অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্মৃতিশক্তিৰ সমস্যা

স্মৃতিশক্তিৰ সমস্যাৰ বিষয়ে আলোচনা কৰা হৈছে

যান্ত্ৰিকতাই কোঙা কৰি যোৱা, বৰ্তমানৰ তীব্ৰ প্ৰতিযোগিতাময় জীৱন-যাত্ৰাত, খাওঁতে-শোওঁতে, উঠোতে-বহোতে, প্ৰতিটো মুহূৰ্ততে মন আৰু মগজুক তীব্ৰ চাপে খেদি ফুৰা যন্ত্ৰণাদায়ক ব্যাধিটোৱেই হৈ উদ্বিগ্নতা। কি ল’ৰা, কি বুঢ়া, সকলোৱে ইয়াৰ সন্মুখত পৰি তাল-ফাল খাইছে, কেৱল এটা সমস্যা- উদ্বিগ্নতা আৰু উদ্বিগ্নতা। এই অস্বাভাৱিক উদ্বিগ্নতাৰ পৰা কিন্তু সমদূৰত্ব বজাই ৰখাটো অতি প্ৰয়োজনীয়।

এনেকুৱা কোনো নিশ্চিত বিজ্ঞানসন্মত সমাধান নাই যে কোনজনে কেনেকৈ, কেতিয়া উদ্বিগ্নতাত ভুগিব পাৰে তাৰ ভৱিষ্যদ্বাণী কৰিব পৰা যায়। কিন্তু উদ্বিগ্নতাৰ এই লক্ষণৰ প্ৰভাৱমুক্ত কৰিবলৈ কিছুমান আগতীয়া ব্যৱস্থা হাতত ল’ব পৰা যায়।

জীৱনশৈলী আৰু ঘৰুৱা সমাধে উদ্বিগ্নতাক বহুখিনি লাঘৱ কৰিব পাৰে:

 

  • আগতীয়াকৈ পৰামৰ্শ লওক।
  • এখন আলোচনী সদায় লগত ৰাখক।
  • নিজৰ সময়ানুৱৰ্তি তাৰ লগত নিয়মানুৱৰ্তি তাৰ কৌশল শিকক।
  • স্বাস্থ্যৰ পক্ষে হানিকাৰক সুৰা বা তেনে মানসিক উত্তেজক নিচাজাতীয় ৰাগিয়াল পণ্যৰ পৰা নিজকে আঁতৰাই ৰাখক।
  • নিজকে শাৰীৰিকভাৱে সক্ৰিয় কৰি ৰাখক।
  • ধূমপান নিষিদ্ধ কৰক আৰু লগতে কফিজাতীয় পণ্যৰ পৰাও সাৱধান হওক। উদ্বিগ্নতাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে নিজস্ব অৱসৰ-বিনোদনৰ আঁচনি তৈয়াৰ কৰি ল’বলৈ শিকক।
  • প্ৰয়োজনীয় বিশ্ৰামক সদায় অগ্ৰাধিকাৰ দিয়ক।
  • সদায় স্বাস্থ্যসন্মত খাদ্যহে গ্ৰহণ কৰাৰ পক্ষপাতী হওক।

উদ্বিগ্নতা মনৰ পৰা আঁতৰাব কেনেকৈ:

 

  • আপোনাৰ সমস্যাৰ বিষয়ে শিকক।
  • আপোনাৰ চিকিৎসাৰ আঁচনিত লক্ষ্য ৰাখক।
  • কিহে আপোনাৰ উদ্বিগ্নতা বৃদ্ধি কৰিছে তাক চালি-জাৰি চাওক।
  • আপোনাৰ সমস্যাৰ লগত পৰিয়ালৰ লোকক জড়িত কৰাওক।
  • সদায় উদ্বিগ্নতাৰ পৰা আঁতৰত ৰখা লোকৰ সংগত যোগ দিয়ক।
  • সদায় ৰাজহুৱা জীৱনৰ লগত নিজকে খোজ মিলাই চলিবলৈ যত্ন কৰক।
  • যদি কেনেবাকৈ উদ্বিগ্নতাত ভুগিছে তেতিয়াহ’লে প্তাক তৎক্ষণাৎ আঁতৰাই পেলাওক।
  • একে চিন্তাতে আঁকোৰগোজভাৱে লাগি নাথাকি ‘যি হৈ গ’ল হৈ গ’ল’ মনোভাব আহৰণ কৰিবলৈ শিকক।

কেতিয়া ডাক্তৰ বা মনোবিজ্ঞানীৰ ওচৰ চাপিব:

আপোনাৰ দুঃচিন্তাবিলাকক বৰ বেছিকৈ কেতিয়াও লাই নিদিব, এইবিলাক হ’ল জীৱনৰ পৰম শত্ৰু। নিজৰ ইচ্ছা মতে আগবাঢ়িবলৈ এৰি দিলে, সিহঁতে যদি কেনেবাকৈ এটা ক্ষুদ্ৰ সুৰুঙাও পায় আৰু তাক যদি সময়ত চকু-কাণ দিয়া নহয়, তেতিয়াহ’লে ই প্ৰকাশ্যেই সৰ্বনাশ মাতি আনিব পাৰে। সেই কাৰণে এই উদ্বিগ্নতাই ভয়াৱহ ৰূপ লোৱাৰ আগতেই অলপীয়াকৈ প্ৰমাণ পাওঁতেই চিকিৎসকৰ ওচৰ চাপি সমস্যা সমাধান কৰি লোৱাটো বাঞ্ছনীয়। তলৰ সমস্যাবোৰ দেখা দিয়াৰ সময়ত চিকিৎসকৰ কাষ চপাত অৱহেলা নকৰিব।

  • দুঃচিন্তাই আপোনাৰ দৈনন্দিন কাম-কাজ, সম্বন্ধ আৰু জীৱনৰ অন্যান্য দিশতো প্ৰভাৱ পেলাই জীৱনটোক একেবাৰে অসহনীয় কৰি তুলিছে।
  • যদি ভয়, দুঃচিন্তা বা উদ্বিগ্নতাই আপোনাৰ মন-প্ৰাণ একেবাৰে অসহনীয় কৰি তুলিছে।
  • সকলো সময়তে যদি আপুনি বিমৰ্ষ অনুভৱ কৰি আছে।
  • আপুনি যদি ভাবিছে যে উদ্বিগ্নতাই আপোনাৰ স্বাস্থ্য সম্বন্ধীয় কোনো সমস্যাৰ স’তে সহাৱস্থান কৰি আছে।
  • কেনেবাকৈ যদি আত্মহত্যা বা নিজকে নিঃশেষ কৰি দিয়াৰ চিন্তা মনলৈ আহিছে বা জীৱনৰ তিক্ততাই আমনি কৰিছেহি, তেতিয়াহ’লে আৰু পলম নকৰিব, অতি সোনকালে ডাক্তৰৰ পৰামৰ্শ লওক।

এলঝেইমাৰত কি কৰিব?

এলঝেইমাৰৰ বিষয়ে আপুনি জানেনে? এনে ৰোগত ভোগা লোকৰ ক্ষেত্ৰত উত্তেজনা সৃষ্টি কৰা কাৰক চিনাক্ত কৰি আগতীয়াকৈ কি কি ব্যৱস্থা ল’ব পাৰি তাৰ পৰিকল্পনা কৰি ল’ব লাগে। এইঝেইমাৰত ভোগাসকলৰ প্ৰথম উদ্বেগটো হ’ল নিজৰ স্বাধীনতা লোপ পোৱাৰ ভয়ত নিজে নিজেই বিচলিত হৈ পৰা। আপোনাৰ মৰমৰ ঘৰুৱা ব্যক্তিজন যদি এইঝেইমাৰত ভুগিছে, তেন্তে তেওঁৰ দৈনন্দিন শুশ্ৰূষা, যেনে- খোৱা-বোৱা, দাড়ি খুৰোৱা, বাথৰূম যোৱা ইত্যাদিৰ কাৰণে বহু সময়ত প্ৰয়োজন হয়। সেই কাৰণে এইক্ষেত্ৰত উত্তম হ’ল পৰাপক্ষত তেওঁ নিজে যিমান দিনলৈ পাৰে সিমান দিনলৈকে কামখিনি কৰিবলৈ উৎসাহ জগোৱা।

সেই ৰোগীসকললৈ কেইটিমান পৰামৰ্শ:

  • এখন দৈনন্দিন ৰুটিন তৈয়াৰ কৰি সেইমতে চলিবলৈ শিকক। উদাহৰণ স্বৰূপে খোৱাৰ পাছত দাঁত চাফা কৰা, ৰাতিপুৱা বা গধূলি সদায় গা ধুই চাফ-চিকুণতা বজাই ৰখা।
  • তেওঁলোকৰ গোপনীয়তাক সন্মান জনোৱা, দৰ্জা বন্ধ কৰি, চকু বন্ধ কৰি ৰখা, গা ধোৱাৰ সময়ত বাথ টাবত বা টাৱেলেৰে ঢাকি লোৱা।
  • নিজে যিমানখিনিলৈ পাৰে সিমানখিনিলৈ কৰিবলৈ উৎসাহ জগাব লাগে।
  • তেওঁৰ কৰ্মদক্ষতাৰ ওপৰত আত্মবিশ্বাস ঘূৰাই অনা আৰু প্ৰতিটো কামৰ বাবে পৰ্যাপ্ত সময় দিয়া।
  • প্ৰতিটো কামতে ‘ভাল কাম কৰিছে’, ‘পাৰিছে আপুনি’ আদি উৎসাহ-উদ্দীপনাৰে সমৰ্থন জনাব লাগে।
  • ভাল খাদ্য এলঝেইমাৰত ভোগা ৰোগীৰ বাবে অতি প্ৰয়োজনীয়। যদি গোটা আহাৰ খাব নোৱাৰে তেনেহ’লে পুষ্টিকৰ খাদ্য পৰ্যাপ্ত পানীয়, যেনে- পানী বা ফলৰ ৰস খাব লাগে।

শ্বাস-প্ৰশ্বাসৰ সমস্যা:

  • বয়স গৈ অহাৰ লগে লগে, আনকি স্বাভাৱিকভাৱে আমাৰ হাঁওফাঁও অলপ দুৰ্বল হ’বলৈ আৰম্ভ কৰে। আৰু যদি কেনেবাকৈ ব্ৰংকাইটিছ ৰোগত ভুগিছে আৰু হকা-বাধা নামানি চিগাৰেট খায়ে আছে, তেনে লোকে দূষিত বায়ু সেৱন কৰি থাকিলে এনে অসুবিধাবোৰ বেছিকৈ হোৱা দেখা যায়। হাঁওফাঁওৰ ৰোগ, যেনে- এজমা আদিত ভুগি থকা লোক সাধাৰণতে বেছিকৈ শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ ৰোগপ্ৰৱণ হৈ থাকে আৰু অতি সহজে বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈ অতিৰঞ্জিত হোৱাৰ আশংকা থাকে। সেই কাৰণে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তলৰ কথাকেইষাৰ মানি চলাটো বাঞ্ছনীয়।
  • হাত ভালদৰে সঘনাই ধুব লাগে।
  • বিছনাৰ আচবাব, কাপোৰ, গাৰু আদি গৰম পানীৰে উতলাই বীজাণুমুক্ত কৰিব লাগে।
  • অসুখীয়া মানুখৰ ওচৰৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে।
  • সৰহকৈ ভিটামিন থকা ফল-মূল আৰু সেউজীয়া শাক-পাচলি খাই শৰীৰৰ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰখা।
  • বীজাণু তথা এলাৰ্জী কঢ়িয়াব পৰা ঘৰত পোহা জন্তু আঁতৰাই ৰাখিব লাগে।
  • ঘৰত কাৰোবাৰ যদি এজমা বা ব্ৰংকাইটিছৰ ৰোগী আছে, তেন্তে ঘৰত কাৰ্পেট ৰাখিব নালাগে।
  • শ্বাস-প্ৰশ্বাসৰ বাবে ব্যৱহৃত মাংসপেশী সবল কৰি ৰাখিবৰ কাৰণে দৰকাৰী অধিক প্ৰ’টিনযুক্ত খাদ্য অতিকমেও দিনে দুবাৰকৈ খাব লাগে।
  • যিহেতুকে শ্বাস-প্ৰশ্বাসৰ বাবে শৰীৰক বহুসংখ্যক শক্তিৰ প্ৰয়োজন হয়, হাঁওফাঁওৰ অসুখত ভোগাসকলে সেইবাবে অধিক কেলৰিযুক্ত আহাৰ খাব লাগে।

নিয়মীয়াকৈ স্বাস্থ্যৰ যতন:

যিহেতু বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ শৰীৰৰ গঠন সলনি হয়, মাংসপেশীৰ ভৰ লোপ পাব ধৰে, শৰীৰৰ সক্ৰিয়তা কমি শৰীৰটো নিশকতীয়া হৈ পৰে। ফলত দুৰ্বল মাংসপেশীৰ কাৰ্যক্ষমতা হ্ৰাস পায়। কেলৰিৰ ব্যয় কম হয় আৰু দেহৰ বাবে প্ৰয়োজনীয় কেলৰিৰ পৰিমাণো কমি যায়। খোৱা খাদ্যৰ বেছিভাগেই ব্যৱহৃত নোহোৱাকৈ দেহত অতিৰিক্ত মেদৰ সৃষ্টি হৈ ওজন বাঢ়ি যায়। সেই কাৰণে শৰীৰৰ ওজন নবঢ়াকৈ ৰাখিবৰ কাৰণে কম কেলৰিযুক্ত স্বাস্থ্যসন্মত অধিক পুষ্টিকৰ খাদ্য খোৱাটো প্ৰয়োজন। যিহেতু অত্যধিক ওজন বা মেদবহুলতাই হৃদৰোগ, উচ্চ ৰক্তচাপ, বহুমূত্ৰ ৰোগ আৰু হাড়ৰ ৰোগৰ শংকা বৃদ্ধি কৰে, সেই কাৰণে বিজ্ঞানসন্মত আহাৰ খাই আৰু শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকি দেহৰ মাংসপেশী আৰু হাড় সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে বয়সত ওজন স্বাস্থ্যসন্মত কৰি ৰাখিব লাগে। দৈনিক শাৰীৰিক ব্যায়ামে সক্ৰিয়তা, শক্তি, সমতা, নমনীয়তা, শৰীৰৰ ভাৰসাম্য আদি বৃদ্ধি কৰি দীৰ্ঘ সময় ধৰি শৰীৰ সবল কৰি ৰখাত সহায় কৰে। যোগ এনে এবিধ ব্যায়াম- যি এই আটাইকেইটাতে সমানে প্ৰভাৱ বিস্তাৰ কৰে। সেই কাৰণে যোগ-ব্যায়াম বয়স্কসকলৰ কাৰণে উৎকৃষ্ট।

বয়স্কসকলে কি কি কৰিব লাগে:

  • সদায় ভাল চিন্তা কৰক, খং-ৰাগৰ পৰা আঁতৰত থাকক।
  • নিজক সদায় সক্ৰিয়া কৰি ৰাখক।
  • দৈনিক শৰীৰৰ বাবে নিৰাপদ ব্যায়াম কৰক, যিয়ে জীৱনটোক সুন্দৰভাৱে আগুৱাই নিব পাৰে।
  • দিনটো অলপ অলপকৈ খোজ কাঢ়ি থকা আদি শৰীৰৰ উপযোগী শাৰীৰিক ব্যায়াম বাছি লওক।
  • পৰিয়াল, বন্ধুবৰ্গ আৰু সমাজৰ লগত সম্বন্ধ বজাই ৰাখি নিঃসংগতাৰ পৰা নিজকে আঁতৰাই ৰাখক।
  • সদায় নিজে ভাল পোৱা, মনত আনন্দ দিয়া লোকৰ সংগহে লোৱাৰ যত্ন কৰক।
  • সদায় পৰ্যাপ্ত টোপনি মাৰক।
  • অধিক পুষ্টিযুক্ত খাদ্য খাওক।
  • দৈনিক ৰাতিপুৱা আহাৰ গ্ৰহণ কৰক।
  • অধিক আঁহযুক্ত খাদ্যবস্তু, যেনে- ঘেঁহু, বীন, গোম, পাউৰুটী আদি খাওক।
  • দিনে তিনি-চাৰিবাৰকৈ কেলচিয়াম, ভিটামিন-ডিযুক্ত, কমকৈ চৰ্বি থকা গাখীৰ, সৰতোলা গাখীৰৰ দৈ আদি প্ৰতিদিনে খালে আনকি বয়সতো হাড় মজবুত কৰি ৰাখিব পাৰি।
  • দৈনিক পৰ্যাপ্ত পানী বা পনী্যা আহাৰ খাব লাগে।
  • পৰ্যাপ্ত সতেজ ফল-মূল আৰু সেউজীয়া শাক-পাচলি খাওক।
  • সাগৰীয় মাছ, চৰ্বিহীন মাংস, পোহনীয়া মুৰ্গীৰ মাংস আৰু কণী খাওক।
  • বাদাম বা বাদামজাতীয় খাদ্য ইত্যাদি।

বয়স্কসকলে কি ধৰণৰ খাদ্য কমকৈ খাব লাগে:

  • চেনিযুক্ত মিঠা পানীয় আৰু চেনিযুক্ত বস্তুৰে তৈয়াৰী মিঠাই।
  • মাখনযুক্ত খাদ্য, ঘি ইত্যাদি।
  • বগা পাউৰুটী, ভাত, ময়দাৰ পৰা বনোৱা খাদ্য।

উৎস: জিএনআৰচি স্বাস্থ্য(ডাঃ নৰোত্তম সোণোৱাল)

3.04166666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top