জৰায়ুমুখৰ কৰ্কট ১৮-৪৫ বছৰ বয়সৰ নাৰীসকলৰ কৰ্কটজনিত মৃত্যুৰ এক প্ৰধান কাৰণ। পৃথিৱীৰ ভিতৰতে সৰ্বাধিক জৰায়ুমুখৰ কৰ্কট ৰোগী ভাৰতত আছে। তথ্য অনুসৰি ভাৰতত প্ৰতি বছৰে প্ৰায় ৭২,০০০ গৰাকী মহিলাই জৰায়ুমুখৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ অকালতে মৃত্যুবৰণ কৰে। ই সমগ্ৰ বিশ্বৰ মুঠ মৃত্যুৰ সংখ্যাৰ এক চতুৰ্থাংশতকৈও অধিক। অকল ভাৰত, চীন, ব্ৰাজিল, বাংলাদেশ আৰু নাইজেৰিয়া-এই পাঁচখন দেশতে সমগ্ৰ পৃথিৱীৰ ৫০ শতাংশতকৈও অধিক জৰায়ুমুখৰ কৰ্কটজনিত মৃত্যু ঘটে।
এই ভয়াৱহ জৰায়ুমুখৰ কৰ্কট যোৱাৰ সম্ভাৱনা আগতীয়াকৈ এটি তুলনামূলকভাৱে সহজ পদ্ধতিৰে জানিব পৰা যায়-যাক কোৱা হয় ‘পেপানিকুলো পৰীক্ষা’ বা চমুকৈ ‘পেপ পৰীক্ষা’। ১৯২৭ চনত গ্ৰীচ দেশীয় চিকিৎসক জৰ্জিয়াছ পেপানিকুলোৱে এই পদ্ধতি উদ্ভাৱন কৰিছিল। অৱশ্যে এই আৱিষ্কাৰত ৰোমানিয়াৰ চিকিৎসক অ’ৰেল বেবছৰ অৰিহণা থকা বুলি পিছত ন’বেল বিশেষজ্ঞসকলে মত পোষণ কৰিছে।
সাধাৰণভাৱে ২১-২৫ বছৰ বয়সৰ পৰা আৰম্ভ কৰি প্ৰতি ৩-৫ বছৰৰ ব্যৱধানত (যদিহে পূৰ্বৰ পেপ পৰীক্ষা স্বাভাৱিক থাকে) সকলো মহিলাই ৫০-৬০ বছৰ বয়সলৈকে নিয়মীয়াকৈ পেপ পৰীক্ষা কৰালে জৰায়ুমুখৰ অস্বাভাৱিকতা সম্পৰ্কে সতৰ্ক থাকিব পাৰে। ২১ বছৰৰ তলৰ মহিলাসকলৰ বাবে এই পৰীক্ষা উপযোগী নহয়। তেনেদৰে ৬৫ বা ততোধিক বছৰ বয়সৰ মহিলাৰ ক্ষেত্ৰত (যদিহে পূৰ্বৰ পেপ পৰীক্ষাৰ ফলাফল স্বাভাৱিক থাকে) এই পৰীক্ষা প্ৰয়োজনীয় নহয়। সমীক্ষাৰ পৰা দেখা গৈছে যে নিয়মীয়া পেপ পৰীক্ষাই জৰায়ুমুখৰ কৰ্কট ৰোগত মৃত্যুৰ হাৰ ৮০ শতাংশলৈকে কমাব পাৰে।
পেপ পৰীক্ষাৰ বাবে ‘স্পেকুলাম’ আৰু ‘এলিচবাৰি স্পেচুলা’ ৰ জৰিয়তে মহিলাগৰাকীৰ জৰায়ুমুখৰ পৰা ‘স্ক্ৰেপিং’ পদ্ধতিৰ দ্বাৰা কোষ সংগ্ৰহ কৰা হয়। ই এক নিৰাপদ আৰু কষ্টহীন প্ৰক্ৰিয়া-য’ত সংশ্লিষ্ট মহিলাগৰাকীয়ে কোনো বিষ বা যন্ত্ৰণা অনুভৱ নকৰে। যদিহে মহিলাগৰাকীয়ে বিষ অনুভৱ নকৰে। যদিহে মহিলাগৰাকীয়ে বিষ অনুভৱ কৰে, তেন্তে কোষ সংগ্ৰহ কৰি থকা চিকিৎসক বা চিকিৎসাকৰ্মীক লগে লগে জনাব লাগে। এনে অবাঞ্ছিত বিষ বা যন্ত্ৰণা জৰায়ুমুখৰ অইন কোনো অস্বাভাৱিকতা বা ৰোগৰ লক্ষণ হ’ব পাৰে। কোষ সংগ্ৰহৰ সামান্য তেজ বিৰিঙা বা পনীয়া শৌচ হ’ব পাৰে। এয়া কোনো ভয় খাবলগীয়া কথা নহয়। বয়স নিৰ্বিশেষে কাহানিও যৌন সম্পৰ্ক নকৰা মহিলাৰ ক্ষেত্ৰত এই পৰীক্ষা প্ৰয়োজনহীন বুলিয়েই ক’ব পাৰি। এইচ পি ভি ভেকচিন লোৱা মহিলায়ো নিয়মীয়া পেপ পৰীক্ষা কৰোৱা উচিত। মাহেকীয়া ঋতুস্ৰাৱ হৈ সময়ত এই পৰীক্ষা নকৰোৱাই ভাল। সংগ্ৰহৰ পিছত নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে ৰঞ্জিত কৰি কোষসমূহ অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা পৰীক্ষা কৰা হয়। আজিকালি কোষ অধ্যয়নৰ বাবে কম্পিউটাৰ নিয়ন্ত্ৰিত স্বয়ংক্ৰিয় সঁজুলিও ওলাইছে।
পৰীক্ষাৰ অন্তত যদিহে কোষবোৰ স্বাভাৱিক পোৱা হয়, তেন্তে কমেও তিনি বছৰলৈ পুনৰ পৰীক্ষা নকৰালেও হয়। ৩-৫ বছৰ পিছত পুনৰ পৰীক্ষা কৰাব লাগে। আনুবীক্ষণিক পৰীক্ষাত কোষবোৰত প্ৰদাহৰ লক্ষণ প্ৰকাশ পালে ছমাহৰ পিছত পুনৰ পৰীক্ষা কৰোৱা উচিত। পেপ পৰীক্ষাত কোষৰ অস্বাভাৱিকতা পৰিলক্ষিত হ’ল লগে লগে ‘বায়’পছী’ কৰাব লাগে। বায়’পছীত অস্বাভাৱিকতা বা ৰোগ নিশ্চিত হ’লে সেই অনুসাৰে বিহিতি ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
আমেৰিকা যুক্তৰাজ্য, ইংলেণ্ড আদি দেশ সক্ৰিয় যৌন-জীৱনত প্ৰজননক্ষম বয়সৰ সকলো ব্যৱধানত পেপ পৰীক্ষা নিয়মামাফিক কৰা হৈছে-যাৰ ফলত তেনে দেশসমূহত জৰায়ুমুখৰ কৰ্কট ৰোগত মৃত্যুবৰণ কৰা মহিলাৰ সংখ্যা অতি কম। ভাৰতকে ধৰি অন্য কেতবোৰ দেশত পেপ পৰীক্ষা এতিয়াও নিয়মমাফিক কৰাৰ নীতি প্ৰচলন হোৱা নাই। সমস্যাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় মহিলাই নিজা খৰচত হ’লেও নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নিয়মীয়াকৈ পেপ পৰীক্ষা কৰাই নিজকে এনে দুৰাৰোগ্য ব্যাধিৰ পৰা বচাই ৰখা অতিকৈ প্ৰয়োজন।
লিখক: ডা: ৰমেন কুমাৰ কাকতি, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 1/31/2019