মহিলাৰ জননেন্দ্ৰিয় কোনোটো অংশ অথবা দেহৰ ভিতৰত থকা আন কোনোবাটো অংশত হোৱা ৰোগৰ বাবেও জৰায়ুৰ অস্বাভাৱিক ৰক্তক্ষৰণ হ’ব পাৰে। জৰায়ুৰ পৰা হোৱা অস্বাভাৱিক ৰক্তক্ষৰণৰ ক্ষেত্ৰত ২৫-৩০ শতাংশ ক্ষেত্ৰতে ৰোগ জড়িত হৈ থাকে। ইয়াৰো বেছিভাগ ক্ষেত্ৰত প্ৰজনন পথ বা প্ৰজনন অংগৰ প্ৰদাহ নতুবা কৰ্কট ৰোগেই কাৰণ হৈ উঠে। যদিও অন্যান্য কিছুমান দৈহিক ৰোগৰ কথাও নুই কৰিব নোৱাৰি।
প্ৰজনন পথ জনিত কাৰণবোৰৰ ভিতৰত যৌনাঙ্গত লগা আঘাত, যৌন অত্যাচাৰ, যৌনদ্বাৰৰ প্ৰদাহ বা ভেজাইনাইটিছ, ডিম্বনলী বা ফেল’পিয়ান টিউবৰ প্ৰদাহ বা ইনফেকচন আৰু টিউমাৰ, জৰায়ুৰ গা বা জৰায়ুৰ মুখত (চাৰ্ভিক্স) হোৱা টিউমাৰ আৰু কেনচাৰ, অভেৰী বা ডিম্বগ্ৰন্থীৰ টিউমাৰ বা চিষ্ট বা কেনচাৰ ইত্যাদি উল্লেখযোগ্য। তদুপৰি জৰায়ুৰ ভিতৰত থকা জন্ম নিয়ন্ত্ৰক কোনো পদ্ধতিৰ স্থানচ্যুত ঘটিলে বা অৱলম্বনত বিঘিনি ঘটিলেও জৰায়ুৰ ভিতৰৰ পৰা ৰক্তস্ৰাৱ হয়। অন্যান্য দৈহিক ৰোগৰ ভিতৰত তেজৰ গঠনত খেলিমেলি হোৱা ৰক্তজনিত ৰোগ, ব্লাড কেন্সাৰ, থাইৰয়েড গ্ৰন্থিৰ ক্ৰিয়াত বিকৃতি ইত্যাদিয়েই প্ৰধান।
ৰোগজনিত জৰায়ুৰ ৰক্তস্ৰাৱৰ ক্ষেত্ৰত মহিলাৰ বয়সে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৈশৱ কাল, প্ৰজনন কাল, বয়ঃসন্ধি কাল, ৰজোঃনিবৃত্তি কাল, ৰজোঃনিবৃত্তিৰ পিছৰ কাল (পোষ্ট মেন’পজ)-এই কালসমূহৰ ভূমিকা বেলেগ বেলেগ প্ৰকাৰৰ হয়। ইয়াৰে ভিতৰত উল্লেখযোগ্য কাল হ’ল ৰজোঃনিবৃত্তি কালৰ পিছৰ সময়ছোৱা। যি সময়ছোৱাত জননেন্দ্ৰিয়ৰ কেনচাৰৰ ঘটনা সৰ্বাধিক হয়।
লিখক: ডাঃ দীনেশ শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 5/2/2020
‘প্ৰোষ্টেটাইটিচ্’: বয়সস্থ পুৰুষৰ এক জটিল ৰোগ।
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা
অৰ্শ (পাইলচ) ৰোগৰ মহৌষধ ফুটকলা গছৰ পাত
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা