মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / পুৰুষত্বহীনতা ইয়াৰ কাৰণ আৰু ইয়াৰ চিকিৎসা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পুৰুষত্বহীনতা ইয়াৰ কাৰণ আৰু ইয়াৰ চিকিৎসা :

পুৰুষত্বহীনতা ইয়াৰ কাৰণ আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

 

এই লেখাটোৰ মূল বিষয়টোৰ ভিতৰলৈ যোৱাৰ পূৰ্বে এহাল সন্তানহীন দম্পতীৰ বিষয়ে কিছু কথা কওঁ। এবছৰমান পূৰ্বে এহাল দম্পতী মোৰ চেম্বাৰলৈ আহিছিল। বিয়াৰ পাঁচ বছৰৰ পিছতো তেওঁলোকৰ কোনো সতি-সন্তনি নাছিল। মহিলাগৰাকীয়ে চিন্তাক্লিষ্টভাৱে মোলৈ ডাঙৰ ফাইল এটা আগবঢ়াই দিলে। গৰ্ভধাৰণ কৰিব নোৱাৰাৰ বাবে মহিলাগৰাকীক প্ৰয়োজনীয় সকলোধৰণৰ পৰীক্ষা কৰোৱা হৈছিল। তাৰে ৰিপোৰ্টবোৰ ফাইলটোৰ ভিতৰত আছে। গৰ্ভধাৰণ কৰিব নোৱাৰাৰ বাবে পৰিয়ালৰ তথা সমাজৰ অন্য লোকৰ পৰ তেওঁ ইমানেই অপমানিত হৈছিল যে তেওঁ সেইবোৰ সহিব নোৱাৰি এবাৰ আত্মহত্যা কৰিবলৈকো চেষ্টা কৰিছিল। এতিয়া বোলে তেওঁৰ স্বামীয়ে পুনৰ বিবাহ কৰিব খুজিছে। মোৰ ওচৰত মহিলাগৰাকীয়ে অতি কৰুণভাৱে এটি সন্তান ভিক্ষা কৰিলে, যাতে তেওঁলোকৰ বৈবাহিক জীৱনটো ৰক্ষা পৰে।

আমি বিষয়টো গুৰুত্বসহকাৰে লৈ আমাৰ পৰ্যালোচনা আৰম্ভ কৰিলো। মহিলাগৰাকীৰ পৰিৱৰ্তে তেওঁৰ স্বামীৰ বীৰ্যৰ এটি মাত্ৰা পৰীক্ষা কৰোৱা হ’ল। এই পৰীক্ষাৰ ফলাফল সমস্ত ছবিখনকে সলনি কৰি দিলে।

পৰীক্ষাৰ ফলাফলৰ পৰা জানিব পৰা গ’ল যে মহিলাগৰাকীৰ গিৰীয়েকৰ Azoospermicৰ সমস্যা আছে, অৰ্থাৎ মানুহজনৰ বীৰ্যত শুক্ৰাণু একেবাৰে নাই। অৰ্থাৎ তেওঁ প্ৰাকৃতিকভাৱেই কোনো সন্তানৰ পিতৃত্ব অৰ্জন কৰিব নোৱাৰে।

প্ৰজনন অক্ষমতাৰ অৰ্থ হৈছে সন্তান জন্ম দিয়াৰ ক্ষমতা নথকা। চিকিৎসা বিজ্ঞানৰ সূত্ৰমতে এবছৰ ধৰি কোনো প্ৰতিৰোধ ব্যৱস্থা নোলোৱাকৈ শাৰীৰিক সম্পৰ্ক কৰাৰ পিছতো যদি মহিলাগৰাকী গৰ্ভৱতী নহয়, তেতিয়াহ’লে দম্পতীহালক প্ৰজনন অক্ষম বুলি কোৱা হয়। ৯৮০ নিযুট লোক বসবাস কৰা ভাৰতত সঞ্জতান জন্ম দিয়াটো এক অৰ্থহীন প্ৰয়াস বুলি কোনোৱে হয়তো ভাবিব পাৰে। কিন্তু এই ধাৰণা শুদ্ধ নহয়।  প্ৰজনন অক্ষমতাৰ লগত দেশৰ জনসংখ্যাৰ কোনো সম্পৰ্ক নাই। প্ৰায় ১৫ৰ ২০ শতাংশ দম্পতীয়েই সন্তান  জন্ম দিবলৈ অক্ষম। ইয়াৰে ৪০ শতাংশৰ ক্ষেত্ৰতে পুৰুষসকল অৰ্থাৎ স্বামীজনেহে প্ৰজনন অক্ষমতাৰ বাবে দায়ী। বাকী ৪০ শতাংশৰ ক্ষেত্ৰত কেৱল মহিলাসকল প্ৰজনন অক্ষম হয় অৰ্থাৎ তেওঁলোকৰ গৰ্ভধাৰণৰ ক্ষমতা নাথাকে। অৱশিষ্ট ১০ শতাংশ পুৰুষ-মহিলা উভয়ে এই সমস্যাত ভুগি থাকে আৰু আন ১০ শতাংশৰ প্ৰজনন অক্ষমতাৰ কাৰণ বিশ্লেষণ কৰিব নোৱাৰি।

আমাৰ সমাজত পূৰ্বৰ পৰাই কোনো দম্পতীয়ে সন্তান জন্ম দিব নোৱাৰিলে অকল মহিলাফৰাকীকে দোষাৰোপ কৰি অহা হৈছে। প্ৰজনন অক্ষমতাৰ কাৰণে মহিলাগৰাকীকে পৰীক্ষা কৰোৱা হয় আৰু তেওঁক কৰোৱা পৰীক্ষাৰ ফলাফলতে এই পৰীক্ষাৰ প্ৰক্ৰিয়া শেষ কৰা হয়।

পুৰুষৰ প্ৰজনন অক্ষমতা সন্দৰ্ভত বহুতো প্ৰশ্নৰ উদয় হয়। সেই প্ৰশ্নবিলাকৰ যথাযথ উত্তৰ দিবলৈ আমি যৎপৰোনাস্তি প্ৰয়াস কৰিছো।

গৰ্ভধাৰণ কেনেকৈ আৰম্ভ হয়?

সকলোৱে জনা উচিত যে, স্বাস্থ্যবান শুক্ৰাণু আৰু এটি স্বাস্থ্যবান ডিম্বাণুৰ মিলনৰ পিছত এটি অদ্বিতীয় আৰু জৈৱিকভাৱে অপৰিৱৰ্তনীয় মানৱ জীৱনৰ সৃষ্টি হয়। এই গোটেই প্ৰক্ৰিয়াটো অতি বিস্ময়জনক। যৌনমিলনৰ সময়ত পুৰুষজনৰ বীৰ্যপাত ঘটিলে ১০০ৰ পৰা ৩০০ নিযুট শুক্ৰাণু যোনী গহ্বৰত প্ৰৱেশ কৰে। স্বাভাৱিক অৱস্থাত এই শুক্ৰাণুবিলাকৰ মাথোঁ ১৫ শতাংশহে ডিম্বাণুটোৰ নিষিক্ত কৰিব পৰাকৈ শক্তিশালী হৈ থাকে। বীৰ্যপাতৰ পিছত মাথোঁ ৪০০ মান শুক্ৰাণুহে ডিম্বাণুটোৰ ফালে যাত্ৰা কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰি  এই ৪০০টা শুক্ৰাণুৰ ভিতৰৰে মাত্ৰ ৪০টা শুক্ৰাণুহে যোনী গহ্বৰত পৰিৱেশ আৰু বীৰ্যৰ বাধা অতিক্ৰম কৰি ফেলোপিয়ান নলীত নিষিক্ত হ’বলৈ ৰৈ থকা ডিম্বাণুটোৰ ওচৰ পাবলৈ সক্ষম হয়গৈ। নিষিদ্ধ হ’বৰ বাবে ডিম্বাণুটো ফেলোপিয়ান নলীত(ডিম্ববাহী নলী) প্ৰতি মাহতে মাত্ৰ১২ ঘন্টাৰ কাৰণেহে ৰৈ থাকে। এক ৰহস্যময় আকৰ্ষণত এটি মাত্ৰ শুক্ৰাণুৱে ডিম্বাণুৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। এই গোটেই প্ৰক্ৰিয়াটোৱেই অতি বিস্ময়জনক।

পুৰুষসকল প্ৰজনন অক্ষম কিয় হয়?

পুৰুষসকল প্ৰজনন অক্ষম হোৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰণ থাকে। যেনে-

*বয়স।

*ভেৰিক’চিল(Vericocele, বীৰ্যবাহী নলীডাল উখহি উঠা ৰোগ)।

*যৌনৰোগ বা যৌন সম্পৰ্কৰ যোগেদি বিয়পা ৰোগ।

*ধূমপান, মদ্যপান, মানসিক চাপ আদি কাৰণত সৃষ্টি হোৱা ৰোগ।

*দীৰ্ঘদিন ধৰি ৰাসায়নিক দ্ৰব্য, বিষাক্ত দ্ৰব্যৰ সংস্ৰৱত থকা।

এই আটাইবোৰ কাৰকৰ ভিতৰৰ ৯০ শতাংশ কাৰকৰ বিসংগতি থাকিলে বীৰ্যৰ গুণাগুণ নষ্ট হয়। এইবোৰ কাৰকৰ বাবে তলত দিয়া সমস্যাবোৰে দেখা দিয়ে। যেনে-

*Oligospermia (বীৰ্যত শুক্ৰাণুৰ পৰিমাণ একেবাৰে কম থকা বিসংগতি) প্ৰজননক্ষম হ’বলৈ হ’লে অতি কমেও প্ৰতি মিলিলিটাৰ বীৰ্যত ১৫ নিযুট শুক্ৰাণু থাকিব লাগে।

*Astheno-zoospermia (শুক্ৰাণুৰ গতিশীলতাৰ সমস্যা) অৰ্থাৎ শুক্ৰাণুবোৰে ডিম্বাণুলৈকে গতি কৰিব পৰা ক্ষমতা নথকা। প্ৰজননক্ষম হ’বলৈ হ’লে প্ৰায় ৪০ শতাংশ গতিশীলতা থকা প্ৰয়োজন।

*Terato-zoospermia (শুক্ৰাণু গঠন সম্পৰ্কীয় বিসংগতি)।

*Azoopermia (বীৰ্যত শুক্ৰাণু একেবাৰে নথকা)।

*Necro-zoospermia (গোটেই শুক্ৰাণুবোৰ মৃত্যু হয়)।

*সঠিকভাৱে শাৰীৰিক সম্পৰ্ক জনিত অক্ষমতাৰ বাবে শুক্ৰাণু নিৰ্গমনত বিসংগতি।

পুৰুষৰ প্ৰজনন অক্ষমতা কিদৰে নিৰ্ণয় কৰা হয় -

পৰীক্ষাৰ দ্বাৰা পুৰুষজনৰ প্ৰজনন সক্ষমতা নিৰ্ণয় কৰিবলৈ এবাৰ মাত্ৰ বীৰ্য পৰীক্ষা কৰোৱা দৰকাৰ। পৰীক্ষাৰ ফলাফল স্বাভাৱিক ওলালে আৰু অন্য পৰীক্ষা কৰোৱা দৰকাৰ নেথাকে। কিন্তু ৰিপোৰ্ট অস্বাভাৱিক হ’লে, অৰ্থাৎ বীৰ্য্যত থকা শুক্ৰাণুৰ ক্ৰূটি থকাটো ধৰা পৰিলে অতিৰিক্ত অন্য কেইটিমান পৰীক্ষা কৰোৱাব লগা হ’ব পাৰে।

পুৰুষ প্ৰজনন অক্ষম হ’লে কি কৰিব -

পুৰুষ এজনৰ প্ৰজনন অক্ষমতাৰ কথা জানিব পাৰিলে প্ৰথমে পুৰুষজনৰ জীৱনশৈলী সলনি কৰিব লাগে।

*পুষ্টিকৰ স্বাস্থ্যসন্মত আহাৰ খোৱাৰ লগতে সতেজ ফল-মূল, শাক-পাচলি আদি খোৱাৰ পৰামৰ্শ দিয়া হয়।

*ৰোগীক ধূমপান, সুৰাপান আদিৰ অভ্যাস পৰিত্যাগ কৰাৰ লগতে অধিক মানসিক চাপৰ পৰা মুক্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হয়।

*যোগাসন কৰিবলৈ পৰামৰ্শ দিয়া হয়।

*প্ৰতিদিনে শাৰীৰিক সম্পৰ্ক কৰাৰ পৰিৱৰ্তে তিনি দিনৰ মূৰে মূৰে শাৰীৰিক সম্পৰ্ক কৰিবলৈ পৰামৰ্শ দিয়া হয়।

সামান্য পৰিমাণে শুক্ৰাণুৰ বিসংগতি থাকিলে ঔষধ খাই এই সমস্যা আঁতৰাব পাৰি। ইয়াৰ বাবে কেইবাবিধো ঔসধ পোৱা যায়। মধ্যমীয়া বা গুৰুতৰ অস্বাভাৱিকতাবোৰো আজিকালি প্ৰজনন সহায়ক প্ৰযুক্তি কেন্দ্ৰবোৰত(ART, Assisted Repoductive Techniques) পাব পৰা অত্যাধুনিক প্ৰযুক্তিৰ সা-সুবিধাৰ বাবে নিৰাময়যোগ্য হৈ উঠিছে। ICSI, IMSI আদি নতুন প্ৰযুক্তিৰ সহায়েৰে একেবাৰে শুক্ৰাণু নথকা পুৰুষ এজনেও পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিব পৰা হৈছে।

এই কম পৰিসৰৰ লেখাটোৰ দ্বাৰা পঢ়ুৱৈৰ মাজত এই সম্পৰ্কে এটি সচেতনতা আনিবলৈহে চেষ্টা কৰা হৈছে। এটি সুস্থ ডিম্বাণুৰ মিলনৰ ফলত এটি মানৱ ভ্ৰূণ সৃষ্টি হোৱাটো অৰ্থাৎ গৰ্ভধাৰণ কৰাটো এটি প্ৰাকৃতিক প্ৰক্ৰিয়া। পুৰুষ অথবা মহিলাগৰাকীৰ যদি সন্তান জন্ম দিয়া অক্ষমতা থাকে, তেতিয়াহ’লে ভাগ্যক ধিয়াই থকাৰ পৰিৱৰ্তে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত এটি সন্তানৰ পিতৃ-মাতৃ হ’বলৈ আগবাঢ়ি আহক।

এইবাৰ আমি পুৰুষত্বহীনতাৰ একেবাৰে শেহতীয়া চিকিৎসা পদ্ধতি ICSI আৰু IMSI সম্পৰ্কে আলোকপাত কৰিবলৈ চেষ্টা কৰিছো।

পুৰুষত্বহীনতাৰ আধুনিক চিকিৎসা -

ICSI(Intra Cytoplasmic Sperm Injection):

১৯৯০ চনলৈকে কোনো দম্পতীৰ স্বামী যদি সন্তান জন্ম দিবলৈ অক্ষম তেতিয়া কোনো দাতাৰ পৰা শুক্ৰাণু সংগ্ৰহ কৰি মাতৃগৰাকীক গৰ্ভধাৰণ কৰোৱাৰ বাহিৰে অন্য উপায় নাছিল। ইয়াৰ ফলত পদ্ধতিয়ে ইয়াৰ উপযুক্ত লক্ষ্য পূৰণ কৰাত ব্যৰ্থ হৈছিল। কিন্তু এই প্ৰক্ৰিয়া সকলোৰে মনোবাঞ্ছা পূৰণ কৰিব পৰা নাছিল। কিন্তু ১৯৯২ চনত ICSI পদ্ধতিৰে আমেৰিকাত শিশু এটিৰ জন্ম দিব পৰা গ’ল আৰু তেতিয়াৰ পৰাই এই দিশত এক নতুন বৈপ্লৱিক তৰংগৰ সূচনা হ’ল। যিসকল পুৰুষৰ বীৰ্যত শুক্ৰাণু একেবাৰে কম বা শুক্ৰাণু একেবাৰে নাই, তেনে লোকৰ বাবে ICSI চিকিৎসাই আশাৰ বতৰা আনিলে।

ICSI প্ৰক্ৰিয়াত মাথোঁ গেতা শুক্ৰাণু ডিম্বাণুৰ ভিতৰলৈ পোনে পোনে ইনজেক্ট কৰি দিয়া হয়। এই প্ৰক্ৰিয়া একেবাৰে প্ৰজনন অক্ষম(তেনেই কম শুক্ৰাণু বা একেবাৰে শুক্ৰাণুবিহীন)পুৰুষৰ ক্ষেত্ৰতহে প্ৰয়োগ কৰা হয়।

ICSI পদ্ধতি কি ধৰণৰ -

ডিম্বাণু সংগ্ৰহ কৰা হয়:

প্ৰথমে ইনজেকচনৰ সহায়ত মহিলাগৰাকীৰ ডিম্বাশয়ত বহু বেছিকৈ ডিম্বাণু উৎপন্ন কৰি লোৱা হয়। আল্ট্ৰাচাউণ্ড পদ্ধতিৰ সহযোগত এটা সূক্ষ্ম নিডলৰ(Needle) সহায়ত ডিম্বাণুবোৰ শৰীৰৰ বাহিৰলৈ অনা হয়। ডিম্বাণুবোৰ সংগ্ৰহ কৰাৰ পিছত ইনকুবেটৰত(Incubator) ৰখ হয়।

শুক্ৰাণু সংগ্ৰহ:

মহিলাগৰাকীৰ শৰীৰৰ পৰা ডিম্বাণু সংগ্ৰহ কৰাৰ দিনাই পুৰুষজনৰ পৰাও বীৰ্য সংগ্ৰহ কৰা হয়। বীৰ্যত শুক্ৰাণু নথকা লোকৰ ক্ষেত্ৰত অণ্ডকোষৰ পৰা শুক্ৰাণু পুনৰুদ্ধাৰ কৰিবলৈ স্থানীয় এনাছথেচিয়া দি Testicular Sperm Aspiration, TESA আৰু TesticularSperm Extraction, TESE প্ৰয়োগ কৰা হয়।

*৩-৪ ঘন্টাৰ পিছত ইনকুবেটৰৰ পৰা ডিম্বাণুবোৰ উলিয়াই ICSI Dish নামৰ এক প্ৰকাৰৰ বিশেষ পাত্ৰত ৰখা হয়। প্ৰতিটো ডিম্বাণু বিশেষ নলীত ভৰাই ৰখা হয়। এটি কোমল, জোঙা আৰু ফোঁপোলা ক্ষুদ্ৰ নিডল ব্যৱহাৰ কৰি এটি শুক্ৰাণুক লৰচৰ কৰিব নোৱাৰা কৰি লৈ তুলি অনা হয়। এই শুক্ৰাণুটোক ডিম্বাণুৰ একেবাৰে কেন্দ্ৰস্থলত ইনজেক্ট কৰি নিডলটো উলিয়াই অনা হয়। এই পদ্ধতিৰে প্ৰতিটো ডিম্বাণুতে শুক্ৰাণু ইনজেক্ট কৰা হয়। ডিম্বাণুবোৰ শুক্ৰাণুৰ সৈতে নিষিক্ত হৈছে নে নাই, সেই কথা পিছদিনা পুৱা নিৰীক্ষণ কৰা হয়।

এই প্ৰক্ৰিয়াৰে ৬০ৰ পৰা ৭০ শতাংশ দম্পতীৰ ক্ষেত্ৰতে সফলতা পোৱা যায়।

IMSI(Intracytoplasmic Injection of Morphologically Selected Sperm Injection):

পুৰুষত্বহীনতা দূৰীকৰণৰ বাবে এই চিকিৎসা পদ্ধতি একেবাৰে শেহতীয়াকৈ উদ্ভাৱন কৰা হৈছে। ২০০২ চনত ইজৰাইলত পোন প্ৰথম বাৰৰ বাবে এই পদ্ধতি ব্যৱহাৰ কৰা হয়। IMSI প্ৰক্ৰিয়াত মাইক্ৰোইনজেকছন প্ৰয়োগ কৰাৰ আগতেই শুক্ৰানুবোৰ নিৰ্বাচন কৰি লোৱা হয়। এই পদ্ধতিটো এটি ইনভাৰ্টেড মাইক্ৰোস্ক’পৰ সহায়ত কৰা হয়। ইয়াৰ মেগনিফিকেচন ক্ষমতা ৬০০০ৰ পৰা ৮০০০ গুণ বেছি। ICSI পদ্ধতিত ব্যৱহাৰ কৰা মাইক্ৰোস্ক’পৰ মেগনিফিকেচন ক্ষমতা মাত্ৰ চাৰিশ গুণ। এই যন্ত্ৰৰ সহায়ত এমব্ৰাযোল’জিষ্ট এজনে শুক্ৰাণুৰ আন্তঃগাঠনি পৰীক্ষা কৰিব পাৰে। এই চিকিৎসা শুক্ৰাণুৰ অতিমাত্ৰা অস্বাভাৱিকতা(Teratozoospermia) থকা লোকৰ বাবে বিশেষভাৱে কাৰ্যকৰী। যদি শুক্ৰাণুৰ আন্তঃগাঠনিত কোনো সলনি কৰিব নলগাকৈ বাছনি কৰিব পাৰি, তেতিয়াহ’লে ডিম্বাণুৰ সৈতে নিষিক্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় আৰু জৰায়ুত সংস্থাপন কৰাৰ লগতে গৰ্ভপাত কৰাৰ আশংকাও হ্ৰাস পায়।

IUI(Intra Uterine Insemination)-

IUI চিকিৎসা সামান্য পৰিমাণে শুক্ৰাণুৰ সমস্যা থকা লোকৰ বাবে কম খৰচী প্ৰথম শাৰীৰ চিকিৎসা পদ্ধতি। এই পদ্ধতিত স্খলিত হোৱা শুক্ৰাণুবোৰ ধুই লোৱা হয় আৰু এটি ৰাসায়নিক মাধ্যমত থুপ খুৱাই লোৱা হয়। পিছত এই শুক্ৰাণুবিলাক এডাল সূক্ষ্ম কেথেটাৰৰ সহায়ত জৰায়ু গ্ৰীবা(Cervix) মাজেৰে জৰায়ুগহ্বৰলৈ ইনজেক্ট কৰি দিয়া হয়। প্ৰতি ঋতুচক্ৰত এই পদ্ধতিৰ সফলতাৰ হাৰ ১২ৰ পৰা ১৮ শতাংশ। যদি মহিলাগৰাকীৰ বয়স ৩৫ৰ কম আৰু পুৰুষত্বহীনতা সময় তিনি বছৰতকৈ কম হয়, তেতিয়া এই পদ্ধতি বিশেষভাৱে কোনো পৰীক্ষাৰ দ্বাৰা ধৰা নপৰা পুৰুষত্বহীনতাৰ ক্ষেত্ৰত বিশেষ উপযোগী।

এই অতি আন্তৰিকতাৰে সন্তান জন্ম দিব বিচৰা প্ৰতিটো দম্পতীৰ সচেতনতা সৃষ্টিৰ উদ্দেশ্যে এই সৰু লেখাটো যুগুত কৰিছো। লগতে অত্যাধুনিক নতুন প্ৰযুক্তিৰ দ্বাৰা এনে নিঃ সন্তান দম্পতীয়ে যাতে সন্তান লাভ কৰিবলৈ সক্ষম হয়, সেই উদ্দেশ্যে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছো।

লেখিকা: ডাঃ অৰ্পিতা শৰ্মা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.86363636364
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top