামসিক ভাব সৃষ্টি হয়। খাদ্যৰ উপৰি ঘৰৰ, স্কুলৰ আৰু চুবুৰীয়াৰ পৰিৱেশেও মনত প্ৰভাৱ পেলাব পাৰে।

সাধাৰণতে মনত দুই প্ৰকাৰৰ ভাবৰ সৃষ্টি হয়। এটা প্ৰকাৰ হ’ল-

*হিংসা,

*খং,

*ৰাগ,

*অশান্তি, অৰ্থাৎ যিবোৰ ভাব বেয়া।

আনটো হ’ল ভাল ভাব, যেনে-

*ভালপোৱা,

*প্ৰেম,

*অহিংসা,

*শান্তি ইত্যাদি।

জানি থোৱা ভাল হ’ব মনত কেনেকৈ ভাল ভাব বা বেয়া ভাবৰ সৃষ্টি হয়।

মনত তিনি প্ৰকাৰৰ চিন্তা হ’ব পাৰে।

প্ৰথম হ’ল বেয়া চিন্তা -

*পৰশ্ৰীকাতৰতা,

*হিংসা,

*খেয়াল,

*পৰচৰ্চা আদি।

দ্বিতীয় হ’ল প্ৰয়োজনীয় চিন্তা -

*পঢ়া-শুনা,

*দায়িত্ববোধৰ চিন্তা,

*আত্মাৰ উন্নতিৰ চিন্তা,

*কৰ্মৰ চিন্তা ইত্যাদি।

তৃতীয় প্ৰকাৰৰ চিন্তা হ’ল -

যিবোৰ চিন্তাৰ দ্বাৰা পৰমাত্মাৰ প্ৰতি সচেতন হ’ব পৰা যায়। যি চিন্তাৰ দ্বাৰা নিজৰ আৰু আনৰো মংগল হয়। সেই চিন্তাই উত্তম চিন্তা।

মনৰ স্বাস্থ্যৰ ওপৰত দুটা বস্তুৱে প্ৰভাৱ পেলায়। প্ৰথমটো হ’ল ভুল বিশ্বাসৰ ওপৰত বশৱৰ্তী হৈ মানুহৰ ধাৰণা হয় যে মানুহৰ দেহটোৱে আচল সত্য, অৰ্থাৎ দেহটোক মই বুলি ভাবোঁ।

কিন্তু মানুহে নাজানে দেহটো মই নহয়। মানুহ মৰিলে দেহটো এই পৃথিৱীত থাকিলে এটা বস্তু নোহোৱা হয়। তেনেহ’লে সেই বস্তুটোৱে প্ৰকৃততে মই। গতিকে মানসিকভাৱে সচেতন হ’ব লাগিব যে দেহটো মই নহয়, মোৰ আত্মাটোহে প্ৰকৃত মই।

আত্মাৰ স্বৰূপ হ’ল জ্যোতিৰ বিন্দু। মানুহ মৰিলে দেহটো এই পৃথিৱীত ৰৈ যায়, লগত যায় কেৱল সংস্কাৰ। আনকি স্মৃতিশক্তিও এৰি থৈ যায়।

সংস্কাৰ মানে হ’ল স্বভাৱ, স্বভাৱ মানে নিজৰ ভাব- যি ভাবত এই পৃথিৱীৰ পৰা গুচি যায়। মাক-দেউতাক, ঘৰুৱা পৰিৱেশ, লগৰীয়া, স্কুল-কলেজত সংগৰ লগত, সমাজৰ ভাল পৰিৱেশত কিছু ঊৰ্ধ্বগামী বা নিম্নগামী হ’ব পাৰে।

গতিকে সদায় মনৰ ওপৰত সচেতন হৈ থাকিব লাগে, যাতে আত্মাক ঊৰ্ধ্বগামী কৰিব পাৰি। মনৰ ওপৰত সচেতন হৈ আত্মাক প্ৰৱঞ্চনা কৰিব নালাগে।

সচেতন হ’লেহে মন পৱিত্ৰ হ’ব। আৰু মন পৱিত্ৰ হ’লেহে আত্মা পৱিত্ৰ হ’ব। মনৰ ওপৰত সচেতন নহ’লে আত্মাত ময়লা জন্ম হৈ নিম্নগামী হ’ব।

মনৰ স্বাস্থ্য উন্নত কৰিবৰ কাৰণে কেইটামান নিশ্চয় মানি চলিব পাৰে -

‘বিৰক্তিয়ে আনে বিক্ষন্তি’। মনত কেতিয়াও বিৰক্তি ভাবক প্ৰশ্ৰয় দিব নালাগে। মন বিৰক্ত হ’লে শৰীৰত বহুত টক্সিন তৈয়াৰ হয় আৰু স্বাস্থ্যৰ ক্ষতিসাধন কৰে।

অনবৰত বিৰক্ত হৈ থাকিলে বিৰক্তিবোৰ মগজুত জমা হৈ অশান্তিৰ সৃষ্টি কৰিব পাৰে।

ভাবা, ব’লা আৰু কৰা- এই তিনিটা শব্দই মানুহৰ মনৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত অনেক প্ৰভাৱ পেলায়। যিজনে যি ভাবে তাৰে কয় আৰু তাকেই কৰে- তেওঁ হ’ল অকপট ব্যক্তি।

যিজনে ভাবে এটা, কয় এটা আৰু কৰে এটা, তেওঁ হ’ল কপট ব্যক্তি। গতিকে ভাবা, ব’লা আৰু কোৱাৰ মাজত যদি এটা সুসংহত সমন্বয় নাথাকে, তেনেহ’লে কি হ’ব পাৰে এটা সামান্য উদাহৰণৰ দ্বাৰা বুজিব পাৰি- এখন মটৰগাড়ী যদি এজন চলাব জনা মানুহে চলায় তেনেহ’লে তেওঁ ভিৰৰ মাজতো দুৰ্ঘটনা নোহোৱাকৈ চলাই যাব।

কিন্তু এজন চলাব নোৱাৰা মানুহে যদি গাড়ীখন চলাই যায়, তেতিয়া গাড়ী আৰু চলাওঁতাৰ কি হ’ব পাৰে বুজিব পাৰি। গতিকে চলাবন জনাজনৰ আৰু নজনাজনৰ মাজত কিহৰ পাৰ্থক্য আছে?

চলাব জনাজনৰ এটা বস্তু আছে, সেইটো হ’ল তেওঁৰ চকু, সমন্বয় আছে। সেই কাৰণে ভিৰৰ মাজতো একো নোহোৱাকৈ গাড়ীখন চলাই নিব পাৰে।

কিন্তু চলাব নজনা মানুহজনৰ চকু, কাণ, হাত, ভৰি আৰু মনৰ সমন্বয় নাই। সেইদৰে মানুহৰ জীৱত ভাবা, ব’লা আৰু কৰাৰ সমন্বয় থকা অতি দৰকাৰ।

মন সুস্থ ৰাখিবৰ কাৰণে সদায়-

*শান্তি,

*ভালপোৱা,

*পৱিত্ৰতা,

*মনৰ ইচ্ছাশক্তি,

*সুখ,

*আনন্দ,

*সচেতনতা,

*সততা আৰু

*জ্ঞানৰ অতি আৱশ্যক।

শান্তি পাব বিচাৰিলে সদায় নিজে শান্ত হৈ থাকিব লাগিব। নিজে শান্ত হৈ থাকিব লাগিলে শান্তি ভাবত থাকিব লাগিব। এনে ভাবত থাকিব লাগিলে মনৰ দৃঢ়তা থাকিব লাগিব। আন এটা আৱশ্যকীয় বিষয় হৈছে সকলো অৱস্থাতে ৰাজী থকা। দুখ মানুহৰ তৈয়াৰী বস্তু।

লগা বস্তুটো নাপালে মানুহৰ দুখ আহে। একো নিবিচাৰিবা- দুখে তোমাক একো কৰিব নোৱাৰিব। আনৰ ব্যৱহাৰ, বাক্যত খঙত কেতিয়াও খং বা দুখ কৰিব নালাগে। কাৰণ মই এটা শক্তিশালী আত্মা। মোৰ সুখ, শান্তি, আনৰ বাক্য, খং, ব্যৱহাৰৰ ওপৰত নিৰ্ভৰশীল নহয়। কাৰণ মই পজিটিভ আত্মা। আন নিগেটিভ হ’ব পাৰে, কিন্তু সেইজনৰ প্ৰভাৱ মোৰ ওপৰত পৰিব নোৱাৰে। সেইটোৱে হ’ল আত্মা বিশ্বাস।

লেখক: ডাঃ বসন্ত কুমাৰ চৌধুৰী(নিয়মীয়া বাৰ্তা)

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top