অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰীৰ বক্ষৰ সমস্যাঃ

স্পৰ্শকাতৰ এই বিষয়টোৰ লগত বহুতো সূক্ষ্ম কথা জড়িত হৈ আছে৷ সঘনাই নহ’লেও মাজে মাজে বাতৰিত পঢ়িবলৈ পোৱা যায় – অমুক নায়িকা বা মডেলে তেওঁৰ বক্ষৰ প্লাষ্টিক চাৰ্জাৰী কৰি স্তনৰ আকাৰ ডাঙৰ বা সৰু কৰি লৈছে৷ মই ইয়াত বলিউডৰ সেই মহিলাসকলৰ নাম উল্লেখ কৰি পৃষ্ঠা ভৰাব খোজা নাই৷ আপোনাসকলে হয়তো নুশুনাকৈ থকা নাই যে হলীউডৰ নায়িকাসকলে বক্ষৰ বীমাও কৰাই ৰাখে৷ এজন চিকিৎসকৰ দৃষ্টিৰে কাকো লঘু নকৰাকৈ নাৰীৰ এই গোপন অংগৰ বিষয়ে কিছু লাগতিয়াল কথা সংবেদনশীল পাঠকসকলক আৰু বিশেষকৈ মহিলাসকলক অৱগত কৰাব খুজিছোঁ৷

চিৰন্তন কালৰ পৰা নাৰীৰ স্তনযুগল সৌন্দৰ্য্যৰ প্ৰতীক হিচাপে চিহ্নিত হৈ আহিছে৷ নালন্দাৰ খনন কাৰ্য্যত উদ্ধাৰ হোৱা নাৰী মূৰ্তিয়েই হওক, খাজোৰাহোৰ মন্দিৰত বা মদনকামদেৱৰ দেৱালয়তে হওক, নাৰীমূৰ্তিত বক্ষযুগলক সদায় প্ৰাধান্য দি অহা হৈছে৷ সাহিত্য আৰু লোকসংগীতৰ ক্ষেত্ৰত, বিহুগীতত (বুকুত পদুমৰ চকা), ৰাসলীলাৰ চৰ্চাত, সংস্কৃতৰ কালিদাসেই হওক বা অইন কবি সকলৰেই হওক শৃঙ্গাৰ ৰসৰ বৰ্ণনাত স্তনৰ বিস্তৃত বিৱৰণ পোৱা যায়৷ উৰ্দূ শায়ৰ আৰু গজল গায়ক সকলো এই ক্ষেত্ৰত পিছ পৰি থকা নাই৷ ব্ৰিটিছ বা আইৰিছ কবিসকল যেনে শ্বেক্সপিয়েৰ, কীটচ, শ্যেলি, বাইৰণ, পাবলো নেৰুদা, অস্কাৰ ৱাইল্ড আদিৰ ৰোমান্টিক ৰচনাৱলীত নাৰীৰ বক্ষৰ কথা অৱশ্যেই উল্লেখ আছে৷

আকৌ নাৰীক মহীয়ান কৰে মাতৃত্বই৷ নাৰীয়ে নিজা স্তনৰ যোগেদি সন্তানক দুগ্ধপান কৰায়৷ মাতৃত্বৰ এই পৰিতৃপ্তি, এই গৌৰৱানুভূতিৰ কোনো তুলনা নাই৷ সন্তান জন্মৰ পিছৰ মাতৃ দুগ্ধত শিশুক ৰোগ প্ৰতিৰোধ কৰিব পৰা অনেক তত্ব আৰু পৰিপুষ্টিৰ যোগান ধৰা পদাৰ্থ থাকে৷ আজিৰ দিনৰ তথাকথিত ‘আধুনিক’ সেইসকল মাতৃ পুতৌ আৰু গৰিহণাৰ যোগ্য যি সকলে নিজৰ ‘ফিগাৰ’ বেয়া হোৱাৰ ভয়ত নিজ সন্তানক স্তনপান নকৰায়৷ প্ৰকৃততে নিজ শিশুক যিমান বেছি দিনলৈ পাৰে সিমান দিনলৈ স্তনপান কৰোৱাতো মাতৃ আৰু শিশু উভয়ৰ পক্ষেই মংগলজনক

বিশেষ ঘটনা

আলোচনাটো আগবঢ়োৱাৰ আগতে তিনিটা ঘটনা পাঠকসকলক জনাওঁ৷

এজন যুৱকে বিয়াৰ ৬মাহ নৌহতেই গম পালে ঘৈণীয়েকৰ এটা স্তনত টিউমাৰ হৈছে৷ এজন চাৰ্জনক দেখোৱাত ক’লে অপাৰেচন কৰিলে আৰোগ্য হ’ব৷ দম্পত্তিহালে ভয় খাই মোৰ ওচৰ চাপিল৷ গিৰিয়েকে কওঁ নকওঁকৈ সংকোচেৰে ক’লে- এনেয়ে মানুহজনীৰ স্তন দুটা সৰু, তাৰে এটা যদি কাটি পেলায় কিটো থাকিব! মই আশ্বাস দিলোঁ- এইটো এটা নিৰীহ টিউমাৰ ৷ কেইমাহমান দৰব খালে ভাল হ’ব বুলি মোৰ অনুমান৷ তিনিমাহ ভিটামিন ই ৪০০ খাবলৈ পৰামৰ্শ দিলোঁ৷ সঁচাকৈয়ে ৬মাহত টিউমাৰৰ চিনমোকাম নাইকিয়া হ’ল৷ ঘটনাটোৰ আজি কুৰি বছৰ পাৰ হ’ল৷ তিনিটি সন্তানৰ সৈতে আজি তেওঁলোকৰ সুখী পৰিয়াল৷

দ্বিতীয়টো ঘটনা আন এহাল নববিৱাহিত দম্পত্তিৰ৷ স্তনৰ টিউমাৰৰ অপাৰেচনৰ এবছৰ নৌহওঁতেই পুনৰ ৰোগে পোখা মেলাত আতংকিত হৈ মোৰ কাষ চাপিল৷ মই ডেনাজল আৰু ভিটামিন-ইৰ সৈতে কিছু বুজনি দি মাহে মাহে শৰীৰ পৰীক্ষা কৰাবলৈ আহি থাকিবলৈ পৰামৰ্শ দিলোঁ৷ দুমাহত টিউমাৰটো লুপ্ত হ’লত ডেনাজল নামৰ ঔষধটো বন্ধ কৰিলোঁ৷ আজি দহটা বছৰে মানুহজনীৰ ৰোগৰ পুনৰাবৃত্তি হোৱা নাই৷ ডেনাজল কি পিছলৈ জনাই আছোঁ৷

তৃতীয়টো ঘটনা কৰুণ৷ হাজো অঞ্চলৰ ৩০ৰ ওপৰৰ এগৰাকী যুৱতীৰ বিবাহৰ পিছত স্তনৰ টিউমাৰ ধৰা পৰিল৷ টিউমাৰৰ অপাৰেচন কৰি বায়’স্পি ৰিপৰ্টৰ যোগেদি কেঞ্চাৰ হোৱাতো নিশ্চিত হ’ল৷ গুৱাহাটীৰ বিৰুবাৰীৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিস্থানত চিকিৎসা আৰম্ভ কৰিলে৷ চাওঁতে চাওঁতে সুন্দৰ চেহেৰাৰ ছোৱালীজনীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিব ধৰিলে৷ আঁঠুলৈকে পৰা দীঘল চুলি সৰি প্ৰায় টকলা হ’ল৷ প্ৰতি দেৰ-দুমাহে তেজ লৈয়ো শৰীৰৰ কান্তি ঘূৰি নাহিল আৰু বিয়াৰ তিনিবছৰতে ইহ সংসাৰ এৰিবলগীয়া হ’ল৷ পেছাত যুৱতীগৰাকী নাৰ্চ আছিল৷ চকুৰ আগত তিলতিলকৈ মৃত্যুলৈ বাট চাবলগীয়া হোৱাটো কিমান বেদনাদায়ক ভূ্ক্তভোগী পৰিয়ালেহে বুজিব !

স্তনৰ ৰোগ

মহিলাসকলক আতংকিত কৰা স্তনৰ দুটি ৰোগ হ’ল – কৰ্কট ৰোগ আৰু ফাইব্ৰ’এডিন’মা ৷ প্ৰথমটো বিপদজনক – এবাৰ ৰোগাক্ৰান্ত হৈ চিকিৎসা লোৱাৰ পিছত ৫বছৰত পুনৰাই হয় আনটো স্তনত নাইবা একেটা স্তনত ৰোগে দেখা দিয়ে৷ উন্নত দেশসমূহত যেনে আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া, ব্ৰিটেইন, নেডাৰলেণ্ড, ডেনমাৰ্ক, চুইজাৰলেণ্ড, চুইডেন, চিংগাপুৰ আদি দেশৰ প্ৰতি ৮ৰ পৰা ১০ গৰাকী মহিলাৰ জীৱনকালত স্তনৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷ ভাৰতবৰ্ষত প্ৰতি ২২ গৰাকীৰ ভিতৰত এগৰাকীৰ এই সম্ভাৱনা থাকে৷ ফ্ৰান্সৰ ইন্টাৰনেছনেল এছ’ছিয়েচন অৱ কেঞ্চাৰ ৰিচাৰ্চৰ প্ৰকাশিত তথ্য মতে ভাৰতত প্ৰতিবছৰে ৩ শতাংশকৈ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ বৰ্তমান প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে ৮০টা কে’ছ দেখা যায়৷ ২০১৫চনত এই সংখ্যা ১৪৬জনলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ কাৰণ অত্যাধুনিক লাইফষ্টাইল বা জীৱন শৈলীৰ পৰিৱৰ্তন বুলি ঠাৱৰ কৰা হৈছে৷ ২০১১ চনৰ ১১ অক্টোবৰৰ ভাৰতৰ ডি এন এ নামৰ ইংৰাজী দৈনিকখনে ভাৰতৰ বিভিন্ন কেন্সাৰ বিশেষজ্ঞৰ উক্তিৰে এই একেটা বাতৰিকে প্ৰকাশ কৰিছে৷

বক্ষৰ কম বিপজ্জনক ফাইব্ৰএডিন’মাৰ কথা আলোচনা কৰাৰ আগতে স্তনৰ কৰ্কট ৰোগৰ বিষয়ে কিছু কথা জনাই লওঁ৷

স্তনৰ কেন্সাৰ

স্তনৰ কেন্সাৰ মহিলাৰ দ্বিতীয় সৰ্বসংখ্যক প্ৰাণ লোৱা কেন্সাৰ ৰোগ৷ ই দুই ধৰণৰ হ’ব পাৰে – ডাক্টেল কাৰচিন’মা নাইবা ল’বুলাৰ কাৰচিন’মা ৷

বয়স আৰু লিংগ- সাধাৰণতে ৫০বছৰ বয়সৰ ওচৰ চপাৰ লগে লগে কেন্সাৰৰ সম্ভাৱনা বাঢ়ে৷ পুৰুষৰো স্তনৰকৰ্কট ৰোগ হয়, কিন্তু পুৰুষৰ তুলনাত মহিলাৰ ১০০ভাগ সম্ভাৱনা বেছি৷

ফেমিলি হিস্ত্ৰি: সাধাৰণতে একে পৰিয়ালৰ লোকৰ বক্ষৰ, ক’ল’নৰ, ডিম্বাশয় বা জৰায়ুৰ কৰ্কট ৰোগ হ’লে স্তনৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বেছি দেখা যায়৷ বি আৰ চি এ-১ আৰু বি আৰ চি এ-২ জিনৰ বিজুটি ঘটিলে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা ৮০ শতাংশলৈ বৃদ্ধি পায়৷

মাহেকীয়াৰ লগত সম্বন্ধ – ১২বছৰ বয়সৰ আগতে মাহেকীয়া আৰম্ভ হোৱা (Menarche) আৰু ৫০বছৰৰ পিছত মাহেকীয়া বন্ধ হোৱা(Menopause) মহিলাৰ কৰ্কট ৰোগৰ সম্ভাৱনা বেছি দেখা গৈছে৷

হৰম’ন ৰিপ্লেচমেন্ট, গৰ্ভনিৰোধক পিল আৰু যিকোনো অসুখতে ৰেডিয়েচন থিৰাপি লোৱা মহিলাৰ কৰ্কটৰ সম্ভাৱনা বেছি৷

মদ্যপান আৰু ধূম্ৰপানো এনে কেন্সাৰৰ কাৰক বুলি চিহ্নিত হৈছে৷

গৰ্ভধাৰণৰ বয়স – যিসকল মহিলা ৩০ৰ তলত বা কম বয়সত গৰ্ভৱতী হয় – তেওঁলোকৰ কেন্সাৰৰ সম্ভাৱনা কম৷

আৰু অন্যান্য কিছু কাৰকৰ বিষয়ে পিছত আলোচনা কৰিম৷

এতিয়া চমুকৈ স্তনৰ কৰ্কট ৰোগৰ বৰ্ণনা দিওঁ :-

বক্ষত টেমুনা (Lump ) হোৱা – টান, খহটা, চুক-কোণবিলাক বিশৃঙ্খল আৰু সাধাৰণতে বিষ নোহোৱা৷

স্তনৰ আকৃতি প্ৰকৃতি সলনি হোৱা – স্তন আৰু নিপ’লৰ বৰণ, স্থান আৰু দেখিবলৈ স্বাভাৱিক আকৃতিৰ সলনি হোৱা৷

স্তনাগ্ৰ অৰ্থাৎ নিপ’লৰ পৰা তৰল পদাৰ্থ নিৰ্গত হোৱা৷

স্তনৰ পৰা তেজ-পূঁজ ওলালে, সেই দিশত গাঙঠি উঠিলে, বাহু ফুলি উঠিলে, বিষ অনুভৱ হলে আৰু শৰীৰ ওজন হ্ৰাস হলে কৰ্কট ৰোগৰ অৱস্থা গুৰুতৰ হোৱাতো সূচায়৷

কেন্সাৰৰ চিকিৎসা তিনিধৰণে হয়৷ শল্য চিকিৎসা, কেম’থিৰাপি আৰু ৰেডিয়েচন থিৰাপি৷ ৰোগীৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসকে চিকিৎসা পদ্ধতি ঠিৰাং কৰে৷

স্তনৰ নিৰীহ টিউমাৰ ফাইব্ৰ’এডিন’মা ব্ৰে’ষ্ট

এতিয়া আনবিধ স্তনৰ নিৰীহ টিউমাৰ ফাইব্ৰ’এডিন’মা ব্ৰে’ষ্টৰ বিষয়ে আলোচনা কৰিম৷

৩০-৩৫ বছৰৰ তলৰ মহিলাৰ বক্ষত হোৱা এবিধ টিউমাৰ হ’ল ফাইব্ৰ’এডিন’মা৷ ই কৰ্কট ৰোগৰ পূৰ্বসুৰি নহয়৷ বগা ছালৰ মহিলাৰ তুলনাত ক’লা ছালৰ মহিলাৰ এই ৰোগ বেচিকৈ হয়৷ নিৰ্দিষ্ট কাৰণ জ্ঞাত নহ’লেও ইষ্ট্ৰ’জেন হ’ৰমনৰ প্ৰভাৱ টিউমাৰৰ ওপৰত পৰে বুলি প্ৰমাণিত হৈছে৷ সেয়ে মাহেকীয়াৰ বিভিন্ন সময়ত,গৰ্ভধাৰণ আৰু মাহেকীয়া বন্ধ হ’বৰ সময়ত টেমুনাৰ আকাৰ সৰু হ’ব ধৰে৷

শৰীৰৰ সাধাৰণতে এটা স্তনতহে টেমুনা হয় যদিও ১৫শতাংশ মহিলাৰ ক্ষেত্ৰত দুয়োটা স্তনেই আক্ৰান্ত হয়৷ ১০ শতাংশ মহিলাৰ টেমুনা নিজে নিজে নাইকিয়া হয়৷ আকৌ তাৰে কিছু সংখ্যকৰ টিউমাৰৰ পুনৰ আবিৰ্ভাৱ হয়৷

বিষৰহিত টেমুনাটো মিহি, চুক-কোণ সমান,লৰচৰ কৰাব পাৰি৷ সেয়ে কেতিয়াবা ইয়াক ‘বক্ষৰ নিগনি’ও আখ্যা দিয়া হয়৷ টেমুনাটো ফাইব্ৰাচ কোষ আৰু গ্লেণ্ডুলাৰ কোষৰ সংমিশ্ৰণ৷

সাধাৰণতে ১৫ৰ পৰা ৩৫বছৰৰ মহিলাৰ ফাইব্ৰ’এডিন’মা হয়৷ গৰ্ভধাৰণ কৰিলে, মাতৃদুগ্ধ পান কৰোৱা মহিলাৰ টেমুনাৰ আকাৰ হ্ৰাস পোৱা দেখা যায়৷ এণ্টি-এণ্ড্ৰ’জেনিক ঔষধ সেৱন কৰা পুৰুষৰো ফাইব্ৰ’এডিন’মা হ’ব পাৰে৷ টিউমাৰটো এটা মটৰ মাহৰ পৰা এটা নেমুৰ সমান আকৃতিৰ হ’ব পাৰে৷

ৰোগৰ চিনাক্তকৰণ – সাধাৰণতে ৰোগীক পৰীক্ষা কৰিয়েই ফাইব্ৰ’এডিন’মা চিনাক্ত কৰিব পাৰি৷ কেতিয়াবা বক্ষৰ আলট্ৰাচাউণ্ড, এম আৰ আই বা নিডল বায়স্পিৰ সহায় লোৱা হয়৷

চিকিৎসা – কিছুসংখ্যক ৰোগীৰ অপাৰেচন কৰি ফাইব্ৰ’এডিন’মা আঁতৰ কৰা হয়৷ যদি ৰোগী কেন্সাৰৰ আশংকাত ভূগিছে নাইবা টেমুনাৰ আকাৰ ক্ৰমে খৰকৈ বাঢ়িলে,বা বিষ হ’লে এনে কৰা হয়। অন্যথাই ভিটামিন-ই, প্ৰিমৰ’জ অইল খাবলৈ দি ৰোগীক নিৰীক্ষণত ৰখা হয় আৰু বহুতৰে টিউমাৰ কেইমাহমানত লুপ্ত হয়৷

অৰমিল’স্কিফেন নামৰ নন-ষ্টেৰইডেল, নন-হৰম’নিক টেবলেট কিছুমান ৰোগীক দি ভাল ফল পোৱা গৈছে৷

আমাৰ দেশত সপ্তাহত এদিন খাবলৈ দিয়া সহেলিনাম গৰ্ভনিৰোধক পিলত অৰমিলস্কিফেন থাকে৷

আকৌ আগতে উল্লেখ কৰা ডেনাজল হ’ল এবিধ টেষ্টষ্ট’ৰেনৰ লগত মিল থকা পুৰুষ হৰম’ন৷ ইয়াক সতৰ্কতাৰে ব্যৱহাৰ কৰিব লাগে যাতে পাৰ্শ্বক্ৰিয়া যেনে ওজন বঢ়া, শৰীৰত অপ্ৰয়োজনীয়কৈ দাঢ়ি-চুলি গজা, স্ত্ৰী যৌনাংগ শুষ্ক হৈ পৰা, স্তন দুটাৰ আকাৰ সৰু হৈ পৰা আদি হ’বলৈ নাপায়৷ ডেনাজলক মহিলাৰ এণ্ডমেট্ৰিয়’ছিছ আৰু জৰায়ুৰ অকাৰণতে হোৱা ৰক্তক্ষৰণ ৰোধ কৰিবলৈও ব্যৱহাৰ কৰা হয়৷

ইয়াৰ ওপৰিও আলট্ৰাচাউণ্ডগাইডেড ক্ৰায়োচাৰ্জাৰী (অতি শীতলতা প্ৰদানৰে কৰা এক চিকিৎসা পদ্ধতি) নাইবা অত্যাধুনিক লেজাৰৰ সহায়ত টিউমাৰক আঁতৰাব পাৰি৷

নাৰীৰ বক্ষৰ স্বাস্থ্য ৰক্ষাৰ কেইটামান কথা

এতিয়া থুলমুলকৈ নাৰীৰ বক্ষৰ স্বাস্থ্য ৰক্ষাৰ কেইটামান কথা উল্লেখ কৰি লিখনি সামৰিম৷

শৰীৰৰ ওজন নবঢ়াব৷ বি এম আই ২৫ৰ ভিতৰত সদায় ৰাখিবলৈ যত্নপৰ হওক৷

সুখাদ্য খাওক৷ বিশেষকৈ ৰঙীন পাচলি আৰু ফলমূল (কমলা, বিলাহী, গাজৰ, ৰঙালাউ, তৰমুজ, ব্ৰুকলি, বন্ধাকবি, পালেং) খাদ্যৰ তালিকাত সলনাসলনিকৈ ৰাখক৷ এইবিলাকে কৰ্কট ৰোধ প্ৰতিৰোধতো সহায় কৰে৷ সদায় বেছি আঁহ থকা খাদ্যক অগ্ৰাধিকাৰ দিব৷

মদ আৰু চিগাৰেটক চিৰদিনলৈ চায়’নাৰা কৰক৷

গৰ্ভনিৰোধক বা অইন হৰম’ন ( বিশেষকৈ মেন’পজ হ’লে) ৰিপ্লেচমেন্ট দৰব পৰাপক্ষত নোলোৱাকৈ চলিবলৈ চেষ্টা কৰক৷

ভিটামিন-ই, মাল্টি ভিটামিন, এন্টিঅক্সিডেন্ট চিকিৎসকৰ লগত আলোচনা কৰি ব্যৱহাৰ কৰি নিজকে সদায় কৰ্মপটু কৰি ৰাখক৷

নিয়মীয়াকৈ ব্যায়াম, আসন কৰক নতুবা নিতৌ ৪-৫ কিলোমিটাৰ খোজ কাঢ়ক৷

যাৰ পৰিয়ালত কৰ্কট ৰোগ, বিশেষকৈ স্তনৰ বা জৰায়ুৰ হৈছে- তেওঁৰ ভগ্নীয়ে ইষ্ট্ৰ’জেন ব্লকিং এজেন্ট (টেমস্কিফেন, ৰেলস্কিফেন, এস্কমিচটেন আদি) ঔষধ ব্যৱহাৰৰ প্ৰয়োজনীয়তা সম্বন্ধে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে৷ কাৰণ এনে দৰবে কেন্সাৰৰ ৰিস্ক ৬৫ শতাংশৰো অধিক কমাব পাৰে বুলি প্ৰমাণিত হৈছে৷

নিজৰ স্তনৰ নিজে পৰীক্ষা কৰক৷ সামান্য সন্দেহজনক কিবা হোৱা যেন দেখিলেই পলম নকৰি স্বাস্থ্য পৰীক্ষা কৰাওক৷

শেষত ক’ম – আতংকিত নহব৷ সহজ সৰল জীৱন যাপন কৰক৷ মানসিক প্ৰফুল্লতা আৰু সুখাদ্যক আপোনাৰ সংগী কৰি লওক৷ ঘৰৰ মূল মহিলাগৰাকীৰ ওপৰতে গোটেই পৰিয়ালটোৰ স্বাস্থ্য আৰু সুখ-শান্তি নিৰ্ভৰ কৰে৷

ইমান দীঘল বিষয়টোৰ ওপৰত ক’বলৈ, লিখিবলৈ বহু কথাই থাকি গ’ল৷ তথাপিও বিষয়বস্তুৰ এক আভাস পাঠকে পালে বুলি জানিলে সুখী হ’ম৷

উৎসঃ আই.এন.ডি.জি

শেহতীয়া উন্নীতকৰণ: : 1/20/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate