মূল পৃষ্ঠা / স্বাস্থ্য / ৰক্ত দান- জীৱন দান / ৰক্তদান কিয় কৰিব লাগে?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰক্তদান কিয় কৰিব লাগে?

ৰক্তদান কিয় কৰিব লাগে?

 

তেজ হৈছে জীৱনী তৰল যি জীৱনৰ ভেটি। তেজ ৬০ শতাংশ তৰল আৰু ৪০ শতাংশ গোটা পদাৰ্থৰে তৈয়াৰী। ইয়াৰ তৰল পদাৰ্থবিধক প্লাজমা বোলে। প্লাজমাত ৯০ শতাংশ পানী আৰু ১০ শতাংশ পুষ্টি, হৰমন আদি থাকে। এইবোৰ অতি সহজে খাদ্য, ঔষধ আদিৰ দ্বাৰা পৰিপুৰিত হয়। কিন্তু গোটা ভাগটোত থকা শ্বেতৰক্ত কনিকা, লোহিত ৰক্তকনিকা আৰু প্লেটলেটবোৰ নোহোৱা হ’লে পৰিপূৰণ কৰিবলৈ বহুত সময়ৰ প্ৰয়োজন হয়।

ইয়াতেই আপোনাৰ ৰক্তদানৰ প্ৰয়োজনীয়তা আহি পৰে। এনে গোটা অংশ নোহোৱা হ’লে ইয়াক পৰিপূৰণ কৰিবলৈ যিমান সময়ৰ প্ৰয়োজন হয় তাৰ ভিতৰত ৰোগীৰ মৃত্যুও হ’ব পাৰে। কেতিয়াবা শৰীৰটোৱে ইয়াৰ পৰিপূৰণ কৰিব পৰা অৱস্থাত নাথাকে। আপুনি জানে যে তেজ কৃত্ৰিমভাৱে প্ৰস্তুত কৰিব পৰা নাযায়, ইয়াক দান দিব লাগে। অৰ্থাৎ তেজ প্ৰয়োজন হোৱা ব্যক্তিক আপুনি ৰক্তদান কৰি জীৱনদান কৰিব পাৰে। প্ৰতি বছৰে ভাৰতবৰ্ষক ২৫০ ছি ছি ৰ ৪০ লাখ একক তেজৰ প্ৰয়োজন হয়, কিন্তু মাত্ৰ ৫০০০০০ একক তেজহে উপলব্ধ হয়।

 

উৎস: আইএনডিজি দল

 

2.95180722892
Sri Mithu Nath Mar 19, 2017 10:53 PM

Yes, I also like , I have already doneted blood,

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top