অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঋতুকালীন বিমৰ্ষতা

ঋতুকালীন বিমৰ্ষতাৰ বিষয়ে লিখা হৈছে

 

ঋতুকালীন বিমৰ্ষতানো কি?

 

আমি সকলোৱে শুনিছো বিমৰ্ষতা বা হত্যাৰ বিষয়ে।হয়…।ঋতুকালীন বিমৰ্ষতা,যাক ইংৰাজীত ‘ছিজনেবল এফেক্টিভ ডিছঅৰ্ডাৰ’বুলি কোৱা হয়।ঋতুকালীনভাৱে কোনো ব্যক্তি এই বিমৰ্ষতা বা হতাশাত ভুগিলে আমি কওঁ ৰোগবিধক ঋতুকালীন বিমৰ্ষতা।বছৰৰ কোনোবা এটা ঋতুত কোনো দেশ –মহাদেশ ইত্যাদি ঠাইবিশেষে এইবিধ মানসিক ৰোগত ব্যক্তি আক্ৰান্ত হোৱা দেখা যায়।উত্তৰ অঞ্চলৰ দেশ বা মহাদেশসমুহত বসবাস কৰা লোকসকলৰ মাজত ইয়াৰ প্ৰকোপ বেছি।যিবোৰ দেশত তাপমান নিম্ন,শীতৰ প্ৰকোপ বেছি তেনেবোৰ দেশত ব্যক্তিবিশেষে এই ৰোগবিধত বেছি আক্ৰান্ত হোৱা দেখা যায়।ঋতুকালীন হতাশা বা বিমৰ্ষতা সাধাৰণতে বতৰ ঠাণ্ডা,ডাৱৰীয়া,সুৰ্য ৰশ্মি নেদেখা অঞ্চলত প্ৰভাৱ বেছি হয়।অন্যহাতে ঋতুকালীন বিমৰ্ষতাক শীতকালীন বিমৰ্ষতা বা শীতকালীন হতাশা বুলিও আমি ক’ব পাৰো।ঋতুকালীন বা শীতকালীন বিমৰ্ষতাত আক্ৰান্ত হোৱা ব্যক্তিয়ে নিজকে দোষী,বেদনাযুক্ত আৰু ঘৃণিত ৰুপে অনুভৱ কৰে।হীনমন্যতা আৰু নিচাত্মিকা মনোভাব ৰোগীৰ মাজত দেখা যায়।এইধৰণৰ আৱেগ,অনুভৱ অন্য হতাশাত ভোগা ৰোগীৰ মাজতো দেখা যায় যদিও উত্তেজনা,উদ্বিগ্নতা আৰু দুশ্চিন্তাই যেন লগ এৰিব নোখোজে।এনে মানসিক ৰোগীক খোৱা-বোৱাৰ প্ৰতি অনীহা।কাম-কাজৰ প্ৰতি ধাউতি নোহোৱা,নিজৰ স্বাস্থ্যৰ অমনোযোগিতা,জীয়াই থকাৰ স্পৃহা শেষ হৈ যোৱা ইত্যাদি এই ৰোগৰ মুখ্য কাৰণ।হয়তো সুযোগ-সুবিধা বা আকস্মিকভাৱে মানসিক ভাৰসাম্যহীন হৈ আত্মহত্যা কৰিবলৈ কুণ্ঠবোধ নকৰা এই ৰোগৰ বিশেষ লক্ষণ।প্ৰাথমিক অৱস্থাত ৰোগৰ লক্ষণসমুহ দেখা পোৱা নগ’লেও পাছৰ পৰ্যায়ত হতাশাই চৰম অৱস্থা পায়গৈ।এনে ক্ষেত্ৰত ৰোগীৰ চিকিৎসা অতিকৈ প্ৰয়োজন।

ঋতুকালীন বিমৰ্ষতাত ভুগি থকা ৰোগীয়ে সিদ্ধান্ত লোৱা,মন-সংযোগ স্থাপন কৰাত বাধাপ্ৰাপ্ত হয়।চিন্তাৰ গতি ক্ৰমান্বয়ে হ্ৰাস হোৱা দেখা যায়।ঋণাত্মক ধাৰণা বা চিন্তা,আত্মাভিমান বা আত্মসমালোচনাৰ গুণ প্ৰকট হয়।শতকৰা ৯০ শতাংশ ৰোগীৰ ক্ষেত্ৰত নিদ্ৰাৰ বিভিন্ন সমস্যাই দেখা দিয়ে।কম টোপনি হোৱা,একেবাৰে টোপনি নোহোৱা বা টোপনি হ’লেও মজনিশা হঠাৎ ভ্ংগ হোৱাৰ ফলত ৰোগীক স্নায়ৱিক দুৰ্বলতাই দেখা দিয়ে।

ঋতুকালীন হতাশাই ব্যক্তিক শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল কৰি তোলে।অত্যধিক ভাগৰ অনুভৱ কৰা,ভোক নলগা,যৌন আসক্তি কমি যোৱা ইও এটা এই ৰোগৰ লক্ষণ।কেতিয়াবা এনেধৰণৰ ৰোগীক হতাশাগ্ৰস্ততা আঁতৰাবলৈ বিশেষভাৱে কৃত্ৰিম পোহৰৰ ব্যৱস্থা কৰি পোহৰৰ চিকিৎসা আগবঢ়োৱা হয়।যাক আমি Light therapy বুলি অভিহিত কৰো।

চিকিৎসা:

 

ঋতুকালীন হতাশাত আক্ৰান্ত ৰোগীসকলক কে’বাটাও পদ্ধতিৰে চিকিৎসা আগবঢ়োৱা হয়।ইয়াৰ ভিতৰত ঔষধ সেৱন এক অন্যতম চিকিৎসা পদ্ধতি।গভীৰ হতাশাই ৰোগীক যদি বেছি ভাৰাক্ৰান্ত কৰি তোলে এনে অৱস্থাত ৰোগীক বেদনানাশক ঔষধ (Anti depresants drugs)সেৱন কৰিবলৈ দিয়া হয়।ইয়াৰ উপৰি মানসিক অৱস্থা সন্তুলন ৰাখিবলৈ মানসিক সন্তুলক (Mood stabilising medicine)ঔষধ ৰোগীক সেৱন কৰিবলৈ দিয়া হয়।

বিস্তৃতভাৱে ক’বলৈ গ’লে হতাশাত ভোগা ৰোগীসকলৰ চিকিৎসাক দুটা ভাগত বিভক্ত কৰিব পাৰি।যিহেতু ঋতুকালীন বিমৰ্ষতা এক হতাশা।

প্ৰথমতে যি জৈৱিক আৰু ৰাসায়নিক অস্বাভাৱিকতাৰ বাবে ৰোগ সৃষ্টি হৈছে বুলি চিকিৎসকৰ চকুত বিবেচিত হৈছে,তেনে অৱস্থাত বেদনানাশক (Antidrepants drugs)মানসিক অৱস্থাৰ সন্তুলন ৰখা ঔষধ (Mood stabilising medicine)দি চিকিৎসা প্ৰদান কৰা হয়।

ECT-(Electro Convulsive Therapy আৰু Pshychosurgery ব্যৱস্থাত কিছুমান ৰোগীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি।ECT ৰ জৰিয়তে বহু পুৰণি হতাশাগ্ৰস্ত ৰোগীক চিকিৎসা কৰা হয় যদিও এতিয়াও এই চিকিৎসা পদ্ধতি বিতৰ্কিত ৰুপে বিবেচিত হৈ আছে।দ্বিতীয়তে,মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা এনেধৰণৰ ৰোগীক বৃত্তিধাৰী মনোবিজ্ঞানীৰ দ্বাৰা নিতৌ নিৰ্দিষ্ট সময়লৈ,প্ৰয়োজন হ’লে ৩ মাহ,৬ মাহ বা এবছৰলৈকে পৰামৰ্শ আগবঢ়োৱাৰ ব্যৱস্থা আছে,যেতিয়ালৈকে ব্যক্তিজন স্বাভাৱিক মানসিক অৱস্থালৈ উভতি আহে।

লেখক: বি কে তপন (জি এনআৰচি স্বাস্থ্য)

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top