মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / মানসিকভাৱে স্বাস্থ্যৱান মানুহৰ ৫ টা বৈশিষ্ট্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মানসিকভাৱে স্বাস্থ্যৱান মানুহৰ ৫ টা বৈশিষ্ট্য :

মানসিকভাৱে স্বাস্থ্যৱান মানুহৰ ৫ টা বৈশিষ্ট্যৰ বিষয়ে লিখা হৈছে ।

 

১) মানসিকভাৱে স্বাস্থ্যৱান মানুহ এজনে সন্তুষ্টি, পূৰ্ণতাপ্ৰাপ্তি, সুখ, প্ৰশান্তি আৰু উৎফুল্লতা অনুভৱ কৰে । তেওঁ স্ব-নিন্দা নকৰে আৰু তেওঁৰ মনত কোনো অন্তৰ্দ্বন্দ্ব নাথাকে । তেওঁৰ আত্মসন্মানবোধ থাকে । তেওঁ নিজৰ দক্ষতাক অৱমূল্যায়নো নকৰে, অতি মূল্যায়নো নকৰে ।

২) এজন মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিয়ে নিজৰ বাবে চিন্তা কৰিবলৈ আৰু নিজৰ সিদ্ধান্ত ল’বলৈ সক্ষম । তেওঁ নিজৰ দায়িত্বসমূহ এৰাই নচলে আৰু জীৱনৰ দাবীসমূহ পূৰণ কৰিবলৈ তেওঁ সক্ষম।

৩) তেওঁৰ দৃঢ় সংকল্প আৰু অত্মনিয়ন্ত্ৰণ থাকে । তেওঁ সমস্যাৰ মুখামুখি হয় আৰু সেইবোৰ বুদ্ধিমত্তাৰে সমাধান কৰাৰ চেষ্টা কৰে । তেওঁ আতংক, ক্ৰোধ বা আক্ৰোশ, প্ৰণয় বাসনা, ঈৰ্ষ, চাপ আৰু উদ্বেগৰ দ্বাৰা বশীভূত নহয়।

৪) এজন মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিয়ে আন মানুহৰ সৈতে সমন্বয় স্থাপন কৰিবলৈ, আন্তৰিক আৰু দীৰ্ঘস্থায়ী বন্ধুত্ব গঢ়ি তুলিবলৈ সক্ষম আৰু তেওঁ জনবিচ্ছিন্ন যেন অনুভৱ নকৰে । তেওঁ আনৰ সমস্যাবোৰ আৰু আনৰ আৱেগিক প্ৰয়োজনীয়তাবোৰ উপলব্ধি কৰে আৰু আনৰ সৈতে আচৰণৰ সহানুভূতিশীল আৰু বিনয়ী হ’বলৈ চেষ্টা কৰে । তেওঁ আনৰ সৈতে সমালোচনা গ্ৰহণ কৰে আৰু পটকৈ বিৰক্ত বা বিচলিত নহয় আৰু আৱেগক অতিক্ৰম কৰাৰ চেষ্টা কৰে ।

৫) এজন মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিয়ে পৰিবৰ্তিত পৰিস্থিতিত নিজকে কাৰ্যকৰীভাৱে খাপ খুৱাই লয় আৰু কিবা গণ্ডগোল হ’লে মৰ্মাহত হৈ নপৰে । য’ত নেকি কিছুমান মানুহে ৰুঢ় প্ৰতিক্ৰিয়া দেখুৱায়, সামান্যতম ধৈৰ্যও হেৰুৱাই পেলায়, উচ্চস্বৰে কথা ক’বলৈ ধৰে আৰু আশ-পাশৰ সকলোৰে বাবে পৰিবেশটো অস্বস্তিকৰ কৰি তোলে।

লেখক :- পংকজজ্যোতি মহন্ত

উৎস:- দেওবৰীয়া সম্ভাৰ

2.77777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top