অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভ প্ৰতিৰোধ আৰু বন্ধ্যাকৰণ :

গৰ্ভ প্ৰতিৰোধ আৰু বন্ধ্যাকৰণৰ বিষয়ে লিখা হৈছে ।

 

গৰ্ভ প্ৰতিৰোধৰ মুল উদ্দেশ্যে হ’ল পৰিয়াল সীমিত কৰা আৰু দুটি সন্তানৰ মাজৰ ব্যৱধান কমেও তিনি বছৰ কৰা। ইয়াৰ ফলত জনসংখ্যা বিস্ফোৰণ ৰোধ কৰাৰ লগতে পৰিয়াল এটি অৰ্থনৈতিকভাৱে স্বচ্ছন্দে জীৱন নিৰ্বাহ কৰাত সহায়ক হয়। গৰ্ভ প্ৰতিৰোধ ব্যৱস্থাই অবাঞ্জিত গৰ্ভধাৰণ ৰোধ কৰে। গৰ্ভ প্ৰতিৰোধৰ ব্যৱস্থাসমুহৰ কেতবোৰ ব্যৱস্থা স্থায়ী। বন্ধ্যাকৰণ ব্যৱস্থা এনে স্থায়ী ব্যৱস্থাৰ উদাহৰণ ।

গৰ্ভ প্ৰতিৰোধৰ ব্যৱস্থাসমুহক তলত দিয়া ধৰণেৰে বিভিন্ন ভাগত বিভক্ত কৰা হৈছে -

১) সাময়িক বা অস্থায়ী পদ্ধতি

২) স্থায়ী পদ্ধতি

১) সাময়িক পদ্ধতিসমুহৰ ভিতৰত

*প্ৰতিৰোধক পদ্ধতি (বেৰিয়াৰ মেথড)

*প্ৰাকৃতিক গৰ্ভ প্ৰতিৰোধ ব্যৱস্থা

*জৰায়ুৰ ভিতৰত সংস্থাপন কৰা ব্যৱস্থা (আই ইউ চি ডি)

*হৰম’ন জাতীয় (ষ্টেৰইড)ঔষধ ব্যৱস্থা

২)স্থায়ী পদ্ধতিৰ ভিতৰত

*মহিলাৰ বন্ধ্যাকৰণ

*পুৰুষৰ নিৰ্বীৰ্যকৰণ অস্ত্ৰোপচাৰ (ৱেছেকটমী)

প্ৰতিবন্ধক পদ্ধতি -

এই পদ্ধতিত পুৰুষ আৰু মহিলা দুয়োৰে বাবে ব্যৱস্থা আছে। পুৰুষৰ বাবে নিৰোধ (কনড’ম) আৰু মহিলাৰ বাবে যৌনাংগত ব্যৱহাৰ কৰিব পৰা কনড’ম। ডায়েফ্ৰাম, ছাৰ-ভাইকেল কেপ (টুপী) ক্ৰীম, জেলী আদি।

পুৰুষৰ কনড’ম: লেটেক্স জাতীয় পদাৰ্থৰ দ্বাৰা নিৰ্মিত ই এক বিশেষ ধৰণৰ সঁজুলি। মতা মানুহৰ ক্ষেত্ৰত ইয়াক আতাইতকৈ বেছিকৈ ব্যৱহাৰ কৰা গৰ্ভ প্ৰতিৰোধী ব্যৱস্থা। নিৰোধৰ ব্যৱহাৰে গৰ্ভধাৰণ বাধা দিয়াৰ লগতে যৌন সংক্ৰামক ৰোগৰ বিস্তাৰতো বাধা দিয়ে। যিবোৰ দম্পতীৰ গৰ্ভ নিৰোধক ঔষধ বা আই ইউ চি ডিৰ ব্যৱহাৰ কৰাত বাধা থাকে, তেনেবোৰ দম্পতীৰ ক্ষেত্ৰত পুৰুষ সংগীজনে নিৰোধ ব্যৱহাৰ কৰিব পাৰে। নতুবা যিবোৰ দম্পতী কাচিৎহে সংগমত লিপ্ত হয়, তেনে দম্পতীৰ বাবে ই এক উত্তম ব্যৱস্থা। ইয়াৰ সাধাৰণতে কোনো পাৰ্শ্বক্ৰিয়া নাই, কম দাম, সহজলভ্য। তদুপৰি যৌন সংক্ৰামক ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে। অসুবিধাসমুহৰ ভিতৰত-এবাৰ ব্যৱহাৰ কৰাৰ পিছত দুনাই ব্যৱহাৰ কৰিব নোৱাৰি আৰু কেতিয়াবা ফুটি বা ফাটি গৰ্ভধাৰণ কাৰক হ’ব পাৰে।

মহিলাৰ কনড’ম, জেলী আদি- মহিলাৰ ক্ষেত্ৰত যৌনাংগৰ ভিতৰত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্যসমুহে যৌনাংগৰ ভিতৰত প্ৰৱেশ কৰা শুক্ৰাণুসমুহ ধ্বংস কৰে আৰু গৰ্ভধাৰণত বাধা দিয়ে। এনে দ্ৰব্যসমুহৰ ব্যৱহাৰে মহিলাগৰাকীৰ যৌনাংগৰ ভিতৰত এলাৰ্জীৰ সৃষ্টি কৰিব পাৰে। তদুপৰি এনে পদাৰ্থৰ বিফলতাৰো হাৰো অধিক।

মহিলাৰ কন’ডম বেছি খৰচী আৰু সহজলভ্য ন্হয়। ইয়াৰ বিফলতাৰো হাৰ বেছি। সেয়েহে আমাৰ দেশত ইয়াৰ প্ৰচলন সীমাবদ্ধ।

প্ৰাকৃতিক গৰ্ভ প্ৰতিৰোধী ব্যৱস্থা -

ইয়াৰ ভিতৰত-

১) ৰিথম মেথড (ব্যৱস্থা)

২)উইড্ৰৱেল ব্যৱস্থা (মেথড)

৩) স্তনপান

ৰিথম মেথড -

এই ব্যৱস্থাত মাহেকীয়া ঋতুস্ৰাৱ হোৱাৰ দিনাৰ পৰা ৮ দিন আৰু মাহেকীয়া হোৱাৰ আগৰ ৮ দিন সময় নিৰাপদ সময় হিচাপে বিবেচনা কৰা হয়। এনে সময়ত যৌনাচাৰ কৰিলেও সাধাৰণতে গৰ্ভধাৰণ নকৰে। মাজৰ সময়খিনি অসুৰক্ষিত বুলি ধৰা হয়। এই সময়খিনিত অসুৰক্ষিত যৌনাচাৰে গৰ্ভধাৰণ কৰাব পাৰে। সেয়েহে এই সময়খিনিত যৌন সম্ভোগ কৰিলেও কনড’ম বা অইন ব্যৱস্থা ল’ব লাগে। ইয়াকে ৰিথম ব্যৱস্থা বোলে। মহিলা এগৰাকীৰ মাহেকীয়া ঋতুস্ৰাৱ নিয়মীয়া হ’লেহে ইয়াৰ সুফল পোৱা যায়। অনিয়মীয়া ঋতুস্ৰাৱ ৰিথম মেথডৰ বাবে সুৰক্ষিত নহয়। অৰ্থাৎ এই ব্যৱস্থা ব্যৰ্থ হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ ব্যৰ্থতাৰ হাৰ প্ৰতি ১০০ গৰাকী মহিলাৰ প্ৰতিবছৰে প্ৰায় ২৫, অৰ্থাৎ ২৫ গৰাকী মহিলাৰ, ১০০ গৰাকীৰ ভিতৰত প্ৰতি বছৰৰ গৰ্ভধাৰণ হ’ব পাৰে।

উইড্ৰৱেল মেথড -

এনে ব্যৱস্থাত শুক্ৰাণু ওলাবলৈ লোৱাৰ ঠিক আগেয়ে পুৰুষাংগ উলিয়াই আনিব লাগে, যাতে যৌনাংগৰ ভিতৰত বীৰ্যস্খলন নহয়। অতি দৰকাৰী কথাটো হ’ল এয়ে যে মতা মানুহজনৰ যথেষ্ট সংযমৰ দৰকাৰ হয়। অলপ দেৰি হ’লেই মহিলাগৰাকীৰ যৌনাংগৰ ভিতৰত বীৰ্যপাত হৈ গৰ্ভধাৰণ কৰাব পাৰে। ব্যৰ্থ হোৱাৰ পৰিসংখ্যাও এনে ব্যৱস্থাত অধিক। ব্যৰ্থতাৰ হাৰ প্ৰতি বছৰ, প্ৰতি ১০০ গৰাকী মহিলাৰ বিপৰীতে ২৫ জনীয়ে গৰ্ভধাৰণ কৰাটো।

স্তনপান ব্যৱস্থা -

দীঘলীয়াকৈ কৰা স্তনপান আন এক প্ৰাকৃতিক ব্যৱস্থা, যিয়ে গৰ্ভধাৰণত বাধা দিয়ে। সন্তানক স্তনপান কৰোৱা এনে মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱ বন্ধ থাকে। লগতে ডিম্বাণু নি:সৰণ প্ৰক্ৰিয়া বন্ধ হৈ থাকে বাবে গৰ্ভধাৰণ নকৰে। এই ব্যৱস্থাও ১০০ শতাংশ সুৰক্ষিত নহয়। স্তনপান কৰাই থকা মহিলাও গৰ্ভৱতী হয়।

আই ইউ চি ডি -

ইণ্ট্ৰা ইউটেৰাইন কণ্ট্ৰাছেপটিপ ডিভাইচ-গৰ্ভাশয়ৰ ভিতৰত সংস্থাপন কৰা আই ইউ চি ডি হ’ল এক সফল দীঘলীয়া সময়ৰ বাবে এক উপযোগী ব্যৱস্থা। ই গৰ্ভাশয়ৰ ভিতৰত থকালৈকে গৰ্ভধাৰণত বাধা দিয়ে আৰু ইয়াক উলিয়াও পেলোৱাৰ পিছত পুনৰায় গৰ্ভধাৰণ কৰাৰ ক্ষমতা লাভ কৰে। ইয়াক ‘পলিইথিলিন’ নামৰ এবিধ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা তৈয়াৰ কৰা হয়। ই খুব লেহুকা আৰু সহজতে ভাঁজ কৰিব পাৰি। বিশেষ ধৰণৰ সঁজুলিৰ সহায়ত ইয়াক জৰায়ুৰ ভিতৰত সুমুৱাই দিয়া হয়। ইয়াৰ মুৰত এডাল নাইলনৰ সুতা সংলগ্ন থাকে। ই জৰায়ুৰ মুখেৰে যোনিৰ ভিতৰত ওলাই থাকে। প্ৰয়োজনত এই সুতাডালত ধৰি টানি দিলেই ই বাহিৰলৈ ওলাই আহে। বেৰিয়াম ছালফেট নামৰ এবিধ পদাৰ্থ আই ইউ চি ডিৰ গাত সন্নিৱিষ্ট কৰা থাকে, যাতে এক্স-ৰে’ কৰিলে ইয়াৰ উপস্থিতি জৰায়ুৰ ভিতৰত ধৰা পেলাব পাৰি।

সাধাৰণতে ব্যৱহাৰ কৰা আই ইউ চি ডিবোৰৰ ভিতৰত -

১) লিপ্পিচ লুপ, ২) ক’পাৰ টি, ৩) প্ৰজেষ্টাৰ্ট, ৮) লেন’ভা, ৫) মিৰেনাই প্ৰধান।

লিপ্পিচ লুপ: আই ইউ চি ডিত কোনো সক্ৰিয় ৰাসায়নিক পদাৰ্থ নাথাকে। ইয়াক বহু বছৰলৈ জৰায়ুৰ ভিতৰত ৰাখি থ’লেও কোনো ক্ষতি নকৰে।

ক’পাৰ টি: ই ইংৰাজীক ‘টি’ (T) আখৰটোৰ দৰে। ইয়াত ক’পাৰ (তাম) সন্নিৱিষ্ট কৰা থাকে। ইয়ে গৰ্ভধাৰণত বাধা দিয়ে।

প্ৰজেষ্টাৰ্ট আৰু লেন’ভা: ইয়াত প্ৰজেষ্টেৰ’ন হৰম’ন সন্নিৱিষ্ট কৰা থাকে। প্ৰতিদিনে এক নিৰ্দিষ্ট পৰিমাণৰ হৰম’ন নি:সৰিত হয়। ইয়ে গৰ্ভধাৰণত বাধা দিয়ে।

মিৰেনাও হৰম’নযুক্ত আই ইউ চি ডি -

আই ইউ চি ডি গৰ্ভপাত কৰোৱাৰ পিছত বা প্ৰসৱৰ ৬ সপ্তাহ পিছত নতুবা মাহেকীয়া ঋতুস্ৰাৱৰ ৭-১০ দিনৰ ভিতৰত লগোৱা হয়। অৱশ্যে আজিকালি চৰকাৰী চিকিৎসালয়ত প্ৰসৱৰ পিছতেই আই ইউ চি ডি লগোৱা দেখা যায়। তলপেটৰ বিষ, সোঁচৰণ (ইনফেকশ্বন), বহুমুত্ৰ ৰোগীৰ হৃদযন্ত্ৰৰ অসুখ থকা মহিলা তথা ৰক্তহীনতাত ভোগা মহিলাক আই ইউ চি ডি দিয়া নহয়। আই ইউ চি ডিৰ ব্যৰ্থতাৰ হাৰ অতি কম। প্ৰতি বছৰত ১০০ গৰাকী ব্যৱহাৰ কৰা মহিলাৰ ভিতৰত ০-৩ জনীৰহে গৰ্ভধাৰণ হ’ব পাৰে।

ষ্টেৰইড গৰ্ভ প্ৰতিৰোধী ঔষধ -

ইয়াক তিনিটা ভাগত ভাগ কৰা হৈছে।

১) মুখেৰে খোৱা ঔষধ বা পিল

২) বেজী

৩) সঁজুলিৰ ব্যৱহৃত ষ্টেৰইড।

গৰ্ভ নিৰোধক ঔষধ -

ইয়াৰ ভিতৰত এষ্ট্ৰ’জেন আৰু প্ৰ’জেষ্টেৰনযুক্ত ঔষধ) অ’চিপি, অকল প্ৰজেষ্টেৰন থকা ঔষধ। মালা ডি, অ’ভৰেল, ফেমিলন আদি এনে এষ্ট্ৰ’জেন আৰু প্ৰজেষ্টেৰনযুক্ত ঔষধ। এনে ঔষধ মাহেকীয়া ঋতুস্ৰাৱৰ প্ৰথম দিনাৰ পৰাই আৰম্ভ কৰিব লাগে। দৈনিক এটাকৈ ২১ দিন ঔষধ খোৱাৰ পিছত ৭ দিন ঔষধ বন্ধ থাকে। ইয়াৰ ভিতৰতে মাহেকীয়া ঋতুস্ৰাৱ হয়। ৭ দিন বন্ধৰ পিছত পুনৰায় ২১ দিন ঔষধ খাব লাগে। এইদৰে যেতিয়ালৈকে প্ৰয়োজন, তেতিয়ালৈকে এনে ঔষধ খাই থাকিব পাৰি। এনে ঔষধ মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱ নিয়মীয়া আৰু কম প ৰিমাণৰ হয়। এষ্ট্ৰ’জেন আৰু প্ৰজেষ্টেৰনযুক্ত ঔষধ উচ্চ ৰক্তচাপত ভোগা মহিলা, হৃদযন্ত্ৰৰ অসুখ, মাইগ্ৰেইন, জণ্ডিচ, যকৃত (লিভাৰ)ৰ অসুখ, থ্ৰম্ব’ছিছত ভোগা মহিলাক ব্যৱহাৰ কৰিবলৈ দিয়া নহয়। এনে ঔষধৰ ব্যৰ্থতাৰ হাৰ অতি নিম্নমানৰ । প্ৰতি ১০০ গৰাকী মহিলাৰ প্ৰতি বছৰত মাত্ৰ ০.১ জনীৰ গৰ্ভধাৰণ হ’ব পাৰে।

অকল প্ৰজেষ্টেৰন টেবলেট: ৩৫ ঊৰ্ধ্বৰ মহিলা, স্তনপান কৰোৱা মহিলা, যিবোৰ মহিলাই এষ্ট্ৰ’জেন আৰু প্ৰজেষ্টেৰনযুক্ত ঔষধ খাব নোৱাৰে তেনে মহিলাক এনে ঔষধ দিয়া হয়। এনে ঔষধৰ ব্যৰ্থতাৰ হাৰ প্ৰতি বছৰ, প্ৰতি ১০০ জনী মহিলাৰ ভিতৰত ২-৩ জনী মহিলাৰহে গৰ্ভধাৰণ হ’ব পাৰে।

প্ৰজেষ্টেৰন বেজী: এনে বেজী গৰ্ভ প্ৰতিৰোধৰ বাবে প্ৰতি ২-৩ মাহৰ মুৰে মুৰে দিয়াব লাগে। তিনি মাহৰ মুৰে মুৰে আৰু এন ই টি এন, ডি এন পি এ প্ৰতি দুমাহৰ মুৰে মুৰে দিয়া হৰম’নযুক্তী বেজী।

নৰপ্লাণ্ট: প্ৰজেষ্টেৰনযুক্ত এনে ব্যৱস্থা ৫ বছৰৰ বাবে দিয়া হয়। সাধাৰণতে চৰকাৰী চিকিৎসালয়ত এই ব্যৱস্থা উপলব্ধ। বাওঁহাতৰ বাহুতছালৰ তলত সৰু  অস্ত্ৰোপচাৰৰ সহায়ত ইয়াক সংৰোপণ কৰা হয়। ৫ বছৰ সম্পুৰ্ণ হোৱাৰ পিছত ইয়াক আঁতৰাই পেলোৱা হয়। ইয়াৰ সফলতা মুখেৰে খোৱা টেবলেটৰ সমানেই।

জৰুৰীকালীন ‘গৰ্ভ প্ৰতিৰোধ’ ব্যৱস্থা -

অসুৰক্ষিত যৌন সম্ভোগ, সংগমৰ সময়ত কনড’ম ফাটি যোৱা, গৰ্ভনিৰোধক ঔষধ খাবলৈ পাহৰি সংগমত লিপ্ত হোৱা, ধৰ্ষণ আদিৰ পৰা হ’ব পৰা অবাঞ্চিত গৰ্ভধাৰণ ৰোধ কৰিবলৈ লোৱা ব্যৱস্থাক জৰুৰীকালীন গৰ্ভ প্ৰতিৰোধ বোলে। মহিলাগৰাকীৰ ডিম্বাণু নি:সৰণ প্ৰক্ৰিয়াৰ সময়ত হোৱা এনে যৌনাচাৰ ৮ শতাংশ মহিলাৰ অবাঞ্চিত গৰ্ভাৱস্থাৰ কাৰণ হ’ব পাৰে। এনে গৰ্ভ প্ৰতিৰোধৰ ব্যৱস্থাসমুহৰ ভিতৰত ১) হৰম’ন, ২) আই ইউ চি ডি সংৰোপণ, ৩) এণ্টি প্ৰজেষ্টেৰন, ৪) অন্যান্য আদিয়েই প্ৰধা।

হৰম’ন টেবলেটৰ ভিতৰত লিভ’ন’ৰগেষ্ট্ৰে’ল ০.৭৫-৭৫ মিলিগ্ৰামৰ দুটা টেবলেট যৌন কাৰ্যৰ ৭২ ঘণ্টাৰ ভিতৰত খাব লাগে। নতুবা যৌন কাৰ্যৰ লগে লগেই ০.৭৫-৭৫ মিলিগ্ৰামৰ এনে ঔষধ এটা খোৱাৰ ১২ ঘণ্টাৰ পিছত আন এটা খাবলৈ দিয়া হয়।

*আই ইউ চি ডি যৌন কাৰ্যৰ ৫ দিনৰ ভিতৰত লগালেও এনে অবাঞ্চিত গৰ্ভধাৰণ ৰোধ কৰিব পাৰি।

*মিফেপ্ৰিষ্টন ৬০০ মিলিগ্ৰামৰ টেবলেট খালেও এনে গৰ্ভধাৰণ ৰোধ কৰিব পাৰি।

*চাহেলি ৬০ মিলিগ্ৰামৰ দুটা টেবলেট ২৪ ঘণ্টাৰ মুৰত দুবাৰ খালেও এনে অবাঞ্চিত গৰ্ভধাৰণ ৰোধ কৰিব পাৰি।

২) স্থায়ী পদ্ধতি

*পুৰুষৰ ৱেছেকটমী

*মহিলাৰ বন্ধ্যাকৰণ

পুৰুষৰ ৱেছেকটমী (নিৰ্বীৰ্যকৰণ ব্যৱস্থা) -

ই এক স্থায়ী পদ্ধতি। সৰু অস্ত্ৰোপচাৰৰ সহায়ত পুৰুষৰ শুক্ৰাণু পৰিবাহী নলীৰ এটা অংশ কাটি পেলোৱা হয়। ইয়াৰ ফলত শুক্ৰাণু শুক্ৰস্থলীৰ পৰা ওলাই আহিব নোৱাৰে আৰু গৰ্ভধাৰণ নহয়। ই চিকিৎসালয়ত বহিৰ্বিভাগৰ ৰোগী হিচাপে কৰা সফল অস্ত্ৰোপচাৰ। ইয়াৰ ফলত মতা মানুহজনৰ পুৰুষত্বত কোনো বাধা আহি নপৰে। প্ৰয়োজন অনুসাৰে এনে শুক্ৰবাহী নলী পুনৰাই লগ লগাব পাৰি। ইয়াক ‘ৰি-কেনেলাইজেচন’ কৰা বোলে। ইয়াৰ ব্যৰ্থতাৰ হাৰ ০.১ ৰ প্ৰতি ১০০ জন অস্ত্ৰোপচাৰ কৰা মতা মানুহৰ প্ৰতিবছৰ।

মহিলাৰ বন্ধ্যাকৰণ -

মহিলাৰ ই এক স্থায়ী পদ্ধতি। মহিলাগৰাকীৰ সুবিধা অনুযায়ী যিকোনো সময়ত এই অস্ত্ৰোপচাৰ কৰিব পাৰি। প্ৰসৱৰ পিছত, প্ৰসৱৰ লগতে, প্ৰসৱৰ ডেৰ মাহ পিছত, গৰ্ভপাতৰ লগতে এই অস্ত্ৰোপচাৰ বিভিন্ন ধৰণৰ।

উদাহৰণ স্বৰুপে-

১)লেপাৰ’টমী

২) মিনি লেপাৰ’টমী

৩) লেপাৰ’স্কপী

১) লেপাৰ’টমী: ইয়াত পেটৰ কটা অংশ ৫ চেণ্টমিটাৰ বা তাতকৈ বেছি বহল হয়। চিজাৰিয়ান অস্ত্ৰোপচাৰ বা আন অস্ত্ৰোপচাৰৰ সময়ত যদি বন্ধ্যাকৰণ অস্ত্ৰোপচাৰ কৰা হয় তাক লেপাৰ’টমীৰ শায়ত কৰা বন্ধ্যাকৰণ অস্ত্ৰোপচাৰ বোলে। দুয়ো ফালৰ ডিম্বাণু পৰিবাহী নলীৰ একো একোটা অংশ বান্ধি কাটি পেলোৱা হয়। ফলত গৰ্ভধাৰণ প্ৰতিৰোধ কৰিব পাৰি।

২) মিনি লেপাৰ’টমী: ইয়াত পেটৰ কটা অংশ ২.৫ চেণ্টিমিটাৰতকৈ কম বহল হয়। বাকী অস্ত্ৰোপচাৰ একেই, লেপাৰ’টমীৰ দৰেই। সৰ্বপ্ৰচলিত ‘প’মেৰইজ’ পদ্ধতি মতে ডিম্বাণু পৰিবাহী নলী (ফেল’পিয়েন টিউব) ৰ এটা অংশ কাটি পেলোৱা হয়।

৩) লেপাৰ’স্কপিক: পেটত নাভিৰ তলত এটি সৰু ফুটা কৰি এই অস্ত্ৰোপচাৰ কৰা হয়। ইয়াত দুয়ো ফালৰ ডিম্বাণু পৰিবাহী নলীৰ একোটা অংশ ফেল’পি ৰিং’ ব্যৱহাৰ কৰি বন্ধ কৰি দিয়া হয়। ফলত গৰ্ভ প্ৰতিৰোধ হয়।

মহিলাৰ এনে বন্ধ্যাকৰণৰ কৃতকাৰ্যতাৰ হাৰ যথেষ্ট বেছি। প্ৰয়োজন  অনুসাৰে বন্ধ অংশ পুনৰ লগ লগাব পাৰি। চৰকাৰী চিকিৎসালয়ত এই অস্ত্ৰোপচাৰ বিনামুলীয়াকৈ কৰা হয়। বিফলতাৰ হাৰ ৭ শতাংশ লেপাৰ’স্কপিক পদ্ধতিত আৰু ০.৩ ৰ পৰা ০.৬ শতাংশ ‘প’মেৰইজ পদ্ধতিৰে কৰা অস্ত্ৰোপচাৰত।

ভিন্ন বয়সৰ মহিলাৰ বাবে দৰকাৰী গৰ্ভ প্ৰতিৰোধ ব্যৱস্থা -

*কম বয়সীয়া মহিলা তথা অবিবাহিতা মহিলাৰ বাবে উপযুক্ত গৰ্ভ প্ৰতি ৰোধ ব্যৱস্থা হ’ল গৰ্ভ নিৰোধক টেবলেট, কনড’ম পুৰুষ আৰু মহিলা উভয়ৰে। গৰ্ভ নিৰোধক ঔষধ সাধাৰণতে এষ্ট্ৰ’জেন আৰু প্ৰজেষ্টেৰন হৰম’নযুক্ত।

*স্তনপান কৰোৱা মহিলাৰ বাবে উপযুক্ত গৰ্ভ প্ৰতিৰোধ ব্যৱস্থা হ’ল অকল প্ৰজেষ্টেৰন থকা ঔষধ। প্ৰজেষ্টেৰন বেজী, কনড’ম, প্ৰসৱৰ তিনি মাহ পিছত আই ইউ চি ডি। এনে মহিলাক এষ্ট্ৰ’জেন আৰু প্ৰজেষ্টেৰনযুক্ত ঔষধ দিব নালাগে।

*৩৫ ৰ ঊৰ্ধৰ মহিলাৰ বাবে উপযুক্ত প্ৰতিৰোধী ব্যৱস্থাৰ ভিতৰত এষ্ট্ৰ’জেন আৰু প্ৰজেষ্টেৰনযুক্ত ঔষধ, যদিহে মহিলাগৰাকী ক্ষীণ হয়, নহ’লে অকল প্ৰজেষ্টেৰন থকা ঔষধ, আই ইউ চি ডি আদি। বন্ধ্যাকৰণ এনে মহিলাৰ ক্ষেত্ৰত প্ৰথম পচন্দ নহয়, কিয়নো এনে মহিলাৰ আৰু কেইবছৰমানৰ ভিতৰতে গৰ্ভধাৰণ ক্ষমতা লোপ পায়।

*যদিহে মহিলাগৰাকীৰ ডায়েবেটিছ, হৃদযন্ত্ৰৰ অসুখ থকা হয় তেনেহ’লে পুৰুষজনৰ ৱেছেকটমী অস্ত্ৰোপচাৰ কৰোৱাটো দৰকাৰ। আই ইউ চি ডি বা গৰ্ভ নিৰোধক হৰম’নযুক্ত ঔষধ দিব লাগে।

লেখক: ডা: ৰাজীৱ লোচন শৰ্মা (জি এনআৰচি স্বাস্থ্য)

3.16666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top