অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কন্যাকালীন অৱস্থাত ঋতুস্ৰাৱৰ সমস্যা

স্ত্ৰীৰোগ বিজ্ঞানৰ দেহতত্ব অধ্যায়ত এনে কোনো কথাৰ উল্লেখ নাই যে প্ৰতিগৰাকী যুৱতীয়েই পুষ্পিতা হোৱাৰ পিছত ঋতু সমস্যাত ভোগে। স্ত্ৰীৰোগ আৰু স্ত্ৰী-স্বাস্থ্য বিষয়ক যিবোৰ সমস্যা লৈ সৰ্বসাধাৰণতে আমাৰ ওচৰলৈ যুৱতীসকল আহে, তাৰে ১০০ গৰাকীৰ ভিতৰত ১৫ গৰাকীমানহে মাত্ৰ ঋতু সমস্যাৰ ভিতৰত উল্লেখযোগ্য। তিনিবিধমান সমস্যাৰ কথা ক’ব পৰা যায়।

অনিয়মীয়া ঋতুস্ৰাৱ, অত্যাধিক ঋতুস্ৰাৱ, প্ৰাথমিক ঋতুশূল।

কন্যাকালীন অনিয়মীয়া ঋতুস্ৰাৱ

অনিয়মিয়া ঋতুস্ৰাৱ মানে ছেগা-চোৰোকাকৈ যেতিয়াই তেতিয়াই হোৱা ঋতুস্ৰাৱ। তদুপৰি দিনৰ হিচাপত বেমেজালি ঘটা ৰক্তক্ষয়ৰ পৰিমাণত ব্যতিক্ৰম হোৱা ইত্যাদিকো ইয়াৰ ভিতৰত ধৰা হৈছে। দিহা নলগাকৈ এটা মাহৰ পৰা আনটো মাহলৈ তিনি বা ততোধিকবাৰ ঋতুস্ৰাৱ হোৱা বিশৃংখলতাও এই শ্ৰেণীত পৰে। গাভৰু, কোমল বয়সৰ হ’লে ডিম্বাশয় (অভেৰী) দুটাৰ পৰা ডিম্বাণু স্খলন ঠিক মতে নহয় বাবেই এই বেমেজালি হোৱাৰ মূল কাৰণ। সেই একে কাৰণতে হাইপ’থেলামাছ নামৰ মগজুৰ এটা অংশৰ স্বাভাৱিক পৰিপক্কতা নহয় বাবে আৰু লগতে অভেৰী দুটাৰ অপৰিপক্কতাৰ বাবে লুটেনাইজিং হৰম’নৰ মাত্ৰা বৃদ্ধি হয়। ফলত ডিম্বকোষৰ পৰা ডিম্বাণু স্খলন নোহোৱাকৈ ৰৈ যায়।

এই ধৰণৰ সমস্যাটোত কিন্তু ঋতুশূল নহয়, স্ৰাৱহে অনিয়মিত হয়। দেখা যায় যে এশগৰাকীৰ ভিতৰত ৭৫ গৰাকী পুষ্পিতা হোৱা গাভৰুৰ ডিম্বকোষৰ পৰা ডিম্বাণু নোলোৱাকৈ থাকে, কিন্তু আচৰিত কথা এয়ে যে ইয়াৰ ভিতৰত মাত্ৰ ১০ ৰ পৰা ১৫ গৰাকী যুৱতীয়েহে অনিয়মিত ঋতুস্ৰাৱত ভোগে। অৱশ্যে যুৱতী দেহৰ এই ব্যতিক্ৰমী ঋতু সমস্যাৰ বাবে অন্যান্য কিছু কাৰণো জগৰীয়া হ’ব পাৰে। তাৰ ভিতৰত কোমলমতীয়া মনৰ বিশৃংখল মানসিক উদ্বেগ, অভেৰীত সৰু সৰু চিষ্ট সৃষ্টি হ’লে, আইৰণৰ অভাৱ হ’লে, শৰীৰ চৰ্চাৰ নামত জধে-মধে খাদ্যবস্তু নিয়ন্ত্ৰণ কৰিবলৈ ল’লে অত্যাধিক মাত্ৰাত জিমত কচৰৎ কৰিলে। সামাজিক অনুষ্ঠান (বিয়া-সবাহ, পূজা, তীৰ্থ ভ্ৰমণ ইত্যাদি) আদিৰ দোহাই দি স্বাভাৱিকতে হোৱা ঋতুস্ৰাৱৰ বেমেজালিত ভোগা দেখা যায়। আমি ভাবো যে আধুনিক জীৱন ধাৰণ ব্যৱস্থাত ইও এক অন্যতম কাৰণ হিচাপে দেখা দিছে।

অত্যাধিক পৰিমাণৰ ঋতুস্ৰাৱ

স্ত্ৰীৰোগ চিকিৎসক হিচাপে আমাৰ অভিজ্ঞতাৰ পৰা ক’ব পৰা যায় যে একেলেথাৰিয়ে সাদিন বা ততোধিক দিনৰ বাবে ঋতুস্ৰাৱ হৈ থাকিলে নতুবা ১০০ মি:লি: বা তাতকৈ বেছি পৰিমাণৰ ঋতুৰক্ত ক্ষয় হ’লে, তাক অত্যাধিক ঋতুস্ৰাৱ বুলি গণ্য কৰা হয়। সামগ্ৰিকভাৱে স্ত্ৰীৰোগ বিজ্ঞানত ইয়াক Menorrhagia বুলি উল্লেখ কৰা হৈছে। কিন্তু আমাৰ এই আলোচনাক কন্যাকালীন ঋতুস্ৰাৱ আৰম্ভ হয় পুষ্পিতা হোৱাৰ পিছত দুই-চাৰিটামান মাহ নিয়মিত পৰিমাণত আৰু ঠিক সময়ত হোৱা ঋতুস্ৰাৱৰ পিছৰে পৰাই। লাহে লাহে এই ঋতুস্ৰাৱ মাহটোৰ যিকোনো দিনতেই ছেগা-চোৰোকাকৈ আৰম্ভ হয়। এইবিধ ঋতুস্ৰাৱতো গাভৰুগৰাকীয়ে ঋতুশূল বা কোনো বিষ অনুভৱ নকৰে। কোমল বয়সত ইয়াৰ দৌৰাত্ম্য বেছি হোৱা বাবে স্ত্ৰীৰোগ বিজ্ঞানৰ ভাষাত ইয়াক Puberty Menorrhagia বুলি উল্লেখ কৰা হৈছে। প্ৰজেষ্টেৰ’ন হৰম’নৰ সমৰ্থনৰ অভাৱত ইষ্ট’জেন হৰ’মনে অধিকাৰ লৈ জৰায়ুৰ ভিতৰত থকা মিউকাছ আৱৰণখন সোপোকা আৰু ডাঠ কৰি পেলায়। লগে লগে ই অত্যাধিক ৰসাক্ত আৰু তেজাল হয়। গাভৰুৰ তেজত নি:সৰিত হোৱা প্ৰষ্টাগ্লেনডিন নামৰ হৰম’নৰ প্ৰভাৱত আৱৰণখন যেতিয়াই-তেতিয়াই ফাটি গৈ অত্যাধিক স্ৰাৱ নিৰ্গত হয়। এই অৱস্থাতে জিৰণি আৰু প্ৰষ্টাগ্লেনডিনক বশ কৰিব পৰা বিপৰীতধৰ্মী দৰৱৰ খুবেই প্ৰয়োজন। কেতিয়াবা অত্যাধিক ঋতুস্ৰাৱে গাভৰুগৰাকীক এনেধৰণে কাবু কৰি পেলায় যে চিকিৎসালয়ত ভৰ্তি কৰাই তেজ দিয়াৰ বাহিৰে আন বিধান একো নাথাকে। অৱশ্যে এই অৱস্থাৰ অত্যাধিক ঋতুস্ৰাৱৰ প্ৰকৃত কাৰণটো উলিয়াবলৈ অভিজ্ঞ স্ত্ৰীৰোগ চিকিৎসকৰ ওচৰত পৰামৰ্শ লৈ উৎকৃষ্টমানৰ পৰীক্ষাগাৰত তেজ পৰীক্ষা কৰাব লাগে। কিয়নো ২০ শতাংশ এনেধৰণে ভোগা যুৱতীৰ ক্ষেত্ৰত তেজৰ গোট নমৰা ধৰ্মী বা কোষৰ গঠনৰ ফালৰ পৰাও ক্ৰটীপূৰ্ণ বা বিকাৰগ্ৰস্ত হোৱা ধৰা পৰে। তদুপৰি কেতিয়াবা আকৌ প্লেটলেট নামৰ ৰক্তকণিকাৰ মাত্ৰা তেজত কমি গ’লেও অত্যাধিক স্ৰাৱ যোৱা সমস্যা হ’ব পাৰে। অৱশ্যে নগণ্য হ’লেও কম বয়সত মাৰাত্মক ৰক্তজনিত কৰ্কট ৰোগেও আক্ৰান্ত কৰাৰ উদাহৰণ নথকা নহয়। যুৱতী অৱস্থাতে থাইৰয়ড, এড্ৰিনেল গ্ৰন্থিৰ বিকাৰ বা য়ুভেনায়েল ডায়েবেটিছ ৰোগ অত্যাধিক ঋতুস্ৰাৱৰ কাৰণ হ’ব পাৰে।

আৰ্থাৰাইটিছজাতীয় বেমাৰৰ বাবে খোৱা বিষৰ দৰৱ আৰু মৃগী বেমাৰ আদি জাতীয় ৰোগৰ বাবে খোৱা দৰৱৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াবোৰৰ বাবেও যুৱতীগৰাকী অত্যাধিক ঋতুস্ৰাৱত ভুগিব পাৰে। অত্যাধিক ঋতুস্ৰাৱৰ কাৰণ ধৰা পেলাবৰ বাবে পৰিয়ালৰ মহিলা সদস্যসকলৰ ঋতুকালৰ বুৰঞ্জী বা আওভাও বুজি লোৱা, স্ত্ৰীৰোগ চিকিৎসক এজনৰ দ্বাৰা জৰায়ু, ডিম্বকোষ, জননেন্দ্ৰিয় ইত্যাদিৰ আভ্যন্তৰীণ পৰীক্ষা কৰোৱা, তেজ আৰু হৰ’মনৰ সম্পূৰ্ণ পৰীক্ষা, আল্ট্ৰাছাউণ্ড, ছন’গ্ৰাফী, এম আৰ আই, চিটিস্কেন, হিষ্টৰ’স্কপী, লেপাৰ’স্কপী ইত্যাদি পৰীক্ষা আৰু কৰ্কট ৰোগৰ বাবে পেপটেষ্ট কৰা ইত্যাদিয়েই প্ৰধান। চিকিৎসাৰ দিশত ক’বলৈ গ’লে আইৰণ, ফলিক এচিড, A C E ভিটামিন, উন্নতমানৰ খাদ্য সামগ্ৰী, ফল-মূল, সেউজীয়া শাক-পাচলি। প্ৰ’টিনযুক্ত পুষ্টিকৰ খাদ্য, খেজুৰ, শুকান ফল আদিয়েই প্ৰধান।

তেজ গোট মৰা দৰৱ, যেনে-ট্ৰেনেক্সিমিক এচিড, ইথামচাইলেট আৰু চাইক্লিকেল হৰম’নৰ বড়ি ইত্যাদি অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুসৰি গ্ৰহণ কৰিব পাৰে। যিকোনো ইষ্ট্ৰ’জেন-প্ৰজেষ্টেৰ’নযুক্ত হৰম’নৰ পিল বা আদিৰ সবিশেষ কথা চিকিৎসকে ব্যৱস্থা পত্ৰত লিখাৰ পিছতে প্ৰতিটো দৰবৰ ক্ৰিয়া-পাৰ্শ্বক্ৰিয়া সম্পৰ্কে, দৰব সেৱনৰ নিয়ম আৰু মুঠ সেৱনকাল সম্পৰ্কে খৰচি মাৰি জানি লোৱা উচিত।

লিখক: ডা: দীনেশ শৰ্মা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate