চমু বিৱৰণ
বিশ্ব স্বাস্থ্য সংস্থাই বয়ঃসন্ধি বা ঋতুমতী হোৱা সময়ছোৱাক বয়স আৰু জীৱনৰ সেই সময়ছোৱাত হোৱা বৈশিষ্ট্যৰ ভিত্তিত বাখ্যা কৰা এই বৈশিষ্ট্যবোৰ হ’ল:
- দ্ৰুত শাৰিৰীক বৃদ্ধি আৰু বিকাশ
- শাৰিৰীক, মানসিক আৰু সামাজিক পৰিপক্কতা, কিন্তু সকলোবোৰ একে সময়ত নহয়।
- যৌন পৰিপক্কতা আৰু যৌন বিষয়ক কাৰ্য্যকলাপ
- এই সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষা
- পূৰ্ণবয়স্ক লোকৰ মানসিকতা আৰু পূৰ্ণবয়স্ক সুলভ ব্যক্তিত্বৰ বিকাশ
- সামাজিক অৰ্থনৈতিক নিৰ্ভৰতাৰ পৰা আপেক্ষিক স্ব-নিৰ্ভৰতালৈ ৰূপান্তৰ
এক বিশাল ৰূপান্তৰৰ সন্মুখীন
ঋতুমতীৰ বয়স সাধাৰণতে ১০ ৰ পৰা ১৬ বছৰৰ ভিতৰত। শৈশৱৰ পৰা প্ৰাপ্তবয়স্কলৈ ৰূপান্তৰ হোৱাৰ এয়া এটা ক্ৰম পদ্ধতি। প্ৰতিগৰাকী ছোৱালীৰ ক্ষেত্ৰত বিভিন্ন সময়ত এই পৰিবৰ্তন আৰম্ভ হয়। এই পৰিৱৰ্তনবোৰৰ ভিতৰত কেইটামান পৰিৱৰ্তন হ’ল; শাৰিৰীক মানসিক, ব্যৱহাৰ আৰু জীৱন-যাত্ৰাৰ পৰিৱৰ্তন। এই সময়ছোৱাত হোৱা পৰিৱৰ্তন
- হাত, ভৰি, তঁপিনা, বুকু, ডাঙৰ হোৱা। শৰীৰৰ ভিতৰত বিশেষ কিছু হৰমন নিৰ্গত হয়, যিবোৰে শৰীৰটো কেনেদৰে সলনি হব আৰু বাঢ়িব লাগে তাক ঠিক কৰি দিয়ে।
- শৰীৰৰ গুপ্ত স্থানবোৰ আকাৰ বৃদ্ধি পায় আৰু সেইবোৰৰে তৰল পদাৰ্থ নিঃসৰিত হয়।
- ছালবোৰ তেলেতীয়া হৈ পৰিব পাৰে।
- কাঁষলতি, আৰু হাত-ভৰিত নোম গজিব পাৰে।
শৰীৰৰ সাধাৰণ যত্ন
এই সময়ছোৱাত শৰীৰৰ যত্ন ল’বলৈ কিছুমান সাধাৰণ আৰু সহজ অভ্যাসৰ প্ৰয়োজন:
- এই সময়ছোৱাত গাৰপৰা বেছিকৈ ঘাঁম ওলায়। নিয়মিত স্নান কৰিলে গাটো সতেজ হয় আৰু ঘাঁমৰ দূৰ্গন্ধ দূৰ হয়।
- মুখৰ দূৰ্গন্ধ আঁতৰ কৰা আৰু দাঁত ক্ষয় হোৱাৰপৰা ৰক্ষা পাবলৈ দিনত দুবাৰকৈ দাঁত মাজিব লাগে।
- মুখৰ ছালখন সদাই পৰিষ্কাৰকৈ ৰখাৰ প্ৰয়োজন। এই সময়ত তেল গ্ৰন্থিসমূহে চেবাম নামৰ এবিধ তৈল পদাৰ্থ বেছিকৈ নিঃসৰণ কৰে। ই গালত, মুখত শালমনৰ সৃষ্টি কৰে। বয়ঃসন্ধিৰ সময়ত শালমন হোৱাটো স্বাভাৱিক কথা। ইয়াক একেবাৰে নিৰ্মূল কৰাটো সম্ভৱ নহয়।
- এই সময়ত পুষ্টিকৰ আহাৰ খোৱাটো অতি প্ৰয়োজনীয়। বেছিকৈ মিঠা আৰু ভজা বস্তু খাব নালাগে।
- যোগাত্মক আৰু আত্মবিশ্বাসী হৈ চিন্তা কৰিব লাগে। কাৰণ সু-স্বাস্থ্যৰ বাবে এটা সুস্থ মনৰ প্ৰয়োজন।
মাক-দেউতাকৰ লগত সু-সম্পৰ্ক ৰখা
বয়ঃসন্ধিৰ সময়ছোৱাত বহুতৰে মাক-দেউতাকৰ লগত সু-সম্পৰ্ক ৰখাটোত সমস্যা হোৱা দেখা যায়। সেয়েহে তলত উল্লেখ কৰা কথাবোৰ মনত ৰখা ভাল:
- পৰিয়াল কি সেই সম্পৰ্কে গুৰুত্ব সহকাৰে চিন্তা কৰা।
- মাক-দেউতাকৰ বিশ্বাস আৰু মূল্যবোধক গুৰুত্ব দিয়া৷
- সন্তানৰ ভাল হোৱাটো কেৱল মাক-দেউতাকেই বেছি গুৰুত্ব দিয়ে- এই কথা উপলব্ধি কৰা।
- সততা আৰু সঁচা কথাৰে মাক-দেউতাকৰ লগত খোলা মনে সকলো কথা পতা।
- মাক-দেউতাকক শ্ৰদ্ধা কৰা আৰু যত্ন লোৱা
উৎস: আইএনডিজি দল। শেহতীয়া উন্নীতকৰণ: : 3/4/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.