অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভৱতী কালছোৱাৰ পৰিচৰ্যা :

গৰ্ভৱতী কালছোৱাৰ পৰিচৰ্যাৰ বিষয়ে লিখা হৈছে ।

 

বিবাহোত্তৰ কালছোৱাত এগৰাকী নাৰীৰ বাবে অতিশয় ইপ্সিত তথা সাৱধানতা অৱলম্বন কৰিব লগীয়া সময়খিনিয়ে হৈছে গৰ্ভাৱস্হাৰ কালছোৱা | নাৰীদেহৰ এক অতিশয় গুৰুত্বপূৰ্ণ অংগ হৈছে গৰ্ভাশয়(Uterus ),যাৰ অন্তঃভাগত পতি~পত্নিৰ সহবাসৰ ফলশ্ৰুতিত স্বামীৰ শুক্ৰাণু (Sperm)ৰ লগত স্ত্ৰীৰ ডিম্বাণু(Ovum)ৰ সংযোজন ঘটে,যিটোক নিষেচন (Fertilization )বোলা হয় ;আৰু কালক্ৰমত এই নিষেচিত ডিম্বাণুৰপৰাই বৰ্ধন হৈ একোটা মানৱ সন্তানৰ জন্ম হয় | আয়ুৰ্বেদ শাস্ত্ৰই এই পৰিঘটনাক সুন্দৰভাৱে বৰ্ণনা কৰিছে.....

"Garbha or embryo is the union of sukra/sperm and sonita/ovum within the kukshi or uterus) 
ই এক সম্পূৰ্ণ প্ৰাকৃতিক প্ৰক্ৰিয়া,যিটোত সাধাৰণতে বিশেষ কোনো পৰিচৰ্যাৰ আৱশ্যক নহয় ;কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে দ্ৰুতগতিত সলনি হোৱা আমাৰ খাদ্যভ্যাস,নিম্নগামী শাৰীৰিক সক্ৰিয়তা আদি কেতবোৰ কাৰকৰ বাবে গৰ্ভৱতী কালছোৱাত কিছুমান অসুবিধাই দেখা দিয়া পৰিলক্ষিত হয় | যিটো কাৰণত গৰ্ভৱতী নাৰীগৰাকীক বিশেষভাৱে যত্ন লোৱাতো খুউব প্ৰয়োজনীয় | 
সমগ্ৰ গৰ্ভৱতী কালছোৱাক তিনিটা গোটত ভাগ কৰা হৈছে | ইয়াৰে একোটা ভাগক আধুনিক চিকিত্সা বিজ্ঞানৰ ভাষাত ট্ৰাইমেষ্টাৰ(Trimester) বোলা হয় আৰু প্ৰত্যক গোটৰ সময় তিনিমাহ হিচাপে গণ্য কৰি মুঠ ৯মাহ কাল গৰ্ভকাল হিচাপে গণ্য কৰা হয় | গৰ্ভস্হ সন্তানৰ সুচাৰু বৃদ্ধি আৰু বিকাশৰ বাবে সাধাৰণ পৰিচৰ্যাখিনি উপৰিও প্ৰত্যেক ট্ৰাইমেষ্টাৰত কিছুমান বিশেষ যত্ন লোৱাৰ প্ৰয়োজন আছে।

1st Trimester:

(গৰ্ভ থিতাপি লোৱাৰপৰা প্ৰথম তিনিমাহ কাল,0-3months/upto 12 weeks of pregnancy) এই সময়ছোৱাত গৰ্ভত থিতাপি লোৱা সন্তানটো গোটমৰা তেজৰ দৰে বা কণীৰ কুহুমখিনিৰ দৰে অৰ্ধজলীয় অৱস্হাত থাকে | এইখিনি সময়ত প্ৰায়বোৰ মহিলাৰে বমি ভাৱ (morning sickness),খাদ্যৰ প্ৰতি অনিহা, কাৰোবাৰ ক্ষেত্রত পেটৰ বিষ আদি উপসৰ্গই দেখা দিয়ে | এই কালছোৱাত গৰ্ভৱতী মহিলাগৰাকীয়ে দাতঁৰ যতন,স্তনবৃন্তৰ যতন লোৱাটো অত্যন্ত্য প্ৰয়োজন |
যানবাহনত দুৰ ভ্ৰমণ, ওজন বস্তু দঙা মেলা কৰা,তলপেটত চাপ পৰা কাম কাজ নকৰাই মংগল | ঘৰৰ সাধাৰণ কাম কাজৰপৰা দুৰত নাৰাখিব | পৰ্যাপ্ত টোপনীৰ আৱশ্যক | এবাৰতে সৰহকৈ নাখাই পৰিমাণত কমকৈ ঘনাই খোৱা উচিত | গৰ্ভস্হ সন্তানটিৰ স্নায়বিক বিকাশৰ বাবে চিকিত্সকৰ পৰামৰ্শ অনুযায়ী ফলিক এচিড জাতীয় ঔষধ খাব লাগে,লগতে উপসৰ্গ অনুযায়ী চিকিত্সকৰ পৰামৰ্শ লোৱা উচিত | বমি ভাৱ ৰোধৰ বাবে আদা সৰু সৰুকৈ কাটি ক'লা নিমখ চটিয়াই খালে সুফল পাব |

2nd Trimester:

(গৰ্ভৱতী কালছোৱাৰ ৪ৰপৰা ৬মাহলৈ/ 13-28weeks) এই কালচোৱাত গৰ্ভস্হ শিশুটিৰ বিভিন্ন অংগপ্ৰত্যংগৰ গঠন হ'বলৈ ধৰে আৰু শৰীৰটোৱে মানৱ দেহৰ আকৃতি পায় | এই কালছোৱাতে মাতৃগৰাকীয়ে গৰ্ভস্হ শিশুটিয়ে লৰচৰ কৰাটো অনুভৱ কৰে | যিহেতু এইসময়খিনিত ক্ৰমান্বয়ে পেটৰ আকাৰ বৃদ্ধি পায়,সেয়েহে মাতৃগৰাকীয়ে শৰীৰটোৰ ভাৰসাম্যতা ৰক্ষা কৰাত যথেষ্ট অসুবিধাৰ সম্মুখীন হয় | গতিকে খুবেই সাৱধানতা অৱলম্বন কৰা উচিত | এই কালচোৱাত সাধাৰণতে ককালৰ বিষ,কলাফুলৰ বিষ আদি উপসৰ্গই দেখা দিয়ে | চিকিত্সকৰ পৰামৰ্শ অনুসৰি কেলচিয়াম,আইৰণ~ফলিক এচিড,ভিটামিন B1 ইত্যাদি খাব লাগে | তাৰোপৰি গৰম পানীৰ সেক ল'ব পৰা যায় |

3rd Trimester:

*গৰ্ভৱতী কালছোৱাৰ ৭ৰপৰা ৯ মাহলৈ/29-40 weeks) ক্ৰমান্বয়ে প্ৰসৱৰ দিশলৈ আগবঢ়া এই কালছোৱাত যান~বাহনত দুৰ ভ্ৰমণ কৰাটো বিপদজনক | পেটৰ আকাৰ বৃদ্ধিৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হয় | মাতৃগৰাকীয়ে বাওফালে কাটি হৈ শুব লাগে | বিশেষকৈ বিচনাৰপৰা নামোতে যথেষ্ট সাৱধানতা অৱলম্বন কৰা উচিত |

সাধাৰণভাৱে(In general )গৰ্ভৱতী কালছোৱাত মাতৃগৰাকীয়ে নিম্নলিখত নিয়মসমূহ মানি চলাতো দৰকাৰী.....
* পৰ্যাপ্ত টোপনী, দিনৰভাগত অন্তত দুঘণ্টা আৰু ৰাতি প্ৰায় ৭-৮ ঘণ্টা টোপনীৰ আৱশ্যক | শোওতে বাওফালে কাতি হৈ শুব লাগে আৰু দুভৰিৰ মাজত সৰু গাৰু ৰাখিব পাৰে।

* আৰামদায়ক পোচাক পিন্ধিব লাগে, ওখ গোৰোহা( high heel) ৰ চেণ্ডল-জোতা পিন্ধিব নালাগে।

* পেট খোলোচা ৰাখিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ আঁহযুক্ত খাদ্য,পানী খোৱাটো প্ৰয়োজন, পৰ্যাপ্ত পৰিমাণৰ খাদ্যপ্ৰাণ (Vitamin), খনিজ লৱণ(Minerals), প্ৰ'টিনজাতীয় খাদ্য খোৱাটো উচিত।

* গৰ্ভৱতী কালছোৱাত প্ৰায়বোৰ মহিলাই কম~বেছি পৰিমাণে বগাস্ৰাৱৰ সমস্যাত ভোগা দেখা যায়| ব্যক্তিগত চাফ~চিকুনতা (Personal hygiene) অটুট ৰাখিলে ইয়াৰপৰা পৰিত্রাণ পাব পৰা যায় লগতে মুকলি বতাহৰ পৰিবেশত থাকিলে এই ৰোগৰ নিৰ্মূল হয় | বেছি অসুবিধা হ'লে চিকিত্সকৰ পৰামৰ্শ লোৱা উচিত |

* গৰ্ভাধানৰ সময়ছোৱাত সাধাৰণতে 1st trimester ৰ পিছত শিশুটিৰ বৃদ্ধিৰ লগে মাতৃগৰাকীয়ে শৰীৰৰ বিভিন্ন অংশত বিশেষকৈ পেটত খজুৱতি অনুভৱ কৰে | এইধৰণৰ উপসৰ্গৰ বাবে চিকিত্সকৰ পৰামৰ্শ অনুসৰি ঔষধ লোৱাটো আৱশ্যক | শিশুটিৰ জন্মৰ ঠিক লগে এই অসুবিধা নোহোৱা হৈ যায় |

* সাধাৰণতে 1st trimester ত মহিলাসকলে ভোগা এটা সমস্যা হৈছে বমিৰ ভাৱ | সামান্য চিকিত্সা বা চিকিত্সা অবিহনেই এনে অসুবিধা দুৰ হয় যদিও বহুতৰ ক্ষেত্রত ই গুৰুতৰ ৰূপ ল'ব পাৰে,যিটোক Hyper-emesis graviderum বোলা হয় | এনে পৰিস্হিতিত সোনকালে অভিজ্ঞ চিকিত্সকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয় |

* গৰ্ভৱতী কালছোৱাত চিকিত্সকৰ পৰামৰ্শ অনুযায়ী প্ৰয়োজনীয় তেজৰ পৰীক্ষাসমূহ কৰাৰ লগতে নিয়মীত ওজন জুখি চোৱাটো আৱশ্যক | গৰ্ভৱতী কালচোৱাত মহিলাগৰাকীৰ ওজন 1st trimester ত 1kg, 2nd আৰু 3rd trimester ত 5kg কৈ সৰ্বমুঠ ১০-১১কিলোগ্ৰাম ওজন বঢ়াটো বাঞ্চনীয় | trimester হিচাপত ওজনৰ অনুপাতৰ হ্ৰাস বৃদ্ধিৰ পৰা শিশুটিৰ সামগ্ৰিক বিকাশ অনুমান কৰা যায়|

* গৰ্ভৱতী মহিলাৰ এটা উল্লেখনীয় সমস্যা হৈছে বুকু জ্বলাপোৰা কৰা অথবা গেষ্ট্ৰাইটিচ | হকে বিহকে ঔষধ নাখাই চিকিত্সকৰ পৰামৰ্শ ল'ব লাগে |

* গৰ্ভৱতী কালছোৱাৰ প্ৰথম ভাগত আৰু শেষৰ ৬ সপ্তাহত সহবাসৰপৰা বিৰত থকাটো বাঞ্চনীয় | ইয়াৰ বাহিৰেও যিকোনো সাম্ভাব্য প্ৰতিকুল পৰিস্হিৰ আশংকা থাকিলে বিৰত থকা উচিত |

* যিসকল মহিলাৰ শাৰীৰিক উচ্চতা ১৪০ ছে.মি.ৰ বা তাতোকৈ কম, যাৰ গৰ্ভাধানৰ সময়ত বয়স ৩০/৩৫ বা ততোধিক,যমজ গৰ্ভ, যাৰ পূৰ্বতে গৰ্ভপাত (threatened abortion) বা প্ৰাক্ প্ৰসৱকালীন ৰক্তস্ৰাৱৰ (Antipertum haemorrhage, APH) ৰ উদাহৰণ আছে,যাৰ ৰক্তচাপ ১৪০/৯০ বা ততোধিক, যি হৃদৰোগত আক্ৰান্ত সেইসকল মহিলাই গৰ্ভৱতী কালছোৱাত অত্যন্ত সাৱধানতা অৱলম্বন কৰা উচিত, কাৰণ এই কেইটা অৱস্থাক চিকিৎসক বিজ্ঞানত খুবেই গুৰুতৰ হিচাপে গণ্য কৰা হয়,যাক High risk pregnancy বুলি কোৱা হয় |

গৰ্ভৱতী কালছোৱাত যিকোনো অসুবিধাৰ বাবে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত, কাৰণ "nothing is safe in pregnancy"।

লেখিকা: ডাঃ মেদিণী বৰ্মণ

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

3.17647058824
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top