মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / শিশুৰ প্ৰতিপালনত মাতৃৰ ভূমিকা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ প্ৰতিপালনত মাতৃৰ ভূমিকা

শিশুৰ প্ৰতিপালনত মাতৃৰ ভূমিকাৰ বিষয়ে

“পিতা স্বৰ্গ, পিতা ধর্ম, পিতাহি পৰমং তপঃ–সংস্কৃত শ্লোকৰ এই অংশেৰে পিতৃক শ্রেষ্ঠ ৰূপত প্রতিপন্ন কৰাৰ লগতে তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ আহ্বান জনাইছে। মাতৃৰ স্বৰূপ বন্দনা কৰি কোনো সাহিত্য বা ভাষাই কবিতা ৰচনা কৰা নাইবা শ্লোক লিখি উলিওৱা নাই।

ৰক্ষণশীল ভাৰতীয় সমাজ ব্যৱস্থাৰ কথাটো বাদেই, বিশ্ব ইতিহাসৰ পাত লুটিয়ালে পৃষ্ঠাই পৃষ্ঠাই দেশ, জাতি, ধর্ম নির্বিশেষে শিশুৰ প্ৰতিপালনত মাতৃৰ অনিবার্য ভূমিকাৰ কথা পৰিদৃশ্যমান। তথাপি সাহিত্যত মাতৃৰ আদৰ্শেৰে অনুপ্রাণিত হোৱাৰ আহ্বান বা উপদেশ নাই। মানৱজাতিৰ লগতে জীৱ-জন্তু, পশু-পক্ষ, কীট-পতংগৰ অধ্যয়নেও এটা কথা স্পষ্ট কৰি দিয়ে যে, প্ৰতিটো শিশুৰ প্রতিপালন তথা জীৱনশৈলী গঢ়াত মুখ্য ভূমিকা পালিত হয় মাতৃৰ দ্বাৰা। খাদ্যসম্ভাৰ সংগ্ৰহ আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব পুৰুষজনে গ্রহণ কৰিলেও ঘৰখনৰ আভ্যন্তৰীণ আৰু সন্তান প্রতিপালনৰ অলিখিত দায়িত্ব সাধাৰণতে মাতৃয়েহে বহন কৰে। সমাজৰ সকলোৰে অৱগত যে, ঘাটমাউৰা সন্তান গৰাকীবিহীন পণ্যৰ দৰে আৰু সততে বিপথে পৰিচালিত হোৱাৰ আশংকা ৰাখে। ই মাতৃৰ প্রতিপালনৰ অভাৱৰ উপলব্ধি। জ্যোতিষ শাস্ত্ৰৰ মতে প্ৰতিজন ব্যক্তিৰ ভৱিষ্যৎ গঢ়াত মাতৃস্থানত থকা গ্ৰহৰ প্রভাৱে যথেষ্ট ক্ৰিয়া কৰে। ই যুগাৰৰ পৰা চলি অহা শিশু তথা ব্যক্তিৰ জীৱনত মাতৃ প্ৰভাৱৰ মূৰ্ত প্ৰকাশ।

মাতৃয়ে সন্তানক অকল মোহজালেৰে আৱদ্ধ কৰি ৰখাই নহয়, জীৱন দৰ্শনৰ প্ৰথম পাঠ শিকায়। অকল স্বাস্থ্যৰ যত্ন লোৱাই নহয়, মনৰ খোৰাকো যোগায়। পৃথিৱীত নিজৰ ভৰিত থিয় হৈ খোজ কাঢ়িবলৈ আৰু পাৰিপাৰ্শ্বিকতাৰ লগত পৰিচিত হোৱাৰ সুযোগ দিয়ে। ভাল-বেয়া, দুখ-বেদনা, সুখ-সমৃদ্ধি আৰু পোৱা-নোপোৱাৰ সীমাৰেখাডাল মানসপটত অংকিত কৰে।

আচৰণ, আধ্যাত্মবাদ আৰু সম্বন্ধৰ দুৱাৰখন খুলি দিয়ে। আবেগ, অনুভূতিৰ আচ্ছাদ দিয়ে। এইবোৰ মানৱ জীৱন আৰু সমাজ দৰ্শনৰ আদিপাঠ। এই পাঠ অধ্যয়ন কৰি স্কুলত নোযোৱাকৈও মানুহ জ্ঞানী হ’ব পাৰে। সজ মনৰ অধিকাৰী হ’ব পাৰে। নিজৰ জীৱন সত্তাৰ পুর্ণ বিকাশ সাধন কৰিব পাৰে। লিপিৱদ্ধ শিক্ষা মানৱ জীৱনৰ অলংকাৰ মাত্ৰ।

উকা কাগজত যি ৰং যি ৰূপে লগোৱা হয়, তেনে ৰঙেৰে ৰঙীন আৰু তেনে ৰূপত দৃষ্টিমান হয়। শিশুৰ মনস্তত্ত্ব এখন উকা কাগজৰ দৰে। মাতৃয়ে ভাত যি ৰং সানে সেই ৰঙেৰে সন্তানৰ অন্তৰখন ৰঙিয়াল হয়। ই প্রধানতঃ নিৰ্ভৰ কৰে মাতৃ সত্তাৰ জ্ঞান, বুদ্ধি আৰু পৰিকল্পনাৰ ওপৰত।

মাতৃয়ে সন্তান প্রতিপালনত কি ভূমিকা পালন কৰে, তাৰ ওপৰত সমাজ গঠন প্রক্রিয়া জড়িত। জন্মদাত্ৰী নহৈও মাতৃৰ ভূমিকা পালনেৰে পালিত সন্তানক গঢ় দিবলৈ চেষ্টা কৰাৰ তথ্যও নোহোৱা নহয়। সমাজ ব্যৱস্থাই তাক কিদৰে গ্ৰহণ কৰে আৰু তাৰ ফলাফলেই বা কি হয় সি লক্ষণীয়।

শিশুৰ মানসিক, আধ্যাত্মিক, শৈক্ষিক, বৌদ্ধিক তথা সৰ্বাংগীন বিকাশৰ হকে বিশ্বৰ সবাতোকৈ বৃহত্তম আৰু গৱেষণাভিত্তিক বিশ্বসংস্থাৰ আৰ্থিক অনুদানেৰে চালিত সংহত শিশু উন্নয়ন’ আঁচনিও এই একেটা সূত্ৰৰ আধাৰতে প্রতিষ্ঠিত। শিশুৰ প্ৰতিপালনত মাতৃৰ ভূমিকা উপলব্ধি কৰিয়েই এক সুস্থ মানৱজাতি গঢ়াৰ উদ্দেশ্যেৰে বিজ্ঞানসন্মত আৰ্হিৰে বুজাবলৈ প্রশিক্ষিত অংগনবাদী কৰ্মীসকলক নিয়োগ কৰা হৈছে। এওঁলোকে মাতৃসকলক সন্তান প্রতিপালন, স্বাস্থ্য, পুষ্টি আৰু পাৰিপাৰ্শ্বিকতাৰ দিশত প্রশিক্ষিত কৰে। অকল প্রশিক্ষিত কৰাই নহয় নিজে দ্বিতীয় মাতৃৰ ভূমিকা পালন কৰে। যুগৰ পৰিৱৰ্তনলৈ চাই আৰু উপযুক্ত সময়ত সৰ্বাংগীন বিকাশৰ হেতু সমগ্ৰ বিশ্বই ইয়াৰ কাৰ্যকাৰিতা উপলব্ধি কৰি ইয়াৰ কার্যক্ষেত্ৰ বিশ্বৰ প্ৰতিটো চুকে-কোণে বিয়পাই তুলিছে। আচৰণত বিসংগতি থাকিলেও সন্তান প্রতিপালনত মাতৃৰ ভূমিকাইহে মুখ্য ৰূপ গ্ৰহণ কৰে তাত কোনো দ্বিমত নাই। ইয়াতো কোনো মতবিৰোধ থাকিব নোৱাৰে যে, প্ৰতিগৰাকী মাতৃয়েই সন্তানৰ আদিগুৰু, মাতৃয়েই সন্তানৰ প্রথম প্রেয়সী তথা জগৎপ্ৰেমৰ গুৰু, চিকিৎসক, প্রতিপালনকাৰী ধাত্রী,ৰক্ষাকবচ, অন্নদাত্রী আদি বহুতো। জীৱিকা, আচৰণ, জীৱন দৰ্শন সকলো আদিপাঠ শিকোৱা শিক্ষাগুৰুও মাতৃয়েই। সেয়েহে আমি ক’ব নোৱাৰোন ‘মাতা স্বৰ্গ, মাতা ধর্ম, মাতাহি পৰমং তপঃ’।

লিখক: পংকজ কুমাৰ শর্মা, সাদিন।

2.91304347826
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top