মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / অনিয়মীয়া মাহেকীয়া বা ঋতুস্ৰাৱ বিসংগতিঃ আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অনিয়মীয়া মাহেকীয়া বা ঋতুস্ৰাৱ বিসংগতিঃ আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসা :

অনিয়মীয়া মাহেকীয়া বা ঋতুস্ৰাৱ বিসংগতিঃ আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

 

বৰ্ত্তমান সময়ত মহিলাসকলৰ বিভিন্ন ধৰনৰ সমস্যা সমূহ বৃদ্ধি হোৱা দেখা গৈছে। মাহেকীয়া সময়ত পেটৰ বিষ হোৱা, বগাস্ৰাব হোৱা ইয়াৰ লগতে আন্য এক সমস্যাও দ্ৰুত গতিত বাঢ়িছে। সেইটো হ’ল ঋতুস্ৰাবৰ বিসংগতি বা অনিয়মীয়া ঋতুস্ৰাব। আজি মই আপোনালোকক এই লেখাটোৰ জৰিয়তে মহিলা যুৱতিৰ আনিয়মীয়া মাহেকীয়াৰ বিষয়ে কম। লগতে এই সমস্যা কিয় হয়? আৰু কি কি হোমিঅপেথিক ঔষধ ব্যৱহাৰ কৰিলে এই অনিয়মীয়া মাহেকীয়া সমস্যাৰ পৰা সহজতে মূক্ত হ’ব পাৰিব সেই বিষয়েও এই আলোচনা কৰিম।

এতিয়া আহো মহিলাৰ অনিয়মীয়া মাহেকীয়া সমস্যালৈ:

অনিয়মীয় মাহেকীয়া সমস্যাৰ বিষয়ে কোৱা আগতে আপোনালোকক নিয়মীয়া মাহেকীয়া বিষয়ে কিছু কথা কম। নিয়মীয়া মাহেকীয়া হল যেতিয়া যুৱতী এগৰাকীৰ ১৪ বছৰ বয়স হয় তেতিয়া পৰা প্ৰথম মাহেকীয়া আৰম্ভ হয়। আজি কালি পিছে প্ৰায় ১০-১২ বছৰ বয়সৰ পৰাই মাহেকিয়া ঋতুস্ৰাৱ আৰম্ভ হোৱা দেখা যায়।

এই ১০-১২ বছৰ বয়সতে আৰম্ভহৈ ৪০-৪৫ বছৰ বয়সলৈকে প্ৰতি মাহে মাহে ঋতুস্ৰাৱ হয়। যেতিয়া প্ৰথম মাহেকীয়া হয় সেই সময়খিনিক menarche বুলি কোৱা হয় আৰু একেবাৰে শেষৰ সময় থিনিক ৪০-৪৫ সেই সময় খিনিক menopausal বুলি কোৱা হয়। প্ৰথ অৰ্থাৎ মেনোপজেল সময় খিনিত ঋতুস্ৰাৱ অনিয়মীয়া হয়। কিন্ত ইয়াৰ মাজৰ সময় খিনিত যদি কিবা কাৰনত অনিয়মীয়া হয় সেই সমস্যাটোক অনিয়মীয়া মাহেকীয়া বুলি কোৱা হয়। এগৰাকী মহিলাৰ প্ৰতি মাহৰ ২৮-৩০ দিনৰ মূৰে মূৰে ঋতু হয়।

যদি কোনোবা মাহৰ এক তাৰিখে ঋতুস্ৰাব হয় তেনেহলে ২৮ দিনৰ মূৰত বা ৩০ দিনৰ মূৰত পূনৰ স্ৰাব হয় এই মাহেকীয়া চক্ৰটো নিয়মিত ভাৱে চলি থাকে আৰু কিছুমানৰ ৪-৫ দিনৰ তাৰতম্য হয়। অৰ্থাৎ ২৮+৫ ইয়াক স্বাভাৱিক বুলিয়েই ধৰা হয়। এতিয়া আমি আহো কি কি কাৰনত অনিয়মীয়া ঋতু স্ৰাৱ হব পাৰে। অনিয়মীয়া মাহেকীয়াৰ আটাইতকৈ গুৰুত্ব পূৰ্ন কাৰনটো হল হৰমনৰ তাৰতম্য। কিবা কাৰনত যদি মহিলাৰ দেহত হৰমনৰ তাৰতম্য হয় তেনেহলে মাহেকীয়া অনিয়মীত হোয়াটো নিশ্চিত।

দ্বিতীয় কাৰণ হ’ল:

যদি জন্মনিয়ন্ত্ৰক ঔষধ নিয়মীত ব্যৱহাৰ কৰে তেনেহলে ঔষধৰ পাশ্বক্ৰিয়া ৰুপে মাহেকীয়া অনিয়মীয়া হয়।

তৃতীয় কাৰণ:

PCOD পলি চিষ্টিক অভাৰীয়ান ডিজিজ হলেও মাহেকীয়া অনিয়মিত হয়।

চতুৰ্থতে:

যৌন সংক্ৰামনক ৰোগ, যেনে- চিফিলিচ, গনৰিয় আদি হলেও মাহেকীয়া অনিয়মীয়া হোৱা দেখিবলৈ পোৱা যায়। লগতে মানসিক চাপ, নিদ্ৰাহীনতা, বহুত বেছি মানসিক চিন্তা কৰা, ডিপ্ৰেচন আদি হলেও মাহেকীয়া অনিয়মীয়া হব পাৰে। ডাইবেটিচৰ কাৰনেও মাহেকীয়া অনিয়মীয়া হব পাৰে। থাইৰইডো এনে এক বেমাৰ হয় এই বেমাৰত হৰমনৰ তাৰ তম্য বহুত বেছি দেখা যায়। গতিকে এই সমস্যা থাকিলেও মাহেকীয়া অনিয়মীয়া হোৱা দেখা যায়।

ইয়াৰ উপৰিও যদি মহিলা গৰাকী টিউমাৰ বা ফাইব্ৰইড হয়। তেতিয়া মহিলা গৰাকী অনিয়মীয়া মাহেকীয়া হোৱা দেখা যায়।অন্যহাতে জীৱন ধাৰনৰ প্ৰণালী। যদি মহিলা গৰাকীৰ খাদ্যঅভ্যাস বেয়া হয়, বহুত বেছি পৰিমানে কাষ্টফুড, জাংফুট থাই দেহৰ ওজন বৃদ্ধি হয়, অত্যাধিক ছৰ্বি হয় তেনে কাৰনটো অনিয়মীয়া মাহেকীয়া হব পাৰে। ইয়াৰ উপৰিও অন্যান্য কাৰনো আছে কিন্ত সৰ্ব্ব সাধাৰনতে এই কাৰণ সমূহৰ বাবে অনিয়মীত মাহেকীয়া হোৱা বেছিকৈ দেখিবলৈ পোৱা যায়।

এতিয়া আহো লক্ষণলৈ:

এই অনিয়মীয়া মাহেকীয়া হলে কেনেধৰনৰ লক্ষণ প্ৰকাশ পাব পাৰে। এই সমস্যাৰ বাবে বহুত বেছি ব্লিডিং হব পাৰে। মহিলাগৰাকী ঋতু আৰম্ভ হোৱা লগে লগে অত্যাধিক পৰিমান স্ৰাৱ হব যাক আমি চিকিৎসা বিজ্ঞানৰ ভাষাত মেনোৰেজিয়া বুলি কওঁ। সাধাৰনতে মাহেকীয়া স্বাভাৱিক ব্লিডিং ৪ ৰ পৰা ৫ দিন মান হে থাকে কিন্ত যদি তাতকৈ বেচি দিন ব্লিডিং হৈ থাকে তেনেহলে বুজিব লাগিব যে আপোনাৰ মাহেকীয়া অনিয়মীয়া হৈছে।

পলিমেনোৰেজিয়া:

পলিমেনোৰেজিয়া হল ঘনাই ঘনাই মাহেকীয়া হোৱা। মহিলাগৰাকী মাহেকীয়া হোৱা ১০-১২ দিনৰ পাচতে পুনৰ মহেকীয়া হয়। এনেদৰে পূনৰ পূনৰ ব্লিডিং হৈ থকাতো পলিমেনোৰেজিয়া বুলি কোৱা হয়।

ইয়াৰ পিছত হ’ল মেটৰেজিয়া:

মেটৰেজিয়াৰ লক্ষণ হল একেৰাহে ব্লিডিং হৈ থকা। কেতিয়াবা মহিলা এগৰাকীৰ মাহেকীয়া আৰম্ভ হোৱাৰ পিছৰ পৰা ধাৰাবাহিক ভাৱে ১৫-২০ দিন বা ১মাহ, দুইমাহ, তিনিমাহ লৈকে একেৰাহে ব্লিডিং বন্ধ হবই নিবিচাৰে। এই সমস্যাটোক মেটৰেজিয়া বুলি কোৱা হয়।

মেনমেটৰেজিয়া:

মেনমেটৰেজিয়া হল বহু দিঘলীয়া সময় ধৰি ব্লিডিং হোৱা। ব্লিডিং বহু সময় ধৰি হয় কিন্ত লগতে বহুত হেভি ব্লিডিং হয়। ইয়াৰ কাৰন হিচাপে হৰমনৰ তাৰতম্য জগৰীয়া হয়।

অলিগ মেনৰিয়াঃ-

অলিগ মেনৰিয়া হল একেবাৰে অনিয়মীয়া মাহেকীয়া। কেতিয়াবা নাম মাত্ৰ ব্লিডিং হয়। আকৌ বন্ধ হয়। দুদিনৰ পিছত পূণঃ কম পৰিমানে দেখা দিয়ে। কোনো ধৰনৰ time limit নাথাকে যেতিয়াই তেতিয়াই হয়।

এমনৰিয়া:

এমনৰিয়া হল মাহেকীয়া একেবাৰেই নোহোৱা। মহিলা গৰাকীৰ ২মাহ ৩মাহ বা কেতিয়াবা ৬মাহ পৰ্যন্ত হৈ গৈছে কিন্তু কোনো ধৰনৰ মাহেকীয়া স্পট এটাও দেখানাই তেনে সমস্যাটোক কোৱা হয় এমনৰিয়া। ইয়াৰ বহু কাৰন থাকে কেতিয়াবা PCOD কাৰনতো হব পাৰে। কেতিয়াবা থাইৰইডৰ কাৰনেও হব পাৰে। কোতিয়াবা আকৌ ডাইবেটিছৰ কাৰনেও এনে ধৰনৰ সমস্যা দেখা পোৱা যায়।

ইয়াৰ উপৰিও অন্য এক লক্ষণ দেখিবলৈ পোৱা যায় সেইয়া হল-

ডিচমেনৰিয়া:

ডিচমেনৰিয়া অৰ্থ হল অশান্তি, অৰ্থাৎ মহিলা গৰাকী যেতিয়া মাহেকীয়া হয় বহুত বেছি অশান্তি ভোগ কৰে। মহিলা গৰাকীৰ প্ৰচণ্ড পেটৰ বিষ হয়, কঁকালৰ বিষ হয়, স্টমাকৰ বিষ হয়, বমি হয়, খাদ্য খাব নোৱাৰে, উৰুলৈকে টানি ধৰা বিষ হয়। ইয়াক painful menstruation বুলিও কব পৰা যায়। ডিচমেনৰিয়াও অনিয়মিয়া মাহেকীয়াৰ এক কাৰন।

অনিয়মীয়া মাহেকীয়া এক কাৰন এই ডিচমেনৰিয়া কেইবা প্ৰকাৰৰ আছে যেনেঃ- মেকানিকেল কনজেচটিভ, নিউৰালজিক আদি। এই সমস্যা বোৰৰ উপৰত বৃষ্টিত বৰ্ণনা আগবঢ়াবলৈ বহু সময় পয়োজন হব। ইয়াত আপোনালোকৰ বুজিবলৈ খুবিধা হোৱাকৈ মূল কথাখিনি কোৱা হৈছে। যাতে আপোনালোকে এই সমস্যা বিষয়ে জানিব পাৰে।

মেডিচিনৰ বিষয়ে কোৱা আগতে মূল মূল কথা কেইটা আকৌ এবাৰ কৈ দিছো-

মহিলাৰ সাধাৰনতে ২৮ দিনৰ মূৰে মূৰে ঋতুস্ৰাব হয়। স্ৰাব সাধাৰনতে ৩ৰ পৰা ৫ দিনৰ পৰ্যন্ত থাকে আৰু এই নিয়মৰ ব্যতিক্ৰম হলেই অনিয়মীয়া ঋতুস্ৰাব বুলি কোৱা হয়।

*শৰীৰৰ এস্টজেন ও পজেস্টৰেন হৰমনৰ তাৰতম্য বাবে এই সমস্যা হয়।

*জন্ম নিয়ত্নক ঔষধ সেৱন কৰা ফলত হব পাৰে।

*মানসিক চাপৰ বাবে।

*ওজন বাঢি গলেও এই সমস্যা হব পাৰে।

*শৰীৰত ৰক্ত কমিগলে অৰ্থাৎ ৰক্তহিনতা হলেও এই সমস্যা হয়।

*জৰায়ু বিভিন্ন জটিলতা বাবেও হব পাৰে।

*সহবাসৰ সময়ত পুৰুষৰ শৰীৰৰ পৰা অহা সংক্ৰামিত বেমাৰ য়েনেঃ- চিফিলিচ, গনৰীয়া আদি বেমাৰ পৰাও হব পাৰে।

*টিউমাৰ আৰু কেন্সাৰ আদি বেমাৰৰ কাৰনেও হব পাৰে।

*প্ৰি মেনোপজৰ সময়ত হব পাৰে।

*শিশুৱে গাখীৰ খোৱা ফলতো অনিয়মীয়া ঋতুস্ৰাৱ হব পাৰে।

এতিয়া এই বৰ্ণনা কৰা লক্ষণ সমূহৰ অনুযায়ী হোমিঅপেথিক মেডিচিনৰ বিষয়ে কম:

Sepia:

চিপিয়া অত্যন্ত কাৰ্যকৰী ঔষধ হয়। যদি মাহেকীয়া দেৰি হয় বা স্ৰাব বহুদিন ধৰি হয় বা ১০-১৫ দন দেৰিকৈ হয় তেনে ক্ষেত্ৰত এই মেডিচিন উতকৃষ্ট মেডিচিন। লগতে একেবাৰে লিন থিন মহিলা, যদি মহিলা গৰাকী কিছুমান ক্ষেত্ৰত বহু বেছি চিন্তা কৰে। নিজৰ পৰিয়ালৰ বিষয়ে ভাই ককাই বা নিজৰ লৰা ছোৱালীৰ সৰ্ম্পকীয় চিন্তা ভাৱনাত ডুবগৈ থাকে।

এনে মহিলা এই মেডিচিনে ভাল কাম কৰে। মহিলা গৰাকী এনে লাগে যেন গৰ্ভাশয়টো বাহিৰলৈ উলাই আহিছে। এনেকুৱা অনুভৱ হয় মহিলা গৰাকী prolapsed of uterus ৰ সমস্যা আছে তেনেহলে চিপিয়া বহুত কাৰ্যকৰী মেডিচিন হয়। এই ঔষধ প্ৰায় ২ মাহ দিন যদি ব্যৱহাৰ কৰা হয় এই সমস্যাৰ পৰা মুক্ত হব পাৰিব।

দ্বিতীয়তে Pulsatilla: -

পালচাটিলা অত্যন্ত কাৰ্যকৰী ঔষধ হয়। যদি মাহেকীয়া বহু পলম হয় ২ মাহ ৩ মাহ বা ৪ মাহ হল মাহেকীয়া হোৱা নাই তেনেহলে pulsatila ললে মাহেকীয়া হৈ যায়। শান্ত-শিষ্ট, দীঘলচুলি সহজতে সন্তুষ্টহোৱা, সহজ দুখ কৰা আদি দেখিবলৈ ধুনীয়া মহিলা যুৱতীৰ অনিয়মিয়া ঋতু সমস্যাত এই ঔষধ ভাল ফল দিয়ে।

Abroma radix(এব্ৰমা ৰেডিক্সঃ):

অনিয়মীয়া মাহেকীয়াৰ এক অত্যন্ত ফলপসু ঔষধ হয়। লাগিলে মাহেকীয়া বহুত দেৰিকৈ হওঁক, বা ১৫ দিনৰ মূৰে মূৰেই হওঁক বা ২-৩ দিন হোৱা পিছত বন্ধ হৈ যায় বা অত্যাধিক ব্লিডিং হয়। যিকোনো ধৰনৰ মাহেকীয়াৰ সমস্যাতে এই ঔষধ কাৰ্যকৰী হয় কিন্তু এই মেডিচিন অলপ দিৰ্ঘদিন ধৰি ব্যৱহাৰ কৰিব লগা হয়।

Asoka(অচুকা):-

অচোকা মেডিচিনটো জৰায়ু টনিক বুলিও কোৱা হয়। যদি কোনো কাৰনত জৰায়ুৰ বিসংগতি হয় বা দূৰ্বল হয় তেতিয়া এই ঔষধ ব্যৱহাৰ কৰা হয়। জৰায়ু দূৰ্বলতা বাবে বহুত বেছি ব্লিডিং হয়, অভাৰিত চিষ্ট হয়, এণ্ডমেট্ৰিয়াম হলে এই মেডিচিনে এই বিসংগতি দূৰ কৰাত সহায় কৰে ।

China:-

চায়না ঔষধটো যদি বহুত বেছি ব্লিডিং হয়। অত্যাধিক ব্লিডিং হোৱা ফলত যদি মহিলাগৰাকী দূৰ্বল হৈ গৈছে। উঠিবলৈ অক্ষম হৈছে, হাত ভৰি কপঁনি হৈ যায়, বিচনাৰ পৰা মূৰ দাঙিবলৈ বল নাথাকে তেনে ক্ষেত্ৰত এই ঔষধ অতি কাৰ্যকৰী ।

FRAXINUS AMERICANA: -

ফেৰক্সিনা আমেৰিকানা এক অত্যন্ত ফলপষু ঔষধ। যদি অভাৰী চিচৰ কাৰনে মাহেকীয়া অনিয়মীয়া হয় তেনেহলে এই ঔষধটো দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰিলে অভাৰী চিচ নোহোৱা হৈ যায়। ইয়াৰ লগতে calcaria carb ঔষধটো লব পাৰে।

অন্যহাতে গ্ৰেফাইটিছ অস্তিলেগু, পিনাচ চিকেলিকৰ, জেলচেমিয়াম আদি ফলপষু ঔষধ আছে। গতিকে লক্ষণ অনুযায়ী এই ঔষধ ব্যৱহাৰ কৰি মহিলা সকলে কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ এই অনিয়মীয়া মাহেকীয়াৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰে।

লেখক: ডাঃ হৰিকান্ত দাস

ফোন-9954340102

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top