অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুৰক্ষিত মাতৃত্বঃ

গৰ্ভৱতী মহিলাগৰাকীৰ সুস্বাস্থ্য তথা শিশুটিৰ সুৰক্ষিত প্ৰসৱৰ উদ্দেশ্যে চৰকাৰে লোৱা কিছু ব্যৱস্থাৰ আলোচনা কৰা হৈছে

 

গৰ্ভৱতী মহিলাগৰাকীৰ সুস্বাস্থ্য তথা শিশুটিৰ সুৰক্ষিত প্ৰসৱৰ উদ্দেশ্যে চৰকাৰে লোৱা কিছু ব্যৱস্থা

এই ব্যৱস্থাৰ জৰিয়তে-

 

  • জননী সুৰক্ষা যোজনাৰ অধীনত গাঁও অঞ্চলৰ পাবলগীয়া ১৪০০/- টকাৰ কুপন প্ৰদান কৰা হব।
  • প্ৰসুতি মাতৃ আৰু নৱজাতকৰ সু-স্বাস্থ্য নিশ্চিত কৰাৰ বাবে জননী শিশু সুৰক্ষা কাৰ্যসূচী।
  • অসম বিকাশ যোজনাৰ অন্তৰ্গত মা-মণিৰ জৰিয়তে প্ৰতিগৰাকী গৰ্ভৱতী মহিলাক গৰ্ভাৱস্থাত পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিবলৈ ১০০০/- টকাকৈ দুটা কিস্তিত প্ৰদান কৰা হ’ব।
  • প্ৰসৱপূৰ্বক স্বাস্থ্যপৰীক্ষাৰ সময়ত উপ স্বাস্থ্য কেন্দ্ৰ বা গাঁও স্বাস্থ্য আৰু পুষ্টিদিনত এ.এন.এম.ৰ পৰা মা-মণিৰ চেক লাভ কৰিব।
  • তৎকালীন সময়ত গৰ্ভৱতী মহিলাগৰাকীক ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এই সুবিধাৱলী লাভ কৰিবলৈ হ’লে-

প্ৰথমে, গৰ্ভাৱস্থা নিশ্চিতকৰণৰ পাছত ওচৰৰ স্বাস্থ্যকেন্দ্ৰত নিজৰ নাম পঞ্জীয়ন কৰাওঁক।

দ্বিতীয়তে, ওচৰৰ যিকোনো বেংকত মহিলাগৰাকীৰ নামত এটা একাউণ্ট খুলি লওঁক যাতে উদগণিমূলক মাননিসমূহ পোৱাত সহজ হয়।

মহিলাৰ স্বাস্থ্য সম্বন্ধে জানিবলগীয়া কিছু কথাঃ

 

  • গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক।
  • পৰিষ্কাৰ পৰিৱেশ আৰু স্বাস্থ্যকেন্দ্ৰতহে মহিলাগৰাকীৰ পৰীক্ষা কৰাওক।
  • পতি-পত্নীয়ে বিচাৰিলেহে গৰ্ভধাৰণৰ কথা চিন্তা কৰক। মাক আৰু সন্তানৰ স্বাস্থ্যৰ প্ৰতি পৰিয়ালৰ প্ৰত্যেকে যত্ন লওঁক। তেতিয়াহে মাতৃ-সন্তান সুস্বাস্থ্যৰ অধিকাৰী হ’ব। এয়া সম্ভৱ হ’ব তেতিয়াহে-
  • যেতিয়া গাঁৱত সকলোৱে এই বিষয়ে জানিব।
  • যেতিয়া প্ৰত্যেক দম্পতিয়ে নিজৰ ইচ্ছা আৰু সুবিধা অনুযায়ী পৰিয়াল কল্যাণ সেৱা গ্ৰহণ কৰিব।

এই সন্দৰ্ভত পুৰুষ সকলেও নিজৰ দায়িত্ব উপলব্ধি কৰি পত্নীসকলক গৰ্ভাৱস্থাত ল’বলগীয়া স্বাস্থ্য যতনত সহযোগ কৰক আৰু এই প্ৰক্ৰিয়াৰে প্ৰসূতি আৰু শিশু স্বাস্থ্যৰ সেৱাৰ সুফল গাঁৱৰ প্ৰতিটো পৰিয়ালেই উপভোগ কৰক।

প্ৰজনন আৰু শিশু স্বাস্থ্যৰ সৈতে জড়িত কিছু গুৰুত্বপূৰ্ণ কথা:

 

  • মহিলাসকলে মাহেকীয়া ঋতুস্ৰাৱ হোৱাৰ দিনৰ সঠিক হিচাপ ৰাখিব লাগে।
  • গৰ্ভধাৰণ চিনাক্তকৰণ নিম্নলিখিত লক্ষণসমূহৰ দ্বাৰা কৰা হয়-

- মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হোৱা।

-  বমি হোৱা, বিশেষকৈ ৰাতিপুৱা সময়ত (সকলো মহিলাৰ নহয়)।

-  স্তনৰ আকাৰ ডাঙৰ হোৱা।

-  পেটৰ আকাৰ ডাঙৰ হোৱা।

ইয়াৰোপৰি প্ৰস্ৰাৱ পৰীক্ষা কৰিও গৰ্ভধাৰণ নিৰ্ণয় কৰিব পাৰি।

  • গৰ্ভধাৰণৰ লগে লগেই স্বাস্থ্যকেন্দ্ৰত নাম পঞ্জীয়ন কৰাই নিয়মিত পৰীক্ষা কৰাওক।
  • গৰ্ভৱতী অৱস্থাত নিয়মিতভাৱে পুষ্টিকৰ আহাৰ খোৱাটো নিশ্চিত কৰক, যাতে নিজৰ আৰু গৰ্ভত থকা সন্তানটোৰ আৱশ্যকীয় পুষ্টিসাধন হয়।
  • টিটেনাছ বেজী লওক আৰু আইৰণ ফলিক এচিডৰ এটাকৈ বড়ি ১০০ দিনলৈকে খাওক। তেজ কম থকা সকলে দিনে দুটাকৈ বড়ি ১০০ দিনলৈ খাওক।
  • পৰিপুষ্টি আৰু প্ৰসৱৰ বিষয়ে স্বাস্থ্য কৰ্মীৰ পৰা পৰামৰ্শ লওক।
  • গৰ্ভৱতী মহিলাসকলে প্ৰয়োজনতকৈ অধিক শ্ৰম কৰিব নালাগে আৰু গধুৰ বস্তু দাঙিব নালাগে। পৰ্যাপ্ত আৰাম কৰক আৰু খোজ কঢ়া বা তেনেধৰণৰ সাধাৰণ কাম-কাজ কৰক।
  • গৰ্ভাৱস্থাৰ আৰম্ভণিৰ পৰা সন্তান প্ৰসৱৰ সময়লৈকে মহিলাগৰাকীৰ ওজন ১০-১২ কেজি বাঢ়িব লাগে।
  • প্ৰতিবাৰ প্ৰসৱপূৰ্বক পৰীক্ষাৰ সময়ত ওজন, হিম’গ্লবিন পৰীক্ষা আৰু ৰক্তচাপ নিয়মীয়াকৈ চাওঁক। যদি ওজন কম বা বেছি হয় তেন্তে ডাক্তৰৰ পৰামৰ্য ল’ব লাগে।
  • গৰ্ভাৱস্থাত জটিলতা ধৰা পৰিলে চিকিৎসকৰ পৰামৰ্শ মতে ব্যৱস্থা ল’ব লাগে।

মাক আৰু সন্তানৰ স্বাস্থ্যৰ বাবে কেতিয়া আহিব পাৰেঃ

গৰ্ভধাৰণৰ আগতে-

 

  • মহিলাগৰাকীৰ বয়স ১৮ বছৰৰ কম বা ৩৫ বছৰৰ বেছি হ’লে।
  • মহিলাগৰাকীৰ উচ্চতা ৫ ফুটতকৈ কম হ’লে (১৪৫ ছেঃমিঃ)।
  • মহিলাগৰাকীৰ ওজন ৩৮ কিঃ গ্ৰাঃ তকৈ কম হ’লে।
  • আগৰটো মৃত সন্তান জন্ম হোৱা বা আগতে গৰ্ভপাত হোৱা।
  • চাৰিটাতকৈ অধিক সন্তান হ’লে।
  • আগৰটো প্ৰসৱ কষ্টেৰে বা অপাৰেশ্যনৰ দ্বাৰা কৰা হ’লে।
  • আগতে দুই কে.জি. তকৈ কম ওজনৰ সন্তান বা সময়তকৈ আগতে সন্তান জন্ম হোৱা।
  • শেহতীয়া সন্তানটোৰ বয়স যদি ২ বছৰতকৈ কম হয়।
  • গৰ্ভাৱস্থাত যদি হৃদৰোগ, মধুমেহ আদি ৰোগত আক্ৰান্ত হয়।
  • মহিলাগৰাকী যদি প্ৰৱল ৰক্তাল্পতাত ভূগি আছে।

গৰ্ভাৱস্থাতঃ

 

  • অতিপাত বমি।
  • প্ৰথম দুই-তিনি মাহত তলপেটৰ বিষ বা লগতে ৰক্তস্ৰাৱ।
  • গৰ্ভাৱস্থাৰ শেষৰ ফালে বিষ নোহোৱাকৈ ৰক্তস্ৰাৱ হ’লে।
  • হাত, ভৰি, মুখমণ্ডল ফুলি উঠা।
  • মূৰ ঘূৰণি/চকুৰে জলক-তবক দেখা।
  • অতিপাত জ্বৰ হোৱা।
  • অন্য উপসৰ্গ দেখা দিলে।

এনে বিপদজনক অৱস্থাত চিকিৎসকৰ পৰামৰ্শৰ অতি প্ৰয়োজন আৰু ওচৰৰ চিকিৎসালয়ত চিকিৎসকৰ দ্বাৰা বা অৰ্হতাসম্পন্ন স্বাস্থ্যকৰ্মীৰ দ্বাৰা পৰীক্ষা কৰাব লাগে। গৰ্ভাৱস্থাৰ সময়ছোৱাত দেখা দিয়া বিপদজনক সংকেতসমূহৰ বাবে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে আৰু ওচৰৰ সুব্যৱস্থা থকা চিকিৎসালয়লৈ নিয়া উচিত।

 

সুৰক্ষিত প্ৰসৱৰ বাবে নিম্নলিখিত সাৱধানতাসমূহ পালন কৰা আৱশ্যকঃ

 

- প্ৰসৱ কোনো সু-ব্যৱস্থা থকা স্বাস্থ্য কেন্দ্ৰত কৰাওক।

-  সন্তান জন্ম হোৱাৰ লগে লগেই, অৰ্থাৎ আধা ঘণ্টাৰ পৰা এক ঘণ্টাৰ ভিতৰতে স্তনপান কৰাওক।

-  পিচৰ সন্তানৰ বাবে উচিত ব্যৱধান (অতি কমেও তিনি বছৰ) ৰাখিবৰ বাবে পৰিয়াল পৰিকল্পনাৰ কোনো উপায় গ্ৰহণ কৰক।

প্ৰথম কৰণীয়ঃ

 

আপোনাৰ যদি মাহেকীয়া ঋতুস্ৰাৱ হোৱা নাই বা গৰ্ভধাৰণ কৰিছে বুলি সন্দেহ আছে তেন্তে তৎক্ষাণাত ওচৰৰ আশা কৰ্মী গৰাকীক লগ ধৰক।

  • যদি আপুনি গৰ্ভৱতী তেন্তে সন্তান জন্মৰ আগৰ, প্ৰসৱৰ সময়ত, প্ৰসৱৰ পিছত ল’বলগীয়া সকলো সেৱাৰ সবিশেষ আশাকৰ্মী গৰাকীয়ে আপোনাক জনাব।
  • গৰ্ভৱতী মহিলা তথা শিশুৰ পঞ্জীয়ন, টীকাকৰণ, বিপদকালীন সময়ত বিনামূলীয়াকৈ বাহনৰ দ্বাৰা স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ আদি সকলো সময়তে আশা কৰ্মীগৰাকী আপোনাৰ লগত থাকিব।

গৰ্ভৱস্থাৰ সময়ত ল’বলগীয়া যতনঃ

পৰিয়ালে নিশ্চিত কৰিব-

 

  • গৰ্ভাৱস্থাৰ সময়ত যাতে মহিলাগৰাকীয়ে যথেষ্ট পৰিমাণে পুষ্টিকৰ আহাৰ খায় আৰু এইছোৱা সময়ত যাতে তেওঁ ব্ৰত পালন নকৰে।
  • গৰ্ভাৱস্থাৰ সময়ত সুৰা আৰু ধূমপান কৰা অনুচিত।
  • চিকিৎসকৰ পৰামৰ্শ লৈহে ঔষধ সেৱন কৰা উচিত।
  • এগৰাকী গৰ্ভৱতী মহিলাই দিনৰ ভাগত কমেও দুঘণ্টাকৈ বিছনাত শুই জিৰণি ল’ব।
  • ঘৰুৱা কাম-কাজৰ মাজে মাজে দিনৰ ভাগত অলপ সময়ৰ বাবে জিৰণি লোৱা আৱশ্যক।
  • জিৰণি লওঁতে কাটি হৈ শুব।
  • গৰ্ভৱতী মহিলাগৰাকীয়ে যাতে ঘৰত কষ্টকৰ কাম কৰিবলগীয়া নহয়।
  • ঘৰুৱা কাম-কাজত যাতে পৰিয়ালৰ লোকসকলে তেওঁক সহায় কৰে।

গৰ্ভৱতী মহিলাৰ আহাৰঃ

 

একোগৰাকী গৰ্ভৱতী মহিলাই অধিক পৰিমাণে আহাৰ খোৱা দৰকাৰ, কিন্তু এবাৰতে বেছিকৈ খাব নালাগে। কম কমকৈ ঘনাই খোৱা উচিত।

  • ভাত, ৰুটি আদিৰ লগতে সেউজীয়া শাক-পাচলি, ফল-মূল, ডাইল, কণী, চয়াবিন, মাছ-মাংস, গাখীৰ আৰু গাখীৰৰ পৰা প্ৰস্তুত কৰা বিভিন্ন খাদ্য তেওঁ খোৱা উচিত।
  • তেওঁ কেৱল আয়োডিনযুক্ত নিমখহে খোৱা উচিত।
  • আয়োডনযুক্ত নিমখ খালে গৰ্ভপাত হোৱা, মৃত সন্তান প্ৰসৱ কৰা, নিৰ্দিষ্ট সময়ৰ আগতে প্ৰসৱ হোৱা আদি ঘটনা নঘটে।
  • নিমখ বা নিমখীয়া বস্তু কমকৈ খাব লাগে। অধিকমাত্ৰাত নিমখ খালে ৰক্তচাপ বঢ়া, ভৰি ফুলা আদি হ’ব।
  • সঠিক মাত্ৰাত খোৱা-বোৱা কৰিলে গৰ্ভাৱস্থাৰ সময়ত প্ৰয়োজনীয় দৈহিক ওজন লাভ কৰিব পাৰি। ইয়াৰ ফলত গৰ্ভস্থ সন্তানটিৰো ওজন বৃদ্ধি পায়।

গৰ্ভাৱস্থাত আৱশ্যকীয় ঔষধঃ

 

  • গৰ্ভাৱস্থাত হোৱা ৰক্তাল্পতাৰ ফলত নিৰ্দিষ্ট সময়তকৈ আগতেই প্ৰসৱ হ’ব পাৰে। তদুপৰি মৃত শিশু বা কম ওজনৰ শিশু জন্ম হ’ব পাৰে।
  • অত্যধিক ৰক্তাল্পতাৰ ফলত সংকটজনক অৱস্থাটো পৰিব পাৰে। সেয়েহে চিকিৎসকৰ পৰামৰ্শ মতে আইৰণ আৰু ফলিক এচিডৰ টেবলেট খাব লাগে।
  • ফলিক এচিডঃ
  • গৰ্ভাৱস্থাৰ আৰম্ভণিৰ পৰা ৩ মাহলৈ ফলিক এচিডৰ টেবলেট (৫ মিলিগ্ৰাম) দিনে এটাকৈ চিকিৎসক/এ.এন.এম.ৰ পৰামৰ্শ মতে খাব লাগে। ফলিক এচিডে ভ্ৰূণৰ বিকাশত সহায় কৰে আৰু শৰীৰত তেজ বঢ়ায়।
  • আইৰণঃ
  • গৰ্ভাৱস্থাৰ তিনি মাহৰ পিছৰ পৰা দিনে এটাকৈ আইৰণ ফলিক এচিড (আই.এফ.এ.) টেবলেট খাব লাগে। অতি কমেও ১০০ টা আইৰণ টেবলেট খোৱা উচিত। তেজ কম থকা বা ৰক্তাল্পতাত ভোগা মহিলাসকলে দিনে দুটাকৈ অতি কমেও ১০০ দিনলৈ আইৰণ টেবলেট খোৱা উচিত। প্ৰসৱৰ পিছৰ ৩-৪ মাহলৈও এই টেবলেট খাই থাকিব পাৰিলে ভাল হয়।
  • কেলচিয়ামঃ আইৰণ আৰু ফলিক এচিডৰ উপৰিও গৰ্ভাৱস্থাৰ সময়ত কেলচিয়াম টেবলেটও খাব লাগে। গৰ্ভাৱস্থাৰ তিনি মাহৰ পৰা প্ৰসৱৰ পিছত কেঁচুৱাক গাখীৰ খুৱাই থকালৈকে এটাকৈ দিনে কেলচিয়াম টেবলেট খাব লাগে।
  • ৰক্তাল্পতাৰ লক্ষণসমূহ হৈছে-

  • ভাগৰুৱা অনুভৱ কৰা।
  • ঘৰুৱা কাম-কাজ কৰোতে উশাহ ল’বলৈ কষ্ট পোৱা।
  • বুকু ঢপ্ ঢপোৱা।
  • ভোক নলগা।
  • হাৰ-ভৰিৰ তলুৱা আৰু আঙুলিৰ মূৰত বেজীৰে খোচা-বিন্ধা কৰা যেন পোৱা।
  • মূৰ কামোৰণি, চকুৰে কম দেখা, মূৰঘূৰণি আৰু গা ৰাই জাই কৰা।
  • চকু, চকুৰ পতাৰ ভিতৰফাল আৰু নখ শেতা পৰা।

প্ৰসৱপূৰ্বক পৰীক্ষাঃ

 

গৰ্ভৱতী মহিলাগৰাকীয়ে কমেও চাৰিবাৰ প্ৰসৱপূৰ্বক পৰীক্ষা কৰাওক। প্ৰতিবাৰে পৰামৰ্শ ল’বলৈ আহোতে ৰক্তচাপ পৰীক্ষা কৰাব।

ৰক্তচাপ পৰীক্ষা কৰোৱাটো আৱশ্যক-

উচ্চ ৰক্তচাপ শিশু আৰু মাতৃ উভয়ৰে বিপদৰ কাৰণ হ’ব পাৰে।

  • ৰক্তচাপ ১৩০-৮০ৰ অধিক হলে চিকিৎসকৰ পৰামৰ্শ ল’ব।
  • তেজৰ হিম’গ্লবিন পৰীক্ষা কৰাটো অতি আৱশ্যক।
  • প্ৰতিবাৰ পৰামৰ্শৰ বাবে আহোতে গৰ্ভৱতী মহিলাগৰাকীয়ে ওজন পৰীক্ষা কৰাব।
  • গৰ্ভাৱস্থাৰ সময়ছোৱাত ওজন ১০-১২ কেজিমান বৃদ্ধি পোৱা দৰকাৰ। শেষৰ ছয়মাহত মাহে কমেও ২ কেজিকৈ বৃদ্ধি হোৱা দৰকাৰ।
  • ওজন লোৱাটো প্ৰয়োজনীয়-

ওজন কমকৈ বাঢ়িলে জন্মৰ সময়ত শিশুটিৰ আকৃতি সৰু হ’ব পাৰে। ফলত শিশুটিৰ বৃদ্ধি কমকৈ হোৱাৰ উপৰি স্বাস্থ্যও ভালে নাথাকিব পাৰে। শিশুটিৰ ওজন ২.৫ কেজিতকৈ কম হ’লে ৰুগীয়া হোৱাৰ সম্ভাৱনা থকাৰ লগতে এনে শিশুবোৰৰ মৃত্যুৰ হাৰো অধিক হয়।

টি টি (টিটেনাছ টক্সাইড) ইঞ্জেকশ্বনঃ

গৰ্ভৱতী মহিলা এগৰাকীয়ে টি টি ইঞ্জেকশ্বন লোৱা উচিত।

গৰ্ভাৱস্থাৰ প্ৰথম ৪-৫ মাহৰ ভিতৰত প্ৰথমটো টি টি ইঞ্জেকশ্বন অৰ্থাৎ ধনুষ্টংকাৰ প্ৰতিৰোধী বেজী ল’ব লাগিব। দ্বিতীয়টো ইঞ্জেকশ্বন ল’ব লাগিব ইয়াৰ এমাহৰ পাছত।

  • মহিলাগৰাকীয়ে যদি শেহতীয়া সন্তান জন্মৰ তিনি বছৰতকৈ কম সময়ৰ পূৰ্বে গৰ্ভধাৰণ কৰিছিল আৰু সেই সময়ত যদি তেওঁ টি টি ইঞ্জেকশ্বন লৈছিল তেন্তে তেওঁ এটা টি টি ইঞ্জেকশ্বন ল’লেই হ’ব।
  • কোনো কাৰণত টি টি ইঞ্জেকশ্বন যথা সময়ত লোৱা নহ’লে প্ৰসৱৰ এমাহ পূৰ্বে এই ইঞ্জেকশ্বন লোৱা পৰ্ব শেষ কৰা উচিত।
  • গৰ্ভাৱস্থাৰ সময়ত টি টি ইঞ্জেকশ্বনে মাক আৰু শিশু উভয়কে টিটেনাছৰ দৰে মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰে।

গৰ্ভৱতী মহিলাই কৰিবলগীয়া কামঃ

 

  • যিহেতু আপুনিয়েই গৰ্ভস্থ সন্তানটিৰ বাবে প্ৰয়োজনীয় সকলো পৰিপুষ্টিৰ উৎস, সেয়ে আপুনি পুষ্টিকৰ আৰু সুষম আহাৰ গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ। কম পৰিমাণত আৰু সঘনাই আহাৰ গ্ৰহণ কৰিব লাগে আৰু যথেষ্ট পৰিমাণে পানী খাব লাগে।
  • আপোনাৰ দৈনিৰ আহাৰৰ তালিকাত গাখীৰ আৰু গাখীৰজাতীয় বস্তু, সেউজীয়া শাক-পাচলি, ডাইল আৰু মাহজাতীয় খাদ্য, ফল-মূল, কণী, মাছ আৰু মাংস অন্তৰ্ভূক্ত কৰক।
  • পৰাপক্ষত গৰ্ভাৱস্থাৰ প্ৰথম তিনিমাহলৈকে কোনো ধৰণৰ ঔষধ সেৱন কৰিব নালাগে।
  • কেৱল চিকিৎসকৰ পৰামৰ্শ মতেহে ঔষধ সেৱন কৰিব।

গৰ্ভৱতী মহিলাই কি কৰা অনুচিতঃ

আহাৰঃ তেলত ভজা, নিমখীয়া, মছলাযুক্ত আৰু অত্যধিক মিঠা আহাৰ পৰিত্যাগ কৰিব। বাহিৰত খোৱা-বোৱা নকৰিব, মাদক দ্ৰব্য, ধূমপান আৰু আন নিচাযুক্ত ঔষধ ব্যৱহাৰ নকৰিব।

  • ভ্ৰমণঃ গৰ্ভধাৰণৰ প্ৰথম তিনিমাহত আৰু প্ৰসৱৰ পূৰ্বৰ তিনিমাহত কষ্টকৰ ভ্ৰমণ, দুচকীয়া-তিনিচকীয়া বাহনত ভ্ৰমণ নকৰিব।
  • ঔষধঃ নিজে নিজে ফাৰ্মাচীৰ পৰা ঔষধ কিনি নাখাব

সাৱধানতাঃ

আপোনাৰ গৰ্ভস্থ সন্তানটিৰ যদি সঞ্চালন অনুভৱ নকৰে, তেন্তে অতি শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওঁক। শাৰীৰিক কষ্ট বা মানসিক চাপ পৰা কোনো কাম নকৰিব। আপোনাৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ হাততে পোৱাকৈ ৰাখক। কুহুমীয়া গৰম পানীৰে নিয়মীয়াকৈ গা ধুব, অত্যধিক গৰম বা অত্যধিক ঠাণ্ডা পানীৰে গা নুধুব। গা ধোৱা ঘৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব।

এনে কৰা অনুচিত-

 

  • হাউলি কাম নকৰিব।
  • ঢুকি নোপোৱা ঠাইত বস্তু নথব।
  • নিজে নিজে ঔষধ কিনি নাখাব।
  • চকী-মেজত নুঠিব।
  • গধুৰ বস্তু নাদাঙিব।

গৰ্ভাৱস্থাত বিপদৰ লক্ষণঃ

 

গৰ্ভাৱস্থা বা প্ৰসৱৰ সময়ত ৰক্তস্ৰাৱ হোৱা মহিলাক ততালিকে চিকিৎসালয়লৈ নিয়া আৱশ্যক।

  • গৰ্ভাৱস্থাৰ সময়ত বা পাছত সাধাৰণভাৱে বা অত্যধিকভাৱে ৰক্তস্ৰাৱ হোৱাটো মাতৃ আৰু শিশু বা দুয়োৰে বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে।
  • অত্যধিক ৰক্তাল্পতাঃ

অত্যধিক ৰক্তাল্পতাত ভোগা গৰ্ভৱতী মহিলাক চিকিৎসালয়ত ভৰ্তি কৰোৱা আৱশ্যক।

  • গৰ্ভাৱস্থাত ৰক্তাল্পতাত ভুগিলে প্ৰসৱৰ সময়ত হৃদযন্ত্ৰ বিকল হোৱা, নিৰ্দিষ্ট সময়ৰ আগতেই প্ৰসৱ বেদনা হোৱাৰ উপৰিও ৰোগৰ সংক্ৰমণ ঘটিবও পাৰে।
  • অত্যধিক ৰক্তাল্পতাত ভোগা মহিলাৰ চকুৰ পতা, নখ আৰু হাতৰ তলুৱা শেঁতা হৈ পৰে। অৱশ্যে এনে মহিলাই উশাহ-নিশাহ লওতে কষ্ট পোৱাৰ লগতে বুকু ঢপঢপনি হয়।

গৰ্ভাৱস্থাৰ সময়ত বা প্ৰসৱৰ এমাহৰ ভিতৰত অতিমাত্ৰা জ্বৰত ভোগাঃ

গৰ্ভাৱস্থাৰ কালত বা প্ৰসৱৰ এমাহৰ ভিতৰত যদি মহিলাগৰাকীৰ অতিমাত্ৰা জ্বৰ হয় তেন্তে তেওঁক ততালিকে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব লাগিব।

  • অতিমাত্ৰা জ্বৰ হোৱাতো মহিলাগৰাকীৰ দেহত কোনো ৰোগৰ সংক্ৰমণ হোৱাৰ লক্ষণ। গৰ্ভত বাঢ়ি অহা শিশুটি ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হ’ব পাৰে।
  • জ্বৰ কমাবলৈ মূৰত শীতল পটি দিয়া উচিত।

মূৰ্চ্ছা যোৱা, চকুৰে জলক-তবক দেখা, মূৰ কামোৰণি, বমি আৰু ভৰি উখহাঃ

গৰ্ভাৱস্থাৰ শেষৰ ফালে আৰু প্ৰসৱৰ সময়ত বা প্ৰসৱৰ ২-৩ দিনৰ ভিতৰত মহিলাগৰাকীৰ হাত-ভৰি অস্বাভাৱিকভাৱে জোকাৰণি খাই মূৰ্চ্ছা যোৱা, চকুৰে জলক-তবক দেখা, অত্যধিক মূৰ কামোৰণি হোৱা বা ভৰি ফুলা আদি লক্ষণে দেখা দিব পাৰে। এনেধৰণৰ লক্ষণসমূহে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি আৱশ্যক।

  • এনে অৱস্থা হ’লে মাতৃ আৰু শিশু উভয়ৰে সংকটজনক অৱস্থা হ’ব পাৰে।

পৰিয়ালে নিশ্চিত কৰিবঃ

চকুৰে জলক-তবক দেখা, মূৰ কামোৰণি হোৱা আৰু ভৰি ফুলিবলৈ ধৰিলে বাঘিনী প্ৰসুতাৰ (এক্লেম’চিয়া) পূৰ্বাভাস হ’বও পাৰে আৰু গৰ্ভৱতীক চিকিৎসকৰ পৰামৰ্শ মতে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

মনত ৰাখিব-

 

১২ ঘণ্টাতকৈ অধিক সময় প্ৰসৱ বেদনাত ভুগিলে ততালিকে তেওঁক চিকিৎসালয়লৈ লৈ যাব।

  • চিকিৎসকৰ উপস্থিতিত প্ৰসৱ কৰাব।
  • সময়মতে প্ৰসৱ নহ’লে শিশু আৰু মহিলা উভয়ৰে বিপদজনক অৱস্থা হ’ব পাৰে।

প্ৰসৱ বেদনা নোহোৱাকৈয়ে পানী যোৱাঃ

প্ৰসৱ বেদনা নোহোৱাকৈয়ে কোনো মহিলাৰ পানী গ’লে তেওঁক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাব লাগে।

  • পানী গ’লে মহিলাগৰাকীৰ উপৰি শিশুটিৰো সংক্ৰমণ হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে।
  • মহিলাগৰাকীক ততালিকে চিকিৎসালয়লৈ নিয়া উচিত।

গৰ্ভাৱস্থাত মনত ৰাখিবঃ

৪ টা প্ৰসৱপূৰ্বক পৰীক্ষা সম্পূৰ্ণ কৰক।

  • ১০০ দিনলৈ আইৰণ টেবলেট খাওক।

আইৰণযুক্ত পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক। যেনে- ভাত, ৰুটি আদিৰ লগতে সেউজীয়া শাক-পাচলি, ফল-মূল, দাইল, কণী, চয়াবিন, মাছ, মাংস, গাখীৰ আৰু গাখীৰৰ পৰা প্ৰস্তুত কৰা বিভিন্ন খাদ্য খোৱা উচিত।

জননী শিশু সুৰক্ষা কাৰ্যসূচী (JSSK)ৰ সুবিধা সমূহঃ

 

  • প্ৰসৱৰ বাবে চিকিৎসালয়লৈ অহা প্ৰতিগৰাকী গৰ্ভৱতী মহিলাই লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়া পঞ্জীয়ন, চিকিৎসাৰ খৰচ তথা প্ৰসৱকালীন আৰু প্ৰসৱোত্তৰ স্বাস্থ্য পৰীক্ষা।
  • প্ৰসূতিৰ বাবে কৰিবলগীয়া তেজ পৰীক্ষা, প্ৰস্ৰাৱ পৰীক্ষা, চনোগ্ৰাফী, এক্স-ৰে আৰু চিটি স্কেন আদি পৰীক্ষা সমূহ বিনামূলীয়াকৈ কৰা হ’ব।
  • সাধাৰণ প্ৰসৱ বা চিজাৰিয়ান অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত ঔষধ তথা আন যিকোনো আনুষংগিক খৰচ সম্পূৰ্ণ ৰেহাই।
  • চৰকাৰী চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ সময়ত বিনামূলীয়া পথ্য আৰু আহাৰ যোগান ধৰাৰ লগতে চিকিৎসালয়ৰ পৰা ছুটি লোৱাৰ সময়ত ৫০০ গ্ৰামৰ এপেকেট মাদাৰচ্ হৰ্লিক্সো দিয়া হ’ব।
  • ৰক্তদানৰ বাবে যাৱতীয় নিৰ্ধাৰিত পৰীক্ষা সম্পূৰ্ণ বিনামূলীয়া হ’ব।
  • প্ৰসৱৰ কাৰণে প্ৰসূতি মহিলাই ঘৰৰ পৰা চিকিৎসালয় তথা এখন চিকিৎসালয়ৰ পৰা আন এখন চিকিৎসালয়লৈ ৰেফাৰ কৰাৰ ক্ষেত্ৰত আৰু চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ বাবে বিনামূলীয়া যাতায়তৰ ব্যৱস্থা লাভ কৰিব।

নৱজাতকৰ জন্মৰ পৰা ৩০ দিনলৈকে চিকিৎসাৰ ক্ষেত্ৰতঃ

 

  • জন্মৰ পৰা চিকিৎসাৰ বাবদ সকলো বিনামূলীয়া হ’ব।
  • দৰব তথা যাৱতীয় সামগ্ৰীৰ বিনামূলীয়া যোগান।
  • ৰোগ নিৰ্ণয়ৰ বাবে কৰিবলগীয়া পৰীক্ষা সমূহ যেনে- তেজ পৰীক্ষা, প্ৰস্ৰাৱ পৰীক্ষা, আল্ট্ৰাচাউণ্ড আদি বিনামূলীয়াকৈ কৰাৰ ব্যৱস্থা।
  • ৰক্তদানৰ বাবে যাৱতীয় নিৰ্ধাৰিত পৰীক্ষাৰ বাবদ কোনো খৰচ দিব নালাগে।
  • চিকিৎসালয়ত পঞ্জীয়ন তথা বিছনাৰ মাচুল আদি সম্পূৰ্ণ বিনামূলীয়া হ’ব।

নৱজাতকৰ যতনঃ

প্ৰসৱৰ ঠিক পাছৰে পৰাই নৱজাতকৰ যতন লোৱা আৱশ্যক।

  • প্ৰথম সাতদিন শিশুটিক গা নুধুৱাব।
  • শিশুৰ গা, হাত-ভৰি, নিতম্ব আদি কুহুমীয়া পানীৰে মচি, লগতে শুকান কাপোৰেৰে মোহাৰি গোটেই গাটো শুকান আৰু গৰম কৰি ৰাখিব।
  • প্ৰতিবাৰ প্ৰস্ৰাৱ বা শৌচ কৰাৰ পিছত একেদৰে কুহুমীয়া পানীত টিওৱা তুলা বা কাপোৰেৰে মোহাৰি শুকান কৰি থ’ব।
  • জন্মৰ ঠিক পাছৰে পৰাই স্তনপান কৰাব, পানী বা আন একো নুখুৱাব।
  • জন্মৰ পাছতে শিশুটিৰ ওজন ল’ব।
  • শিশুটিৰ ওজন ২.৫ কেজিতকৈ কম হ’লে বিশেষ যতন ল’ব।
  • অসুস্থ লোকৰ পৰা শিশুটিক আঁতৰাই ৰাখিব।
  • শিশুটিৰ দেহা গৰম কৰি ৰাখিব-

 

  • জন্মৰ ঠিক পাছতেই কোমল চাফ কাপোৰ এখনেৰে শিশুটিৰ দেহটো মচি দিব।
  • শিশুটিক কাপোৰেৰে কেইবাতৰপীয়াকৈ মেৰিয়াই ৰাখিব যাতে শিশুটিয়ে ঠাণ্ডা নাপায়।
  • কোঠাটো গৰম হৈ থকাটো বাঞ্ছনীয়। কোঠাটোত বতাহ বলিবলৈ নিদিব। গৰ্ভাৱস্থাত উষ্ণ আৰু নিৰাপদ পৰিৱেশত থকা হেতুকে জন্মৰ পাছত শিশুটিক ঠাণ্ডা নলগাকৈ ৰখা দৰকাৰ।
  • নিজৰ দেহাটো উষ্ণ কৰি ৰাখিবৰ বাবে নৱজাতক শিশু এটিৰ দেহত যথেষ্ট তাপৰ সৃষ্টি নহয়। সেয়েহে মাকৰ দেহৰ উমেৰে শিশুটিৰ দেহ উষ্ণ কৰি ৰাখিব লাগে।

প্ৰথম সাত দিনত শিশুটিক গা নুধুৱাব-

জন্মৰ এসপ্তাহৰ পাছলৈকে শিশুটিক পানীত জুবুৰিয়াই গা নুধুৱাব। গা ধুৱালে শিশুটিৰ ঠাণ্ডা লাগিব, ফলত বিপদ ঘটিবও পাৰে।

জন্মৰ ঠিক পাছৰে পৰা মাতৃদুগ্ধ খুৱাবলৈ আৰম্ভ কৰিব। পানী বা আন একো বস্তু নুখুৱাব।

  • গৰ্ভফুল আঁতৰাৰ আগতেই শিশুটিক মাকৰ স্তনপান কৰাব। মাক আৰু শিশু উভয়ৰ বাবেই ই উপকাৰী।

শিশুটিৰ ক্ষেত্ৰত হ’ব পৰা উপকাৰঃ

 

  • স্তনৰ পৰা সোনকালে গাখীৰ ওলোৱাত ই সহায় কৰে।
  • স্তনৰ পৰা প্ৰথম ওলোৱা গাখীৰে (কল’ষ্ট্ৰাম) শিশুটিক ৰোগৰ পৰা ৰক্ষা কৰে।
  • মাতৃ আৰু শিশু উভয়ৰ মাজত গভীৰ আৰু স্নেহপূৰ্ণ, আৱেগিক সম্পৰ্ক গঢ়ি উঠে।
  •  

    মাতৃৰ ক্ষেত্ৰত হ’ব পৰা উপকাৰঃ

     

     

  • গৰ্ভফুল ওলাই অহাত আৰু গৰ্ভাশয় সংকোচন হোৱাত সহায় কৰে।
  • প্ৰসৱৰ পাছত অত্যধিক ৰক্তস্ৰাৱ হোৱাৰ পৰা মাতৃগৰাকীক ৰক্ষা কৰে।
  • শিশুক কেৱলমাত্ৰ মাতৃদুগ্ধ পান কৰাই থাকিলে মাতৃগৰাকীয়ে পুনৰ গৰ্ভধাৰণ কৰাৰ সম্ভাৱনা কম হয়।
  •  

    স্তনপানৰ পৰা উপকৃত হ’বলৈ হ’লে শিশুটিক প্ৰকৃত অৱস্থানত ৰাখি ভালকৈ গাখীৰ খুওৱা দৰকাৰ।

    শিশুটিক এইদৰে প্ৰকৃত অৱস্থানত ৰাখিব পাৰি-

     

     

  • শিশুটি কোলাত লৈ থাকোতে মূৰ আৰু তলফালেও ধৰি থাকিব, অকল মূৰ বা বাহুত ধৰি নাথাকিব।
  • শিশুটিক গাৰ কাষ চপাই ল’ব।
  • শিশুটিৰ মুখখন স্তনৰ ফালে আৰু নাকটো স্তনাবৃত্তৰ বিপৰীতে ৰাখিব।
  •  

    শিশুটিৰ মুখখন ভালদৰে মাকৰ স্তনত লগাব লাগে এনেকৈ-

     

  • শিশুটিৰ থুতুৰিটোৱে মাকৰ স্তন স্পৰ্শ কৰিব লাগিব।
  • শিশুটিৰ মুখখন বহলকৈ মেল খাব লাগিব।
  • তলৰ ওঠটো বাহিৰফালে ঘোৰ খাই থাকিব লাগিব।
  • স্তনাবৃত্তৰ চাৰিওফালে থকা ক’লা অংশটোৰ সৰহ অংশ শিশুটিৰ মুখত সোমাব লাগিব।
  • শিশুটিয়ে যেতিয়াই যিমান সময় ধৰি বিচাৰে স্তনপান কৰাব। দিন-ৰাতিয়ে কমেও ৮-১০ বাৰ শিশুটিক স্তনপান কৰাব।
  • বেছিকৈ স্তনপান কৰালে গাখীৰ বেছিকৈ ওলায়। শিশুটিয়ে যিমান গাখীৰ খাব, গাখীৰৰ পৰিমাণো সিমানে বাঢ়িব।
  •  

    চেনিপানী, মৌ, গৰুৰ গাখীৰ, ছাগলীৰ গাখীৰ, পানী বা অন্যান্য জুলীয়া বস্তু বা অন্য খাদ্য শিশুটিক নুখুৱাব।

    আন খাদ্য বা জুলীয়া বস্তু খুৱালে শিশুটিৰ তলত দিয়া অপকাৰ হ’ব পাৰে-

     

  • মাকৰ গাখীৰৰ পৰিমাণ কমি যাব পাৰে।
  • পানী বী আন জুলীয়া বস্তু খুৱাবলৈ ব্যৱহাৰ কৰা পাত্ৰৰ পৰা শিশুটিৰ দেহত জীৱাণু প্ৰৱেশ কৰিব পাৰে। ইয়াৰ ফলত শিশুটিৰ ডায়েৰীয়া হ’ব পাৰে।
  • গৰু-ছাগলীৰ গাখীৰৰ পৰা শিশুটিয়ে যথেষ্ট পৰিমাণে আইৰণ নাপায়, ফলত শিশুটি ৰক্তহীনতাত ভুগিব পাৰে।
  • শিশুটিৰ এলাৰ্জি হ’ব পাৰে।
  • জন্তুৰ গাখীৰ শিশুটিয়ে হজম কৰিব নোৱাৰিব পাৰে, সেয়ে ইয়াৰ ফলত ডায়েৰীয়া, ৰঙাপৰা আদি ৰোগে দেখা দিব পাৰে। ডায়েৰীয়া দীৰ্ঘদিন ধৰি হ’বও পাৰে।
  •  

    শিশুটিৰ বাবে প্ৰয়োজনীয় পানী মাতৃদুগ্ধতে থাকে। আনকি গৰমকালিও শিশুটিক অতিৰিক্ত পানীৰ প্ৰয়োজন নহয়।

     

  • অসুস্থ লোকৰ পৰা শিশুটিক আঁতৰাই ৰাখিব।
  • জ্বৰ, কাহ, ছালৰ ৰোগ, ডায়েৰীয়া ইত্যাদিত আক্ৰান্ত হৈ থকা লোকৰ পৰা শিশুটিক আঁতৰতে ৰাখিব। এনে লোকক শিশুটিক স্পৰ্শ কৰিবলৈ নিদিব।
  • নৱজাতক শিশুটিক অসুস্থ শিশুৰ ওচৰলৈ নিনিব।
  • মানুহৰ সমাগমৰ মাজলৈ শিশুটিক নিয়া অনুচিত।
  • নৱজাতক শিশু এটি সহজেই ৰোগত আক্ৰান্ত হ’ব পাৰে।
  •  

    টীকাকৰণঃ

     

     

  • টীকাকৰণ সম্পূৰ্ণ নিৰাপদ।
  • টীকা দিলে দেহত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বৃদ্ধি পায়।
  • ছয়টা মাৰাত্মক ৰোগৰ পৰা শিশুক টীকা দি ৰক্ষা কৰিব পাৰি।
  • এই ৰোগকেইটাৰ ফলত বিকলাঙ্গ হোৱাৰ উপৰিও শিশুটিৰ মৃত্যু ঘটিব পাৰে।
  • এই ৰোগকেইটা প্ৰতিৰোধ কৰিবৰ বাবে দিয়া টীকাসমূহ হৈছে-
  •  

    BCG   : যক্ষ্মা

    OPV   : পলিঅ’

    DPT   : ডিপথেৰিয়া, হুপিং কাহ, টিটেনাছ

    সৰু আই : সৰু আই

    -  ৯ মাহৰ পিছৰ পালিবোৰত ভিটামিন ‘এ’ৰ বটলৰ লগত অহা চামুচেৰে ১ চামুচ (২ মিঃ লিঃ)হে খুৱাব লাগিব।

    - ঠিক একেদৰে ৫ বছৰ বয়সলৈ ৬ মাহৰ অন্তৰে অন্তৰে মুঠতে ৯ বাৰ ভিটামিন ‘এ’ৰ খোৰাক খুৱাব লাগে।

    ৫ বছৰ বয়সতঃ

    - ৫ বছৰ বয়সত ডি.পি.টি. ইঞ্জেকশ্বন দিয়াব লাগে।

    ১০ বছৰ আৰু ১৬ বছৰ বয়সতঃ

    - টিটেনাছ বা ধনুষ্টংকাৰৰ প্ৰতিষেধক ইঞ্জেকশ্বন দিব লাগে।

    শিশুটিক ডেৰমাহ, আঢ়ৈমাহ, চাৰে তিনিমাহ আৰু ন মাহ বয়সত টীকা দিবৰ বাবে উপস্বাস্থ্যকেন্দ্ৰ/অংগনবাদী কেন্দ্ৰ (AWC)লৈ যাব।

    টীকাকৰণ আৰু ভিটামিন ‘এ’

    ০-১২ মাহ (০-১বছৰ)

     

  • ০-১২ মাহৰ ভিতৰত বিচিজি, হেপাটাইটিছ ‘বি’, অ’পিভি, ডি.পি.টি. আৰু ৯ মাহ বয়সত সৰু আইৰ টীকা দিব। ৯ মাহ বয়সত সৰু আইৰ টীকাৰ লগতে প্ৰথমবাৰৰ বাবে ভিটামিন ‘এ’ খুৱাব।
  • প্ৰথম পালিত ১ মিঃ লিঃ (১ লাখ আই.ইউ.) অৰ্থাৎ ভিটামিন ‘এ’ৰ বটলৰ লগত অহা চামুচৰ আধা চামুচহে খুৱাব লাগিব।
  •  

    ১৬-২৪ মাহ (১ বছৰ ৪ মাহৰ পৰা)

     

  • ১৬ মাহ (১ বছৰ ৪ মাহ) বয়সত ডি.পি.টি. আৰু পলিঅ’ৰ টীকা দিয়াৰ উপৰি শিশুটিক স্বাস্থ্যকেন্দ্ৰ/অংগনবাদী কেন্দ্ৰলৈ (AWC) লৈ যাব লাগিব।
  •  

    সতৰ্ক হওকঃ

    টীকা দিয়াৰ পাছত শিশুটি অত্যধিক জ্বৰত আক্ৰান্ত হোৱা দেখিলে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।

     

  • টীকা দিয়াৰ পাছত সাধাৰণভাৱে জ্বৰ, টীকা দিয়া স্থানত ৰঙা পৰা আদি হ’ব পাৰে। অৱশ্যে ইয়াৰ বাবে বিশেষ চিন্তা কৰাৰ দৰকাৰ নাই।
  •  

    পৰিয়াল পৰিকল্পনাৰ পদ্ধতি অৱলম্বন কৰকঃ

     

    সৰু পৰিয়াল সুখী পৰিয়াল। দুটা সন্তানৰ জন্মৰ ব্যৱধান অতি কমেও তিনি বছৰ হ’ব লাগে। দুটা সন্তানেই যথেষ্ট। ঘনাই আৰু অধিক সন্তান জন্ম দিলে মাক দুৰ্বল হয় আৰু ৰুগীয়া হৈ পৰে আনকি মাকৰ মৃত্যুও হ’ব পাৰে। সুখৰ সংসাৰ এখন গঢ়ি তুলিবলৈ পৰিয়াল পৰিকল্পনা অতিকে জৰুৰী। তাৰ বাবে পতি-পত্নী উভয়ে আলোচনা কৰি পৰিয়াল পৰিকল্পনাৰ যিকোনো এটা উপায় অৱলম্বন কৰিব লাগে। আজিকালি বিভিন্ন উপায় আছে যিয়ে শৰীৰৰ কোনো ধৰণৰ ক্ষতি নকৰে। পৰিয়াল কল্যাণ সম্বন্ধীয় উপদেশ তথা উপায় প্ৰতিটো উপ স্বাস্থ্যকেন্দ্ৰ/প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ/সামূহিক স্বাস্থ্যকেন্দ্ৰ/চিকিৎসালয়ত বিনামূলীয়াকৈ পোৱা যায়। তাৰোপৰি গাঁৱৰ আশাকৰ্মীৰ হাততো পৰিয়াল পৰিকল্পনাৰ সামগ্ৰী থাকে। এই সংক্ৰান্তত কিবা জানিব বিচাৰিলে আশা সকলেও সহায় কৰিব।

    পৰিয়াল পৰিকল্পনাৰ বিভিন্ন পদ্ধতিসমূহঃ

     

    কণ্ড’ম (পুৰুষৰ বাবে)-

    এইটো এটা ৰবৰৰ পাতল মোনাৰ দৰে, যিটো পুৰুষে প্ৰয়োগ কৰে। যেতিয়ালৈকে সন্তান নিবিচাৰে তেতিয়ালৈকে ইয়াৰ ব্যৱহাৰ আৱশ্যক। প্ৰতিবাৰ সম্ভোগৰ সময়ত নতুন কণ্ড’ম ব্যৱহাৰ কৰিব লাগে। কণ্ড’মে এইডছৰ দৰে ঘাটক ৰোগৰ লগতে আন আন যৌন সংক্ৰমিত ৰোগৰ পৰাও ৰক্ষা কৰে।

    গৰ্ভনিৰোধক পিল (মহিলাৰ বাবে)-

    এইটো মহিলাসকলৰ বাবে সৰল উপায়। যেতিয়ালৈকে সন্তান নিবিচাৰে মহিলাসকলে এটাকৈ পিল (মালা ডি) ঋতুস্ৰাৱ হোৱাৰ পঞ্চম দিনৰ পৰা খাব লাগে। বেলেগ বেলেগ ধৰণৰ পিলো পোৱা যায় আৰু সেইবোৰৰ ব্যৱহাৰৰ পদ্ধতি বেলেগ বেলেগ। সেয়েহে গৰ্ভনিৰোধক পিল কেৱল ডাক্তৰ বা প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ উপদেশ অনুযায়ীহে গ্ৰহণ কৰিব। গাখীৰ খুৱাই থকা মাক বা ছমহীয়া সন্তান থকা মাকে এই পদ্ধতি নল’ব।

    ইমাৰজেঞ্চি পিল-

    অসুৰক্ষিত যৌন ক্ৰিয়াৰ ফলত হ’ব পৰা গৰ্ভধাৰণ ৰোধ কৰিবলৈ ৭২ ঘণ্টাৰ ভিতৰত ‘ইমাৰজেঞ্চি পিল’ ১২ ঘণ্টাৰ মূৰে মূৰে দুটা পিল খাব লাগে।

    ন’ স্কেলপেল ভেচেক্টমী (কটা-চিঙা নকৰাকৈ পুৰুষৰ বন্ধ্যাকৰণ)-

    পুৰুষৰ বাবে অত্যাধুনিক জন্ম নিয়ন্ত্ৰণৰ স্থায়ী ব্যৱস্থা। এই পদ্ধতি গ্ৰহণকাৰীক ১,১০০/- টকাকৈ উদগণিমূলক মাননীও প্ৰদান কৰা হয়। সবিশেষ জানিবলৈ ওচৰৰ চৰকাৰী চিকিৎসালয়ত খবৰ কৰক।

    লেপাৰ’স্কপিক পদ্ধতিৰে মহিলাৰ স্থায়ী বন্ধ্যাকৰণ অস্ত্ৰোপচাৰ-

     

  • এই পদ্ধতি অতি সহজ আৰু ফলপ্ৰসূ।
  • মাত্ৰ ১০-১৫ মিনিট সময়ৰ ভিতৰতে অস্ত্ৰোপচাৰ সম্পন্ন হয়।
  • চিকিৎসালয়ত থকাৰ প্ৰয়োজন নহয়।
  • বিভিন্ন চৰকাৰী চিকিৎসালয় আৰু প্ৰয়োজন সাপেক্ষে শিৱিৰ পাতিও এই সেৱা আগবঢ়োৱা হয়।
  • এই পদ্ধতি উজু আৰু নিৰাপদ।
  • এই পদ্ধতিৰ সেৱা সম্পূৰ্ণ বিনামূলীয়া বৰঞ্চ ৬০০/- টকাৰ উদগণিমূলক মাননীহে দিয়া হয়।
  •  

    মিনি লেপ পদ্ধতি (মহিলাৰ বাবে)-

    মিনি লেপ হৈছে মহিলাৰ বাবে পৰিয়াল পৰিকল্পনাৰ এক স্থায়ী পদ্ধতি। যিসকল মহিলা দুই বা ততোধিক সন্তানৰ মাতৃ, তেওঁলোকে এই পদ্ধতিৰে সহজতে বন্ধ্যাকৰণ কৰোৱাই ল’ব পাৰে। এগৰাকী মহিলাই চিকিৎসালয়ত সন্তান প্ৰসৱৰ ২-৩ দিনৰ ভিতৰতে এই পদ্ধতিৰে বন্ধ্যাকৰণ কৰোৱাই ল’ব পাৰে। এই পদ্ধতিৰে সন্তানটো অলপ ডাঙৰ হোৱাৰ পাছতো বন্ধ্যাকৰণ কৰাই ল’ব পাৰি। সাধাৰণতে দ্বিতীয়টো সন্তান প্ৰসৱৰ পিছতে পৰিয়াল পৰিকল্পনাৰ এই পদ্ধতি গ্ৰহণ কৰিব পাৰি।

    কপাৰ টি (মহিলাৰ বাবে)-

    পৰিয়াল পৰিকল্পনাৰ ই আন এবিধ পদ্ধতি। সাধাৰণতে অতি কমেও এটি শিশু থকা মাতৃয়ে পৰৱৰ্তী গৰ্ভাৱস্থালৈ কিছু অন্তৰ ৰখাৰ বাবে এই পদ্ধতি গ্ৰহণ কৰিব পাৰে। সুৰক্ষিত মাতৃত্বৰ বাবে এই পদ্ধতি ১০ বছৰলৈ ব্যৱহাৰ কৰিব পাৰি। তাৰ মাজতে প্ৰয়োজন হ’লে কপাৰ টি আঁতৰাই আনিব পাৰি আৰু তেতিয়া মহিলাগৰাকী গৰ্ভধাৰণ কৰিব পৰা অৱস্থা পায়। ইয়াক পুনৰ সংস্থাপিতও কৰিব পাৰি।

    এই বিষয়ে জানিবৰ বাবে চৰকাৰী চিকিৎসানুষ্ঠানত যোগাযোগ কৰক।

    (উৎসঃ মা-মণি, গৰ্ভৱতী মহিলা আৰু শিশুৰ স্বাস্থ্য যতনৰ হাতপুথি, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান, অসম)।

    3.09090909091
    আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

    (এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

    Enter the word
    দিক্‌ নিৰ্ণায়ক
    Back to top