অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰ্ভধাৰণ আৰু বিপদসম্ভৱা মাতৃ :

মহিলাগৰাকী গৰ্ভৱতী হোৱাৰ লগে লগে মহিলাগৰাকীৰ কিছু বিশেষ যতন লোৱা দৰকাৰ হয়। গৰ্ভৱতী হোৱা বুলি গম পোৱাৰ দৰকাৰ হয়।

গৰ্ভৱতী হোৱা বুলি গম পোৱাৰ লগে লগে মহিলাগৰাকীক চিকিৎসকৰ ওচৰলৈ নি স্বাস্থ্য পৰীক্ষা কৰোৱা দৰকাৰ।

কোনো বিশেষ অসুবিধা নহ’লেও গৰ্ভকালত কমেও চাৰিবাৰ চিকিৎসকৰ ওচৰলৈ নি মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাব লাগে।

সাধাৰণতে প্ৰতিগৰাকী নাৰীয়ে মাতৃত্বৰ গৌৰৱৰে গৌৰৱান্তিত হৈ সমাজত নিজকে প্ৰতিষ্ঠিত কৰিব বিচাৰে। এয়া প্ৰতিগৰাকী নাৰীৰ এক সহজাত প্ৰবৃত্তি।

এগৰাকী নাৰীয়ে তেতিয়াহে পূৰ্ণতা লাভ কৰে, যেতিয়া এক সুস্থ-সবল সন্তানৰ মাতৃ হ’বলৈ সক্ষম হয়। অৱশ্যে গৰ্ভধাৰণ কৰা অৱস্থাটোৱে বহুতো নাৰীৰ বাবে-

  • উৎকন্ঠা,
  • ভয়,
  • আৱেগ-অনুভূতি,
  • দুশ্চিন্তা,
  • আনন্দ-সফূৰ্তি আদি সকলো কঢ়িয়াই আনে।

বিশেষকৈ প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণ কৰা মাতৃসকলে অধিক উৎকন্ঠাৰ মাজেদি পাৰ কৰে। কি হ’ব, কি নহ’ব আদি ভাবেৰে মনটো সদায় ভাৰাক্ৰান্ত হৈ থাকে।

অৱশ্যে এক নতুন আলহীৰ আগমনৰ বতৰাই নাৰীসকলৰ মনত আনন্দ-সফূৰ্তিও দিয়ে। সাধাৰণতে দাম্পত্য জীৱন আৰম্ভ কৰাৰ লগে লগে বহুতেই মাতৃত্বৰ সোৱাদ ল’বলৈ অধীৰ অপেক্ষাৰে বাট চাই থাকে।

সাধাৰণতে ২০-২৫ বছৰ বয়সটোৱে এগৰাকী নাৰীৰ প্ৰথম সন্তান জন্ম দিয়াৰ উপযুক্ত সময়। এই বয়সৰ ভিতৰত প্ৰথম সন্তান জন্ম দিলে আকৌ কমেও তিনি বছৰৰ ব্যৱধান বা ৫ বছৰৰ ব্যৱধানত পৰৱৰ্তী সন্তান জন্ম দিলে সন্তানৰ লালন-পালনৰ ক্ষেত্ৰত বিশেষ একো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ চলি যায়।

সেয়ে দাম্পত্য জীৱন আৰম্ভ কৰা সকলে প্ৰথমৰ পৰাই এটি ধাৰণা লৈ সেইমতে মাতৃত্বৰ অধিকাৰী হ’বলৈ প্ৰস্তুত নোহোৱাকৈ কেতিয়াবা অনাকাংক্ষিত গৰ্ভধাৰণে সন্তান আৰু মাক উভয়ৰে ক্ষতিধাৰন কৰে আৰু এটি মাক হৃদ-পুষ্ট, স্বাস্থ্যৱান সন্তান জন্ম দিয়াৰ অন্তৰায় হিচাপে থিয় দিয়ে।

গৰ্ভধাৰণৰ লক্ষণ -

সাধাৰণতে এগৰাকী নাৰীয়ে গৰ্ভধাৰণ কৰাৰ পিছতে সেই নাৰীয়ে গৰ্ভধাৰণ কৰাৰ পিছতে সেই নাৰী বা মহিলাগৰাকীৰ দেহত কিছু লক্ষণ ফুটি উঠে।

সেই লক্ষণসমূহৰ পৰাই মহিলাগৰাকী গৰ্ভৱতী হৈছে বুলি গম পোৱা যায়।

১)মহিলাগৰাকীৰ ঋতুস্ৰাৱ বন্ধ হৈ যায়। নিৰ্দিষ্ট তাৰিখৰ পৰা মাহেকীয়া হোৱাৰ তাৰিখ পিছুৱালেই গৰ্ভৱতী হোৱাৰ প্ৰাৰম্ভিক লক্ষণ বুলি গম পোৱা যায়।

অৱশ্যে কেতিয়া কোনো বেমাৰ-আজাৰ বা ৰক্তাল্পতাৰ বাবেও মাহেকীয়া ঋতুস্ৰাৱৰ তাৰিখ পিছুৱাব পাৰে।

সেই সময়ত চিকিৎসকৰ পৰামৰ্শ লৈ প্ৰস্ৰাৱ পৰীক্ষা কৰিলে সেয়া সঠিকভাৱে গম পোৱা  যায়।

২)ৰাতিপুৱাই ব্ৰাছ কৰাৰ সময়ত বমি বা বনি ভাব হ’ব পাৰে নাইবা ওকালি আহিব পাৰে। মাহেকীয়া বন্ধ হোৱাৰ পৰা তিনি বা চাৰি মাহলৈকে মহিলাসকলৰ বমি হৈ থকা দেখা যায়।

খোৱাবস্তুৰ গোন্ধ পোৱা যায়, খোৱা বস্তু দেখা পালেই বমি বমি ভাব হয়। ইয়াক Morning Sickness বা ৰাতিপুৱাৰ অসুস্থতা বুলি জনা যায়।

৩)মূৰ ঘূৰণি আৰু আছন্দ্ৰাই ভাব আহে।

৪)খাবলৈ মন নোযোৱা হয় আৰু বলপূৰ্বকভাৱে খালেও সেয়া হজম নোহোৱাকৈ থাকে।

৫)গা দুৰ্বল অনুভৱ হয় আৰু অত্যন্ত টোপনি ধৰে।

৬)সঘনাই পেচাব কৰিবলৈ মন যায়।

৭)পেটটো লাহে লাহে ডাঙৰ হৈ আহে।

৮)স্তনৰ আকৃতি ক্ৰমাৎ ডাঙৰ হৈ আহে।

৯)মুখ, স্তন আৰু পেটৰ তলফালে ক’লা ক’লা ফুটফুটীয়া দাগ পোৱা যায়। গৰ্ভস্থ সন্তানটি লাহে লাহে ডাঙৰ হৈ থকাৰ লাগে লগে তলপেটৰ ছাল অলপ ফাটি যোৱা যেন দেখা যায় বা বগা বগা বা দীঘলীয়া আঁচ পৰাৰ দৰে হয়। ইয়াক shite streera বুলি কোৱা হয়।

১০)৭ মাহৰ পৰা গৰ্ভত থকা সন্তানটিৰ সঞ্চালন হোৱা দেখা যায়।

গৰ্ভৱতী মহিলাৰ যত্ন -

মহিলাগৰাকী গৰ্ভৱতী হোৱাৰ লগে লগে মহিলাগৰাকীৰ কিছু বিশেষ যতন লোৱাৰ দৰকাৰ হয়। গৰ্ভৱতী হোৱা বুলি গম পোৱাৰ লগে লগে মহিলাগৰাকীক চিকিৎসকৰ ওচৰলৈ নি স্বাস্থ্য পৰীক্ষা কৰোৱা দৰকাৰ।

কোনো বিশেষ অসুবিধা নহ’লেও গৰ্ভকালত কমেও চাৰিবাৰ চিকিৎসকৰ ওচৰলৈ নি মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাব লাগে।

চিকিৎসকৰ পৰামৰ্শ মতে গৰ্ভৰ প্ৰথম মাহৰ পৰাই ফলিক এচিড খুৱাব লাগে। কাৰণ মাতৃৰ দেহত ফলিক এচিডৰ অভাৱ হ’লে গৰ্ভস্থ ভ্ৰূণৰ নানা বিসংগতি দেখা দিব পাৰে।

তদুপৰি-

  • এই সদায় অত্যন্ত সাৱধানে চলা-ফুৰা কৰিব লাগে,
  • গধুৰ বস্তু দাঙিব নালাগে,
  • টান কাম বা তলপেটত হেঁচা পৰিব পৰা কোনো ধৰণৰ কাম-কাজ,
  • উঠা-বহা আদি কৰাটো নিষেধ।
  • কমেও চাৰি মাহলৈ আৰামত থাকিব লাগে,
  • কোনো দূৰ ভ্ৰমণ,
  • যাত্ৰা আদি কৰিব নালাগে,
  • মটৰচাইকেল, ৰিক্সা আদিত উঠি দূৰ ঠাইলৈ যাব নালাগে।

এই সময়ছোৱাৰ অত্যন্ত পুষ্টিকৰ খাদ্য-

  • আইৰন,
  • মিনাৰেল,
  • ভিটামিনযুক্ত খাদ্য অত্যন্ত জৰুৰী।
  • কেঁচা শাক-পাচলি,
  • ফলমূল,
  • ফলৰ ৰস,
  • জুলীয়া বস্তু আদি অধিক পৰিমাণে খোৱা দৰকাৰ হ’ব।

গৰ্ভৱতী মহিলাই এই অৱস্থাত কমেও দুটা টিটেনাছৰ ভেকচিন ল’ব লাগে। চৰকাৰী চিকিৎসালয়বোৰত এই ভেকচিন বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা আছে।

১)তীব্ৰ মূৰৰ বিষ অনুভৱ হ’লে।

২)ভৰি, হাত, মুখমণ্ডল ফুলি গ’লে আৰু উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ হ’লে।

৩)চকুৰে স্পষ্টকৈ নেদেখা যেন অনুমান হ’লে।

৪)ছাল, চকু, হাতৰ তলুৱা, জিভা আদি হালধীয়া পৰিলে বা জণ্ডিচ হ’লে।

৫)হঠাৎ গৰ্ভৰ পানী ভাঙি গ’লে বা যোনিৰে পানী গৈ থাকিলে সেয়া সন্তানৰ বাবে বিপদ সংকেত হোৱাৰ ইংগিত বহন কৰে।

৬)তীব্ৰ জ্বৰ উঠিলে আৰু তলপেটত প্ৰসৱৰ সময় হোৱাৰ আগতেই বিষ অনুভৱ হ’লে।

৮)গৰ্ভত থকা ভ্ৰূণটোৰ ওজন কম হ’লে, মাহ হিচাপত ইয়াৰ বৃদ্ধি নহ’লে।

৯)সন্তানৰ লৰচৰ কমি গ’লে অতি সোনকালে চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসাৰ ব্যৱস্থা কৰাব লাগে।

১০)প্ৰসৱৰ সম্ভাব্য তাৰিখ পাৰ হৈ গ’লেও সন্তানৰ বাবে বিপদৰ আগজাননী হ’ব পাৰে আৰু যাৰ কাৰণে সন্তান প্ৰসৱৰ সম্ভাব্য তাৰিখৰ ৪ বা ৫ দিনতকৈ অধিক পাৰ হৈ গ’লে চিকিৎসকৰ পৰামৰ্শ লৈ ছিজাৰিয়ান অস্ত্ৰোপচাৰৰ দ্বাৰা সন্তান প্ৰসৱ কৰাব লাগে।

এই সকলো লক্ষণ মহিলাগৰাকীয়ে গম পালে সেয়া লুকুৱাই নাৰাখি স্বামী বা আন অভিভাৱকসকলৰ ওচৰত মুকলি মনে প্ৰকাশ কৰি সেইমতে ব্যৱস্থা ল’ব লাগে।

বিপদৰ সম্ভাৱনা থকা গৰ্ভৱতী -

আমাৰ দেশৰ গৰ্ভৱতী মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ কমাবলৈ বিভিন্ন ধৰণৰ জনসেচতনতামূলক কাম-কাজ আৰু আঁচনি হাতত লোৱা দেখা গৈছে।

সেইকাৰণে যিসকল বিপদসম্ভৱা মাতৃ, সেইসকলক চিনাক্ত কৰি উপযুক্ত ব্যৱস্থা সময়মতে গ্ৰহণ কৰিলে মাতৃ আৰু মাতৃৰ হাৰ বহু পৰিমাণে হ্ৰাস কৰিব পৰা যাব।

সেই ধৰণৰ মাতৃসকল তলত উল্লেখ কৰা হ’ল-

১)প্ৰথমবাৰৰ বাবে সন্তানসম্ভৱা হোৱা আৰু কম গৰ্ভধাৰণ কৰা অৰ্থাৎ ২০ বছৰৰ কম বয়সতে গৰ্ভধাৰণ কৰা আৰু শৰীৰৰ উচ্চতা ৪ ১/২ ফুটতকৈ কম।

২)বিশেষ ধৰণৰ কিছু বেমাৰ যেনে-

  • যক্ষ্মা,
  • ৰক্তহীনতা,
  • হৃদৰোগ,
  • বৃক্কৰ ৰোগ,
  • উচ্চ ৰক্তচাপ,
  • বহুমূত্ৰ ৰোগ,
  • এইডছত ভুগি থকা মাতৃসকলে গৰ্ভধাৰণ কৰিলে সেয়া অত্যন্ত বিপদসম্ভৱা মাতৃ বুলি চিনাক্ত কৰা হয়।

৩)গৰ্ভধাৰণৰ ২০ সপ্তাহৰ পিছতো দেহৰ ওজন ৪০ কিঃগ্ৰামতকৈ অধিক নোহোৱা।

৪)পঞ্চমবাৰ বা ততোধিক গৰ্ভধাৰণ কৰা মহিলাসকলক বিপদসম্ভৱা মাতৃ বুলি কোৱা হয়।

৫)গৰ্ভাৱস্থাৰ কিছুমান জটিলতা যেনে-

  • যোনিৰ পৰা ৰক্তক্ষৰণ হোৱা,
  • গৰ্ভস্থ সন্তানৰ লৰচৰ কমি যোৱা,
  • প্ৰস্ৰাৱৰ পৰিমাণ কমি যোৱা,
  • গৰ্ভত থকা পানীৰ পৰিমাণ অধিক হ’লে,
  • যঁজা বা যমজ সন্তান ধাৰণ কৰিলে,
  • গৰ্ভত থকা এমনিঅ’টিৰ ফ্লুইট(Amnioti Fluid) বা গৰ্ভত থকা পানীৰ পৰিমাণ কমি গ’লে সেই ধৰণৰ মাতৃসকলক বিপদসম্ভৱা মাতৃ বুলি ধৰা হয়।

এইধৰণৰ মাতৃসকলক বিপদসম্ভৱা মাতৃ বুলি কোৱা হয় যদিও গৰ্ভাৱস্থাত কিছুমান বিপদসম্ভৱা মাতৃৰ অতি বিপদসংকুল লক্ষণ বা পৰিৱেশ দেখা যায়, তেতিয়া সেইসকল মাতৃক অনতিপলমে চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা কৰাব লাগে।

লেখক: ডাঃ আশ্বৰাফুল আলম(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 6/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate