মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / স্বাস্থ্য কথা : ডিচমেনৰিয়া – মাহেকীয়া ঋতুস্ৰাবৰ সময়ত হোৱা বিষ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য কথা : ডিচমেনৰিয়া – মাহেকীয়া ঋতুস্ৰাবৰ সময়ত হোৱা বিষ

স্বাস্থ্য কথা : ডিচমেনৰিয়া – মাহেকীয়া ঋতুস্ৰাবৰ সময়ত হোৱা বিষৰ বিষয়ে লিখা হৈছে।

বিশ্বৰ বিভিন্ন ঠাইত চলোৱা সমীক্ষা মতে ৫০% ৰো অধিকাংশ মহিলাৰ মাহেকীয়া  ঋতুস্ৰাবৰ সময়ত বিষ অনুভৱ হয়৷ ডাক্তৰীভাষাত এই অৱস্থাক ডিচমেনৰিয়া (Dysmenorrhoea) বোলে৷ গ্ৰীক শব্দ ডিচ মানে হ’ল কষ্টকৰ, মেন’ মানে হ’ল মাহিলি আৰু ৰিয় মানে হ’ল প্ৰবাহ৷ স্ত্ৰী-ৰোগ বিশেষজ্ঞসকলে মহিলাৰ সততে পোৱা অসুবিধাসমূহৰ ভিতৰত ই হ’ল এবিধ প্ৰমুখ ৰোগ৷ মাহেকীয়া ঋতুস্ৰাব হওঁতে ভূক্তভোগী এইসকল মহিলাই কম-বেচি পৰিমানে তল পেটৰ বিষ অনুভৱ কৰে৷বিষটো একে লেথাৰিয়েও থকিব পাৰে নাইবা এৰা-ধৰাকৈয়ো হব পাৰে৷  বিষটো কৰঙন আৰু পিঠিলৈয়ো বিয়পিব পাৰে ৷ মাহেকীয়া আৰম্ভ হোৱাৰ দুই এদিন আগৰ পৰাই বিষ হবপাৰে আৰু মাহেকীয়া চলি থকা দিনকেইটাত বিষ অব্যাহত থাকে৷ কিছুমানৰ লগতে অতিমাত্ৰা ৰক্তস্ৰাব হয়- এনে অৱস্থাক Menorrhagia  বোলে৷ শতকৰা দহ ভাগ মহিলাই পেটৰ বিষৰ ফলত স্কুল,কলেজ বা কামৰ ক্ষতি কৰিবলগীয়া হয়৷ আকৌ এক তথ্যমতে প্ৰতি সাতগৰাকী মহিলাৰ ভিতৰত এগৰাকীৰ পেটৰ বিষ তীব্ৰ হয়৷ আনুসংগিককিছুমান লক্ষণ দেখা পোৱা যাব পাৰে৷ সেইবিলাক হ’ল-ওকালি,বমি,মূৰৰবিষ,মূৰ-ঘূৰণি,পেটৰ অসুখ হোৱা বা শৌচ কচা হোৱা, ভাগৰ লগা, মানসিক অস্থিৰতাহোৱা, তাপ-ধ্বনি-পোহৰৰ প্ৰতি অসহিষ্ণুতা বা অতি সংবেদনশীল হোৱা, স্তনযুগলত বিষ অনুভৱ হোৱা  আদি ৷

ডিচমেনৰিয়া দুই প্ৰকাৰৰ হব পাৰে৷ মহিলাৰ স্বাভাবিকজনন তন্ত্ৰত কোনো নিৰ্দিষ্ট কাৰণ ধৰা নপৰিলে সি হব প্ৰাইমেৰী ডিচমেনৰিয়া৷জনন তন্ত্ৰৰ বিজুতিৰ ফলত বিষ হলে চেকেণ্ডৰী ডিচমেনৰিয়া- যাৰ বিভিন্ন কাৰণহব পাৰে যেনে এন্ডমেট্ৰিয়’চিচ, লিয়োমায়মা, এডিনোমাইক’চিচ, ইউটেৰাইনফাইব্ৰয়ড,অভেৰিয়ান  চিষ্ট, গৰ্ভাশয়ৰ ভিতৰত লগোৱা গৰ্ভ নিৰোধক সামগ্ৰী আদি৷

এণ্ডমেট্ৰিয়’চিচ ৰোগ চেকেণ্ডৰী ডিচমেনৰিয়াৰ এবিধ প্ৰমুখ কাৰণ৷এই ৰোগত জৰায়ুৰ কোষ (এণ্ডমেট্ৰিয়েলটিচু) শৰীৰৰ অন্যান্য ঠাইত পোৱা যায়৷ যাৰ ফলত ৰোগীৰ মাহেকীয়াৰ বিষ, অনিয়মীয়া বাবৰ্দ্ধিত ঋতুস্ৰাব, সন্তানহীনতা আদি হোৱা পৰিলক্ষিত হয়৷ ২৫ৰ পৰা ৩৫বছৰত এইৰোগ হোৱা দেখা যায়৷ পেলভিক পৰীক্ষা, ভেজাইনেল আলট্ৰাচনগ্ৰাফি আৰু পেলভিকলেপাৰস্কপিৰ যোগেদি ৰোগ চিনাক্ত কৰা যায়৷ হৰম’নৰ দ্বাৰা চিকিৎসাৰ ওপৰিওকিছুমান ৰোগীক নিৰাময়ৰ বাবে অপাৰেচন কৰিবলগীয়া হয়৷

প্ৰাইমেৰী ডিচমেনৰিয়া কম বয়সীয়া মহিলাৰ ক্ষেত্ৰতহে হয় ৷ ছোৱালীৰ প্ৰথম ঋতু্স্ৰাৱ আৰম্ভ হোৱাক ডাক্তৰী ভাষাত Menarche  বোলে৷ ঋতু্মতী হোৱাৰ পৰাকুৰিবছৰ বয়সলৈ নাইবা তাৰ সামান্য ওপৰ বয়সলৈ  প্ৰাইমেৰী ডিচমেনৰিয়া হ’বপাৰে৷বয়স বঢ়াৰ লগে লগে নাইবা সন্তান প্ৰসৱ কৰাৰ পিছত মাহেকীয়াৰ বিষটো ক্ৰমে কমি আহি নাইকীয়া হৈ পৰে৷

আনহাতে চেকেণ্ডৰী ডিচমেনৰিয়া সাধাৰণতে ৩০ৰ পৰা ৪৫ বছৰীয়া মহিলাৰহে হোৱাদেখা যায়৷ এটা সময়ত বহু বছৰলৈ নিয়মীয়া আৰু বিষ নোহোৱা মাহেকীয়া হোৱা মহিলাৰ লাহে লাহে মাহেকীয়াত বিষ হবলৈ আৰম্ভ কৰে আৰু ক্ৰমে বিষ বেচি হবলৈধৰে৷ লগত আনুসংগিক কিছুমান লক্ষণ দেখা দিব পাৰে৷ সেইবিলাক হ’ল- মাহেকীয়া অনিয়মীয়া হোৱা, ৰক্তস্ৰাৱৰ পৰিমাণ বাঢ়ি যোৱা, মাহেকীয়াৰ মাজতো কেতিয়াবা ৰক্তস্ৰাৱ হোৱা, যোনিদ্বাৰে দি স্ৰাব নিৰ্গত হোৱা, যৌন ক্ৰিয়াত কষ্ট অনুভৱ কৰা আদি৷

এতিয়া ডিচমেনৰিয়াৰ অন্তৰ্নিহিত কাৰণ অৰ্থাৎত কেনেদৰে বিষৰ উৎপত্তি হয় তাৰ বাখ্যা কৰিম৷

জৰায়ুৰ (Uterus) ভিতৰত প্ৰষ্টাগ্লেণ্ডিন এফ-২ আলফা (Prostaglandin F-2 alpha) নামৰ ৰাসায়নিক পদাৰ্থ বিধৰ ক্ৰিয়াৰ ফলত জয়াৰুৰ ভিতৰৰ লাইনিং সাজুহয় গৰ্ভধাৰণৰ বাবে৷ কিন্তু যেতিয়া সেইটো হৈ নুঠে, ডিম্বকোষ (ovum) গৰ্ভস্থ নোহোৱাৰ ফলত-তেতিয়া জয়ায়ুৰ মাংসপেশিৰ সংকোচন হয়, জয়াৰুলৈ ৰক্ত-সঞ্চালন কমি যায় আৰু মাহেকীয়াৰ ৰক্তস্ৰাৱৰ লগত বিষ হবলৈ ধৰে৷যদিও প্ৰষ্টাগ্লেণ্ডিনৰ নিয়মীয়া প্ৰক্ৰিয়াৰ যোগদিয়েই মহিলাৰ ঋতুস্ৰাৱ হয়৷ বিষ সেইসকল মহিলাৰহে হয় যাৰ ক্ষেত্ৰত এই বিধ ৰাসায়নিক পদাৰ্থ হয় বেচিকৈ নিৰ্গতহয় নতুবা মহিলাগৰাকী প্ৰষ্টাগ্লেণ্ডিনৰ প্ৰতি বেচি সংবেদনশীল(sensitive)হয়৷ মস্তিষ্কৰ পিটিউটৰি গ্ৰন্থিৰ পৰা ওলোৱা ভেচপ্ৰেচিন নামৰ হৰম’নেপ্ৰষ্টাগ্লেণ্ডিনৰ উৎপাদনত ক্ৰিয়া কৰে৷ আন এটা থিয়ৰি মতে জৰায়ুৰ ৰক্তপ্ৰবাহ হ্ৰাস পালে কিছুমান এনে পদাৰ্থৰ উৎপত্তি হয় যাৰ  ফলতটাইপ-চি বিষৰ কোষসমূহ সক্ৰিয় হৈ উঠে৷

ইয়াৰ ওপৰিও লিউক’ট্ৰিন (Leukotrin) নামৰ আন এবিধ ৰাসায়নিক তত্বৰ উৎপত্তিৰ বাবেও ডিচমেনৰিয়া হয় বুলি ভবাৰ থল আছে৷বিশেষকৈ সেইসকল মহিলাৰ ক্ষেত্ৰত যাক প্ৰষ্টাগ্লেণ্ডিন বিৰোধী দৰবে (Prostaglandin-inhibitor drugs) উপকাৰ নাসাধে৷

ডিচমেনৰিয়াক প্ৰভাৱিত কৰিব পৰা কিছুমান কাৰক হ’ল :

সোণকালে অৰ্থাৎ কম বয়সতে ঋতুস্ৰাৱ (Menarche )আৰম্ভ হোৱা; মাহেকীয়াৰ পৰিমাণ আৰু দিন বেচিহোৱা; ধপাত বা মদৰ সেৱন; মেদবহুলতা; পৰিয়ালত এনে ৰোগ থকা, জয়াৰু যদি বেকাহৈ থাকে (Retroverted Uterus); যোনিমুখ যদি বেচি সংকীৰ্ণ (Narrow Cervical canal) হয়; মানসিক অস্থিৰতা; এলেহুৱা -শাৰীৰিক শ্ৰম বিমুখতাআদি৷

ৰোগৰ চিনাক্তকৰণ বিশেষ জটিল নহয় ৷ প্ৰাইমেৰী ডিচমেনৰিয়াৰ ৰোগীক লক্ষণসমূহ সুধি প্ৰাথমিক পৰীক্ষা কৰিয়েই চিনাক্ত কৰিব পাৰি৷ জনন-তন্ত্ৰৰপৰীক্ষা তেতিয়াহে কৰাৰ প্ৰয়োজন হয়,যদি চেকেণ্ডৰী ডিচমেনৰিয়া বুলি সন্দেহকৰাৰ থল থাকে৷ চেকেণ্ডৰী ডিচমেনৰিয়া ৰ বাবে বহুখিনি পৰীক্ষাৰ আৱশ্যকতা হবপাৰে ৷ সেইবিলাক হ’ল তেজৰ টি চি,ডি এল চি, ই এচ আৰ,হিমগ্লবিন, ভি ডি আৰ এল; ভেজাইনেল স্বাব পৰীক্ষা; প্ৰসাৱ পৰীক্ষা; হিষ্ট-চালফিংগ’গ্ৰাম এক্সৰে; পেটৰ আলট্ৰাচাউণ্ড; এণ্ডমেট্ৰিয়েল বায়স্পি; লেপাৰস্কপিক পৰীক্ষা আদি৷

চিকিৎসা- চেকেণ্ডৰী ডিচমেনৰিয়াক তাৰ কাৰণ চিনাক্ত হোৱাৰ পিছত সেইমতে যথোপযুক্ত বিধান দিব লাগিব৷

প্ৰাইমেৰী ডিচমেনৰিয়াৰ চিকিৎসা :

প্ৰয়োজনীয় আশ্বাসনে ৰোগীৰ মনৰ ভিতৰৰপৰা ভীতি দূৰ কৰিব৷আহাৰ-কম চৰ্বিযুক্ত সুষম নিৰামিষ আহাৰ বেচিউপযোগী৷সহায়ক ঔষধ – ভিটামিন-ই, বি-কমপ্লেস্ক, অমেগা-৩ ফেটি এচিড ৷প্ৰধানঔষধ – ষ্টেৰইড নথকা প্ৰষ্টাগ্লেণ্ডিন বিৰোধী দৰবে(Non-Steroidal Anti Inflammatory Drugs চমুকৈ NSAID) বেচি ভাগ ৰোগীৰে কষ্টৰ উপশম ঘটায়৷নেপ্ৰস্কেন, আইব্ৰুপ্ৰফেন,কিটোপ্ৰফেন,মেফেনেমিক এচিড,ডাইক্লফেনেক আদি এইশ্ৰেণীত পৰে৷ এনে দৰবে প্ৰষ্টাগ্লেণ্ডিন ৰ উৎপাদনত বাধা দিয়াৰ ফলত ৰোগীৰবিষৰ উপশম ঘটে৷ সাধাৰণতে এইবিলাকৰ যি কোনো এবিধ দৰব চিকিৎসকে সাধাৰণতে তিনিটা মাহেকীয়া চক্ৰৰ বাবে খাবলৈ কয়৷ বিষ অনুভৱ হোৱাৰ লগে লগে দৰববিধ আৰম্ভ কৰি মাহেকীয়া চলি থকা দিনকেইটাত খাব লাগে৷ চিকিৎসকক নজনোৱাকৈ নিজে দৰব আৰম্ভ কৰিব নালাগে ৷ কিয়নো ভুলকৈ বা বেচিকৈ ইয়াৰ সেৱন কৰিলেএচিডিটি,গেষ্ট্ৰাটিচ, হেমাটমেচিচ আদি হব পাৰে৷

কিছুমান ৰোগীক পেৰাচিটামল আৰু এচপিৰিন টেবলেটেও উপকৃত কৰা দেখা গৈছে৷

অৰেল কন্ট্ৰাচেপ্টিভ পিলত অইষ্ট্ৰজেন আৰু প্ৰজেচষ্টৰন হৰম’ন মিহলি থকাৰফলত ইয়াক খালে ডিম্বকোষৰ (Ovary) পৰা ডিম্ব প্ৰস্ফুটিত নহয় ৷ যাৰ ফলতৰোগীয়ে বিষ অনুভৱ নকৰে৷ কিছুমান ডিচমেনৰিয়াৰ ৰোগীক চিকিৎসকে এনেদৰে হৰম’নৰদ্বাৰা চিকিৎসা কৰে৷ অৰ্থাৎত অভোলেচন (Ovulation) ৰোধ কৰিলে মাহেকীয়াৰ বিষ নহয়৷   এন্টিলিউকট্ৰিন ড্ৰাগছ যেনে মন্টলুকাচ আদিৰ বহল প্ৰয়োগ ডিচমেনৰিয়াত এতিয়ালৈকে হোৱা নাই৷

মুখনিত ইমানেই কম যে যিসকল মহিলাই ঋতুস্ৰাবৰ বিষত ভূগিছে, তেওঁলোকে সংকোচ পৰিহাৰ কৰি অভিজ্ঞ স্ত্ৰী-ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লওঁক আৰু শৰীৰিক, মানসিক কষ্টৰ পৰা মুক্তি লাভ কৰক৷

লেখক: ড.ভূপেন্দ্ৰ শইকীয়া

2.85714285714
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top